আসাম বুৰঞ্জী/অষ্টম অধ্যায়
অষ্টম অধ্যায়
চুপিম্ফাৰ মৰণৰ পাছত তেওঁৰ পুত্ৰ চুহুম্মুঙ্গ ১৪১৯ শঁকত সিংহাসনত উঠে। আৰু বড় প্ৰতাপেৰে শিঙ্গৰী ঘৰত উঠি অভিষিক্ত হয়। হিন্দুবিলাকে অভিষেকৰ সময়ত এওঁৰ নাম স্বৰ্গনাৰায়ণ ৰাখে। খামজাঙ্গৰ আইতনীয়া আৰু পানী নৰা যিবিলাকক চুকাফা ৰজাই বৰাই আহিছিল সিসকলে দ্ৰোহ আচৰিবলৈ ধৰাত চুহুম্মুঙ্গ ৰঙ্গাই সেনা পঠাই যুদ্ধ দিলে। নৰাহঁত ঘাটে আৰু আমাৰ সেনা জিকে আৰু সিহঁতক দা, জাঙ্গফাই বৰকাঁহ ইত্যাদি সি দেশত হোৱা বস্তু পাল সোধাই থাকিবলৈ ৰজাদেৱে নিৰ্ব্বন্ধ কৰি দিয়ে। ছুটিয়াবিলাকৰ দেশ ইয়াৰ পূৰ্ব্বৰে পৰা প্ৰায় অৰাজক হোৱাত কামৰূপৰ ধীৰনাৰায়ণ নামে এজনা কোঁৱৰে সি জাতিৰ মাঝত ৰজা হয়। তেওঁৰ কাচিতাৰা নামেৰে এজনা বড় দৰ্পী মন্ত্ৰী আছিল। আহোমক ছুটিয়াবিলাকে জোঁকালত দিখৌ মুখতে ১৪২২ শঁকত এক বড় যুদ্ধ হয়। ধীৰনাৰায়ণ ৰজা আৰু তেওঁৰ মন্ত্ৰী দুয়ো ঘাটি পৰ্ব্বতত সোমাল। ইফালে আহোমৰ সৈন্যে গই ছুটিয়াৰ ৰাজধানী ললেগই। আৰু তাৰপৰা তিনি চুকীয়া সিংহাসন, সোণৰ হাতি মাইহাঙ্গ প্ৰভৃতি অনেক বস্তু আনি সকলোকে স্বৰ্গদেৱে স্বৰ্গদেৱে ঘৰলৈ উৎসৰ্গ কৰি দিলে। আৰু ধীৰনাৰায়ণ ও কাচিতাৰাৰ মূৰ দুটা খেদি যোৱা মানুহে আনি দিয়াত চৰাইদেৱ আৰু স্বৰ্গদেৱৰ ঘৰলৈ পঠালে। আৰু তাৰ দুৱাৰ মুখত দুইওটা পোতাই তাৰ ওপৰত শিল দি এনে কৰিলে যেন সি ঘৰলৈ যাওঁতে তাতে ভৰি দি যাব লাগে। চৰানাও, দবা, আড়োৱাল দোলা কালী, হিলৈ, প্ৰভৃতি যি বস্তু পালে, তাক ৰজা ও ডাঙ্গৰীয়াসকলে ব্যৱহাৰলৈ আনিলে। বুঢ়া গোঁহাই পৰীয়া এজনাক সদীয়া খোৱা গোঁহাই বিষয় দি সেইফালে শাসন কৰিবলৈ নিযুক্ত কৰা হল। আৰু ছুটিয়াৰ দেশ এইজনাৰ শাসনৰ অধীন হল। ছুটিয়া ৰজাৰ বংশৰ যি ভাইপো ও প্ৰধান মানুহ আছিল, সি সকলক পাকৰিগুড়িত পতা হ’ল। সদীয়াৰ দেৱঘৰৰ সেৱা-শুশ্ৰূষাৰ নিমিত্তে লোক নিযুক্ত কৰি দিয়া হ’ল। এই সময়ৰ পৰা ছুটিয়াৰ ৰাজ্য একেবাৰে ভ্ৰষ্ট হ’ল।
কুসুম্বৰ ভূঁয়াৰ ঘৰত শঙ্কৰদেৱ জন্ম হোৱাৰ পাছত ভাটী দেশলৈ গই আহি বৈষ্ণব ধৰ্ম্ম প্ৰচাৰ কৰিবলৈ ধৰিছিল। তেওঁ আন আন যি ভূঁয়া আছিল তাৰ মাঝত প্ৰধান হইয়ো বিষয় কাৰ্য্যতকৈ ধৰ্ম্ম প্ৰবৰ্ত্তোৱা ভাল যেন পাই, তাকে কৰিবৰ অৰ্থে অনেক পুথী ৰচনা কৰি ধৰ্ম্ম প্ৰচাৰ কৰিছিল। কছাৰীৰ উপদ্ৰৱত বৰদোৱাত থাকিব নোৱাৰি উজাই গই বেলগুড়ি ধোঁৱাহাটত আছিল। এওঁৰ লগত বাৰভূঁয়াৰ আন আন সকলো আছিল। শঙ্কৰৰ ধৰ্ম্ম প্ৰবৰ্ত্তনত ব্ৰাহ্মণবিলাকে অসন্তুষ্ট হই শঙ্কৰে দেশ ভাঙ্গিলে বুলি কোৱাত শঙ্কৰক চুহুমুঙ্গ ৰজাই ধৰাই নি ৰাজ্য নষ্ট কৰাৰ কথা বিচাৰ কৰাত শঙ্কৰদেৱক নিৰ্দ্দোষী জানি মুক্তি দিয়ে। এইৰূপে কিছুকাল গল। ভূঁয়াবিলাক কামৰূপৰ পৰা গই সেই ঠাইত থকাত পাছে দেশৰ প্ৰতি আক্ৰমণ কৰে। এই ভাবি ৰজাৰ তেওঁবিলাকৰ প্ৰতি বড় সভয় আছিল। এদিন ৰজাই গৰ বান্ধি হাতি ধৰিবলৈ দিয়াত শঙ্কৰৰ লগৰ ভকতসকলকো হাতি বেৰিবলৈ দিলে। হাতি ভকতৰ ফালেই পলাল সেই জগৰতে ভকতবিলাকক ধৰিবলৈ কলে। শঙ্কৰৰ জোঁৱাই হৰি আৰু শিষ্য মাধৱদেৱ বিনে আন সকলো ভকত পলাল। জোঁৱায়েকক আহোমে কাটিলে। মাধবদেৱ ছমাহ বন্দি থাকি পাছে মুকলি হল। ইয়াৰ পাছতে শঙ্কৰ, মাধব কামৰূপলৈ ভটীয়াই আহিল। তেওঁবিলাকৰ লগৰ কিছুমান ভূঁয়৷ পোৱালি তাতে থাকিল কিন্তু সিসকলকো ১৪২৭ শঁকত চুহুমুঙ্গ ৰজাই বৰাই তামুলী ইত্যাদি ভিতৰুৱাল বাব দিলে আৰু তেওঁবিলাকৰ আদৰ্শেৰে বচোৱাল টঙ্গালী, হাঁচাটী ইত্যাদি ব্যৱহাৰ হবলৈ ধৰিলে। ৰজা আৰু ডাঙ্গৰীয়া সকলে ছুটিয়াবিলাকৰ পৰা অনেক বস্তু আৰু নিয়ম ললে। এই জাতি মানুহ পূৰ্ব্বে ই দেশলৈ অহাত কামৰূপৰ ও আন আন ঠাইৰ ৰজা আৰু লোকসকলৰ পৰ৷ অনেক ৰাজনীতি কথা শিক্ষা কৰিছিল। এই ৰজাৰ দিনতে দিল্লীৰ সিংহাসনৰ পৰা পাঠান জাতিৰ ৰজা গুছি তৈমুৰলঙ্গৰ সন্তান বাবৰে সিংহাসন প্ৰাপ্ত হয়। পাঠান জাতিৰ তুৰবক নামে এজন সেনাপতিয়ে কিছুমান সৈন্য লই আমাৰ দেশ আক্ৰমিবলৈ ১৪২৮ শঁকত (খ্ৰীঃ ১৫০৪) আহে। এই কথা বঙ্গদেশত কি ভাৰতবৰ্ষৰ কোনো ইতিহাসত পোৱা নাযায়। এনে অনুমান হয় ৰঙ্গা মাটিত যি মুসলমানৰ কাৰ্য্যকাৰক আছিল, সেয়েই এই তুৰবক হব পায়। এৱেঁ সইতে কলিয়াবৰতে আমাৰ এক যুদ্ধ হয়, সি যুদ্ধত আমাৰ ফালৰ ঘটা আৰু মুসলমানৰ ফালৰ জয় হয়।
