সমললৈ যাওক

আসাম বুৰঞ্জী/দশম অধ্যায়

ৱিকিউৎসৰ পৰা

দশম অধ্যায়

 লক্ষ্মীসিংহ স্বৰ্গদেৱৰ কেইবাজনাও ভতিজা পুতেক আছিল। পাছে সিসকলৰ কোনোয়ে কিবা উপদ্ৰব কৰে এই ভাবি তেওঁৰ সিংহাসন পুৰুষানুক্ৰম কৰিবলৈ স্বৰ্গদেৱ জীয়াই থাকোঁতেই তেওঁৰ পুত্ৰ লোকনাথ গোঁহাইদেৱক যুবৰাজৰূপে অভিষিক্ত কৰিছিল। এইজনা গোঁহাইদেৱৰ স্বভাব বড় উদ্ধত আছিল। স্বৰ্গদেৱে ইয়াকো ভাবিছিলে বোলে যুবৰাজ পতা হলে সিংহাসনৰ ওচৰ চপাত কিজানি গোঁহাইদেৱৰ স্বভাৱ কিছু সংশোধন হয়। কিন্তু দুৰ্ভাগ্যক্ৰমে সেইটি নঘটিল। স্বৰ্গদেৱ লোকান্তৰলৈ যোৱাৰ পাছ দিনাই লোকনাথ গোঁহাইদেৱ সিংহাসনত উঠিল। তাৰ পিছতে শিঙ্গৰী ঘৰত উঠি হিন্দুমতে গৌৰীনাথসিংহ আৰু আহোম মতে চুহিতপুংফা নাম ললে। স্বৰ্গদেৱে সিংহাসন পোৱাৰ পিছত তেওঁৰ ঔদ্ধত্যগুণ বড় প্ৰবল হ’ল। তেওঁৰ ইচ্ছাক কোনোৱে নিবাৰিব নোৱাৰিছিল। কাৰো উপদেশ বা মন্ত্ৰণা তেওঁৰ মনত ঠাই নিদিছিল। মোঁৱামৰীয়া যিবিলাক আছিল, সিবিলাকক পিতৃবৈৰী বুলি নষ্ট কৰিবৰ তেওঁৰ মন হ’ল। দৰঙ্গৰ ৰজাৰ প্ৰতিও কোনো কাৰ্য্যত তেওঁৰ কোপ দৃষ্টি হইছিল আৰু সি দেশত আপোনাৰ অধিকাৰ সম্পূৰ্ণৰূপে বিস্তাৰিলে। লক্ষ্মীসিংহ স্বৰ্গদেৱৰ দিনত মোঁৱামৰীয়াবিলাকে খেদা খালে হয় কিন্তু সিহঁতৰ মনৰ পৰা দ্ৰোহভাব খেদা নেখালে। সিহঁতে গুপ্তভাবে সদাই দ্ৰোহ চিন্তা কৰিছিল। ১৭০৪ শঁকৰ ২ৰা বৈশাখত কেতবিলাক মোঁৱামৰীয়াই শিঙ্গৰী ঘৰত ৰাতি জুই দি পুড়িলে। ৰুদ্ৰেশ্বৰ বড় পাত্ৰ ডাঙ্গৰীয়াই এই কাৰ্য্য নিবাৰিব নোৱাৰি ভয় পাই গুৱাহাটীলৈ গ’ল। বুঢ়া গোঁহাই ডাঙ্গৰীয়াই মোঁৱামৰীয়াবিলাকৰ যি যি লোকে এই গৃহদাহ কাৰ্য্যত লিপ্ত আছিল তাৰ প্ৰায় সকলোকে ধৰাই আনি মাৰিলে। ইওবাৰ দোষী, নিৰ্দ্দোষীৰ কোনো বিশেষ বিচাৰ নহল। মোঁৱামৰীয়াবিলাকৰ মনত একেই দ্ৰোহভাৱ পৰিপূৰ্ণ তাতে দোষী নিৰ্দ্দোষী বিচাৰ নকৰি মোঁৱামৰা মহন্তৰ শিষ্য বুলিলেই দণ্ডৰ পাত্ৰ কৰা হ’ল। যিবিলাক মানুহে গুৰুৰ বাক্য ও কাৰ্য্যকে সাক্ষাৎ ঈশ্বৰৰ আজ্ঞা আৰু কাৰ্য্য বুলি মানে, মোঁৱামৰীয়াবিলাক সি শ্ৰেণীৰ লোক। সিহঁতে অনেক গুৰুতৰ দণ্ড পাইও তাৰ প্ৰতি বড় ভয় নকৰিছিল। বৰঞ্চ গুৰুৰ প্ৰিয়কাৰ্য্য সাধন বুলি মানিছিল। সিহঁতে তলে তলে সিহঁতৰ ধৰ্ম্মাক্ৰান্ত যাবতীয় লোকলৈ সেই দ্ৰোহজনক বাৰ্তা পঠালে। সকলোৱে একবাক্য হ’ল। কোনেও পিছ হুহকিবলৈ বাঞ্ছা নকৰিলে। একে ধৰ্ম্ম আৰু মতৰ দ্ৰোহী, ইয়াকে বুজাবলৈ প্ৰধান প্ৰধান লোকসকলে কেতবোৰ ঠাৰ চলাই দিলে।[] সিহঁতৰ পূৰ্ব্বৰ দুবাৰ উদ্যম ভঙ্গ হোৱাত এইবাৰ তেনে নহবলৈ একেবাৰে কৃতসঙ্কল্প হ’ল। কিন্তু কি ছলত সি সংকল্প কাৰ্য্যলৈ আনে তালৈ বাট চাই আছিল। লক্ষ্মীসিংহ স্বৰ্গদেৱৰ দিনতে ভয় পাই পলাই নানা ঠাইত থকা মোঁৱামৰা মহন্তৰ শিষ্যসকলো পলাই থকা ঠাইৰ পৰা আহি জ্ঞাতিৰ সঙ্গ ললে। ইতিমধ্যতে ঘনশ্যাম বুঢ়া গোঁহাইৰ মৃত্যু হ’ল। তেওঁৰ সুযোগ্য পুত্ৰ পূৰ্ণানন্দ বুঢ়া গোঁহাই মন্ত্ৰী হ’ল। এওঁ বৰ বুদ্ধিমন্ত আৰু কীৰ্ত্তিপ্ৰিয় লোক আছিল। পূৰ্ব্বে যিৰূপে ৰাজ্য শাসনৰ প্ৰণালী আছিল, তাতকৈ অন্যমতে কৰিবলৈ ধৰিলে মোঁৱামৰীয়াবিলাকৰ দ্ৰোহৰ উদ্যমৰ কথা বুজ পাই তেওঁ তাক