সমললৈ যাওক

আসাম বুৰঞ্জী/চতুৰ্থ অধ্যায়

ৱিকিউৎসৰ পৰা

 অসম দেশ আৰু বঙ্গাল দেশৰ উত্তৰপূৰ্ব্ব অঞ্চলত পৰ্ব্বতৰ দাঁতিত এতিয়াৰ দৰে অনেক আদিবাসী অসভ্য মানুহ আছিল। সেই শ্ৰেণীৰ আন আন জাতিৰ দৰে ইহঁতৰো একোজন প্ৰধান মানুহ থাকিছিল। সেইয়ে সেই সকলৰ ওপৰত গৰাকি। জাতি ভেদে আৰু কাল ভেদে এই গৰাকিৰ বেলেগ বেলেগ নাম।

 বঙ্গাল দেশৰ উত্তৰ পূৰ্ব্ব অঞ্চলত কোঁচ[] নামে এজাতি মানুহ বাস কৰিছিল। এই জাতিৰ মানুহ অসম দেশৰ সকলো ঠাইতে পোৱা গলে সেই ঠাইত ইহঁতৰ বড় প্ৰভাৱ আছিল। প্ৰকৃতিৰ এনে নিয়ম দেখা গইছে যে প্ৰায় জাতিৰ লোকেই এবাৰ এবাৰ এই সংসাৰত প্ৰধান হয়। এই প্ৰধান হবৰো আদি কাৰণ এই যে ক্ৰমে সেই সকলে পৰস্পৰ মিল হোৱাৰ নিমিত্তে সিহঁতৰ সকলো প্ৰকাৰৰ বল অধিক হয়। যেইকি প্ৰকাৰে নহওক সেই ঠাইৰ কোঁচবিলাকৰ শক্তি ক্ৰমে বৃদ্ধি হোৱাত সিহঁতে ক্ৰমে ৰাজ্য বিস্তাৰিবলৈ ধৰিলে। যি কালত কমতাপুৰৰ শ্ৰীভ্ৰষ্ট হবলৈ ধৰে সেই কালত সেই ফালৰ কোঁচ কুলীয়া “হাজো” “হাজি” বা “হাথিয়া” নামে এজন প্ৰধান লোক আছিল। সেইজনেই সেই বিলাকৰ মাঝত প্ৰধান অথবা ৰজা আছিল। হাজোৰ হিৰা আৰু জিৰা নামে দুজনী জীয়েক আছিল। সেই দুইও জনী আবিয়ৈ হই থকাত সিহঁতৰ দুইৰো দুটি ল’ৰা অলপ আগ পাছকৈ হ’ল। এনেৰূপে জনশ্ৰুতি আছে বোলে সেই দুৰ্যশৰ কাৰণ হোৱাত এদিন হাজীয়ে চিন্তা কৰি থকাত এনে দৈববাণী হ’ল বোলে তেওঁৰ জীয়েক দুজনীত শিৱৰ সংসৰ্গৰ পৰা সেই সন্তান হইছে।[] হিৰাৰ পুতেকৰ নাম শিশু আৰু জিৰাৰ পুতেকৰ নাম বিশু আছিল। ক্ৰমে এই দুই ল’ৰা ডাঙ্গৰ হই বৰ পৰাক্ৰমী হ’ল। আৰু অনেক ঠাই কৰতলীয়া কৰি ল’লে। বিশুয়ে বিশ্বসিংহ নাম লই সেই জাতিৰ ৰজা হ’ল। আৰু শিশুয়ে শিৱসিংহ নাম লই ডেকা ৰজা হ’ল। এই দুইওজনে ক্ৰমে ওচৰৰ লোক সকলক পৰাজয় কৰি ১৪২০।৩০ শঁকৰ ভিতৰত কমতাপুৰ নগৰ ল’লে। আৰু শিৱবংশী নৰপতি বুলি প্ৰসিদ্ধ হল। তেওঁবিলাকৰ নিজ কুলৰ লোক সকলে ৰজা যি বংশৰ বা কুলৰ সেই কুলৰ হোৱাৰ নিমিত্তে ৰাজবংশী বুলি কবলৈ ধৰিলে। সেই কাৰণেই কেতবিলাক বিশেষকৈ ভাটী ফালৰ কোঁচবিলাকে ৰাজবংশী বুলি কয়।

