আসাম বুৰঞ্জী/চতুৰ্দশ অধ্যায়
চতুৰ্দ্দশ অধ্যায়
যি যি জাতিৰ ভাষা সংস্কৃতমূলক নহয় আৰু যিবিলাক আমাৰ দেশৰ চাৰিওফালে বা দেশৰ ভিতৰত আছে সিসকল লোকৰ কথা ওপৰৰ অধ্যায়ত লিখা গইছে। এতিয়া যিসকলৰ ভাষা সংস্কৃতমূলক তাৰ বিবৰণ লিখা যাব। ই দেশৰ জাতি বিষয়ে ই বড় আশ্চৰ্য্য নিয়ম যে ইয়াত জাতিবন্ধন অতি শিথিল। বস্তুতঃ ব্যবসায় অনুসাৰে জাতি নিৰ্ণয় হইছে। কিন্তু ই দেশত এক জাতিৰ ব্যবসায় অন্য জাতিয়ে অনায়াসে কৰে। ভাৰতবৰ্ষৰ আন আন দেশৰ দৰে ইয়াত জাতিৰ বন্ধন টান নহয়। ইয়াৰ এই মাত্ৰ কাৰণ অনুভব হয় যে মাঝৰ সময়তে ই দেশত বৌদ্ধ ধৰ্ম্মৰ প্ৰাদুৰ্ভাৱ হোৱাৰ নিমিত্তে জাতি বন্ধন ক্ৰমে ঢিলা হই গ’ল। বিশেষ ব্যবসায় অবলম্বন কৰা বা শিল্পী মানুহৰ সংখ্যা কম হোৱাৰ হেতুকে জাতি বন্ধনৰ শিথিলতা অবলম্বন দৃষ্ট হয়। ইয়াৰ দ্বাৰা অনেকাংশে অপকাৰো হইছে। যেতিয়ালৈকে ব্ৰিটিশ শাসনৰ অনুযায়ী অবস্থা ইয়াতকৈ উন্নতি নহয় তেতিয়ালৈকে মূল দোষ গুণ বুঝিব পৰা নাযায়। এতিয়া এই দেশত স্বাধীন ব্যবসায় অবলম্বন কৰা লোকৰ সংখ্যা অতি তাকৰ। এক প্ৰকাৰে ক’ব লাগিলে প্ৰায় সকলো জাতিৰে মূল অবলম্বন কৃষি। আন আন যি ব্যবসায় অবলম্বন কৰা লোক দেখি সি অতি অল্প, এই ভাৰতবৰ্ষত অতি পূৰ্ব্বে যি নিয়ম চলিছিল তাৰ দ্বাৰা ই দেশৰ নিয়মানুসাৰে যে কৃষি ব্যবসায়েই প্ৰধান ইয়াৰ যথেষ্ট প্ৰমাণ পাব পাৰি। বশিষ্ঠাদি অনেক মুনিয়ে আপুনি হলাকৰ্ষণ কৰি ক্ষেতি কৰিছিল। এবং জনকাদি অনেক ৰজাই কৃষিকাৰ্য্যত উৎসাহী থকাৰ কথা পুৰাণাদিত পোৱা যায়। পূৰ্ব্বকালত মুদ্ৰা বা টাকা নাছিল। কেবল এক বস্তুৰ বিনিময়ে আন বস্তু পোৱাৰ নিয়ম আছিল। সুতৰাং সকলোৱে আপোন আবশ্যকীয় বস্তু আপুনি উপাৰ্জ্জন কৰিব লাগিছিল। সেই নিয়ম অসম দেশতো প্ৰচলিত থকাত আশ্চৰ্য্য বুলিব নোৱাৰি।
সংস্কৃত ভাষামূলক যি যি জাতিৰ ভাষা তাৰ সংক্ষেপে বিবৰণ এই। ব্ৰাহ্মণ বা বামুণ—ভাৰতবৰ্ষত যিমান জাতি আছে সকলোতকৈ ব্ৰাহ্মণ শ্ৰেষ্ঠ। এওঁবিলাকৰ মূল ব্যবসায় যজন, যাজন, দান, প্ৰতিগ্ৰহ, অধ্যয়ন আৰু অধ্যাপন। ব্ৰাহ্মণসকলে ই দেশত হলাকৰ্ষণ নকৰে। অন্যৰ সাহায্যেৰে কৃষি কৰে। অসম দেশলৈ প্ৰথম যেতিয়া আৰ্য্য জাতিৰ আগমন হয়, তেতিয়াই এই জাতি আহে। কিয়নো ভীষ্মক ৰজাৰ দেশত ব্ৰাহ্মণৰ নিবাস আছিল। তাৰ পাছেও অনেক ব্ৰাহ্মণ ই দেশলৈ সময়ে সময়ে আহে। বৌদ্ধ ধৰ্ম্ম প্ৰবল হোৱাত ইবিলাকৰ আচাৰ হীন হইছিল। শঙ্কৰ আৰু মাধবদেৱে যেতিয়া বৈষ্ণব ধৰ্ম্ম দেশত প্ৰবৰ্ত্তন কৰায় তেতিয়া ব্ৰাহ্মণসকলে অনেক বাধা দিলেও শেষত তেওঁবিলাকৰ সংস্থাপিত ধৰ্ম্ম অনেকেই আকৌ গ্ৰহণ কৰিলে। জাতি বিষয়ক পৌৰাণিক বন্ধন এই জাতিৰ মাঝত বড় শকত। এই জাতিৰ লোকেই অনেক মোহন্ত বা মহাজন এওঁবিলাকে ধৰ্ম্ম প্ৰবৰ্ত্তন কৰায়। ই দেশত বল্লালী মৰ্য্যাদাৰ ব্ৰাহ্মণ নাই। প্ৰায় সকলোবিলাকৰে যজুৰ্ব্বেদ আৰু কাম্ব শাখা। সামবেদী ব্ৰাহ্মণ অতি তাকৰ। এই দেশলৈ মিথিলা প্ৰদেশৰ ব্ৰাহ্মণ অধিক অহা অনুমান হয়। অনেক ব্ৰাহ্মণে কৌনজপুৰ বা কান্যকুব্জৰ পৰা অহা বুলি কয়।[১] সূৰ্য্যবিপ্ৰ গণক দৈবজ্ঞ, বা গ্ৰহবিপ্ৰ—ই সকলৰ ব্যবসায় জ্যোতিষ গণনা। এওঁবিলাকৰ আচাৰ ব্ৰাহ্মণৰ সদৃশ। ভাৰতবৰ্ষৰ আন আন দেশত ই জাতি যিমান অনাদৃত হেন দেখি, এই দেশত তিমান নহয়। ই জাতি বহুকালৰ পূৰ্ব্বে অসম দেশলৈ আহিছে। এনে অনুভব হয়, কিয়নো শুভাশুভ গণনা বৈদিক জাতিৰ প্ৰধান আদৰৰ বিষয়।
কায়স্থ বা কাইথ—এই জাতি “সচ্ছুদ্ৰ” অৰ্থাৎ ভাল শূদ্ৰ। ই জাতিৰ লোকেও নিজে হলাকৰ্ষণ নকৰে। যিসকলে কৰে, সিসকল কলিতা জাতিৰ অন্তৰ্গত হয়। এই জাতিৰো অনেক মোহন্ত আছে। কমতাপুৰৰ দুৰ্ল্লভ নাৰায়ণ ৰজাৰ দিনত ছঘৰ কায়স্থ ভূঁয়া নামে খ্যাত হই ই অঞ্চললৈ আহে। শঙ্কৰদেৱ তাৰে এঘৰৰ সন্তান। নৰনাৰায়ণ ৰজাৰ দিনৰ পৰা অৰ্থাৎ যেতিয়াৰ পৰা দেশত পীয়ল পঞ্চক চলিবলৈ ধৰিলে তেতিয়াৰে পৰাহে এই দেশলৈ কায়স্থ আহে। আহোমৰ গদাধৰ আৰু ৰুদ্ৰসিংহ স্বৰ্গদেৱৰ দিনতো কেইঘৰমান কায়স্থ অসম দেশলৈ আহে।
