আসাম বুৰঞ্জী/দ্বাদশ অধ্যায়
দ্বাদশ অধ্যায়
ৰুচিনাথ ডাঙ্গৰীয়াই উজনিৰ বাৰ্ত্তা পাই ভাবিলে যেতিয়ালৈকে বড় ফুকনৰ আধিপত্য আৰু চন্দ্ৰকান্ত সিংহ স্বৰ্গদেৱ থাকে তেতিয়ালৈকে তেওঁবিলাকৰ মঙ্গলৰ সম্ভাবনা নাই। এই হেতুকে ৰাজ্যত ৰজা পৰিবৰ্ত্তন কৰিবলৈ স্থিৰ কৰিলে। তেওঁ এইটোকে বড়কৈ বিশ্বাস কৰিলে যে বড় ফুকনৰ মৃত্যু হলেও পূৰ্ব্বৰ কথা স্মৰণ কৰি ৰজাৰে সইতে স্নেহ নাথাকিব। ভগ্নস্নেহত যি মিত্ৰতা সি কল্যাণদায়িকা নহয়। এজনা ৰজাক পদচ্যুত কৰি আৰু এজনা ৰজা পতা বড় কঠিন নহয়। এই ভাবি তেওঁ দিহিঙ্গীয়া ফুকন প্ৰভৃতি ভাগি গই গুৱাহাটীত থকা আৰু নগৰৰো অনেক ভাল ভাল লোকে সইতে মন্ত্ৰণা কৰিলে। ৰাজেশ্বৰ সিংহ স্বৰ্গদেৱৰ পুত্ৰ ৰত্নেশ্বৰ গোঁহাই আৰু তেওঁৰ পুত্ৰ বিজয় বড় মুড়া গোঁহাই। তেওঁৰ পুত্ৰ ব্ৰজনাথ গোঁহাই নিজ পুত্ৰ পুৰন্দৰে সইতে চিলামাৰীত ভাগি গই আছিল। ডাঙ্গৰীয়াই তেওঁবিলাকক ৰজা পাতিবলৈ মনস্থ কৰি জগন্নাথ ঢেকিয়াল ফুকনক চিলমাৰীলৈ পঠালে। ইফালে হিন্দুস্থানী আৰু দেশী সিপাহী কিছুমান সংগ্ৰহ কৰিলে। ব্ৰজনাথ গোঁহাইদেৱে যেতিয়া উজাই আহিল তেতিয়া জানিবলৈ পাৰিলে যে তেওঁৰ অঙ্গক্ষত হোৱাত ৰজা হ’ব নোৱাৰে। এতেকে পুৰন্দৰ গোঁহাইকে ৰজা পাতিবলৈ পৰামৰ্শ কৰিলে। ডাঙ্গৰীয়াই সিপাহী আৰু গোঁহাইদেৱ দুজনাক লই উজাই গ’ল। এনে জনৰব তুলি দিলে যেন চন্দ্ৰকান্ত স্বৰ্গদেৱৰ আজ্ঞাতহে তেওঁ উজাই গইছে। চন্দ্ৰকান্ত স্বৰ্গদেৱে অবান্তৰ সকলো বুঝিব পাৰি মনত শঙ্কিত হ’ল। যোৰহাটৰ চিকন তামুলীৰ ঘৰৰ লুকু গুৱাহটীয়া ডেকা ফুকনক থই স্বৰ্গদেৱ ৰঙ্গপুৰলৈ গ’ল।
যোৰহাটৰ সমীপবৰ্ত্তী হোৱাত বুঢ়া গোঁহাইক লুকু ডেকা ফুকনে বাধা দিবলৈ ধৰিছিল। এটি অতি সামান্য সংগ্ৰামতে ফুকন কটা গ’ল। বুঢ়া গোঁহাই বিজয়ী হই ১৭৩৯ শকৰ ৪ ফাল্গুনত নগৰ প্ৰবেশ কৰিলে। তাৰ পাছদিনা পুৰন্দৰ গোঁহাইদেৱক সকলোৱে সেবা কৰি যুবৰাজ পাতিলে। ব্ৰজনাথ গোঁহাইদেৱৰ সিংহাসন পাবৰ বড় অভিলাষ হ’ল। অন্য কি তেওঁৰ নামে মোহৰো মৰোৱা হ'ল। কিন্তু অঙ্গক্ষত দেখি তেওঁ ৰজা হ’ব নোৱাৰিলে।
ডাঙ্গৰীয়াই প্ৰথমতে চন্দ্ৰকান্ত সিংহ স্বৰ্গদেৱলৈ জনালে বোলে “আগ- পাছ” ভাবি পুৰন্দৰ সিংহক “যুবৰাজহে পতা হৈছে, স্বৰ্গদেৱ আহোক।” কিন্তু স্বৰ্গদেৱ নাহিল। এই নিমিত্তে পুৰন্দৰ সিংহক ১০ ফাল্গুনত সকলোৱে ৰজা বুলি সেবা কৰিলে। চন্দ্ৰকান্ত স্বৰ্গদেৱক ৰঙ্গপুৰতে যোগান দি থ’লে। এইজনা ৰজাৰ এইবাৰৰ ৰাজ্যভোগ ৭ বছৰ একমাস পাঁচ দিন।