চুহেন্ফা ৰজাৰ কুঁৱৰীৰ গৰ্ভত যোৱা কন্চেঙ্গ নামে পুত্ৰটিৰ চুহুমুঙ্গ ৰজাই পৰিচয় পাই বড় পাত্ৰ ডাঙ্গৰীয়া বিষয় দি পাতিছিল। সেই কন্চেঙ্গ বড়পাত্ৰ সেনাপতি হই গই তুৰবকক যুদ্ধত ঘটাই প্ৰাণে মাৰিলে আৰু কৰতোয়া নদীলৈকে খেদি নিলে। আৰু এনে কথা লেখে বোলে কৰতোয়াত কন্চেঙ্গে অস্ত্ৰ ধুলে এবং জয়ৰ কথা চিৰস্মৰণীয় কৰিবৰ নিমিত্তে দ’ল ও পুখুৰী খনালে। ই ঘটনা ১৪৫৪ শঁকত সংঘটিত হয়। এই ৰণত জিকি সেনাপতি ডাঙ্গৰীয়াই কিছুমান মানুহ আনি সিবিলাকক হাতিৰ ঘাঁহ কাটিবলৈ দিয়াত সিহঁতে হাতিৰ নেগুৰৰ ফালে ঘাঁহ দিলে, আৰু ক্ষেতি কৰিবলৈ দিওঁতে বোকা আনি কঠিয়াৰ গুড়িতে দিয়াত অপাত্ৰ বুলি বড় পাত্ৰ ডাঙ্গৰীয়াই “আদানি কৰি ধনী কৰিলে।” ইহঁতকে মৰীয়া বোলে। ১৪৫৮ শঁকত কছাৰীবিলাকে আমাক মৰঙ্গীৰ সীমাৰ পিনে জোকালত কছাৰীৰে ৰণ হয়, আৰু সি ৰণত কছাৰী ঘাটে ও কাজলি মুখলৈকে আমাৰ দেশ হয়। কছাৰী ৰজাই ডেকা ৰজাক পঠাই কলঙ্গকে সীমা পাতি বছৰি পাঁচোটা ঘোঁড়া দিবলৈ নিৰ্ব্বন্ধ কৰি সন্ধি কৰিলে। কলঙ্গৰ উত্তৰ পাৰে আমাৰ ও দক্ষিণ পাৰে কছাৰীৰ ৰাজ্য হল। এতিয়াও সি সীমাৰ উল্লেখ সৰ্ব্বসাধাৰণে কৰি থাকে। এইজনা ৰজাদেৱে গৌড় দেশৰ বাদসাহৰ তলৈ কটকী পঠাই মিত্ৰতা কৰা বুলি বুৰঞ্জীত লেখে। আৰু কোঁচবেহাৰৰ ৰজাই আহোমবিলাকৰ পৰাক্ৰম জানি মৈত্ৰতা নিবন্ধন কৰে। এইজনা ৰজাদেৱৰ দিনৰে পৰা" আহোমবিলাকৰ পৰাক্ৰম চতুৰ্দিশে ব্যাপ্ত হল। ধৰ্ম্মবিষয়ক বা ৰাজান্তিক বিষয়ক কথাত ই দেশ এখান দেশ বুলি পৰিচয় পালে। এওঁ এওঁৰ চাৰিজনা কোঁৱৰক দিহিঙ্গ, চাৰিঙ্গ, তিপাম, আৰু তুঙ্গ্খাঙ্গ্, এই চাৰি নগৰত পাতিলে ও সেই সেই কোঁৱৰৰ সন্তানক সেই সেই ফৈদ বোলে এওঁৰ বড় পুত্ৰ চুক্লেন কোঁৱৰে ৰজাৰ যেতেকে বয়স ভাটী হবলৈ ধৰিলে, তেতেকে বিদ্ৰোহ আচৰিবলৈ ধৰি শেষত লেহেতিয়া লিগিৰাৰ দ্বাৰাই ৰজাৰ প্ৰাণ বিয়োগ কৰালে। এওঁৰ ভোগৰ সংখ্যা ৪২ বছৰ। এইজনা ৰজাৰ দিনতে হিন্দু ধৰ্ম্ম ক্ৰমে ৰজাৰ স্বীকৃত ধৰ্ম্ম হবলৈ ধৰিলে। এওঁৰ পাছত ১৪৬১ শঁকত (খৃঃ ১৫৩৯) সেই চুক্লেন কোঁৱৰ সিংহাসনত উঠিল। পিতৃবধ কৰাই চুক্লেন ৰজাই চৰগুৱা নগৰ এড়িবৰ নিমিত্তে বাধিত হ’ল, কিয়নো তেওঁ লোকৰ বড় অপ্ৰিয় হ’ল। পিছে গৰগাঁওত নগৰ কৰি তালৈ ৰাজধানী নিলে আৰু তাতে শিঙ্গৰী ঘৰত উঠি চুক্লেনমুঙ্গ নাম ললে। গৰগাঁওলৈ নগৰ নিয়াৰ বাবে এওঁক গৰগঁয়া ৰজাও বোলে। এইজনা ৰজাৰ দিনত হিন্দুধৰ্ম্মৰ আচাৰ ক্ৰমে চলিত হই উঠিব ধৰিলে। আৰু আহোম ৰজাই মূৰত লই অহা চোমদেৱক ভিতৰৰ পৰা বাজ কৰা হ’ল, ও বামুণী কোঁৱৰে নিয়া লক্ষ্মীনাৰায়ণ শালগ্ৰামেই ভিতৰুৱাল হই থাকিল। এওঁ ৰজা হবৰে পৰা বড় শান্তিৰে দিন খেদালে। পাছে ১৩ বছৰ ভোগ কৰি ১৪৭১ শঁকত (খ্ৰীঃ ১৫৪৯) স্বৰ্গী হয়।
এইজনা ৰজাৰ পুতেক চুখাম্ফা সিংহাসনত উঠিল। এওঁৰ ভৰি এটি খোঁড়া আছিল, সেই দেখি এওঁক খোঁড়া ৰজাও বোলে। মানৰ উপদ্ৰৱত নৰা ৰজাই এজনা জীয়ৰী আমাৰ ৰজালৈ অনেক মানুহ ও বস্তু যৌতুকে সহিতে দিয়াত খোঁড়া ৰজাদেৱে সহায় দিলে, তাৰে পৰা মানৰ উপদ্ৰৱৰ পৰা নৰা দেশ ৰক্ষা পড়িল।
নৰনাৰায়ণ ৰজাৰ ভায়েক চিলাৰায় দেৱান ১৪৮৪ শঁকত কিছুমান সেনা লই অসম দেশ আক্ৰমিবলৈ আহিলত আহোমৰ সৈন্য আগবাঢ়ি গ’ল। কিন্তু চিলাৰায়ৰ সৈন্যৰ যুদ্ধ কৌশল দেখি আমাৰ সেনাপতি ডাঙৰীয়াই শূদ্ৰাদি কিছুমান বামুণক লগুণ পিন্ধাই গৰুত তুলি যুদ্ধলৈ পঠালে। চিলাৰায়ে তলে গোবধ, ওপৰে ব্ৰহ্মবধৰ ভয়তে হুহকি গ’ল। কিন্তু তাৰ পাছ বছৰি এই ছল বুজ পাই সৰহ সেনা লই চিলাৰায় আহে। আমাৰ সেনাপতি দেৱ ৰজা আৰু চিলাৰায় দেৱানেৰে ভয়ানক যুদ্ধ হয়। দেৱ ৰজাই ঔষধৰ বিৰী ও যন্ত্ৰ ডিঙ্গিৰ পৰা খহাই থোৱাৰ পাছত চিলনীয়ে থাপ্মাৰি লই যাওঁতে দেৱৰজাই ঈশ্বৰৰ নিগ্ৰহ হইছে বুলি চাৰিঙ্গলৈ গই লগৰ কিছুমান মানুহে সইতে নিজে মৈদাম খানি সোমাল গই। খোঁড়াৰজ৷ মন্ত্ৰী বৰ্গে সইতে চৰাই দেৱলৈ গ’ল। চিলাৰায়ে এখেত নগৰ ললে। পাছে আপচু বা সোন্দৰ গোঁহাই প্ৰমুখ্যে আন অনেক বড়ুৱা ফুকনৰ ল’ৰাক খোঁড়া ৰজাই বন্দী স্বৰূপে দিয়াত চিলাৰায় উভতি গ’ল। কোনো পুথীত এনেও পোৱা গইছে বোলে চিলাৰায় দেৱানে অসম ৰজাৰ পৰা এটা বগা হাতী নিয়ে, এই নিমিত্তে তেওঁৰ নাম শুক্লধ্বজ হ’ল। ইয়াৰ পাছত আৰু একো ৰণ বিগ্ৰহ নহ’ল।
এই ৰজাৰ দিনতে দেশত ধৰ্ম্ম সংক্ৰান্ত বড় লৰচৰ হয়। শঙ্কৰ আৰু মাধবৰ শিষ্যসকল দেশৰ চাৰিওফালে যাবলৈ ধৰিলে আৰু অনেক ঠাইত সত্ৰও কৰা হ’ল। মানুহৰ মনক “বৌদ্ধাচাৰ” অনাচাৰৰ পৰা পালটালে। বিষয় থকা ও নথকা অনেকে সি ধৰ্ম্মক আশ্ৰয় কৰিলে আৰু সাধাৰণৰ মাঝত ই ধৰ্ম্ম, যাক মহাপুৰুষীয়া ধৰ্ম্ম বোলে, সেইয়ে প্ৰবল হ’ল। খোঁড়া ৰজাই এই নব্য ধৰ্ম্মাবলম্বী লোকসকলক কোন বিশেষ অত্যাচাৰ কৰাৰ কথা প্ৰকাশ নাই। এইজনা ৰজাদেৱৰ দিনৰে পৰা আমাৰ মানুহে ভাটীফালে চলাচল কৰিবলৈ ধৰিলে।
