সমললৈ যাওক

আসাম বুৰঞ্জী/ত্ৰয়োদশ অধ্যায়

ৱিকিউৎসৰ পৰা

তৃতীয় ভাগ

ত্ৰয়োদশ অধ্যায়

 ইউৰোপৰ লোকসকলৰ বহু কালৰ পৰা জলপথেৰে ভাৰতবৰ্ষলৈ আহি বেপাৰ কৰিবৰ বড় ইচ্ছা আছিল। ভাৰতবৰ্ষৰ পথ আবিষ্কাৰ কৰিবৰ উদ্দেশতে পৰ্ত্তুগল দেশৰ প্ৰসিদ্ধ নাবিক কলম্বসে আমেৰিকা প্ৰকাশ কৰিলে। পাছে ১৪৯৮ সনত সেই দেশৰে ভাস্কো ডি. গামাই উত্তমাশা অন্তৰীপ ঘূৰি ভাৰতবৰ্ষৰ পথ উলিয়ালে। তেতিয়াৰে পৰা পৰ্ত্তুগাল, ফ্ৰান্স, ডেন্মাৰ্ক, হলেণ্ড, ইংলণ্ড প্ৰভৃতি দেশৰ বণিকসকলে জাহাজেৰে ভাৰতবৰ্ষলৈ আহি নানা ঠাইত কুঠি কৰি বেপাৰ কৰিবলৈ ধৰিলে। ইংৰাজী ১৬০০ সনত ইংলণ্ডৰ মহাৰাণী এলিজাবেথৰ পৰা সেই দেশৰ কেইজনমান বণিকে ভাৰতবৰ্ষত জাহাজেৰে বেপাৰ কৰিবলৈ অনুমতি পালে। সেই বেপাৰীবিলাককে ইষ্ট ইণ্ডিয়া কোম্পানী বোলে। এই কোম্পানীয়ে পৃথিবীত এক অতি অদ্ভুত কীৰ্ত্তি স্থাপিত কৰিলে। এই কোম্পানীয়ে কলিকাতা, মাদ্ৰাজ, বম্বেই, সুৰাট, হুগলি, বালেশ্বৰ, কাশীমবাজাৰ, পাটনা প্ৰভৃতি ভাৰতবৰ্ষৰ নানা ঠাইত বেপাৰৰ কুঠি কৰিলে। আৰু কলিকাতা প্ৰভৃতি কোনো কোনো ঠাইত দুৰ্গ বা কিল্লাও কৰিলে। ইংৰাজবিলাকৰ বুদ্ধি আৰু জ্ঞানৰ নিমিত্তে ইউৰোপৰ আন আন দেশৰ বেপাৰতকৈ, তেওঁবিলাকৰ বড় উন্নতি হ’ল। ক্ৰমে তেওঁবিলাকে কাৰ্য্যৰ অনুৰোধত মুসলমান বাদসাহ আৰু নবাবৰ বিপক্ষতাচৰণ কৰিবলৈ ধৰিলে। পৰিশেষত ইংৰাজী ১৭৫৭ সনৰ ২৩ জুনত বঙ্গদেশৰ নবাব সিৰাজউদ্দৌলাৰে সইতে পলাশীত যুদ্ধ হোৱাত ইংৰাজ জয়ী হ’ল। সি যুদ্ধৰ প্ৰধান সেনাপতি ও কাৰ্য্যকাৰক লৰ্ড ক্লাইৱ নামে সাহাব আছিল। ইয়াৰ পাছত বঙ্গদেশত মুঠে নাম মাত্ৰ নবাব আছিল। ১৭৬৫ সনৰ ১২ আগষ্টত দিল্লীৰ বাদশাহা সাহা আলমে কোম্পানীক বঙ্গ, বেহাৰ আৰু উড়িষ্যা প্ৰদেশৰ দেওয়ানী সনন্দ প্ৰদান কৰিলে। তেতিয়াৰে পৰা কোম্পানী সেই সেই দেশৰ অধিপতিৰূপে বাচ্য হ’ল। সৌভাগ্য সূৰ্য্যৰ উদয় হলে তাৰ অস্ত হঠাৎ নহয়। ইয়াৰ পাছত ক্ৰমে উত্তৰ পশ্চিম প্ৰদেশ অযোধ্যা প্ৰভৃতি দেশত কোম্পানীৰ অধিকাৰ হ’ল। পৰিশেষত ১৭৯৩ সনত লৰ্ড কৰ্ণওৱালিস্ সাহাবে কোম্পানীৰ পক্ষৰ ভাৰতবৰ্ষৰ গবৰ্ণৰ অৰ্থাৎ শাসনকৰ্ত্তা হই দেশ শাসন কৰিবলৈ ধৰিলে। এবং সেই সনতে বঙ্গদেশৰ জমীদাৰসকলে সইতে ভূমি চিৰকালৰ নিমিত্তে বন্দোবস্ত কৰা হ’ল। আৰু সেই সনতে দেশত সুশাসন হবলৈ প্ৰথমে বিধিবদ্ধ হই আইন চলিল। গৌৰীনাথ সিংহ স্বৰ্গদেৱ মোঁৱামৰীয়াৰ পৰা উপদ্ৰুত হই কোম্পানীৰ সাহায্য প্ৰাৰ্থনা কৰাত ১৭৯২ সনৰ শেষত লৰ্ড কৰ্ণওৱালিস্ সাহাবে কাপ্তান ওৱেল্‌স্‌ক কিছুমান সেনাৰে ৰজাৰ সাহায্যৰ অৰ্থে পঠায়। কাপ্তান সাহাবে মোঁৱামৰীয়াৰ উপদ্ৰৱ নিবাৰণ কৰে আৰু ই দেশৰ প্ৰজাসমূহৰ উপকাৰৰ নিমিত্তে যথেষ্টৰূপে গবৰ্ণমেণ্টে ইয়াৰ কাৰ্য্য পৰিচালনাৰ প্ৰতি দৃষ্টি ৰাখিবলৈ অনুৰোধ কৰে। কিন্তু ১৭৯৪ সনত সৰ্‌জন্ শোৰ সাহাব গবৰ্ণৰ হোৱাত কাপ্তান সাহাব সসৈন্যে কলিকাতালৈ গ’ল। আৰু এই দেশৰ অবস্থা ক্ৰমে অতি অশুভ হ’ল। সি সময়তে যদি ই দেশ ইংৰাজ দ্বাৰা অধিকৃত হ’ল হয় তেনেহলে ইয়াৰ অবস্থা এতিয়াতকৈ শতগুণে ভাল হলহেঁতেন তাত কোন সংশয় নাই। পুৰন্দৰসিংহ স্বৰ্গদেৱ দ্বিতীয়বাৰ মান অহাত যোৰহাটৰ পৰা ভাগি কলিকাতালৈ গ’ল। তেওঁ এইৰূপে এক আবেদন পত্ৰ ১৮১৯ সনত সেপ্টেম্বৰ মাহত দিয়ে যে কোম্পানীয়ে দেশখন মানক খেদাই তেওঁক দিয়ক, তেওঁ সৈন্যৰ ব্যয় দিব আৰু কৰদ ৰজা হ’ব। কিন্তু এই আবেদনৰ প্ৰতি দৃকপাত কৰা নহল। সি সময়ত কোঁচবিহাৰ প্ৰদেশত মেং ইস্কাট সাহাব আছিল। মানৰ হুলস্থূলৰ সময়ত এইজনা সাহাবে পাৰিছিল মানে আমাৰ দেশৰ অবস্থা গবৰ্ণমেণ্টত জনাই আছিল। ১৮২১ সনত যেতিয়া পুৰন্দৰসিংহ আৰু চন্দ্ৰকান্তসিংহ দুয়ো দেশ উদ্ধাৰিবলৈ উদ্যোগ কৰিছিল তেতিয়া মানৰ মিঙ্গীমাহা তিলুৱা সেনাপতিয়ে গবৰ্ণমেণ্টলৈ চন্দ্ৰকান্তসিংহ প্ৰভৃতিক কোনো সাহায্য নিদিবলৈ পত্ৰ লেখে। ইস্কাট সাহাবে সদাই গবৰ্ণমেণ্টত প্ৰকৃত অবস্থা জনাই থকাত গবৰ্ণমেণ্টে মানৰ সেনাপতিৰ পত্ৰৰ প্ৰতি বিশেষ মানোযোগ নকৰিলে। বিশেষতঃ সেই পত্ৰৰ মৰ্ম্ম ৰক্ষা কৰা ৰাজনীতিৰো বিপৰীত।

 গাৰো প্ৰভৃতি পৰ্ব্বতীয়া জাতিক সভ্য কৰিবলৈ আৰু সিহঁতৰ দেশে সইতে কোম্পানীৰ অধিকাৰৰ সীমা নিৰ্দ্ধাৰণ কৰিবৰ নিমিত্তে ১৮২২ সালত এটি আইন গবৰ্ণমেণ্ট কৰ্ত্তৃক সংস্থাপিত হয়। সি আইন ১৮২২ সনৰ ১০ আইন নামে প্ৰসিদ্ধ। ই আইনৰ কাৰ্য্য কৰিবলৈ কোঁচবিহাৰৰ কমিশ্যনৰ ইস্কাট সাহাব গবৰ্ণৰ জেনেৰেলৰ উত্তৰ প্ৰদেশৰ এজেন্ট নিযুক্ত হয়। পূৰ্ব্বে গুৱালপাড়া ভাটী ৰঙ্গপুৰ জিলাৰ এক অংশ মাত্ৰ আছিল কিন্তু সি সনৰ পৰা ই এক স্বতন্ত্ৰ জিলা হ’ল। অসম দেশত মানে অধিকাৰ কৰি থকাৰ হেতুকে গুৱালপাড়াত এক দল সৈন্যও থলে। আৰু তাৰ অধিপতি লেপ্টেনেণ্ট ডেবিসন্ সাহাব আছিল। এইজনা আৰু মেং ইস্কাট সাহাবে আমাৰ দেশৰ ভগনীয়া লোক সকলক বড় স্নেহ কৰিছিল। এই হেতুকে যেতিয়া ম’হগড়ৰ যুদ্ধৰ পাছত চন্দ্ৰকান্ত স্বৰ্গদেৱ ভটীয়াই গুৱালপাড়ালৈ আহিল, তেতিয়া মানৰ সেনাপতিবিলাকে সেই লেপ্টেনেণ্ট সাহাবলৈ ভয় প্ৰদৰ্শকৰূপে এখান পত্ৰ লেখে। এই চিঠিত এনে লেখে যে সিহঁতৰ ৪০ জনা ৰজাৰ অধীন ১৮০০০ যোদ্ধাৰু সেনা; সিহঁতৰ সকলো প্ৰকাৰ ইচ্ছা যে কোম্পানীয়ে সইতে মিত্ৰতা ৰাখে আৰু কোম্পানীৰ ৰাজ্যৰ সীমালৈ নাযায় কিন্তু যদি চন্দ্ৰকান্ত ৰজাক আশ্ৰয় দিয়া হয় তেনেহলে তেওঁ কোম্পানীৰ ৰাজ্যৰ য’তে থাকে ত’ৰে পৰা বলেৰে ধৰি আনিবলৈ ৰজাৰ আজ্ঞা পাইছে। এই চিঠি লেপ্টেনেন্ট সাহাবে ইস্কাট সাহাবলৈ পঠালে। সেই সাহাবে গবৰ্ণৰ জেনেৰেল সাহাবলৈ মানৰ পৰা যে উপদ্ৰৱ পাবৰ আশঙ্কা, তাক জনোৱাত গবৰ্ণমেণ্টৰ পৰা ঢাকাৰ সৈন্যাধ্যক্ষলৈ এনে আজ্ঞা হ’ল যে ইস্কাট সাহাবে যি সেনা খোজে তাক দিয়া হব আৰু যদি সেই চিঠিত লেখাৰ দৰে মানে কোম্পানীৰ সীমা বলেৰে প্ৰবেশ কৰে তেনেহলে সিহঁতকো বলেৰে খেদাই দিয়া হ’ব। এই আজ্ঞা অনুসাৰে সেনা পঠিওৱা হ’লত মানে ইয়াৰে বাৰ্ত্তা পাই এই ফালে কোম্পানীৰ সীমাত নোজোকালে। তেতিয়া গুৱালপাড়া আৰু যোগীঘোপালৈ হাদীৰা চকিৰ পৰা মানে হাট বজাৰ কৰিবলৈ গইছিল হয় কিন্তু একো উপদ্ৰৱ নকৰিলে।