 বিশ্বসিংহ ৰজা হই বড় প্ৰতাপেৰে ৰাজ্য পালিবলৈ ধৰিলে। কমতাপুৰ নগৰ লই আৰু আন আন মেছ আৰু কোঁচ কুলীয়া সৰু সৰু ৰজ৷ বিলাক পৰাস্ত কৰাত তেওঁৰ অনেক শত্ৰু হল। সেই সকলক ক্ৰমে দমন কৰি ৰজ৷ আৰু তেওঁৰ ভ্ৰাতৃ দুইও উজাই গুৱাহাটীৰ ফালে আহিল। এদিনা দুইও ভায়েক নিমিত্তে নীলাচল পৰ্ব্বতলৈ গ’ল। এতিয়া যেনে সেই পৰ্ব্বত বহু মানুহৰ থকা ঠাই হইছে তেতিয়া তেনে নাছিল। অতি সামান্য মেছ বা কোঁচকুলৰ কেইঘৰমান মানুহ মাথোন তাত আছিল। বিশ্বসিংহ আৰু শিৱসিংহ দুইও ভায়েক লগৰ মানুহ বিলাকক হেৰুৱাই সেই মেছ গাওঁলৈ যোৱাত কোনো মুনিহ মানুহৰ লগ নেপালে। অকল বুঢ়ী এজনীৰ লগ পালে। এজোপা বড় বট গছৰ ছাত তাই জিৰাইছিল। তাতে এটি ভেঁটী আছিল। অতিশয় পিয়াহত ৰজাই সেই বুঢ়ীৰ পৰা শুশ্ৰূষা পালে। আৰু সেই গছৰ তলৰ ভেঁটীৰ কথা সোধাত বুঢ়ীয়ে সিহঁতৰ দেৱতা বুলি কলে। আৰু ৰজাই লগৰ লোক সকলক শীঘ্ৰে পাবলৈ তাতে প্ৰাৰ্থনা কৰাত তাৰ অলপতে লোক সকল পালেহি। সেই দেৱতাৰ মহিমা জানি ৰজাই সকলো বিবৰণ সুধিলত তাত পূজা কৰাত গাহৰি আৰু কুকুৰা কাটী বলি দিয়া আৰ উপচাৰত তিৰোতাই পিন্ধা সাজ কাপৰ দিয়া শুনি শক্তিপীঠ বা শক্তি স্থান জানি তেওঁ এই সংকল্প কৰিলে যদি তেওঁৰ দেশ সুথিল হয় আৰু ৰাজ্য নিষ্কণ্টকে পায় তেনে হলে সোণৰ মন্দিৰ নিৰ্ম্মাণ কৰাই দিব। ৰজা নিজ দেশলৈ অহাৰ পাছত ক্ৰমে দেশ সুথিল হ’ল। আৰু সকলো পণ্ডিতক মতাই আনি সেই দেৱতাৰ ঠাইৰ বিষয় অনুসন্ধান কৰাত কামাখ্যাৰ পীঠস্থান বুলি জানিলে। পূৰ্ব্বৰ প্ৰতিজ্ঞা পালিবলৈ ৰজাই সেই গছ কটাত তাৰ তলত কামাখ্যাৰ পীঠ ওলাল। এইৰূপে যোগিনী তন্ত্ৰ আৰু আন আন পুৰাণ ঠাই ৰজাই তাত থকা প্ৰায় সকলে৷ পীঠ উলিয়ালে। কামাখ্যাৰ মন্দিৰৰ তলৰ ভাগো মাটিৰ তলৰ পৰা ওলাল৷ ৰজাই সেই তল খণ্ডৰ ওপৰতে মন্দিৰ কৰি দিলে আৰু সোণৰ মন্দিৰৰ সলনি প্ৰতিখন ইটাত এক ৰতি সোণ দিলে।

 এই কথা কেৱল ইয়াৰ সদৃশ আন আন কথাৰ দৰে ভালকে পতিয়াব নোৱাৰা কথা মাথোন। অতি পূৰ্বকালৰ আৰ্য্য জাতিৰ ৰাজত্বৰ সময়ত সেই মন্দিৰ আছিল। ইয়াৰ মাজতে বৌদ্ধধৰ্ম্ম প্ৰবল হোৱাত কামৰূপ ৰাজ্যৰ ৰাজধানী গুৱাহাটীৰ পৰা ভাটীয়াই যোৱাত আৰু উজনি খণ্ডৰ ৰাজধানী উজনিত হোৱাত মন্দিৰৰ প্ৰতি ৰজাৰ চকু গুছিল। আৰু লোকৰো দেবীৰ প্ৰতি আস্থা হ্ৰাস হোৱাত মন্দিৰ ভাগি ছিগি গ’ল। ওপৰত গছ গজিল। বিশ্বসিংহ ৰজাৰ দিনত আকৌ সেই মন্দিৰ প্ৰায় নকৈ কৰা হ’ল।

 বিশ্বসিংহ ৰজাই হিন্দুধৰ্ম্ম লই সেই ধৰ্ম্মৰ প্ৰতি শ্ৰদ্ধা আৰু যত্ন প্ৰকাশ কৰিলে। কোঁচবিহাৰৰ পৰা কেত বিলাক ব্ৰাহ্মণ কামাখ্যাৰ আৰু আন আন যি দেৱতাৰ মন্দিৰ সেই সময়ত উলিওৱা বা প্ৰতিষ্ঠা কৰা হ’ল তাৰ সেৱাপূজা চলাবলৈ পঠালে। কান্যকুব্জ, মিথিলা, নবদ্বীপ, কাশী, গৌড় প্ৰভৃতি প্ৰধান নগৰৰ পৰা ব্ৰাহ্মণ সকলক মতাই আনি পুৰাণ তন্ত্ৰ ইত্যাদি চৰ্চ্চিবলৈ ধৰিলে। আপুনি দেবীৰ উপাসক হ’ল। আৰু আপোনাৰ পালক শক্তি বুজাবলৈ তেওঁৰ সন্তান বিলাকৰ “নামৰ শেষত নাৰায়ণ” নাম দিলে।[]

 বিশ্বসিংহ ৰজাৰ উজনিৰ ৰাজ্য আহোম বিলাকে আক্ৰমণ কৰাত তেওঁয়ে সৈন্য পঠাই যুদ্ধ কৰিছিল। আৰু দূৰৈ সীমাত সদাই ৰণ বিগ্ৰহ হই নেথাকিবলৈ আহোম বিলাকে সইতে সন্ধি কৰে। ৰাঙ্গলুগড় তেতিয়া বেহাৰৰ ৰজাৰ পূৰ্ব্ব সীমা আছিল।

