সমললৈ যাওক

আসাম বুৰঞ্জী/তৃতীয় অধ্যায়

ৱিকিউৎসৰ পৰা

তৃতীয় অধ্যায়

 ভাৰতবৰ্ষৰ যিমান দেশ আছে সকলো দেশৰ আদি ইতিহাস জানিব লাগিলে ভাৰতবৰ্ষৰ পুথীতহে বিশেষ বিবৰণ পোৱা যাব পাৰে। আন আন দেশৰ ভ্ৰমণকাৰী আৰু আন লোকৰ বিবৰণতো অনেক কথা পাব পাৰি। সেই সকলৰ দ্বাৰা দেশীয় ইতিহাসৰ সংশোধন বা ব্যাপ্তি মাত্ৰ কৰিব পাৰি। এই দেশৰ ইতিহাস নামে কোনো পুথী নাই। কিন্তু এই দেশৰ বিৱৰণ নানা উপলক্ষে অনেক পুৰাণ আৰু আন আন গ্ৰন্থত পোৱা যায়। সেই সকলৰ বিবৰণৰ শ্ৰেণীবন্ধা নহয়। আৰু ধৰ্ম্ম বিষয়ক কথা আৰু ইতিহাসে সইতে মিলি অনেক কথা এনে অসম্ভব আৰু শ্ৰেণী নোহোৱা কৈ লেখা আছে যে তাৰ পৰা সম্ভব বা শ্ৰেণী থকা কথা বাচি উলিওৱা বড় টান। কোনো কোনো ঠাইত সময়ৰ কোনো কোনো ঠাইত দূৰতাৰ বিবৰণে মূৰ ঘুৰাই পেলায়। ইতিহাস অনুসন্ধান কৰা লোক সকলে কোনো পুৰাণ গদ্য, লেখা মন্দিৰ কি আন সামান্য কথাৰ পৰা বড় ডাঙ্গৰ কথাৰ সত্য কথা উলিয়াই ইতিহাস বিষয়ক অন্ধকাৰ গুছাইছে আৰু গুছাব পাৰি বুলি বিশ্বাস কৰে। যদি এই সকলৰ পৰা ইমান সাহায্য পোৱা যায় তেনে হলে পুৰাণ তন্ত্ৰ ইত্যাদি লেখা থকা আৰু সেইৰূপে অনেক আচাৰ ব্যৱহাৰ হই আহি থকা পুথীৰ দ্বাৰাই কি সাহায্য পাব নোৱাৰি নে? এই যুক্তিৰে এনে বিবেচনা হয় যে, যিবিলাকে পুৰাণাদিক মিছা আৰু অকৰ্ম্মণ্য বুলি সিদ্ধান্ত কৰে সেই সকলৰ যুক্তি খণ্ডাব পাৰি।

 ভাৰতবৰ্ষৰ যি কোনো বুৰঞ্জিৰ বিষয় অনুসন্ধান কৰা যায় সেই সকলে দেশৰ বিবৰণ কোনো না কোনো মতে কোনো কোনো পুৰাণ ইত্যাদিত পোৱা যায়। তাৰ পৰা সময় ইত্যাদিৰ বিষয়ে যি সংশয় সি নমৰিলেও আন কথা অনেক জানিব পাৰি। আৰু তাৰ কথাৰ পৰাই তাৰ সময় আৰু ভাব বাচি উলিয়াব পাৰি। এই অসম দেশ সম্পৰ্কে পুৰাণাদিত সকলোৱে গ্ৰাহ্য কৰা যি বিবৰণ আছে তাক ইয়াত দিবলৈ আগবাঢ়িব খোজোঁ। সেই সেই বিবৰণ যেনে ৰূপে পৰম্পৰায় চলি আহিছে সেইৰূপেই ইয়াত দিয়৷ যাব। কালক্ৰমে ইয়াৰ উন্নতি আৰু জ্ঞান যেতিয়া বাঢ়িব আৰু অনুসন্ধান পৰা অনেক কথা ওলাব তেতিয়া এই বিবৰণ যাক অকৰ্ম্মণ্য ভাবি, পেলোৱা বা লোৱা গইছে তাৰ পৰাও অনেক কথা জনা যাব।

 পূৰ্ব্বে উল্লেখ কৰা হইছে যে এই দেশৰ পুৰণি যি যি দেশ আছিল সেই সকলৰ পৰাক্ৰম যোৱাত আৰু কামৰূপৰ পৰাক্ৰম বঢ়াত এতিয়া যি প্ৰদেশ অসম নামে বিখ্যাত সেই সকলো খিনিতকৈও আৰু কিছুমান ঠাই যি এতিয়া বঙ্গাল দেশব মাঝত পড়িছে সিও কামৰূপ নামে বিখ্যাত হইছিল। আমাৰ অসম দেশৰ এতিয়াৰ যি সীমা সেই সীমাৰ মাঝৰ ঠাইৰ কথাকেহে আমি বিশেষকৈ বৰ্ণনা কৰিম।

 শোণিতপুৰ, কৌণ্ডিল্য প্ৰভৃতি দেশব বিষয়ে পুৰাণ মহাভাৰত আৰু ভাগৱতত ঊষাহৰণ আৰু ৰুক্মিণীহৰণৰ যি কথা লেখা আছে তাতকৈ সৰহ নেজানি। বিশেষ সেই দেশৰ প্ৰভাবো অদৃশ্য হই গইছে। এতেকে তাৰ বিবৰণ ইয়াত লেখাৰ প্ৰয়োজন নাই। কামৰূপেই ইয়াৰ প্ৰসিদ্ধ নাম সেই দেখি কামৰূপৰ বিবৰণকে মাত্ৰ লেখা যাব।

 কামৰূপ দেশৰ মূল বিষয়ে পুৰাণত এই কথা প্ৰচলিত আছে, দক্ষৰ যজ্ঞত শিৱৰ ভাৰ্য্যা সতীয়ে শিৱনিন্দা শুনিব নোৱাৰি প্ৰাণত্যাগ কৰাত শিৱই সতীৰ দেহ মূৰত লই নানা ঠাইত ভ্ৰমণ কৰিছিল। পাছে শিৱৰ সেই অৱস্থা গুছাবৰ নিমিত্তে বিষ্ণুয়ে চক্ৰেৰে সেই সতী দেহ খণ্ড খণ্ড কৈ কাটি দিয়াত তাৰে একাণ্ডন খণ্ড একাওন ঠাইত পড়ে। যতে যতে সেই অঙ্গ পড়িছিল ততে ততে পীঠ হল। সেই দেহৰ গুপ্ত ভাগ নীলাচলত পড়ে আৰু ইয়াৰ দেৱতাক কামাখ্যা বোলে। এই কামাখ্যা গুৱাহাটীৰ পশ্চিমে নীলাচল পৰ্ব্বতত আছে। পাছে মহাদেৱে সতীৰ শোকত অধৈৰ্য্য হই তপস্থা কৰাত দেৱতা সকলে মন্ত্ৰণা কৰি কামদেৱক পঠাই শিৱৰ যোগ ভঙ্গ কৰে আৰু মহাদেৱে শাপ দি কামদেৱক ভস্ম কৰে। পাছে পুনৰায় সেই কামদেৱে যি ঠাইত নিজৰূপ পালে তাকে কামৰূপ বোলে।[] ওপৰত কোৱা কাৰণৰ নিমিত্তে কামৰূপ অতি পুণ্য আৰু প্ৰসিদ্ধ ঠাই।

 কামৰূপৰ আদি ৰজা মহীৰঙ্গ দানৱ আছিল। তেওঁৰ বিষয় একো কথা আমি নেজানো। পুৰাণতো বিশেষকৈ একো নকয়। এওঁৰ বংশৰ চাৰিৰ্জনা ৰজা হয়।[] এই বংশৰ পাছত নৰক কামৰূপৰ ৰজা হয়। এনে আখ্যান প্ৰসিদ্ধ আছে যে সেই নৰক ৰজা পৃথিবীৰ গৰ্ভত আৰু বৰাহৰূপী বিষ্ণুৰ ঔৰসত জন্ম গ্ৰহণ কৰে। পাছে বিষ্ণুয়ে আপোন পুত্ৰক বড় মৰম কৰি কামৰূপৰ ৰজা পাতে। নৰক ৰজাৰ ৰাজধানী গুৱাহাটীৰ ওচৰৰ এটা পৰ্ব্বত যাৰ নাম এতিয়াও নৰকাসুৰৰ পৰ্ব্বত বুলি কয়, তাতে আছিল। এওঁ বড় প্ৰতাপী ৰজা আছিল। পাছে তেওঁ মহাদৰ্পী আৰু কাকো নমনা হ’ল। তেওঁ অতিশয় ৰিপুবশ আছিল। অধিক কি ষোড়শ হাজাৰ কন্যা তেওঁ হৰণ কৰি আনি গুৱাহাটীৰ ওপৰৰ কৰ্ম্মনাশাত লুকাই থইছিল। কোনো এক সময়ত নৰকে কামাখ্যাকে নমনা হই তেওঁক বিয়া কৰাবলৈ খোজাত দেবীয়ে কলে যে যদি একে ৰাত্ৰিতে তেওঁৰ মন্দিৰ বাট, পুখুৰী ইত্যাদি নিৰ্ম্মাণ কৰি দিব পাৰে তেনে হলে তেওঁ নৰকৰ পত্নী হব। নৰক ৰজাই বিশ্বকৰ্ম্মাক আহ্বান কৰি মন্দিৰ আৰু বাট ইত্যাদি ৰাত্ৰি শেষৰ পূৰ্ব্বে বন্ধাই দিলে। কাৰ্য্য প্ৰায় শেষ হয় এনেতে দেৱীয়ে বিপদ ভাবি আজ্ঞা কৰি অসময়ত কুকুৰাৰ হতুৱাই মতাই নৰকক কলে যে কৰ্ম্ম শেষ হোৱাৰ পূৰ্ব্বে ৰাত্ৰি প্ৰভাত হল। এনেতে ক্ৰোধান্ধ হই নৰকে কুকুৰাক খেদি নি বধ কৰিলে। সেই ঠাই এতিয়াও “কুকুৰা কটা চকি” নামে প্ৰসিদ্ধ আছে। সেই নিৰ্ম্মাণেই কামাখ্যা দেৱালয়ৰ মন্দিৰৰ আদি। কোঁছবেহাৰৰ ৰজাই তাৰ ওপৰৰ খণ্ডেহে নিৰ্ম্মাণ কৰিছে। তলৰ ভাগ এই পৰ্য্যন্ত বিশ্বকৰ্ম্মাৰ নিৰ্ম্মাণ বুলি এই প্ৰসিদ্ধ। এইৰূপ অনেক দৌৰাত্ম্য কৰাৰ পাছত শ্ৰীকৃষ্ণই নৰক ৰজাক বধ কৰি তেওঁৰ পুতেক ভগদত্তক ৰাজত্ব দিলে আৰু তেওঁৰ ৰখা কন্যা সকলক উদ্ধাৰ কৰি লই যায়৷