খোঁড়া ৰজা ১৫৩৩ শঁকত (খৃঃ ১৬১১) স্বৰ্গী হোৱাত তেওঁৰ তিনি পুতেকৰ মাঝত চুচেঙ্গফা সিংহাসনত উঠে। বুঢ়া কালত ৰজা হোৱা দেখি এওঁক বুঢ়া ৰজাও বোলে ও বড় বুধিমন্ত থকাৰ নিমিত্তে এওঁৰ আৰু এটি নাম বুদ্ধি স্বৰ্গনাৰায়ণ। এওঁৰ দিনত অনেক সৎকাৰ্য্যৰ অনুষ্ঠান হোৱাত এওঁক প্ৰতাপ সিংহও বোলে। এওঁ পৰ্ব্বতত ঘৰ কৰি শিঙ্গৰী ঘৰত উঠিল। সোন্দৰ গোঁহাই প্ৰভৃতি যিবিলাক মানুহক চিলাৰায় ৰজাই ধৰি নিয়ে, সিবিলাকৰ মাঝত যিসকলে ঘৰলৈ উভতি আহিবলৈ ইচ্ছা কৰিলে, সিসকলক নৰনাৰায়ণ ৰজাই এড়ি দিলে এনে শুনা যায়। সোন্দৰ গোঁহাইৰে পাশা খেলাত হাৰি নৰনাৰায়ণ ৰজাই এইসকলক এড়ি দিলে। সিবিলাকৰ লগতে সোণাৰী, কঁহাৰ, প্ৰভৃতি অনেক বৃত্তিয়াল মানুহ আছিল। আমাৰ মানুহখিনিক খেলে খেলে নিয়া হ’ল। কিন্তু সেই ভাটীৰ পৰা অহাখিনি লোকক নাম ডাঙ্গতে পতা হ’ল। অন্য দেশে সইতে সমাগম হবৰ পৰা যে দেশৰ উন্নতি হয়, তাৰ বিশেষ ৰূপ ইয়াত উদাহৰণ পাব পাৰি। ঘুৰি অহা লোকসকলৰ মুখে কোঁচবেহাৰৰ নিয়ম শুনি সেইৰূপ অনেক নিয়ম আমাৰ ৰজাই ল’লে। আৰু মৰঙ্গিয়াল মানুহ কেতখিনি ভাটীলৈ পঠাই সিহঁতক নানা প্ৰকাৰ শিল্প বিদ্যা শিক্ষা দিয়ালে। কোঁচবেহাৰৰ ৰজাই নিজ নামেৰে ৰূপা সোণৰ মোহৰ মৰা শুনি প্ৰতাপচন্দ্ৰ স্বৰ্গদেৱেও তদ্ৰূপ কৰি নিজ নামেৰে অৰ্থাৎ স্বৰ্গনাৰায়ণ নামেৰে ১৫৪০ শঁকত মোহৰ মৰালে। এই মোহৰৰ সংখ্যা ইমান তাকৰ আছিল যে এতিয়া তাক পাবলৈ নাই।[১] কোঁচবেহাৰৰ পৰা এইফালে অহা ৰঘুদেৱ ৰজাই নিজৰ দেশত স্থিৰ হই থাকিবলৈ আপোনাৰ মঙ্গলদই নামে কন্যাক প্ৰতাপসিংহ ৰজালৈ সমৰ্পণ কৰাত ৰজাই অভয় দান কৰিলে, তেতিয়াৰে পৰা মঙ্গলদই নামে এখান নগৰ হ’ল। সেই বংশৰ বলিনাৰায়ণ ৰজাকো প্ৰতাপসিংহে আশ্ৰয় দি ধৰ্ম্মনাৰায়ণ নাম দিলে। জয়ন্তাৰ ধন মাণিক্য ৰজায়ো কছাৰী ৰজাৰ উপদ্ৰৱৰ পৰা ৰক্ষা পাবলৈ আমাৰ ৰজাদেৱত শৰণ লই কন্যা দান কৰিলে ও ডিমৰুৱাৰ ৰজায়ো জয়ন্তাৰ উপদ্ৰৱত ভয় পাই আমাৰ ৰজাৰ আশ্ৰয় লই বছৰি কৰ দিম বুলি অঙ্গীকাৰ কৰিলে।
ৰঙ্গামাটিৰ নবাবৰ অধীনত কিছুমান সৈন্য হাজোত আছিল। সিসকলে আমাৰ দেশৰ অবস্থা, বুঝিবলৈ বেপাৰৰ ছলেৰে এজন লোক পঠোৱাত তাক আমাৰ কলিয়াবৰৰ সৈন্যে কাটি তাৰ নাও লুটি নিলে। পাছে সৈয়দ বাবাকৰ ও সত্ৰাজিতে অনেক সেনা লই আহি বিশ্বনাথৰ পৰা মানুহ ধৰি নিলে। আমাৰ সেনাই একো কৰিব নোৱাৰিলে। পিছে কছাৰী ৰজাৰ পৰা যুদ্ধৰ সামগ্ৰী ও সেনা খুজি লই বঙ্গালে সইতে যুদ্ধলৈ আগবঢ়াত ১৫৪৯ শঁকত বড় যুদ্ধ হ’ল, সেই যুদ্ধত সৈয়দ বাবাকৰ ও সত্ৰাজিতৰ মৰণ হয়। আমাৰ সৈন্যে বঙ্গালৰ সৈন্যক খেদি নিলেও গুৱাহাটী পৰ্য্যন্তে অসমৰ ৰাজ্য হ’ল। আৰু মিৱসেন চোৱা প্ৰভৃতি অনেক লোক আমাৰ মানুহে ধৰি আনিলে। তেতিয়াৰে পৰা সেনৰ খেল হ’ল বুলি লোকে কয়। আৰু এনে এটা কথা প্ৰসিদ্ধ আছে যে সৈয়দ বাবাকৰৰ পুতেক গয়াসুদ্দীন এই যুদ্ধত প্ৰথমে পৰাত তেওঁৰ মৰাশটো হাজোলৈ পঠাই দিওঁতে সেই শটো হাজোৰ গৰুড়াচল পৰ্ব্বতত পোতা হ’ল। আৰু সি ঠাইক বড় মোকাম বুলি সকলোৱে মান্য কৰিবলৈ ধৰিলে। কিয়নো সেই গয়াসুদ্দীন মুসলমানৰ বড় মান্য ও জ্ঞানী মানুহ আছিল।[২] দৰঙ্গৰ ধৰ্ম্মনাৰায়ণ ৰজাক সেই সিংহাসনতে কৰতলীয়াৰূপে এইজনা ৰজাই ৰাখিলে আৰু তেওঁৰ ভ্ৰাতা গজনাৰায়ণক বেলতলাত ৰজা পাতিলে।
ৰাণী, লুকী, বকো, বগাই, বনগাঁও, ছয়গাঁও, বগাই, পানতান্ বৰদুৱাৰ, ভোলাগাঁও আৰু মৈৰাপুৰত দাঁতি পৰীয়া পূৰ্ব্বে বিশ্বসিংহ ৰজাই পতা যিবিলাক ৰজা আছিল স্বৰ্গনাৰায়ণে সেইসকলকো ৰজ৷ পোৱালি নাম দি দাঁতি দুৱাৰ ৰাখিবলৈ নিৰ্ব্বন্ধ কৰি দিলে। মিৰী আৰু ডফলাবিলাকে সদাই আমাৰ দেশত উপদ্ৰৱ কৰি থকাত সিহঁতৰ উপদ্ৰৱ নিবাৰণৰ অৰ্থে, সিহঁতে নিবলৈ পঁচা লগাই দিলে আৰু সদাই বয়-বাৰ্ত্তা লবলৈ কটকী নিযুক্ত কৰি দিলে। কছাৰী দেশে সইতে সদাই হাই উৰুমি লাগি থকা দেখি ননৈকে সীমা কৰা হ’ল। আৰু নগাৰ দুৱাৰবিলাকো স্থিৰ কৰা হ’ল। নগা, মিৰী, ডফলা ও কছাৰী পৰ্ব্বতীয়া লোক বিলাকে এই ৰূপে সেয়ে যি বাব সোধাব লাগে তাৰো সি সকলে নিৰ্ব্বন্ধ কৰিলে। দাঁতি দুৱাৰে কছাৰী ও জয়ন্তা, ডিমৰুৱা প্ৰভৃতি দেশৰ বাৰ্ত্তা জনাবলৈ ও আমাৰ লোকবিলাকৰ শান্তি ৰক্ষাৰ নিমিত্তে ৰহিয়াল, বড়ুৱা, জাগীৱাল বড়ুৱা আৰু কাজলীমুখীয়া গোঁহাই ইত্যাদি বিষয় সৃষ্টি এই ৰজাৰ দিনত হয়। দেশত লোক চলাচল কৰিবলৈ এই মহাৰজাই অনেক বাট বন্ধালে এবং আন লোকৰ উপদ্ৰৱৰ পৰা ৰক্ষা কৰিবলৈ আৰু সীমা স্থিৰ হবলৈ চামধৰা গড়, প্ৰভৃতি গড় বন্ধালে।[৩] বাৰ ভূঁয়াৰ পো-পোৱালি কেতবিলাকে কিছু অহিত চিন্তিবলৈ ধৰাত সিসকলক দমন কৰি বিলাতত পাতিলে। ৰজা আৰু ৰজাৰ সৈন্যবিলাক অহা যোৱাত অনেক কষ্ট হয় দেখি কেইবা ঠাইতো বাঁহৰ আৰু ডঁৰিকাত শিলৰ সাঁকো নিৰ্ম্মাণ কৰোৱা হ’ল। মোমাই তামুলী নামে এজনাক বড় বড়ুয়া বিষয় দি প্ৰধান কাৰ্য্যকাৰক বাব দি ওপৰত কোৱা কাৰ্য্যসকল দৃষ্টি কৰিবলৈ নিযুক্ত কৰা হ’ল। এইজনা ৰজাৰ দিনতে দেশৰ লোকবিলাকক খেল খেলকৈ ভগাই পাতিবলৈ আৰম্ভ কৰা হয়। আৰু কোঁৱৰবিলাকক হিলৈদাৰী, অৰ্থাৎ সিপাহী খেলত নিযুক্ত কৰা হয়।
