সমললৈ যাওক

আসাম বুৰঞ্জী/একাদশ অধ্যায়

ৱিকিউৎসৰ পৰা

একাদশ অধ্যায়

 ১৭১৭ শঁকৰ ২৩ অগ্ৰহায়ণত কিনাৰাম গোঁহাইদেৱে ৰাজত্ব পালে। মোৱামৰীয়াৰ উপপ্লবৰ পাছত দেশৰ এনে দৈন্য দশা আছিল, যে এইজনা স্বৰ্গদেৱে শিঙ্গৰী ঘৰত উঠি অভিষেক হব নোৱাৰিলে, সেই কাৰণে এওঁৰ হিন্দুমতে কমলেশ্বৰসিংহ নাম হ’ল। আহোমমতে নাম নহল।এওঁৰ পিতৃ দীঘলা গোঁহাইদেৱক চাৰিঙ্গীয়া খেল দি চাৰিঙ্গীয়া ৰজা বিষয় দিয়া হ'ল। পূৰ্ণানন্দ বুঢ়া গোঁহাই ডাঙ্গৰীয়াৰ উদ্যোগত সিংহাসন প্ৰাপ্ত হোৱাৰ নিমিত্তে স্বৰ্গদেৱে সকলো ৰাজ কাৰ্য্যৰ ভাৰ তেওঁৰ গাতে দিলে। ভগাদেশ কেনেকৈ পাতিব লাগে বুঢ়া গোঁহাইৰ ই চিন্তা বড়কৈ হ’ব ধৰিলে। যিবিলাক মানুহ দেশৰ পৰা ভাগিল, সিসকলৰো যেয়ে আহিল বুঢ়া গোঁহাইয়ে সকলোকে আগৰ সেই ঠাই আৰু সেই খেলত পাতিলে। আৰু যিবিলাক বিদেশলৈ গইছিল তাকো দেশলৈ অনাবলৈ যত্ন কৰিছিল। প্ৰজাৰ ক্ষেতি কৃষি নোহোৱাত আৰু দেশৰ অবস্থা ভাল নথকাত পাইকৰ খাটনিৰ নিমিত্তে কেতবিলাক শিথিল নিয়ম চলাই দিলে। নগাঁৱৰ পৰা সিন্ধুৰা হাজৰীকাক সপুত্ৰে ধৰাই নি প্ৰাণদণ্ড কৰিলে আৰু গৌৰীনাথসিংহ স্বৰ্গদেৱৰ দুহিতা আইদেৱকো চিৰিঙ্গ ফুকনে সইতে বড় আড়ম্বৰেৰে বুঢ়া গোঁহাইয়ে বিবাহ দিলে। ৰজা ও প্ৰজাৰ আয় উৎপন্ন আৰু অবস্থা তেতিয়া এনেহে আছিল যে বুঢ়া গোঁহাই আৰু অন্যান্য কাৰ্য্যকাৰকসকলৰ সময় উজনিৰ ফালে দৃষ্টি কৰোঁতেই গ’ল। কামৰূপৰ অবস্থা তাদৃশ ভাল নাছিল। গৌৰীনাথসিংহ স্বৰ্গদেৱ গুৱাহাটীত থাকোঁতেই দৰঙ্গৰ কৃষ্ণনাৰায়ণ ৰজাৰে মিল হই কামৰূপৰ কেতবিলাক মুখ্য লোকে আহোমৰ প্ৰতি দ্ৰোহভাব দেখুৱাইছিল। কাপ্তান ওৱেলস্ সাহাব অহাৰ পাছত কৃষ্ণনাৰায়ণ ৰজাই সইতে সন্ধিনিবন্ধন হলত কৃষ্ণনাৰায়ণ দৰঙ্গলৈ গ'ল। কিন্তু কামৰূপৰ প্ৰজাৰ মনত দ্ৰোহভাব সুন্দৰে থাকিল। যিমান দিন ব্ৰিটিশ সৈন্য ই দেশত আছিল, তিমান দিন সি ভাব লুপ্তপ্ৰায় আছিল। যেতিয়া ব্ৰিটিশ সেনা ভটীয়াই গ'ল আৰু উজনিৰ কাৰ্য্য চলাওঁতে চিন্তোঁতে ৰজা আৰু মন্ত্ৰীৰ সময় যাবলৈ ধৰিলে এবং গুৱাহাটীৰ গেন্ধেলা ৰাজখোৱা বড় ফুকনো নকৈ অহা বাবে বিশেষকৈ কামৰূপৰ অবস্থা জানিব নোৱাৰিছিলে তেতিয়া কামৰূপৰ হৰদত্ত আৰু বীৰদত্ত নামে দুই ভায়েক মুখ্য হই অন্যান্য অনেকে সইতে লগ লাগি দ্ৰোহ আচৰিবলৈ ধৰিলে। হিন্দুস্থানী আৰু দাঁতিপাৰৰ অনেক কছাৰী মানুহে টাঙ্গোন দা আদি অস্ত্ৰ ললে। কিছুমান পঞ্জাবী মানুহকো সৈন্য লই সিহঁতে একেবাৰে ১৭১৭ শঁকৰ মাঘ মাহত দ্ৰোহভাব অবলম্বন কৰিলে। বিদ্ৰোহী হৰদত্তৰ এজনী জীয়েক আছিল। তাইৰ হাত ও ভৰিত পদ্মফুলৰ চিন থকা এবং খোজ দিলে ভৰিত মাটি নলগা প্ৰবাদ আছিল। এওঁৰ নাম পদ্মকুমাৰী থোৱা হ’ল আৰু এনে বিশ্বাস হ’ব ধৰিলে যে এওঁ ভবিষ্যৎ কালত ৰাজৰাণী হ’ব পাৰিব। এনে কথিত আছে বোলে বিজনীৰ ৰজা আৰু কোঁচবেহাৰৰ ৰজায়ো আহোমৰ পৰা পূৰ্ব্বাধিকৃত দেশ লবৰ নিমিত্তে পেটে হৰদত্তক সহায় কৰিছিল। কিন্তু ব্ৰিটিশ গবৰ্ণমেণ্টে আহোম ৰজাৰ সপক্ষ থকাত প্ৰকাশ্যে একো নকৰিলে। বেহাৰৰ নাজিৰদেৱ সাহাবৰ বংশৰ কোঁৱৰ এজনাৰ নিমিত্তে পদ্মকুমাৰীৰ বিবাহৰ স্থিৰ হ'ল আৰু তেওঁ হৰদত্তৰ ঘৰলৈ আহিল। পৰাজিত জাতি বুলি কামৰূপৰ লোকবিলাকক আহোমবিলাকে “ঢেকেৰি” বুলি হাঁহিছিল আৰু যিমান পাৰিছিল তিমান অবিশ্বাস আৰু অবজ্ঞা কৰিছিল। সেই আক্ৰোশতে হৰদত্ত আৰু তেওঁৰ লগৰীয়া দ্ৰোহীবিলাকৰ এনেভাব হ’ল যে আহোম দূৰৈত থাওক অসমীয়া কথাৰ প্ৰতিও বিজাতীয় বিদ্বেষ জন্মিল। কামৰূপৰ অনেক বড় বড় লোকৰ দ্ৰোহৰ ভাব হই হৰদত্তক প্ৰকাশ্যে সাহায্য কৰিবলৈ ধৰিলে। আৰু এইৰূপে দ্ৰোহীবিলাকে কামৰূপৰ প্ৰায় উত্তৰ কুল অধিকাৰ কৰিলে। গেন্ধেলা ৰাজখোৱাৰ আৰু এটি নাম কলীয়া ভোমোৰা আছিল তেওঁ এই দ্ৰোহ নিবাৰিবলৈ বিশেষ যত্ন কৰিলে। পঞ্জাব ও হিন্দুস্থানৰ কেতবিলাক মানুহক সৈন্য দলত নিযুক্ত কৰিলে এবং বেলতলা ডিমৰুৱা প্ৰভৃতি দাঁতি ঠাইৰ ৰজা কেইজনমানৰ সাহায্য লই দ্ৰোহ নিবাৰিবলৈ উদ্যোগী হ’ল আৰু সৈন্য পঠালে। বুঢ়া গোঁহাই ডাঙ্গৰীয়ালৈ বড় ফুকনে ই বিষয় জনাই সাহায্য প্ৰাৰ্থনা কৰাত উজনিৰ পৰা কোনো বিশেষ সাহায্য নাপালে। নিজ জাতিৰ গৌৰৱ ৰক্ষা কৰিবলৈ বড় ফুকন নিজে আগ বাঢ়িবলগীয়া হ'ল। বড় ফুকনৰ সৈন্যে লুইত পাৰ হই উত্তৰ পাৰে গ'ল। যি যি ঠাইত দ্ৰোহী সৈন্য লগ লাগিছিল সি সি ফালে আহোমৰ সৈন্য গই দ্ৰোহী সকলক বিনষ্ট কৰিলে। দ্ৰোহীবিলাকৰ বিপক্ষে এই এটি উপায় হ’ল যে হৰদত্তে প্ৰথম কিছুমান দিন কামৰূপত জয় লাভ কৰাত আন আন চৌধুৰী বুজৰ বড়ুৱা বড় কায়স্থসকলক অধীন হেন ভাবি আজ্ঞা পঠাইছিল। ইয়াতে সিসকলে ঈৰ্ষান্বিত আৰু বিতুষ্ট হ’ল। বৰঞ্চ সিসকলৰ পেট আহোমৰ ফালেহে হইছিল। সমনীয়া লোকৰ অধীন হোৱাতকৈ বিজাতীয় এবং বিদেশীয় লোকৰ অধীন হোৱাকে মানুহে ভাল পায়। বড় ফুকনৰ সেনাৰ জয় বাৰ্ত্তা পাই হৰদত্ত কিছুমান সৈন্য সইতে পলায়ন কৰি ভোটানৰ ফালে যাব ধৰিলে। আহোমৰ সৈন্য পাছে পাছে খেদি গ'ল। হৰদত্তৰ মুখ্য সেনাপতি সকলে এই পৰামৰ্শ স্থিৰ কৰিলে যে পলাই পঞ্জাবলৈ গই সি দেশৰ পৰা সৈন্য আনি আহোমে সইতে যুদ্ধ কৰে। হৰদত্তৰ প্ৰধান ইচ্ছা এনে আছিল যে আহোমৰ হাতৰ পৰা কামৰূপ উদ্ধাৰ কৰি নিজে ৰখা হ’ব অথবা কোঁচবিহাৰৰ ৰজাৰ বংশৰ কোঁৱৰক আনি ৰজা পাতিব। তেওঁ পলাই গই ভিন্ন দেশীয় ৰজাৰ আশ্ৰয় লই সৈন্য আনি দেশ লোৱাটেো অযুক্তি দেখিলে। তেওঁ দেখিলে যে সেইৰূপ সংকল্প বড় অসাধ্য। যদিওবা সাধ্য হয় তথাপি একেবাৰে বিদেশীয় কোনো ৰজাৰ হাতত তেওঁৰ দেশখান পেলাই দিয়াতকৈ পুৰণি চিনাকি আহোমৰ হাততে সি থকা ভাল। ইয়াকে স্থিৰ কৰি এক নিভৃত ঠাইত তেওঁ সপৰিবাৰে পলাই থাকিল। তেওঁৰ লগৰ সৈন্যসকল যুদ্ধত সম্পূৰ্ণৰূপে পৰাস্ত হ’ল। হৰদত্তৰ এটি পুতেক ইয়াৰ পূৰ্ব্বে আহোম সেনাৰ দ্বাৰা ধৃত হইছিল। সেই ল’ৰাটিয়ে বড় ফুকনৰ অঙ্গীকাৰক বিশ্বাস কৰি আপোন পিতৃ আৰু পৰিয়ালসকলক ধৰা পেলাই দিলে। কিন্তু দ্ৰোহী হেতুকে বড় ফুকনে সি সকলোকে উগ্ৰদণ্ড কৰিলে। হৰদত্তৰ পদ্মকুমাৰী নামে কন্যাক বড় ফুকনৰ “কুমেদান বাঙ্গাল” নামে এজন সেনাপতিয়ে ধৰি নি বিবাহ কৰালে।[] এইৰূপে হৰদত্তৰ বিবাদৰ শেষ আৰু নিবাৰণ হ'ল। এই বিদ্ৰোহকাৰীসকলক “দুন্দীয়৷” বুলিও কয়। কিয়নো ভাটীফালৰ পৰা পলাই বা আন ভাবে অহা সৈন্যই বিদ্ৰোহত লিপ্ত আছিল। কলীয়া ভোমোৰা বড় ফুকনে নিজ বুদ্ধি আৰু পৰাক্ৰমেৰে এই “দুন্দীয়া” বিদ্ৰোহ নিবাৰণ কৰি কামৰূপ পৰিষ্কাৰ কৰাত স্বৰ্গদেৱে সন্তোষ পাই তেওঁক প্ৰতাপবল্লভ নাম দিলে। এই বিদ্ৰোহ নিবাৰণৰ অৰ্থে বড় ফুকনে ভাটীৰ পৰা কিছুমান সিপাহী আৰু বন্দুক বাৰুদ অনাইছিল। তাৰে কিছুমান উজনিলৈ পঠাই দিলে ভাটীৰ সিপাহীবিলাকৰ লগত আমাৰ দেশী কেতবিলাক মানুহকো যুদ্ধ বিদ্যা শিকোৱা হ'ল। আৰু বুঢ়া গোঁহাই পৰীয়া চন্দ্ৰা গোঁহাইক সেনাপতি নিযুক্ত কৰিলে। অভিনব যুদ্ধ শিক্ষাৰ প্ৰথম পৰীক্ষা খামতীবিলাকতে হয়। সিবিলাকে আমাৰ সীমা ঠেলি কেতবিলাক মানুহ ধৰি নিয়াত কিছুমান সিপাহী পঠোৱা হ'ল। আমাৰ সিপাহীয়ে পৰ্ব্বতত উঠি খামতীৰ বুঢ়া ৰজাক বন্দী কৰি আনিলে। তেতিয়াৰে পৰা খামতীবিলাকৰ উপদ্ৰব নিবাৰণ হ'ল। ১৭১৯ শঁকত চন্দ্ৰকান্ত গোঁহাই দেৱৰ জন্ম হয়। বুঢ়া গোঁহাই ডাঙ্গৰীয়াই দেশৰ কুশল ৰক্ষা কেবল সৈন্য দলৰ ওপৰত নিৰ্ভৰ কৰে, ইয়াকে দেখি সিপাহী শিকাবৰ প্ৰতিহে বড় মন আৰু উৎসাহ দিছিল। ১৭২১ শঁকত চাৰিঙ্গিয়া ৰজাদেৱ মৃত্যু হ’লত চন্দ্ৰকান্ত গোঁহাইদেৱ চাৰিঙ্গিয়া ৰজা হ'ল।

