সমললৈ যাওক

আসাম বুৰঞ্জী/অষ্টাদশ অধ্যায়

ৱিকিউৎসৰ পৰা

অষ্টাদশ অধ্যায়

 আসাম দেশৰ বিবাহ প্ৰণালী ভাৰতবৰ্ষৰ অন্যান্য দেশতকৈ কিঞ্চিৎ বিভিন্ন দেখি। ব্ৰাহ্মণ আৰু কোনো কোনো শূদ্ৰৰ মাঝত মনু প্ৰণীত ব্ৰাহ্ম-বিবাহ অৰ্থাৎ কুমাৰী কালতে বৰক আহ্বান কৰি কন্যাদানৰ নিয়ম প্ৰচলিত। আন জাতিৰ মাঝত ই বিবাহ বড়কৈ নচলে। শূদ্ৰাদি জাতিত ৰজস্বলা হই গলেও কন্যাৰ বিবাহ হ’ব পাৰে। ব্ৰাহ্মণৰ মাঝতহে বিধবা বিবাহ অপ্ৰচলিত। সাধাৰণতঃ বিধবা বিবাহ ব্ৰাহ্মণ ভিন্ন সকলো জাতিতে প্ৰচলিত আছে। এই দেশত প্ৰাচীন গান্ধৰ্ব্ব বিবাহৰ সদৃশ এক প্ৰকাৰ বিবাহ পদ্ধতি হিন্দু সমাজৰ শূদ্ৰাদিৰ মাঝত প্ৰচলিত। কোনো প্ৰাপ্ত বয়স্কা কুমাৰী বা বিধবাক তেওঁৰ পিতৃমাতৃ বা অন্য অভিভাবকৰ সন্মতি অনুসাৰে অলঙ্কাৰাদি পিন্ধাই যথাযোগ্যৰূপে সামাজিক লোকসকলক আহাৰ কৰোৱাই পুৰুষে আপোন ঘৰলৈ আনে। তাইৰে সইতে স্বচ্ছন্দে গৃহবাস কৰে ৷ তাৰপৰা যি সন্তান উৎপন্ন হয় সি সন্তানেই বিবাহিতা স্ত্ৰীগৰ্ভজাত পুত্ৰৰ ন্যায় ধনাধিকাৰী হয়। কোনো কোনো সময়ত এইৰূপ পৰিণয়ত দৰা কন্যাক আয়তীসকলে দুৰ্ব্বা আৰু ধানেৰে নিৰ্মঞ্ছন কৰে৷ ইয়াকে “আগ চাউল দিয়া” বোলে। কোনো কোনো সময়ত কোনো পুৰুষ আৰু স্ত্ৰীৰ এক প্ৰকাৰ স্বয়ম্বৰ বিবাহ হোৱাৰো নিয়ম দৃষ্ট হয়। অৰ্থাৎ কোনো স্ত্ৰী কি পুৰুষ ইচ্ছানুসাৰে কোনো পুৰুষ বা স্ত্ৰীৰ ঘৰলৈ গই তাতে তেওঁৰে সইতে ভাৰ্য্যাস্বামীৰূপে সহবাস কৰে। এই বিষয়ত সহসা সামাজিক লোকৰ পৰা বাধা দিয়া নাযায়। এই স্বয়ম্বৰ বিবাহ পদ্ধতি কেতিয়াবা প্ৰকৃত সীমাকো অতিক্ৰম কৰে ৷[]হিন্দুধৰ্ম্মানুসাৰে ভাৰ্য্যা স্বামীৰ মাঝত সম্বন্ধ ত্যাগ নাই কিন্তু সেইৰূপ ভাৰ্য্যা স্বামীৰ মাঝত সম্বন্ধ ত্যাগৰ নিয়ম ই দেশত আছে। কোনো কোনো সময়ত এনেও দৃষ্ট হয় কোন স্ত্ৰীয়ে এক স্বামীক পৰিত্যাগ কৰি অপৰ স্বামী গ্ৰহণ কৰে এবং এইৰূপে পতিপত্নীৰ মাঝত বিচ্ছেদ হই থাকিলেও কোনো স্ত্ৰী বা পুৰুষে কোনো এক পুৰুষ বা স্ত্ৰীয়ে সইতে যেতিয়াই ইচ্ছা তেতিয়াই বিবাহ সংস্কাৰ সম্পাদন কৰে। এই বিবাহ কেবল শৰীৰ শুদ্ধিৰ নিমিত্তেই কৰা হয়। ইয়াৰ দ্বাৰা পূৰ্ব্বতকৈ সম্বন্ধ দৃঢ় বা গুৰুতৰ নহয়। কোনো সময়ত এনেও হয় যে কোনো স্বামীহীনা নাৰীয়ে সেইৰূপে অস্থি শুদ্ধিৰ নিমিত্তে কোনো পুস্তক বা শিলাখণ্ড বা কদলী বৃক্ষে সইতে বিবাহ সংস্কাৰ সম্পন্ন কৰে। এই সকল কাৰ্য্য দ্বাৰা এনে অনুমান হয় এই দেশত শৰীৰ শুদ্ধিৰ নিমিত্তেই বিবাহ সংস্কাৰৰ প্ৰয়োজন, তাত বাজে সাধাৰণৰ মাঝত তাৰ অন্য উদ্দেশ্য নাই,[] অনেক পিতৃমাতৃ বা আন অভিভাবকে শুল্ক গ্ৰহণ কৰি কন্যাদান কৰে। সিসকলৰ এই অসৎ উপাৰ্জনৰ প্ৰতি স্পৃহা হোৱাত অনেক সময়ত বহু অত্যাচাৰ বা অনীতি হয়। এই দেশত ব্ৰাহ্মণ ব্যতিৰেকে অন্য জাতিৰ মাঝত অসবৰ্ণ বিবাহো হয়। শ্ৰেষ্ঠ জাতিয়ে যদি হীন জাতিৰ সহিত এইৰূপ পৰিণয় কৰে তেনেহলে হীনজাতি প্ৰাপ্ত হয়। কছাৰী, লালুং, মিকীৰ প্ৰভৃতি অনাৰ্য্যজাতিৰ মাঝত স্ত্ৰী পুৰুষৰ সন্মতি অনুসাৰে বিবাহ কাৰ্য্য সম্পন্ন হয়। পিতৃমাতৃ বা অন্য অভিভাবকে সি সন্মতিৰ পোষকতা মাত্ৰ কৰে। এইবিলাক জাতিৰ লোকসকলে প্ৰায় পুৰুষে স্ত্ৰীৰ ঘৰলৈ গই বাস কৰে। এবং সেই শ্বশুৰালয়েই তাৰ নিজালয় হয়। এই নিমিত্তে পুত্ৰতকৈ কন্যাৰ প্ৰতি ইহঁতৰ আগ্ৰহ অধিক। এই বিলাকৰ কাৰো কাৰো মাঝত বলপূৰ্ব্বক যুবতী কন্যা ধৰি বিবাহ কৰাৰ প্ৰথাও দৃষ্ট হয় কিন্তু এই নিয়ম এতিয়া বিচাৰালয়ত কন্যাৰ অসন্মতি হলে প্ৰতিপোষকতা কৰা দেখা নাযায়।