নিবাৰণৰ অৰ্থে উপায় চিন্তিবলৈ ধৰিলে। তেওঁ ভাবিলে বোলে কঠিন শাসনতকৈ সামান্য দণ্ডই যথেষ্ট হ’ব। এই বিবেচনা কৰি যিবিলাক লোকৰ দ্ৰোহভাব জানিব পাৰিলে সিবিলাকক সামান্য দণ্ড দিবলৈ ধৰিলে। ৰাজদ্ৰোহ নিবাৰিবৰ নিমিত্তে গুৰু দণ্ডই প্ৰশস্ত। মোঁৱামৰীয়াবিলাকে পূৰ্ণানন্দ বুঢ়া গোঁহাইৰ এই মত দেখি ৰজাৰ দৌৰ্ব্বল্য ভাবি ১৭০৯ শঁকৰ পুহত একেবাৰে দ্ৰোহভাবে একত্ৰ হ’ল। মাঘত চাৰিওফালৰ পৰা মোঁৱামৰীয়াবিলাক দা, কুঠাৰ, বৰ্ষা, কাঠৰ ঢাল, চূণলগোৱা বাঁহৰ বা কাষ্ঠৰ তৰোৱাল, টাঙ্গোন, ধেনুকাঁড়, যেয়ে যি পালে লই বড় ভেটী সত্ৰৰ ওচৰলৈ গই তাতে লগ লাগিল। সৰ্ব্বমুঠে দহ হাজাৰ মান সৈন্য নগৰৰ ফালে গ’ল। এবং দেশৰ চাৰিওফালে জুমে জুমে মোঁৱামৰীয়া ফুৰিবলৈ ধৰিলে। বুঢ়া গোঁহাই ডাঙ্গৰীয়াই কিছুমান সৈন্য গোটাই প্ৰধানকৈ নগৰৰ ফালে অহা সৈন্যবিলাকৰ বিপক্ষে পঠালে হয় কিন্তু চাৰিওফালৰ পৰা মোঁৱামৰীয়াই নগৰ আক্ৰমিবলৈ আহিল। সিবাৰৰ দৰে এইবাৰো এনেটো হইছিল যে মোঁৱামৰীয়াহঁতক বন্দুকৰ গুলীয়েও একো কৰিব নোৱাৰিলে। দা, টাঙ্গোন লই মোঁৱামৰীয়াৰ সৈন্য বড় বিক্ৰমেৰে আগুৱাই আহিল। চূণ লগোৱা কাঠৰ দা লোৱা মানুহৰে অসংখ্য দেখি আৰু ৰাধাৰুক্মিণীৰ বীৰত্বলৈ স্মৰণ কৰি আমাৰ সৈন্য চমৎকৃত হ’ল। অধিক কি হুঁহকি আহিল। নগৰৰ যি যি ফালে ৰাজকীয় সেনা গ’ল, সি সি ফালেই ত্ৰাসযুক্ত হই আমাৰ সৈন্য হুঁহকিল। দ্ৰোহীবিলাক একেই ধৰ্ম্মান্ধ আছিল, তাতে দুবাৰ তিনিবাৰ সম্মুখ সংগ্ৰামত জয় হোৱাত সিহঁতৰ সাহ বাঢ়িল। ইফালে ৰাজকীয় সৈন্য ত্ৰাসযুক্ত হই হুঁহকিবলৈ ধৰিলে। আমাৰ সেনা কম দেখি দাঁতি পাৰৰ পৰা মানুহ অনাবলৈ ধৰোঁতে জুমে জুমে যি মোঁৱামৰীয়া দেশৰ চতুৰ্দ্দিশে ফুৰিছিল, সিসকলৰ দ্বাৰা পৰাভূত হ’ল। আনকি মোঁৱামৰীয়াৰ চৰিয়া সৈন্যে আমাৰ মানুহ দহোটাকো একেলগ হবৰ নিমিত্তে নিবাৰণ কৰিবলৈ ধৰিলে। ৰাজ্যত বড় হুলস্থুল হ’ল। এবং প্ৰজাবিলাক একেবাৰে হতাশ হ’ল।

 স্বৰ্গদেৱে মন্ত্ৰী বুঢ়া গোঁহাই ডাঙ্গৰীয়াৰে মন্ত্ৰণা কৰি ভটীয়াই আহিল। ডাঙ্গৰীয়া সসৈন্যে নগৰতে থাকিল। মোঁৱামৰীয়াৰবিলাক নগৰ নৌপাওঁতেই ডাঙ্গৰীয়াই চাৰিওফালে এটা গড় বান্ধিলে, সেই হেতুকে দ্ৰোহী সেনাবিলাকে নগৰ প্ৰবেশ কৰিব নোৱাৰিলে এই গড়কে বিবুধিগড়ো বুলিছিলে। স্বৰ্গদেৱ সপৰিবাৰে ভটীয়াই আহিল, ইয়াকে দেখি উজনিৰ প্ৰজাৰো অনেকে কোনো ভটীয়াই আহিল, কোনো দাঁতি পাৰে গল আৰু কোনো মহাকষ্ট পাই ইফালে সিফালে থাকিলে। মোঁৱামৰীয়াবিলাকৰ সেনাই সকলোকে লুটি পুটি নগৰ পৰিবেষ্টন কৰি থাকিল। নগৰৰ ভিতৰৰ মানুহ খনি তাতে ৰক্ষা পড়ি থাকিল জয় সাগৰৰ ওচৰতে মোঁৱামৰীয়াৰে শেষ যুদ্ধ হয়। তাতে ৰাজকীয় সৈন্য পৰাস্ত হোৱাত সেই সৈন্য দল ছিঙ্গি ভাঙ্গি গ’ল। মোঁৱামৰীয়াবিলাক সিহঁতৰ দলপতি এজনক ভৰতসিংহ নাম দি ৰজা পাতিলে। বড় পাত্ৰ ডাঙ্গৰীয়াই মোঁৱামৰীয়াবিলাকে সইতে ঠায়ে ঠায়ে যুদ্ধ কৰি ফুৰি শেষত এক যুদ্ধত নিজে প্ৰাণ পৰিত্যাগ কৰে। মোঁৱামৰীয়াবিলাকে যি অস্ত্ৰৰ সাহায্য লই যুদ্ধ কৰিছিল সি অস্ত্ৰৰেই অনেক ৰাজকীয় সেনা মাৰিলে। সিহঁতৰ যে হানি নহল এনে নহয় কিন্তু তুলনা কৰিলে দ্ৰোহী সেনা তাকৰ মৰিল। গৌৰীনাথসিংহ স্বৰ্গদেৱৰ প্ৰধান ইচ্ছা এই আছিল মণিপুৰ কছাৰী আৰু জয়ন্তা ৰজাৰ সাহায্য লই দ্ৰোহ নিবাৰণ কৰে। এই ভাবি কলঙ্গেৰে সোমাই নগাঁওলৈ আহিল। ইয়াৰ পূৰ্ব্বেই সি ৰজাৰ ওচৰলৈ তেওঁ সাহায্য প্ৰাৰ্থী কটকী পঠাইছিল। স্বৰ্গদেৱ ৰূপহীৰ ওচৰতে বাহৰ কৰি থাকিল। মোঁৱামৰীয়া মহন্তৰ শিষ্য কেৱল উজনিত আছে, এনে নহয় নগাঁও আৰু আন আন ঠাইতো আছে। নগাঁওতো স্বৰ্গদেৱে দ্ৰোহভাৱ দেখিলে আৰু ইয়াৰ লোকসকলেও ৰজা পলাই অহাত ত্ৰাসযুক্ত হ’ল। সিন্ধুৰা হাজৰীকা নামে মানুহ এটাই কিছুমান মানুহ লই স্বৰ্গদেৱৰ ওচৰলৈ গল। বিস্তৰ লোক ৰজাৰ বাহৰৰ ফালে অহা দেখি স্বৰ্গদেৱ ত্ৰাস যুক্ত হই পলাই যাবলৈ উপায় চিন্তিলে। ইফালে সিন্ধুৰাৰ লোকে নৈত যি বাঁহৰ দলঙ্গ আছিল, তাক ভাঙ্গি দিলে। স্বৰ্গদেৱ নিৰুপায় হ’ল। ইফালে কছাৰী আৰু জয়ন্তাৰ পৰাও কটকী নুঘূৰিল। পৰিশেষত স্বৰ্গদেৱ গুৱাহাটীৰ ফালে ভটীয়াই গ’ল। এনে প্ৰবাদ আছে বোলে সেই সিন্ধুৰাই বিস্তৰ মানুহ লই পিছে পিছে খেদি গইছিল। তেতিয়াৰে পৰা সিন্ধুৰা ও নগঁয়া লোকবিলাকক “ৰজা খেদা নগঁয়া” বুলি দ্ৰোহী বোলা হ’ল। স্বৰ্গদেৱ নিৰ্ব্বিঘ্নে গুৱাহাটী পালে গই হয় কিন্তু তাতে তেওঁৰ বিপদ নগল। কছাৰী আৰু জয়ন্তাৰ ৰজাই নিজ দেশ ৰক্ষা কৰিবলৈ যিমান আৱশ্যক তাতকৈ অধিক সৈন্য নথকাৰ নিমিত্তে দিব নোৱাৰোঁ বুলি উত্তৰ দিলে। গুৱাহাটীত বড় ফুকনে সইতে মন্ত্ৰণা কৰি দাঁতি পাৰৰ আৰু আন আন ঠাইৰ কিছুমান সেনা গৌৰীনাথসিংহ স্বৰ্গদেৱে বুঢ়া গোঁহাইৰ সাহায্যৰ নিমিত্তে উজাই পঠালে। বাটত যাওঁতেই এই সৈন্য নানা ঠাইত মোঁৱামৰীয়াবিলাকৰপৰা বাধা পাই গইছিল। শেষত নগৰৰ সমীপতে যুদ্ধ হোৱাত সেই সৈন্য ঘাটি পলাই আহিল। গুৱালপাড়াত ৰাস্ নামে এজনা সাহাব সি সময়ত আহিল। তেওঁ লোণ আৰু আন আন বস্তুৰ বেপাৰ কৰিছিল। গৌৰীনাথসিংহে নিৰুপায় ভাবি সাহাবক বিশেষৰূপে পুৰস্কাৰ দিবলৈ প্ৰতিজ্ঞা কৰি সাহাবৰ দ্বাৰাই ব্ৰিটিশ গবৰ্ণমেণ্টৰ সাহায্য লবলৈ উপায় কৰিলে। সাহাবে সাত শ বৰকান্দাজ সিপাহী ৰজাক দিয়াত সেই সিপাহী ৰজাই নগাঁওৰ বাটে উজাই পঠালে। নগাঁওত যি দ্ৰোহভাৱ আছিল, সি গুছিল হয় কিন্তু সেই বৰকান্দাজ যেতিয়া উজনিলৈ গ’ল তেতিয়া যোৰহাটৰ ওচৰতে সকলোখিনিকে শত্ৰুৱে কাটিলে।

 কিছু দিনৰ মূৰত মণিপুৰৰ ৰজাই ৫০০ অশ্বাৰোহী আৰু চাৰি হেজাৰ ৪০০০ পদাতি সৈন্য লই ৰজাৰ সাহায্যৰ অৰ্থে ই দেশলৈ আহিল। উজনিলৈ গলত মোঁৱামৰীয়াই সইতে যুদ্ধ হোৱাত ১৫০০ মান সেনা মৰিলত মণিপুৰীয়া সেনা দেশলৈ উলটি গ’ল। কোনো বিপদ অকলে নপড়ে। হলাগছ দেখিলে সকলোৱে কুঠাৰ মাৰে এইটি নীতি কথা। মোঁৱামৰীয়াৰ উপদ্ৰবত ৰজা আৰু ৰাইজৰ থৰকাছুটি নোহোৱা সময়ত দৰঙ্গৰ কৃষ্ণনাৰায়ণ কোঁৱৰে বিষ্ণুনাৰায়ণ ৰজাক ভাঙ্গি দৰঙ্গৰ ৰজা হ’ল। আৰু গৌৰীনাথসিংহৰ দুৰ্ব্বল অৱস্থাৰ সুযোগতে কামৰূপ খণ্ড দেশ লবলৈ ইচ্ছা কৰি কেতবিলাক হিন্দুস্থানী আৰু বঙ্গালী সন্ন্যাসীৰ নিচিনা সেনা লই গুৱাহাটী আক্ৰমিবলৈ আহিল। কামৰূপৰ লোকসকলক পৰাজিত ভাবি আহোমবিলাকে বড় অবজ্ঞা কৰিছিল। আনকি গধূলি গুৱাহাটী নগৰৰ ভিতৰত থাকিবলৈ নিদিছিল। ইয়াতে সি ঠাইৰ কোনো কোনো মুখ্য মুখ্য লোকেও কৃষ্ণনাৰায়ণৰ ফলীয়া হ’ল।