 কছাৰীবিলাকে ইমান দিন নিস্তব্ধ হই আছিল। অতি সামান্য কথা এটাৰ পৰা সিহঁতে ক্ৰোধ কৰি আসাম দেশ আক্ৰমিবলৈ উদ্যোগ কৰে। নতুন শিক্ষিত কেতবিলাক সৈন্য ১৭২০ শঁকত কছাৰীৰ বিপক্ষে পঠোৱা হ'ল। লক্ষ্মীনাৰায়ণ ব্ৰহ্মচাৰী নামে দ্ৰাবিড় দেশৰ এজনা ব্ৰহ্মচাৰী গৌৰীনাথসিংহ স্বৰ্গদেৱৰ সখিক চক্ষু দান দিয়া সূত্ৰ লাগি মৰাণৰ দিনতে আহিছিল। তেৱোঁ সেনাপতি ফুকনে সইতে ই যুদ্ধলৈ গইছিল।[] কছাৰী সৈন্য আগবাঢ়ি আহি অকস্মাৎ আমাৰ সৈন্যক আক্ৰমণ কৰাত আমালোকৰ সৈন্য হুঁহকিল। পাছে নৌকাৰ অভাবত সৈন্যবিলাকৰ অনেকে কপিলী নদী পাৰ হ’ব নোৱাৰি আন উপায় নাপাই সাঁতৰ মেলোঁতে বিস্তৰ সেনা আৰু বন্দুক হানি হ’ল। এই ৰণ ১৭২৫ শঁকত শেষ হয়। ইয়াত জয়লাভ হ’ল হয় কিন্তু যুদ্ধৰ সামগ্ৰী অনেক ক্ষতি হ’ল। এই ৰণত প্ৰধান সেনাপতি বুঢ়া গোঁহাইৰ ঘৰৰ হৰিপদ ডেকা ফুকন আছিল। এওঁৰ বুদ্ধি আৰু সাহসৰ পৰাহে আহোমৰ কথমপি জয় হ’ল। এই আপাহতে স্বৰ্গদেৱে ১৭২৫।২৬ শঁকতে ডেকা ফুকনক যুদ্ধ জয় হোৱা দেশৰ ওচৰতে চাৰি সীমাকৈ অনুমান ২০০০ দুহাজাৰ পুৰা মাটি নিষ্কৰ বৃত্তি দিলে।[] কমলেশ্বৰসিংহ স্বৰ্গদেৱ মুখলাজুকা, কৃতজ্ঞ আৰু মৰমীয়াল আছিল। স্বাৰ্থপৰ বুঢ়া গোঁহাই ডাঙ্গৰীয়াই ক্ৰমে আপোনাৰ বংশৰ মাঝতে সকলো ডাঙ্গৰ বিষয় ৰাখিবলৈ ধৰিলে। আৰু তেওঁৰ যি মত ও অভিপ্ৰায় তাকে সকলো প্ৰকাৰে ৰক্ষা কৰিছিল। ৰাজমাৱ দেৱতা আৰু ৰজাৰ বড় বিশ্বাস ও সম্ভ্ৰম পোৱাত ডাঙ্গৰীয়াক কোনেও একো প্ৰকাশি ক’ব বা তেওঁৰ কাৰ্য্যত প্ৰতিবাদ কৰিব নোৱাৰিছিল। তেওঁক সকলোৱে ভয় কৰিছিল। ভয় হলেই অভিসন্ধি ও নিষ্ঠুৰতাৰ উদয় হয়। পানীমুয়া প্ৰভৃতি কেতবিলাক লোকে ৰাতি ভকত সেবা কৰিবৰ ছলেৰে একেলগ হ’ল। সিহঁতে ৰাজমন্ত্ৰী আৰু সেই ফলীয়া মানুহবিলাকৰ প্ৰাণবধ কৰিবলৈ প্ৰতিজ্ঞা কৰে। দেশৰ কোনো কোনো ডাঙ্গৰ লোকেও পেটে পেটে এই গুপ্ত দ্ৰোহীসকলক সাহায্য কৰিলে। আপোনাৰ কাৰ্য্য সাধিবলৈ যাৰ ইচ্ছা অথবা দেশত শত্ৰু দমি প্ৰধান হই থাকিবলৈ যি বাঞ্ছা কৰে, সিসকলে চৰীয়াৰ সহায় ল’ব লাগে। চৰৰ চকুয়েই সিসকল লোকৰ চকু হয়। বুঢ়া গোঁহাই ডাঙ্গৰীয়াৰ চৰীয়াসকলে এই ষড়যন্ত্ৰৰ কথা কিছু প্ৰমাণিক ৰূপে দেখুৱাই দিয়াত পানীমুয়াকে মুখ্য কৰি কেতবিলাক দ্ৰোহী ধৰা হয়। বুঢ়া গোঁহাইয়ে নিশ্চয় জানিলে এনে দুৰ্ব্বল লোকে যে ৰজা আৰু মন্ত্ৰীৰ বিৰুদ্ধে দ্ৰোহ আচৰিব ই অসম্ভব। এতেকে ইয়াত যি যি লোকে পেটে সহায় কৰিছিল সি সকলোকে ধৰিব লাগে। এই বুলি সি মানুহকেইটাক সুধি সিহঁতে যাৰ যাৰ নাম কলে সি সকলোকে মাৰিলে। এনে কথা প্ৰচাৰ আছে বোলে সি দুষ্ট প্ৰকৃতিৰ লোকবিলাকে সিহঁতৰ ইচ্ছামতে অনেক নিৰ্দ্দোষী লোকক সিহঁতৰ লগৰীয়া বুলি কোৱাত তাৰো প্ৰাণবধ বা অন্য কোনো দণ্ড কৰিলে। পৰিশেষত বুঢ়াগোঁহাই ডাঙ্গৰীয়াই সি দ্ৰোহীবিলাকৰ গুপ্তভাব বুঝি সিহঁতকো দণ্ড কৰিলে। এই গুপ্ত দ্ৰোহক “পানী মুৰাৰ খবৰ” বোলে। ১৭২৫ শঁকত কাকতীয়াৰ বলৰাম খঙ্গীয়া ফুকনক উকীল কৰি আৰু তেওঁৰ লগত ভূধৰ চাংকাকতী, তনুশ্যাম খাউন্দ আৰু মধু বড়াক কলিকাতাৰ গবৰ্ণৰ সাহাবলৈ পত্ৰে সইতে স্বৰ্গদেৱে পঠাই দিলে এবং কিছুমান শিক্ষিত সিপাহী বন্দুক, বাৰুদ আৰু গুলী অনোৱা হ’ল। যোৰহাটলৈ অহাৰ পাছত বুঢ়া গোঁহাইৰ এনে মন আছিল যে পুনৰায় ৰঙ্গপুৰলৈ ঘূৰি যাব পাৰিব কিন্তু দেশৰ হুলস্থুল অবস্থা নিবাৰণ নোহোৱাত সেইটি নঘটিল। ইয়াতে থাকি যোৰহাট বাহৰকে ভালকৈ নগৰ কৰা হ’ল। জলৰ কষ্ট নিবাৰিবলৈ ভোগদই নদী খনালে। কেটামান আলিও নিৰ্ম্মাণ কৰা হ’ল। ১৭২৪ শঁকৰ পৰা দেশত উপদ্ৰব আৰু অমঙ্গল নোহোৱাকৈ কিছু দিন গ’ল।  ১৭৩২ শকৰ শেষ ভাগত বসন্ত ৰোগ প্ৰবল ৰূপে দেশত হ’ব ধৰিলে। সেই ৰোগতে কমলেশ্বৰসিংহ স্বৰ্গদেৱ ৫ মাঘ কৃষ্ণা সপ্তমীত স্বৰ্গী হ’ল। এওঁৰ ভোগৰ কাল ১৫ বৎসৰ ৫ মাহ ১৩ দিন। কমলেশ্বৰসিংহ স্বৰ্গদেৱৰ ভ্ৰাতৃ চন্দ্ৰকান্ত চাৰিঙ্গীয়া ৰজাৰ তেতিয়া ১৩ বছৰ বয়স মাথোন আছিল। ১৭৩২ শকৰ ৬ মাঘত ইজনা সিংহাসনত উঠিল। সেই সময়ত স্বৰ্গদেৱে এনেহে শঙ্কিত হইছিল যে যেতিয়ালৈকে তেওঁৰ সমনীয়া লিগিৰা কেইজন মান ওচৰলৈ নগ’ল তেতিয়ালৈকে সিংহাসনত উঠিবলৈকে ভয় কৰিছিল। স্বৰ্গদেৱৰ কোমল বয়স হোৱাত পুনৰায় বুঢ়া গোঁহাইৰ হাততে সম্পূৰ্ণ ৰাজ্যভাৰ পড়িল। ৰাজমাৱ দেৱতা বড় বুদ্ধিমতী আছিল। তেৱোঁ বিষয় কাৰ্য্য পৰিচালনত সময়ে সময়ে বুদ্ধি মন্ত্ৰণা দিছিল। বুঢ়া গোঁহাই ডাঙ্গৰীয়াই এইৰূপ অপৰিসীম ভাৰ পাই বড় পৰাক্ৰমেৰে কাৰ্য্য কৰিবলৈ ধৰিলে। স্বৰ্গদেৱে আপোনাৰ সমনীয়া সকলে সইতে ক্ৰীড়া কৌতুকতে সময় খেদাবলৈ ধৰিলে। স্বৰ্গদেৱ বড় লাজুকা আৰু ভীৰু স্বভাবৰ লোক আছিল। এই নিমিত্তে তেওঁৰ কৌতুকৰ অৰ্থে বুঢ়া গোঁহাইয়ে যিমান পাৰিছিলে তিমান উদ্যোগ কৰিছিল।