 মুসলমানবিলাকৰ বিবাহ সি জাতিৰ অন্যান্য দেশৰ প্ৰচলিত পদ্ধতি মতেই হই থাকে। কন্যাৰ সন্মতি বিনা বিবাহ সিদ্ধ নহয়। এই দেশীয় হিন্দু লোকসকলৰ উত্তৰাধিকাৰিত্বৰ নিয়ম শাস্ত্ৰানুসাৰেই হয়। পুত্ৰ পৌত্ৰাদিৰ অভাৱত জ্ঞাতিসকলেই উত্তৰাধিকাৰী হয়। কিন্তু এতিয়া কোনো কোনো অবস্থাত দৌহিত্ৰ সন্তানে মাতামহৰ উত্তৰাধিকাৰী জ্ঞাতি থকাতো হ’ব লাগিছে। এইটি দেশীয় সাধাৰণ নিয়ম বুলিব নোৱাৰি। ধনাধিকাৰীয়ে জীবদ্দশাত আপোনাৰ সম্পত্তি কন্যা আৰু জামাতাক লিখি দিয়াত সি সকলে উত্তৰাধিকাৰী সূত্ৰে সম্পত্তি পায়। অসবৰ্ণ বা বিধবা বিবাহৰ দ্বাৰাও উত্তৰাধিকাৰিত্ব স্বত্বৰ ব্যাঘাত নজন্মে। সত্ৰৰ অধিকাৰী পদত জ্যেষ্ঠানুক্ৰম, পুত্ৰানুক্ৰম, বা যোগ্যানুক্ৰম প্ৰচলিত। যি সত্ৰৰ অধিকাৰী উদাসীন, তাৰ অধিকাৰী মৃত অধিকাৰীৰ মনোনীত আৰু ৰক্ষিত ডেকা অধিকাৰীয়েই হয়। পোষ্য পুত্ৰ গ্ৰহণৰ নিয়ম এই দেশত কিঞ্চিৎ বিভিন্ন। কোনো লোকে নিজৰ গোত্ৰ বা বংশৰ অথবা অন্যৰ গোত্ৰ বা বংশৰ কোনো মানুহক পোষ্য পুত্ৰ গ্ৰহণ কৰি আপোনাৰ সম্পত্তিৰ উত্তৰাধিকাৰী কৰে। বয়স বা যাগ-যজ্ঞাদিৰ প্ৰয়োজন দেখা নাযায়। পুৰুষ কি স্ত্ৰী উভয়েই পোষ্য পুত্ৰ গ্ৰহণ কৰিব পাৰে। বিধবা স্ত্ৰীৰ পক্ষে পোষ্য পুত্ৰ গ্ৰহণত স্বামীৰ অনুমতিৰ অপেক্ষা নকৰে। তাৰ আপোনাৰ জ্ঞাতি বা সমাজ বা খেলৰ প্ৰাচীন লোকৰ সন্মতি হলেই যথেষ্ট। পিতৃ মাতৃয়ে স্বীকাৰ কৰিলেই সন্তানৰ জাৰজত্ব যায়।

 এই দেশৰ কি ৰজা কি প্ৰজা সকলোৱেই কাঠ বাঁহ আৰু খেৰেৰে সজা গৃহত বাস কৰে। কোনো কোনো দেবালয় মাত্ৰ ইষ্টক নিৰ্ম্মিত। সাধাৰণ পক্ষে গৃহৰ পৰিপাটী বা পৰিষ্কাৰৰ প্ৰতি বড়কৈ দৃষ্টি নকৰে। আহোম ৰজাৰ দিনত সকলোৱে সৰ্ব্বপ্ৰকাৰ পৰিচ্ছদ কি অলঙ্কাৰ পৰিধান কৰিব নোৱাৰিছিল। এতিয়া সেই কঠিন নিয়ম অন্তৰ্হিত হইছে। সৰ্ব্বসাধাৰণত স্ত্ৰীসকল দ্বিবস্ত্ৰা। অন্যস্থানলৈ গমন কৰিলে বা কোনো উৎসবাদিত নিজৰ ঘৰতে তাৰ ওপৰত খনীয়া কাপোৰ নামে এখান আবৰণ বস্ত্ৰ পৰিধান কৰে। তাৰে সৰ্ব্বাঙ্গ সুন্দৰৰূপে আবৃত থাকে কেবল চক্ষু নাসিকা আৰু ভৰি মাত্ৰ অনাবৃত। পুৰুষবিলাকৰ পৰিচ্ছদত হিন্দুস্থানৰ নিয়মৰ বিশেষ অনুকৰণ বুলিব পাৰি। পাগুড়ি বা শিৰোবস্ত্ৰ বিনা কোনো প্ৰকাশ্য সভালৈ প্ৰায়েই কোনো লোক নাযায়। এই দেশৰ ব্যবহাৰ্য্য অলঙ্কাৰবিলাক তাদৃশ ভাল নহয়। ধাতুৰ পৰিমাণেই প্ৰধান ৰূপে বিবেচ্য।