হিন্দু ধৰ্ম্মৰ প্ৰতি এইজনা ৰজাই বড়কৈ উৎসাহ দিলে। কালক্ৰমে ৰাজমাৱ দেৱতাৰ মৃত্যু হ’ল আৰু দেশত অনেক উৎপাত হোৱাত বিশ্বনাথ ও দেৱৰগাঁওত প্ৰতাপসিংহ ৰজাই দৌল কৰালে এবং অনেক ব্ৰাহ্মণ ও দেৱতাক ব্ৰহ্মত্তৰ আৰু দেৱোত্তৰ বৃত্তি দান কৰিলে। এইজনা ৰজাৰ দিনতে মহাপুৰুষীয়া ধৰ্ম্ম দেশত বিশেষকৈ ব্যাপ্ত হ’ল।[৪] চিলাৰায় ৰজাই সইতে যুদ্ধ কৰিবলৈ লগুণ পিন্ধাই নিয়া মানুহখিনিয়ে দেশত বৰ উপদ্ৰৱ আৰু অনেক অধৰ্ম্ম কৰিবলৈ ধৰাত সিসকলৰ অনেকৰ লগুণ গুছালে, আঠঘৰৰ মাত্ৰ লগুণ থাকিল। দেশত কাৰ্য্য চলাবলৈ যিসকল লোক আছিল সিসকলৰো বিষয় বুজি এইজনা ৰজাদেৱে মৰ্য্যাদা বঢ়াই দিলে। এইৰূপে ৩৮ বছৰ দেশ ভোগ কৰি ৰজাদেৱ স্বৰ্গী হ’ল। এওঁৰ কাৰ্য্যবিলাক বড় উৎকৃষ্ট আৰু নীতিপূৰ্ণ আছিল। এওঁ এনে প্ৰজাপ্ৰিয় আছিল যে তেওঁ নৰীয়৷ পৰাত প্ৰজাবিলাকে অনেকে কইছিল “স্বৰ্গদেৱৰ সলনি আমাৰে এক শ নৰবলি সদীয়াৰ আইলৈ দিমহঁক, তেওঁ স্বৰ্গদেৱ কুশলে থাকোক।” এওঁৰ কাৰ্য্যবিলাকৰ দ্বাৰা এওঁ যে এজন অতি বহুদৰ্শী প্ৰজাবৎসল ৰাজনীতিজ্ঞ লোক আছিল ইয়াত কোনো সংশয় নাই।
১৫৭১ শঁকত (খৃঃ ১৬৪৯) এওঁৰ পুতেক চুৰুম্ফা ৰজা হয়। এওঁ বড় নিৰ্দ্দয় আৰু তিৰোতা সেৰুৱা আছিল। এওঁৰ এজনা কোঁৱৰ মৰাত কেইবাটাও ফুকন বড়ুৱাৰ ল’ৰা কুঁৱৰীৰ কথা শুনি মৰা কোঁৱৰে সইতে ধেমালি কৰিবলৈ মৈদামত পুতিলে। ইয়াতে সকলো ৰাজমন্ত্ৰীসকলে বেজাৰ পাই এওঁৰ ভায়েক চুতিংফাক ৰজা পাতি চুৰুম্ফাক ভাঙ্গি আন ঠাইত বিষক্ৰিয়া কৰাই মৰালে। এওঁৰ ভোগৰ কাল ৩ বৎসৰ মাত্ৰ। ১৫৭৪ শঁকত (খৃঃ ১৬৫২) চুতিংফা ৰজা হ’ল। এওঁৰ দিনত বিশেষ কোন কাৰ্য্য নহ’ল। কেবল উজনিৰ পৰ্ব্বতৰ ফালে নৰা ৰজাই সইতে সামান্য এক যুদ্ধ কৰি নৰা ৰজাই সইতে আকৌ সন্ধি কৰিলে।[৫]এইজনা ৰজাদেৱৰ পুতেক চুতামলা ৰজাই শুকুলা হুদু বুঢ়া গোঁহাই ডাঙ্গৰীয়াই সইতে মন্ত্ৰণা কৰি চুতিংফাক ৰজা ভাগি আপুনি ১৫৭৬ শঁকত (খ্ৰীঃ ১৬৫৪) ৰজা হ’ল। চুতিংফাক পৰিশেষত মন্ত্ৰীসকলে বিষক্ৰিয়াৰে প্ৰাণ মৰালে। এই সময়ত ৰজাই পুতেকলৈ এই কথা কই পঠালে যে এনে কথা কৰা পুৰণি পাত্ৰ মন্ত্ৰী খনি ভাঙ্গি নকৈ যদি পাতি লয় তেহে থাকিব পাৰিব।
চুতামলা ৰজা সিংহাসনত উঠি ৰামুগাঁও ভৰিকাদলঙ্গৰ ওচৰতে খাৰঘৰ বাড়ীতে নগৰ কৰি শিঙ্গৰী ঘৰত অভিষিক্ত হ’ল। হিন্দুমতে এওঁৰ নাম জয়ধ্বজ সিংহ। পিতৃৰজাৰ কথা এওঁৰ মনত সদাই জাগি আছিল। পাছে শুকুলাহুদু ও যিবোৰ মানুহে তেওঁক ৰজা হোৱাত আৰু পিতৃ ৰজাক ভঙ্গাত সাহায্য ভজিছিল, সিসকলকো সামান্য জগৰতে মৰালে। মিৰীবিলাকে সইতে অল্প হুৰামুৰা হোৱাত তাতো জয়ধ্বজ সিংহ স্বৰ্গদেৱে ভাঙ্গিলে।
পূৰ্ব্বৰে পৰা মুসলমানবিলাকে ই দেশ লবলৈ বড় ইচ্ছুক। বিশেষ মুসলমানবিলাকৰ যি অলপ আধিপত্য কামৰূপৰ ওপৰত আছিল, তাৰ প্ৰতিও আহোমবিলাকে আক্ৰমণ কৰাত মুসলমানবিলাকৰ আক্ৰোশ বাঢ়িল। এনেতে নবাব মীৰজুমলা বঙ্গদেশৰ অধিকাৰ হোৱাৰ পাছত (খ্ৰীঃ ১৬৫৫) তেওঁ ই দেশলৈ বিস্তৰ সৈন্য সইতে আহিল। আমাৰ ফালৰ কিছুমান সৈন্যও ৰণ কৰা নাও শিঙ্গৰীত আছিল। মুসলমানৰ সৈন্যৰ পৰাক্ৰম দেখি আমাৰ সৈন্য ভাগি পলাল। ইয়াতে মীৰজুমলাই অতি সন্তোষ পাই ক্ৰমে উজাই আহি আহি নগৰৰ ওচৰ পালেহি। ৰজাই নিৰুপায় ভাবি চৰাইখোৰোঙ্গলৈ পলাই গ’ল। এইৰূপে নগৰ লই মীৰজুম্লাৰ এনেহে উৎসাহ হ’ল যে আওৰঙ্গ্জেৱ বাদশাহলৈ এই বুলি চিঠি লেখিলে বোলে “আৰু বছৰী ময় পিকিন নগৰৰ দুৱাৰত গই জয় পতাকা উড়াব পাৰিম।” খৰালি দিনত মীৰজুমলা তেওঁৰ সেনাপতি মজুমখাই সইতে ভালে আছিল। কিন্তু বাৰিষা হলত চাৰিওফালে পানী হোৱাত মুসলমান সৈন্যৰ বড় ক্লেশ হ’ল। অনেক সৈন্য মৰিল। মীৰজুমলাৰ ইচ্ছা হ’ল যে সন্ধি কৰে। মীৰজুমলাৰ নিজৰো শৰীৰ পীড়িত হ’ল আৰু সৈন্যবিলাকেও দ্ৰোহ কৰিবলৈ ধৰিলে। ইফালে জয়ধ্বজ সিংহেও সন্ধি কৰিবলৈ ইচ্ছুক হ’ল। পাছে ১০০ বন্দি, ১০০ বেটী, হাতী ৩০টা, সোণৰ মোহৰ ২০০০, ৰূপ ১২০০০, এইখিনি যৌতুক দি জয়ধ্বজ সিংহে ৰজাদেৱৰ ৰমণী গাভৰুক আওৰঙ্গজেৱ বাদশাহলৈ দিয়াত আৰু বছৰি কিছু কৰ দিবলৈ অঙ্গীকাৰ কৰাত সসৈন্যে মীৰজুমলা ভটীয়াই গ’ল। কোনো কোনো ইতিহাসৰ মতে ইয়াকো জানিব পাৰি যে মীৰজুমলাই সম্পুৰ্ণৰূপে ৰণত ঘাটি সমুদায় সৰকাৰ কামৰূপ আহোম ৰজাক দি দেশলৈ ভটীয়াই গ’ল। কিছুদিনৰ মূৰতে তেওঁৰ মৃত্যু হ’ল। জয়ধ্বজ সিংহ সন্ধি কৰাৰ পাছত নগৰলৈ আহি পুনৰায় তাক প্ৰতিষ্ঠা কৰি ল’লে। আৰু ভবিষ্যত ভাবি স্বৰ্গদেৱে নামৰূপত সোণ-ৰূপৰ ভঁৰাল ও বাহৰ কৰালে। শত্ৰুৰ ভয়ত পলাই যাবলৈ বাধ্য হোৱা আৰু মুসলমানবিলাকৰ পৰা পৰাজিত হোৱাত ৰজা বড় দুঃখিত আছিল। পাছে সেই শোকতে স্বৰ্গদেৱৰ চকুৰ লো ওলাল। সেই লোৱেই ধাৰাবাহিক ৰূপে হই শেষত স্বৰ্গদেৱ স্বৰ্গী হ’ল। এওঁৰ ভোগৰ সংখ্যা ন বছৰ।
জয়ধ্বজ ৰজাৰ হিন্দু ধৰ্ম্মৰ প্ৰতি বড় শ্ৰদ্ধা আছিল আৰু তেওঁ নিৰঞ্জন বাপুত শৰণ ললে।[৬] এবং অনেক ব্ৰাহ্মণ মহন্তক বৃত্তি দিলে। শঙ্কৰদেৱৰ সন্তানসকল কামৰূপ আৰু ভাটীত আছিল। পাছে তেওঁৰ জন্মস্থান বৰদোৱাৰ ওচৰ আইভেটীলৈ আই লক্ষ্মী নামে নাতি বোৱাৰী এজনাক জয়ধ্বজে অনাই অনেক বৃত্তি দান কৰিলে। জয়ধ্বজ সিংহ স্বৰ্গদেৱৰ দুজনা পুতেকৰ কোনো এজনাক মন্ত্ৰীসকলে ৰজা নাপাতি দেওৰজা নামে এজনা পূৰ্ব্বৰ কোঁৱৰৰ নাতি চুপুংমুঙ্গক ১৫৮৫ শঁকত ৰজা পাতিলে। শিঙ্গৰীঘৰ উঠি এওঁ চক্ৰধ্বজ সিংহ নাম ল’লে। প্ৰতি বছৰে মুসলমানক কৰ দিব লগীয়া হোৱাত প্ৰজাৰ পৰা খেলে খেলে ৰূপকৈ কি বস্তুকৈ পঁচা তুলি গোলাঘৰ কৰি থলে, তেতিয়াৰে পৰা গোলাঘৰ দেশত চলিল। মুসলমানৰ উপদ্ৰৱৰ আশঙ্কাত কামৰূপত সুন্দৰকৈ সৈন্য থোৱা হ’ল আৰু ভাল ভাল মানুহক বড় ফুকন আৰু সেনাপতি বাবত ৰখা হ’ল। ১৫৯০ শঁকত দিল্লীৰ বাদশাহৰ পৰা আগৰ বাবৰ কৰ সাধিবলৈ উকীল অহাত চক্ৰধ্বজ ৰজাই এই বুলি কৰ দিবলৈ অস্বীকাৰ কৰিলে বোলে মীৰজুম্লাই মিত্ৰ কৰি ৰাজ্য দিহে গইছে। বাদশাহাই ইয়াতে অপমান পাই অনেক সৈন্য পঠায়।[৭] সেইসকলে ক্ৰমে উজাই আহি গুৱাহাটী ভাটী সৰাই চকী পালেহি। এখেৰ পৰা মোমাই তামুলী বড় বড়ুৱাৰ পুতেক লাচিত বড় ফুকন হই গই সৰাইতে বাদশাহৰ সৈন্যে সইতে যুদ্ধ হ’ল। তাতে বঙ্গালৰ সৈন্যে ঘাটী ভটীয়াই গ’ল। লাচিত বড় ফুকনে বঙ্গালক খেদি নিলে। আৰু গুৱালপাড়াৰ সিপাৰৰ মানাহা নদীকে বঙ্গাল আৰু আমাৰ দেশৰ মাঝত সীমা নিৰ্ব্বন্ধ কৰা হ’ল। ই সীমা আজিলৈকে স্থিৰ হই আছে। প্ৰথমে লাচিত বড় ফুকনে যোগীঘোপাৰ ভাটীত এক নগৰ পাতি তাৰ নাম আসাম নগৰ দিলে। কিন্তু মানাহাৰ সীমা স্থিৰ হেন দেখি আসাম নগৰ এড়ি আহি মানাহাৰ ওচৰৰ লুইতৰ দাঁতি হাদীৰাত অসম আৰু বঙ্গাল দেশৰ সীমা স্থিৰ ৰাখিবলৈ চকী ও ঘাট পাতি সীমাৰক্ষক সৈন্য থলে। এনে কথা প্ৰচাৰ আছে বোলে বঙ্গাল সৈন্যেৰে সৈতে আমাৰ সৈন্যক পৃথক কৰিবলৈ পাণ্ডুনাথৰ ভাটীত এটা খাল লাচিত বড় ফুকনে একে ৰাতিতে খনালে আৰু কলাৰ ভুৰৰ ওপৰত তুঁহ দি আন্ধাৰ নিশা বাঁহেৰে মানুহৰ আকৃতি সাজি তাত চাকি লগাই সেইখনা নদীৰে ভটীয়াই দিয়াত সৰাইত থকা বাদশাহৰ সৈন্যে ভাটীৰ পৰা অসমৰ সৈন্যে আক্ৰমিবলৈ আহিছে বুলি ভাবি ভটীয়াই গ’ল। বঙ্গালৰ আক্ৰমণৰ পৰা ৰক্ষা পোৱাৰ পাছত গুৱাহাটীত বড় ফুকনৰ ৰাজধানী দৃঢ়কৈ পতা হ’ল। গুৱাহাটীৰ চাৰিওপিনে চাকি আৰু প্ৰাচীৰ, আৰু দোপদৰ ঘৰ লাচিত বড় ফুকনে সজালে। এইবাৰ যুদ্ধত জয় হোৱাৰ পাছত চক্ৰধ্বজ ৰজাৰ দিনত আৰু কোনো বিশেষ ঘটনা নহ’ল। পাছে ১৫৯২ শঁকত ৰজাদেৱ স্বৰ্গী হ’ল। সি শঁকতে এইজনা ৰজাদেৱৰ ভ্ৰাতৃ চুন্যত ফাই সিংহাসন পাই শিঙ্গৰী ঘৰত উঠি হিন্দুমতে উদয়াদিত্য নাম ললে। পিছে বঙ্গালে সইতে আকৌ যুদ্ধ হয় ভাবি গুৱাহাটী নগৰৰ প্ৰতিহে এওঁৰ দৃষ্টি হ’ল। আৰু কেইবা ঠাইতো গড় আৰু আলি কৰি সি নগৰৰ সৌন্দৰ্য্য বঢ়ালে। উজনিতো বৰাগী আলি নামে এক আলি কৰালে। ইজনা ৰজাদেৱে চামুগুড়ীয়া আতাত শৰণ লই মহাপুৰুষীয়া ধৰ্ম্মলৈ বিশেষ শ্ৰদ্ধা দেখুৱাইছিল। লুখুৰাসন ফৈদৰ ভেবেৰাক উদয়াদিত্য ৰজাই বড় বড়ুৱা পাতিলে, কিন্তু বড় বড়ুৱাই সইতে কোনো কোনো কথাত ৰজাৰ মত বিভিন্ন হোৱাত ১৫৯৪ শঁকত বড় বড়ুৱাই ভয় পাই গুপ্তৰূপে বিষপান কৰোৱাই ৰজাক মৰালে। এওঁৰ ভোগৰ কালৰ সংখ্যা ২ দুই বছৰ মাত্ৰ। ১৫৯৪ শঁকত উদয়াদিত্যৰ ভ্ৰাতা চুক্লন্ফা সিংহাসন প্ৰাপ্ত হই শিঙ্গৰী ঘৰত উঠি ৰামধ্বজ নাম ললে। এওঁৰ দিনত বিশেষ কোনো ঘটনা নহ’ল। কেবল ডেবেৰা বড় বড়ুৱাক তুষ্ট কৰিবলৈ তেওঁৰ ভাগিনীয়েক চেংমুনক বড় গোঁহাই পতা হ’ল। ৰজাদেৱ নৰীয়া পড়ি ১৫৯৬ শঁকত স্বৰ্গী হ’ল।