 ১৪৫০ শঁকত (খৃঃ ১৫২৮) বিশ্বসিংহ ৰজ৷ স্বৰ্গী হয়। এইজন৷ ৰজাই দেশৰ শান্তি ৰক্ষাৰ নিমিত্তে অতি যত্ন কৰিছিল। এই দেশৰ পৰ্ব্বতৰ দাঁতিৰ ডিমৰুৱা, বেলতলা, ৰাণী, লুকি বগাই, পান্তান, বকে৷, বনগাঁও, মৈৰাপুৰ, ভোলাগাঁও, ছয়গাঁও, বড়নগৰ, দৰঙ্গ, কৰইবাৰী, আটীয়াবাৰী, কামতাবাৰী আৰু বলৰাম পুৰত যি যি মুখ্য লোক আছিল সেই সকলকে কৰতলীয়া কৰিলে৷ আৰু মুগা, কপাহ, তাম, বাঙ্গ, সেতু শিহ, ৰূপ, সোণ, লো, কাচ, মাটি, লোণ, সুৱগা প্ৰভৃতি যি দেশৰ যি বস্তু তাকে কৰ লই বশবৰ্ত্তী কৰিলে। ভোটবিলাকে সদাই উপদ্ৰৱ কৰি থাকিছিলহি দেখি দেৱাধৰ্ম্মা ৰজাই সইতেও সন্ধি কৰিলে। দাঁতি পাড়ে ঠাইয়ে ঠাইয়ে উজীৰ, লঙ্কৰ ভূঁয়া, বড়ুৱা প্ৰভৃতি উপাধিৰে শান্তিৰক্ষক নিয়োজন কৰিলে।

 বিশ্বসিংহৰ ১৮ জনা কোঙৰ। তাৰ নৰনাৰায়ণ সকলোতকৈ ডাঙৰ। এওঁয়েই সিংহাসনত উঠিল। এওঁৰ তলতীয়া ভায়েক চিলাৰায় বা শুক্লধ্বজ দেৱান বা সেনাপতি হ’ল। ই কেইজনা কোঁৱৰৰ নাম বড় প্ৰখ্যাত নাই। নৰনাৰায়ণ ৰজাই শঙ্কৰদেৱৰ ভ্ৰাতৃ ৰামৰায় আতা বা ৰামৰায় বড়ুৱাৰ জীয়েক কমলপ্ৰিয়া আপীক বিয়া কৰালে।[] সেই বিয়া যি ঠাইতে হ’ল তাক এতিয়াও ৰামৰায় কুঠি বোলে। অদ্যাপি ইয়াত এক সত্ৰ আছে। আৰু এই সত্ৰ এতিয়াৰ গুৱালপাড়া জিলাৰ ঘুল্লা পৰগণাত পড়িছে।  নৰনাৰায়ণ ৰজা অতি যোদ্ধাৰু আছিল। পিতৃ ৰজাৰ দিনত যিবিলাক মানুহ দমন নোহোৱাকৈ আছিল সেই সকল দমন কৰিলে। এওঁৰ শৰীৰতো বড় বল আছিল। ভাটীৰ ফালৰ পৰা যিবিলাক মাল আহিছিল সেই বিলাককে পৰাস্ত কৰিছিল। আৰু শত্ৰুক দমন কৰিবলৈ তেওঁৰ দেশৰ লোক সকলৰ মল্লযুদ্ধ শিক্ষাৰ প্ৰতি বিশেষ মন দিছিল। এই কাৰণে তেওঁৰ আৰু এটা নাম মল্লনাৰায়ণ আছিল। পুথী ইত্যাদিত এই মল্লনাৰায়ণ নামহে প্ৰকাশ আছে। শঙ্কৰদেৱ আৰু মাধৱদেৱ কৰা ভটীমা পুথীত আৰু পুৰুষোত্তম বিদ্যাবাগীশৰ ১৪৯০ শঁকত কৰা ৰত্নমালা ব্যাকৰণত নৰনাৰায়ণ ৰজাৰ মল্লনাৰায়ণ বা মল্লদেৱ নামহে প্ৰখ্যাত। এইজনাৰ দিনত দেশৰ হিতকৰ অনেক কাৰ্য্য হইছিল। কমল নাৰায়ণ নামে এজন৷ কোঁৱৰে ভোটৰ আৰু আমাৰ সীমাত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে এটা আলি কৰিলে। সেই আলিৰ নাম “গোঁহাই কমলৰ আলি।” তাৰ চিহ্ন এই পৰ্য্যন্ত অনেক ঠাইত আছে। উজনি লক্ষীমপুৰৰ পৰা জলপাইগুৰীৰ ভাটীলৈকে অনেক ঠাইত এই আলিৰ চিহ্ন এতিয়ালৈকে আছে। দুৰ্ল্লভ নাৰায়ণৰ তলতীয়া সজন বা সুজন গ্ৰামত পণ্ডিত ৰামখা ভূঁয়া নামে এজনা ৰজা আছিল। তেওঁ তলে তলে দ্ৰোহ আচৰিবলৈ ধৰিছিল। কিন্তু ভয় পাই পলাই গ’ল।