 নৰকৰ পাছত তেওঁৰ পুত্ৰ ভগদত্ত সিংহাসনত বহে৷ এওঁ তেওঁৰ পিতৃৰ একেবাৰে বিপৰীত স্বভাৱৰ মানুহ আছিল। এওঁৰ ধৰ্ম্মৰ প্ৰতি সদাই চকু আছিল। আৰু বড় যোদ্ধাৰু আছিল। মহাভাৰতত লেখা কুৰু পাণ্ডবৰ যুদ্ধৰ সময়ত এওঁ কৌৰৱৰ ফালে সহায় কৰিছিল। পাছে দ্ৰোণাচাৰ্য্যৰ সেনাপতিত্বৰ সময়ত যুদ্ধত কুৰুক্ষেত্ৰত প্ৰাণত্যাগ কৰে। এওঁৰ পাছত অনেক ৰজা হইছিল। কিন্তু তাৰ বিবৰণ পোৱা দুষ্কৰ। কেবল এই মাত্ৰ জানি যে সেই সকলৰ পৰাক্ৰম তেনে বিখ্যাত নাছিল। কামৰূপ জিলাৰ ৰাণী মৌজাৰ ৰজাই এনে ৰূপে প্ৰমাণ কৰিবলৈ কৃতসাধ্যে যত্ন কৰিছিল যে তেওঁবিলাক সেই ভগদত্ত ৰজাৰেই সন্তান। কিন্তু মাঝৰ কালত এই দেশৰ যেনে অৱস্থা হ’ল তাৰ আন্ধাৰৰ পৰা সেই কথা যে সঁচা এনে বাচি উলিওৱা বড় টান। যেতিয়ালৈকে আন কোনো বিশ্বাস কৰিব পৰা সূত্ৰৰ পৰা আগ গুড়ি নোলায় তেতিয়ালৈকে আমি সেই কথা বিশ্বাস কৰিবলৈ আগ বাঢ়িব নোৱাৰোঁ।

 ওপৰত কোৱা পৌৰাণিক বিবৰণ কিমান সঁচা আৰু তাৰ পৰা কিমান সঁচা কথা বাজ কৰিব পাৰি ইয়াক জনা কঠিন। কিন্তু সকলো দেশৰ ইতিহাসৰ আদি বিবৰণৰ দৰে ইয়াৰো গুড়িলৈ চালে এনেটোহে প্ৰতীতি হয় যে সেই বিবৰণৰ অধিক ভাগ কাল্পনিক আৰু ৰূপক বৰ্ণনা মাত্ৰ। তাৰ দ্বাৰা আৰ্য্য বিলাকৰ এই দেশত প্ৰাদুৰ্ভাৱ হোৱাৰ কথাহে সুন্দৰে জানিব পাৰি। আন আন পুথী আৰু বিৱৰণত যেনে ৰূপে ৰূপকৰ ছলে কোনো কথা বা ইতিহাস বৰ্ণনা কৰা অথবা উপদেশ দিয়া হইছে সেই নিয়ম ইয়াতো খাটে।

 কামৰূপৰ ওপৰত কোৱা বিবৰণৰ পৰা এই এই কথা অনুমান কৰিব পাৰি। পূৰ্ব্বৰ আৰ্য্যবিলাকৰ যি বিলাকে যোগ চিন্তা কৰিছিল সেই সকলে এই ভাৰতবৰ্ষৰ নানা ঠাইত তপস্যা আৰু যোগাভ্যাসৰ ঠাই বিচাৰি ফুৰি মুঠে একাওন খান ভাল ঠাই পালে। সেই বিলাক আকৌ এনেৰূপে চাৰিও ফালে আছে যে সকলোবিলাক চাওঁ বুলিলে ভাৰতবৰ্ষ প্ৰায় সমুদায় ভ্ৰমণ হয়। নৈসৰ্গিক শোভা আৰু স্থাননিবিড়তা বিবেচনাই তপস্যাৰ স্থান নিৰ্ণীত হইছে। সকলোবিলাক তীৰ্থৰ ঠাই চালেই এই বিষয় জানিব পাৰি। কামৰূপ ভাৰতবৰ্ষৰ এটা চুকত। ইয়াৰ দুফালে দুসাৰি পৰ্ব্বত। আৰু ইয়াৰ মাঝেৰে লৌহিত্য বা ব্ৰহ্মপুত্ৰ নদ বই ইয়াক দুফাল কৰিছে। ইয়ালৈ আহোঁতে এনে অনুমান হয় যেন এটা ঘোপলৈ অহা হইছে। ইয়াৰ উত্তৰ ফালৰ ভোটৰ পৰ্ব্বত শ্ৰেণী আৰু দক্ষিণ ফালৰ গাৰো পৰ্ব্বত শ্ৰেণী এতিয়া ৰঙ্গপুৰ জিলাৰ কৰতোয়া নদীৰ প্ৰায় সমসূত্ৰ, পাতৰ পৰা চুকীয়া হবলৈ দক্ষিণৰ পৰ্ব্বত শ্ৰেণী উত্তৰে আৰু উত্তৰৰ পৰ্ব্বত শ্ৰেণী দক্ষিণে হালি পূৰ্ব্ব ফালে গই দিককৰবাসিনীৰ সমীপৰ ঠাইতে দুইও শ্ৰেণী মিলিছে। এই খিনিকে প্ৰায় সমদ্বিবাহু ত্ৰিভুজ প্ৰদেশৰ এচুক বা কোণ বুলিব পাৰি। আৰু কৰতোয়াৰ পৰা সমসূত্ৰপাত ৰেখাকে ইয়াৰ তল বুলিব পাৰি। কৰতোয়া পৰ্য্যন্ত যে কামৰূপ ইয়াৰ বিশেষ স্বাভাবিক কাৰণ আছে। এই সমসূত্ৰ ৰেখা এড়ি ভটিয়াই গলেই আৰু পৰ্ব্বত নেদেখি আৰু ঠাই বহল হেন অনুমান হয়। আৰু তাক এড়ি উজাই আহিলেই ক্ৰমে ঘোপলৈ অহা যেন অনুমান হয়। পুৰাণতো কামৰূপৰ ত্ৰিকোণাকৃতি বুলি লেখিছে৷ ইয়াৰ স্বাভাবিক সৌন্দৰ্য্য অনেক আছে। আৰু যোগী সকলৰ যোগ অভ্যাসৰ যে ই ঠাই ইয়াত কোনো সংশয় নাই। এনে স্বাভাবিক নিভৃত ঠাই মহাপীঠ অৰ্থাৎ তপস্যাৰ অতিশয় উপযুক্ত স্থান বুলি প্ৰসিদ্ধ হইছে। আৰু এই দেশৰ যতে ততে নৈসৰ্গিক শোভা পোৱা যায়। তাৰ প্ৰমাণ অকল গুৱাহাটীতেই কিমান তেনে ঠাই আছে। সেই কাৰণে তন্ত্ৰত অত্যুক্তি ৰূপে লেখিছে বোলে আন ঠাইত দেবী বিৰল, কিন্তু কামৰূপত হলে ঘৰে ঘৰে। কামৰূপৰ আকৃতিৰ নিমিত্তেই ইয়াক মহামুদ্ৰা বা গুপ্ত পীঠ বুলি কইছে। পূৰ্ব্বৰ আৰ্য্য বিলাকে ইদেশৰ আৰু আৰু আন আন দেশৰ যোগাভ্যাসৰ ঠাই আবিষ্কাৰ কৰাৰ বৰ্ণনাই মহাদেৱৰ ভ্ৰমণ বৃত্তান্তৰ মূল।