 ইংৰাজী ১৮১৭ সনৰ পৰা কাছাৰৰ প্ৰাচীন ৰজা গোবিন্দচন্দ্ৰ নাৰায়ণৰ পৰা গবৰ্ণমেন্টে এনে আবেদন পাইছিল যে তেওঁ মণিপুৰৰ ফালৰ পৰা আক্ৰমণৰ আশঙ্কা কৰে। তাতে গবৰ্ণমেণ্ট সহায় কৰে। ১৮২০ সনত গোবিন্দচন্দ্ৰক মণিপুৰৰ পৰা অহা চৰজীত সিংহ, মনজীত সিংহ আৰু গম্ভীৰ সিংহ নামে তিনি ভায়েক আকৌ মানৰ দ্বাৰা সিহঁতৰ নিজ দেশৰ পৰা খেদা পাই আহি কাছাৰতে আছিল। গোবিন্দচন্দ্ৰ ৰাজ্যচ্যুত হোৱাৰ পাছত সি তিনি ভ্ৰাতৃৰ মাঝতে ৰাজসিংহাসনৰ নিমিত্তে বিৰোধ হোৱাত দেশত মহা উপপ্লব আৰু হুলস্থুল হ’ল। তাতে সেই ফালে কোম্পানীৰ সীমাৰ ওচৰত আমাৰ এই ফালৰ দৰে বড় উপদ্ৰৱ হ’ল। ইংৰাজী ১৮২৩ সনত চৰজীত সিংহে এইৰূপ এক আবেদন গবৰ্ণমেণ্টলৈ কৰিলে যে তেওঁ মানৰ পৰা আক্ৰমণৰ আশঙ্কা কৰে আৰু গবৰ্ণমেণ্টক কাছাৰ ৰাজ্য সমৰ্পণ কৰিব। এই দেশৰ ফালেও মানৰ আক্ৰমণৰ আশঙ্কা হোৱাত গবৰ্ণমেণ্টে সি প্ৰস্তাবৰ প্ৰতি বড়কৈ মন দিলে। কাছাৰ কেতিয়াও ব্ৰহ্মা দেশৰ অধীন নাছিল। মনজীত সিংহ ব্ৰহ্মা ৰজাৰ সাহায্যত মণিপুৰ দেশ যেতিয়া লইছিল আৰু ব্ৰহ্মাৰ অধীনতা স্বীকাৰ কৰিছিল, তেতিয়া এবাৰ মানে কাছাৰ আক্ৰমিছিল, কিন্তু সিহঁত শীঘ্ৰে কাছাৰৰ পৰা খেদা খালে। আৰু কেতিয়াবা যে সি দেশ ব্ৰহ্মাৰ অধীন হইছিল, তাৰ চিন মাত্ৰও নাছিল। কাছাৰৰ ফালৰ মান শীঘ্ৰে কোম্পানীৰ দেশলৈ আহিব পাৰে। ইফালে মানে আহি অসম দেশ আক্ৰমণ কৰিছে এবং কাছাৰকো আক্ৰমণ কৰিবলৈ উদ্যোগ কৰিছে সেই দেখি ৰাজ্যৰ কুশলৰ অৰ্থে কাছাৰ প্ৰদেশ গবৰ্ণমেন্টে লবৰ সংকল্প কৰি কোম্পানীৰ আশ্ৰয় লই থকা ৰাজ্যচ্যুত হোৱা ৰজাক সি দেশত পাতিবলৈ ইচ্ছা কৰিছিল, এনেতে এই সংবাদ পোৱা গল যে মানে কাছাৰ আক্ৰমিবলৈ সৈন্য সংগ্ৰহ কৰিছে। উত্তৰ পূৰ্ব্ব ফালৰ গবৰ্ণৰ জেনেৰেলৰ এজেণ্ট মেং ইস্কাট সাহাবে অসম দেশত থকা মানৰ সেনাপতি লই কাছাৰে সইতে কোম্পানীৰ যি সম্পৰ্ক তাক জনাই সেই দেশ আক্ৰমণ নকৰিবলৈ পত্ৰ লিখিলে। কিন্তু তাৰ বিশেষ ফল নহ’ল। অথচ এনেহে পালে যে ব্ৰহ্মাৰ অধীন মণিপুৰ আৰু অসম দেশৰ পৰা কাছাৰ আক্ৰমিবলৈ উদ্যোগ কৰিছে। অসম দেশ ও কাছাৰৰ মাঝতে জয়ন্তীয়া বা জয়ন্তা নামে এখান সৰু দেশ আছে, সি দেশৰ ৰজাই কোম্পানীৰ আশ্ৰয় গ্ৰহণ কৰি আছিল। মানৰ সেনাপতিয়ে জয়ন্তাৰ ৰজালৈকো ব্ৰহ্মা ৰজাৰ অধীন হ’বলৈ চিঠি লেখিছিল আৰু তেনে নকৰিলে দেশ আক্ৰমিবৰ ভয় দেখুৱাইছিল। জয়ন্তাৰ ৰজাই সেইৰূপ কাৰ্য্য নকৰাত তেওঁৰ দেশত মানে আক্ৰমণ কৰিবলৈ ধৰিছিল কিন্তু কোম্পানীৰ কাছাৰত থকা সৈন্যৰ নিমিত্তে নোৱাৰিলে। অসম দেশত ক্ৰমে যেতেকে মানৰ আধিপত্য অধিক হই আহিল তেতেকে সিহঁতৰ সাহস বৃদ্ধি হব ধৰিলে। পাছে মণিপুৰ আৰু অসম দুয়ো ফালৰ পৰা মানৰ সেনা জয়ন্তা ও কাছাৰৰ সেনাই সইতে কোম্পানীৰ সেনাৰ বিক্ৰমপুৰ দুৱাৰৰ মুখতে শ্ৰীহট্ট সীমাতে সন্মুখাসন্মুখী হ’ল। কোম্পানী অধিকাৰৰ চট্টগ্ৰামৰ ওচৰত আৰাকান নামে যি প্ৰদেশ আছিল, তাকো মানে ললে। ইয়াতে সিহঁতে বড় গৰ্ব্বিত হই ১৮২৩ সনত চট্টগ্ৰামৰ সমীপবৰ্ত্তী সাহপুৰী নামে এটি ক্ষুদ্ৰ দ্বীপ অধিকাৰ কৰিলে। কিন্তু সেই দ্বীপটি ইংৰাজৰ অধীন আছিল। গৱৰ্ণৰ জেনেৰেল লৰ্ড আমহাৰষ্ট সাহাবে দেখিলে যে ব্ৰহ্মা দেশে সইতে বঙ্গ প্ৰদেশৰ সীমা সংলগ্ন হ’ল। বিশেষ সাহপুৰী দ্বীপো আক্ৰমণ কৰিলে এনে স্থলত যুদ্ধ নকৰিলে ব্ৰিটিশ পতাকাৰ সম্ভ্ৰম নাথাকে। ক্ৰমে সিহঁতে দুঃসাহসত নিৰ্ভৰ কৰি সীমান্তঃপাতী প্ৰজাৰ অত্যাচাৰ কৰিব। এই নিমিত্তে ব্ৰহ্মা দেশে সইতে ১৮২৪ সনৰ ফেব্ৰুয়াৰিত যুদ্ধ কৰাই মত হ’ল। গবৰ্ণমেণ্টৰ আজ্ঞাৰে ঢাকাৰ পৰা ইতিমধ্যতে সেনাপতি ব্ৰিগাডিয়েৰ মেকমৰিন্ সাহাব কিছুমান সৈন্যে সইতে গুৱালপাড়াত মানৰ অক্ৰমণ নিষেধিবলৈ আহি আছিল। ওপৰত কোৱা মানৰ আক্ৰমণৰ বাৰ্ত্তা পাই গুৱালপাড়াৰ সেনাপতিলৈ গবৰ্ণমেন্টে এই আজ্ঞা দিলে যে কোম্পানীৰ সৈন্য আসাম দেশ প্ৰবেশ কৰি উজাই গই মানক সিহঁতৰ প্ৰধান ঠাইৰ পৰা খেদাই দিব। আৰু ব্ৰিটিশ ৰাজ্যৰ সম্ভ্ৰম লাভ আৰু খ্যাতি যিহতে হানি নহয় সেই কাৰণে যি প্ৰয়োজন তাক কৰিব এবং লাগিলে যুদ্ধও কৰিব। এই আজ্ঞাৰ লগে লগে ব্ৰহ্মাৰ দেশে সইতে যুদ্ধৰো আজ্ঞা ১৮২৪ সনৰ ৫ মাৰ্চ্চত প্ৰচাৰিত হ’ল। গবৰ্ণৰ জেনেৰেল উত্তৰ পূৰ্ব্ব প্ৰদেশৰ এজেন্ট মেং ইস্কাট সাহাবৰ ওপৰত এই ফালৰ যুদ্ধাদিৰ সকলো ভাৰ সমৰ্পিত হ’ল। আসাম আৰু জয়ন্তা দুইও ফালৰ পৰা মানক খেদোৱা যুক্তিযুক্ত বিবেচনা হ’ল। ইস্কাট সাহাবে স্থলপথে কিছুমান সৈন্য লই শ্ৰীহট্ট আৰু জয়ন্তা হই অসম দেশ প্ৰবেশৰ স্থিৰ কৰিলে। ব্ৰিগ্ৰাডিয়েৰ মেকমৰিন্ সাহাব জলপথে ব্ৰহ্মপুত্ৰেৰে উজাই সসৈন্যে দেশ সোমাল। মানে গুৱাহাটীত ভালকৈ কাঠ বাঁহেৰে গড় কৰিছিল। কোম্পানীৰ সেনা অহা বাৰ্ত্তা পাইয়েই মান উজাই গ’ল। কিন্তু হিংসাৰ বশবৰ্ত্তী হই অনেক লোকৰ কাকো কাটি কাকো অঙ্গক্ষত কৰি গ’ল। সি সনৰ ২৮ মাৰ্চত ব্ৰিগাডিয়েৰ সাহাব গুৱাহাটী পালে। তাৰপৰা মান পলাই যোৱা বাৰ্ত্তা পাই আৰু উজাই যাবলৈ মন নকৰিলে। কিন্তু সন্মুখত বৰ্ষাকাল, দেশৰ দুৰবস্থা, খাদ্য সামগ্ৰীৰ কিজানি নাটনি হয়, এই ভাবি ব্ৰিগাডিয়েৰ সাহাব কিছুমান দিন তাতে থাকি ইস্কাট সাহাবলৈ প্ৰতীক্ষা কৰিলে। ইস্কাট সাহাব শ্ৰীহট্ট আৰু জয়ন্তাৰে ১৫ এপ্ৰিলত সসৈন্যে নগাঁও পালে। কিন্তু মূল সৈন্য দলে সইতে সকলো পৰামৰ্শ স্থিৰ কৰিবলৈ কাপ্তান হৰ্শবৰাক নগাঁওত থই গুৱাহাটীলৈ গ’ল। ইস্কাট সাহাব আহিবৰ বাৰ্ত্তা পায়েই মান নগাঁও এড়ি মৰামুখলৈ গ’ল। পাছে তেওঁ ভটীয়াই যোৱা আৰু কাপ্তান হৰ্শবৰাৰ লগত অলপ সৈন্য থক৷ শুনি মান কলিয়াবৰলৈ আহিল। ইফালে কৰ্ণেল ৰিচাৰ্ডস্ সাহাব ২৩ সংখ্যক দেশীয় পল্টনৰ পাঁচ কোম্পানী সিপাহী ও কিছুমান যুদ্ধৰ নৌকা লই নগাঁওলৈ আহিল। এবং কাপ্তান হৰ্শবৰাই সইতে কলিয়াবৰলৈ গ’ল। মান উজাই ৰাঙ্গলীগড়লৈ গ’ল। ইয়াৰ মাঝত মানে সইতে এদিনো ৰণ হোৱা নাছিল। পিছে এক কোম্পানী পদাতিক আৰু কিছুমান অশ্বাৰোহী সেনা লই লেপ্টেনেণ্ট ৰিচাৰ্ডসন্, সাহাব আগুৱাই যোৱাত হাটবৰলৈ অহা মানে সইতে সাক্ষাৎ হোৱাত অলপ যুদ্ধ হয়। তাতে মান ভাগি পলায় কিন্তু অশ্বাৰোহী সেনাই ধৰি সিহঁতৰ সকলোবিলাককে কাটে। ইয়াতকৈ আগবঢ়াৰ নিমিত্তে কৰ্ণেল সাহাবৰ ইচ্ছা নাছিল। কোম্পানীৰ সেনাৰ মূল ভাগ কলিয়াবৰত থাকিল। কিছুমান হৰ্শবৰা কাপ্তানৰ অধীনে হাটবড়ত আছিল। এদিন বাঙ্গলী গড়ৰ পৰা কেতবিলাক মান আহি কাপ্তান সাহাবক সসৈন্যে আক্ৰমণ কৰিছিল। কিন্তু মানে কৃতকাৰ্য্য হব নোৱাৰিলে। কিয়নো অশ্বাৰোহী সেনাই প্ৰায় সমুদায় মানকে কাটিলে। কেতবিলাক মান কলঙ্গ পাৰ হওঁতে পানীত পড়ি মৰিল। এইবাৰ পৰাস্ত হোৱাৰ পৰা মান উজাই ম’ৰা মুখলৈ গ’ল। তাত সিহঁতৰ বিস্তৰ সেনা নাছিল। বাৰম্বাৰ মানৰ এইৰূপ দুৰ্গতি দেখি আৰু সন্মুখ ৰণত সিহঁতৰ সাহ নেদেখি আমাৰ দেশীয় মানুহেও সিহঁতক পীড়া কৰিবলৈ ধৰিলে। কোম্পানীৰ সেনাৰ প্ৰতি আমাৰ মানুহৰ বড় বিশ্বাস হ’ল। আৰু খোৱা বস্তু ইত্যাদি যিমান পাৰিলে তিমান সাহায্য কৰিলে। কাপ্তান্ ওৱেল্‌স্‌ সাহাবে উত্তৰ পাৰে গই মানৰ কোঠ ভাঙ্গি দিয়াত মান উজাই উজনিলৈ গ’ল। সিপাৰে মানৰ বড় আধিপত্য নাছিল। মে মাহত ব্ৰিগাডিয়েৰ্ মেকমৰিন্ সাহাব মৃত্যু হলত কৰ্ণেল ৰিচাৰ্ডস্ সাহাব সেনাপতি হয়। সন্মুখত বৰ্ষাকাল। খাদ্য সামগ্ৰীৰ দুৰ্লভ হোৱাত কৰ্ণেল সাহাব ভটীয়াই গুৱাহাটীলৈ গ’ল। ইস্কাট সাহাব গুৱাহাটীলৈ গই অসমীয়া ভাগি যোৱা লোকসকলক দেশলৈ ঘুৰি আহিবলৈ অনুৰোধ কৰিলে। অনেক লোকে কোম্পানীৰ সেনা কৰ্ত্তৃক মানৰ পৰাস্ত হোৱা বাৰ্ত্তা পাই উজাই আহিল। অসম দেশত যে কোম্পানীৰ অধিকাৰ হ’ল এই কথা সেই ১৮২৪ সনৰ মে মাহত প্ৰকাশ কৰিলে। ই বৎসৰৰ যুদ্ধ যাত্ৰাৰ ফল এই হ’ল যে কলিয়াবৰলৈকে মানৰ আধিপত্য গুছি কোম্পানীৰ অধিকাৰ হ’ল।