 শঁকত (খৃঃ ১৫৫৩) বঙ্গাল দেশৰ নবাব সলিমানৰ সেনাপতি কালাপাহাৰ[] এই ফালে দিগ্বিজয় কৰিবলৈ আহে। কোঁচবেহাৰৰ ৰজাই সেই ৰজাই সইতে সন্ধি কৰিলে। কিন্তু কালাপাহাৰৰ ৰাজ্য জয় কৰাতকৈ হিন্দুধৰ্ম্ম নষ্ট কৰাই প্ৰধান উদ্দেশ্য থকাত নৰনাৰায়ণ ৰজাই সইতে সন্ধি কৰি উজাই আহিল। ৰজাই মুসলমান সেনাপতিৰ আক্ৰমণৰ প্ৰতি বাধা দিয়া ভাল নেদেখি তেনেই থাকিল। ইফালে তেওঁ আহি নীলাচলৰ কামাখ্যাৰ আৰু আন আন অনেক মন্দিৰ নষ্ট কৰিলে। ইয়াৰ চিন অদ্যাপিও নীলাচল মন্দিৰত আছে। গুৱাহাটীৰ পৰ৷ কালাপাহাৰ ভটীয়াই লুইতেৰে গ'ল।

 কামৰূপৰ যিমান মাটী আৰু গৃহস্থ আছে তাৰ সংখ্যা কৰিবৰ নিমিত্তে নৰনাৰায়ণ ৰজাই যত্ন কৰিছিল। গৌড় দেশৰ নৱাবে সইতে সন্ধি কৰিবলৈ তেওঁৰ বড় ইচ্ছ৷ আছিল। কিন্তু নানা কাৰণত তাক কৰিব নোৱাৰিলে। ভোটান বাজ্যে সইতে সদাই দ্ৰোহ লাগি থকাত সন্ধি কৰিলে। এওঁৰ ধৰ্ম্মৰ প্ৰতি বিশেষ মন আছিল। শঙ্কৰ আৰু মাধৱে বৈষ্ণব ধৰ্ম্ম প্ৰচাৰ কৰোঁতে দেশত তেওঁবিলাকৰ অনেক শত্ৰু হই ৰজাৰ আগত অনেক বেয়া কথা কই থকাত তেওঁবিলাকক ধৰাই নি কথা বাৰ্ত্তা হোৱাৰ পাছত সেই ধৰ্ম্মৰ প্ৰতি ইমান বিশ্বাস হল যে তেওঁ শঙ্কৰত শৰণ লবলৈ মন কৰিছিল। শঙ্কৰে ৰজাৰ গুৰু নহওঁ বুলি প্ৰকাশ কৰাত তেনেই থাকিল। তাৰে কিছু দিনৰ পাছত ১৪৯১ শঁকত শঙ্কৰৰ মৃত্যু হয়।

 নৰনাৰায়ণ ৰজা বিদ্যাৰ বড় উৎসাহদাতা আছিল। এওঁৰ দিনতে শঙ্কৰে আৰু মাধৱে কীৰ্ত্তন, দশম, ঘোষা, ৰত্নাবলী আৰু আন আন পুথী কৰে। পুৰুষোত্তম বিদ্যাবাগীশে ৰত্নমাল৷ ব্যাকৰণ কৰে। আৰু ৰাম সৰস্বতী বা অনন্ত কন্দলী নামে এজন পণ্ডিতে ভাগৱত পুৰাণ ইত্যাদি দেশীয় ভাষাত ভাঙ্গে। এইসকলক এড়িও আন আন অনেক পণ্ডিতে অনেক পুথী কৰে। সেই সকলকে এইজনা বজাই বড় উৎসাহ দিছিল।

 এইজনা ৰজাৰ দিনতে৷ আহোম বিলাকৰ বিপক্ষে কেইবাবাৰো সৈন্য পঠোৱা হইছিল। কেইও বাৰো আহোমবিলাক প্ৰায় পৰাস্ত হইছিল। এবাৰত ৰজাৰ ভ্ৰাতৃ চিলাৰায় আহিল। হিন্দু ৰজাই বামুণ নেমাৰে জানি আহোম বিলাকে অনেক শূদ্ৰাদি লোকক লগুণ পিন্ধাই আৰু গৰুত তুলি ৰণ সমুখ কৰি দিলত চিলাৰায় উভতি গ'ল।[] পাছ বেলি ১৪৮৫ শঁকত আকৌ চিলাৰায় আহি যুদ্ধ কৰাত আহোম বিলাক ঘাটিল। আৰু সোন্দৰ গোঁহাই প্ৰভৃতি কেতবিলাক মানুহ বন্দী দিয়াত সেই সকলক লই চিলাৰায় নিজ দেশলৈ গ’ল। কিছুমান বছৰৰ পাছে এদিন ৰজাই সইতে সোন্দৰ গোহাঁই পাশা খেলাত জিকাত সেই মানুহ বোৰ উভতি আহিল। আহোম বিলাকৰ কথা লেখাত এই বিষয় বিশেষকৈ লেখা যাব।