এওঁৰ সন্তান নাথাকিল আৰু ই ফৈদৰ আন কোঁৱৰো নোহোৱাত চামগুড়ীয়া ফৈদৰ চুহুঙ্গক সেই বড় বড়ুৱাই ৰজা পাতিলে কিন্তু ১ মাহ ১৫ দিনতে চুহুং ৰজাক অযোগ্য যেন দেখি সেই বড় বড়ুৱাই বিষ খুৱাই মৰালে। বড় বড়ুৱাৰ এনে মন আছিল যে আকৌ এজনা তেওঁ ৰজা পাতি আপুনি দেশ শাসন কৰে। এই নিমিত্তে তুঙ্গখুঙ্গিয়া ফৈদৰ গোবৰ কোঁৱৰক ৰজা পাতিলে। সংসাৰত প্ৰতাপ বা কষ্ট চিৰন্তনীয়া নহয়। বড় বড়ুৱাই নিজৰ প্ৰতাপ বঢ়া হোৱাত আন আন ডাঙ্গৰীয়াসকলক অপমান কৰি থইছিল। ইয়াক বাঁহগৰীয়া বুঢ়া গোঁহাই আৰু শোলা বড় ফুকনে পেটে বড়কৈ লই গোবৰ ৰজা ও ভেবেৰা বড় বড়ুৱা দুইকো একেদিনাই প্ৰকাৰান্তৰে মৰালে। গোবৰ ৰজাৰ ভোগৰ কাল ২০ দিন মাথোন। ভেবেৰা বড় বড়ুৱাক মৰোৱাৰ পৰা দেশৰ মহা উপকাৰ হ’ল। তেওঁৰ হাতত তেওঁৰ উপকাৰী দুজনা ৰজাৰ তেজ ৰইছে। তেওঁ মহালোভী ও হিংসুক আছিল। সেই শঁকতে সেই শোলা বড় ফুকন আৰু বাঁহগৰীয়া বুঢ়া গোঁহাই দুয়ো আকৌ দিহিঙ্গীয়া ফৈদৰ চুজিন্ফাক আনি ৰজা পাতিলে। চিতামণিগড় নামে যে উজনিৰ প্ৰসিদ্ধ গড় তাক ইজনা বুঢ়া গোঁহাইয়ে ৰজাদেৱৰ আজ্ঞানুসাৰে বন্ধালে। যদিচ এইজনা বুঢ়া গোঁহাইয়ে চুজিন্ফাক ৰজা পাতিছিল তথাপি ৰজাৰ এইটি আশঙ্কা আছিল যে তেওঁ যেতিয়া পাতিব পাৰিলে ঘূৰি আকৌ ভাঙ্গিবও পাৰিব। ই কথা বুঢ়া গোঁহাইয়ে গম পাই ৰজা আৰু মন্ত্ৰী দুয়োৰো মনত দুইলৈকো শঙ্কা হ’ল। কিন্তু ৰজা নিতান্ত দুৰ্ব্বল আৰু মন্ত্ৰী সবল। ৰজাৰ হিত চিন্তা কৰা কোনো মানুহ নথকাত “বুঢ়া গোঁহাইয়ে মাৰিব খোজা বুলি জানি আপুনি শিলত মূৰ আফালি ৰজাদেৱে প্ৰাণ এড়িলে। এওঁৰ দুই বছৰ ন মাহ পঁচিশ দিন মাত্ৰ ভোগ। ১৫৯৯ শঁকত চুজিন্ফাৰ মৰণ হোৱাত তেওঁৰ পুতেক ৰজা হ’ব নোৱাৰিলে। পৰ্ব্বতীয়া চুড়ৈফা কোঁৱৰক সি শঁকতে মন্ত্ৰীসকলে সিংহাসন দিলে। এওঁ পৰ্ব্বতৰ নগৰতে শিঙ্গৰী ঘৰত উঠিল হয় কিন্তু হিন্দু মতে একো নাম নললে। এওঁ ডঁৰিকাত বোকা নগৰ নামে এখন নগৰ কৰালে।
গুৱাহাটীত শোলা বড় ফুকন আছিল। যদি লাচিত বড় ফুকনৰ দিনৰে পৰা মানাহ নদী অসম আৰু বঙ্গালৰ সীমা হই থাকিছে, তথাপি ৰঙ্গামাটিত দিল্লীৰ বাদশাহৰ সৈন্যে সদাই কামৰূপৰ আক্ৰমণ কৰি থকাত বড় ফুকনে নিজৰ দুৰ্ব্বলতা ভাবি আৰু প্ৰজাবিলাকৰ হাহাকাৰ আৰু অকাল মৰণ গুছাবলৈ সেই ৰঙ্গামাটিৰ আজমতৰা নবাবেৰে মিলিবৰ ইচ্ছা কৰিলে। নবাবে পূৰ্ব্বৰ কলিয়াবৰ পৰ্য্যন্ত দেশ নাপালে তুষ্ট নহওঁ বুলি কোৱাত কলিয়াবৰলৈকে দেশ এড়ি দি সন্ধি পত্ৰ কৰি ১৬০১ শঁকত উজাই গ’ল। যুদ্ধ কৰি বড় ফুকনে যি দেশ ল’লে সি দেশ বিনা যুদ্ধে শোলা বড় ফুকনে এড়ি অহাত বিশেষকৈ ক্ষমতা নোহোৱাকৈ সন্ধি পত্ৰ কৰাত ৰজা প্ৰজা সকলোৱেই বড় ফুকনৰ ওপৰত অতি বেজাৰ হ’ল। বড় ফুকনে ই কথা ভু পাই বঙ্গালৰ বড় বিক্ৰম এইটো বুঝাই কই ৰজাদেৱক পৰ্ব্বতলৈ লই গ’ল। আৰু তাতে তেওঁক বিষ ক্ৰিয়াৰে প্ৰাণে মাৰিলে। এওঁৰ ভোগ ২ বৎসৰ মাথোন। ৰজাৰ মৰণৰ সম্বাদ শুনা মাত্ৰকতে নগৰত চামগুড়ীয়া ফৈদৰ চুনিক্ফাক আনি মন্ত্ৰীসকলে ৰজা পাতিলে। এওঁৰ শৰীৰ তেনে হৃষ্ট পুষ্ট নথকাত এওঁৰ আৰু এটি নাম ল’ৰা ৰজা। শোলা বড় ফুকনে এই বাৰ্ত্তা বুজ পাই নগৰলৈ অহা মাধ ভোতাই নামে এজন লোকে বুঢ়া গোঁহাই ডাঙ্গৰীয়াৰ আজ্ঞা অনুসাৰে তেওঁক কাটিলে। তেওঁৰ ভায়েক ভাবধৰাক বড় ফুকন বিষয় দি গুৱাহাটীলৈ পঠালে। কামৰূপত যি অলপ বঙ্গাল আছিল তাক খেদাবলৈ যত্ন কৰোঁতেই প্ৰায় কাৰ্য্যতে তেওঁৰ দুৰ্ব্বলতা প্ৰকাশ পালত গুৱাহাটীৰ পৰা ৰজালৈ সম্বাদ যাওঁতে ভাবধৰা ফুকনে ভবিষ্যৎ ভাবি পলাই গ’ল। পাছে লান মাৰ্খুৰ বন্দৰক বড় ফুকন পতাত তেওঁ গুৱাহাটীলৈ গ’ল। আৰু বড় প্ৰতাপেৰে পূৰ্ব্বৰ মানাহা নদীক সীমা স্থিৰ ৰাখিলে। ১৯৫২ শঁকৰে পৰা কেইবা ফৈদৰো কেইবাজনো ৰজা হ’ল। আৰু মন্ত্ৰীসকলৰ যিজনাই যি ফৈদৰ যাক ভাল পাইছিল, তাকে ৰজা পাতিছিল। এই কালৰ ভিতৰতে ছজনা ৰজা হয়। তাৰে ৪ জনাক বিষ খুৱাই মন্ত্ৰীসকলে মাৰে। এজনাই আত্মঘাতী হই প্ৰাণ ত্যাগ কৰে। কেৱল এজনাহে স্বাভাবিকৰূপে মৃত্যু হয়। ৰজাৰ ফৈদবিলাকৰ কোঁৱৰৰ সংখ্যা ক্ৰমে অধিক হ’ল। আৰু এজন ৰজা হই থাকোঁতে এক ফৈদৰ এজনা কোঁৱৰে তলে তলে মন্ত্ৰীসকলে সইতে মন্ত্ৰণা কৰি দ্ৰোহ পাতি ৰজাসকলক প্ৰাণে মৰোৱাত ৰাজ্যত হুলস্থুল হৈছিল। এই কাৰণে ল’ৰা ৰজাই কোঁৱৰ পালেই তেওঁৰ অঙ্গক্ষত, ও তাৰে মুখ্য হলে মাৰি পেলাবলৈ আজ্ঞা দিলে। সাধাৰণ অনেক কোঁৱৰৰ এইৰূপে অঙ্গক্ষত কৰা হ’ল। আৰু কাকো মৰাও হ’ল। তুঙ্গখুঙ্গীয়া ফৈদৰ গোবৰ ৰজাৰ কোঁৱৰ লাঙ্গি গদাপাণি বড় বাহুবলী বুলি বিখ্যাত আছিল। যাৰ ওপৰত কোঁৱৰ ধৰাৰ ভাৰ আছিল, সিসকলে গদাপাণি কোঁৱৰকহে বড় আক্ষেপকৈ বিচাৰ কৰিলে। গদাপাণি কোঁৱৰে এজনী মুসলমান পোহাৰীৰ ঘৰত কিছুমান দিন পলাই থাকে। তাতে ধৰা পৰিবৰ শঙ্কা কৰি তেওঁ ভটীয়াই গ’ল। যাওঁতে বাটত সলাল গোঁহাইয়ে পৰিচয় পাই ৰাজযোগ্য হেন দেখি ভটীয়াই কামৰূপলৈ যাবলৈ অনুমতি দিলে। আৰু ছল পালে তেওঁৰ ভিনিহীয়েক বন্দৰ বড় ফুকনৰ সহায় লবলৈ কলে। গদাপাণিয়ে ই মন্ত্ৰণাক দৃঢ়ৰূপে মানি কামৰূপলৈ গ’ল। প্ৰথমে তাৰে এঘৰ ব্ৰাহ্মণৰ ঘৰত আৰু তাৰ পাছে চান্দকুছীয়া বড়ুৱাৰ ঘৰত থাকি তাতো নিৰ্ব্বিঘ্ন হেন নেভাবি ৰাণীলৈ গ’ল। এনে কথা কোৱা আছে যে ৰাণীৰ এজনী গাৰোৱানীৰ ঘৰত থাকিল গই। এই সকল ঠাইত গদাপাণিয়ে অতি সামান্য বেশে থাকি ক্ষেতি কৃষি কৰিছিল।