 মানে ম’ৰামুখৰ পৰা ভটীয়াই আহি কলিয়াবৰ, নগাঁও, ৰহা প্ৰভৃতি ঠাই আকৌ ললেহি। আৰু কেতবিলাক মান জয়ন্তালৈ গই সি দেশত ৰাজ্য আক্ৰমণৰ উদ্যোগ কৰিলে। সিহঁতে এই কথা নিশ্চয় জানিছিল যে ই দেশৰ পৰা সিহঁতে যাব লাগিব, সেই দেখি গ্ৰাম নগৰ ইত্যাদি লুৰি কেবল ধন লবলৈহে যত্ন কৰিছিল। সিহঁতে কৰ বুলিও অনেক ধন ললে। কৰ্ণেল ৰিচাৰ্ডস্ সাহাবে এই কথা শুনি এই দৌৰাত্ম্য নিবাৰিবলৈ কিছুমান সৈন্য পঠাই দি আপুনি ব্ৰহ্মপুত্ৰেৰে উজাই গ’ল। এওঁৰ লগত সকলোৱে সইতে সুশিক্ষিত তিনি হেজাৰমান সেনা মাত্ৰ আছিল। কোম্পানীৰ ফৌজ অহা বাৰ্ত্তা পাই আমাৰ মানুহে মানক আক্ৰমিব ধৰিলে। সিহঁতে ই ঠাই এড়ি উজনিলৈ যোৱাটোকে ঠাৱৰাই যাবৰ সময়ত নগাঁওৰ কাখৰি গাঁওত অনেক অস্ত্ৰধাৰী আৰু আন মানুহ ঘৰৰ ভিতৰত হাত ভৰি বান্ধি সুমাই জুই লগাই পুৰি মাৰিলে। সকলো ঠাইৰ পৰা মান গই যোৰহাটতে জুম বান্ধিলে গই। সিহঁত অত্যাচাৰী, অশিক্ষিত ও অদূৰদৰ্শী মানুহ। শাৰীৰিক বলেৰে যি পাৰে তাকেই মাত্ৰ কৰে। ইমান দিন তাতে অন্যায় কাৰ্য্য কৰি প্ৰবৰ্ত্তি আছিল। বিশেষ বিনাশৰ কালত লোকৰ বিপৰীত বুদ্ধি হয়। চাৰিও ফালৰ পৰা সিহঁতৰ পৰাজয় হোৱাত ইজনে সিজনক আৰু সিজনে ইজনক দোষ দিবলৈ ধৰিলে। তাতে থাকি সিহঁতৰ মাঝতে পৰস্পৰ বিৰোধ উপস্থিত হ’ল। এই দেশৰ মানৰ সৈন্যাধ্যক্ষ বুঢ়া ৰজাক শ্যাম ফুকনৰ অধীনস্থ কেতবিলাক মানে বধ কৰিলে। কোম্পানীৰ সৈন্য যেতিয়া উজাই যোৱা বাৰ্ত্তা পালে মানে নিৰুৎসাহ হই যোৰহাট এড়ি ৰঙ্গপুৰলৈ গ’ল। এবং যোৰহাটৰ কোঠত জুই লগালে।

 কৰ্ণেল ৰিচাৰ্ডস্ গই ১৮২৫ সনৰ ২৫ জানুৱাৰীত গৌৰী সাগৰত ছাউনী কৰিলে। ২৭ জানুৱাৰীৰ দিনা পুৱা কেতবিলাক মান, কোম্পানীৰ আগবাঢ়ি থকা সৈন্যে সইতে ৰণ কৰে। সেই ৰণত অনেক মান মৰা পড়িল। ২৯ জানুৱাৰীৰ দিনা কৰ্ণেল সাহাবে ৰঙ্গপুৰলৈ কিছুমান সেনা পঠালে। মানে সইতে ৰঙ্গপুৰৰ ওচৰতে যুদ্ধ হোৱাত মানে একেবাৰে পৰাস্ত হ’ল আৰু সিহঁতৰ দল ছিন্ন ভিন্ন হ’ল। ৰঙ্গপুৰৰ কোঠতো সেনাপতিসকলৰ দুই ভিন্ন ভিন্ন মত হ’ল শ্যাম ফুকন ও বগলী বা নিবাৰু ফুকনৰ সন্ধি কৰিব মত হ’ল, কিন্তু আনবিলাকৰ মত হ’ল যে ৰণ কৰে। প্ৰধান প্ৰধান ফুকন দুজনাৰ মত ব’লী হ'ল। তেওঁবিলাকে সন্ধি কৰিবৰ মনস্থেৰে কৰ্ণেল সাহাবলৈ কটকী পঠালে। কৰ্ণেল সাহাবে ভাবিলে যে এই সুযোগ আশ্ৰয় কৰা অতীত কৰ্ত্তব্য কিয়নো সি বছৰতে মানক দেশৰ পৰা খেদাব নোৱাৰিলে কিজানি দেশৰ অবস্থাক লই মূল অভিপ্ৰায় সিদ্ধি নহয়। বিশেষ খাদ্য সামগ্ৰীৰো নাটনি হ’ব পাৰে। এই ভাবি এনে স্থিৰ কৰিলে যে মানে আৰু দেশত একো উপদ্ৰব নকৰে। যিবিলাকে ব্ৰহ্মা দেশলৈ যাব খোজে সিবিলাক যাব পাৰিব। এবং যিবিলাকে থাকিব খোজে সিবিলাকে নিৰুপদ্ৰবে ইয়াতে থাকিব পাৰিব আৰু সেইসকলৰ বিষয়ে গবৰ্ণৰ জেনেৰেলৰ এজেণ্টৰ শেষ আজ্ঞা প্ৰচাৰ কৰিব। পিছে পিছে ফেব্ৰুয়াৰীত শ্যাম ফুকন আৰু বগলী ফুকনৰ পৰা সেই নিয়মেৰে একবাৰ লোৱা হয়। আৰু তেওঁবিলাকে ৭০০ মানে সইতে কৰ্ণেল সাহাবৰ হাতত আপুনি সমৰ্পিত হয়। প্ৰায় দুহেজাৰ মানৰ সেনা ও নহেজাৰ স্ত্ৰীপুৰুষ ব্ৰহ্মদেশলৈ উলটি যায়। তাৰে কেতবিলাক আকৌ যাব নোৱাৰি এই দেশৰে পৰ্ব্বতৰ দাঁতি ফালে থাকিল। এনে প্ৰবাদ আছে বোলে মানে ই দেশৰ পৰা ত্ৰিশ হাজাৰ মানুহ লই যাব ধৰিছিল। কিন্তু কোম্পানীৰ ফৌজ আগবঢ়াত সেইটো কৰিব নোৱাৰিলে, তথাপি মুনিহে তিৰোতাই চাৰি পাঁচ হাজাৰমান মানুহ লই গ’ল। এই দেশ এড়ি একেবাৰে মান নগ’ল। চিংফৌহঁতেও আমাৰ দুৰবস্থা দেখি পীড়িবলৈ ধৰিলে। সিহঁতে সইতে মিলি, মানে অসম দেশ আকৌ আক্ৰমণৰ যত্ন কৰিলে। কিন্তু সিহঁতৰ সি উদ্যোগ একেবাৰে নিষ্ফল হ’ল। কিয়নো কোম্পানীৰ ফৌজে সময়ে সময়ে দাঁতিৰ ফালে গই সিহঁতৰ উদ্যোগ ভঙ্গ কৰিছিল। পৰিশেষত সিহঁতে ই দেশ যে কেতিয়াবা লব পাৰিব এই আশা পৰিত্যাগ কৰি একেবাৰে ব্ৰহ্মাদেশলৈ গ’ল। ইস্কাট সাহাবে এই দেশৰ পৰা ভাগি যোৱা মানুহবিলাকক পাৰিলে মানে ইয়ালৈ অনাই পূৰ্ব্বৰ দৰে কৰ্ম্ম কৰিবলৈ দিলে। উজনিৰে পৰা কৰ্ণেল সাহাবৰ জয় বাৰ্ত্তা পাই ইস্কাট সাহাব উজাই গ’ল। শ্যাম আৰু বগলী ফুকন আৰু যোগেশ্বৰ ও চন্দ্ৰকান্ত ৰজাক উজনিত থকা অযুক্তি জানি কেইওজনাক ভটীয়াই পঠালে। যোগেশ্বৰ ৰজা যোগীঘোপালৈ গই ১৭৪৭ শকত মৃত্যু হয়। কিছুদিনৰ মূৰত কোম্পানীৰ পৰা ই কেইজনাক বৃত্তি দি দেশতে ৰাখিলে।