পুৰন্দৰ সিংহ সিংহাসনত উঠি আগৰ ফুকন বড়ুৱাৰ অনেকক ভাঙ্গি নিজৰ ফলীয়া লোকসকলক পাতি ল’লে। চন্দ্ৰকান্ত স্বৰ্গদেৱক সিংহাসনৰ পৰা একেবাৰে বঞ্চিত কৰিবৰ নিমিত্তে বুঢ়া গোঁহাইৰ ভায়েক মৰঙ্গি খোৱা গোঁহাইয়ে কৰ্ণক্ষত কৰিলে। পুৰন্দৰ ৰজাই এইৰূপে সিংহাসনত উঠি থাকোঁতেই চন্দ্ৰকান্ত সিংহৰ আৰু বড় ফুকনৰ ফলীয়া কোন মানুহে গই ব্ৰহ্মাদেশত সংবাদ দিয়াত ব্ৰহ্মা ৰজাই আলুঙ্গ মিঙ্গী বা কিৱামিঙ্গী বড় গোঁহাইক ৩০,০০০ সৈন্যেৰে চন্দ্ৰকান্তক ৰাজ্য দিয়াবলৈ পঠালে। পূৰ্ব্বে যি বাটেদি মান আহিছিল ১৭৪০ শকৰ ফাল্গুনত সি বাটেই মান সোমাল। পুৰন্দৰ সিংহ স্বৰ্গদেৱে কিছুমান সৈন্য পঠালে। মাছ খোৱাত মানে সইতে এক যুদ্ধ হোৱাত তাতে আমাৰ সৈন্য সম্পূৰ্ণৰূপে পৰাস্ত হ’ল। চন্দ্ৰকান্ত স্বৰ্গদেৱে মানৰ সৈন্যৰ লগলৈ গ’ল। পুৰন্দৰ সিংহে বুঢ়া গোঁহাই ডাঙ্গৰীয়া আৰু আৰু আন আন পাৰিষদসকলক লগত লই গুৱাহাটীলৈ গ’ল। মানৰ বড় গোঁহাইয়ে চন্দ্ৰকান্ত সিংহক ৰজা পাতিলে। পুৰন্দৰক ধৰিবলৈ কিছুমান সৈন্য মানে ভটীয়াই পঠালে। পুৰন্দৰে মানে সইতে যুদ্ধ কৰিবলৈ নগৈ বড় ফুকনক পঠালে। খাগৰিজানতে নৰীয়া পড়ি বৰ ফুকনৰ মৃত্যু হ’ল। পাছে ৰজাই ভীষ্ম ডেকা ফুকনক সেনাপতি বৰণ কৰি ৰণলৈ পঠালে। কিন্তু ভীষ্ম ফুকন মানেৰে ৰণ কৰাত পৰাস্ত হ’ল। এই বাৰ্ত্তা পাই পুৰন্দৰ সিংহ স্বৰ্গদেৱ সপৰিবাৰে ভটীয়াই চিলমাৰীলৈ গ’ল। এওঁৰ ৰাজ্য ভোগৰ কাল এক বছৰ চৈধ্য দিন মাথোন। চন্দ্ৰকান্ত সিংহক সিংহাসন দি মানৰ সেনাপতিয়ে ২০০০ মান সেনা ই দেশত ৰাখি ব্ৰহ্মা দেশলৈ ঘুৰি গ’ল। এইবাৰ মানৰ আক্ৰমণকে “মাঝৰ বাৰ মান অহা” বোলে। এইবাৰো আক্ৰমণ কৰাত দেশৰ বড় অনিষ্ট নহ’ল। কেবল ৰজা ভগা পতা হোৱা গতিকে দেশত হুলস্থুল হোৱাত কিছু লোক ভাগিল। চন্দ্ৰকান্ত সিংহ স্বৰ্গদেৱে পুৰন্দৰ ৰজাক ধৰিবলৈ যি মান পঠালে, সিহঁত গুৱাহাটীলৈ গ’ল। সেইবিলাকে কিঞ্চিৎ দেশত উপদ্ৰব কৰিলে। যদিচ চন্দ্ৰকান্ত সিংহেই ৰজা আছিল তথাপি মানৰ সেনাপতি থকাত প্ৰায় ৰাজকীয় কাৰ্য্যত মানে হাত দিছিল। আন কি ধনী বড় বড়ুৱা নিৰ্ভয়নাৰায়ণ বড় পাত্ৰ ডাঙ্গৰীয়া প্ৰভৃতিকো মানে দ্ৰোহী বুলি সামান্যৰূপে মাৰিলে। খেৰেমীয়াল কছাৰীৰ পতালক স্বৰ্গদেৱে বড় বড়ুৱা পাতিলে। স্বৰ্গদেৱে এনে ভাবিলে যে দেশত যিবিলাক মান সিসকলক ইয়াত বশ কৰি ৰাখিব পাৰিব। কিন্তু আগলৈ মান অহাৰ বাধা জন্মাবলৈ জয়পুৰতেই সেই বড় বড়ুৱাই এক কোঠ পাতিলে। পুৰন্দৰ সিংহ স্বৰ্গদেৱ কলিকাতালৈ গই ১৮১৯ সনৰ সেপ্টেম্বৰত গৱৰ্ণমেণ্টত এই বুলি আবেদন কৰিলে যে তেওঁক কোম্পানীয়ে সৈন্য দি ৰাজ্য দিয়াওক, তেওঁ তেনেহলে সৈন্যৰ ব্যয় দিব আৰু কৰতলীয়া ৰজা হ’ব। এই প্ৰাৰ্থনা পত্ৰ গবৰ্ণমেণ্টে পূৰ্ব্বৰ কাৰণে অগ্ৰাহ্য কৰিলে। আলুঙ্গমিঙ্গী বড় গোঁহাই ব্ৰহ্মালৈ যাবৰপৰা ব্ৰহ্মা ৰজাৰ এই দেশ লবলৈ অভিলাষ হ’ল। চন্দ্ৰকান্তক ৰজা পাতি মানৰ সৈন্য থই যোৱাৰ পাছত দেশৰ অৱস্থা কেনে ইয়াকে জানিবলৈ ব্ৰহ্মা ৰজাই মিঙ্গিমাহা তিলোৱা বপুক সেনাপতি কৰি অসম দেশলৈ পঠালে। এওঁৰ লগত সৰহ সৈন্য নাহিছিল। জয়পুৰতে পতাল বড় বড়ুৱাৰ কোঁঠৰ প্ৰাৰম্ভ দেখি মানে বুদ্ধি ছলেৰে তেওঁক সৰালে। চন্দ্ৰকান্ত স্বৰ্গদেৱে ইয়াতে অমিলৰূপে মান আহিছে ভাবি ১৭৪২ শকৰ চ’তত গুৱাহাটীলৈ ভটীয়াই গ’ল। কলিবৰ বুঢ়া গোঁহাই নগৰ ৰক্ষা কৰিবলৈ থাকিল। ইফালে মানে আহি নগৰৰ ওচৰ পাই স্বৰ্গদেৱলৈ কটকি পঠাই নিৰ্ভয় দি মাতি পঠালে। স্বৰ্গদেৱ নাহিল। এনেতে মানে সইতে নগৰ ৰক্ষা কৰা সৈন্যৰ ৰণ হোৱাত ৰাজকীয় সৈন্য পৰাস্ত হ’ল। ইফালে চন্দ্ৰকান্ত স্বৰ্গদেৱ ভটীয়াই গ’ল। এইবাৰ চন্দ্ৰকান্ত স্বৰ্গদেৱৰ ৰাজ্য ভোগ দুবছৰ আঠ দিন মাত্ৰ।
চন্দ্ৰকান্ত সিংহ স্বৰ্গদেৱ যোৰহাটৰ পৰা পলাই যাবৰে পৰা মানৰ ৰাজত্ব বুলিব লাগে। মিঙ্গিমাহা তিলুৱাই স্বৰ্গদেৱত নিৰাশ হই বগা কোঁৱৰৰ পুতেক যোগেশ্বৰ কোঁৱৰক লোক দৰ্শক ৰজা পাতি নিজে ৰাজত্ব কৰিবলৈ ধৰিলে। স্বৰ্গদেৱ ভাগি যোৱাৰ পূৰ্ব্বে আৰু পাছেও মানৰ অধিকাৰ যেতিয়া দৃঢ় হ’ব ধৰিলে লোকসকলে ক্ষেতি কৃষি ধন সম্পত্তি এড়ি যেয়ে যি পাৰিলে তাকে মাত্ৰ লই ভটীয়াই ভাগি গ’ল। যি অলপ লোক থাকিল সিও বড়কৈ ক্ষেতি কৃষিতকৈ মানৰ লগ লাগি লোকৰ অত্যাচাৰ কৰিবলৈ ধৰিলে। মানৰ সেনাপতিয়ে যেনেকৈ ৰজা, সেইৰূপে আন আন কিছুমান বিষয়াও পাতিলে। কিন্তু এইসকল কেৱল মানুহক দেখুৱালৈহে পতা হ’ল। সকলো কাৰ্য্যই সেনাপতিয়ে আপোনাৰ হাতত ৰাখিলে। সি সময়ত সকলোৱে সইতে মান সেনা দশ হাজাৰ মান আছিল। পাছে পৰ্ব্বতীয় আৰু ইদেশীয় অনেক লোকেও কোনোৱে মানৰ কোনো বিষয় লোৱাৰ বাবে কোনোৱে বা এনেই আপোনাৰ উপকাৰ বা পৰৰ অপকাৰ কৰিবলৈ মানৰ লগত মিল হ’ল। সিসকল লোকক যে প্ৰতিপালন কৰে, এনে আয়োজন দেশত নাছিল। বিশেষ দেশৰ সমুদায় ভাগ ল’ব নোৱাৰিলে ৰাজ্য স্থিৰ কৰিব নোৱাৰি সেই হেত্তকে সেনাপতিয়ে তেওঁৰ লগৰ অনেক সৈন্য দেশৰ নানা ঠাইলৈ পঠালে। পাছে চন্দ্ৰকান্ত সিংহ স্বৰ্গদেৱে