সমললৈ যাওক

আসাম বুৰঞ্জী/ঊনবিংশ অধ্যায়

ৱিকিউৎসৰ পৰা

ঊনবিংশ অধ্যায়

 অতি প্ৰাচীন কালত এই দেশত কিৰূপ ৰাজ্যশাসন আছিল তাক জানিব নোৱাৰি। আৰ্য্যবিলাক যেতিয়া অসম দেশলৈ আহে তেতিয়া তেওঁবিলাকৰ শাসন প্ৰণালী এই দেশলৈ লই আহে। আৰু সেইৰূপে ৰাজ্য শাসন কৰে। মহাভাৰতৰ সময়ত এতিয়াৰ অসম দেশত চাৰি প্ৰধান দেশ আৰু এক প্ৰধান দেশৰ এক অংশ আছিল। এই এই একোখনি দেশত আকৌ অনেক ক্ষুদ্ৰ ক্ষুদ্ৰ প্ৰদেশ থকা অনুমান হয়। কিয়নো পুৰাণাদিত সিসকল দেশৰ অধিপতিক “নৰপতিগণ বেষ্টিত” বুলি লিখা আছে। সিসকল ৰাজ্য ধ্বংস হোৱাৰ পাছত সেই সেই দেশত অনেক ক্ষুদ্ৰ ক্ষুদ্ৰ ৰজাৰ শাসন হ’ল। কালক্ৰমে যেতিয়া কামৰূপ ৰাজ্যৰ প্ৰতাপ বাঢ়িল তেতিয়াও সি নিয়ম থাকিল আৰু যেতিয়া সেই ৰাজ্য দ্বিখণ্ড হ’ল তেতিয়াও সেইৰূপেই আছিল। তাৰ পাছেও সি নিয়ম থকা অনুমান হয়। সেই কালত ক্ষুদ্ৰ ক্ষুদ্ৰ ৰজাসকলৰ প্ৰজাৰ ওপৰত সৰ্ব্ব-প্ৰকাৰ ক্ষমতা আছিল। প্ৰজাৰ পৰা কৰ নলইছিল। প্ৰজাবিলাকে কৰৰ পৰিবৰ্ত্তে ৰজা কি ৰাজকৰ্ম্মচাৰীসকলৰ কৰ্ম্ম কৰিছিল। প্ৰধান ৰজাক আকৌ এই ক্ষুদ্ৰ ৰজাসকলে স্বদেশোৎপন্ন বস্তু দিছিল আৰু যুদ্ধ বিগ্ৰহাদিত পৰস্পৰ সাহায্য কৰিছিল। কোঁচবিহাৰৰ বিশ্বসিংহ ৰজাৰ দিনতো এই নিয়মে লুকী, পান্তান, প্ৰভৃতি ক্ষুদ্ৰ ক্ষুদ্ৰ প্ৰদেশৰ ৰজাসকলে সইতে সন্ধি কৰা হইছিল। আহোমবিলাকে যেতিয়া এই দেশ অধিকাৰ কৰিলে তেতিয়াও সেইৰূপ ক্ষুদ্ৰ ক্ষুদ্ৰ ৰজাসকলে সইতে সন্ধি নিবন্ধন কৰিছিল। প্ৰজাৰ অবস্থা তেতিয়া একপ্ৰকাৰ সুখীয়া আছিল। ৰজা বা ৰাজ-কৰ্ম্মচাৰীসকলৰ কাৰ্য্য নিয়মমতে কৰি আপোনাৰ মাটি ক্ষেতি কৰি খাইছিল। সকলোপ্ৰকাৰ প্ৰয়োজনীয় বস্তু প্ৰায় নিজেই উপাৰ্জ্জন কৰিছিল। যাক নিজে আৰ্জ্জিব নোৱাৰে তাক, বিনিময় নিয়ম দ্বাৰা পাইছিল। ভিন্ন দেশে সইতে যুদ্ধ কৰোঁতে প্ৰজাসকলেই অস্ত্ৰধাৰী হই ওলাইছিল। আহোমবিলাকে যেতিয়া এই দেশ অধিকাৰ কৰিলে তেতিয়া তেওঁবিলাকে পূৰ্ব্বৰ নিয়ম প্ৰায় ৰহিত কৰি দেশ শাসনত নিজৰ নিয়ম প্ৰচাৰ কৰিলে। সিসকলৰ মতে ৰজা যে কেবল ভূমিৰ অধিকাৰী এনে নহয়, মানুহৰো অধিপতি। উভয়কে দান আৰু হস্তান্তৰ কৰিব পাৰিছিল। সেই ৰজাই যেনেকৈ নিষ্কৰ ভূমিবৃত্তি দান কৰিছিল তাৰ লগতে লোকো পৰিচৰ্য্যা কি অন্য কাৰ্য্যৰ নিমিত্তে দিব পাৰিছিল। ৰজা প্ৰায় স্বেচ্ছাচাৰী থাকিলেও তেওঁৰ তিনিজনা ডাঙ্গৰীয়া পৰামৰ্শদাতা আছিল। সিসকলৰ নাম বুঢ়া গোঁহাই, বড় গোঁহাই আৰু বড়পাত্ৰ গোঁহাই। ইয়াৰ মাঝত যিজনা যোগ্য আৰু বুদ্ধিমন্ত হয় তেওঁক মন্ত্ৰী পতা হয়। এই তিনিওজনা ডাঙ্গৰীয়াৰ মৰ্য্যাদা সমান। ই তিনিওজনা ডাঙ্গৰীয়াৰ অধিক ক্ষমতা। এওঁবিলাকে ৰজা মনোনীত বা পদচ্যুত কৰিব পাৰে। পাছে এনেও হয় এই আশঙ্কাত এই তিনিওজনা ডাঙ্গৰীয়াক ৰজাৰ বড় চ’ৰা আৰু সন্মুখ নহলে আন ঠাইত একত্ৰিত হবৰ বিধান নাই। এই তিনিজনা ডাঙ্গৰীয়াৰ তলতে বড় বড়ুৱা। এওঁ ৰজা নহলেও বড় চ’ৰাত বহি বিচাৰ কৰিব পাৰে। দেশৰ উৎপন্ন আৰু যাবতীয় কাৰ্য্যৰ ভাৰ এওঁৰ ওপৰত। এওঁৰ কাৰ্য্যৰ ওপৰত ৰজা মন্ত্ৰীৰহে দৃষ্টিৰ অধিকাৰ। এইকেইজনাৰ তলতে চ’ৰাৰ ছয় ফুকন। সিসকল ফুকন এইঃ নাও বৈছা ফুকন, ভিতৰুৱাল ফুকন, নফুকন, দিহিঙ্গীয়া ফুকন, ডেকা ফুকন আৰু পানী ফুকন। এই কেইজনা ফুকনে বড় চ’ৰাত বড় বড়ুৱাই সইতে বহে। এইসকলে ৰজাৰ ভিন্ন ভিন্ন কাৰ্য্য কৰে। এই দেশত দ্বাদশ প্ৰদেশত দ্বাদশজন ৰাজখোৱা আছিল। সিসকলে আপোন আপোন প্ৰদেশৰ কাৰ্য্য নিৰ্ব্বাহ কৰিছিল। একোজনা ৰাজখোৱাৰ অধীনে তিনি হাজাৰ মানুহ আছিল। পূৰ্ব্বোক্ত বিষয়াসকলেই প্ৰধান। ইয়াৰ বাহিৰেও নিৰ্দিষ্ট কাৰ্য্যৰ নিমিত্তে একোজনা ফুকন আৰু তেওঁৰ তলতে সাহায্যকাৰী একোজনা বড়ুৱা আছিল। আৰু কোনো স্থলত কেবল একোজনা বড়ুৱাই আছিল। পৰ্ব্বতীয়া ফুকনে ৰজাৰ পৰ্ব্বতীয়া কুঁৱৰীৰ মেল বা সম্পত্তিৰ প্ৰধান কাৰ্য্যকাৰক আছিল। ৰাইডঙ্গীয়া ফুকন ৰাইডঙ্গীয়া কুঁৱৰীৰ মেল বা সম্পত্তিৰ কাৰ্য্যকাৰক আছিল। খঙ্গীয়া