 কালাপাহাৰে কামাখ্যাৰ মন্দিৰ ভঙ্গাৰ পাছত এইজনা ৰজাৰ দিনতে সেই মন্দিৰ পুনৰায় নিৰ্ম্মাণ কৰা হ’ল। ইয়াক সাজোঁতে প্ৰায় (১০) দশ বছৰ লাগে। এই কাৰ্য্যত চিলাৰায় বা শুক্লধ্বজৰে বিশেষ যত্ন আছিল। ১৪৮৭ শঁকত মন্দিৰ সমাপ্ত হয়। এজন হিন্দুস্থানী লোকৰ দ্বাৰা এই মন্দিৰ নিৰ্ম্মাণ হয়। কামাখ্যাৰ মন্দিৰৰ ভিতৰৰ যি ঠাইত চলন্তা দেবী আছে, তাতে নৰনাৰায়ণ আৰু চিলাৰায় দুইও জনাৰ দুটি প্ৰতিমূৰ্তি আছে। কামাখ্যাৰ পূজা চলাবৰ নিমিত্তে এই জনা ৰজাই নিজ দেশ কোঁচবেহাৰৰ পৰ৷ বামুণ আনি পাতিছিল। তাৰে কেন্দু কলাই নামে পূজাৰি বাপুৰ কথা সকলোয়ে জানে। নীলাচলৰ পূব দুৱাৰমুখতে কেন্দু- কলাই বাপুৰ মূৰ ছিগাৰ মূৰ্ত্তি আজিলৈকে আছে। এতিয়াও নীলাচলৰ যি কেই ঘৰ বামুণ আছে তাৰ অনেকেই এই বাপুৰ বংশ নাতি মাথোন।[]

 এক সময়ত নৰনাৰায়ণ ৰজাক শনিএ পোৱা বুলি জ্যোতিষীয়া সকলে কোৱাত ৰজাই ভায়েক চিলাৰায়ক ৰাজ্যত প্ৰতিনিধি থই ছদ্মবেশ ধৰি প্ৰায় এবছৰ মান দেশ ভ্ৰমণ কৰি নিজ দেশলৈ উভতি আহে। অসম ৰজাৰ এটা শুক্ল বৰ্ণৰ হস্তী আছিল। সেই হস্তীৰ প্ৰতি ৰজাৰ ইচ্ছা হই ভায়েকক অসমে সইতে যুদ্ধ কৰিবলৈ পঠালে। যুদ্ধত অসম ৰজা ঘাটিল আৰু চিলাৰায়ে সেই হস্তী ধৰি নিলে। সেই নিমিত্তেই চিলাৰায় দেৱানৰ নাম শুক্লধ্বজ হইছে বুলি প্ৰসিদ্ধ আছে।

 ৰজাৰ ভায়েক চিলাৰায়ৰ মৃত্যু হ’ল। তেওঁৰ ৰঘুদেৱ নাৰায়ণ নামে এজন পুত্ৰ আছিল। পুত্ৰ নথকাৰ কাৰণে নৰনাৰায়ণ ৰজাই ৰঘুদেৱক পুত্ৰ লইছিল। কিন্তু ইতি সময়তে তেওঁৰ এটি পুত্ৰ জন্মাত ৰঘুদেৱে ৰাজ্য নেপাব ভাবি তলে তলে দ্ৰোহ আচৰিব খুজিলে। পাছে এই কথা বুঢ়া ৰজাই বুজ পোৱাত ৰঘুদেৱ পলাল। তেওঁ কিছুমান পূৰ্ব্বৰ শত্ৰু লোকে সইতে মিলন হই নগৰ আক্ৰমিবলৈ অহাত বুঢ়াৰজা সসৈন্যে আহিল। স্বৰ্ণকোষ বা সোণকোষ নদীৰ পশ্চিম পাৰে বুঢ়া ৰজাৰ আৰু পূব পাৰে ৰঘুদেৱ ৰজাৰ বাহৰ হ’ল। বুঢ়া ৰজা এদিন পুৱা ঘোড়াৰে কিছু সৈন্য লই অহাত ৰঘুদেৱ সসৈন্যে পলাবলৈ উদ্যোগ কৰিলে। নৰনাৰায়ণ ৰজাই ক্ৰোধ কৰি বৰ্ষাডাল নৈৰ মাজলৈ পেলাই দি বড় দুঃখিত হই ক’লে বোলে “ময় ল’ৰাক মাতি নি ৰাজ্য দিবলৈ খুজিছিলো। এনেতো যেতিয়া নাহিল এই নদীয়েই দুইৰো ৰাজ্যৰ সীমা হওক।” তেতিয়াৰে পৰা সোণকোষৰ পশ্চিমে নৰনাৰায়ণ ৰজাৰ আৰু পূবে দীকৰাই লৈকে ৰঘুদেৱ ৰজাৰ ৰাজ্য হ’ল। আৰু এইৰূপে সন্ধি কৰা হ'ল।[] নৰনাৰায়ণ ৰজাৰ ভাগত সাণকোষ নদীৰ পশ্চিমে কৰতোয়া নদীলৈকে এই খণ্ড মাথোন থাকিল। এই ঘটন৷ ১৫০৩ শঁকত ঘটে। ৰঘুদেৱ ৰজাই এতিয়াৰ গুৱালপাড়া জিলাৰ পৰ্ব্বত জোয়াৰ পৰগণাত আধুনিক গৌৰীপুৰ নগৰৰ পৰা ১০মাইল দূৰৈত গদাধৰ বা গঙ্গাধৰ নদীৰ ওচৰত নকৈ নগৰ কৰিলে।