কলিতা—এই জাতি বহুকাল পূৰ্ব্বৰে পৰা অসম দেশত আছে। কৃষি ইসকলৰ প্ৰধান ব্যবসায়। শঙ্কৰদেৱৰ সমকালতে দেৱগোপাল দেৱৰ লগত পশ্চিম প্ৰদেশৰ পৰা অহা কেজনমান ক্ষত্ৰিয়ও ই জাতিৰ অন্তৰ্গত হইছে। কলিতাবিলাকৰ মাঝতো অনেক মহাজন আছে। সিসকলে আৰু আন আন কোনোবিলাকে কায়স্থ বুলি পৰিচিত হয়। প্ৰকৃতাৰ্থে জাতি মালাৰ প্ৰতি দৃষ্টি কৰিলে ই জাতি কায়স্থতকৈ শ্ৰেষ্ঠ। কিন্তু হাল বোৱা আৰু কৃষি ব্যবসায় কৰাৰ নিমিত্তে অনেকে হীন বিবেচনা কৰে।
কেওট—এই জাতি আদিৰে পৰা অহা জাতি। ইয়াৰ ব্যবসায় কৃষি। কেওটবিলাক কৈবৰ্ত্ত জাতিৰ অন্তৰ্গত, কিয়নো কৈবৰ্ত্তৰ ভিতৰত যেনেকৈ জালোৱা অৰ্থাৎ জাল বাই মাছ ধৰা কৈবৰ্ত্ত, আৰু হালোৱা অৰ্থাৎ হালবাই কৃষি কৰা কৈবৰ্ত্ত আছে, কেওটৰ মাঝতো তেনে। যি বিলাক কেওট জালোৱা কেওট বুলি প্ৰসিদ্ধ, সিসকলে মাছ ধৰি বিক্ৰয় কৰে। অথচ অসম দেশৰ প্ৰসিদ্ধ ডোম জাতিৰ অন্তৰ্গত নহয়। কোনো কোনো কেওটে সৰু কলিতা বুলিও অভিমান কৰে।
কোঁচ—ই জাতিৰ মূল দেশ কোঁচবিহাৰ অঞ্চলৰ কোনো প্ৰদেশ। এই জাতি আদি বাসী, বহুকাল পূৰ্ব্বে ইহঁতে হিন্দুধৰ্ম গ্ৰহণ কৰে। এই জাতি অনাৰ্য্য হলেও ইহঁতৰ স্বতন্ত্ৰ ভাষা নথকা আৰু অনাৰ্য্য জাতিবিলাকে হিন্দুধৰ্ম্ম গ্ৰহণ কৰিলে এই জাতিৰ অন্তৰ্গত হোৱাত ই জাতিক সংস্কৃত ভাষামূলক জাতিৰ মাঝত পৰিগণিত কৰা গইছে। কছাৰী লালুং প্ৰভৃতি জাতি হিন্দুধৰ্ম্মক আশ্ৰয় কৰিলে প্ৰথমে সিহঁতে সৰু কোঁচ হয় তাৰ পিছত সাধাৰণ কোঁচ জাতিৰ অন্তৰ্গত হই যায়। সেই কাৰণে কোঁচৰ মাঝত সৰু কোঁচ আৰু বড় কোঁচ ই দুই বিভাগ হইছে। কোঁচ-বেহাৰৰ ৰজা কোঁচ বংশৰ হোৱাৰ নিমিত্তে ভাটী অঞ্চলৰ কোঁচে ৰাজবংশী বুলি কয়। সেইফালৰ কোঁচতকৈ উজনি ফালৰ কোঁচবিলাক কিছু সদাচাৰী। কিয়নো অনেক ৰাজবংশীৰ আচাৰ ম্লেচ্ছৰ আচাৰৰ নিচিনা দেখা গইছে। কোঁচৰ ব্যবসায় কৃষি।