 অত্যাচাৰী মানৰ হাতৰ পৰা দেশ লোৱাৰ পাছত দেশৰ কাম কাজ সকলো পূৰ্ব্বৰ দৰেই দেশীয় লোকৰ দ্বাৰাই হইছিল। পাছে ১৮২৬ সনৰ ২৪ ফেব্ৰুয়াৰীত ব্ৰহ্মাদেশে সইতে ইয়াণ্ডাবুত কোম্পানীৰ সন্ধি হয়। সেই অনুসাৰে আৰাকান, মটীবান, টেনাসৰীম, আৰু অসম এই কেইখান দেশ ব্ৰহ্মাৰজাই কোম্পানীক স্বত্ব ত্যাগ কৰি দিয়ে। সি সন্ধি পত্ৰ অনুসাৰেই ব্ৰিটিশ গবৰ্ণমেন্টে এই দেশ অধিকাৰ কৰিছে। কিয়নো যেতিয়া এই দেশলৈ কোম্পানীৰ সেনা আহে তেতিয়া দেশৰ অধিকাৰী মানেই আছিল।

 ইস্কাট সাহাব যে অকল এই দেশৰ পক্ষে গবৰ্ণৰ জেনেৰেলৰ এজেণ্ট আৰু কমিশ্যনৰ আছিল এনে নহয়, তেওঁৰ অধীনত মণিপুৰ ও কাছাৰ আছিল। তেওঁ কোঁচবেহাৰৰ আৰু ৰঙ্গপুৰৰ উত্তৰ পূৰ্ব্ব প্ৰদেশৰ কমিশ্যনৰ এবং শ্ৰীহট্টৰ জজ আছিল। এই নিমিত্তে তেওঁৰ পক্ষে সকলো কাৰ্য্য সুবিধাৰে কৰা বড় কষ্টদায়ক আছিল। দেশীয় পঞ্চায়তৰ দ্বাৰা বিচাৰ কাৰ্য্য হইছিল। ইস্কাট সাহাবে সিসকলৰ ওপৰত দৃষ্টি আৰু উচিত হ’লে সংশোধন কৰিছিল। অপৰাধ কৰিলে পূৰ্ব্বৰ দৰে চক্ষুৰুৎপাটন প্ৰভৃতি গুৰুদণ্ডৰ পৰিবৰ্ত্তে অৰ্থদণ্ড আৰু ফাটকত বন্দী কৰিছিল। গবৰ্ণৰ জেনেৰেলৰ এজেন্টেই প্ৰাণদণ্ড পৰ্য্যন্ত কৰিব পাৰিছিল। পাছে এই দেশৰ কাৰ্য্য ভালকৈ চলাবলৈ এই দেশক উজনি আৰু নামনি বা জুনিয়ৰ আৰু সিনিয়ৰ খণ্ডত বিভাগ কৰা হ’ল। ইয়াৰ সীমা দক্ষিণ পাৰে ধনশিৰী নদী, আৰু উত্তৰ পাৰে ভৰলু নদী হ’ল। উজনি খণ্ডত কৰ্ণেল ৰিচাৰ্ডস্ সাহাব আৰু নামনি খণ্ডত ইস্কাট সাহাব কমিশ্যনৰ হ’ল। কিন্তু ইস্কাট সাহাব সকলোৰে প্ৰধান গৰাকী আছিল। গুৱাহাটী নগৰ সুবিস্তৃত আৰু পূৰ্ব্বে ইয়াত এজনা বড় ফুকন থকাৰ নিমিত্তে নগৰ আছিল। এই কাৰণে সেই নগৰকে অসম দেশৰ ৰাজধানী কৰা হ’ল। কমিশ্যনৰ সাহাব ইয়াতে আবাস কৰিবৰ নিমিত্তে স্থিৰ কৰিলে। উজনি খণ্ডৰ কৰ্ণেল ৰিচাৰ্ডস্ সাহাব ১৮২৫ সনৰ ৩১ অক্টোবৰত ভটীয়াই গ’ল আৰু তেওঁৰ সলনি কৰ্ণেল কুপৰ সাহাব নিযুক্ত হ’ল। কুপৰ সাহাব ভটীয়াই গ’লত কাপ্তান নিউবিল সাহাব উজনি খণ্ডত সেনাপতি আৰু প্ৰধান কাৰ্য্যকাৰক হ’ল। ইস্কাট সাহাবৰ ইমান কৰ্ম্মৰ ভাব আছিল যে তেওঁ অকলে নামনি খণ্ডৰ কাৰ্য্য ভালকৈ চলাবলৈ নোৱাৰিলে। গাড়ো পৰ্ব্বত, খাশীয়া পৰ্ব্বত, ৰঙ্গপুৰ, কোঁচবিহাৰ, শ্ৰীহট্ট প্ৰভৃতি ঠাইত ফুৰি সেই সেই ঠাইৰ কাৰ্য্য কৰি থাকোঁতেই তেওঁৰ সময় গইছিল। বিশেষ এতিয়াৰ দৰে ডাকৰ বা গমনাগমনৰ সুপ্ৰণালী তেতিয়া নাছিল। দেশৰ বিচাৰ কাৰ্য্য দেশীয় পঞ্চায়তৰ হাতত সমৰ্পিত আছিল, এই নিমিত্তে গবৰ্ণমেণ্টলৈ আবেদন কৰাত নামনি খণ্ডত কাপ্তান এডাম হোয়াইট্ সাহাব ইস্কাট সাহাবৰ সাহায্যকাৰী নিযুক্ত হ’ল। প্ৰথমে এই দেশত পূৰ্ব্বৰ দৰে খেল অনুসাৰে পিয়ল কৰা হ’ল। আৰু দেশীয় বিষয়াবিলাকে লিক্‌চৌ পাইক আৰু মাটি পাইছিল। [] ব্ৰহ্মাদেশৰ পৰা কাছাৰ আক্ৰমণ হোৱাৰ পাছত ১৮২৬ সনত কাছাৰৰ ৰজাৰে এক সন্ধি পত্ৰ হয় তাৰ দ্বাৰা তাৰ ৰজা কাছাৰৰ সিংহাসনত বহে কিন্তু সেই ৰজা ১৮৩০ সনত অপুত্ৰক হই মৰণ হোৱাত সেই সন্ধি পত্ৰ অনুসাৰে গবৰ্ণমেণ্টে কাছাৰ ৰাজ্য পায়। এবং তাৰ শাসনৰ ভাৰ ইস্কাট চাহাবৰ ওপৰত সমৰ্পিত হ’ল। ইস্কাট সাহাবে দেশৰ হিতকৰ অনেক উপায় কৰিবলৈ গবৰ্ণমেণ্টলৈ লিখিছিল। বেটী বন্দীৰ সংখ্যা কৰা আৰু কোনে কি ৰূপে তাৰ স্বামী হ’ল তাৰ নিৰাকৰণ কৰা, সমুদায় দেশ পিয়ল কৰি চাহ হোৱা আৰু নোহোৱা মাটিৰ নিৰ্ণয় কৰা আৰু মৌজা ভাগ কৰা, নিষ্কৰ ভূমিৰ অনুসন্ধান আৰু নিৰ্ণয় কৰা এবং উজনি খণ্ড দেশীয় ৰজাক লালবন্দী লই সমৰ্পণ কৰা প্ৰভৃতি অনেক বিষয় প্ৰস্তাব কৰিছিল। কিন্তু সেই সকলোৰে ফল তেওঁ দেখিবলৈ নাপালে।

 গাড়ো পৰ্ব্বতৰে আৰু তাৰ সমীপবৰ্ত্তী জমীদাৰবিলাকৰ পৰগণাৰ সীমা ইস্কাট সাহাবেই কৰে। আৰু গাড়োবিলাকক বৰাই অনেক খেলক গবৰ্ণমেণ্টৰ অধীনলৈ আনিলে। এতিয়া গাড়োহিলস্ জিলাৰ প্ৰধান নগৰ তুৰা পৰ্ব্বতত ইস্কাট সাহাবৰ ঘৰ আৰু ফুলৰ বাড়ী আছিল। এই গাড়োবিলাকক দমন কৰোঁতে কেইবাবাৰো যুদ্ধ যাত্ৰা কৰিবলগীয়া হইছিল। খাশীয়া পৰ্ব্বতলৈকো ইস্কাট সাহাব গই সি পৰ্ব্বতৰ অধিকভাগ অধিকাৰ কৰিলে।[] এবাৰ তেওঁ প্ৰাণ সঙ্কটৰূপে আক্ৰান্ত হইছিল। ভোট, অকা, প্ৰভৃতি আন আন পৰ্ব্বতীয়া জাতিবিলাকেৰেও ইস্কাট সাহাবে মিত্ৰভাব সংস্থাপন কৰিলে। পাছে ১৮৩১ সনৰ আগষ্ট মাহত ইস্কাট সাহাব চিৰাপুঞ্জীত মৃত্যু হ’ল। অতিৰিক্ত পৰিশ্ৰম কৰা আৰু আৰাম কৰিবলৈ সময় নোপোৱাৰ নিমিত্তেই ৰোগাক্ৰান্ত হই সাহাব মৃত্যু হ’ল। এইজনা সাহাব বহুদৰ্শী, দৃঢ়স্বভাব বিশিষ্ট, দয়ালু আৰু প্ৰশস্তমনা আছিল। এওঁৰ মৰণৰ বাৰ্ত্তাত কি দেশীয়, কি পৰ্ব্বতীয় সকলো লোকে বড় শোক কৰিলে। অধিক কি অনেকেই আপোনাৰ পৰিবাৰৰ মৃত্যুত যেনেকৈ, তেনেকৈ কান্দিলে। এই পৰ্যন্ত ইস্কাট সাহাবৰ নাম অতি সম্ভ্ৰমেৰে লোকে কই থাকে তেওঁৰ কবৰ চিৰাপুঞ্জীত এতিয়াও আছে। সেইজনা সাহাবক এতিয়াও লোকে “আমাৰ ইস্কাট সাহাব” বুলি কয়। মানৰ হাতৰ পৰা দেশ উদ্ধাৰ কৰি সুশাসনৰ বাটলৈ অনাৰ হেতুকেই তেওঁৰ ইমান সুখ্যাতিৰ মূল। ইস্কাট সাহাবৰ কৰ্ম্মত মেং টি, সি, ৰবেটসন্ সাহাব কমিশ্যনৰ হই এই দেশলৈ আহে। কাছাৰ আৰু শ্ৰীহট্টৰ যি কৰ্ত্তৃত্ব আমাৰ কমিশ্যনৰৰ গাত আছিল, তাক গুছোৱা হ’ল। আৰু তাৰ দ্বাৰা কমিশ্যনৰৰ আকৌ এই দেশৰ বিষয়ে চিন্তা কৰিবলৈ সময় হ’ল। সাহায্যকাৰী বিচাৰক নাথাকিলে যে কাৰ্য্য সুন্দৰৰূপে নহয় এইটি কথা তেওঁ সুন্দৰকৈ গবৰ্ণমেণ্টত জনোৱাত কেজনমান আশিষ্টাণ্ট নিযুক্ত হ’ল। তাৰ দ্বাৰা দেশৰ সুশাসনৰ উপায় মুকলি হ’ল। উজনি খণ্ড দেশীয় ৰজা পুৰন্দৰ সিংহে সইতে এইৰূপে নিয়ম কৰি দিয়া গ’ল যে তেওঁ ব্ৰিটিশ গবৰ্ণমেণ্টৰ ৫০,০০০ টাকা বাৰ্ষিক কৰ দিব। সদীয়া আৰু মটক প্ৰদেশ সেই পৰ্য্যন্ত ভালকৈ দৃঢ় শাসনৰ তললৈ অহা নাছিল সেই কাৰণে সি প্ৰদেশ ৰজাক দিয়া নহ’ল। বিশ্বনাথত এজনা পলিটিকেল এজেণ্ট থাকিল। তেওঁক দেশৰ শুভাশুভ দৃষ্টি কৰিবলৈ নিয়োজন কৰা হইছিল। যদিচ উজনি খণ্ড এইৰূপে দেশীয় ৰজাক দিলে তথাপি নামনি খণ্ডও সুবিস্তৃত হোৱাৰ নিমিত্তে কাৰ্য্য সুশৃঙ্খলা নহইছিল। নগাঁও আৰু দৰঙ্গতো কামৰূপৰ দৰে পঞ্চায়ত বিচাৰক আছিল আৰু তাৰ ৰাজস্ব তহসীলদাৰৰ দ্বাৰা লোৱা হইছিল। এইসকলৰ নিমিত্তে বিশেষ অসুবিধা হোৱা দেখি কমিশ্যনৰ সাহাবে গবৰ্ণমেণ্টৰ আজ্ঞাৰে ১৮৩২৷৩৩ সনত কামৰূপ দৰঙ্গ আৰু নগাঁও এই তিনি জিলা বিভাগ কৰি একোজনা ইউৰোপীয়া কালেক্‌টৰ আৰু মাজিষ্ট্ৰেট ক্ষমতাৰে প্ৰধান এশিষ্টাণ্ট কমিশ্যনৰ নিযুক্ত কৰিলে। পাছত সিসকলৰ অধীনে দেশীয় আৰু ইউৰোপীয় বিচাৰক নিযুক্ত কৰিলে। দেশৰ কাৰ্য্যৰ পক্ষে কোনো নিয়ম নথকাত কমিশ্যনৰ সাহাবে কেতবিলাক নিয়ম কৰি দিলে। কমিশ্যনৰৰ ইসকল কাৰ্য্যত কলিকাতাৰ গবৰ্ণৰ জেনেৰেল, সুবিখ্যাত আৰু দেশহিতৈষী লৰ্ড উইলিয়ম বেন্টিঙ্ক সাহাবে সদাই অনুমোদন কৰিছিল।