 হিমালয়ৰ নিকটবৰ্ত্তী কাশ্মীৰ প্ৰদেশৰ স্থানীয় স্বাস্থ্য আৰু সৌন্দৰ্য্যৰ নিমিত্তে কোনো এজন মুসলমান কবিয়ে এনে বৰ্ণনা কৰি গইছে যে যদি এটা কাবাব কৰা কুকুৰা কাশ্মীৰত এবছৰ থোৱা যায় তেনেহলে সেইটো পুনৰ্জীবিত হ’ব। ইয়াৰ দ্বাৰা কেবল সি ঠাইৰ স্বাস্থ্য বিষয়ক প্ৰশংসা মাত্ৰ কৰা হইছে। সেই ৰূপে এই প্ৰদেশৰ কামৰূপ নামৰ যি অন্বয় পুৰাণত কোৱা হইছে সিও সেইৰূপ মাত্ৰ। অৰ্থাৎ মহাদেৱৰ কোপত পড়ি পোড়া হোৱা কামদেৱেও ইয়াত নিজ ৰূপ পালে ই এনেহে উত্তম ঠাই। ওপৰত কোৱা মতে ই দেশ আৰ্য্যবিলাকৰ দ্বাৰা আবিষ্কাৰ হোৱাৰ পাছত অনেক কাল পৰ্য্যন্তে আৰ্য্য বিলাক ইয়ালৈ অহ৷ নাছিল। তেতিয়া দানৱ অৰ্থাৎ অতি নিষ্ঠুৰ অসভ্য জাতিৰ ই আবাস আছিল। কালক্ৰমে আৰ্য্য স্ৰোতঃ ইয়ালৈ ব’বলৈ ধৰাত ইয়াৰে কোনো এক শ্ৰেণীৰ লোকসকলে আৰ্য্যধৰ্ম্মৰ প্ৰতি আস্থ৷ প্ৰকাশ কৰাত সেই বিলাকৰে নৰক অৰ্থাৎ প্ৰধান এজনক আৰ্য্য কৰ্ত্তৃক নৃপতি স্থাপিত হয়। আৰু সিজনেও আসুবিক আৰু ৰিপুপৰবশ ভাৱ প্ৰকাশ কৰাত আৰ্য্য কৰ্ত্তৃক তেওঁক বধ কৰা হয়। তেওঁৰ পুত্ৰ ভগদত্ত সিংহাসনত উঠে। এওঁৰ দিনত আৰ্য্যজাতিৰ সুন্দৰ গতি বিধি হইছিল আৰু এওঁ নিজে আৰ্য্যাবৰ্ত্তৰ সম্ৰাট দুৰ্যোধনক আপোনাৰ ভগিনীক দি মিত্ৰতা কৰে। আৰু পাছে তেওঁক সহায় কৰোঁতে নিজে কুৰুক্ষেত্ৰৰ যুদ্ধত প্ৰাণত্যাগ কৰে। ই সময়ত এই দেশত আৰ্য্যধৰ্ম্মৰ প্ৰতি বিশ্বাস সুন্দৰে প্ৰকাশিত আৰু বিস্তাৰিত হইছিল। কাৰণ ই দেশৰ সেই কালৰ ৰজা বিলাকে সুন্দৰে বৈদিক ধৰ্ম্মক আশ্ৰয় কৰাৰ প্ৰমাণ পোৱা গইছে।

 অতি পূৰ্ব্বকালৰে পৰা কামৰূপ হস্তীৰ নিমিত্তে বিখ্যাত। মহাভাৰতত ভগদত্তৰ যি হস্তীৰ কথা লিখা আছে তাক নধৰিলেও ৰঘুবংশকাব্যত এনে বিবৰণ পোৱা যায় যে প্ৰাগজ্যোতিষ্পুৰ বা কামৰূপৰ ৰজাই অনেক হস্তী ৰঘুৰজাক দান কৰিছিল। এই কাব্য কালিদাস কবিৰ ৰচিত। এই কবি, মহাৰাজা বিক্ৰমাদিত্যৰ দিনত প্ৰকাশিত আছিল। এই ৰজা খ্ৰীষ্ট জন্মিবৰ প্ৰায় ৫০ বছৰৰ পূৰ্ব্বে উজ্জয়িনী নগৰত আছিল। সেই কালতো ই দেশ হাতীৰ নিমিত্তে বিখ্যাত। কামৰূপৰ কোন জনা ৰজাৰ কথা তাত লিখিছে ইয়াক নিশ্চয় কৰিব নোৱাৰি।[] ভগদত্তৰ বংশ লোপ হোৱাৰ পাছত কামৰূপৰ পৰাক্ৰম আকৌ হ্ৰাস হ’বলৈ ধৰিলে৷ আৰু দেশখনো নানা সৰু সৰু ৰাজ্যত বিভক্ত হ’ল। বাৰ ভূঁয়াৰ শাসনৰ কথা, যাক আমি পাছে ক’ম, তাৰো প্ৰথম বীজ এই ৰজাৰ বংশৰ লোপ হোৱাতে হয় কিয়নো ই বংশই সমুদায় কামৰূপৰ একছত্ৰী ৰজা আছিল। এই বংশ লোপ হোৱাৰ পাছত ই দেশত নানা উপদ্ৰৱ ঘটে। প্ৰায় অনেক দিন অৰাজক ৰূপে থকা বুলিলেও হানি নাই। ভগদত্তৰ বংশৰ ৰজাবিলাকে আৰ্য্য জাতিৰ বৈদিক ধৰ্ম্মক আশ্ৰয় কৰিছিল। কোনো ৰজাৰ বংশই চিৰকাল পৃথিবীত নাথাকে।

 বৌদ্ধধৰ্ম্মৰ প্ৰাদুৰ্ভাৱ যেতিয়া ভাৰতবৰ্ষৰ চাৰিও ফালে হ’ল সি সময়ত সেই ধৰ্ম্মস্ৰোতঃ ই দেশলৈকো প্ৰবাহিত হইছিল। আৰু সেই সময়তহে ভগদত্তৰ বংশৰ হাতৰ পৰাই ই দেশ একেবাৰে যায়। তেতিয়া ই দেশত বৌদ্ধধৰ্ম্মৰ ৰজাই ৰাজত্ব কৰিছিল। এই দেশত ঠাইয়ে ঠাইয়ে যি যি মন্দিৰ বা মন্দিৰৰ ভগ্নাৱশেষ বা মূৰ্ত্তি আছে তাত বৌদ্ধ বিলাকৰ মূৰ্ত্তিৰ গঢ় গঠন অনেক দেখি। বিশেষ গুৱাহাটীৰ শুক্ৰেশ্বৰ দেৱালয়ৰ লুইতৰ দাঁতিত যি মূৰ্ত্তি আছে যাক সাক্ষী জনাৰ্দ্দন বোলে, সেই মূৰ্ত্তিৰ আকৃতি বৌদ্ধ মূৰ্ত্তিৰ আকৃতি সদৃশ। হাজোত হয়গ্ৰীৱমাধব নামে যি দেৱালয় আছে সেই দেৱতাক দৰ্শন কৰিবলৈ এতিয়াও ভোটবিলাক আহে। সিহঁতে কয় বোলে এই দেৱতা সিহঁতৰ দেশৰ পৰা আহিছে। মগধ- দেশত বৌদ্ধ ধৰ্ম্মৰ সুবিখ্যাত অশোক নামে ৰজাই যেতিয়া সেই ধৰ্ম্ম আলোচনা কৰিবলৈ এক মহাসভা কৰে যি সভালৈ চীন, তীব্বত, ব্ৰহ্মা, প্ৰভৃতি দেশৰ পৰা লোক আহিছিল, সেই সভালৈ কামৰূপৰ পৰাও লোক গইছিল। এনে আশঙ্কা হ’ব পাৰে যে ই দেশত বৌদ্ধধৰ্ম্ম প্ৰৱল হোৱাহলে তাৰ চিন থাকিল হেঁতেন। প্ৰকৃতে হলে মানুহৰ ধৰ্ম্মভাৱত এতিয়া বৌদ্ধধৰ্ম্মৰ একো চিন নেদেখি। কিন্তু সাধাৰণ ৰূপে হ’লে সেই ধৰ্ম্মৰ প্ৰাদুৰ্ভাবৰ অনেক চিন পোৱা যায়। কামাখ্যাৰ যি মন্দিৰ পূৰ্ব্বে কৰা হইছিল, সি ভাগিছিগি গই তাৰ ওপৰত মাটি হই গছ গজিছিল। নৰনাৰায়ণ ৰজাৰ দিনতহে তাক আবিষ্কাৰ কৰা হই পুনৰায় নিৰ্ম্মাণ কৰা হ’ল৷ আৰু যোগিনীতন্ত্ৰ পুথী চাই কামাখ্যাৰ মন্দিৰ আবিষ্কাৰ কৰা হয়, তাৰো কাৰণ এই যে, বৌদ্ধ বিলাকৰ দিনৰে পৰা দেবীৰ পূজাৰ প্ৰতি লোকৰ শ্ৰদ্ধা নোহোৱাত মন্দিৰৰ তেনে দশা হইছিল। ইয়াৰ পূৰ্ব্বে অনেক প্ৰবল ৰূপে হিন্দু ধৰ্ম্ম চলতি হোৱাতো প্ৰায় শঙ্কৰদেৱৰ দিন লৈকে লোক বিলাক অনাচাৰী আছিল আৰু সেই দেখি সেই দিনত সেই লোকবিলাকক “বৌদ্ধ চাৰী” বুলি কইছিল। গুৰু কথা চৰিত্ৰ পুথীত লেখা আছে বোলে যেতিয়া শঙ্কৰদেৱে উজনিৰ বেলগুড়িৰ ধুঁৱাহুটা নামে ঠাইত থাকে তেতিয়া বৌদ্ধ মতৰ দুজন টাটকীয়া মানুহ লগ পাইছিল। সেই দুজনৰ এজনে ব্যাধি আৰু এজনে বেজ হই খাই ফুৰিছিল, পাছে তেওঁ পাষণ্ড মৰ্দ্দন নামে গীত লোকক শিকাই দিওৱাত সেই গীত সকলোৱে গাই ফুৰাত, সি দুজন বৌদ্ধে ভোটৰ দাঁতিপাৰে গ’ল। যি মগধ দেশত বৌদ্ধ ধৰ্ম্মৰ মূল উৎপত্তি হয় তাতো বৌদ্ধধৰ্ম্মক আশ্ৰয় কৰা লোক নাই কেবল বৌদ্ধ গয়া নামে ঠাইত বৌদ্ধৰ মন্দিৰ মাথোন আছে। শঙ্কৰাচাৰ্য্যৰ সময়ৰ পৰা যেতিয়া আকৌ হিন্দু ধৰ্ম্ম উজ্জ্বল হই চলিবলৈ ধৰিলে তেতিয়া সেই ধৰ্ম্ম একেবাৰেই দেশৰ পৰা গুছিল। সেইৰূপে ই দেশৰ পৰাও বৌদ্ধ ধৰ্ম্ম লোপ হল হয় তথাপি বৌদ্ধবিলাকৰ দেৱালয় হয়গ্ৰীব মাধব থকাত আমি কোৱা সময়ত যে এই ধৰ্ম্ম, যে প্ৰচাৰ আছিল তাৰ কোনো সংশয় নাই। আমাৰ ই দেশৰ কেতবিলাক আচাৰ ব্যৱহাৰৰ দ্বাৰাইও বৌদ্ধ মত ই দেশত চলতি থকাৰ প্ৰমাণ পোৱা যায়। ইয়াৰে কেতবিলাক আচাৰ ব্যৱহাৰৰ আন আন কাৰণ বা অভিপ্ৰায় থাকিলেও বৌদ্ধাচাৰ প্ৰৱলে ই যে তাৰ মূল কাৰণ ইয়াক নুই বুলিব নোৱাৰি। ভাৰতবৰ্ষৰ অন্যান্য দেশৰ দৰে ই দেশত জাতিৰ প্ৰতি তেনে দৃঢ়তা নাই। ইয়াৰ তিৰোতা বিলাকে সৰহ বয়সলৈকে আবিঐ হই থাকে আৰু আপোনাৰ ইচ্ছা অনুসাৰে পতি গ্ৰহণ কৰে। আমাৰ দেশত কোনো তিৰোতাই বিয়া নকৰোৱাকৈ পতি গ্ৰহণ কৰি পাছে লৰাচোৱালী হোৱাৰ পাছতো বিবাহ কৰায় আৰু কাৰো ঘৰত কোনো চোৱালী বা বেটী চোৱালী থাকিলে তালৈ মানুহ চপালে তাৰ যি সন্তান হয়, সি সন্তানৰ প্ৰতি সি সন্তানৰ জন্মদাতাৰ স্বত্ব ন থকা নিয়ম সম্পূৰ্ণ বৌদ্ধ মত চলা ব্ৰহ্মা, চীন, প্ৰভৃতি দেশৰ নিয়মৰ সদৃশ।