 কলীয়া ভোঁমোৰা বড় ফুকন বড় প্ৰশস্তমনা আৰু বহুদৰ্শী মানুহ- আছিল। ব্ৰিটিশ গবৰ্ণমেণ্টৰ পৰাক্ৰম যে শ্ৰেষ্ঠ আৰু সাহায্য যে আদৰণীয় ইয়াকে তেওঁ সুন্দৰে জানিছিল। কোঁচবিহাৰৰ দৰে ব্ৰিটিশ গবৰ্ণমেণ্টক “লালবন্দী” দি মিত্ৰতা কৰিবলৈ প্ৰস্তাব কৰি বুঢ়াগোঁহাই ডাঙ্গৰীয়ালৈ তেওঁ এবাৰ জনালে। ডাঙ্গৰীয়াই নিশ্চয়কৈ জানিছিল যে তেওঁ লোকপ্ৰিয় নহয় তাতে আকৌ “লালবন্দী” দিবলগীয়া হলে দেশখন ইংৰাজকে “বন্দী” কৰি দিয়াৰে অপবাদ পাব। ইয়াকে ভাবি তেওঁ সি প্ৰস্তাবত অসন্মত হ’ল। কিছুমান দিনৰ মূৰতে বড় ফুকনৰ মৃত্যু হ’ল। তেওঁৰ পদত বদনচন্দ্ৰ নিযুক্ত হ’ল। বুঢ়া গোঁহাই ডাঙ্গৰীয়াই ৰজাৰ মঙ্গলৰ অৰ্থে স্বৰ্গদেৱৰ নামে কাশীত এটা মন্দিৰ নিৰ্ম্মাণ কৰোৱাই দিলে। এই কাৰ্য্যত ডাঙ্গৰীয়াৰ বংশৰে আনন্দৰাম গোঁহাই আৰু পৰশুৰাম দুৱৰীয়াৰ ঘৰৰ ৰণৰাম বা যোগাই বড়ুৱাক নিযুক্ত কৰিছিল। এই মন্দিৰ ১৭৩৪ শকত আৰম্ভ হই ১৭৩৫ শকত শেষ হয়। এই মন্দিৰ আজিলৈকে আছে। এই কাৰ্য্যৰ পৰ৷ ডাঙ্গৰীয়াৰ বড় কীৰ্ত্তি অদ্যাবধি স্থায়ী হই আছে।