 এইৰূপে ৰাজ্য কৰি নৰনাৰায়ণ ৰজা ১৫০৬ শঁকত স্বৰ্গী হয়। তেওঁৰ ৰাজ্যত তেওঁৰ পুতেক লক্ষ্মীনাৰায়ণ ৰজা হয়। আৰু এওঁৰ পৰা এতিয়াৰ কোঁচবেহাৰৰ ৰজাৰ ফৈদ বাঢ়ি আহিছে।

 ৰঘুদেৱ ৰজা হই তেওঁৰ নগৰতে থাকিল। এওঁৰ দিনত কোনো বিশেষ কাৰ্য্য নহ’ল। মুঠে নগৰখন ভালকৈ পাতিলে। আৰু হাজোৰ হয়গ্ৰীৱ মাধৱৰ মন্দিৰ এইজনা ৰজাদেৱে নিৰ্ম্মাণ কৰা বুলি প্ৰসিদ্ধ। এই ৰঘুদেৱ ৰজাই তেওঁৰ জীয়ৰী এজনী,আহোমৰ ৰজাক বিয়া দি মিত্ৰতা কৰিছিল।

 আবুল ফাজিলে যেতিয়া আইন আকবৰি ৰচনা কৰে তেতিয়া কোঁছ ৰজাৰ ৰাজ্য যে এনেকৈ ভাগ হইছিল এইটো প্ৰকাশ নাছিল। তেওঁ কোঁছৰ ৰজাক মহ৷ প্ৰতাপী ৰজা বুলিছিল। ইহাৰ কাৰণ কেৱল মুসলমান বিলাকে যেতিয়া এই ফালে আহে তেতিয়া ৰজাই অনেক অশিক্ষিত লোককো সৈন্য হেন দেখুৱাই আগ বঢ়াই পাছে সন্ধি কৰিলে। এই সময়ত মুসলমান বিলাকৰ পৰাক্ৰম ক্ৰমে ক্ৰমে বৃদ্ধি হই অহাত সেই সকলৰ আক্ৰমণৰ আশঙ্কাতে দুইও ঘৰ ৰজা বড় মিলেৰে আছিল।

 ১৫১৫ শঁকত ৰঘুদেৱ ৰজা হয়। তেওঁৰ পুতেক পৰীক্ষিত নাৰায়ণ ৰজা হ’ল। ইয়াৰ অলপ পাছতে কোঁচবেহাৰ ফৈদৰ লক্ষ্মীনাৰায়ণ ৰজাই সইতে বিৰোধ হোৱাত পৰীক্ষিতে নিজৰ দেশ ৰক্ষা কৰিবৰ অৰ্থে ঢাকাৰ নবাবৰ ওচৰলৈ গ'ল। নৱাবে ৰজাৰ সকলো অবস্থা জানি দুৰ্ব্বল ভাবি সৰহকৈ কৰ খোজাত ৰজাদেৱে ভয় পাই আগ্ৰালৈ গ'ল। আৰু জাঁহাগীৰ বাদসাহাৰ আগত নিজৰ অবস্থ৷ জনাই কোৱাত বাদসাহে হোজা ৰজা দেখি মৰমকৈ এই আজ্ঞ৷ ঢাকালৈ পঠালে বোলে পৰীক্ষিতে যিমান কৰ দিব পাৰে তিমানতে মান্তি হব। ঢাকাত আহি নৱাবক সেই আজ্ঞা দিয়াত নৱাবে তেওঁক সুধিলে কিমান কৰ দিব পাৰিব। আমাৰ হোজা ৰজাদেৱে ৰূপ কি বস্তু তাক ভালকৈ ভু নেপাই ২০ কোটি ৰূপ দিবলৈ সন্মত হ’ল। নৱাবেও তাতে মান্তি হ’ল। তেতিয়া পৰীক্ষিতে মুসলমান কিছুমান সৈন্য লই ঘুৰি আকৌ আহিল তেতিয়া মন্ত্ৰীৰ মুখে ৰূপৰ পৰিমাণ বুঝিবলৈ পাৰি আৰু নিজে দিবলৈ নোৱাৰাত ভয় পাই মন্ত্ৰীক লগ লই আকৌ আগ্ৰালৈ গ'ল। কিন্তু ১৫২৮ শঁকত পাটনাত ৰজাৰ মৃত্যু হয়। দেশৰ প্ৰতি মুসলমানৰ আক্ৰমণ নিবাৰিবলৈ মন্ত্ৰী আগ্ৰালৈ গ'ল। ইতি সময়তে ঢাকাৰ পৰা সৈন্য আহি পৰীক্ষিতৰ দেশ অধিকাৰ কৰিলে। ঢাকাৰ নৱাবে সইতে কৰা সন্ধি মন্ত্ৰীয়ে অন্যথা কৰাই তেওঁ বাদসাহেৰ পক্ষে কানুনগো হই দেশলৈ আহিল।[] এই দেশ তেতিয়া চাৰি সৰকাৰত বিভক্ত আছিল। ৰঘুদেৱ ৰজাৰ ৰাজ্য তেতিয়াৰ পৰা দুই ভাগত বিভাগ হ'ল। পুবে মানাহ নদী আৰু পশ্চিমে সোণকোষ নদী ইয়াৰ মাজত যি দেশ খণ্ড সি পৰীক্ষিতৰ পুতেক বিজিত নাৰায়ণে ললে। আৰু মানাহ নদীৰ পৰা উজাই দিকৰাই লৈকে পৰীক্ষিতৰ ভায়েক বলিত নাৰায়ণৰ ভাগত পড়িল। এতিয়াৰ বিজনীৰ ৰজাৰ ফৈদ বিজিত নাৰায়ণৰ সন্তান। আৰু দৰঙ্গৰ ৰজাৰ ঘৰ এই বলিত নাৰায়ণৰ সন্তান।