 গৌৰীনাথসিংহে বড় বিপদ ভাবি ব্ৰিটিশ গৱৰ্ণমেণ্টৰ সাহায্য লবলৈ ইচ্ছা কৰি গুৱাহটীয়া বিকা মজুমদাৰ দণ্ডৰাম খাওন্দ আৰু দৰঙ্গৰ ভগা ৰজা বিষ্ণুনাৰায়ণক কলিকতালৈ পঠালে। গুৱালপাড়াৰ সদাগৰ ৰাস্ সাহাবে কলিকতাৰ কলবিন্ বাজেট্, কোম্পানীলৈ চিঠি দিলে। সি সময়ত বঙ্গ প্ৰদেশৰ গবৰ্ণৰ জেনেৰেল মাৰ্কুইস্‌ কৰ্ণওয়ালিস্ আছিল। তেওঁ ৰজাৰ মিনতি পত্ৰ পাই প্ৰথমে সাহায্য কৰিবলৈ অনিচ্ছা প্ৰকাশ কৰিছিল। কিয়নো আপোনাৰ মাজত যি বিবাদ তাত আনৰ পক্ষে এক পক্ষক সহায় কৰা ৰাজনীতি বিৰুদ্ধ। কিন্তু গৌৰীনাথ ৰজাই ইয়াকে লিখিছিল বোলে হিন্দুস্থানী ফকীৰ কেতবিলাকক কৃষ্ণনাৰায়ণ দ্ৰোহীয়ে আনি দেশ লণ্ডভণ্ড কৰিব লাগিছে। হিন্দুস্থানী লোকবিলাক ব্ৰিটিশ প্ৰজা। সেইবিলাকে অসম দেশত সোমাই দৌৰাত্ম্য কৰিছে তাক নিবাৰিবলৈ আৰু সিহঁতক খেদাই দিবলৈ ১৭৯২ ইং সনত কাপ্তান ওৱেলস্ সাহাবক লৰ্ড কৰ্ণওয়ালিশ গবৰ্ণৰ জেনেৰেলে কিছুমান সৈন্যে সইতে পঠাই দিলে। কাপ্তান সাহাব উজাই আহি প্ৰথমে হিন্দুস্থানী মানুহ ই দেশলৈ অহাৰ নিবাৰণৰ পক্ষে যত্ন কৰিলে। কিন্তু গুৱালপাড়াৰে সেই হিন্দুস্থানীবিলাক দেশত নোসোমাই উত্তৰে ভোটৰ দেশেৰে আমাৰ দেশত সোমাবলৈ ধৰিলে। কাপ্তান সাহাবে ইয়াকে দেখি সিবিলাকক যেনে তেনে মতে খেদাবলৈ উপক্ৰম কৰিলে।

 ইফালে ভৰতসিংহ ৰজা হই কঠিন ৰূপে দেশ শাসিবলৈ ধৰিলে। যাকে সিহঁতৰ বিপক্ষ যেন জানিলে, তাকে ধৰি আনি দণ্ড বন্ধ কৰে। আপোনাৰ সেনাবিলাকক এই আজ্ঞা দিলে যে যেনে তেনে ৰূপে দেশ লুটি পুটি অধিকাৰ কৰে আৰু আহোমৰ নিবংশ কৰে। ৰাস্, সাহাবে পঠোৱা বৰকান্দাজ আৰু মণিপুৰৰ ৰজাৰ সৈন্য যেতিয়া পৰাস্ত হ’ল তেতিয়া মোঁৱামৰীয়াবিলাকে জানিলে, নিষ্কণ্টকে ৰাজ্য ভোগ কৰিব এই ভাবি অনেক সৈন্য লই কেতবিলাক মোঁৱামৰীয়া লুইতৰ দক্ষিণ পাৰেৰে ভটীয়াই গুৱাহাটীৰ ফালে গ’ল, যিফালে সিফালেই দেশ অধিকাৰ হই গ’ল। গৌৰীনাথসিংহে এই বাৰ্ত্তা পাই লগত কিছুমান লোক লই ভটীয়াই গ’ল। কাপ্তান ওৱেল্‌স্‌ সাহাব গুৱালপাড়া পাই ১৭৯২ সনত ১৬ নবেম্বৰত উজাই আহিল, তিনি দিনৰ পিছত নগৰবেৰাৰ ওচৰতে গৌৰীনাথসিংহ স্বৰ্গদেৱে সইতে সাক্ষাৎ কৰিলে। এই সৈন্য যোৱাত ৰজাৰ অলপ সাহস হ’ল। কাপ্তান সাহাবে ৰজাৰ মুখে দেশৰ অৱস্থা ভালকৈ জানিব পাৰিলে। নবেম্বৰ ২৯ তাৰিখে সাহাবে গুৱাহাটী ল’লে, মোঁৱামৰীয়াবিলাক ছিন্নভিন্ন হই গ’ল। গুৱাহাটী পুনৰায় লওঁতে ব্ৰিটিশ সৈন্যৰ এফেৰিও ৰক্তপাত নহল। গৌৰীনাথসিংহক গুৱাহাটীতে থই কাপ্তান সাহাব ছয় ডিসেম্বৰৰ দিনা লুইতৰ উত্তৰ কুললৈ গ’ল। মোঁৱামৰীয়াবিলাকৰ ভগনী শুনি কৃষ্ণনাৰায়ণৰ সৈন্য ভাগিল। কাপ্তান সাহাব গই কৃষ্ণনাৰায়ণক ধৰিলে। তেওঁ সোধাত ইয়াকে কলে বোলে গৌৰীনাথৰ বিৰুদ্ধে দ্ৰোহকৰা তেওঁৰ অভিপ্ৰায় নাছিল। মোৱামৰীয়াৰ হাতৰ পৰা দেশ ৰক্ষা কৰাই তেওঁৰ মুখ্য উদ্দেশ্য, কিন্তু গৌৰীনাথসিংহ স্বৰ্গদেৱে তেওঁৰ অভিপ্ৰায় বুজিব নোৱাৰি তেওঁক বিদ্ৰোহী বুলি কইছে। শেষত কাপ্তান সাহাবে কৃষ্ণনাৰায়ণক কই এনে নিৰ্ব্বন্ধ কৰোৱালে যে কৃষ্ণনাৰায়ণে দৰঙ্গ, ছুটীয়া, চাই-দুৱাৰৰ পৰা মানুহ দিয়াৰ পৰিবৰ্ত্তে ৫৫০০০ টকা আৰু ভোটানে সইতে