গুৱাহাটীত থাকি সৈন্য সংগ্ৰহ কৰে এই ভাবি যোগেশ্বৰ সিংহ ৰজা আৰু মানৰ ও দেশৰ কিছুমান বিষয়া এবং সেনা উজনিতে থই আহি আপুনি ভটীয়াই আহিল। সেনাপতিয়ে সেনা তিনি ভাগে বিভক্ত কৰিলে অৰ্থাৎ এভাগ উত্তৰ কূলেৰে এভাগ দক্ষিণ কূলেৰে আৰু এভাগ ব্ৰহ্মপুত্ৰেৰে ভটীয়াই আহিল। যিফালেৰে আহিল সিফালে জয়ী হই আহিল। বাটত আহোঁতে মাজালীত লুইতে ভটীয়াই অহা সৈন্য বড় উপদ্ৰৱ কৰিলে। এনে কোনো ঠাই নাছিল য’ত মানে কোনো প্ৰকাৰ বাধা পালে। দৰঙ্গৰ ৰজাই মানৰ অধীনতা স্বীকাৰ কৰি কৰ দিবলৈ সন্মত হোৱাত তাত উপদ্ৰৱ নহ’ল। মানবিলাকে লুটিপুটি দেশ নষ্ট কৰিলে। ধন সম্পত্তি নিয়াই সিহঁতৰ প্ৰধান উদ্দেশ্য হোৱাত প্ৰায় যি বাটে গ’ল, সি বাটেই লোকশূন্য গ্ৰাম পাই সি ঠাইৰ সকলো বস্তু লুটি নিলে।
মান ভটীয়াই অহা বাৰ্ত্তা পাই গুৱাহাটী নগৰ ৰক্ষাৰ অৰ্থে ৰাজকীয় সৈন্য বড় পুৰুষাৰ্থ কৰিলে। চন্দ্ৰকান্ত স্বৰ্গদেৱেও আপুনি তাতে আছিল। মানবিলাকৰ আক্ৰমণত এইটো সচৰাচৰ নিয়ম দেখা গইছিল যে সিহঁতে প্ৰথমে গুপ্তভাবে অনুসন্ধান কৰি তাৰ পাছেহে আক্ৰমণ কৰে। গুৱাহাটী আক্ৰমণৰ পূৰ্ব্বে সেইৰূপে অহা গুপ্তসেনাৰ নৌকা কেইখনমান আমাৰ মানুহে ধৰি পানী চকীতে আক্ৰমণ কৰিলে। সেই লোকৰ মুখে স্বৰ্গদেৱে মানৰ ৬/৭ হাজাৰ সেনা অহা বাৰ্ত্তা পাই তৎক্ষণাৎ সপৰিবাৰে ভটীয়াই গ’ল। তাৰ পাছদিনা পুৱা মানে গুৱাহাটী নগৰ ললে। তাৰে কিছুমানে সেই নগৰ আৰু তাৰ সমীপৰ দেৱালয় ইত্যাদি লুৰি থাকিল, কিছুমান ভটীয়াই গ’ল। এতদ্দেশীয় সৈন্য ৰজা আৰু আন আন লোক গই বঙ্গাল হাট হাদীৰা চকীত কোঁঠ কৰি ৰ’ল গই। মান ভটীয়াই গ’ল। পৰশুৰাম দুৱৰীয়াৰ জ্যেষ্ঠ পুত্ৰ হলিৰাম দুৱৰীয়া তেতিয়া বঙ্গাল হাটত আছিল। তেওঁৰ অধীন প্ৰায় তিনি শ পঞ্জাবী শিখ সিপাহী আছিল। মানবিলাক যেতিয়া হাদিৰালৈ আহিল তেতিয়া দেশী আৰু শিখ সৈন্যে সইতে ঘোৰ যুদ্ধ হয় কিন্তু আমাৰ সিপাহী তাকৰ। মানে চাৰিওফালৰ পৰা বেড়ি ধৰাত চৈতন সিং সুবেদাৰ প্ৰভৃতি অনেক সৈন্য মৰে। হলিৰাম দুৱৰীয়াই বড় সাহস দেখুৱাইছিল বুলি কোৱা আছে আৰু বন্দুকৰ সঙ্গীন সোমাই তেওঁ আহত হই অতি কষ্টে গুৱালপাড়ালৈ আহি তাৰ পৰা ভটীয়াই গ’ল। ৰজা আৰু আমাৰ মানুহ বঙ্গাল পাৰলৈ গ’ল অৰ্থাৎ কোনোয়ে ব্ৰহ্মপুত্ৰ পাৰ হই গুৱালপাড়া কমাৰপোতা প্ৰভৃতি ঠাইলৈ কোনোয়েবা মানাহা পাৰ হই খুটাঘাট পৰগণালৈ গ’ল।