নট—এই জাতিৰ লোক তাকৰ। কামৰূপৰ ফালে এই জাতিয়ে নাট্য ব্যবসায় কৰে। উজনিৰ ফালৰ, অনেক নটে নাপিত বুলি কয়। এই জাতি বিশ্বসিংহ আৰু নৰনাৰায়ণ ৰজাৰ দিনত অসম দেশলৈ ভাটীৰ পৰা আহে। এই জাতিৰো সাধাৰণ ব্যবসায় কৃষিকে দেখা গইছে।
নাপিত—কামৰূপত এই জাতিৰ লোক স্বনামে প্ৰসিদ্ধ। কিন্তু উজনি অঞ্চলত নট বোলে। ওপৰত কোৱা সময়েই ই জাতি অসম দেশলৈ আহে। কামৰূপৰ নীলাচল পৰ্ব্বতত নৰনাৰায়ণ ৰজাই কিছুমান নাপিত ভাটীৰ পৰা আনি বসতি কৰায়। যিসকলে নাপিত বুলি পৰিচয় দিয়ে সিসকলে স্বজাতি ব্যবসায়ো কৰে আৰু কৃষিও কৰে।
পটীয়া—এই জাতিৰ আদি ব্যবসায় পাটী সজা, কিন্তু এতিয়৷ ইয়াত ইহঁতে কৃষি কৰিবলৈ ধৰিছে। এই জাতি শঙ্কৰদেৱৰ সময়তে ই দেশলৈ আহে এনে অনুমান হয়। পশ্চিমৰ ফালে বেতী বা পেটী নামে এই জাতিৰ সদৃশ এক জাতিৰ নাম পোৱা যায়।
কুমাৰ—কুমাৰবিলাকে কুমাৰ কলিতা বুলি কয়। অসম দেশত কুমাৰে নিজ ব্যবসায় আৰু কৃষি দুয়োকো কৰে।
শুঁড়ি—শুঁড়ি বৈদিক শৌণ্ডিক জাতি। মদ প্ৰস্তুত আৰু বিক্ৰয় কৰা ইহঁতৰ প্ৰধান ব্যবসায় হলেও এই দেশত মদ্য পান অনাদৃত আৰু যিসকলে ব্যবহাৰ কৰে সিসকলে নিজে প্ৰস্তুত কৰাত শুঁড়িবিলাকে কৃষিকে অবলম্বন কৰিলে। এই জাতি নিচেই আধুনিক।
ধোবা—কোনো কোনো ধোবাই ধোবা কলিতা বুলি অভিমান কৰে। শঙ্কৰদেৱৰ পূৰ্ব্বে এই জাতি অসম দেশত থকাৰ প্ৰমাণ পোৱা নাযায়। এই দেশত সকলো লোকে নিজ ঘৰতে কাপোড় ধুই লোৱাত ধোবাবিলাকে ব্যবসায়চ্যুত হই কৃষি বৃত্তি অবলম্বন কৰিলে। এই জাতিয়ে এতিয়া বস্ত্ৰ ধৌত ব্যবসায় নকৰে।
শালৈ—এই জাতি এক প্ৰকাৰ শুঁড়ি বিশেষ। ইহঁতৰ কৃষিয়েই প্ৰধান উপজীব্য। কাৰো মতে শালৈ এক প্ৰকাৰ কেওট। সুত বা বৰীয়া বিধবা ব্ৰাহ্মণীৰ জাৰজ সন্তানেই এই জাতি। ইহঁতৰ আচাৰ ব্যবহাৰ আন আন হিন্দুধৰ্ম্মীসকলৰ সদৃশ হলেও ইহঁত আচৰণীয় জাতি নহয়। কালক্ৰমে এই শ্ৰেণীৰ লোক অনেক হোৱাত এটি স্বতন্ত্ৰ জাতি হই পড়িছে। ইহঁতৰ মুখ্য বৃত্তি কৃষি।