 ৰজাই সমনীয়াবিলাকে সইতে আমোদ কৰি দিন যাপন কৰিবলৈ ধৰিলে। সিসকলৰ মাঝত ভূত নামে কুকুৰাছোৱা বড়াৰ পুতেক সতৰাম স্বৰ্গদেৱৰ প্ৰধান বল্লভ হ'ল।[] ৰজাই সতৰামক ক্ৰমে বিষয় বঢ়াই দি শেষত চাৰিঙ্গীয়া ফুকন পাতিলে। বয়সৰ তৰুণতাৰ নিমিত্তে স্বৰ্গদেৱে মন্ত্ৰীৰ কথাতকৈ চাৰিঙ্গীয়া ফুকনৰ কথাকেহে বড়কৈ মানিবলৈ ধৰিলে। অকস্মাৎ যি কোনো লোক ডাঙ্গৰ হয় বিশেষকৈ ৰাজবল্লভ হয়, তাৰ প্ৰকৃতি প্ৰায়েই উচ্ছৃঙ্খল। তাতে সতৰাম ফুকনৰ বয়স তৰুণ। তেওঁৰ আশা ইমান বলবতী হ’ল যে তেওঁ মন্ত্ৰিত্ব কৰে কিন্তু তাক কৰা বড় উজু নহয়। এই হেতুকে বুঢ়া গোঁহাইয়ে সইতে স্বৰ্গদেৱৰ মন ভাঙ্গিবলৈ উপক্ৰম কৰি ক্ৰমে তেওঁ ৰাজকাৰ্য্যত হাত দিবলৈ ধৰিলে। স্বৰ্গদেৱক ইয়াকে বুঝাই কলে বোলে শিঙ্গৰী ঘৰত নুঠিলে ৰজাৰ অভিষেক নহয় আৰু বুঢ়া গোঁহাইয়ে মন্ত্ৰণা কৰি দেশখন আপোনাৰ হাতৰ তলত ৰাখিবলৈ অভিষেক হ’ব নিদিয়ে। স্বৰ্গদেৱে এদিন বুঢ়া গোঁহাই ডাঙ্গৰীয়াত এই প্ৰস্তাব কৰাত ডাঙ্গৰীয়াই ইয়াকে কলে যে অভিষেকৰ নিমিত্তে যি পৰিমাণ অৰ্থ আৰু উপায় লাগে আৰু যি পৰিমাণে নহ'লে পূৰ্ব্বৰ নিয়মানুসাৰে কাৰ্য্য নহয় সি পৰিমাণে এই কালত হ’ব নোৱাৰে। কিয়নো মৰাণৰ দিনৰে পৰা দেশত হুলস্থূল লাগি থকাত ৰজাৰ ও প্ৰজাৰ সম্পত্তিৰ বল তেনে নাই। ই কথাত স্বৰ্গদেৱে সন্তোষ পালে হয় কিন্তু চাৰিঙ্গীয়া ফুকনে বিষমৰূপ বুজাই কলে। চাৰিঙ্গীয়া ফুকনে ৰজাৰ বল্লভ হই ভালৰূপে থাকিব নুখুজিলে। তেওঁৰ আশা ক্ৰমে বড় হ'ল। ডাঙ্গৰীয়াসকলকো কোনো কোনো সময়ত অবজ্ঞাৰ চিন দেখুৱালে। এনে প্ৰবাদ আছে বোলে এক সময়ত বুঢ়া গোঁহাই ডাঙ্গৰীয়া যোৱগু স্বৰ্গদেৱে সইতে সতৰাম একে আসনতে বহি আছিল তথাপি তাৰপৰা গাত্ৰোত্থান নকৰিলে। বুঢ়া গোঁহাইয়ে স্বৰ্গদেৱক সেৱা কৰিলে। ১৭৩৫ শকত বুঢ়া গোঁহাইয়ে আপোন হাতে কিন্খাপৰ আঙ্গা চোলা এটা কৰি স্বৰ্গদেৱক দুৰ্গোৎসব পূজাত পিন্ধিবলৈ দিয়াত স্বৰ্গদেৱে তেওঁৰ প্ৰিয় ফুকনকে দিলে। পূজাত গধূলি সময় স্বৰ্গদেৱ দেবী ঘৰলৈ আহিবৰ অপেক্ষা কৰি বুঢ়া গোঁহাই প্ৰভৃতি সকলো লোক থকাত ফুকন সেই কাপোৰ পিন্ধি তালৈ যাওঁতে সকলোৰে স্বৰ্গদেৱ বুলি ভ্ৰম হ’ব ধৰিছিল। ইয়াতে দুই এক আশাৰ এনে কথা ফুকন আৰু ডাঙ্গৰীয়াৰ মাঝত হ’ল যাতে দুয়ো পেটে পেটে বিতুষ্ট হ’ল। তেতিয়াৰে পৰা দুয়োৰো অমিল ভাব প্ৰকাশ পালে।

 চাৰিঙ্গিয়া ফুকনে নিশ্চয়কৈ জানিলে বুঢ়া গোঁহাই থকাত তেওঁৰ মঙ্গল নহয়। এবং বুঢ়া গোঁহাইও নিশ্চয়কৈ জানিলে যে ফুকনৰ পৰা তেওঁৰ কুশল আৰু শান্তি অসম্ভব। দুয়ো তলে তলে আপোনাৰ মতলৈ মানুহ আনিব ধৰিলে। চাৰিঙ্গিয়া ফুকনে কেতবিলাক তেওঁৰ স্বভাবৰ দৰে উচ্ছৃঙ্খল বুদ্ধিৰ মানুহে সইতে তলে তলে বুঢ়া গোঁহাইক মাৰিবলৈ মন্ত্ৰণা কৰিলে আৰু বুঢ়া গোঁহাই বুলি কলৰ গছকে কাটিলে। আন কি এওঁ বুঢ়া গোঁহাইক মাৰি দেশখন তেওঁৰ হাতৰপৰা ৰজাক দিবলৈ কিছুমান সিপাহীও সংগ্ৰহ কৰিবলৈ উদ্যোগ কৰিলে। এনে হল যে আকৌ দেশত ৰণ হয়। বুঢ়া গোঁহাই ডাঙ্গৰীয়াই ই সকল কথা বুঝ পাই স্বৰ্গদেৱ আৰু ৰাজমাৱ দেৱতালৈ কই পঠালে। কিন্তু একো প্ৰতিকাৰৰ আশা নাপালে। ৰাজ মাতৃ দেৱতাই স্বৰ্গদেৱক ভালকৈ বুঝাই কলে হয় কিন্তু স্বৰ্গদেৱৰ কপট নুগুছিল। পাছে বুঢ়া গোঁহাইয়ে আন আন ডাঙ্গৰীয়া ও ফুকন বড়ুৱা সকললৈ ইয়াকে কই পঠালে, বোলে গোজেই গছ হই এতিয়া দেশ উপান্ত কৰে। চাৰিঙ্গিয়া ফুকন যেনেকৈ বুঢ়া গোঁহাইক সেইদৰে আন আন লোককো অপমান আৰু অবজ্ঞা কৰি স্বৰ্গদেৱৰ অনুগ্ৰহক কুব্যবহাৰ কৰিছিল। সকলোৱে বুঢ়া গোঁহাইৰ মততে মত দিলে। পাছে ১৭৩৬ শকৰ আষাঢ় মাহত এদিন তিনিওজনা ডাঙ্গৰীয়া বড় বড়ুৱা ফুকন প্ৰতি সকলো বড় চ’ৰালৈ গ’ল। সতৰাম আৰু তেওঁৰ সঙ্গীসকলক দমন কৰাই তেওঁবিলাকৰ প্ৰধান সংকল্প। তিনিওজনা ডাঙ্গৰীয়া একেলগ হলে ৰজাকো ভাঙ্গিব বা পাতিব পাৰে। ইফালে ইমান ডাঙ্গৰ মেল হয় অথচ ৰজাই একো বুঝ নাপায় আৰু ৰজাক চ’ৰালৈ আহিবলৈ জনোৱা নহল। যেতিয়া ডাঙ্গৰীয়াসকল চ’ৰালৈ গ’ল, তেতিয়াহে ৰজা ঘৰত হুলস্থুল লাগিল যে আজি বা কি হয়। চাৰিঙ্গিয়া ফুকনে বিষম ভাবি ৰজাৰ চাঙ্গলৈ গ’ল। সকলোৱে আহি সভাত বহি স্বৰ্গদেৱলৈ জনাই পঠালে বোলে, চাৰিঙ্গিয়া ফুকনক দ্ৰোহী বুলি লোকে অপবাদ দিছে তাৰে বিবেচনাৰ নিমিত্তে ফুকনক চ’ৰালৈ আহিবলৈ আজ্ঞা কৰোঁক। স্বৰ্গদেৱে তাত অমান্তি হোৱাত পাছে সভাৰপৰা এনে অনুমতি হ’ল যে স্বৰ্গদেৱে যদি অনুমতি নিদিয়েও তথাপি তেওঁক ধৰিয়েই আনিব। বুঢ়া গোঁহাইৰ পুত্ৰ জগন্নাথ ঢেকিয়াল ফুকন, মৰঙ্গিয় খোৱা গোঁহাই আৰু চন্দ্ৰ গোঁহাইয়ে ই অনুমতি লই চাঙ্গলৈ গ’ল। যাবৰ সময়ত বুঢ়া গোঁহাইয়ে ইয়াকে সতৰ্ক কৰি কলে তুঙ্গখুঙ্গিয়া ফৈদৰ ৰজাৰ যেন অপমান নহয়। ৰাজ মাতৃ দেৱতাই ৰাজ্যৰ ভাব দেখি স্বৰ্গদেৱক বুঝাই কলে। স্বৰ্গদেৱে প্ৰথমে চাৰিঙ্গিয়া ফুকনক দিবলৈ অসন্মত হইছিল। ঢেকিয়াল ফুকনে স্বৰ্গদেৱক এই বুলি বুঝাই কলে বোলে ফুকনক এড়ি নিদিলে অগত্যা বলেৰে ধৰি নিব। ইয়াতে তেওঁক এড়ি দিলে হয় কিন্তু তেওঁৰ জীৱনৰ প্ৰতি বিষম নঘটাবলৈ স্বৰ্গদেৱে ঘোৰ শপথ দিলে।