 ভাৰতবৰ্ষৰ কপিলাবস্তু নামে ঠাইত শাক্যসিংহে বৌদ্ধধৰ্ম্ম প্ৰচাৰ কৰি মৃত্যু হয়। তেওঁৰ ধৰ্ম্ম ভাৰতৰ অধিকাংশ ঠাইত আৰু ব্ৰহ্মা, চীন প্ৰভৃতি দেশত ব্যাপ্ত হয়। অসম দেশতো সেই ধৰ্ম্ম প্ৰবৰ্ত্তে বৌদ্ধধৰ্মাবলম্বী পালবংশৰ ১৭ জনা ৰজাই কামৰূপত ৰাজত্ব কৰা জনা গইছে। তেওঁ বিলাকৰ নাম এই জয়ন্ত, চক্ৰপাল, ভূমিপাল, দক্ষপাল, প্ৰেমপাল, পক্ষপাল, চন্দ্ৰপাল, নাৰায়ণ পাল, মধু পাল, ইন্দ্ৰ পাল, সিংহ পাল, কৃষ্ণ পাল, সুপাল, গন্ধ পাল, মাধব পাল, শ্যাম পাল আৰু লক্ষ্মী পাল। এওঁ বিলাকৰ মাঝত লক্ষ্মী পালে ৭৭ বছৰ আৰু ই কেইজনৰ প্ৰত্যেকেই ১০৫ বছৰ ৰাজত্ব কৰা জানি। কিন্তু কোন জনে ক’ত কিৰূপে ৰাজত্ব কৰিছিল তাক নিশ্চয় কৰা কঠিন। লক্ষ্মী পালৰ পাছত সুবাহু নামে এজনা ৰজা হই আকৌ ১০৫ বছৰ ৰাজত্ব কৰে। এওঁ অপুত্ৰক থকাত তেওঁৰ মন্ত্ৰী সুমতি সিংহাসনত বহে। এই ৰূপে ৰাজত্ব কৰাৰ যি দীৰ্ঘকাল নিৰ্ণীত হইছে তাক বিশ্বাস কৰিব নোৱাৰি। বৌদ্ধধৰ্ম্মাবলম্বী পাল বংশৰ ৰজাই এই দেশত ৰাজত্ব কৰাৰ কথা জনা গইছে। এই কেই জনৰ মাজতেই যে কেইবা জন বৌদ্ধ ধৰ্ম্মৰ ৰজা এইটো অসম্ভব নহয়। এখান প্ৰাচীন বুৰঞ্জীত ধৰ্ম্ম পাল, ৰত্ন পাল, সোম পাল, প্ৰতাপ সিংহ, আভিমত, হিঙ্গুয়া, ৰত্ব সিংহ নামে কেই জন মান বজাৰ নাম পোৱা যায়। এই কেই জনাও ক’ত কেতিয়া ৰাজত্ব কৰে নিশ্চয় নাই। কামৰূপৰ লোহিত্যপুৰত মিনাঙ্ক ৰজাই ৫০ বছৰ, গজাঙ্ক ৰজাই ৫০ বছৰ, শৃকবাঙ্ক ৰজাই ৪০ বছৰ, মৃগাঙ্ক ৰজাই ৫০ বছৰ ৰাজত্ব কৰে। তেওঁৰ পাছত ফিঙ্গুয়া নামে এজন৷ ৰজা হইছিল। এই জনা ৰজাৰ ৰাজত্বত মুসলমানৰ মছলন্দগাজি নামে এজনা নবাৱে লোহিত্যপুৰ আক্ৰমণ কৰি ২৫ বছৰ ৰাজত্ব কৰে। এই লোহিত্যপুৰ কোন ঠাইত নিৰ্ণয় কৰা টান। ফিঙ্গুয়া ৰজাই এতিয়াৰ কামৰূপ জিলাত বৈদৰ গড় নামে এঠাইত এক গড় নিৰ্মাণ কৰা বুলি প্ৰসিদ্ধ এতেকে সেই ঠাই এই যে লোহিত্যপুৰ এনে অনুমান কৰিব পাৰি। মুসলমানৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ ফিঙ্গুয়া ৰজাই সেই গড় নিৰ্ম্মাণ কৰে এনে অনুমান হয়।

 শকাদিত্যৰ শকঁৰ আৰম্ভতে দেবেশ্বৰ নামে এজনা ৰজা হয়। এওঁৰ নগৰ কত আছিল তাৰ একো নিশ্চয় নাই। এওঁ দেবীৰ পূজা ঘুৰি আকৌ দেশত প্ৰচাৰ কৰে। আৰু মন্দিৰৰ প্ৰতিও মন দিয়ে। বৌদ্ধ বিলাকৰ প্ৰভাব তেতিয়া লৈকো নিঃশেষ হোৱা নাছিল। যদিচ তেওঁ কৃতকাৰ্য্য হব নোৱাৰিলে তথাপি লোপ হব খোজা পূজা আৰু ধৰ্ম্মৰ প্ৰতি আস্থা প্ৰদান কৰাতে তেওঁৰ নাম বিখ্যাত হল। এওঁৰ পাছতো কোন কোন ৰজা কেতিয়া হয় তাৰ বিবৰণ পোৱা না যায়। কেৱল এই মাত্ৰ অনুমান হয় যে বৌদ্ধাচাৰি কোনো ৰজাৰ বংশে ইয়াত ৰাজত্ব কৰে। পাছে বৌদ্ধধৰ্ম্ম কালক্ৰমে এই দেশৰ পৰা লোপ হই যাবলৈ ধৰা সময়ত আৰু তাৰ পাছত ঠাইয়ে ঠাইয়ে সৰু সৰু ৰজাৰ ৰাজত্ব হোৱাৰ অনুমান হয়।