 ৰবেৰ্টসন সাহাব ১৮৩৪ সনৰ আৰম্ভতে বদলি হই যায়। তেওঁৰ কাৰ্য্যত কাপ্তান জেন্‌কিন্স, সাহাব ১৮৩৪ সনৰ ২৩ জানুৱাৰীত কমিশ্যনৰ নিযুক্ত হয়। লৰ্ড বেন্টিঙ্ক সাহাবে জেন্‌কিন্‌স, সাহাবৰ বিচক্ষণতা আৰু যোগ্যতা জানি এওঁক এই নতুন দেশৰ কমিশ্যনৰ পদত নিযুক্ত কৰিলে। তেওঁ ইয়াৰ পূৰ্ব্বে অৰ্থাৎ ১৮৩৪ সনত ই দেশত উৎপন্ন ইত্যাদিৰ বিষয়ে অনুসন্ধান কৰিবলৈ এই অঞ্চললৈ আহিছিল কিন্তু তেওঁ দেশৰ কাৰ্য্য কৰা নাছিল। তেওঁতকৈ অনেক দিন কাৰ্য্য কৰি থকা কেইবাজনো সাহাব দেশত আহিল। গবৰ্ণৰ জেনেৰেলৰ এনে বিশ্বাস আছিল যে এওঁৰ দ্বাৰা দেশৰ যেনে সুশাসন হব তেনে কাৰো দ্বাৰা নহব। জেন্‌কিন্স, সাহাব কমিশ্যনৰ নিযুক্ত হই নামনি খণ্ডৰ জিলাবিলাকক পৰগণা আৰু মৌজা এইৰূপে বিভাগ কৰিলে। ইয়াৰে দেশৰ উন্নতিৰ বড় উপায় হ’ল। এই দেশৰ যিবিলাক লোকে নিষ্কৰ ভূমি ভোগ কৰিছিল, সিসকলৰ স্বত্বৰ বিষয় অনুসন্ধান এইজনাই কৰিবলৈ ধৰিলে।

 ব্ৰিটিশ গবৰ্ণমেণ্ট এই দেশ মানৰ পৰা পাইছে মানহঁতে ই দেশৰ সকলো প্ৰকাৰ লোকৰ পৰা কৰ গ্ৰহণ কৰিছিল। সেইকাৰণে গবৰ্ণমেন্টেও ইয়াৰ নিষ্কৰ বুলি ভোগ কৰা মাটিবিলাক অৰ্দ্ধ কৰত বন্দোবস্ত কৰি দিবৰ স্থিৰ কৰিলে। ইয়াৰ নিৰাকৰণ প্ৰায় ১৮৫০ সনত হে শেষ হয়। যাবতীয় লাখেৰাজ বা নিষ্কৰ স্বত্বৰ সিদ্ধান্ত পত্ৰত এনে লিখা আছে যে সদৰৰ পৰা শেষ আজ্ঞা নহালৈকে অৰ্দ্ধ কৰত ভূমি বন্দোবস্ত কৰা হ’ল। দেশীয় পঞ্চায়তৰ সাহায্য ইয়াত গ্ৰহণ কৰা হইছিল।

 এই দেশ পূৰ্ব্বে একেবাৰে ভাৰতবৰ্ষীয় গবৰ্ণমেণ্টৰ অধীন আছিল। কমিশ্যনৰ সাহাব দেশাধিপতি আৰু অতি উচ্চ বিচাৰক আছিল। ১৮৩৫ সনৰ ২ আইন অনুসাৰে এই দেশ সদৰ বোৰ্ড ৰেৱনিউ আৰু সদৰ আদালতৰ অধীন কৰা হ’ল। লৰ্ড উইলিয়ম্ বেন্টিঙ্ক গবৰ্ণৰ জেনেৰেলৰ দেশীয় বিচাৰক নিয়োজনৰ নিয়ম অনুসাৰে ই দেশতো মুন্‌সেফ সদৰামীন পতা হ’ল। ইংৰাজী ১৮২৬ সনত জয়ন্তাৰ ৰজাই সইতে গবৰ্ণমেণ্ট এক সন্ধি পত্ৰ কৰে, তাৰ পৰা ৰজাই কোম্পানীৰ অধীনে দেশ শাসন কৰে। কিন্তু ১৮৩৫ সনত সি ৰজাক মাসিক ৫০০ টাকা পেন্‌শ্যন্ দিয়া হল আৰু জয়ন্তা প্ৰদেশ গবৰ্ণমেণ্টৰ নিজ অধিকাৰলৈ আনিলে। এইবিলাক ঘটনা দ্বাৰা স্পষ্ট বোধ হয় যে প্ৰায় একে সময়তে ই দেশ আৰু তাৰ সমীপবৰ্ত্তী দেশবিলাকৰ পূৰ্ব্বৰ ৰজা ৰাজ্য ভ্ৰষ্ট হয়। এই সনত গুৱাহাটী ৰাজধানীত এটি ইংৰাজী বিদ্যালয় দেশীয় ও ইউৰোপীয় ভদ্ৰলোকসকল আৰু গবৰ্ণমেণ্টৰ সাহায্যত সংস্থাপিত হয়। দেশৰ স্থানে স্থানে পাঠশালাও পতা হয়। ১৮৩৬ সনলৈকে দেশীয় আদালতবিলাকত দেশীয় ভাষাৰে কাৰ্য্য কৰ্ম্ম হইছিল কিন্তু পাছে ই দেশৰ ভাষা যে বাঙ্গালা ভাষা এনেটো ঠাৱৰ হোৱাত পাঠশালা আৰু বিচাৰালয়ত বাঙ্গালা ভাষা চলিবৰ নিয়ম হ’ল। এই দেশৰ বিচাৰ প্ৰণালীৰ নিমিত্তে কোনো আইন বা নিয়ম নথকাত ৰবৰ্টসন্ কমিশ্যনৰ সাহাবৰ দ্বাৰা অনুমোদিত এক নিয়মাবলী সদৰ আদালতৰ দ্বাৰা নিৰ্দ্ধাৰিত হোৱাত সেই নিয়মাবলী ১৮৩৭ সনত প্ৰচাৰিত হ’ল। ইয়াক “আসাম কায়দাবন্দী” বোলে। সেই অনুসাৰে প্ৰায় ১৮৬০ সনলৈকে ই দেশৰ বিচাৰ হইছিল। ১৮৩৮ সনত দেখা গ’ল যে পুৰন্দৰ সিংহ ৰজাই নিৰ্দ্ধাৰিত লালবন্দী দিবলৈ অক্ষম পাছে তেওঁৰ কাৰ্য্য প্ৰণালী আৰু দেশৰ অবস্থা অনুসন্ধান কৰাত ইয়াকেহে নিশ্চয়ৰূপে জনা গ’ল যে ৰজাদেৱে ৰাজ্য প্ৰতিপালন কৰিবৰ অসমৰ্থ। তেওঁৰ অধীনৰ কৰ্ম্মচাৰী আৰু তেওঁ প্ৰজাৰ সুখ দুঃখলৈ দৃষ্টি নাৰাখি কেবল অৰ্থ উপাৰ্জ্জনৰ প্ৰতিহে দৃষ্টি ৰাখিছিল। বিশেষ দেশৰ অনেক লোকৰ প্ৰতি অত্যাচাৰ কৰাও প্ৰমাণ হোৱাত পুৰন্দৰ সিংহ ৰজাৰ হাতৰ পৰা উজনি খণ্ড কমিশ্যনৰ সাহাবৰ অধীনলৈ অনা হয় আৰু তাত শিবসাগৰ এবং লক্ষ্মীপুৰ ই দুই জিলা সংস্থাপিত হ’ল।

 চন্দ্ৰকান্ত সিংহ স্বৰ্গদেৱে মাসিক ৫০০ টাকা পেন্‌শ্যন্ পাই গুৱাহাটীতে আছিল। এই বছৰতে তেওঁ স্বৰ্গী হয়। এইজনা ৰজা অতি কোমল বয়সতে ৰাজ্য পোৱাৰ নিমিত্তে শাৰীৰিক অনিয়মৰ গতিকে মানসিক বড় দুৰ্ব্বল আছিল। এওঁৰ সাহস নীচেই নাছিল। আৰু লোকৰ গুণাগুণ ভালকৈ নাজানিছিল। এওঁৰ চকুলাজ বড় আছিল। এবং দমন শক্তি অতি কম। এই হেতুকেই দেশত বড় উপদ্ৰব হই পৰিশেষত ৰাজ্যচ্যুত হয়।

 পুৰন্দৰ সিংহ স্বৰ্গদেৱ দৃঢ়প্ৰতিজ্ঞ আৰু অৰ্থলোভী আছিল কিয়নো এওঁ সৰু কালত বিদেশত থকাত অনেক কষ্ট সহ্য কৰিছিল। পুৰন্দৰ সিংহ স্বৰ্গদেৱে ৰাজ্য ভ্ৰষ্ট হই যোৰহাট নগৰতে থাকিল। পেন্শ্যন্ গ্ৰহণ নকৰিলে চন্দ্ৰকান্ত সিংহ স্বৰ্গদেৱৰ পুত্ৰ পৰিবাৰে গবৰ্ণমেণ্টৰ পৰা পেন্‌শ্যনকে লই প্ৰতিপালিত হই থাকিল।