বেপাৰৰ মাসুলৰ বাবে ৩০০০ তিনি হাজাৰ, সৰ্ব্বমুঠে ৫৮০০০ টক৷ বছৰি ৰজাক দিব। গুৱাহাটীত থাকোঁতে কাপ্তান ওয়ালিস্ সাহাবে ইয়াকে সুন্দৰকৈ জানিলে, বোলে গৌৰীনাথসিংহ অতিশয় দুৰ্দ্দান্ত, ক্ৰূৰ, মতিচ্ছন্ন আৰু অবিবেচক। তেওঁৰ বুদ্ধি ও বিবেচনা এনেহে দুৰ্ব্বল আৰু ভ্ৰান্ত যে দেশ সুস্থিৰ হলেও তেওঁ শাসন কাৰ্য্য ভালকৈ কৰিব নোৱাৰিব। এইৰূপে কলিকাতাৰো গবৰ্ণৰ জেনেৰেললৈ পত্ৰ লিখাত তেওঁ এনে আজ্ঞা কৰিলে বোলে দেশৰ সকলো ভদ্ৰলোক আৰু বিষয়াসকলক চপাই সিসকলে সইতে মন্ত্ৰণা কৰি যাতে দেশত সুশাসন হ’ব পাৰে তাৰ উপায় কৰিব কাপ্তান সাহাবে আৰু ইয়াকো জনাইছিল যে ৰজাৰ অন্যায় আচৰণ দ্বাৰাহে কৃষ্ণনাৰায়ণ প্ৰভৃতিয়ে দ্ৰোহ কৰিবলৈ উদ্যোগ কৰিছিল। কাপ্তান ওৱেল্‌স্ সাহাব গুৱাহাটী পাই দ্ৰোহ নিবাৰণ কৰি থাকোঁতেই তাত জহনীৰোগ হয়। এনে প্ৰবাদ আছে বোলে তাৰ পূৰ্ব্বে ই দেশত এই ৰোগ নাছিল। এই ৰোগতে দেশৰ ভগনীয়া আৰু তাত থকা অনেক লোকৰ মৰণ হয়। একেই দেশৰ অতি অমঙ্গল, তাতে এই মাৰাত্মক ব্যাধি এনে স্থলত যেনে অৱস্থা আছিল তাক অনুমান কৰিব পাৰি।

 কাপ্তান সাহাবে ইয়াৰ পাছত উজনি খণ্ড দেশলৈ যাবৰ ইচ্ছা কৰিলে। স্বৰ্গদেৱৰ যাবৰ মন নাছিল কিন্তু ৰজাক এক প্ৰকাৰ ধৰি নিয়াৰ দৰে লই গ’ল। ৰজাৰ এনে বিশ্বাস নাছিল যে ইমান অলপ সৈন্যেৰে মোঁৱামৰীয়াবিলাকক সেই সাহাবে খেদিব পাৰিব। সাহাবে ৰজাক লই উজাই যাওঁতেই মোঁৱামৰীয়াবিলাকে ভাটী ফালৰ পৰা উজাই নগৰৰ ফাললৈ গ’ল। ১৭৯৩ শঁকৰ মাৰ্চ্চ মাহত নগৰৰ ওচৰ পাই সাহাবে সৈন্যসকলৰ ছাউনী কৰি মোঁৱামৰীয়াবিলাকৰ প্ৰকৃত অবস্থা জানিবলৈ চৰ পঠালে। সিহঁতে নগৰৰ চাৰিওফালে বড় সমাৰোহেৰে আছিল। এনে কথা কোৱা আছে যে যদি ব্ৰিটিশ সেনা সেইদিনা নাপায়, তেন্তে তাৰ পাছ দিনাই মোঁৱামৰীয়াই নগৰ প্ৰবেশ কৰিলেহেঁতেন। বুঢ়া গোঁহাই ডাঙ্গৰীয়াই খোৱা বস্তুৰ অভাবত বড় ক্লেশেৰে নগৰ ৰক্ষা কৰি আছিল। পাছদিনা ৰাতিপুৱা সাহাবে ১২ টা সিপাহী, এজন জমাদাৰ, এজন নায়েক, এজন বিকুল আলা আৰু এজন হাৱালদাৰে সইতে নগৰৰ সমীপলৈ পঠাই দিলে। স্বৰ্গদেৱে ইয়াকে দেখি বড় দুঃখিত হ’ল কিয়নো সেই হাতৰ মুঠিৰে এমুঠি নোহোৱা সিপাহীকেইটাই যে পাঁচ হাজাৰ মোঁৱামৰীয়াক কিবা কৰিব পাৰিব ইয়াক তেওঁ নেজানিছিল। ইফালে সাহাবে তেওঁৰ অধীনৰ প্ৰায় সকলো সৈন্যকে প্ৰস্তুত কৰি ৰাখিলে। ইমান তাকৰ সিপাহী মোঁৱামৰীয়াৰ ছাউনীৰ ফালে যোৱা দেখি সিহঁতে বড় উল্লাসেৰে আছিল। ব্ৰিটিশ সিপাহীয়ে গম্ভীৰ গতিৰে গইহে আছিল। মোঁৱামৰীয়াবিলাকে সেই সিপাহীকেইটাৰ উগ্ৰসাহ দেখি চাৰিওফালে বেৰি এনে ৰূপে হাঁহিলে যেন সিহঁতক গুলি পিহি সাঙ্গ কৰিব। সিহঁতে টাঙ্গোন, চূণ ঘঁহা বাঁহ কাঠৰ দা, ধেনুকাঁড় প্ৰভৃতি যি অস্ত্ৰ লই দেশ ছাৰখাৰ কৰিছিল, সি সকলো লই আহিল। কেতবিলাকে এনে আশা কৰি খোৱা লোৱাৰ বন কৰি আছিল, বোলে সেই দুঃসাহসী সিপাহীকেইটাক মাৰি সিহঁতৰ লগৰ আন সিপাহী আৰু সাহাবক বধ কৰিব। সিহঁতৰ কোনোএ এই বুলি আক্ষেপ কৰিছিল বোলে এনে জনা হ’লে মাঝ বাটতে সিপাহী দলক আধ্যা কৰিব পাৰিলোঁহেঁতেন। সিহঁতে নাজানিছিল যে যুদ্ধ কৰা এট৷ বিদ্যা আৰু তাক শিক্ষা কৰিব লাগে। যেতিয়া