 চাৰিঙ্গিয়া ফুকনক এড়ি দিয়াৰ পৰা ৰাজ মাতৃ দেৱতা আৰু আন আন হিতকাৰীৰ মনত দৃঢ় বিশ্বাস হ’ল যে ৰজাৰ প্ৰতি একো অত্যাচাৰ নঘটে। সভালৈ চাৰিঙ্গিয়া ফুকন আৰু তেওঁৰ সঙ্গী দ্ৰোহীসকলক নিয়া হলত বিচাৰ আৰম্ভ হ’ল। অন্যান্য ফুকন বড়ুৱা সকলোৱে আসনত বহিছিল কিন্তু চাৰিঙ্গীয়া ফুকনৰ নিমিত্তে আসন নোহোৱাত তেওঁ আপত্তি কৰিলে কিন্তু সভাৰ পৰা এইৰূপে বুঝাই কোৱা হ’ল যে এতিয়া তেওঁ পদকীয়া সুতৰাং আসনৰ অৰ্হ নহয়। তেওঁ আৰু তেওঁৰ সঙ্গীৰ বিৰুদ্ধে প্ৰমাণ লোৱা হল। যিসকলে প্ৰথমতে সতৰাম ফুকনৰ সঙ্গী আছিল তাৰে অনেকে তেওঁৰ বিপক্ষে প্ৰমাণ দিলে। জগধৰ চাৰিঙ্গিয়া বড়ুৱা প্ৰভৃতি দ্ৰোহীবিলাকৰ কাৰো প্ৰাণদণ্ড কাৰো অন্যৰূপে দণ্ড কৰা হ’ল। সতৰামক নগা পৰ্ব্বতৰ ফালে পঠালে এবং তাতে তেওঁক কৌশলেৰে নষ্ট কৰিলে। এই দ্ৰোহ “ভূতৰ পুতেকৰ খবৰ” বুলি প্ৰসিদ্ধ। ইয়াতে বিস্তৰ লোকৰ প্ৰাণ নষ্ট নহলেও ইয়াৰ দ্বাৰা উজনি খণ্ডত কম উৎপাত নহ’ল। কিয়নো ৰজা ঘৰৰ মানুহবিলাক দুফলীয়া হোৱাত নগৰৰ বড় অনিষ্ট ঘটিছিল। কামৰূপত বদনচন্দ্ৰ বড় ফুকনে একাধিপত্য কৰি ৰাজ্য শাসন কৰিছিল। তেওঁ নীচেই সুশাসক নাছিল। কামৰূপী লোকৰ প্ৰতি বড় দ্বেষ ভাব আছিল। ফুকনৰ জন্মি আৰু পিয়লী নামে দুটি পুতেক আছিল। এই দুজনৰ অত্যাচাৰত কামৰূপী মানুহৰ ৰক্ষা নহ’ল। এনে কি তেওঁবিলাকে গুৱাহাটীত বালক দাস নামে হাতী এটাক ভাঙ্গ খুৱাই মতলীয়া কৰি নগৰত এড়ি দিছিল আৰু সেই হাতীয়ে যি অনিষ্ট কৰিছিল তাৰে আনন্দ কৰিছিল। বুঢ়া গোঁহাইৰ ওচৰলৈ ই সকল বাৰ্ত্তা সদাই গই আছিল। হঠাৎ একো কৰিব নোৱাৰিলে কিয়নো ভূতৰ পুতেকৰ উপদ্ৰবত বুঢ়া গোঁহাই নিজেই ব্যগ্ৰ আৰু ব্যাকুল আছিল।

 ভূতৰ পুতেকৰ দোষ বিচাৰ কৰোঁতে এনেটো ওলাল বোলে বড় ফুকন তলে তলে দ্ৰোহীৰ ফাল হইছিল। তেওঁকো কৰ্ম্মচ্যুত কৰিবলৈ বা দণ্ড কৰিবলৈ বুঢ়া গোঁহাইৰ মনস্থ হ’ল। যেতিয়া বালক দাস হাতীৰ উপদ্ৰবৰ কথা বুঢ়া গোঁহাইয়ে শুনিলে তেতিয়া অৰ্থাৎ ১৭৩৭ শকৰ ভাদ্ৰত তেওঁ তাকে ছল পাই বড় ফুকনক ধৰি আনিবলৈ মহেশ্বৰ পৰ্ব্বতীয়া ফুকনক পঠালে। বদনচন্দ্ৰক ভাঙ্গি ঘনশ্যামক বড় ফুকন হবৰ স্থিৰ কৰি তেওঁকো এই লগতে গুৱাহাটীলৈ পঠোৱা হ’ল। আৰু এনে কঠিন আজ্ঞা দিলে যে তেনে ৰূপে তেওঁক ধৰি নগৰলৈ আনিব। বড় ফুকনৰ জীয়েক পিজৌ আইদেউক বুঢ়াগোঁহাই ডাঙৰীয়াৰ পুতেক ওৰেষানাথ ঢেকিয়াল ফুকনে বিয়া কৰাইছিল। তেওঁৰ বিবাহৰ যৌতুকত বিস্তৰ মহামূল্যবান বস্তু দিছিল। ইও এক বুঢ়া গোঁহাইৰ অসন্তোষৰ মূল আছিল, কিয়নো যৌতুকত এনেবিলাক বস্তু দিছিল যিবিলাক ৰজাৰ জীয়েকৰ বিবাহৰহে যোগ্য। যদিচ বড় ফুকনক ধৰিবলৈ অতি সংগোপনে মানুহ পঠাইছিল তথাপি ই কথা সংগোপনে নাথাকিল। বড় ফুকনৰ জীয়েকে বুঝ পাই বড় ফুকনলৈ এই বুলি এখান চিঠি অতি গোপনে পঠাই দিলে। তাৰ ভাব এই “দেৱতা সকলো মানুহ তোমাৰ বিপক্ষ, ঈশ্বৰ তোমাৰ সপক্ষ হওক। সাবধান হ’বা নতুবা সৰ্ব্বনাশ।” এই পত্ৰ ফুকনক ধৰি আনিবলৈ যোৱা লোকৰে কোনো এজনৰ হাতত গুপ্তভাবে পঠালে। ই কাৰ্য্যৰ দ্বাৰাই দেশৰ অমঙ্গল আৰু মঙ্গল বিশেষ কাৰ্য্যবিলাক হ’ল। পৃথিবীৰ নানা দেশত যিসকল মহৎ কাৰ্য্য ঘটিছে তাৰে অনেক স্ত্ৰী জাতিয়ে কৰা কোনো কাৰ্য্যৰ পৰাই ঘটিছে।[] যিবিলাক লোকে বড় ফুকনক ধৰিবলৈ যায় সিসকলে আশ্বিনৰ ৯দিন যোৱাত সন্ধ্যা সময়ত গুৱাহাটীৰ ওচৰ পাই এনে পৰামৰ্শ কৰিলে বোলে কালি পুৱা গই স্বৰ্গদেৱৰ আজ্ঞা শুনাই বড় ফুকনক দোপদৰতে ধৰা যাব আৰু ঘনশ্যামক পতা যাব। সন্ধ্যাৰ পাছতে বড় ফুকনে সেই পত্ৰ আৰু পত্ৰবাহকৰ মুখে সকলো কথা বুঝি আপোনাৰ দুই পুত্ৰ জন্মি ও পিয়লীক লগত লই পাছ ফালৰ বাটেৰে নদী ওলাই সৰু নাৱেৰেই ভটীয়াই গ’ল। যি পাছ বাটেৰে বড় ফুকন পলাল, সেই বাটক “ধোদৰ দুৱাৰ” বোলে। ৰাতিপুৱা বড় ফুকন পলোৱা বাৰ্ত্তা সৰ্ব্বত্ৰতে প্ৰকাশ হ’ল। ঘনশ্যাম বড় ফুকন হই বদনচন্দ্ৰক বিচাৰিবলৈ লোক পঠালে। মহেশ্বৰ পৰ্ব্বতীয়া ফুকনে বঙ্গাল হাটৰ পৰশুৰাম দুৱৰীয়াৰ সাহায্য লই বঙ্গাল দেশলৈকে গ’ল। চিলমাৰীত বড় ফুকনক পোৱা গ’ল আৰু তেওঁক মন্ত্ৰণা কৰি ধৰি আনিব লগা হইছিল কিন্তু তেওঁৰ পুতেক জন্মি আৰু পিয়লীয়ে গই চিলমাৰীৰ থানাত সম্বাদ দিয়াত থানাৰ দাৰোগাই বদনচন্দ্ৰক ৰাখিলে। বড় ফুকন কাৰ্ত্তিক মাসত কলিকতালৈ গ’ল। দেশখন বুঢ়া গোঁহাইয়ে ভাঙ্গিছে বুলি ৰজাৰ পক্ষে গবৰ্ণৰ জেনেৰেল সাহাবত সৈন্যৰ নিমিত্তে প্ৰাৰ্থনা কৰাত ব্ৰিটিশ গৱৰ্ণমেণ্টে আসাম দেশৰ আভ্যন্তৰিক কাৰ্য্যত কোনো প্ৰকাৰে হাত দিবলৈ অস্বীকাৰ কৰিলে।