লগত থকা অসমীয়া মানুহৰ মুখে মানে ইয়াকে জানিলে যে হাদিৰাৰ সিপাৰে ব্ৰিটিশ ৰাজ্য। সেই কাৰণে মানৰ সেনা তাৰ পাৰ নহ’ল। বিশেষ কিছুমান ব্ৰিটিশ সৈন্য লই লেপ্টেনেণ্ট ডেবিডসন সাহাব গুৱালপাড়াত সীমা ৰক্ষাৰ নিমিত্তে আছিল। সেই সাহাবৰ পৰা দৃঢ়ৰূপে ব্ৰিটিশ সীমালৈ নাহিবলৈ কোৱাত মানে কোম্পানিৰ সীমালৈ একো নকৰিলে।
হাদিৰ চকী লোৱাৰ পাছত মান আৰু তাত নাথাকিল। ব্ৰহ্মপুত্ৰৰ দুয়ো পাৰে ঠাইয়ে ঠাইয়ে কিছুমান মান থাকি অধিক ভাগ উজাই গ’ল। যিফালে গ’ল সিফালেই দেশ লুৰি প্ৰায় উপান্ত কৰিলে। ১৭৪৩ শকৰ ভাদ্ৰত চন্দ্ৰকান্ত স্বৰ্গদেৱে কিছুমান শিখ, হিন্দুস্থানী ও আন আন অনেক দাঁতিপৰীয়া আৰু দেশী মানুহ সৰ্ব্বমোটে দুহাজাৰমান লই যুদ্ধ কৰিবৰ আশয়ে উজাই গ’ল। ইফালে পুৰন্দৰ সিংহ স্বৰ্গদেৱ আৰু বুঢ়াগোঁহাইয়েও বিজনী ভোটান প্ৰভৃতি ঠাইৰ পৰা দেশ লবৰ অৰ্থে সৈন্য সংগ্ৰহ কৰিবলৈ ধৰিলে। ইয়াতে মানৰ সেনাপতি মিঙ্গীমাহা তিলোৱাই ব্ৰিটিশ গৱৰ্ণমেণ্টলৈ এনেৰূপে পত্ৰ লেখিলে বোলে চন্দ্ৰকান্ত আৰু আন আন অসমীয়া মানুহক গবৰ্ণমেণ্টে সাহায্য প্ৰদান নকৰিব বৰঞ্চ সিসকলে যেন দেশলৈ ঘূৰি আহি আপোনা আপুনি মানৰ সেনাপতিৰ ত’ত শৰীৰ সমৰ্পণ কৰে এনেটোহে উপদেশ দিব। কিন্তু ই কথাত গবৰ্ণমেণ্টে কৰ্ণপাত নকৰিলে। কিছু সৈন্যে লই চন্দ্ৰকান্ত সিংহ স্বৰ্গদেৱে উজাই গ’ল। আৰু যাওঁতে মানক পৰাস্ত কৰি খেদি লই গ’ল। ইতিমধ্যতে মানৰ দেশৰ পৰা অনেক সৈন্যে সইতে মিঙ্গীমাহা বান্দুলা বুঢ়া গোঁহাই সেনাপতি আহি কিছু সৈন্য বদলি কৰি পঠালে। ১৭৪৪ শকত জ্যৈষ্ঠত স্বৰ্গদেৱ ম’হগড়ত ৰ’ল গই। স্বৰ্গদেৱৰ জয় আৰু আগমনৰ বাৰ্ত্তা পাই পাঁচ হাজাৰ মান সেনা লই মিঙ্গীমাহা বান্দুলা ম’হগড়লৈ আহিল। দুয়ো দলৰ ঘোৰ যুদ্ধ হ’ল। অসমীয়া সেনাৰ বাৰুদ নোহোৱাৰ নিমিত্তে স্বৰ্গদেৱ পৰাস্ত হ’ল। প্ৰায় ১৫০০ সেনা মানে বধ কৰিলে। শিখ আৰু হিন্দুস্থানী সিপাহীবিলাকে তৰোৱালেৰে অনেক মান বধ কৰিলে। এই যুদ্ধত চন্দ্ৰকান্তে “হতো বা প্ৰাপ্যতে স্বৰ্গং জিত্বা বা ভুঙ্ক্ষতে মহীং” এনে প্ৰতিজ্ঞা কৰি আপোনা আপুনি সেনাপতিৰ কাৰ্য্য কৰিছিল। কালৰ
গতি বিসদৃশ। চন্দ্ৰকান্ত স্বৰ্গদেৱৰ আশা দুৰাশা মাত্ৰ। স্বৰ্গদেৱক মানে খেদি নিলে। সৌভাগ্যৰ বিষয় এই যে মানৰ সৈন্যৰো অনেকে আঘাত পোৱাত আৰু বাৰুদ নোহোৱা গতিকে পাছে পাছে খেদি যাব নোৱাৰাত স্বৰ্গদেৱ নিৰ্ব্বিঘ্নে গুৱালপাড়া পালে গই। তাৰ পৰাও ভটীয়াই চিলমাৰীলৈ গ’ল।