চাৰিওফালে মোঁৱামৰীয়াই বেৰি ধৰি, ধেনু, কাঁড় আৰু টাঙ্গোন সিপাহীলৈ চলাব ধৰিলে, তেতিয়া সিপাহীবিলাক চাৰি চুকীয়া ভাবে থিয় হই বন্দুক মাৰিবলৈ ধৰিলে। ৰাধাৰুক্মিণীৰ বন্দুকৰ গুলীৰ আঁচল পাতি লোৱা পৰাক্ৰমৰ কথা এতিয়া শেষ হ’ল। মোঁৱামৰীয়াবিলাকৰ অনেক মৰিল। পাছে সেই সিপাহীকেইটাই খেদি যোৱাত নগৰৰ দুৱাবৰ পৰা শত্ৰুবিলাক নিঃশেষে পলাল। তাৰ পিছত আৰু কিছুমান ব্ৰিটিশ সৈন্য যোৱাত মোঁৱামৰীয়া পলাই ফাট মাৰিলে। সেইদিনাই গধূলি নগৰৰ দুৱাৰ মেলা হ’ল। তাৰে পৰা মানুহ যোৱা অহা কৰিবলৈ ধৰিলে। তাৰ পিছদিনা বুঢ়া গোঁহাই ডাঙ্গৰীয়া আহি স্বৰ্গদেৱক নগৰলৈ লই গ’ল। সাহাবো সি লগতে ১৭১৭ শঁকৰ চ’তত নগৰ প্ৰবেশ কৰিলে।

 গৌৰীসিংহ পুনৰায় সিংহাসনত উঠিল। কাপ্তান ওৱেল্‌স্ সাহাবে স্বৰ্গদেৱ, মন্ত্ৰী আৰু আন আন ডাঙ্গৰ ডাঙ্গৰ কৰ্ম্মচাৰীসকলক সুন্দৰ হিতোপদেশ দিলে। এবং গবৰ্ণৰ জেনেৰেলৰ উপদেশ বুঝাই কলে। তেওঁৰ এনে ইচ্ছা আছিল যে দেশ সুস্থিৰ কৰিবলৈ কিছুমান সৈন্য ৰাখিব আৰু তাৰ ব্যয় কামৰূপৰ উৎপন্নৰ পৰা দিব।

 এনে কথা কোনোয়ে কয় বোলে মন্ত্ৰী ডাঙ্গৰীয়াই গবৰ্ণৰ সাহাবলৈ কাপ্তান সাহাবে ৰজাৰ ভঁড়াল লুটি নিয়া আৰু দেশত সিপাহীৰ হতুৱাই আন আন অত্যাচাৰ কৰোৱাইছে বুলি পত্ৰ লিখিছিল। মন্ত্ৰী ডাঙ্গৰীয়া অতিশয় ক্ষমতাপ্ৰিয় থকাৰ হেতুকে সাহাবে কোনো কোনো ৰাজকীয় কাৰ্য্যত পৰামৰ্শ দিয়াত হাত লগোৱা ভাল নাপাই সেইৰূপে লিখিছিল। সি যিবাকি নহওক লৰ্ড কৰ্ণওৱালিস্ গবৰ্ণৰ সাহাব ইতিমধ্যতে ইংলণ্ডলৈ গ’ল। তেওঁৰ পদত সৰজন্ সোৰ সাহাব গবৰ্ণৰ হ’ল। এতিয়া ব্ৰিটিশ গবৰ্ণমেন্টে এনে সিদ্ধান্ত কৰিলে বোলে আনৰ দেশৰ আভ্যন্তৰিক কাৰ্য্যত গবৰ্ণমেণ্টৰ হাত দিবৰ একো সকাম নাই। এই কাৰণে কাপ্তান ওৱেল্‌‌স সাহাবে বৰকৈ লেখাতো গৱৰ্ণমেণ্টে ই দেশৰ পৰা সাহাবক কলিকাতালৈ যাবলৈ আজ্ঞা কৰিলে। তদনুসাৰে কাপ্তান সাহাব সসৈন্যে ১৭৯৪ সনৰ জুলাই মাহত ভটীয়াই গ’ল। এই ঘটনা প্ৰকৃতে বড় শোকজনক। সেই দূৰদৰ্শী সেনাপতিৰ কথাৰ প্ৰতি গৱৰ্ণমেন্টে মন দিয়া হলে ই দেশত ইয়াৰ পাছত উপদ্ৰব হ’বৰ সম্ভাৱনা নাছিল। সাহাব থকা সময়ত অতি অলপ মাত্ৰ মোঁৱামৰীয়াক দ্ৰোহী বুলি দণ্ড কৰা হ’ল। সাহাব ভটীয়াই গ’লতে বিস্তৰ মোঁৱামৰীয়া ধৰাই আনি বুঢ়া গোঁহাইয়ে অতি কঠিন শাস্তি কৰিলে।[] মোঁৱামৰীয়াৰ উপপ্লবৰ সময়ত ৰঙ্গপুৰ নগৰ একেবাৰে ছাৰখাৰ হ’ল। তেতিয়া ইমান প্ৰজা তাকৰ হ’ল যে বুঢ়াগোঁহাই ডাঙ্গৰীয়াই তাত ৰাজধানী থকা ভাল নেদেখি ১৭১৬ শঁকৰ শ্ৰাবণত যোৰহাট বাহৰলৈ স্বৰ্গদেৱক অনালে। ৰঙ্গপুৰ তেতিয়াৰ পৰা পৰিত্যক্ত নগৰ হ’ল। মোৱামৰীয়াবিলাকক দণ্ড বন্ধ কৰি আৰু যোৰহাটক নগৰ কৰাৰ পাছত স্বৰ্গদেৱ ও মন্ত্ৰী সকলোৰে দেশৰ উন্নতি কৰিবলৈ মন হ’ল। সেইৰূপে যত্নও কৰা হ’ল। কিন্তু ৰজা প্ৰজা এনে দুৰ্ব্বল আৰু উৎপীড়িত আছিল যে সি যত্ন একেবাৰে বিফল হ’ল। গৌৰীনাথসিংহ স্বৰ্গদেৱৰ পুত্ৰ নাছিল। স্বৰ্গদেৱৰ শৰীৰ মাঝে মাঝে পীড়িত হই থকাত এজনা উত্তৰাধিকাৰীৰ নিতান্ত আৱশ্যক হ’ল। পূৰ্ণানন্দ বুঢ়া গোঁহাইয়ে এই নিমিত্তে এজনা কোঁৱৰ হাতত লবলৈ ইচ্ছা কৰিলে। গদাধৰসিংহ স্বৰ্গদেৱৰ কনিষ্ঠ পুত্ৰ লেচাই