 কৰতোয়া নদীৰ পৰা জন্ম হোৱা নাগশঙ্কৰ নামে এজনা ব্ৰাহ্মণ ৰজাৰ নাম ৰবিনসন সাহাবে লেখিছে। এইটী তেওঁ যোগিনী তন্ত্ৰৰ পৰা পোৱা লেখে। এই জনা ৰজাৰ বিষয়ে সংশয় জন্মে। এই বিবৰণ আছে যে ব্ৰহ্মপুত্ৰৰ বংশও কামৰূপত ৰাজত্ব কৰিছিল। অনুমান হয় এই ব্ৰহ্মপুত্ৰৰ বংশই কৰতোয়াৰ বংশ বুলি পৰিচয় হইছে। এই বংশৰ আদি উৎপত্তি বিষয়ে এনে কথা প্ৰচাৰ আছে বোলে এজনা ব্ৰাহ্মণৰ যুবতী কন্যা এদিনা ব্ৰহ্মপুত্ৰ স্নান কৰিবলৈ যোৱাৰ পাছত তেওঁৰ এটি পুত্ৰ জন্মে সেই পুত্ৰই কামৰূপৰ ৰজা হয়। এই ৰজাৰ নাম কি কত আছিল একো মীমাংসা কৰিব নোৱাৰি। ওপৰত কোৱা কৰতোয়া নদীৰ পুত্ৰই যে এই জন ৰজা এনে, অনুমান হয়। ফলিতাৰ্থে এই কথাটি মুঠে কাল্পনিক কথা মাত্ৰ। কোনো এজনা অজ্ঞাতকুলশীল জাৰজ ব্ৰাহ্মণ সন্তানেই যে ৰজা হইছিল এইহে নিশ্চয়। কামৰূপত যে ব্ৰাহ্মণ বংশৰ ৰজা হৈছিল এইটো নিশ্চয়। শকাব্দা ৫৫১ শঁকত চীন দেশৰ হিয়ান সাঙ নামে এজনা ভ্ৰমণকাৰী বৌদ্ধ তীৰ্থযাত্ৰা উপলক্ষে কাবুলৰ বাটেৰে ভাৰতবৰ্ষলৈ আহে তেওঁ ৫৬০-৬১ শঁকত কামৰূপলৈ আহে। এই দেশক চীন ভাষাত “কিয়ামলুপ” বুলি লিখিছে। এখান বৰ নদী অৰ্থাৎ ব্ৰহ্মপুত্ৰ পাড় হই হিয়ান সাঙ কামৰূপৰ ৰাজধানী এতিয়াৰ গুৱাহাটী সেই সময়ৰ প্ৰাগজ্যোতিপুৰলৈ আহে। এতিয়া গুৱাহাটী যেনে ব্ৰহ্মপুত্ৰৰ দুইও পাড়ে সেই সময়তো দুইও পাড়ে ৰাজধানী আছিল। সেই সময়ত ব্ৰাহ্মণ জাতিৰ কুমাৰ ভাস্কৰ বৰ্ম্মা কামৰূপৰ ৰজা আছিল। এওঁ ব্ৰাহ্মণ হইও বৌদ্ধ ধৰ্ম্মৰ প্ৰতি বিদ্বেষ নকৰিছিল। বৃত্তি বিধান দিছিল৷ ৫৬৫ শঁকত কনৌজপুৰ বা কান্যকুব্জত যি এটী বৌদ্ধধৰ্ম্মোৎসব হয় তালৈ ভাস্কৰ বৰ্ম্মা পাটলিপুত্ৰ বা পাটনাৰ চক্ৰৱৰ্ত্তী হৰ্ষবৰ্দ্ধন নামে ৰজাৰ লগত যোৱাও জনা গইছে। সেই সময়ত কামৰূপত হিন্দু দেৱতাৰ মন্দিৰ অনেক আছিল। বৌদ্ধ মন্দিৰ এটী মাত্ৰ আছিল। হাজোৰ দেৱালয়কে ভ্ৰমণকাৰীয়ে লক্ষ্য কৰা অনুমান হয়। কামৰূপৰ প্ৰজা সকলো প্ৰায় হিন্দু ধৰ্মাবলম্বী আছিল। বৌদ্ধ সকলে সেই মন্দিৰলৈ গই উপাসনা কৰিছিল। আৰু ধৰ্ম্ম শিক্ষাৰ নিমিত্তে প্ৰয়াগৰ ওচৰৰ নালিন্দা নামে ঠাইলৈ গইছিল। হিয়ান সাঙে কইছে বোলে কামৰূপৰ মাটী উৰ্ব্বৰা আৰু দ। কঠাল আৰু নাৰিকল এই দেশত যথেষ্ট পোৱা যায়। ইয়াৰ লোক সকলে এই ছবিধ ফল বড় আদৰেৰে খায়। ইয়াৰ জল আৰু বায়ু স্বাস্থ্যকৰ। ইয়াৰ লোক সকল কটীয়া আৰু দেখিবলৈ ভয় লগা হলেও ইহঁতৰ স্বভাব ভাল। ইহঁতৰ বিদ্যাৰ প্ৰতি উৎসাহ প্ৰৱল। কামৰূপৰ ভাষা মধ্য ভাৰতবৰ্ষৰ লোক সকলৰে স্বতন্ত্ৰ হিয়ান সাঙে আৰু কইছে বোলে কামৰূপৰ ৰাজধানীৰ পৰিধি ৫ কি ৬ মাইল আৰু দেশৰ পৰিধি প্ৰায় ২০০০ মাইল। কামৰূপৰ পূৰ্ব্ব সীমাতে চীন দেশৰ সু নামে এজাতি লোক বাস কৰে। সেই ঠাইলৈ যোয়া বাট অতি দুৰ্গম, প্ৰায় দুমাহ লাগে। কামৰূপৰ পূৰ্ব্ব দক্ষিণ সীমাত বনৰিয়া হাতী বিস্তৰ। হিয়ান সাঙে লেখিছে বোলে ব্ৰাহ্মণ জাতিৰ ৰজাই অনেক দিন ৰাজত্ব কৰিছে। হিয়ান সাঙৰ এই বিবৰণ পাঠ কৰি ১৩০০ বছৰ পূৰ্ব্বে দেশৰ কেনে অৱস্থা আছিল জানিব পাৰি। অতি অলপতে নগাওঁৰ এঠাইত এখান তামৰ ফলী ওলাইছিল তাতো বৰ্ম্মা উপাধিৰ কোনো ৰজাই কোনো ব্ৰাহ্মণক ভূমি দান কৰাৰ বিবৰণ পোয়া গইছে। ইয়াৰ দ্বাৰা জনা যায় যে কামৰূপত ব্ৰাহ্মণ জাতিৰ ৰজা আছিল। সেই ৰজায়ে এই ব্ৰাহ্মণ বংশৰে ইয়াত সন্দেহ কৰিব লগীয়া নাই। হিয়ান সাঙে এই দেশলৈ অহাৰ সময়ত এতিয়াৰ সমুদায় আসাম ৰাজ্য ব্ৰাহ্মণ বংশৰ ৰজাৰ অধীন আছিল। এওঁ বিলাকৰ অধীনে অনেক ক্ষুদ্ৰ ক্ষুদ্ৰ ৰজা আছিল। চিৰকাল কোনো কথাই স্থিৰ নাথাকে। এই বংশৰ ৰজা সকল দুৰ্ব্বল হল আৰু ক্ষুদ্ৰ ক্ষুদ্ৰ ৰজা সকলৰ ক্ষমতা বৃদ্ধি হলএ এই বংশ লোপ পালে। কিন্তু কি ৰূপে কেতিয়া লোপ পালে নিশ্চয় নাই।