ফুকন ৰজাৰ মাতৃ বা পদচ্যুতা ৰাণীসকলৰ তত্ত্বাবধাৰক আছিল। তামুলী ফুকন ৰাজকীয় উদ্যানাদিৰ প্ৰভৃতি তত্ত্বাবধাৰক। নাওশলীয়া ফুকনে ৰজাৰ নৌকাদি নিৰ্ম্মাণ কৰে। চোলাধৰা ফুকন ৰজাৰ নিজ৷ বস্ত্ৰালঙ্কাৰাদিৰ তত্ত্বাবধাৰক। চিৰিঙ্গফুকন আহোমৰ দেওধাই বাইলুঙ্গ প্ৰভৃতি পুৰোহিতৰ তত্ত্বাবধাৰক। দেবলীয়া ফুকন দেবালয়বিলাকৰ তত্ত্বাবধাৰক। জালভাৰী ফুকন মৃগয়াদি কাৰ্য্যত নিযুক্ত থকা লোকসকলৰ অধ্যক্ষ। খাৰঘৰীয়া ফুকনে ৰজাৰ অস্ত্ৰশস্ত্ৰ আৰু বাৰুদ প্ৰভৃতিৰ তত্ত্বাবধাৰণ কৰিছিল। ঢেকিয়াল ফুকন ঢেকিয়াল মেলৰ অধ্যক্ষ আছিল। ৰাজকোষৰ অধ্যক্ষৰ পদবী বড় ভণ্ডাৰ বড়ুৱা বা ভঁড়ালী বড়ুৱা। ৰজাৰ চিকিৎসক বেজবড়ুৱা। চাঙ্গমাই বা ৰাজ সূপকাৰসকলৰ অধ্যক্ষৰ উপাধি চাঙ্গমাই বড়ুৱা। হাতীৰ অধ্যক্ষৰ হাতীবড়ুৱা। এইপ্ৰকাৰে ৰজাৰ আৰু আন পৰিচাৰক আৰু পাৰিষদসকলৰ ওপৰত যাৰ অধিকাৰ তাক বড়ুৱা উপাধি দিয়া হয়। গুৱাহাটীত যিজনা প্ৰধান ৰাজকৰ্ম্মচাৰী থাকে তেওঁৰ উপাধি বড়ফুকন। এওঁ ৰাজ প্ৰতিনিধি। এই হেতুকে এওঁৰ ক্ষমতাও বিস্তৰ। বড়ফুকনৰ সভাতো পানী ফুকন, ডেকা ফুকন প্ৰভৃতি কেজনমান ফুকন থাকে। সদীয়া, মৰঙ্গী, স’লাল আৰু কাজলী মুখত গোঁহাই ফৈদৰ একোজন প্ৰতিনিধি থাকে। ইসকলে আমালোকৰ পাৰ্ব্বত্য প্ৰদেশৰ প্ৰতিনিধিৰ কাৰ্য্য কৰে। ৰজাৰ সভাত কটকী, কাকতী, খাওন্দ প্ৰভৃতি উপাধিৰ কেতবিলাক লোক থাকে। নানাদেশৰ সম্বাদ লোৱা আৰু অনা এবং ৰ৷জাজ্ঞা শুনোৱা কটকীৰ কাৰ্য্য। খাওন্দ বা খাওন্দ বৈৰাগীসকলে ভিন্ন দেশলৈ গই সেই সেই দেশৰ বস্তু আনে আৰু কাকতীসকলে দেশৰ ভূমি উৎপন্ন আৰু ব্যয়ৰ হিসাব লেখে। এইসকলৰ মাঝত মজুমদাৰ বড়ুৱাই প্ৰধান। ৰজাৰ নিজ উৎপন্ন ব্যয়ৰ বিষয়েও একোজন কাকতী আছিল। সভাপণ্ডিত আৰু জ্যোতিষীয়া পণ্ডিতো সভাত আছিল। গুৱালপাড়াৰ ইপাৰে বঙ্গালহাট বা হাদীৰা চকীত এজন হাটখোৱা বা দুৱাৰীয়া থাকে। তেওঁ বাৰ্ষিক বাণিজ্যৰ কৰৰ বাবে ৰজাক ১০,০০০ টকা দিব লাগে। এই