 আগ্ৰাৰ বাদসাহাৰ পৰা যে কবীন্দ্ৰ বড়ুৱা কানুনগো হই আহিছিল তেতিয়াৰ পৰা প্ৰায় কামৰূপৰ এই অংশ মুসলমান বিলাকৰ অধীন হ'ল। ক্ৰমে ৰঙ্গামাটিত এজন মুসলমান নৱাবৰ বাসস্থান হ'ল। ৰজা সকলৰ পৰা নৱাবে কৰ লবলৈ ধৰিলে। আৰু বাঙ্গালদেশত যেনে পৰগণা, মৌজা, কিসমত, তালুক ইত্যাদি ভাগ আৰু চৌধাৰী, পাটগিৰি, মণ্ডল ইত্যাদি বিষয় সিও চলিব ধৰিলে। কানুনগো যি পতা হ’ল তেওঁ ৰঙ্গা মাটিত থাকিবলৈ ধৰিলে। আৰু সেইজনাই নানা উপায়ে অনেক মাটি, গাঁও পৰগণা ইত্যাদি লই পাছে জমিদাৰ নাম পালে। বিজিত নাৰায়ণৰ বংশৰ ৰজা সকল কেবল নাম মাত্ৰ ৰজা থাকিল। মুসলমানৰ কৰতলীয়া হ'ল আৰু কালক্ৰমে বিজনী নামে নগৰ পাতি তাতে থাকিল। তেওঁ নবাবক কৰ দিব লাগিছিল। পাছে সেই কৰৰ ধনৰ পৰিবৰ্ত্তে হাতী দিয়াৰ নিয়ম হ'ল। বঙ্গাল দেশৰ আন আন দেশৰ লগত ১৭৬৫ ইংৰাজীৰ ১২ আগষ্টত এই অংশ গবৰ্ণমেণ্টৰ অধীনলৈ আহিল। তাৰ পাছে হাতীৰ সলনি নগদ ৰূপ খাজানা বুলি দিয়া নিয়ম হ'ল।

 বলিত নাৰায়ণ ৰজাৰ দিনৰে পৰা এতিয়াৰ কামৰূপ আৰু দৰঙ্গ জিলাৰো অনেক অংশত মুসলমান বিলাকৰ আধিপত্য হ'ল। বিজিত নাৰায়ণৰ বংশৰ পৰা যেনেকেই কৰগ্ৰহণ হইছিল এই ফালে তেনে নহলেও সাধাৰণ পক্ষে মুসলমানবিলাকৰ কৰ্তৃত্ব চলিছিল। সিহঁতৰ মাটি, বাড়ী, বন্দোবস্ত আৰু মানুহৰ বিষয় ইত্যাদিৰ যি নিয়ম সি সমুদায় চলিল। সেই দেখিহে এতিয়ালৈকে কামৰূপ আৰু দৰঙ্গ জিলাৰ মাটি আৰু বিষয় ইত্যাদি সম্পৰ্কে বঙ্গাল দেশৰ নিয়মৰ অনেক সাদৃশ্য দেখা যায়। ৰঙ্গা মাটিৰ পৰা বলিত নাৰায়ণৰ ৰাজধানী দৰঙ্গ দূৰৈ হোৱাত ওচৰৰ ঠাই বিলাকৰ দৰে কঠিন ৰূপে ইয়াক মুসলমান হঁতে শাসন কৰিবলৈ পৰা নাইকিছিল। ৰাজ্য বিপ্লব হই থকাত প্ৰজাৰ অবস্থা তেনে নাছিল। উজনিৰ ফালে আহোম ভাটীৰ ফালে মুসলমান আৰু দুই দাঁতিয়ে ভোট, গাৰো, খাসীয়া, কছাৰী প্ৰভৃতি পৰ্ব্বতীয়া জাতি বিলাকৰ দ্বাৰা সময়ে সময়ে উপদ্ৰব হোৱাত তেতিয়া প্ৰজাৰ অবস্থা যে দুৰ্ব্বাসনীয়া আছিল ইয়াত একো সন্দেহ নাই।