 এতিয়াৰ দৰঙ্গ জিলাত নাগশঙ্কৰ নামে এক শিৱৰ দেৱালয় আছে। নাগাক্ষ নামে ৰজাই এই দেৱালয় প্ৰতিষ্ঠা কৰে। ওপৰত কোৱা নাগশঙ্কৰ ৰজাই যে এই নাগাক্ষ ৰজা এইটী বিশ্বাস কৰিবলৈ বহু কাৰণ পোৱা যায়। নাগশঙ্কৰ দেৱালয়ৰ ওপৰৰ প্ৰতাপপুৰ বা প্ৰতাপগড়ত এই জনা ৰজাৰ নগৰ থকা বুলি কয়। সেই হলে নাগশঙ্কৰ ৰজাৰ ৰাজধানী সেই ঠাইতে আছিল শকাদিত্যৰ শকৰ তিনিশ বছৰ মানৰ পাছত এই জনা ৰজা হয়। তেওঁৰ বংশৰ কেইবা জনাও ৰজা হই যোৱাৰ পাছত সেই বংশৰ নাশ হয়। এই বংশৰ ৰজাবিলাকে প্ৰায় ৪০০ বছৰমান ৰাজত্ব কৰে। কামৰূপৰ এই বংশৰ বজাবিলাকে দৰঙ্গ জিলাত থকা বুলি অনুভব হয়। ব্ৰহ্মপুত্ৰৰ দিক্ষণ কূলত আৰিমত্ত নামে এক ৰজাৰ বিবৰণ পোৱা যায়। এনে প্ৰবাদ আছে বোলে প্ৰতাপপুৰৰ কোনো ৰজাৰ ৰাণীৰে সইতে ব্ৰহ্মপুত্ৰৰ গুপ্ত সমাগম হোৱাত এইজনা ৰজাৰ জন্ম হয়। এওঁৰ আকৃতি আড়ি মাছৰ সদৃশ খকাত এওঁৰ নাম আড়িমাও দিয়া হল। এওঁ দক্ষিণ কূলত আহি ৰাজ্য স্থাপন কৰে। এই কথা জনশ্ৰুতি মাত্ৰ প্ৰকৃতে এই অনুমান হয় যে নাগশঙ্কৰ বা নাগাক্ষ ৰজাৰ বংশৰ কোনো এজনা ৰাণীৰ জাৰজ সন্তান এটি সেই বংশৰ ধ্বংসৰ কিঞ্চিৎ কাল পূৰ্ব্বে প্ৰতাপগড়ৰ পৰা আহি, দক্ষিণ কুলৰ অনেক ভাগ কছাৰী আৰু জয়ন্তা ৰজাৰ পৰা লই অধিকাৰ কৰে। এওঁৰ অধিকাৰ গুৱাহাটীৰ ওচৰৰ ৰাণীৰ পৰা নগাওঁৰ ৰহা পৰ্য্যন্ত বিস্তাৰ আছিল। এওঁৰ জোঙ্গাল বলহু নামে এক পৰাক্ৰমী পুত্ৰ আছিল। কছাৰী ৰজাই সইতে সদাই ৰাজ্যৰ নিমিত্তে বিৰোধ লাগি থকাত তেওঁ এটি গড় নিৰ্ম্মাণ কৰে। সেই গড়ৰ ভগ্নাবশেষ এতিয়াও নগাওঁৰ শহৰী মৌজাত আছে। ইয়াকে জোঙ্গাল বলহুৰ গড় বুলি কয়। জোঙ্গাল বলহুয়ে সইতে যুদ্ধত নোৱাৰি কছাৰী ৰজাই সন্ধি কৰে আৰু এজনী ৰাজকুমাৰী জোঙ্গাল বলহুক বিবাহ দিয়ে। কিছুকালৰ পাছত এই কছাৰী ৰাজকুমাৰীৰ ষড়যন্ত্ৰত কছাৰী ৰজাই সইতে কাপিলীৰ তীৰত এক যুদ্ধ হয়। তাতে জোঙ্গাল বলহু পৰাস্ত আৰু ক্ষত বিক্ষত হই কিলিঙ্গ নদীত পড়ি উটি যায়। এই ঘটনাৰ পৰাই এনে কথা কোৱা আছে বোলে তেওঁ “ৰহাত ৰহিল জাগিল ব’হাত বহিল।” প্ৰকৃত পক্ষে হলে নদীত পড়ি উটি যোৱাৰ পাছত তেওঁ কোনো ঠাইত গই মৃত্যু হল। ইফালে তেওঁৰ স্থাপিত নগৰ কছাৰী বিলাকে আক্ৰমণ কৰি অধিকাৰ কৰিলে।

 কামৰূপৰ ডিমৰুৱাৰ ৰজা এই আড়িমও ৰজাৰ কোনো পুত্ৰৰ সন্তান বুলি কয়। এই পৰ্যন্ত সেই ডিমৰুৰ ৰজাৰ বংশ সকলে প্ৰকৃত প্ৰস্তাবে আপনাৰ পূৰ্ব্বপুৰুষৰ জন্মৰ সম্ভ্ৰমৰ অৰ্থে কিন্তু দেখাত হলে একে গোত্ৰ বা বংশ বুলি আড়িমাছ নে খায়। এইবিলাক ঘটনাৰ কাল নিৰ্ণয় কৰা কঠিন।

 নাগশঙ্কৰৰ বংশ ধ্বংস হোৱাৰ পাছত উজনিত ছুটীয়া নামে এজাতি মানুহৰ প্ৰাধান্য হয়। ইহঁতৰ ৰজা শিৱৰ ভঁড়ালী কুবেৰৰ সন্তান। এইটো তদ্ৰূপ আন কথাৰ দৰে কাল্পনিক মাত্ৰ। ব্ৰহ্মপুত্ৰৰ বংশৰ শেষ কোনো এজনা ৰজাৰ ভাঁড়ালী বা লিগিৰী এজনে উজাই গই সেই জাতিক আক্ৰমি ৰাজত্ব কৰিলে। কালক্ৰমে এই বংশৰ লোপ হোৱাৰ পাছত এই বিলাকেই ৰজা হ’ল। পাছত আহোম বিলাকে ছুটীয়া ৰাজ্য লোৱাত তাৰে অনেকে গই সেই দৰঙ্গ জিলাৰে এফালে ছুটীয়া প্ৰদেশ পাতিলে। ছুটীয়া জাতি প্ৰধান হই স্বতন্ত্ৰ ৰজাৰ অধীন হোৱাত সিহঁতে সমুদায় উত্তৰ পাৰ লইছিল। পাছে ক্ৰমে সিহঁতৰ পৰাক্ৰম হ্ৰাস হই যোৱাত সিহঁতৰ নিমিত্তে মুঠে সেই পূৰ্ব্বৰ ঠাই খিনিহে ৰ’ল। যেতিয়া আহোম বিলাক এই দেশলৈ আহে তেতিয়া সিহঁতৰ পূৰ্ব্বৰ ঠাইতহে পালে। ওপৰত কোৱা বিবৰণ দ্বাৰা কামৰূপৰ উজনি অঞ্চলৰহে অলপ বিবৰণ জানি। নামনি খণ্ডৰ বিষয়ে বেলেগ কথা আছে।

 কামৰূপৰ নামনি খণ্ডত জীতাৰি নামে এজনা ক্ষত্ৰিয় সন্ন্যাসী ভাটীৰ পৰা আহি ৰজা হইছিল। এওঁ পশ্চিম প্ৰদেশৰ লোক। এওঁৰ দিনতে কামৰূপৰ গুৱাহাটী একেবাৰে পৰিত্যাগ কৰা হয়। তেওঁৰ নিজৰ দেশৰ ওচৰলৈ ভাটীয়াই এওঁ নগৰ নিলে। কিন্তু কলৈ নিলে ইয়াক কব নোৱাৰি। এওঁ আৰু এওঁৰ পাছত জল্পেশ্বৰ নামে এজনা ৰজা হয়। তেওঁৰ ৰাজধানী এতিয়াৰ জলপাইগুৰী য’ত জল্পেশ্বৰ নামে দেৱালয় আছে ত’ত আছিল। এই জনা ৰজাই জল্পেশ্বৰ দেৱালয় স্থাপন কৰে। আৰু শিৱৰ পূজা প্ৰচাৰ কৰে, কিয়নো সন্ন্যাসী বিলাকৰ প্ৰায় শিৱই ইষ্ট দেৱতা। কামৰূপৰ এই নামনি খণ্ডকেই আমাৰ দেশত বড় ছেড়ী দেশ বোলে। কোনো বুৰঞ্জীৰ মতে জীতাৰীএ ৬২ বছৰ আৰু তেওঁৰ পুত্ৰ সুবলিকে ১০৫ বছৰ ৰাজত্ব কৰে। এওঁৰ পাছত পদ্মনাৰায়ণ, চন্দ্ৰ নাৰায়ণ, মহেন্দ্ৰ নাৰায়ণ, গজেন্দ্ৰ নাৰায়ণ, ৰাম নাৰায়ণ, জয় নাৰায়ণ, খোব নাৰায়ণ আৰু ৰামচন্দ্ৰ প্ৰত্যেকে ১০৫ বছৰ ৰাজত্ব কৰে। ৰামচন্দ্ৰৰ দিনতে এই বংশ লোপ পায়। কিন্তু ইয়াৰ সময় নিৰ্ণয় কৰা অতি কঠিন। আৰু যি ৰূপে লেখিছে তাক বিশ্বাস কৰাও টান।

 এই দেশত পৃথু নামে এজনা ৰজাও আছিল, এওঁৰ আৰু এওঁৰ পৰিবাৰ সকলৰ অনেক কীৰ্ত্তি ৰঙ্গপুৰ অঞ্চলত আছে। ধৰ্ম্মপাল নামে এজনা ৰজাৰো নাম পোৱা যায়। এইজনা ৰজাই এই দেশৰ ব্ৰাহ্মণক দিয়া বৃত্তি আছে। কামৰূপ জিলাৰ শুৱাল কুচিৰ “বাশৰীওয়া ব্ৰাহ্মণ” নামে খ্যাত থকা ব্ৰাহ্মণ সকলৰ ভূমি বৃত্তি এই ধৰ্ম্মপাল ৰজাই দিয়া। এতিয়াৰ তেজপুৰলৈকে এইজনা ৰজাৰ আধিপত্য থকা সুন্দৰে জানিব পৰা গইছে। কোনো কোনোৱে এনে ভাবে যে বঙ্গদেশত পালবংশৰ নাশ হোৱাৰ পাছত সেই বংশৰে কোনো এজনাই কামৰূপৰ পশ্চিম ভাগত অৰ্থাৎ এতিয়াৰ ৰঙ্গপুৰৰ বগুৰা মহকুমাৰ কোনো ঠাইত নগৰ কৰিছিল। আৰু সেই বংশৰে সেই ধৰ্ম্মপাল ৰজা।