দুৰ্ব্বল ল’ৰা ৰজাৰ দৌৰাত্ম্যত দেশৰ প্ৰধান প্ৰধান লোকসকলৰ বড় বিপত্তি হ’ল। কোনো লোকে কোনো কোঁৱৰক সহায় দিছে, এইটোৰ অলপ উনুকিয়নী পোৱাতে অবিচাৰত ৰজাই অনেক লোকৰ ধন প্ৰাণ হৰণ কৰিছিল। দেশৰ প্ৰায় সকলোৱেই কেনেকৈ ৰজাৰ হাতৰ পৰা ৰক্ষা পায়, তাকেহে চিন্তিছিল। ল’ৰা ৰজাৰ দুৰ্ব্বলতাক গদাপাণিৰ সবলতাই দমাব পাৰিব যেন ভাবি সকলোৰে তেওঁৰ প্ৰতিহে চকু হ’ল। সলাল গোঁহাইৰ পৰা বন্দৰ ফুকনে গদাপাণিৰ বাৰ্ত্তা পাই তেওঁক বিচাৰিবলৈ আজ্ঞা দিলে। আৰু তেওঁৰ লুকাই থকা ঠাইত বিচাৰি পাই বড় ফুকনে আপোনাৰ ঘৰলৈ নিলে, এবং গৰগাঁওলৈ এই বাৰ্ত্তা পঠালে। ল’ৰা ৰজাই এই বাৰ্ত্তা পাই বন্দৰ বড় ফুকনক ভাঙ্গিবলৈ মন্ত্ৰণা কৰিলে। বড় ফুকনে ইয়াক বুঝ পোৱাৰ পূৰ্ব্বেই প্ৰকাশ্যৰূপে গদাপাণিক ৰজা পাতিবলৈ উজাই আহিল। বাটত আহোঁতে সকলোৱে গদাপাণিৰ ফলীয়া হ’ল। সৰিয়হতলীৰ ঘাটতে অনেক ফুকন ডাঙৰীয়া ও প্ৰধান লোক সকলে গদাপাণিক ৰজা বুলি সেৱা কৰিলে। বড় ফুকনৰ গুৰু দক্ষিণ পটীয়া গোঁসাইয়ে ল’ৰাৰ প্ৰতি দ্ৰোহ নাচৰিবলৈ অনেক কোৱাতো বড় ফুকনে তাক নামানিলে। এনে কথিত আছে বোলে গোঁসাইৰ কথা নুশুনাত গোঁসাইয়ে বড় ফুকনক হতশ্ৰী হবলৈ শাপ দিলে, আৰু গোঁসাইকো বড় ফুকনে সেইৰূপে শাপ দিলে।
ল’ৰা ৰজাদেৱে আপোনাৰ শেষ দশা জানি গদাপাণিৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ উদ্যোগ কৰিলে, কিন্তু সেই উদ্যোগ কৰি থাকোঁতেই বন্দৰ বড় ফুকনে নগৰ পালে গই আঁক কিছু মান সৈন্য ও প্ৰধান প্ৰধান লোকসকলে সইতে বড় চ’ৰাৰ মুখ পালে গই। আলন বুঢ়া বড় বড়ুৱাত বিনে সকলোৱে গদাপাণিক ৰজা মানি সেৱা কৰিলে। ইফালে বড় ফুকনৰ মানুহে ল’ৰা ৰজাক বন্দি কৰি স্থানান্তৰলৈ খেদালত, সেই বড় চ’ৰাতে সকলোৱে ১৬০৩ শঁকত গদাপাণিক ৰজা বুলি সেৱা কৰিলে শেষত ল’ৰা ৰজাক যোগান দি নামৰূপত থলে। পাছে এবাৰ গদাপাণি ৰজাৰ দ্ৰোহ আচৰিবলৈ ধৰাত ল’ৰা ৰজাক প্ৰকাৰান্তৰে মৰালে। এওঁৰ ভোগ দুবছৰ। এইজনা ৰজা অতি দুৰ্ব্বল অথচ লোভী মানুহ আছিল, এই হেতুকে তেওঁ সৰহ দিন ৰাজত্ব কৰিবলৈ নাপালে।
১৬০৩ শঁকত গদাপাণি সিংহাসনত উঠে। তেওঁক ৰজা হবলৈ যিসকলে সহায় কৰিছিল, সিসকলৰ প্ৰতি তেওঁৰ নিচেই বিশ্বাস নাছিল কেবল সিংহাসনত দৃঢ়তৰ হবলৈহে সিসকলে সইতে ব্যৱহাৰ কৰিছিল। শিঙ্গৰী ঘৰত নুঠিলে ৰজা স্থিৰতৰ নহয় এই দেখি বৰকলাত নগৰ কৰি গদাপাণি শিঙ্গৰী ঘৰত উঠি আহোম মতে চুপাতফা আৰু হিন্দুমতে গদাধৰ সিংহ নাম ললে।
এইৰূপে ৰাজ্যাভিষিক্ত হই আগৰ তিনিজনা ডাঙ্গৰীয়া ও বড় বড়ুৱাক অবসৰ কৰি আপোনাৰ ইচ্ছামতে নকৈ সি সি ফৈদৰপৰা ভাল ভাল মানুহ বাছি লই সেই সেই পদত নিয়োজন কৰিলে। এজনা ৰজা পাটত বহি থাকোঁতেই আন এজনক পাতি দ্ৰোহ চিন্তা আৰু উদয়াদিত্য ৰজাৰ দিনৰে পৰা যিসকল লোকে দেশত হুলস্থূল লগাইছিল, তাৰে জীয়াই থকা কিছুমান লোকক ৰাজদ্ৰোহী বুলি আপোন আপোন পদৰ পৰা অবসৰ কৰি শালত দি ভুৰ বান্ধি উটাই দিলে। এই ঠাইক শালমৰা মুখ বোলে। বন্দৰ বড় ফুকনৰ বিশেষ সাহায্যতে গদাধৰে ৰজা হোৱা বাবে তেওঁক প্ৰাণে নেমাৰি, তেওঁৰ দ্ৰব্য বস্তু লুটি ৰজাৰ ঘৰলৈ আনিলে এবং কৰ্ম্মৰ পৰা অবসৰ কৰিলে। কথিত আছে বোলে বন্দৰ বৰফুকনৰ বংশত দক্ষিণপটীয়া গোঁসাইৰ শাপৰ দ্বাৰাই আৰু কোন বড় ফুকন নহ’ল। আৰু সিজনা দক্ষিণপটীয়া গোঁসাইৰো বংশত কোনোৱে বড় ফুকনৰ শাপত অধিকাৰী-পদ নাপালে। সন্দিকৈ ফুকনক গুৱাহাটীলৈ বড় ফুকন পাতি পঠালে। নকৈ মন্ত্ৰী আৰু বিষয়া লোৱাৰ পাছত ৰজাই দেশৰ উপকাৰৰ নিমিত্তে মদ দিবলৈ ধৰিলে। ধোদৰ আলি প্ৰভৃতি কেইবাটাও আলি আৰু পুখুৰী খনালে। দুঠাইত দুখন শিল সাঁকো কৰালে। শঙ্কৰ আৰু মাধৱদেৱৰ দিনৰে পৰা তেওঁবিলাকে ও তেওঁবিলাকৰ শিষ্যসকলে পতা অনেক মহন্ত হই দেশৰ চাৰিওফালে হিন্দু ধৰ্ম্ম প্ৰবৰ্ত্তাবলৈ ধৰিলে। অনেকে কোনো মহন্তৰ পৰা কোনো নিৰ্ম্মালি আদি লই মহন্ত নোহোৱাকৈ মহন্ত নাম লই সত্ৰ পাতিবলৈ ধৰিলে। যিসকল আগৰ মহন্ত সিসকলৰ অনেকে ৰজাত পদৰ গৌৰব আৰু ধৰ্ম্মৰ প্ৰতি দৃষ্টি কৰিবলৈ কলে। গদাধৰ সিংহ স্বৰ্গদেৱক বড় ফুকনে যেতিয়া উজাই লই আহে, তেতিয়া তেওঁ মহন্তৰ পৰাক্ৰম দেখিছিল। বিশেষ দেশত আলি-পুখুৰী ইত্যাদি কৰাবলৈ ধৰাত পাইকৰো সংখ্যা বড় কম পালে। অনেকেই মহাজন বা ভকত বুলি কাৰ্য্য নকৰিলে এইবিলাক কাৰণত থাকি অনেক মহন্তক স্বৰ্গদেৱে চেউনীবচা আদি ঠায়ে ঠায়ে দূৰৈকৈ পাতিলে আৰু অনেক মহাজনে কোৰ লই আলিৰ বন কৰিব লগা হইছিল।