  1. কাৰো কাৰো মতে মেছ বা কছাৰী।
  2. এই কথা যে বিশ্বাস কৰিব নোৱাৰি এইটী কোনে নপতিয়াব? সকলো দেশৰ যি ৰজা সকলৰ হীন জাতি বা কুলৰ পৰা উৎপত্তি বা জন্মৰ বিষয়ে যাৰ সংশয় সে সকলে কোনো দেৱতা বা শ্ৰেষ্ঠ লোকৰ সন্তান বুলি কয়। সেইৰূপে এই সকলেও সেইৰূপ কথা প্ৰচাৰ কৰিছিল। এনেটোহে ঠাৱৰ যে সেই দেশত ভ্ৰমি ফুৰা কোনো সন্নাসীৰ পৰা সেই দুজন লৰা হয়। প্ৰায় সন্ন্যাসীবিলাকৰ আৰাধ্য দেৱতা শিৱ সেইনিমিত্তে সেই ৰজাও শিৱবংশ নামে বিখ্যাত হ’ল। তেনে নহলে ৰজাৰ প্ৰতি ভক্তি তিমান নহলহেঁতেন।
  3. এই বংশৰ কোঙৰ কি ৰজা যেইকি নহওক সকলোয়েই নামৰ শেষত “নাৰায়ণ” নাম লয়। এতিয়ালৈকো এই নিয়ম চলিব লাগিছে।
  4. কোনোএ কয় বোলে শুক্লধ্বজে বিয়া কৰালে।
  5. কালাপাহাৰৰ এই দেশত পোৰাসুঠাৰ, পোৰা কুঠাৰ, কালা সুঠান বা কাল যৱন নাম প্ৰচলিত আছে। এওঁ ধৰ্ম্মবিদ্বেষী বুলি এতিয়ালৈকে মানুহে কয়। কালাপাহাৰৰ আক্ৰমণৰ বিবৰণ গুৰু ভটীমাত আছে।
  6. এই যুদ্ধতেই আক্ৰমণকাৰী সৈন্য দলৰ কোনোৰ খাউনি নাটনি হোৱাত ঘোঁড়াৰ মাংস খাই প্ৰাণ ৰাখিছিল। সেই সকল লোক ঢেকেৰী প্ৰদেশৰে৷ ৰজাৰ সৈন্যদলৰ ভিতৰৰ। সেই কাৰণে আহোমে ঢেকেৰী প্ৰদেশৰ লোকক “ঘোড়া খোৱা ঢেকেৰী” বুলি হাঁহে। আহোমে বেঙ্গ খায় সেই কাৰণে আহোমক “বেঙ্গ খোৱা” বুলি ই পক্ষে হাঁহে।
  7. এনে এটি কথা প্ৰচাৰ হই আছে বোলে কেন্দু কলাই বাপুয়ে যেতিয়া গধূলী গোঁসানী পূজা কৰি ঘণ্টা বজায় তেতিয়| গোঁসানীয়ে আহি নাচে। নৰনাৰায়ণ ৰজাই এই কথা বুজ পাই আৰু দেবীক চৈতন্য ৰূপে দৰ্শন পাবলৈ ইচ্ছা কৰি বাপুত কোৱাত বাপুয়ে ৰজাক এই উপদেশ দিলে যে গধূলী যেতিয়া তেওঁৰ ঘণ্টাৰ মাত শুনিব তেতিয়া তেওঁ নাট মন্দিৰৰ কুন্দ্ৰাক্ষৰ জলাৰে চাব দেবী দৰ্শন পাব। এদিন কোৱা সয়মত সেইৰূপ ঘণ্টা বজাত ৰজাই সেই জলাৰে সেই মন্দিৰৰ ভিতৰলৈ চোৱাত ৰজাৰ চকুয়ে দেবীৰ চকুএ পড়িল। গোসানীয়ে তাত লাজ পাই ক্ৰুদ্ধ হই কেন্দু কলাই বাপুৰ মূৰ ছিগি পেলালে আৰু ৰজাক শাপ দিলে বোলে তেওঁৰ আৰু তেওঁৰ বংশৰ কোনো লোকে দেবীদৰ্শন দূৰৈত থাওক নীলাচল পৰ্ব্বতৰ ফাললৈকে চাব নেপায়। চালে মুৰ ছিগিব। তেতিয়াৰে পৰা আৰু গোঁসানী পুজাৰ সময়ত ওলাবলৈ এড়িলে আৰু শিৱবংশী কোঁচবেহাৰ, বিজনী, দ’ৰঙ্গ, বেলতলা প্ৰভৃতিৰ ৰজা কি ৰজাৰ পৰিয়ালৰ কোনোয়ে নীলাচলৰ ফাললৈকে পাৰ্য্যমাণ নেচায়।
     এইটো মুঠে পতিয়াব নলগীয়া ইয়াক কোনে নুবুলিব? ৰজাক দেবী দেখুৱাব নোৱাৰি কেন্দু কলাই বাপু লাজ পাই অকস্মাৎ পড়িল আৰু মৃগী বা অপস্মাৰ ৰোগ হই পড়ি থকাত ৰজাই বাপুক চাবলৈ যোৱাত বহু বেলিৰ মুৰত চেতন পাই “এই ফল” বুলি ৰজাক দেবী দৰ্শন কৰিবলৈ নিষেধিলে। তেতিয়াৰে পৰা ৰজা আৰু ৰজাৰ পৰিয়াল বিলাকে নীলাচলৰ ফালে তদ্ৰূপ বিপত্তিৰ আশঙ্কাত নেচায়। ছত্ৰৰ দ্বাৰা আড় কৰি যায়।
  8. এতিয়াও আসাম প্ৰদেশৰ প্ৰধান কমিশ্যনৰৰ অধিকাৰ এই স্বৰ্ণকোষ নদীৰ পূৰ্ব্ব পাৰৰ পৰা আৰম্ভ।
  9. এতিয়াৰ গুৱালপাড়া জিলাৰ ৰঙ্গামাটিৰ জমিদাৰৰ পূৰ্ব্ব পুৰুষ কবীন্দ্ৰ বড়ুৱাই এই কানুনগো।