মহগড়ৰ যুদ্ধত মানবিলাক যদিচ জয়ী হ’ল, তথাপি এই শিক্ষা পালে যে বিদেশত ৰাজ্যাধিকাৰ কৰা সামান্য নহয়। তাৰ পৰা কঠিনৰূপে লোকসকলক পীড়া দিবলৈ ধৰিলে। ইয়াতে যিসকল লোক দেশত থাকিল সিসকলে দুঃখ পাই দাঁতিয়ে দুৱাৰে পলাই গ’ল। কোন বিলাকে বা ভটীয়াই গ’ল।
এই পৰ্য্যন্ত মানৰ প্ৰতি আমাৰ মানুহৰ ভয় আছিল। ক্ৰমে দৌৰাত্ম্য অধিক হোৱাত এক প্ৰকাৰে নিৰ্ভৰসা হোৱাৰ দৰে দেশীয় মানুহেও মৰণত শৰণ দি যুজিবলৈ ধৰিলে। এই প্ৰকাৰেও মানৰ অনেক প্ৰাণ নষ্ট হয়। কোনো কোনো ঠাইত অল্প সংখ্যক গ্ৰাম্য লোকসকলেই মাৰি ধৰি খেদালে। উত্তৰ পাৰে এই পৰ্য্যন্ত মানৰ বড় উপদ্ৰৱ হোৱা নাছিল। দেশীয় মানুহবিলাক তাতে আশ্ৰয় লই আছিল। আবৰ ডফলা প্ৰভৃতি লোকবিলাকে সইতে উত্তৰ পৰীয়া সকলে মানৰ বিপক্ষে ষড়যন্ত্ৰ কৰিলে। ১৭৪৪ শকৰ অগ্ৰহায়ণত যেতিয়া কিছুমান মান উত্তৰ পাৰলৈ গ’ল তেতিয়া উত্তৰ পৰীয়া লোকে সেই মানৰ অনেকক মাৰি খেদিলে। দৰঙ্গৰ ৰজাই সইতে যি মিত্ৰতা কৰে, তাৰ কাৰণে হওক বা দেশৰ আন আন ঠাই লোৱাৰ কাৰণে হওক মানে প্ৰথমে ই বিষয় একো কৰিব নোৱাৰিলে। তাৰ পাছৰ মাহত অৰ্থাৎ পৌষত বহু মানৰ সেনা উত্তৰ পাৰলৈ গ’ল। প্ৰথমবাৰ সেই অল্প সংখ্যক মানক পৰাস্ত কৰি উত্তৰ পৰীয়া সকলে এনে বিশ্বাস কৰিছিল যে আৰু মানে একো কৰিব নোৱাৰে। ঠাইয়ে ঠাইয়ে বাঁহৰ কোঁঠ মৰা হইছিল। কিন্তু মানৰ সেনা বিস্তৰ সংখ্যাৰে তালৈ গই সি সকলো গড় ল’লে, এবং বাধা দিওঁতা আৰু নিদিওঁতা অনেক লোকক নষ্ট কৰিলে।
ইয়াৰ পাছত মানে সম্পূৰ্ণ দেশ অধিকাৰ কৰি ললে। সিহঁতক বাধা দিওঁতা আৰু ক’তো নহ’ল। চন্দ্ৰকান্ত স্বৰ্গদেৱে বিবেচনা কৰিলে বোলে আদিৰে পৰা মানে তেওঁৰ সইতে মিত্ৰতা দেখুৱাইছিল। বৰং তেওঁ পলাই অহাতো তেওঁক নিবলৈ বাৰ্ত্তা পঠোৱাত তেওঁ নগ’লত মাত্ৰ যোগেশ্বৰ সিংহক ৰজা পাতিছে। এতেকে মানৰ শৰণাপন্ন হলে তেওঁৰ একো হানি নকৰে। ইয়াকে ভাবি সি শকৰ মাঘত স্বৰ্গদেৱ গুৱালপাড়াৰ পগলা টেকৰ পৰা অকলে উজাই গ’ল।
উত্তৰ পৰীয়াক জয় কৰাৰ পাছত মানৰ এনে বিশ্বাস হ’ল যে অসম দেশত আৰু সিহঁতৰ একাধিপত্য হ’ল। বিশেষ নিজৰ দেশতো সৈন্যৰ আবশ্যক হ’ল এবং কাছাৰ মণিপুৰ আৰু জয়ন্তাৰ ফালেও আক্ৰমণ কৰিবলগীয়া হইছিল। কিয়নো ই দেশ বড় বুলি সিহঁতে পূৰ্ব্বৰে পৰ৷ বিশ্বাস কৰিছিল। পিছে এইখনেই যেতিয়া অধিকাৰ হ’ল তেতিয়া সিহঁতে সেই সেই দেশ যে অকণ্টকে ল’ব পাৰিব এনে বোধ কৰিলে। মিঙ্গীমাহা বান্দুলাই সৈন্যৰ আৰু নিজৰ খৰচ বুলি খাটি থকা ভাল মানুহবিলাকত বাজে অপাইকান্ চমুৱাৰ ঘৰ মুৰি আৰু পাইকানৰ পোৱা মুৰি ৫ টকাকৈ বৰঙ্গণি লৈ ব্ৰহ্মা দেশলৈ গ’ল। ইয়াৰ পূৰ্ব্বে মানে আৰু কৰ বুলি একো লোৱা নাছিল। চন্দ্ৰকান্ত সিংহ স্বৰ্গদেৱ উজাই যাওঁতে কোনো প্ৰকাৰে বাধা নাপালে। যেতিয়া যোৰহাট পালে গই তেতিয়া মিঙ্গীমাহা তিলোৱাই তেওঁক ৰাজ্য নিদি ৰঙ্গপুৰতে যোগান দি থলে।