 পূৰ্ব্বে সকলো লোকে সকলো প্ৰকাৰ বাহন ব্যবহাৰ কৰিব নোৱাৰিছিল। মান্যবান লোকসকলে দোলা, ঘোঁৰা, হাতী ইত্যাদি বাহন ব্যবহাৰ কৰিছিল। এতিয়া সি নিয়ম ৰহিত হইছে। বড় জাপিৰ তলতো অনেক ভদ্ৰাঙ্গনা প্ৰকাশ্য স্থানেৰে ওৰণি লই যোৱা নীতি আছে। আৰু সৰু জাপি আপোনাৰ মূৰত লইও যোৱা নিয়ম প্ৰচলিত।

 আসন দান আৰু গ্ৰহণতো কঠিন নিয়ম আছিল। অনেক স্থলত আগন্তুক লোকক কোন আসন দানৰ ৰীতি নাই আৰু অনেকেই কাৰো ঘৰলৈ যাব লাগিলে নিজৰ আসন, তামোলৰ বটা আৰু লোটা লই যায়। অসম দেশৰ সৰ্ব্বপ্ৰকাৰ লোকৰ অন্নই মূল আহাৰ। শালী চূৰ্ণাদিৰ দ্বাৰা নিৰ্ম্মিত পিষ্টকাদি কোনো কোনো সময়ত হে হয়। প্ৰায় মানুহেই ক্ষাৰ আৰু অম্ল প্ৰিয়। মাছ আৰু পহুৰ মাংস প্ৰায় লোকে গ্ৰহণ কৰে। অন্য মাংস ভক্ষণত লোকসকলে ৰুচি আৰু ধৰ্ম্ম বিষয়ক বিশ্বাস বিবেচনা কৰে। এতিয়ালৈকে এনে দৰিদ্ৰ লোক আছে যি লোণ নোহোৱা আহাৰ কৰি থাকে। আহাৰৰ বিষয়ে ইয়াত এনে কঠিন নিয়ম যে অসগোত্ৰীৰ কথা দূৰৈত থাওক জ্ঞাতিৰ হলেও অনেকে অন্ন ভোজন নকৰে। কেবল গ্ৰামত কোনো কোনো খেলৰ একোজন ৰান্ধনী আছে তাৰ হাতে অনেকেই খায়। বোকা চাউল বা কোমল চাউল নামে এবিধ চাউল পানীৰে তিতাই লই দধি আৰু গুড়েৰে ভক্ষণ কৰে। কদলী প্ৰভৃতি উপকৰণ তাৰ লগত থাকে। এই আহাৰীয় বস্তুয়েই সৰ্ব্বসাধাৰণৰূপে প্ৰচলিত। কোনো উৎসবাদিত এই আহাৰ সকলোকে দিয়া হয়। তামোল অসমীয়া মানুহৰ অতি প্ৰিয় বস্তু। তাৰ লগত অন্য দেশৰ দৰে অন্য মসালা নাই কেবল পাণ, চূণ, আৰু ধঁপাত মাত্ৰ। অসম দেশত বিস্তৰ উৎসব বা পৰ্ব্ব নাই। পৌষ, চৈত্ৰ আৰু আশ্বিনৰ সংক্ৰান্তি বিহু নামে প্ৰসিদ্ধ। এই তিনিটি প্ৰধান পৰ্ব্ব। ইয়াত