 এই সনৰ পৰাই প্ৰকৃত প্ৰস্তাবে চুকাফা ৰজাৰ বংশৰ হাতৰ পৰা অসম দেশ একেবাৰে অন্যৰ হস্তগত হয় কিয়নো মানৰ ৰাজ্যাধিকাৰতো লোক দৰ্শকৰূপে এজনা ৰজা আছিল। চুকাফা ৰজা সৌমাৰ দেশলৈ অহাৰ পৰা এই পৰ্য্যন্তে ৬১০ বৎসৰ তেওঁৰ সন্তানসকলে ই দেশ শাসন কৰিছিল। চুকাফা ৰজাই প্ৰথমে এই দেশৰ সৌমাৰ অৰ্থাৎ উজনি খণ্ড অধিকাৰ কৰে আৰু পুৰন্দৰ ৰজাই সি সৌমাৰৰ পৰা ৰাজ্যভ্ৰষ্ট হয়।

 ব্ৰুস্ সাহাবে চাহ আবিষ্কাৰ কৰাৰ পাছত গবৰ্ণমেণ্টৰ পৰা উজনিৰ কেইবা ঠাইতো চাহ বাড়ী পতা হয়। ক্ৰমে ইয়াৰ কৃষিৰ বড় উন্নতি হ’ব ধৰিলে। কমিশ্যনৰ সাহাবৰ হাতত দেশৰ বিচাৰ আৰু শাসন সকলোৰে ভাৰ হোৱাত তেওঁ সুবিধা লগাই কৰ্ম্ম চলাব নোৱাৰাত ১৮২৯ সনত তেওঁৰ সাহায্যকাৰী এজনা কমিশ্যনৰ নিযুক্ত হ’ল। এওঁক তেতিয়া ডেপুটি কমিশ্যনৰ আৰু এতিয়া জুডিশিয়েল কমিশ্যনৰ বা জজ বোলে। এইজনা বিচাৰক নিযুক্ত হবৰ পৰা কমিশ্যনৰ সাহাব দেওৱানী আৰু ফৌজদাৰী কাৰ্য্যৰ পৰা অপসৃত হ’ল। কমিশ্যনৰ সাহাবে দেশৰ উন্নতিৰ প্ৰতি বড় যত্ন আৰু মনোযোগ কৰিছিল। তেওঁ বিদ্যা শিক্ষাৰ প্ৰতি বড়কৈ উৎসাহ দিছিল। নিজ ব্যয়েৰে অনেক ছাত্ৰক বিদ্যাশিক্ষা কৰোৱাইছিল। অসম দেশৰ সমীপৰ পৰ্ব্বতবিলাকত নগা, খামতী, চিংফৌ মিসমী, গাড়ো, খাশীয়া প্ৰভৃতি যিবিলাক পৰ্ব্বতীয়া জাতি বাস কৰে, সিবিলাকে সময়ে সময়ে প্ৰজাৰ প্ৰতি উপদ্ৰব কৰি থকাত সময়ে সময়ে সিবিলাকৰ অত্যাচাৰ নিবাৰণ কৰা হইছিল আৰু যুদ্ধ যাত্ৰাও মাঝে মাঝে হইছিল। পৰিশেষত সিবিলাকে সইতে আমাৰ সীমা একেবাৰে পিয়লৰ দ্বাৰা নিৰ্দ্ধাৰ্য্য কৰা হ’ল। ১৮৩৮ সনত খ্ৰীষ্টিয়ান্ ধৰ্ম্ম প্ৰচাৰ কৰিবলৈ ই দেশত আমেৰিকান ব্যাপটিস্ট মিশ্যনৰি সংপ্ৰদায় দ্বাৰা মিশ্যন সংস্থাপিত হয়। প্ৰথমে জয়পুৰত সেই মিশ্যনৰ প্ৰধান স্থান নিৰূপিত হয়। পিছে শিবসাগৰলৈ আহে। সেই মিশ্যনৰ পৰা ১৮৪৬ সনত অৰুণোদয় নামে এখন মাসিক সংবাদ পত্ৰ অসমীয়া ভাষাত প্ৰচাৰিত হই চলি আছে। ইয়াৰ দ্বাৰা দেশৰ শিক্ষাৰ প্ৰতি বিশেষ সাহায্য হইছে।[] ইংৰাজী ১৮৪৩ সনত এটি আইন গবৰ্ণৰ জেনেৰেল কৰ্ত্তৃক সংস্থাপিত হয়। সি আইন অনুসাৰে কোনো মানুহে কাৰো প্ৰতি গোলাম বুলি সাধাৰণতকৈ অধিত স্বত্ব পাব নোৱাৰে। ই আইন প্ৰকাশিত হবৰ পাছত এই দেশত যিসকল লোকৰ গোলাম আছিল তাৰ প্ৰায় অধিকাংশেই মুক্তি লাভ কৰিলে। দেশীয় লোকসকলে ইয়াৰ দ্বাৰা বড় উপদ্ৰব হোৱা হেন অনুমান কৰিছিল আৰু এতিয়াও কৰে। কিন্তু ইয়াৰে দেশৰ উন্নতিৰ এটি সুন্দৰ উপায় হ’ল। এই বছৰতে “আসাম কোম্পানী” নামে প্ৰসিদ্ধ চাহৰ কোম্পানী সংস্থাপিত হয়।

 ১৮৪৬ সনত প্ৰথমে এই দেশলৈ গবৰ্ণমেণ্টৰ এখানি ভাপৰ জাহাজ আহে। ই এটি বিশেষ ঘটনা বুলিব লাগে। কিয়নো তাৰে দেশৰ আধুনিক উন্নতিৰ বড় উপায় সংস্থাপিত হইছে। এই দেশত ব্ৰিটিশ পৰাক্ৰম ক্ৰমে অধিক আৰু দৃঢ় হোৱাত গবৰ্ণমেণ্ট অসমীয়া লোকসকলৰ সুখ দুঃখ বুঝিব পাৰিলে। ক্ৰমে বিদেশ সইতে গমনাগমনৰ সুবিধা হই অহাত বাণিজ্যৰ অনেক সহজ উপায় হবলৈ ধৰিলে আৰু তাৰ নিমিত্তে কৃষিৰ প্ৰতিও লোকৰ মন হ’ল। যি যি বস্তুৰ বেপাৰ বা কৃষি কম আছিল তাৰো উন্নতি হবলৈ ধৰিলে। দেশৰ অনেক ঠাইত বেপাৰৰ সুবিধা হ’ল।

 ইংৰাজী ১৮৪৯ সনত আনন্দৰাম ঢেকিয়াল ফুকনে অসমীয়া ল’ৰাৰ মিত্ৰ নামেৰে দুই খণ্ড পুস্তক অসমীয়া ভাষাত মুদ্ৰিত কৰে। সেই কাৰ্য্যত দেশীয় আৰু ইউৰোপীয় প্ৰায় সকলোৱেই সাহায্য প্ৰদান কৰে।

 এই দেশত কোম্পানীৰ অধীন হবৰ পৰা যেনেকৈ কাৰ্য্য চলিছে আৰু ই দেশীয় লোকৰ কি কি আবশ্যক আৰু কি উপায় কৰিলে উন্নতি হব পাৰে তাক দেখি অনুসন্ধান কৰি স্থানীয় গবৰ্ণমেণ্টক জনাবলৈ লৰ্ড ডালহাউসী সাহাবে সদৰ আদালতৰ বিজ্ঞবৰ জজ মিষ্টৰ মিলস সাহাবক পঠালে। তেওঁ ১৮৫২ সনত ই দেশৰ সমুদায় জিলা পৰিভ্ৰমণ কৰি গবৰ্ণমেণ্টলৈ এক ৰিপোৰ্ট কৰে। এইজনা সাহাব অহাৰ পৰা বিচাৰ কাৰ্য্যাদিৰ যিবিলাক অনিয়ম আছিল, সি গুছিবলৈ ধৰিলে। আৰু গবৰ্ণমেণ্ট ই দেশৰ বিষয়ে অনেক কথা জানিলে। খাশীয়া আৰু জয়ন্তা প্ৰদেশ ইংৰাজী ১৮৫৪ সনত ঢাকাৰ কমিশ্যনৰৰ হাতৰ পৰা অসম দেশৰ কমিশ্যনৰ সাহাবৰ অধীন কৰা হ’ল। এবং সি এখন স্বতন্ত্ৰ জিলাৰূপে পৰিগণিত হ’ল। ইয়াৰ পাছত কেবছৰমান আৰু কোন বিশেষ ঘটনা হোৱা নাছিল। ইংৰাজী ১৮৫৭ সনত যেতিয়া ভাৰতবৰ্ষত সিপাহী বিদ্ৰোহ হয় তেতিয়া অসম দেশৰ উজনি খণ্ডতো সেই বিদ্ৰোহৰ কোন কাৰ্য্য হোৱাত পুৰন্দৰ ৰজাৰ নাতি কন্দৰ্পেশ্বৰ সিংহক ইয়াৰ পৰা কলিকাতালৈ পঠিওৱা হয়। নিয়মমতে বিচাৰ কৰাত কেজনমান লোকৰ ওপৰত দোষ সাব্যস্ত হোৱাত দুজনৰ প্ৰাণদণ্ড আৰু কেজনমানৰ অন্য প্ৰকাৰৰ দণ্ড হ’ল। এই বিদ্ৰোহৰ বিষয়ে অনেক লোকে পেটে কিছু সংশয় কৰিলেও যেতিয়া নিয়মানুসাৰে বিচাৰত দোষ সাব্যস্ত হ’ল তেতিয়া ইয়াত সংশয়ৰ কোন কাৰণ নাই। ইংৰাজী ১৮৫৮ সনৰ নবেম্বৰত ভাৰতবৰ্ষৰ শাসন ভাৰ শ্ৰীশ্ৰীমতী মহাৰাণীয়ে কোম্পানীৰ হাতৰ পৰা আপোনাৰ হাতলৈ আনিলে। এই ঘটনাত অন্য দেশৰ দৰে ই দেশৰ সৰ্ব্ব সাধাৰণ লোকৰো সন্তোষ হ’ল। কিয়নো দেশৰ আৰু উন্নতি হ’ব এনেটো সকলোৰে আশা হ’ল।

 ইয়াৰ পূৰ্ব্বে ই দেশত যিবিলাক দলীল বা নিদৰ্শন পত্ৰ হইছিল সি সকল ষ্টাম্প নোহোৱা কাকতত হইছিল। কিন্তু ১৮৫৮ ইংৰাজী সনৰ পৰা যি নিয়ম ৰহিত হই দেশত ষ্টাম্প প্ৰচলিত হ’ল। ইংৰাজী ১৭৯৩ সনৰ পৰা ই দেশত আফিঙ্গ বা কানী লোকে ব্যৱহাৰ কৰিবলৈ ধৰিলে। এবং তাৰ কৃষিও সৰ্ব্বত্ৰে ব্যাপ্ত হ’ল। ইয়াক ব্যবহাৰৰ পৰা দেশীয় লোক দুৰ্ব্বল আৰু অলস হই গ’ল। ইয়াৰ কৃষি নিবাৰণ কৰিলে তাৰ ব্যবহাৰ হ্ৰাস হ’ব অথচ ৰাজস্বৰো বৃদ্ধি হ’ব, এই ভাবি ১৮৬০ সনত কানীৰ ক্ষেতি নিষেধ কৰা হ’ল। গবৰ্ণমেণ্টৰ পৰা যি আফিঙ্গ বিক্ৰয় হ’ব সিয়েই দেশত ব্যবহাৰ হ’বৰ আজ্ঞা প্ৰচাৰ কৰিলে। এই আজ্ঞাৰ পৰা এনে আশা কৰা গইছে যে এই কুব্যবহাৰ ক্ৰমে হ্ৰাস হ’ব। এই সনত দেওৱানী বিচাৰ কাৰ্য্যৰ নিমিত্তে ১৮৫৯ সনৰ ৮ আইন ই দেশত প্ৰচলিত হয়। তাৰ দ্বাৰা আসাম কায়দা বন্দীৰ সেই বিষয়ৰ নিয়মবিলাক অপ্ৰচলিত হ’ল।