১৭৪৫ শকৰ আশ্বিনত মিঙ্গীমাহা তিলুৱা স্বদেশলৈ গ’ল আৰু তেওঁৰ পদত মিঙ্গীমাহানন্দ ক্যাডেঙ্গ মগাউন প্ৰধান সেনাপতি হ’ল। মিঙ্গীমাহা বান্দুলা অহাৰে পৰা মানে দেশ লুৰি ফুৰাতকৈ প্ৰকৃতৰূপে শাসন কাৰ্য্যৰ প্ৰতি মন দিলে। আগৰ য’ৰ যি বিষয়া আছিল সেই সেই বিষয়া পাতিলে। আৰু সিসকলক পূৰ্ব্বৰ দৰে বিচাৰ আৰু শাসনত নিযুক্ত কৰিলে। মানৰ প্ৰতি আক্ৰমণ নকৰিলে দেশীয় লোকৰ দণ্ড নকৰিছিল। কিন্তু যেতিয়া মানে দেশীয়লোকক আক্ৰমণ কৰে তেতিয়া তাক উপযুক্ত শাস্তি দিছিল। শাস্তি দিওঁতে হলে যিনান উগ্ৰ হব পাৰে তাত একো বিবেচনা নকৰিছিল। প্ৰায় অপৰাধীক দীঘলে পেট ফালি প্ৰাণ নষ্ট কৰে। সিহঁতে অপৰাধীক যেনে এক প্ৰকাৰে বান্ধিছিল যে অদ্যাপি মানুহে “মানবন্ধা” বুলিলে কম্পমান হয়। প্ৰথমতে মানে বড় দৌৰাত্ম্য কৰিছিল হয় পাছলৈ সি সকলো গুছিল, কেবল ভগনীয়া দেশ আৰু শাসন স্থিৰ নোহোৱাত কিছু অমঙ্গল হইছিল। এনে প্ৰবাদ আছে বোলে মিঙ্গীমাহা বান্দুলাই গই ব্ৰহ্মা ৰজাৰ আগত মিঙ্গীমাহা তিলুৱাৰ দ্বাৰা দেশত সুশাসন নহই বড় অনিষ্ট হোৱাৰ বাৰ্ত্তা কোৱাত ৰজাই তেওঁক ই দেশৰ পৰা নিয়াই মিঙ্গিমাহানন্দ ক্যাডেঙ্গক পঠালে। কামৰূপতো পূৰ্ব্বৰ দৰে চৌধুৰী প্ৰভৃতি পতা হই বিষয় কাৰ্য্য চলোৱা হইছিল। এনে কথিত আছে বোলে মানে “খৰিকা টনা” নামে এবিধ কৰ গ্ৰহণ কৰিছিল। ঘৰ মুৰি একোডাল খৰিকা টানি সেই অনুসাৰে মানে মানুহৰ কৰ গ্ৰহণ কৰিছিল। ১৭৪৫ শকত ৰবৰ্ট ব্ৰুস নামে বেপাৰী সাহাব এজনা এই দেশলৈ আহে। তেওঁ ৰঙ্গপুৰ নগৰলৈকে গইছিল। তেওঁ বিশেষ অনুসন্ধান কৰি ইয়াকে জানিলে যে ই দেশত চাহগছ স্বাভাবিকৰূপে জন্মে। চাহৰ প্ৰথম আবিষ্কাৰৰ সোপান ইয়াৰে পৰা আৰম্ভ হয়। গুৱালপাড়াৰ সৈন্য দলৰ অধিপতি লেপটেনেণ্ট ডেবিডসন্ সাহাবৰ পৰা ব্ৰিটিশ সীমাত সোমাবলৈ মানক নিষেধ কৰাৰ পৰা মানে গুৱালপাড়াৰ ফালে ব্ৰিটিশ সীমা স্পৰ্শ নকৰিলে। কিন্তু কাছাৰৰ ফালে আক্ৰমণ কৰাত গবৰ্ণমেন্টে ব্ৰহ্মাদেশে সইতে যুদ্ধ আৰম্ভিলে। ঢাকাৰপৰা ব্ৰিটিশ সৈন্য গই ১৭৪৬ শকৰ মাঘত অসম দেশ অধিকাৰ কৰিলে। ইয়াৰ সবিশেষ বিবৰণ তলৰ অধ্যায়ত লিখা যাব। ১৭৪২ শকৰ দুই চ’তত চন্দ্ৰকান্ত স্বৰ্গদেৱ ভটীয়াই যাবৰে পৰা ১৭৪৬ শকৰ ২১ মাঘ যিদিনা মানৰ সেনাপতি শ্যাম ফুকন আৰু নিবাৰু ফুকনে সইতে দেশত হুলস্থূল নকৰি নিজ দেশলৈ মান যাবৰ নিমিত্তে মেং ইস্কাট কমিশ্যনাৰ সাহাবে “একৰাৰ” লোৱালৈকে সৰ্ব্বমুঠে তিনি বছৰ দহ মাস ১৯ দিন মানে অসম দেশ অধিকাৰ কৰে।