মান্যজনক প্ৰণাম, মিত্ৰ কুটুম্বাদিক সাক্ষাৎ কৰা আৰু ভোজনাদি কৰোৱা হয়। চৈত্ৰৰ বিহুত সংক্ৰান্তিৰ পৰা সাতদিন কোনো ঠাইৰ ইতৰ লোকসকলে স্ত্ৰী পুৰুষে কোনো প্ৰকাশ্য স্থানলৈ গই নৃত্য গীত কৰে। সি সময়ত অবাচ্য ও অশ্লীল গীত গোৱা আৰু নিৰ্লজ্জভাব ভঙ্গী দেখুৱা হয়। এইটি নিয়ম, শীঘ্ৰে দেশৰ পৰা গুছিলে বড় উপকাৰ আৰু সুনীতি সংস্থাপন কৰা হয়। [] দুৰ্গোৎসব, ফল্গুৎসব, জন্মাষ্টমী আৰু শঙ্কৰ মাধবৰ মৃত্যু তিথিও সাধাৰণ পৰ্ব্ব। ইয়াত বাজে বিশেষ কোনো স্থান বা শ্ৰেণীৰ মাঝত অন্যান্য পৰ্ব্বও আছে। নানা প্ৰকাৰ ক্ৰীড়া কৌতুকাদি ই দেশত প্ৰচলিত আছে। কিন্তু সিবোৰ অতি সামান্য। ইয়াৰ মানুহবিলাক বড় আমোদ প্ৰিয়। কিন্তু যি উপায়েৰে সেই আমোদ কৰে সি অতি প্ৰাচীন।[] কানি বা অহিফেন এই দেশৰ অনেক লোকে খায়। প্ৰায় ৮০ বৎসৰতে কানিৰ ব্যৱহাৰৰ নিয়ম দেশত ব্যাপিছে। অনেক বালক যুবা যুবতী আৰু বুঢ়াক এই কানি খোৱা দেখা যায়। ইয়াৰ ব্যৱহাৰৰ নিমিত্তে এই দেশীয় লোকসকল অলস আৰু দুৰ্ব্বল হ’ব লাগিছে। এতিয়া গবৰ্ণমেন্টে আফিঙ্গ বিক্ৰয় কৰাত তাৰ ব্যৱহাৰ কৰা লোকৰ সংখ্যা ক্ৰমে হ্ৰাস আৰু ৰাজস্বৰ উন্নতিৰ আশা কৰা যাব পাৰে। এই দেশৰ কানীয়া সকলে এনে বিবেচনা কৰে যেন সিহঁতৰ অপৰাধো মাৰ্জ্জনীয়। কানীয়া বিলাকক সন্তুষ্ট কৰা এক মহা সন্তোষ আৰু পুণ্যৰ কাৰ্য্য যেন বিবেচনা কৰে। সেই নিমিত্তে “কানীয়া সেৱা” অৰ্থাৎ কানীয়াক সন্তোষকৈ আহাৰ কৰোৱাৰ নিয়ম ইয়াত চলিত। কিন্তু ই দুৰ্নীতি অচিৰে এই দেশৰ পৰা দূৰীভূত হ’ব এনে যত্ন কৰা দেশহিতৈষী সকলোৰে সৰ্ব্বতোভাবে কৰ্ত্তব্য। অসম দেশৰ কি স্ত্ৰী কি পুৰুষ উভয়কে বিশেষকৈ স্ত্ৰীলোকক কুক্ৰিয়াসক্ত বুলি মানুহে অপবাদ দিয়ে। কিন্তু ভালকৈ অসম দেশৰ অবস্থালৈ চালেই অপবাদৰ কোনো মূল নাই। অতি অল্প দিনৰপৰা নগৰত বেশ্যাবৃত্তিৰ সৃষ্টি হইছে। গ্ৰামত লোকে ইয়াক