 সেই ঠাইত এজন ব্ৰাহ্মণৰ এটা গোৰক্ষক আছিল। তাৰ স্বভাৱ বড় অশান্ত আছিল। আৰু সি সকলোৰে অন্যায় কৰিছিল। পাছে এদিনা সেই ল’ৰা পথাৰৰ পৰা নহাত বাপুয়ে বিচাৰি গই দেখিলে সি এজোপা গছৰ তলত শুই আছে আৰু মূৰত অলপ ৰ’দ পড়াত এটা ফেঁট গোম সাপে ফেঁট মেলি ছাঁদিছে। ইয়াকে দেখি বাপুয়ে ভয় খালে। বাপুক দেখি সাপ লৰ মাৰি পলাল। পাছে বাপুয়ে ল’ৰাৰ ওচৰলৈ গই দেখিলে তাৰ ভৰিত অষ্ট দল পদ্ম ত্ৰিশূল আৰু পদ্মৰেখো আছে। ইয়াকে দেখি বাপুয়ে তাক জগাই ঘৰলৈ লই গ'ল। আৰু হীন কৰ্ম্ম কৰিবলৈ নিষেধ কৰিলে৷ আৰু এদিনা তাক এই বুলি প্ৰতিজ্ঞা কৰালে যে যদি সি কেতিয়াবা ৰজা হয় তেওঁক মন্ত্ৰী পাতিব। কালক্ৰমে সেই ব্ৰাহ্মণৰ মন্ত্ৰণাৎ পালবংশৰ শেষজনা ৰজা অতিশয় দুৰ্ব্বল হোৱাত তেওঁক ভাগি সেই গৰখীয়াই ৰজা হ’ল। এইটি সম্পূৰ্ণ কাল্পনিক কথা। ভাৰতবৰ্ষৰ মধ্য প্ৰদেশত এক ৰাজ্যত খ্ৰীষ্টৰ চতুৰ্দ্দশ শতাব্দিত এইৰূপ এক আখ্যান থক৷ এজনা ৰজা হইছিল আৰু সেই ৰাজ্যক “ব্ৰাহ্মণ ৰাজ্য” বুলিছিল। প্ৰকৃতে হলে ৰজাৰ দৌৰ্ব্বল্য আৰু প্ৰজা বিলাকৰ পৰস্পৰ বিৰোধ হোৱাত এজন অজ্ঞাতকুলশীল মানুহ ৰজা হোৱা কথাই এই কাহিনীৰ মূল।

 এইজনা ৰজাই পূৰ্ব্বৰ প্ৰতিজ্ঞা অনুসাৰে সেই বাপুক মন্ত্ৰী পাতিলে। আৰু তেওঁৰ মন্ত্ৰণাৰে সকলো কাৰ্য্য কৰিছিল। এওঁ নীলধ্বজ নাম ললে আৰু বৈদিক আচাৰ অনেক প্ৰবৰ্ত্তালে। মিথিলা দেশৰ পৰা অনেক ব্ৰাহ্মণ অনাই পাতিলে। আৰু পুৰণি নগৰ গুছাই কমতাপুৰ নামে এখান নগৰ পাতিলে।[] আৰু আপুনি কমতেশ্বৰ উপাধি ল'লে। সেই ৰজাই আপোনাৰ কুলীয়া খেন বিলাকক “সচ্ছুদ্ৰ” বা ভাল শূদিৰ বুলি প্ৰকাশকৰি দিলে। নীলধ্বজৰ পাছত তেওঁৰ পুতেক চক্ৰধ্বজ আৰু তেওঁৰ পাছত নীলাম্বৰ কমতাপুৰৰ ৰজা হয়। ঘোড়া ঘটৰ গড় আৰু আন আন অনেক আলি এইজনাই নিৰ্ম্মাণ কৰে। নীলাম্বৰ ৰজাৰ ৰাণীৰ প্ৰতি তেওঁৰ মন্ত্ৰীৰ পুতেকৰ আসক্তি আছিল। ইয়াক ৰজাই ভু পাই এদিনা সেই মন্ত্ৰীৰ পুতেকক ধৰাই বধ কৰালে। আৰু তাৰ মাংস ৰন্ধাই মন্ত্ৰীক খুৱালে। তাৰ পাছত সেই পুতেকৰ মূৰ তেওঁক দেখালে আৰু মন্ত্ৰীয়ে কি খালে আৰু পুতেকৰ অপৰাধৰ কথা ৰজাই মন্ত্ৰীৰ আগত পাছে কোৱাত মন্ত্ৰীয়ে দোষ চাই দণ্ড হইছে বুলি কই ঘৰলৈ আহিল। পতিত সংসৰ্গৰ নিৰ্মত্তে প্ৰায়শ্চিত্ত হই সেই পাপ মোচনৰ অৰ্থে মন্ত্ৰী গঙ্গাতীৰলৈ গ'ল[]

 এই তীৰ্থ যাত্ৰা কেৱল ছল মাত্ৰ আছিল। তেওঁ গঙ্গা স্নান কৰি গৌড় নগৰৰ হুসেনশা নবাবৰ তলৈ গই ৰাজ্যৰ দুৰ্ব্বলতা জনোৱাত নবাবে অনেক সৈন্য পঠালে। সেই সৈন্যে সইতে কমতেশ্বৰৰ ঘোৰ যুদ্ধ হ’ল। বাৰ বছৰ এই ৰণ থাকে। তেও কোনেও কাকো পৰাস্ত কৰিব নোৱাৰিলে৷ পাছে মুসলমান বিলাকে কেতবিলাক দোলাৰ ভিতৰত অস্ত্ৰে সইতে সিপাহী থই এনে ৰূপে নীলাম্বৰৰ তলৈ সম্বাদ পঠালে বোলে এতিয়া তেওঁ বিলাকে ৰণ এড়ি ভাটীলৈ যাব। কিন্তু তাৰ পূৰ্ব্বে ৰাণীয়ে সইতে তেওঁ বিলাকৰ তিৰুতা সকলে সাক্ষাৎ কৰি চিনা পৰিচয় হ’ব খোজে। নীলাম্বৰে এই কথাত মান্তি হোৱাত পাছদিনা নগৰৰ ভিতৰলৈ দোলাবোৰ আহিবলৈ আজ্ঞা দিয়া হ'ল। পাছে যেতিয়া সকলো দোলা আহিল তাৰ পৰা অস্ত্ৰধাৰী সৈন্য বিলাক ওলাই একেবাৰে নগৰ অধিকাৰ কৰি ৰজাক বন্দী কৰিলে। কোনোএ কয় বোলে সেই ৰজাক বন্দী কৰি গৌড় দেশলৈ লই গল। আৰু কোনোএ কয় বোলে তেওঁক মাৰিলে। আৰু কোনোএ কয় বোলে ৰজা প্ৰাণ ৰাখি পলাই গ'ল। সেই বিলাক যেই বা নহওক এইটি নিশ্চয় যে মুসলমান-বিলাকে সেই নগৰ অধিকাৰ কৰিলে নীলাম্বৰ ৰাজ্য ভ্ৰষ্ট হ'ল। আৰু ১৪২০ শঁকত কমতাপুৰত মুসলমানৰ জয়পতকাউঠিল। পাছে এনেহে যে যি কমতাপুৰ ১২ বছৰ ৰণ কৰিও মুসলমান বিলাকে ল’ব পাৰা নাইকিছিল তাৰ এতিয়া নামেই নাই আৰু চিনো নাই। ইয়াৰ পাছে মদন চন্দন নামে দুই ভাইয়েক কমতাপুৰৰ ওচৰতে এক নগৰ কৰি কেইব৷ বছৰমান ৰাজত্ব কৰে।

 গুৰুজনৰ কথা চৰিত্ৰ নামে এক গদ্য পুথীত এইৰূপে লেখিছে। কমতাপুৰত দুৰ্ল্লভ নাৰায়ণ নামে এজনা ৰজা আছিল।[] মহানন্দা বা মহানদীৰ সিপাৰে ধৰ্ম্মনাৰায়ণ নামে গৌড় দেশৰ ৰজাৰে সইতে দেশ লোৱাৰ নিমিত্তে তেওঁৰ ঘোৰ যুদ্ধ হইছিল। কেইবা দিনো যুদ্ধ হই অনেক লোক নষ্ট হ'ল। পাছে দুইও জনে এদিনা ৰাতি স্বপ্ন দেখি তাৰ পাছদিনা দুইও সখি কৰি সন্ধি কৰিলে। আৰু গৌড়েশ্বৰে দেশৰ বয় বাৰ্ত্তা লই থাকিবলৈ সাত ঘৰ ব্ৰাহ্মণ আৰু সাত ঘৰ শূদ্ৰ দিলে। এইকেইজনৰ প্ৰধান বাৰ জনক বাৰভূঁয়া বোলে। ব্ৰাহ্মণ সাতজনৰ নাম এইঃ— কৃষ্ণ পণ্ডিত, ৰঘুপতি, ৰামবৰ, লোহাৰ, বয়ন, ধৰম আৰু মথুৰা। কায়স্থ সাতজনৰ নাম এই এইঃ– হৰি, শ্ৰীহৰি, শ্ৰীপতি, শ্ৰীধৰ, চিদানন্দ, সদানন্দ আৰু চণ্ডীবৰ। এই সকলোৰে মাঝত চণ্ডীবৰক বড় বিদ্যাৱন্ত আৰু বুদ্ধিমান দেখি গৌড়েশ্বৰে তেওঁকে শিৰোমণি ভূঁয়া পাতিলে। আৰু এই বুলি কলে বোলে সখিৰ দেশত ভালে থাকিবা আৰু বছৰি একোবাৰ আহিবা। এই চণ্ডীবৰ দেবী পূজক আছিল গুণে তেওঁৰ আৰু এটি নাম দেবীদাস। এইজনা ধৰ্ম্মনাৰায়ণ গৌড়েশ্বৰ কৰ তাৰ একো নিৰ্ণয় কৰিব নোৱাৰি। কিয়নো যি সময়ত এই ঘটনা হয় সেই সময়ত গৌড়দেশ মুসলমান ৰজাৰ অধিকাৰ আছিল। মহানদীৰ ওচৰত ৰণ হোৱাক চাই হলে বঙ্গাল দেশৰ উত্তৰ ফালৰ অৰ্থাৎ পুৰণীয়া অঞ্চলৰ ধৰ্ম্মনাৰায়ণ কোনো সামান্য ৰজা হ’ব পায়। গৌড়দেশত মুসলমান বিলাকৰ আধিপত্য হোৱাত কোনো হিন্দু ক্ষুদ্ৰ ৰজাই গৌড়েশ্বৰ নাম লই সেই ক্ষুদ্ৰ প্ৰদেশ শাসন কৰিছিল। চণ্ডীবৰ, ৰামবৰ, লোহাৰ, বয়ন নামৰ দ্বাৰাও সেইটি অনুভব হয়। বিশেষ ব্ৰাহ্মণ থাকোঁতে কায়স্থ চণ্ডীবৰক শিৰোমণি ভূঁয়া পতাত সেই কায়স্থ কেইজন বিখ্যাত “লালা কায়েথ” এনে মনে ধৰে।[]