 বড় ফুকন পলাই যোৱাৰ বাৰ্ত্তা বুঢ়া গোঁহাই ডাঙ্গৰীয়াই পাই অলপ শান্তি পালে কিন্তু আকৌ বা তেওঁ কি কৰে ইয়াকে সময়ে সময়ে চিন্তা কৰিবলৈ ধৰিলে। ঘনশ্যাম বড় ফুকনলৈ দৃঢ়ৰূপে এই আজ্ঞা কৰিলে যে কামৰূপত সুশাসন কৰে। তেওঁ নিজে দেশৰ শাসনৰ আৰু সৈন্য শিক্ষাৰ প্ৰতি বিশেষ মনোযোগ কৰিবলৈ ধৰিলে। দাঁতী পৰীয়া ৰজা আৰু লোকসকলে সইতে বড়কৈ মিলিবলৈ ধৰিলে। আৰু পৰ্ব্বতীয়া লোকসকলে সইতে বেপাৰ চলিবলৈ সুবিধা কৰি দিলে। নগৰত যিসকল লোক আছিল সিসকলৰ উন্নতিৰ প্ৰতিও বড় যত্ন কৰিছিল।

 সি সময়ত কলিকতালৈ ব্ৰহ্মা (মান) দেশৰ এজন উকীল আহিছিল। বদনচন্দ্ৰে সইতে সেই উকীলৰ সাক্ষাৎ হলত দেশৰ সকলো অবস্থা কলে। উকীলে তেওঁক সাহায্য দিয়াম বুলি লগতে ব্ৰহ্মালৈ লই গ’ল। বদনচন্দ্ৰ বড়ফুকন ঢাকা চট্টগ্ৰাম আৰাকানেৰে গই আৱা নগৰ পাই আসাম দেশৰ অবস্থা ৰজাত জনালে। ব্ৰহ্মা ৰজাই ভাই ৰজাৰ আৰু দেশৰ অবস্থা শুনি বুঢ়া গোঁহাইৰ হাতৰ পৰা দেশ উদ্ধাৰিবলৈ সৈন্য পঠাবলৈ আজ্ঞা কৰিলে। বড় ফুকনে মুঠে ৬০০০ হাজাৰ ব্ৰহ্মা দেশৰ সৈন্য লই অসম দেশলৈ আহিল। বাটত আঁহোতে প্ৰায় ৮০০০ মান অন্য দেশী লোক লগ লাগিল। এইখিনি সেনাৰে বড় ফুকন আহি ১৭৩৮ (১৮১৬ খ্ৰীঃ) শঁকৰ ফাল্গুনত অসম দেশৰ সীমা পালেহি। বুঢ়া গোঁহাইয়ে বড় ফুকনৰ আগমন বাৰ্ত্তা পাই যুদ্ধৰ নিমিত্তে সৈন্য পঠালে হয়, কিন্তু কোন মতে যুদ্ধত ব্ৰহ্মাৰ সৈন্য পৰাস্ত নহল। বৰঞ্চ জয়ী হই দেশ সোমালহি। এই সৈন্য উজনি ফালৰ পৰা আহিছিল। পাছে উত্তৰ আৰু দক্ষিণৰ পৰাও ব্ৰহ্মাৰ বা আন আন শত্ৰু আহে ইয়াতে বুঢ়া গোঁহাই বড় ব্যগ্ৰ হ’ল। ক্ৰমে শত্ৰু নগৰলৈ আহিল। আমাৰ সৈন্য পৰাস্ত হোৱাত বুঢ়া গোঁহাই ডাঙ্গৰীয়া বড় উদ্বিগ্ন হ’ল। এনে প্ৰবাদ আছে বোলে মানৰ সৈন্য নগৰৰ সমীপ পাওঁ পাওঁ হওঁতেই বুঢ়া গোঁহাই ডাঙ্গৰীয়া হীৰা খাই মৃত্যু হ’ল। বুঢ়া গোঁহাই ডাঙ্গৰীয়া বড় উদ্বিগ্ন হই ভয় খালে যে পাছে শত্ৰুৱে তেওঁক কষ্ট দিয়ে বা প্ৰাণ মাৰে। এই কাৰণে অকস্মাৎ তেওঁ সন্নিপাত ৰোগেৰে আক্ৰান্ত হই মৃত্যু হ’ল। এওঁ বড় উদ্যোগী বিদ্যানুৰাগী আৰু স্বাৰ্থপৰ আছিল। লোকপ্ৰিয় আৰু সাধাৰণৰ হিতকৰ কাৰ্য্য কৰে এইটি তেওঁৰ সদাই ইচ্ছা আছিল কিন্তু ক্ষমতা প্ৰিয় আৰু স্বাৰ্থপৰ হোৱাৰ নিমিত্তে তেওঁৰ সৎকাৰ্য্যবিলাকৰ পৰাও কেতিয়াবা বড় বেয়া ফল হয়। তেওঁৰ মতক প্ৰতিবাদ কৰা তেওঁৰ পক্ষে বড় অসন্তোষজনক কথা আছিল। সুযশস্যা পাবলৈ তেওঁৰ বড় ইচ্ছা থাকিলেও কেতিয়াবা তেওঁ তাৰ উপায় কৰাত কৃতকাৰ্য্য হ’ব নোৱাৰিছিলে।

 তেওঁৰ জ্যেষ্ঠ পুত্ৰ ৰুচিনাথক স্বৰ্গদেৱে বুঢ়া গোঁহাই আৰু ৰাজমন্ত্ৰী পাতিলে। মান আহিবৰ শুনি দেশত মহা হুলস্থূল হ’ল। ক্ৰমে যেতিয়া ৰণত আমালোকৰ মানুহ ভাগিব ধৰিলে, তেতিয়া মানুহ পলাবলৈ ধৰিলে। বুঢ়া গোঁহাই ডাঙ্গৰীয়া বিশেষকৈ লোকৰ আশ্ৰয়ৰ স্থান আছিল। ৰজাৰ প্ৰতি তদৃশ বিশ্বাস নাছিল। যেতিয়া বুঢ়া গোঁহাই ডাঙ্গৰীয়াও মৃত্যু হ’ল তেতিয়াহে লোক হতাশ হ’ল। মানৰ সেনা নগৰৰ সমীপলৈ যেতিয়া একেবাৰে আহিল তেতিয়া ৰুচিনাথ বুঢ়া গোঁহাই ডাঙ্গৰীয়াই স্বৰ্গদেৱক জনোৱাত স্বৰ্গদেৱ ভটীয়াই যাবলৈ অসম্মত হ’ল। ইয়াতে “স্বৰ্গদেৱৰ মনস্থ মতে বড় ফুকনে আমাৰ ঘৰলৈহে মান আনিছে গই” হেন বুঝি ৰুচিনাথ ডাঙ্গৰীয়াই সপৰিবাৰে ভটীয়াই গুৱাহাটীলৈ গ’ল। বদনচন্দ্ৰ বড় ফুকনে মানৰ সেনা লই নগৰ সোমাই স্বৰ্গদেৱে সইতে সাক্ষাৎ কৰিলে।