নাজানে। যদি কোনো লোকে কোনো বিৰুদ্ধাচৰণ কৰা দেখে শ্ৰমিকসকলে তাক শাসন কৰে আৰু হয় সেই বিৰুদ্ধ কাৰ্য্যকে সংশোধন কৰি লবলৈ অনাচাৰীক পতিত বা অব্যবহাৰ্য্য কৰি থয়। এইৰূপে পতিতসকলেও যদি দোষ স্বীকাৰ কৰি প্ৰায়শ্চিত্ত হয় তাকো সমাজে গ্ৰহণ কৰে। অবশ্যে এনে দৃষ্টান্তও পাব পাৰি যে দুষ্‌ক্ৰিয়াকাৰী আছে কিন্তু তাৰ সংখ্যা অতি তাকৰ। এই দেশৰ স্ত্ৰীসকল বড় উদ্‌যোগী আৰু পৰিশ্ৰমী। পুৰুষে সইতে প্ৰায় সমভাগে আৰ্জ্জে আৰু গৃহ কাৰ্য্যত লিপ্ত থাকে। এই হেতুকে অন্যান্য দেশতকৈ এই দেশীয় স্ত্ৰীসকল অপেক্ষাকৃত স্বাধীন। এই কাৰণেই এই দুৰ্ণাম হোৱা অনুভব হয়। যি শ্ৰেণীৰ লোকে দুষ্কৃয়া কৰে সি শ্ৰেণীৰ লোকে আন দেশতো যে দুষ্‌ক্ৰিয়া নকৰে ইয়াক অনুমান কৰিব নোৱাৰি। যেনে শিক্ষা আৰু সঙ্গ তাত ইয়াতকৈ আৰু ভাল আশা কৰিব নোৱাৰি।

 অসমীয়া লোকসকলৰ বুদ্ধি আৰু স্বভাব প্ৰায় ভাৰতীয় অন্যান্য দেশৰ লোকৰ দৰেই। অসমীয়া মানুহ বড় ভীৰু নহয় আৰু যদি সদুপদেশ আৰু উৎসাহ পায় তেন্তে অসমীয়া মানুহ শীঘ্ৰে কাৰ্য্যদক্ষ হয়। এই দেশৰ লোকে বিশেষৰূপে অনুকৰণ কৰিব পাৰে। ই সমাজৰ অপকাৰক নহয়। এই দেশ আন দেশতকৈ বহু ভাল কথাত অগ্ৰগণ্য হ’ব পৰা নাই। এতেকে দেশ হিতৈষী লোকসকলে ইয়াক সকলো বিষয়তে উন্নত কৰিবলৈ যত্ন কৰা কৰ্ত্তব্য।

 আসাম সমাজত এটি মহা হুলস্থূল হ’ব লাগিছে। পূৰ্ব্বে যি লোক সকলে বেটী বন্দীৰ ওপৰত সকলো সুখ আৰু আয়োজন থইছিল সেইসকলৰ পক্ষে এতিয়া দাসত্ব মুক্তি পোৱাত বড় কঠিন হইছে। নিজে ও আপোনাৰ প্ৰয়োজন সাধিবলৈ কাম কৰিব নোৱাৰে, অৰ্থৰ অভাবত সাহায্য লব নোৱাৰে। যিবিলাকে আকৌ মাহিলী বা অগ্ৰিম দি পৰিচাৰক লয় সেইসকলেও পুৰ্ব্বৰ বেটী বন্দীৰ দৰে সেবা শুশ্ৰূষা পাবলৈ খোজাত সময়ৰ গুণে তাক নাপায়। অৰ্থৰ অভাবৰ কাৰণে আৰু বংশ গৌৰৱ বা অভিমানৰ কাৰণে যিসকলে নিজৰ দাস নিজে হ’ব নোৱাৰে