যুগী বা কাটনী—এই জাতিৰ মূল ব্যবসায় পাট-পলু পোষণ কৰা আৰু তাৰ বস্ত্ৰাদি নিৰ্ম্মাণ। কিন্তু ইহঁতৰ কোনো লোকে সেই কাৰ্য্য কৰে অধিকাংশে কৃষি কৰে।
ডোম বা নদীয়াল—এই জাতি অসম দেশত বহুকাল পূৰ্ব্বৰে পৰা আছে। ইহঁতৰ ব্যবসায় মাছ ধৰা আৰু তাক বিক্ৰয় কৰা, নৌকা বোৱা, চূণ প্ৰস্তুত কৰা আৰু বিক্ৰয় কৰা। এতিয়া ইহঁতে কৃষি ও আন আন ব্যবসায় কৰিবলৈ ধৰিছে। ব্যবসায়ত ইহঁত অতি হীন জাতি বুলি প্ৰসিদ্ধ। ডোম শব্দ ক’ৰ পৰা ওলাল তাৰ নিৰ্ণয় নাই। ভাটীৰ ফালে যি ডোম আছে সি অতি ঘৃণ্য জাতি। সেই ফালৰ ডোমে পাছি, খৰাহি সাজি বেচে। আৰু কেতবিলাকে শব দাহনাদি কাৰ্য্যও কৰে। এই ডোমৰ মাঝতে অনেক ব্যবসায়ী লোক পোৱা যায়। বৌদ্ধ ধৰ্ম্ম প্ৰচলিত থাকোঁতে চিৰকালৰ হীন জাতিবিলাকে সেই ধৰ্ম্মত জাতিভেদ নথকাত হিংসাৰ গুণে ব্ৰাহ্মণাদিৰ প্ৰতি বড় উদ্ভণ্ডালি কৰিলে আৰু পাঁছে যেতিয়া হিন্দু ধৰ্ম্ম পুনৰায় সংস্থাপিত হয় তেতিয়া যিসকলে হিন্দু ধৰ্ম্ম শীঘ্ৰে নললে বা পূৰ্ব্বৰ বৌদ্ধাচাৰ নেড়িলে সিসকলকে হিন্দুসকলে ঘৃণা কৰি ডোম বুলিলে। এই নিমিত্তে সিসকলে কালক্ৰমে শ্ৰেণী হই এনে হ’ল যে ডোম শব্দে অহিন্দু নোহোৱা বুঝায়। মুঠকৈ হ’লে এতিয়া ডোম বুলিলে ওপৰত আমি যি ব্যাখ্যা দিছোঁ, সেইটোহে বুঝাইছে। অসম দেশত যেতিয়া বৌদ্ধ ধৰ্ম্ম চলিছিল তেতিয়া ই জাতিৰ লোকসকলেও সি ধৰ্ম্ম মানিছিল। পিছে যেতিয়া হিন্দুধৰ্ম্ম ক্ৰমে অসম দেশত পুনঃ আকৌ চলিবলৈ ধৰিলে তেতিয়াও ইহঁতে সেই আচাৰকে ধৰি আছিল। ব্ৰাহ্মণসকলে সিহঁতক শৰণ নিদিছিল। নিমিত্তে ইহঁতে কলিতাকে গুৰু বুলি মানিলে। যেতিয়া শঙ্কৰ আৰু মাধবদেৱে ধৰ্ম্ম প্ৰবৰ্ত্তাবলৈ ধৰিলে তেতিয়াৰ পৰা ডোমে ব্ৰাহ্মণ সাধুত শৰণ লোৱা হ’ল। ডোমবিলাক এনে ঘৃণিত আছিল সিহঁত এতিয়া অন্য হিন্দুৰ দৰে ধৰ্ম্মচাৰী হোৱাতো সিহঁতে অনেক “হিন্দু” বুলি কয় এবং