 বুঢ়া গোঁহাইক দমন কৰাই তেওঁৰ প্ৰধান ইচ্ছা। ঘাইজনা বুঢ়া গোঁহাই মৃত্যু হোৱাত আৰু ন-জনা সপৰিবাৰে গুৱাহাটীলৈ যোৱাত বড় ফুকনে তেওঁবিলাকৰ ঘৰ লুৰি যি যি পালে সি সকলোকে মানৰ সেনাপতিক দিলে। স্বৰ্গদেৱে বড় ফুকনক মন্ত্ৰী ফুকন বিষয় দিলে। আৰু বুঢ়া গোঁহাই থকা বাহৰতে তেওঁ থাকিল। যিসকল লোক বুঢ়া গোঁহাইৰ ফলীয়া আছিল তাৰে অনেকক দণ্ড বন্ধ কৰিলে আৰু মহেশ্বৰ ফুকনৰ চক্ষু দুয়োটা বড় ফুকনে কঢ়ালে। বড় ফুকনৰ এইৰূপে একাধিপত্য হ’ল। তেওঁ লগত অনা ব্ৰহ্মা দেশৰ সৈন্যবিলাকক কেনেকৈ বিদায় কৰে, ই তেওঁৰ বড় চিন্তা হ’ল। কোনো এক সময়ত এওঁ অসম দেশলৈ মান অনা উপলক্ষ্যত এনে ৰূপে কইছিল বোলে ময় দেশলৈ জুইৰ চৰু এটা মূৰত লই আহিছোঁ। যদিচ মন্ত্ৰী ফুকনে ৰজাৰ প্ৰতি একো অত্যাচাৰ নকৰিলে তথাপি ৰজা ঘৰত এওঁ প্ৰিয় হ’ব নোৱাৰিলে। এইজনা স্বৰ্গদেৱ আৰু কমলেশ্বৰসিংহ স্বৰ্গদেৱক বুঢ়া গোঁহায়েই সিংহাসনত বহুৱাইছিল। তাতে থাকি ৰাজ মাতৃ দেৱতা বুঢ়া গোঁহাইৰ ওচৰত বড় কৃতজ্ঞ আছিল। ৰাজ মাতৃদেৱতাৰ বুঢ়া গোঁহাইৰ ফাললৈহে বড় অনুগ্ৰহ আছিল। এই নিমিত্তে মন্ত্ৰী ফুকনক বড় শ্ৰদ্ধা নকৰিছিল। বিশেষ বিদেশৰ সৈন্য অনাৰ নিমিত্তে বড় ফুকনলৈ সকলোৰে সভয় আছিল। মানৰ সৈন্য ঘূৰি দেশলৈ পঠোৱাৰ নিমিত্তে সকলোৰে অতিশয় ইচ্ছা হ’ল। ১৭৩৯ শঁকৰ বৈশাখৰ শেষত তুঙ্গখুঙ্গীয়া ফৈদৰ বগা কোঁৱৰৰ জীয়েকক স্বৰ্গদেৱে আপোনাৰ কন্যা বুলি সালঙ্কৃতা কই ব্ৰহ্মা ৰজালৈ দিলে। আৰু সেনাপতিসকলকো যথাযোগ্য বটা দি বিদায় দিয়াত ইয়াৰে পৰা মান ৰজাই সইতে মিত্ৰতাৰ সূত্ৰপাত হ’ল। এইবাৰ মান অহাকে প্ৰথম মানৰ আক্ৰমণ বোলে। এইবাৰ মানবিলাকে বড় দৌৰাত্ম্য কৰিবলৈ নাপালে। কিয়নো উজনিৰ পৰা আন ফালে মান নগল। বড় ফুকনে মানবিলাকক এক প্ৰকাৰ অধীনে ৰাখিছিল। যাবৰ সময়তো মানৰ সেনাপতিসকলেও আমাৰ ৰজাই সইতে মিত্ৰতা কৰিহে গ’ল।

 মানক বিদায় দিয়াৰ পাছত ৰজা ঘৰত বড় ফুকনৰ বিপক্ষে মন্ত্ৰণা কৰা হ’ল। তলে তলে ৰাজমাতৃ দেৱতাই ৰুচিনাথ বুঢ়া গোঁহাইলৈ যোৰহাটলৈ ঘূৰি যাবলৈ সম্বাদ পঠোৱাত বুঢ়া গোঁহাই নগল। ৰাজমাতৃ দেৱতাই ই কথা শুনি বড় ফুকনক মাৰিবলৈ ইচ্ছা কৰিলে। এনে প্ৰবাদ আছে বোলে বড় ফুকনে ইমান কষ্টতো কেনেকৈ জীয়াই থাকিল, ই বিষয় তেওঁক ৰাজমাতৃ দেৱতাই প্ৰশ্ন কৰাত তেওঁ কলে যে তেওঁৰ হাতত কেইটামান বিৰী আছে। সেইবোৰ থাকে মানে কোন অস্ত্ৰ দ্বাৰাইও তেওঁৰ প্ৰাণ মাৰিব নোৱাৰে। এই কথা যদি সত্য হয় তেনেহলে তেওঁ কেবল আত্ম ৰক্ষাৰ নিমিত্তেহে ই কথা প্ৰকাশ কৰিছিল। মানৰ সৈন্য যোৱাৰ পাছতহে বড় ফুকনে জানিলে যে অন্যায় আক্ৰমণকাৰীৰ আসন কণ্টক মাত্ৰ। তেওঁ দেখিলে তেওঁৰ পক্ষৰ যিসকল লোক আছিল সি সকলো ক্ৰমে বিপক্ষ হ’ল। বিশেষ ৰজা আৰু ঘৰৰ পৰাও তেনে আন্তৰিক স্নেহ আৰু আদৰ নাপায়। অধিকন্তু ই দেশলৈ যে মান আনিলে এই দুৰ্যশটো তেওঁৰ গাত চন্দ্ৰ দিবাকৰ থাকে মানে থাকিব আৰু সিহঁতে অলপ ক্লেশেৰে আহি এই দেশ ল’ব পাৰিব। এইবিলাক চিন্তাতে তেওঁৰ শান্তি নোহোৱা হ’ল।

 ৰাজমাতৃ দেৱতাই ধনী বড় বড়ুয়া প্ৰভৃতি লোকে সইতে পৰামৰ্শ কৰি বড় ফুকনক মৰোৱাটো ঠাৱৰ কৰি ৰজাৰ আগত জনালে। স্বৰ্গদেৱৰ মত অমত একো পোৱা নহ’ল। প্ৰায় “মৌনে সন্মতি লক্ষণং” মাত্ৰ জনালে। ৰূপসিংহ নামে ভোজপুৰীয়া এজন সুবেদাৰ ৰাজ সৈন্য দলত আছিল। তেওঁৰ দ্বাৰাই এই কাৰ্য্য কৰাব পাৰিব, এনে জানি সুবেদাৰক মন্ত্ৰণাকাৰীসকলে আদ্যোপান্ত কলে। সুবেদাৰ সহসা এনে গুৰুতৰ কাৰ্য্যত প্ৰবৃত্ত হ’বলৈ অনিচ্ছা কৰিলে। কিন্তু মন্ত্ৰণাকাৰীসকলে সুবেদাৰক ৰজাৰ চাঙ্গলৈ লই গই স্বৰ্গদেৱৰ আজ্ঞা বুলি ৰাতি কোৱালে। তাৰ পাছ দিনা পুৱা ৰূপসিংহে অস্ত্ৰ লই বড় ফুকনে শৌচৰপৰা আহি মাটি পানী লবৰ সময়ত ভিতৰলৈ গ’ল। বড় ফুকনে ৰূপসিংহক তেনেভাবে যোৱা দেখি বড় আশ্চৰ্য্য হই আহিবৰ কাৰণ সুধিলে। সুবেদাৰ বড় ফুকনৰ ওচৰলৈ গই “সেলাম দিবলৈ আহিছো” বুলি কই আৰু ওচৰ চাপিল। বড় ফুকনৰ গাত তেতিয়া কাপোৰ নাছিল এবং তেওঁৰ মন্ত্ৰৰ বিৰীও নাছিল। তৰোৱাল আৰু বিৰী ওচৰতে এখান শৰাইত আছিল। বড় ফুকনে সুবেদাৰৰ সাহসৰ কাৰ্য্যত শঙ্কা কৰি তৰোৱাল আৰু বিৰী লবলৈ হাত নিওঁতেই সুবেদাৰে তৰোৱালেৰে ওপৰাওপৰিকৈ দুই কোব মাৰিলে। তাতে বড় ফুকনৰ প্ৰাণ গ’ল। সুবেদাৰ ৰজাৰ গাৰদলৈ গ’ল। ইমান ডাঙ্গৰ লোক এজনৰ প্ৰাণ নষ্ট কৰা সেই সুবেদাৰক কোনেও ধৰিবলৈ বা কথা সুধিবলৈ কাৰো সাহস নজন্মিল। জন্মি আৰু পিয়লী দুই পুতেকে পিতৃ বৈৰীক বধিবলৈ বড় আস্ফালন কৰিছিল কিন্তু তাৰ অলপ পিছতে অন্য লোক গই বড় ফুকনৰ যথাসৰ্ব্বস্ব লুটি ৰজাৰ ভঁৰাললৈ নিলে। আৰু তেওঁবিলাকক আবদ্ধ কৰিলে।