 ইংৰাজী ১৮৬১ সনৰ ফেব্ৰুয়াৰীত এই দেশৰ কমিশ্যনৰ কৰ্ণেল জেন্‌কিনস্ সাহাব নিজ পদৰ পৰা অবসৃত হোৱাত কাপ্তান হপ্কিন্‌সন সাহাব সি পদত নিযুক্ত হ’ল। জেন্‌কিন্‌স সাহাব অতি দয়ালু, পৰোপকাৰী আৰু বিদ্যোৎসাহী আছিল। এই দেশীয় আসামৰ সাধাৰণ সকলোৰেই এওঁৰ প্ৰীতিভাজন আছিল ৷ তেওঁৰ সময়তে এই দেশৰ উন্নতিৰ বিষয়ে বহু পথ উলিওৱা হয়। এওঁ এই দেশক ইমান স্নেহ কৰিছিল যে কাৰ্য্যৰ পৰা অবসৃত হইও ইয়াতে থাকিল [] কানীৰ ক্ষেতি নিষেধ কৰাত অসম দেশৰ লোক সকলে ভাল নাপালে। কিয়নো ইয়াৰ পৰা অলপ ব্যয়তে কানী পোৱাটো টান হ’ল। ১৮৬০ সনত ইন্‌কম্টাক্‌সৰ আইন প্ৰচলিত হোৱাত লোকসকলৰ উৎপন্নৰ অনুসন্ধান কৰিব ধৰিলে। নগাঁওৰ ঢেকেৰী অঞ্চলৰ প্ৰজাবিলাকে ইয়াতে অসন্তোষ পাই জিলাধিকাৰত জনালে। কিন্তু তেওঁৰ পৰা কোনো সুফল নোপোৱাত নগাঁওৰ ফুলগুড়িতে ১৮৬১ সনৰ অক্টোবৰত অনেক লোক আপীল কৰিবৰ নিমিত্তে সমবেত হয়। আসিষ্টাণ্ট কমিশ্যনৰ লেপ্টেনেণ্ট সিঙ্গেৰ সাহাব সিহঁতৰ অভিপ্ৰায় জানিবলৈ যোৱাত এটা হুৰা-মূৰা লাগে। তাতে সিঙ্গেৰ সাহাবৰ বধ হয়। পাছে দোষীসকলৰ বিচাৰ হলত অনেকে যথোচিত শাস্তি পালে।

 ১৮৬২ সনৰ জানুৱাৰীৰ পৰা ফৌজদাৰীৰ দণ্ডবিধি আৰু কাৰ্য্যবিধি এই দেশত প্ৰচলন হয়। ই দেশ ব্ৰিটিশ গবৰ্ণমেণ্টৰ অধিকাৰ হ’বৰে পৰা কোনো উচ্চ কৰ্ম্মচাৰী ইয়ালৈ অহা নাই। পাছে মেং বিডেন সাহাব লেপ্‌টেনেণ্ট গবৰ্ণৰ হই এই সনৰ বৰ্ষত অসম দেশ পৰিভ্ৰমণ কৰিবলৈ আহে। এওঁৰ শুভাগমনৰ পৰা দেশৰ উন্নতিৰ আৰু উপায় হ’ল। কিয়নো তেওঁ আপোন চকুৰে দেশৰ অৱস্থা দেখিলে।

 এই সনতে খাশীয়া আৰু জয়ন্তা পৰ্ব্বত জিলাত এক ভয়ানক বিদ্ৰোহ হয়। সি ঠাইৰ লোকবিলাকৰ পৰা এবিধ টাক্স্ গ্ৰহণ কৰাৰ আজ্ঞা গবৰ্ণমেণ্টে দিয়াত সেই আজ্ঞা প্ৰতিপালনৰ বিষয়ে কৰ্ম্মচাৰীসকলে উদ্যোগ কৰে। তাতে কেতবিলাক লোকে সি আজ্ঞাৰ বিপৰীতাচৰণ কৰিব খুজি বিদ্ৰোহ কৰে। সি বিদ্ৰোহ কিছু দিনৰ মূৰত নিবাৰণ কৰা হ’ল। কিন্তু ইয়াৰ পৰা দেশৰ বিশেষ অনিষ্ট নহ’ল।

 আসাম কোম্পানী সংস্থাপন হ’বৰ পৰা চাহৰ ক্ষেতি বঢ়কৈ হ’ব ধৰিলে। এই দেশত যিমান অৰণ্য আৰু পতিত ভূমি আছে তাক আবাদ কৰিবলৈ আৰু দেশত কৃষিৰ সুবিধা কৰিবলৈ গবৰ্ণমেণ্ট এই নিৰ্দ্ধাৰণ কৰিলে যে কোনো কোনো নিৰ্দিষ্ট পতিত ভূমি নীলামত বিক্ৰয় হ’ব বা দীৰ্ঘ কালৰ নিমিত্তে পাট্টা কৰি দিয়া হ’ব। ই নিয়ম প্ৰচলিত হ’লত ইউৰোপীয় উৎসাহপূৰ্ণ লোকসকলে চাহৰ ক্ষেতিৰ নিমিত্তে ইয়ালৈ ধনৰ স্ৰোত প্ৰেৰণ কৰিলে। অনেক ঠাইত চাহৰ বাড়ী হ’ল। সিসকলৰ উৎপন্ন ক্ৰমে উন্নত হ’বলৈ ধৰিলে কিন্তু ই দেশৰ প্ৰজা অতি কম। যিবিলাক আছে সিও আপোনাৰ কৃষি পৰিত্যাগ কৰিব নোখোজে। এই নিমিত্তে বিদেশৰ পৰা শ্ৰমজীবী মানুহ বা কুলী চাহ কোম্পানীয়ে আনিব ধৰিলে। ইসকলক অনা, ৰখা, ও কৰ্ম্ম কৰোৱাৰ নিমিত্তে বিশেষ আইন প্ৰচলন হ’ল। ১৮৬৬ সনত নানা কাৰণত চাহৰ অনেক কোম্পানী যোত্ৰহীন হ’ল এবং চাহৰ পৰা লাভৰ পথ কমিল। সকলো সময়ত সকলো বিষয়ৰ অবস্থা একেদৰে নাথাকে। এই কাৰণে সেই চাহৰ কৃষিৰ আৰু বাণিজ্যৰ উন্নতি লাহে লাহে হই আহিছে।

 ইংৰাজী ১৮৬৪ সনত ভোটানৰ যুদ্ধ হয়। সেই যুদ্ধত ব্ৰিটিশ গবৰ্ণমেণ্টেই জয়ী হয়। এবং ভোটানৰ অধীন যি নামনি ঠাই আছিল আৰু যাক দুৱাৰ বোলে, সিসকলো ১৮৬৫ সনত সিঞ্চোলা নামে ঠাইত হোৱা সন্ধি পত্ৰ অনুসাৰে আমাৰ গৱৰ্ণমেণ্টৰ হস্তগত হ’ল। ইয়াৰ পূৰ্ব্বে গবৰ্ণমেণ্টৰ অধীন হোৱা বাস্কা প্ৰভৃতি দুৱাৰৰ নিমিত্তে ভোটৰাজ্যে গবৰ্ণমেণ্টৰ পৰা কিছু বাৰ্ষিক বৃত্তি পাইছিল। এই সন্ধি পত্ৰৰ নিয়মানুসাৰে সেই বৃত্তি দিব নলগা হ’ল। গাৰো আৰু নগাবিলাকৰ অনেক গ্ৰামে আমাৰ গবৰ্ণমেণ্টক কিছু কিছু কৰ দি অধীনতা স্বীকাৰ কৰিছিল। কিন্তু অনেক স্বাধীন আছিল। সিহঁতে সময়ে সময়ে গবৰ্ণমেণ্ট প্ৰজাৰ প্ৰতি অহিতাচাৰ কৰে। বিশেষ সিহঁতক সভ্য কৰা নিতান্ত প্ৰয়োজনীয় হোৱাত আৰু সিহঁতৰ দৌৰাত্ম্য নিবাৰণ কৰা উচিত হোৱাত সেই সেই ঠাইত দুখনি জিলা ১৮৬৬ সনত পতা হ’ল। গাড়ো পৰ্ব্বতৰ ৰাজধানী তুৰা আৰু নগা পৰ্ব্বতৰ ৰাজধানী শ্যামাগুটিং হ'ল। এই দুই জিলা হোৱাৰ পৰা সিহঁতৰ অত্যাচাৰও কমিছে আৰু সিহঁতৰ সভ্য হ’বৰো অনেক উপায় হইছে। মৃত ইস্কাট সাহাবৰ দিনৰে পৰা গুৱালপাড়া জিলা আৰু গাড়ো পৰ্ব্বত অসম দেশৰ কমিশ্যনৰৰ অধীন আছিল আৰু কোঁচবিহাৰৰ কাৰ্য্যৰ প্ৰতি দৃষ্টিৰ নিমিত্তে গবৰ্ণৰ জেনেৰেলৰ এজেণ্টৰ কৰ্ম্মও সি কমিশ্যনৰেই কৰিছিল। ই বছৰতে গুৱালপাড়া ও কোঁচবিহাৰ আমাৰ কমিশ্যনৰৰ হাতৰ পৰা গুছোৱা হই স্বতন্ত্ৰ এজন কমিশ্যনৰ নিযুক্ত হ’ল।[]  এই দেশত ব্ৰিটিশ সুশাসনৰ নিমিত্তে সকলো প্ৰকাৰে লোকৰ সুখ সন্তোষ হ’ল। ভিন্ন দেশীয় শত্ৰুৰ ভয় নাই। দুষ্টবিলাকৰ দমন হ’ল আৰু স্বাধীন ভাবে সকলোৱে কৰ্ম্ম কৰিব পাৰিলে। নানা দেশৰ লোকৰ গমনাগমন হোৱাত বাটৰ সুবিধা, প্ৰতিমাহে বিশেষকৈ ভাপৰ জাহাজ ই দেশলৈ অহা যোৱা কৰি থকাত আৰু ভাটীৰ ৰেলওৱে হই আৰু সুবিধা বৃদ্ধি হোৱাত বাণিজ্যৰ বড় উপায় হ’ল। প্ৰজাবিলাকে সামান্য পৰিশ্ৰম কৰে, তাৰ দ্বাৰা বিস্তৰ লাভ কৰে। অথচ গবৰ্ণমেণ্টক যি কৰ দিয়ে তাৰ নিৰিখ অতি কম। সি কাৰণে মাটিৰ খাজানা বৃদ্ধি কৰিলে। আৰু ৰাজস্ব গ্ৰহণ প্ৰভৃতি কাৰ্য্যৰ নিমিত্তে এক নিয়মাবলী কৰিলে, সি নিয়মানুসাৰে দেশৰ সেই কাৰ্য্য চলিছে আৰু এই কৰ বৃদ্ধিৰ পৰা দেশীয় ভূমিৰ ৰাজস্ব দ্বিগুণ হ’ল। এই নিয়মৰ দ্বাৰা দেশৰ উপকাৰ সম্ভাবনা। কিয়নো ইমান অল্প কালতে দেশৰ লোক সকল আগতকৈ শ্ৰমী হইছে। এবং বাণিজ্যাদিৰ বড় উপায় ওলাইছে। ১৮৭১ ইংৰাজীত বঙ্গ প্ৰদেশৰ লেপ্টেনেন্ট গবৰ্ণৰ সবজৰ্জ্জ কাম্বল সাহাব ই দেশলৈ আহে। তেওঁ অসমীয়া ভাষা ই দেশৰ বিচাৰালয় আৰু বিদ্যালয় প্ৰভৃতিত চলিবলৈ আজ্ঞা প্ৰকাশ কৰে। সেই নিয়মানুসাৰে এতিয়া চলিব লাগিছে। ইয়াৰ পৰা যে কি উপকাৰ বা অপকাৰ তাক এতিয়াও বুঝিব পৰা নাই। কিয়নো তাৰ পৰীক্ষাৰ ফল জানিবলৈ আৰু অধিক সময় লাগিব।