এই সময়ত ই দেশৰ অবস্থা যি হইছিল তাক লিখা অতি বাহুল্য। সংক্ষেপে ইয়াকে কব লাগে যে প্ৰজাৰ ধন প্ৰাণ মান একেবাৰেই স্থিৰ নাছিল। কৃষি, বাণিজ্য শিল্প প্ৰায় সকলো কাৰ্য্য স্থগিত আছিল। অনেক অনেক স্ত্ৰীৰ সতীত্ব পৰ্য্যন্ত নষ্ট হইছিল। আৰু অনেক লোকে মানৰ ভয়ত আপোনাৰ প্ৰিয় পুত্ৰ, পত্নী, কন্যাকো পৰিত্যাগ কৰিছিল। সিহঁতে অনেক দেবালয় ও গাঁও ভাঙ্গি আৰু পুড়ি ছাই কৰিলে। এবং দেবতালৈ দিয়া বস্তুকো অপহৰণ কৰিলে।
এই দেশীয় অনেক মানুহে ছদ্মবেশী মান হই অনেক উপদ্ৰব কৰিছিল। সি সকলোকে “দোৱনীয়া” বোলে। প্ৰকৃত যি মান তাতকৈ ইসকলৰহে অত্যাচাৰ প্ৰবল আছিল। দেশ জয় কৰা, নিজৰ আহাৰ সংগ্ৰহ কৰা আৰু ধনোপাৰ্জ্জন কৰাই মানৰ মুখ্য উদ্দেশ্য আছিল। কিন্তু সেই নিষ্ঠুৰ দোৱনীয়াবোৰে হিংসা, লোভ প্ৰভৃতি ৰিপুৰ বশবৰ্ত্তী হই অনেক অত্যাচাৰ কৰিলে। এই কালৰ কোনো এটি লোকৰ বা এটি পৰিবাৰৰ জীবনচৰিত লিখিলেই এখনি সুন্দৰ পুথী হ’ব পাৰে। মানৰ উপপ্লবত ই দেশ প্ৰায় জনশূন্য হ’ল। লোকবিলাকৰ এনে হ’ল যে কেতিয়া ঈশ্বৰে এই অত্যাচাৰৰপৰা উদ্ধাৰ কৰে। অসম দেশৰ এনে দুৰবস্থা দেখি চিংফৌ, খামতী, প্ৰভৃতি পৰ্ব্বতীয়া লোকেও হিংসা, অসূয়া কৰিব ধৰিলে। এই উপদ্ৰবত থাকিব নোৱাৰি অনেক লোক দেশ এড়ি কোনো ভটীয়াই কোনো মণিপুৰ, জয়ন্তা ত্ৰিপুৰাৰ ফালে আশ্ৰয় পাবলৈ পলাই গ’ল।[১] যেনেকৈ কোনো এটি লোকৰ তেনেকৈ কোনো এখন দেশৰ অবস্থা চিৰকাল একেদৰে নাথাকে। এই দেশীয় লোক সকলে দৌৰাত্ম্যকাৰী ৰজা আৰু আক্ৰমণকাৰী আক্ৰমণত নিতান্ত ক্লান্ত ও শ্ৰান্ত হই যি আৰ্ত্তনাদ কৰিছিল, তাক পৰমেশ্বৰে শ্ৰবণ কৰি এই দেশলৈ ইংৰাজক প্ৰেৰণ কৰিলে, যি উপায়েৰে তেওঁৰ অভিপ্ৰায় কাৰ্য্য সিদ্ধি হ’ল তাৰ বিবৰণ লিখিবলৈ এতিয়া আমি আৰম্ভ কৰিলোঁ।
- ↑ এই ভয়ানক উপদ্ৰবৰ কালত কোনোয়ে আপোনাৰ ধন সম্পত্তিলৈ নাচাই প্ৰাণ মাত্ৰ লই বিদেশলৈ গ’ল। এনে কি মানে খেদি আহি পাব, এই কাৰণে শিশু সন্তানৰ কান্দন নিবাৰিব নোৱাৰি আপোন পিতৃ মাতৃয়ে তাক বধ কৰিছিল!! এই সময়ত আমাৰ দেশৰপৰা ভাগি পলাই যোৱা অনেক লোকৰ সন্তান সন্ততি এতিয়াও বঙ্গাল দেশৰ নানা ঠাইত পোৱা যায়।