নামৰূপীয়া ৰজাৰ পুত্ৰ আয়ুসুত গোঁহাই তেওঁৰ পুত্ৰ কদমদীঘলা গোঁহাই আৰু তেওঁৰ পুত্ৰ কিনাৰাম গোঁহাইদেৱক ৰজাৰ যোগ্য হেন দেখি বুঢ়া গোঁহাইয়ে যোৰহাটলৈ অনালে। যদিচ সকলোৱে ই কথা জানিছিল তথাপি সি অভিপ্ৰায়ৰ বিৰুদ্ধে কাৰো একো কোৱা শক্তি নহ’ল। বিশেষকৈ বড় বড়ুৱাক তেওঁ কিছু অবিশ্বাস কৰিছিল। কিয়নো তেওঁৰ কাৰ্য্যত কেতিয়াবা কেতিয়াবা বড় বড়ুৱাই প্ৰতিবাদ কৰিছিল। ক্ৰমে স্বৰ্গদেৱৰ শৰীৰ অসুস্থ হই আহিল। কিন্তু তেওঁৰ শৰীৰৰ প্ৰতি ইমান বিশ্বাস আছিল যে নিজৰ দৌৰ্বল্য বিশেষকৈ প্ৰকাশ নকৰিছিলে। পিছে দ্ৰোহ ও ক্ৰোধত পড়ে এই ভয় কৰি আনে ও ৰজাক উত্তৰাধিকাৰীৰ বিষয় সুধিবলৈ শঙ্কা কৰিছিল। পূৰ্ণানন্দ বুঢ়া গোঁহাইয়ে কথা বিষম হেন বুঝি স্বৰ্গদেৱত সুধিলে “পাইকেনো কি কৰিম”। মন্ত্ৰীৰ এই ইঙ্গিত বুজি স্বৰ্গদেৱে কেবল এই কথা মাত্ৰ কলে বোলে “ডাঙ্গৰীয়াই যাকে ভাল পাইছে তাকে কৰোক।” ইয়াৰ দ্বাৰা এনে প্ৰতিপন্ন হয় যে বুঢ়া গোঁহাই ডাঙ্গৰীয়াই যাকে মনোনীত কৰিছে সিজনেই ৰজা হ’ব। স্বৰ্গদেৱে আৰু এই কথা কলে যে তেওঁৰ তিনটা কথা মনত যায়। প্ৰথম তেওঁৰ জীয়েক, আইদেৱক বিবাহ দিব নোৱাৰিলে। দ্বিতীয় নগাঁওৰ সিন্ধুৰাক বাপেকৰ মঙ্গহ পুতেকক আৰু পুতেকৰ মঙ্গহ বাপেকক খুৱাব নোৱাৰিলে তৃতীয় চাৰিটা মানুহে পাইকৰ পোৱা কৰিব নোৱাৰিলে। বুঢ়া গোঁহাইয়ে স্বৰ্গদেৱৰ এই হুমুনিয়াহে সইতে কোৱা কথা শুনি কলে যে তেওঁ ই তিনিওটি আজ্ঞা প্ৰতিপালন কৰিব। তাৰ পাছ দিনা অৰ্থাৎ ১৭১৭ শঁকৰ ২২ অগ্ৰহায়ণ, কৃষ্ণা চতুৰ্থীত স্বৰ্গদেৱ স্বৰ্গী হ’ল। সিংহাসনত উঠে এনে কোঁৱৰ নথকাত পূৰ্ণানন্দ বুঢ়া গোঁহাইয়ে স্বৰ্গদেৱৰ মৃত্যুৰ সংবাদ গুপুতে ৰাখিলে। পাছে তেওঁৰ প্ৰতিদ্বন্দ্বী বড় বড়ুৱাই কিবা কেলেঙ্কাৰ কৰে এই ভাবি বড় বড়ুৱাক ঘৰৰ পৰা স্বৰ্গদেৱৰ আজ্ঞাৰে মতাই আনি বড় চ’ৰাৰ মুখতে স্বৰ্গদেৱৰ আজ্ঞা বুলি বুঢ়া গোঁহাইৰ আজ্ঞাৰে বধ কৰা হ’ল। তাৰ পাছ দিনা কিনাৰাম গোঁহাইদেৱক বড় চ’ৰালৈ নি স্বৰ্গদেৱৰ মৃত্যু সংবাদ আৰু সেই গোঁহাইদেৱক স্বৰ্গদেৱে ৰজা মনোনীত কৰি গইছে, বুলি কই সকলোৱে ৰজা মানি সেৱা কৰিলে। গৌৰীনাথসিংহ স্বৰ্গদেৱৰ মুঠ ৰাজ্য ভোগৰ কাল বুৰঞ্জীত ১৪ বছৰ ৭ মাস ২২ দিন লেখিলেও ১৭০৯ শঁকৰ মাঘত মোঁৱামৰীয়াৰ উপদ্ৰবত ভাগি যোৱা কালৰে পৰা আকৌ ১৭১৫ শঁকৰ চ’তত ৰংপুৰ নগৰলই সিংহাসনত উঠা কাল খিনি এৰিলে মুঠকৈ সিংহাসনত থকাৰ কাল ৮ বছৰ ৪ মাহ ২২ দিন মাত্ৰ। ৬ বছৰ তিনি মাহ ভগনীয়া ৰূপে স্বৰ্গদেৱ আছিল। ই সময়ত দ্ৰোহী মোঁৱামৰীয়াবিলাকে উজনিত ৰাজত্ব কৰিছিল। গৌৰীনাথসিংহ স্বৰ্গদেৱ অতি উদ্ধত স্বেচ্ছাচাৰী অথচ দুৰ্ব্বল আছিল। তেওঁৰ বিবেচনা শক্তি নীচেই স্থিৰ নাছিল। তেওঁক মতিচ্ছন্ন বুলিলেও দোষ নাই। তেওঁ এনে স্বেচ্ছাচাৰী ও উদ্ধত আছিল যে কপাহ নেওঠি থকা মানুহ এজনীয়ে তেওঁক বাটেৰে যোৱা দেখি নেওঠনীৰ মাত তেলেৰে মাৰোঁতে তেওঁৰো কেতিয়াবা সেইজনী তিৰোতাই মাত মাৰিব এই ভাবি তাইৰ প্ৰাণদণ্ড কৰিলে। এদিন এজন তেওঁৰ পাৰিষদে এটা চাপড় মাৰি নাও এখন ফলাত তেওঁকো সেইৰূপে কৰিব পাৰিব এই ভাবি সেই পাৰিষদক শাৰীৰিক কঠিন শাস্তি দিলে অথচ বেজবড়ুৱাবিলাকক