চকীৰ অধ্যক্ষক দুৱৰীয়া বড়ুৱা বুলিছিল। এই দুৱৰীয়াৰ অধীনে কিছুমান সৈন্যও আছিল। এইবিলাক কৰ্ম্মচাৰীৰ কোনেও মাসিক বা বাৰ্ষিকভাবে কোন টকা বেতন নাপাইছিল। ইসকলৰ অধীনত একোখন প্ৰদেশ বা খেল বা মেল আছিল। সিসকলে তাৰ তত্ত্বাবধাৰণ কৰিছিল আৰু তাৰ উৎপন্ন কিয়ৎপৰিমাণে ভোগ কৰিছিল। পৰিচৰ্য্যাৰ নিমিত্তে মানুহ পাইছিল। আৰু সেই মানুহে কৃষি আদি কৰি সাহায্য কৰিছিল। ৰজাই সকলোকে নিযুক্ত বা পদচ্যুত কৰিব পাৰিছিল। আৰু কোনো খেল বা মেলৰ অধিপতিয়ে তেওঁৰ অধীনৰ ক্ষুদ্ৰ কৰ্ম্মচাৰীসকলক নিযুক্ত কৰিব বা পদচ্যুত কৰিব পাৰিছিল। খেলৰ বা মেলৰ লোকসকল এইৰূপে ভাগ হইছিল। বিংশতিৰ ওপৰত যি অধিপতি সি বড়া, এশৰ ওপৰত যি অধিপতি শইকীয়া, আৰু সহস্ৰৰ ওপৰত যি অধিপতি সি হাজৰীকা বা হাজাৰকীয়া। এওঁবিলাকৰ সেই সেই অধীন লোকসকলৰ ওপৰত বিশেষ ক্ষমতা আছিল। প্ৰথমে কাৰ্য্য কৰিব পৰা চাৰিজন লোকক এপোৱা পাইক বোলা হইছিল। পাছলৈ দেশত বিভ্ৰাট হই যেতিয়া লোক কমিল তেতিয়া তিনিজনে এপোৱা হল।[] সামাজিক নিয়মানুসাৰে অনেক সামান্য বিবাদৰ মীমাংসা গ্ৰাম্য লোকসকলে কৰিছিল। খেলৰ বা মেলৰ অধ্যক্ষসকলেও আপোন আপোন মেলৰ বা খেলৰ লোকসকলৰ মাঝত বিবাদ উপস্থিত হলে তাৰ বিচাৰ কৰিছিল। গুৰুতৰ অপৰাধ হলেও বড়বড়ুৱা কি মন্ত্ৰীয়ে বিচাৰ কৰিছিল। ইয়াত প্ৰায় আপোন মুখে সাক্ষী দি অভিযুক্ত লোকক কচিৎ জিজ্ঞাসা কৰিছিল। সমীপতে আন অধীন কৰ্ম্মচাৰীয়ে সুধি-পুছি জনালেই শেষ আজ্ঞা বিচাৰকে দিছিল।

 দেশৰ বিচাৰ কাৰ্য্যৰ নিমিত্তে লিখিত বিশেষ কোনো ব্যবস্থা নাছিল। হিন্দু শাস্ত্ৰৰ মূল নিয়ম অনুসাৰে স্বত্বাস্বত্বৰ বিষয় বিচাৰ কৰা হইছিল। ঘট, জল প্ৰভৃতি পৰীক্ষাও চলিছিল। বিচাৰ এনে কঠিন বা সূক্ষ্ম আছিল যে সাক্ষীয়ে হঠাৎ মিছা কবলৈ সাহসিক নহইছিল। দণ্ড বড় উগ্ৰ আছিল। নাসিকা কৰ্ণছেদন, চক্ষুৰুৎপাটন, জানুভঙ্গ, চাটাঘাত, অস্ত্ৰেৰে প্ৰাণদণ্ড, শূলদ্বাৰা প্ৰাণদণ্ড প্ৰভৃতি গুৰুতৰ দণ্ড