সেইসকলৰ অবস্থা বড় শোচনীয় হইছে। যাৰ সেইৰূপ অভিমান নাই সেইসকলৰ অবস্থা ক্ৰমে উন্নত হব লাগিছে। আমাৰ দেশৰ এই অভিমান যেতিয়ালৈকে তিৰোহিত নহয় তেতিয়ালৈকে এই অসুখ। ভাটীৰ ফালৰ দৰে “চাকৰ” ইয়াত পাবলৈ নাই। এইটো যে এটা ব্যবসায় ইয়াক লোকে নাজানে। গোলামৰ অবস্থালৈ স্মৰণ কৰি মানুহে “চাকৰ” হই কাৰ্য্য কৰিবলৈ নোখোজে। যি সমৰ্থমতে পাৰে সি আকৌ তাৰ স্বাধীনতালৈ দৃষ্টি নাৰাখি তাক বাবলৈ বাঞ্ছা কৰে। ইয়াতে সামাজিক হুলস্থূল লাগিছে। সাধাৰণতকৈ ওপৰ শ্ৰেণীৰ লোকসকল কিছুমান অলস। আমাৰ মানুহৰ বিস্তৰ প্ৰয়োজন আৰু অভাব নাই। অল্পতে সন্তুষ্ট। কিন্তু সময়ৰ গুণে এই অভাব অধিক হই আহিব লাগিছে।

 

  1. এই স্বয়ম্বৰ প্ৰথাৰ দ্বাৰা অনেক সময়ত অনিষ্ট ঘটে। কিয়নো অনেক যুবক আৰু যুবতী কন্যাই হঠাৎ বিবাহ কৰে আৰু তাৰ পাছে অনেক সময়ত অনেক দুৰ্ঘটনা ঘটে। কেতিয়াবা এনেও হয় যে পিতৃ-মাতৃয়ে কন্যাদানৰ অঙ্গীকাৰ কৰি অনেকৰ পৰা উপঢৌকন লয়। তাৰে এজনে কন্যা পায়। ইবিলাকে ক্ষতি পূৰণ মাত্ৰ পাব পাৰে। বিধবা স্ত্ৰীৰ দেবৰ প্ৰভৃতিয়ে কেতিয়াবা সেই স্ত্ৰী আনক দি পূৰ্ব্বৰ বিবাহৰ ব্যয় লয়।
  2. কেতিয়াবা এনেও দেখি যে কোনো স্ত্ৰীৰ শৰীৰ শুদ্ধিৰ বাবে কোনো পুৰুষে সইতে বিবাহ হয়। পাছে সেই পুৰুষক অলপ দক্ষিণা দি বিদায় দিয়া হয়। সেই স্ত্ৰী আৰু পুৰুষৰ মাঝত সম্বন্ধ নাথাকে। ইয়াকে এৰা বিয়া বোলে।
  3. ইয়াক দেখিলে ই দেশীয় লোকৰ প্ৰতি ঘৃণা জন্মিব পাৰে। কিন্তু হিন্দুস্থানৰ ফলগুৎসব বঙ্গদেশৰ কোন কোন স্থানৰ কাৰ্ত্তিক পূজা আৰু সভ্য মণ্ডলীৰ পৰিচিত “খেমটী” নাচৰ ই এক প্ৰকাৰ অবয়ব মাত্ৰ।
  4. ই দেশত যিসকল বাদ্যযন্ত্ৰ আছে সিও সামান্য। চাপৰি বজাই নাম গোৱা, পদ পুথি শুনা, গায়ক বা-ওঝাৰ দ্বাৰা গোৱাই শুনা, সাধু কথা শুনা, প্ৰভৃতিৰো ব্যবহাৰ চলন। ভেঁকুলীৰ বিবাহ দিয়াও এটি ক্ষুদ্ৰ আমোদ।