এই আজ্ঞা দিলে সেই প্ৰিয় পাৰিষদক তদ্দণ্ডেই আৰোগ্য কৰে। এদিনা তেওঁ, তেওঁৰ সৰুকালৰ সখি এজনৰ প্ৰতি বিৰক্ত হই চকু কঢ়ালে। তাৰ পাছে আকৌ এক বিদেশীয় ভাষাৰে লিখা পত্ৰ এখন পঢ়িব লগা হোৱাত তেওঁৰ চক্ষুহীন প্ৰযুক্ত আঙ্গুলিৰে অক্ষৰৰ আকৃতি ধৰি পত্ৰৰ মৰ্ম্ম বুজাই দিলে। ইয়াতে ৰজাই তেওঁৰ চক্ষুদান কৰিবলৈ বেজবড়ুৱাসকলক আজ্ঞা দিয়ে। যদি মোঁৱামৰীয়াৰ উপপ্লব নহয়, আৰু সি লোকজনৰ মৃত্যু নহয়, তেন্তে স্বৰ্গদেৱে বা কি কৰিলেহেঁতেন তাক ঈশ্বৰেহে জানে। নাপিতৰ অধীন হ’ব লাগে এই বুলি স্বৰ্গদেৱে মূৰ খুৰাওঁতেও স্থিৰ হই নাথাকিছিল। এইজনা স্বৰ্গদেৱৰ অহঙ্কাৰ ইমান্‌হে প্ৰবল আছিল যে কাপ্তান ওৱেলস্ সাহাবক ৰজাৰ পাছফালে মাছীয়া দিহে সম্ভাষা কৰিছিল। এওঁ দানী আছিল হয় কিন্তু সিও স্বাৰ্থপৰতামূলক। ব্ৰাহ্মণসকলক দক্ষিণা আঁজলি ভৰাই দিব লাগে। কিন্তু ৰজাৰ ভঁড়াল তেওঁৰ মনৰ সমতুল নোহোৱাত মন্ত্ৰীয়ে চ’ৰতীয়া, তিনিৰতীয়া প্ৰভৃতি সৰু ধনৰ সৃষ্টি কৰে। কোন এজন বঙ্গালীলোকে তেওঁৰ ইষ্টদেৱতা বালগোপালৰ গীত শুনোৱাত তেওঁ আজ্ঞা দিলে বোলে যেন সেই বঙ্গালক আৰু স্বৰ্গদেৱে সিংহাসনৰ পৰা নেদেখাকৈ ধন দিব। স্বৰ্গদেৱৰ অনুগ্ৰহ আৰু নিগ্ৰহ কেতিয়া কাৰ ওপৰত হয় তাৰ একো নিদৰ্শন নাছিল। দুৰ্ব্বল লোক সকলেই প্ৰায় নিষ্ঠুৰ হয়। এওঁ স্বেচ্ছাচাৰী হয় কিন্তু মানসিক বড় দুৰ্ব্বল আছিল। তেওঁৰ যিজনা প্ৰধান মন্ত্ৰী সিজনাও স্বাৰ্থপৰ, ক্ষমতা প্ৰিয় আৰু লোভী আছিল। এতেকে ইজনা ৰজাৰ দিনত যে দেশৰ শ্ৰীহীন নহ’ব ও দেশত উপদ্ৰব হুলস্থূল নহ’ব ইয়াত সংশয় কি?

 এইজনা ৰজাৰ দিনৰ পৰাই দেশত কানিৰ ক্ষেতি আৰম্ভ হয়। এনে কথা কোৱা আছে বোলে ১৭১৫ শঁকত যেতিয়া কাপ্তান ওৱেলস্ সাহাব এই দেশলৈ আহে তেতিয়াৰ পৰা কানিৰ ক্ষেতি ইয়াত হ’ব ধৰিলে। ইয়াৰ প্ৰথম ক্ষেতি বেলতলাত হয়। সি সময়ত জহনী আৰু গ্ৰহণীত অনেক লোকৰ প্ৰাণ নষ্ট পালে। ব্ৰিটিশ সৈন্যৰ কাৰো কাৰো লগত আফিং থকাত তাৰ দ্বাৰা অনেক লোক আৰোগ্য পালে। তাতে সেই কানি বড় উপকাৰী বুলি সি সৈন্যৰ কাৰো পৰা গুটি লই প্ৰথমে তাৰ ক্ষেতি কৰা হয়। তেতিয়াৰে পৰা কানিৰ ব্যৱহাৰ হবলৈ ধৰিলে। আদিতে ঔষধ বা দৰব বুলি ডাঙ্গৰ লোকে খাইছিল পিছে ক্ৰমে দেশৰ এটা ভোগৰ বস্তু বুলি সকলোৱে ব্যৱহাৰ কৰিবলৈ ধৰিলে। বেলতলাৰ কানি বড় উত্তম বুলি প্ৰসিদ্ধ আছিল। আৰু সেই কানিহে ৰজা ঘৰলৈ গইছিল। কানি এবিধ মাদক বস্তু। সি প্ৰথমে ৰোগ নাশক দৰব সোমাই এতিয়া আপুনিয়েই ৰোগৰ মূল হই দেশক অধিকাৰ কৰিছে। ব্ৰিটিশ সৈন্য আহিবৰ পূৰ্ব্বে বেপাৰ কৰা মানুহৰ পৰা বঙ্গাল দেশৰ কানি দেশত প্ৰকৃত ৰূপে দৰবৰ দৰে ব্যৱহাৰ হইছিল। ক্ষেতি নাছিল। সি সময়ৰ পৰাহে ইয়াৰ ক্ষেতি হবলৈ ধৰিলে।

  1. সেই ঠাৰবিলাক সিসকলৰ ধৰ্ম্মতেই আছিল।
  2. দেশত আকৌ তেতিয়া এনে হ’ল যে মোঁৱামৰীয়া মহন্তৰ শিষ্য বুলিলেই বধৰ পাত্ৰ হ’ল। নগাঁওত মোঁৱামাৰী কুড় নামে কলঙ্গ নদীৰ এক কুড় আছে। তাতে বুঢ়া গোঁহাই ডাঙ্গৰীয়াৰ আজ্ঞানুসাৰে ৰহীয়াল বড়ুয়াই বহু মোঁৱামৰীয়া কাটি বা আন প্ৰকাৰে প্ৰাণে মাৰি পেলাই দিলে। সেই কাৰণে সেই কুড়ৰ নাম “মোঁৱামাৰী কুড়” হ’ল।