তাকে এনেভাবে কয় যেন সিহঁত হিন্দু নহয়। আহোম ৰজাসকলে এই জাতিৰ লোকবিলাকৰ কপালত ৰোহিত মৎস্যৰ প্ৰতিমূৰ্ত্তি অঙ্কিত কৰিছিল। কোনো ডোমে আন হিন্দুয়ে সইতে মিহলি হ’ব নোৱাৰে এই কাৰণেই সেই নিষ্ঠুৰ নিয়ম অবলম্বন কৰা হইছিল। ইয়াৰ দ্বাৰা অন্য হিন্দুক ডোমৰ পৰা পৃথক্ কৰা গইছিল। এই জাতি লোক ক্ৰমে উন্নত হবলৈ ধৰিছে কিয়নো ইহঁত বড় শ্ৰমী। ইহঁতৰ স্বতন্ত্ৰ ব্ৰাহ্মণ আছে। এই ব্ৰাহ্মণৰ সংখ্যা ইমান্হে তাকৰ যে সিহঁতে কেতিয়াবা কুমাৰী ডুমুনীৰ পাণি গ্ৰহণ কৰে আৰু ডোমকো নিজৰ কন্যা দান কৰে।
হাড়ী বৃত্তিয়াল—ই জাতিও বহুকাল পূৰ্ব্বে এই দেশলৈ আহে। ইহঁতৰ ব্যবসায় ছবিধ। এবিধ স্বৰ্ণালঙ্কাৰাদি নিৰ্ম্মাণ কৰা আৰু এবিধ মল মূত্ৰাদি পৰিষ্কাৰ কৰা। প্ৰথম ব্যবসায়হে প্ৰায় হাড়ীবিলাকে কৰে। ইহঁতৰ স্বতন্ত্ৰ ব্ৰাহ্মণ আছে। হাড়ীবিলাকে ডোমে সইতে কেতিয়াবা কন্যা দিয়া নিয়া কৰে। ডোমৰ দৰে ইহঁতো এই দেশৰ অনাদৃত জাতি। ইহঁতৰ কপালতে৷ আহোম ৰজাবিলাকে বাঢ়নী অঙ্কিত কৰিছিল।
চঁড়াল বা চণ্ডাল— এই জাতি প্ৰাচীন জাতি। ইহঁতৰ ব্যবসায় ডোমৰ দৰেই। কেতবিলাক চঁড়ালে হিড়া বুলি কয়। ইহঁতৰ ব্যবসায় মাটিৰ বাসন নিৰ্ম্মাণ কৰি বিক্ৰয় কৰা। কুমাৰে যেনেকৈ চক্ৰ বা চাকত চৰু কলহৰ নাভি ছেদন কৰে হিড়াবিলাকে নকৰে। ডোম আৰু হাড়ীৰ দৰে ইহঁতৰো ব্ৰাহ্মণ স্বতন্ত্ৰ।
মুসলমান বা গড়ীয়া—ইংৰাজী ১২০৩ সনত যেতিয়া বখ্তিয়াৰ খিলিজি এই দেশ আক্ৰমিবলৈ আহে তেতিয়াৰ পৰা অসম দেশত এই জাতি মানুহ হ’ল। গৌৰ মহম্মদৰ অধীন আৰু দেশৰ পৰা অহা দেখি মুসলমান বিলাকক গড়ীয়া বোলে। বখতিয়াৰ খিলিজিৰ পাছতো অনেক মুসলমান অনেকবাৰ যুদ্ধলৈ আহে। তেতিয়াও অনেক অসম দেশত থাকি গ’ল। অতি হীনাচাৰী ও দুৰ্ব্বুদ্ধি কেতবিলাক মুসলমানক মড়িয়া বোলে। মড়িয়াবিলাক মদিৰা পানত বড় প্ৰিয়।
- ↑ এই দেশলৈ বঙ্গ আৰু শ্ৰীহট্ট দেশৰো ব্ৰাহ্মণ আহে। ই সকলোৰে বৈদিক শ্ৰেণী।