 এইৰূপে বদনচন্দ্ৰ বড় ফুকনৰ মৃত্যু হয়। এওঁক লোকে মান-অনা-বড় ফুকন বোলে। এওঁৰ স্বভাব প্ৰথমে বড় মৃদু আছিল। নিজৰ জাতি, দেশ আৰু বংশলৈ এওঁৰ অতি স্নেহ আছিল। তেওঁ মান আনিবৰ এইটোহে কাৰণ কইছিল যে বুঢ়া গোঁহাইয়ে নিজৰ ঘৰতে সকলো বিষয় ল’লে আৰু অন্য আহোমলৈ একো নথলে। ৰজাক পুতলাৰ দৰে নচুৱালে আৰু দেশত একাধিপত্য কৰিলে। সেই কাৰণেহে তেওঁ বুঢ়া গোঁহাইক সমকক্ষৰূপে প্ৰতিবাদ কৰিবলৈ মান আনিলে। এওঁৰো স্বভাব স্বাৰ্থপৰ আৰু ক্ষমতাপ্ৰিয় আছিল। একে চোঙ্গত দুটা বাঘ থাকিব নোৱাৰে। একে দেশত দুজনা ৰজা থাকিব নোৱাৰে। একে স্বভাবাক্ৰান্ত বড় ফুকন আৰু বুঢ়া গোঁহাই হয়ো একে সমানে কেনেকৈ থাকিব? সেই দেখিহে দেশত এনে অমঙ্গল ঘটিল। এক প্ৰকাৰে চালে এওঁ যে মান আনিলে ই কেবল বাধ্য হইহে কৰিলে। এওঁৰ প্ৰতি জিঘাংসাবৃত্তি অতি প্ৰবল আছিল। কাৰণ মান আনি পেলাই অকাৰণ কথাত অনেক লোকক বিপক্ষ বুলি দণ্ড কৰিলে। এনে নাভাবিলে বুঢ়া গোঁহাইৰ কি ৰজাৰ কৰ্ম্মচাৰীসকলে যি কাৰ্য্য কৰিছিল, সি কাৰ্য্য তেওঁৰ বিপক্ষ হ’লেও ৰাজাজ্ঞানুমত হোৱাত দূয্য নহ’ল।

  1. হৰদত্তৰ দ্ৰোহ নিবাৰণৰ গীত এতিয়াও কামৰূপত চলিত, কোনোলোকে কয় বোলে পদ্মকুমাৰী আত্মঘাতী হ'ল।
  2. এই ব্ৰহ্মচাৰী ই দেশৰ বঙ্গাল হাটৰ অধ্যক্ষ দুৱৰীয়া বড়ুয়া হয়। এবং ছজন ব্ৰাহ্মণ বালকক পুত্ৰৰূপে প্ৰতিপালন কৰে। আৰু তাৰে পৰা ই দেশত এক উন্নতিশীল বংশৰ সংস্থাপন হয়। সেই ছজনা বালকৰ নাম (১) সীতাৰাম (২) পৰশুৰাম (৩) শম্ভুৰাম, (৪) ৰণৰাম (৫) অভিৰাম ৬) পটাভিৰাম আৰু এটি ব্ৰাহ্মণ কুমাৰীকো কন্যাৰূপে তেওঁ প্ৰতিপালন কৰে। এওঁৰ নাম পাতলী। এই সকলৰে দ্বিতীয় তৃতীয় আৰু চতুৰ্থ জনৰ পুত্ৰ সন্তান আছে। প্ৰথম আৰু পঞ্চম জনৰ জীয়াৰীৰ সন্তান আছে। ষষ্ঠজন অপুত্ৰক।
  3. এই নিষ্কৰ বৃত্তি এতিয়াৰ নগাঁও জিলাৰ চাপৰী মহলত আছে। ইয়াৰ নাম মোলান কামৰা, কিন্তু ৰণজয়ী ডেকা ফুকনৰ নাম চিৰস্মৰণীয় কৰিবলৈ ইয়াৰ নাম ডেকা ফুকনৰ খাত বুলি প্ৰসিদ্ধ হ'ল। ইয়াৰ পূৰ্ব্ব সীমা ভোঁমোৰাগছ, পশ্চিমে দলং বন্ধাৰ আঁসত গছ, উত্তৰে গা খজুৱা বিল, আৰু দক্ষিণে লতিমেৰোৱা শিমলু গছ। যুদ্ধত জয় হোৱাৰ অলপ পাছতে ডেকা ফুকনৰ এটি, পুত্ৰ জন্মে। সেই ৰণৰ জয় সদাই মনত থাকিবলৈ সেই লৰাটিৰ নাম ৰণজয় থোৱা হইছিল।
  4. এই সতৰাম দেখিবলৈ বড় সুশ্ৰী আছিল। এওঁৰ বুদ্ধি বড় প্ৰখৰ আৰু এওঁ চঞ্চল ও আমোদী আছিল। সেই দেখি বুঢ়া গোঁহাইয়ে সতৰামক স্বৰ্গদেৱৰ লিগিৰা কৰি দিলে। তেওঁৰ স্বভাব স্বৰ্গদেৱৰ তৰুণ স্বভাবে সইতে মিলিল।
  5. এনে এক কথাও প্ৰচাৰ আছে বোলে চন্দ্ৰকান্ত স্বৰ্গদেৱৰ বাইয়েক মাজিউ আইদেৱক বুঢ়া গোঁহাই ডাঙ্গৰীয়াৰ পুতেক একজনাই বিবাহ কৰাইছিল। তেওঁৰে সইতে বিবাদ লাগি বিচ্ছেদ হলত মাজু আইদেৱে ঢেকিয়াল ফুকনক পতিগ্ৰহণ কৰিলে। আহোমবিলাকে ককায়েকৰ ঘৈণীয়েকক পত্নী গ্ৰহণ কৰা নিয়ম অবলম্বন কৰে। বড় ফুকনৰ জীয়েকক বিবাহ কৰালত সতিনীৰ হিংসাৰ নিমিত্তে তেওঁক অপদস্থ কৰিবলৈকে হওক বা অন্য কাৰণৰ নিমিত্তেই হওক মাজু আইদেৱে বড় ফুকনলৈ তেওঁক ধৰি অনাৰ বাৰ্ত্তা চিঠিৰে লিখি পঠালে। কোনে পত্ৰ লিখে তাৰ নিশ্চয় নাই সেই চিঠিৰ ওপৰত ঢেকিয়াল ফুকনৰ ছাব মোহৰ ছলেৰে মাৰি দিলে। সেই নিমিত্তে সি চিঠিৰ প্ৰতি বড় ফুকনৰ বিশ্বাস হ'ল। এনেৰূপেও কোনো কোনো লোকে কয় যে বড় ফুকনক ধৰি অনাৰ প্ৰতিহে বুঢ়া গোঁহাইৰ বিশেষ মন আছিল। কিয়নো দুয়ো ঘৰৰ কুটুম্বিতা আছিল। সিসকলে আৰু কয় বোলে পিজৌ আইদেৱক বড় সমাৰোহ কৰি বিয়া দিয়াৰ কাৰণে চন্দ্ৰকান্ত স্বৰ্গদেৱে অপমানিত বোধ কৰিলে। আৰু সেই কাৰণেই বড় ফুকনক ৰজাই দণ্ড দিবৰ নিমিত্তে ধৰাই আনিবলৈ আজ্ঞা কৰিছিল।