 ব্ৰিটিশ গবৰ্ণমেণ্টৰ সুশাসনৰ নিমিত্তে দেশৰ অবস্থা ক্ৰমে সকলো বিষয়তে উন্নত হবলৈ ধৰিলে। ই বঙ্গ প্ৰদেশৰ লগত থকাত গবৰ্ণমেণ্টে ইয়াৰ কাৰ্য্যৰ প্ৰতি বিশেষৰূপে মনোযোগ দিব নোৱাৰে। বিশেষ ই দেশৰ প্ৰধান অধিপতি এই দেশতে থাকিলে সৰ্ব্ব প্ৰকাৰে দেশৰ মঙ্গল। তাৰে উন্নতিৰ নানা বাট উলিওৱা হ’ব পাৰিব। ১৮৭৪ সনৰ ফেব্ৰুৱাৰীত কমিশ্যনৰ কৰ্ণেল হপকিন্সন্ কৰ্ম্মৰ পৰা অপসৃত হোৱাত অসম দেশ এজনা চীফ বা প্ৰধান কমিশ্যনৰৰ অধীন কৰা হই ইয়াৰ কৰ্তৃত্বভাৰ ভাৰতবৰ্ষৰ গবৰ্ণৰ জেনেৰেলে আপোনাৰ হাতত ল’লে। কৰ্ণেল কিটিং সাহাব এই প্ৰধান পদত অভিষিক্ত হই শাসন কৰিব লাগিছে। গুৱাহাটীতকৈ পাৰ্ব্বত্য শিলং নগৰ অপেক্ষাকৃত স্বাস্থ্যকৰ হোৱাত অসম দেশৰ ৰাজধানী গুৱাহাটীৰ পৰা তালৈ নিয়া হ’ল। গাড়ো পৰ্ব্বত আৰু গুৱালপাড়া পুনৰায় অসমৰ অধীনলৈ আহিল এবং প্ৰথমে কাছাৰ আৰু পাছে শ্ৰীহট্ট জিলাও বঙ্গ প্ৰদেশৰ পৰা ফালি আনি চীফ কমিশ্যনৰৰ অধীন কৰি দিলে। এতিয়া আসাম দেশৰ সীমা পূৰ্ব্বতকৈ অনেক বাঢ়িল। কিন্তু ইয়াৰ পৰা যে কিবা অসুবিধা হ’ব এনে নহয় কিয়নো স্থানৰ ব্যাপকতাৰ লগে লগে প্ৰধান কমিশ্যনৰৰ ক্ষমতা আৰু কৰ্মচাৰীৰো সংখ্যা অধিক কৰা হ’ল।

 এই প্ৰধান কমিশ্যনৰৰ অধীনে ৪৬৩৪১ বৰ্গ মাইল ভূমি আৰু ৪৮৮১৪২৬ জন প্ৰজা। এওঁৰ ওপৰত এই সকলো প্ৰজাৰ শুভাশুভ নিৰ্ভৰ কৰে।

 দৰঙ্গ জিলাৰ উত্তৰ ফালৰ পৰ্ব্বতত থকা ডফলা জাতিয়ে সময়ে সময়ে আমাৰ মানুহৰ পৰা পচা তুলি নি অনেক উপদ্ৰব কৰে। এবং কেতিয়াবা নামনিৰ পৰা মানুহ ধৰি নি বন্দি কৰি থয়। বিশেষ পৰ্ব্বতে সইতে আমাৰ সীমা ধাৰ্য্য কৰাতো ইহঁতে বাধা দিয়ে। এই বিলাক উপদ্ৰব নিবাৰিবলৈ ই বছৰৰ শীত কালত গবৰ্ণমেণ্টে ডফলাৰ বিৰুদ্ধে কিছুমান সৈন্য পঠায়। নাৰায়ণপুৰত এই সৈন্যৰ প্ৰধান ছাউনী হয়। ক্ৰমে আমালোকৰ সৈন্য ওপৰলৈ উঠি ডফলাৰ প্ৰধান প্ৰধান গ্ৰামসকলক বশবৰ্ত্তী কৰি ধৰি নিয়া বন্দী কিছুমানক মুক্তি প্ৰদান কৰে। গ্ৰামবিলাকৰ অনেক মেঠন গৰু ইত্যাদি বস্তু দি ব্ৰিটিশ গবৰ্ণমেণ্টৰ শৰণাগত হ’ল। সিহঁতৰ দেশ অনেক ভাগ প্ৰকাশিত, পীয়ল আৰু নক্সা কৰা হই এই যুদ্ধ যাত্ৰা শেষ হ’ল।

 আজি দুবছৰমানৰ পাছৰে পৰা আমালোকৰ চাৰিওফালে সীমা ধাৰ্য্য আৰু তাৰ সাধাৰণ পীয়ল কৰা উচিত বোধ হোৱাত গবৰ্ণমেন্টে প্ৰতি জাৰকালি বিশেষ কৰ্ম্মচাৰী, নগা পৰ্ব্বতলৈকো পঠাইছে। এই বছৰৰ শীত কালৰ আৰম্ভতে আকৌ জয়পুৰৰ ফালে লেপ্টেনেণ্ট হলকম্ব আসিষ্টান্ট কমিশ্যনৰ সাহাব ত্ৰিকোণ যন্ত্ৰৰ পীয়ল কৰা সাহাব এজনাই সইতে জয়পুৰৰ ফালে নগা পৰ্ব্বতত পীয়ল কৰিবলৈ আৰম্ভ কৰে। ১৮৭৪ সনৰ ১ ফেব্ৰুৱাৰীৰ দিনা তেওঁবিলাক নিলু গাঁওত থকাত কেতবিলাক নগাই লেপ্টেনেণ্ট হলকম্ব সাহাবে সইতে সাক্ষাৎ কৰিবলৈ আহি বড় বিশ্বাসঘাতকৰূপে সেই সাহাব আৰু আন কিছুমান মানুহক কাটিলে। ১৯৭ জন লোকৰ মাঝত সেই সাহাব প্ৰমুখে সৰ্ব্বমুঠে ৮০ জন মানুহ বধ কৰে আৰু ৫১ জন লোকক প্ৰাণ সংশয়ৰূপে আঘাত কৰে। এই বিশ্বাসঘাতক কাৰ্য্যৰ শাস্তিৰ নিমিত্তে আমাৰ গবৰ্ণমেন্টে বিশেষ উদ্যোগ কৰি সেই বিদ্ৰোহী অসভ্যবিলাকক যথোচিত শাস্তি দিলে।

 ভাৰতবৰ্ষৰ গবৰ্ণৰ জেনেৰেল মহামান্য লৰ্ড নৰ্থব্ৰুক সাহাব ই বছৰৰ আগষ্ট মাহত এই অভিনব প্ৰদেশ সৃষ্টি কৰি তাৰ অবস্থা জানিবলৈ আহিল। শ্ৰীহট্ট, কাছাৰ, শিলং আৰু গুৱাহাটীত অবস্থিতি কৰি পুনঃ কলিকতালৈ গ’ল। গবৰ্ণৰ জেনেৰেলে আপুনি দেশৰ অবস্থা দেখি যোৱাত এনেটো আশা কৰা হইছে যে শীঘ্ৰ ইয়াৰ মঙ্গল আৰু উন্নতি হ’ব। প্ৰায় ১৮২৪ সনৰে পৰা আজিলৈকে অসম দেশত ব্ৰিটিশ শাসনৰ সময় পঞ্চাশ বৎসৰ হইছে। ইয়াতে দেশৰ সকলো প্ৰকাৰ উন্নতি হ’ব লাগিছে। ইয়াতে এনে বোধ হয় জগদীশ্বৰে এই দেশৰ মঙ্গলৰ অৰ্থেহে ইয়াক ব্ৰিটিশ গবৰ্ণমেণ্টৰ অধীন কৰিছে। আমাৰ এই আশা যে সফল হ’ব তাৰ প্ৰমাণ যি ফাললৈ চোৱা যায় সি ফালেই দেখিব পাৰি। এতিয়া ৰাজস্বখিনি দিব পাৰিলেই পৰম সুখে নিৰুপদ্ৰবে প্ৰজাসকলে থাকিব পাৰে। সি কাৰণে লোকৰ সুখ সম্পত্তি ক্ৰমে বৃদ্ধি হই আহিছে। ৰাজস্ব দি সপৰিবাৰে খাই লই থাকি যি উৎপন্ন হয় তাক আপোনাৰ ভঁড়ালত থ’ব পাৰিছে। তাৰ প্ৰতি কোনো অত্যাচাৰ হ’ব নোৱাৰে। লোকসকলে এই সুশাসনত পৰম সুখে থাকি পৰমেশ্বৰক ধন্যবাদ কৰিছে।

 আমাৰ শ্ৰীশ্ৰীমতী ভিক্টোৰীয়া মহাৰাণীৰ জ্যেষ্ঠ পুত্ৰ শ্ৰীযুক্ত যুবৰাজ এডৱাৰ্ড প্ৰিন্স অব ওয়েলস ১৮৭৫ সনৰ নবেম্বৰ মাহত ভাৰতবৰ্ষ ভ্ৰমণ কৰিবলৈ আহে। ভবিষ্যতলৈ এইজনাই আমাৰ ৰজা হ’ব। এওঁ ভাৰতবৰ্ষ আপুনি দেখাৰ পৰা ভাৰতৰ বহু উপকাৰৰ আশা। সেই হলে আমাৰ দেশৰো তাৰ লগে লগে উপকাৰ হ’ব এনে আমি বাঞ্ছা কৰোঁ। কৰ্ণেল কিটিং সাহাবে পদত্যাগ কৰি স্বদেশলৈ যোৱাৰ পাছত সৰ ইষ্টুয়াৰ্ট বেলী প্ৰধান কমিশ্যনৰ হয়। এওঁৰ দিনত বিশেষ কোনো ঘটনা হোৱা নাই। নাগাহিলস্ জিলাৰ পলিটিকেল আফিসৰ মেং বটলৰ সাহাবক নগাই আঘাত কৰিছিল। কিছু দিনৰ পাছে মেং ডামাণ্ট পলিটিকেল আফিসৰক সেই জাতিয়ে কহিমাত বধ কৰে। পাছে আমদৰ নগৰে যুদ্ধ হয়। নগাই বড় বিক্ৰম দেখুৱালেও পৰাজিত হ’ল। কহিমালৈ জিলা নিয়া হ’ল। সৰ ইষ্টুয়াৰ্ট আন পদলৈ যোৱাত মেং এলিয়ট সাহাব প্ৰধান কমিশ্যনৰ পদত নিযুক্ত হই আছে। যি যি ঘটনা এই সময়ত হইছে সেইবোৰ ইমান নতুন যে তাক বুৰঞ্জীত লেখা অপ্ৰয়োজন।

  1. এই বন্দোবস্তত গুৱাহাটীৰ হলিৰাম ঢেকিয়াল ফুকনে ইস্কাট সাহাবক সাহায্য কৰিছিল। নগাঁওত হলে “ঢেকিয়াল ফুকনৰ বন্দোবস্তই” মূল “বন্দোবস্ত”। ইয়াকে খেলোৱাৰি বন্দোবস্ত বোলে।
  2. সেই সাহাবেই চিৰাপুঞ্জী নগৰৰ সংস্থাপক।
  3. এই সম্বাদপত্ৰ এতিয়া অপ্ৰচলিত হইছে।
  4. ১৮৬৬ সনৰ আগষ্ট মাহত জেন্‌কিন্‌স্‌ সাহাবৰ গুৱাহাটীতে মৃত্যু হয়
  5. এই সনতে গুৱাহাটীৰ ইংৰাজী স্কুলটিক হাই ইস্কুল পতা হইছিল পাছে সি লোপ পাই আকৌ সাধাৰণ শ্ৰেণীৰ ইস্কুল হ’ল।