আছিল। এই কাৰণত থাকি অপৰাধীৰ সংখ্যা অতি কম আছিল। স্বৰ্গনাৰায়ণ ৰজাৰ পূৰ্ব্বে দেশত মুদ্ৰা প্ৰচলিত নাছিল। উজনি খণ্ডত অৰ্থ দ্বাৰা কৰ গ্ৰহণ কৰা নহইছিল। কামৰূপত খাটনি কৰিব পৰা লোকত বাহিৰে অন্যান্যৰ পৰা অতি অল্প পৰিমাণে কৰ গ্ৰহণ কৰা হইছিল। এই বিষয়ে মানৰ দিনত বিশেষ কোনো নিয়ম থকা জানিব পৰা নাযায়। অঙ্গীকাৰৰ বিষয়ে প্ৰায় মুখৰ কথাতেই হইছিল। মাটি বন্ধা যোৱা বা কিনা বেচা বা দাসত্ব পত্ৰ কেতিয়াবা সাঁচি পাতত লিখা হইছিল। অঙ্গীকাৰ কৰা জনৰ আঙ্গুলিৰ চিহ্ন তাত দিয়া হইছিল। এই দেশত দাসত্ব বড় প্ৰবলৰূপে চলিছিল। সাধাৰণ মানুহৰ দৰে স্বত্ব, গোলামৰ নাছিল। এই গোলামৰ ওপৰত স্বামীৰ দান বিক্ৰয়ৰ স্বত্ব আছিল। আপোনাৰ পুত্ৰ আৰু কন্যা, এবং অপ্ৰাপ্তবয়স্ক পিতৃমাতৃহীন পৰিবাৰৰ ওপৰত, পিতৃ মাতৃ বা অন্য অভিভাবকৰ দান বিক্ৰয়ৰ বা হস্তান্তৰৰ ক্ষমতা আছিল।

 ব্ৰিটিশাধিকৃত হোৱাত ধৰ্ম্মত্তৰ, ব্ৰহ্মত্তৰ, দেবত্তৰ প্ৰভৃতি অৰ্দ্ধ কৰদ ভূমিৰ অধিকাৰীত বিনে অন্য ভূমিৰ কৰ গ্ৰহণ কৰা হইছে। এতিয়াৰ বিচাৰ প্ৰণালী অনুসাৰে ই দেশ কেইবাখনিও জিলাৰে ভাগ হইছে। সি জিলাত একোজন জিলাধিপতি অৰ্থাৎ ডিপুটি কমিশ্যনৰ আৰু তেওঁৰ , অধীনে এশিষ্টান্ট বা একষ্ট্ৰা আশিষ্টাণ্ট কমিশ্যনৰ আছে। সেইসকলে বিচাৰ কাৰ্য্য সম্পাদন কৰে। স্থানীয় শান্তি ৰক্ষাৰ নিমিত্তে পুলিশ দল আছে। এবং বিদেশীয় শত্ৰু নিবাৰণৰ নিমিত্তে পল্টন আছে। এই সকল কাৰ্য্য কৰিবলৈ বিধি ব্যবস্থা আৰু নিয়ম আছে আৰু সদাই চলিব লাগিছে। এতিয়া পূৰ্ব্বতকৈ সৰ্ব্বাংশে শাসন প্ৰণালী উৎকৃষ্ট হইছে। আৰু এনে আশা কৰা যায় এই শাসনৰ অধীনত থাকি অসম দেশৰ সৰ্ব্বপ্ৰকাৰ উন্নতি হ’ব। এই দেশৰ লোকসকলে উচ্চৈঃস্বৰে জগদীশ্বৰক এই শাসন চিৰস্থায়ী হবলৈ প্ৰাৰ্থনা কৰিছে। আমি আশা কৰোঁ সৰ্ব্বশক্তিমান পৰমেশ্বৰে আমালোকৰ ই আশাক সফল কৰিব।

 

  1. মানুহৰ সংখ্যা অনুসাৰে আৰু ব্যবসায় বা কাৰ্য্য অনুসাৰে খেল বা মেল