 দুল্লভ নাৰায়ণে নিশ্চয়ে জানিছিল যে চুবুৰীয়া কোঁচবিলাকৰ পৰা তেওঁৰ ৰাজ্যৰ বিপ্লব হ’ব। সেই নিমিত্তে দূৰণি ঠাইত এই নকৈ মিত্ৰ কৰি পোৱা মানুহ খিনি পাতিবলৈ ইচ্ছা কৰি বড় নদী আৰু হাজোৰ মাঝতে লেঙ্গা মাগুৰীত বেটী, বন্দী, মাটি বাড়ী দিলে।[] ইয়াত সেই সকল ছমাহমান ক্ষেতি কৰি খাই বই থাকিল। পাছে আটাই কেইওজন ভূঁয়াই আপনাৰ পৰিয়াল বিলাকক আনিবলৈ গ’ল। দেশৰ পৰা ঘুৰি অহাত সেই গৌড়েশ্বৰে শিৰোমণি চণ্ডীবৰক ক্ৰোধ কৰি বন্দী কৰি থ’লে। এইৰূপে কিছুদিন থকাত কাশীৰ এজন পণ্ডিত সেই ৰজাৰ দেশলৈ আহিল। এওঁয়ে সইতে বাদ কৰিবলৈ কোনো মানুহ নাইকিয়াত তেওঁ ঘূৰি যাবৰ সময়ত চণ্ডীবৰৰ বুজ পাই তেওঁক ৰজাৰ দ্বাৰা কাৰাগাৰৰ পৰা মুক্ত কৰালে। তাৰ পাছে দুইও বাদ কৰিলত কাশীৰ পণ্ডিত পৰাস্ত হই ভটিয়াই গ’ল। গৌড়েশ্বৰ ধৰ্ম্মনাৰায়ণ ৰজাই সন্তোষ পাই বটা বাহন দি চণ্ডীবৰ প্ৰমুখ্যে ভূঁয়া সকলক নাও মাঝি দি কামৰূপত থোৱালে। পাইমাগুৰী গাঁওত আকৌ তেওঁবিলাক থাকিল। এবাৰ ব্ৰহ্মপুত্ৰৰ জান এটা বাউসী পৰগণাৰ গন্ধৰ্ব্ব ৰায় চৌধুৰীয়ে বন্ধোৱাত জান নৰয়। পো চণ্ডীবৰে বড় প্ৰবন্ধেৰে সেই জান বন্ধোৱাত জল ৰ’ল। ইয়াতে ৰাইজে সন্তোষ হই চণ্ডীবৰক আশীৰ্ব্বাদ কৰিলে। কিছুমান দিনৰ মূৰত তেওঁৰ এটি পুত্ৰ হোৱাত তেওঁৰ নাম ৰাজধৰ থলে। ভূঁয়া সকলে সেই ঠাইত ৰজাৰ সুখ দুঃখ চাই থকাত আঘোন মাহত ভোটৰ উপদ্ৰৱ হ’ল। গন্ধৰ্ব্ব ৰায় পলাই দক্ষিণ পাৰলৈ আহিল। আন আন অনেক লোকৰ লগত ৰাজধৰক ভোটে ধৰি নিলে। কিন্তু চণ্ডীবৰে খেদি গই সকলোকে উদ্ধাৰ কৰি আনিলে। ভোটহঁতে এই কথাত বড় ক্ৰোধ কৰাত ৰাইজে কলে বোলে আমি ভোটৰ দ্ৰোহী নহওঁ। এই আলচ শুনি ভূয়া সকলে বিৰক্তি পাই বুলিলে আমি যাৰ হিত চিন্তিলোঁ সেইয়ে যেতিয়া আমাৰ প্ৰতি ইমান অসজ আলচ পাতিলে এই দেশত থকা ভাল নহয়। ইয়াৰ পাছত সেই ঠাই এড়ি কাজালি মুখেৰে সোমাই ভলুকা গুৰীত কিছু দিন থাকি উত্তৰ পাড়ে কুঠাৰ ডুৰী ফোঁটা শিমলুতলত ৰ’ল গই। তাতো আছল পাই শিঙ্গাবিৰ ওচৰে ৰটাত চাৰি কোঁট মাৰি থাকিল। কিছু দিনৰ মুৰত ভোটে ইয়াত আক্ৰমণ কৰাত তিন দিন যুদ্ধ কৰি ভোটক হৰুৱালে। এই সময়তে চণ্ডীবৰৰ মৃত্যু হ’লত ৰাজধৰ শিৰোমণি ভূঁয়া হ’ল। এই ৰাজধৰেই শঙ্কৰদেৱৰ প্ৰপিতামহ। যি কোঁচ জাতিৰ ভয়ত দুৰ্ল্লভ নাৰায়ণে দূৰণিৰ ৰাজ্য ৰাখিবলৈ বাৰ ভূঁয়াক পাতিলে সেই জাতিৰ মানুহ বিলাকৰ পৰাক্ৰম ক্ৰমে বাঢ়ি অহাত দুৰ্ল্লভৰ আশা নিৰাশ হ’ল। এতেকে আমি এতিয়া সেই জাতি মানুহৰ বিবৰণ সংক্ষেপে লেখোঁ। []

  1. কামাখ্যা যাত্ৰা পদ্ধতি।
  2. মহীৰঙ্গৰ পুত্ৰ হটকাসুৰ তেওঁৰ পুত্ৰ সম্বৰাসুৰ আৰু তেওঁৰ পুত্ৰ ৰত্নাসুৰ।
  3. ভগদত্তৰ পাছত ধৰ্ম্মপাল, ৰত্নপাল, কামপাল, পৃথ্বীপাল আৰু যুবাহু নামে পাঁচজনা ৰজাৰ নাম পোৱা যায়। কিন্তু কোন জনাই কোন ঠাইত কিমান দিন ৰাজত্ব কৰে তাৰ নিৰ্ণয় নাই। আৰু এই কেইজনা যে সেই বংশৰে ৰজা তাৰো বিশেষ প্ৰমাণ নাই। তথাপি ভগদত্তৰ পাছতে একাদি ক্ৰমে এই কেইজনাৰ নাম লেখা থকাত সেই শ্ৰেণীৰেই ৰজা বুলি গণ্য কৰিলোঁ। এই বংশ শেষত লোপ পালে।
  4. মেং ৰবিনসনে এই কথা লেখিছে। পাছত দেখা যাব যে ১২২০/৩০ শঁকতো কমতাপুৰ নগৰ আছিল সেই কাৰণে এনে অনুমান হয় যে আগৰ কমতাপুৰকে বিস্তাৰ কৰি নীলধ্বজে নিৰ্ম্মাণ কৰিলে আৰু বিস্তৃত খণ্ডৰো নাম কমতাপুৰ থলে। এই ঘটনা ১২৫০-৬০ শঁকত হোৱা অনুমান হয়।
  5. কোঁচবেহাৰৰ ৰজা সকলৰ মাঝতো এনে এটি আখ্যান চলতি আছে।
  6. এই দুৰ্ল্লভ নাৰায়ণ কোন বংশৰ ৰজা তাৰ নিৰ্ণয় নাই। কোনোএ কয় পাল বংশৰ কোনোএ কয় জীতাৰী বংশৰ।
  7. যুদ্ধ কৰিবলৈ আহোঁতে ই যে লোক দিলে এনেতে এনে অনুমান হয়, যে সেইসকল ৰজাৰ লগত অহা কোনো সেনাপতি হব পায়।
  8. এই দূৰণি ঠাইত এই বীৰপুৰুষ কেইজনে থাকি দেশ সুখীয়া কৰিব পাৰিব তেওঁৰ এই আশা আছিল।
  9. চণ্ডীবৰ প্ৰমুখ্যে ভূঁয়া সকল এই দেশলৈ অহাৰ সময় ১২২০ শঁক অনুমান হয় অৰ্থাৎ চুকাফা ৰজা সৌমাৰ দেশলৈ অহাৰ প্ৰায় কিছু বছৰ পূৰ্ব্বে আহে কিন্তু সেই সময়ৰ ইতিহাস যেনে অস্পষ্টতাৰ পৰা প্ৰকৃত সময় পোৱা বড় কঠিন—ৰাজধৰ শিৰোমণি ভূঁয়া হবৰ সময় ১২৫০/৬০ শঁক অনুমান হয়।