সন্দিকৈ বড়ফুকন গুৱাহাটীতে থকাত ৰঙ্গামাটিৰ মুসলমান সেনাপতি মঞ্চুল খাঁ নবাবে অনেক সৈন্য লই অসম দেশ আক্ৰমিবলৈ ১৬০৫ শঁকত উজাই আহিল। শুক্ৰেশ্বৰৰ ইটাখুলী পৰ্য্যন্তে মুসলমানৰ সৈন্য যায়। সন্দিকৈ বড় ফুকনে মুসলমানৰ সৈন্য অহা জানিও কাণসাৰ মাৰি থাকি আপোনাৰ সৈন্য যুগুত কৰিছিল। পাছে সেই ইটাখুলীত এক বড় যুদ্ধ হয়, তাতে বড়ফুকনে নবাবক পৰাস্ত কৰি ৰঙ্গামাটি পৰ্য্যন্তে বঙ্গাল খেদি থলে। এই অবধি আহোমৰে বঙ্গালৰে ৰণ নহ’ল। এই ৰণৰ পৰা বড়ফুকন উলটি আহি মানাহাকে অসম ও বঙ্গাল দেশৰ ধৰ কৰি ৰাখিলেহি।
ই ৰণৰ পাছতে গদাধৰ সিংহে সমুদায় দেশত পিয়ল কৰিবলৈ আজ্ঞা দিলে। তেওঁ যেতিয়া কামৰূপৰ বামুণৰ ঘৰত বনুৱা হই আছিল তেতিয়া মুসলমানহঁতৰ দিনৰ পৰা চলি থকা পিয়লৰ পৰা প্ৰজাৰ কিমান সুখ তাক জানি সেই নিয়ম চলালে। আৰু এই কাৰ্য্য কৰিবলৈ কোঁচবেহাৰ ও বঙ্গালদেশৰ পৰা কেইবাজনো কাকতী অনায়। কিন্তু পিয়লৰ কৰ্ম্ম এইজনাৰ দিনত আৰম্ভন মাত্ৰ হ’ল শেষ হবলৈ নাপালে। এনে প্ৰবাদ আছে বোলে যিজনী গাৰোৱানীৰ ঘৰত স্বৰ্গদেৱ পূৰ্ব্বে পলাই আছিল, সিজনীক সেই দেশৰ ৰাণী পাতিলে। আৰু সেই গাৰোৱানীৰ স্বামী নাছিল, সেই নিমিত্তে ৰাজ্যভাৰ দিয়াৰ বাবে সি দেশৰো নাম ৰাণী হ’ল। এই ৰাণীক বিশেষ ৰাজ মৰ্য্যদা দিয়া হইছিল। আন আন যি লোকে ৰজাক সেই অজ্ঞাত বাসত সহায় কৰিছিল সিসকলকো তেওঁ বিশেষকৈ লোক বিবেচনা কৰি বঁটা দিছিল পাছে সম্পূৰ্ণ ১৪ বছৰ ১০ মাহ ১৩ দিন ৰাজ্য ভোগ কৰি স্বৰ্গদেৱ ১৬১৭ শঁকত ১৩ ই ফাগুন কৃষ্ণা চতুৰ্থীত স্বৰ্গী হ’ল। গদাধৰ সিংহ স্বৰ্গদেৱ বড় বাহুবলী ও শকত মানুহ আছিল। তেওঁৰ ভোজন শক্তি এনেহে আছিল যে প্ৰতিদিনে এটি এটি দমৰা পোৱালি খাইছিল। কিন্তু আস্বাদনত বড় পটু নাছিল। ৰজা হোৱাৰ পূৰ্ব্বে যেনে বস্তু খাইছিল ৰজা হইও তাৰ প্ৰতিহে মন আছিল। তেওঁৰ বড় সঙ্কীৰ্ণ স্বভাব আছিল যে কাতো তেওঁ পেটৰ কথা নকয়, তেওঁৰ ইচ্ছা যে তেওঁৰ পৰিচাৰকসকলে এনেই তেওঁৰ মন বুঝি কাৰ্য্য কৰোক্ যেতিয়া তেওঁ ৰাজপদ পালে তেতিয়া আন ৰজাসকলৰ দৰে চাঙ্গমাইবিলাকে ভোজনৰ আয়োজন আৰু সামগ্ৰী দিয়াত খোৱাৰ আম্বাদ নাপাই তেওঁ অনেক চাঙ্গমাইক মাৰিলে শেষত এক বুদ্ধিমন্ত চাঙ্গমাইয়ে তেওঁৰ প্ৰিয় খাদ্য ৰঙ্গা আহু চাউলৰ ভাত আৰু দমৰা পোৱালি খাৰেৰে ৰান্ধি দিয়াত সেই দিনাৰ পৰাহে তেওঁৰ সন্তোষ হ’ল আৰু চাঙ্গমাই কাটিবলৈ এড়িলে।
স্বৰ্গদেৱৰ ইমানহে বল আছিল যে লড়ি অহা হাতীক দাঁতত ধৰি ৰাখিছিল। বলী মানুহবিলাকক প্ৰায় নিৰ্দ্দয়, ক্ৰুৰ আৰু নিমৰমীয়াল দেখি। এইজনা স্বৰ্গদেৱৰ যে সেই স্বভাব আছিল তাৰ প্ৰমাণ চাঙ্গমাইবিলাকক অকাৰণত কটা আৰু শালত দিওঁতাৰ ফলীয়া অনেকক ভুৰ বান্ধি উটাই দিয়াৰ দ্বাৰা জানিব পাৰি। বাহুল্যৰূপে ৰাজনীতি চালে এই দুটিৰ শেষৰ কাৰ্য্যৰ কিছুমান ৰক্ষা কৰিব পাৰি, কিন্তু প্ৰথমৰ কাৰ্য্যটিত কোনো মতে তেওঁক ক্ষেমিব নোৱাৰি।[৮]
- ↑ এনে কথা প্ৰচাৰ আছে বোলে কেনেকৈ মোহৰ মৰা হ’ব, ই বিষয় জড়িতসকলক সোধাত সেইসকলে এই শ্লোক কলে। আৰু সৌমাৰ দেশ আঠচুকীয়া দেখি মোহৰো আঠচুকীয়া হ’ল। শ্লোক যথা। “অষ্টকোণঞ্চ সৌমাৰং যত্ৰ দিক্কৰবাসিনী। তস্মিন্ বিশন্তি যে লোকা জ্ঞানাদজ্ঞানতো পি বা। তে পি দেব্যাঃ প্ৰসাদেন সিদ্ধিং গচ্ছন্তি নান্যথা।” এইটো যোগিনী তন্ত্ৰৰ বচন।
- ↑ বড় মোকামক “পোৱা মক্কা” ও বোলে। মক্কাৰ চাৰি ভাগৰ এভাগ তীৰ্থ স্থান পোৱা মক্কা।
- ↑ এই দুটি গড় প্ৰসিদ্ধৰূপে এতিয়াও আছে।
- ↑ স্বৰ্গনাৰায়ণ ব্ৰাহ্মণসকলক বিশেষ মান্য কৰিছিল। আৰু সেইসকলৰ মুখ বলি হোৱাৰ নিকোনে কটকী বাবত নিযুক্ত কৰা হ’ল। ব্ৰাহ্মণ কটকীয়ে বিদেশলৈ যোৱা স্থিৰ হ’ল।
- ↑ এইজনা ৰজা সদাই নৰীয়া পড়ি থাকে দেখি এওঁ বড় দুৰ্ব্বল আছিল আৰু সেই হেতুকে এওঁক নৰীয়া ৰজাও বোলে।
- ↑ এই নিৰঞ্জন বাপুএই আউনি আটী সত্ৰ সংস্থাপক।
- ↑ এই সৈন্যৰ সেনাপতি ৰাজা ৰামসিংহ আছিল।
- ↑ এনে কথা প্ৰচাৰিত আছে বোলে গদাধৰ সিংহ স্বৰ্গদেৱৰ কোপ দৃষ্টি মহন্ত সকলৰ ওপৰত পড়াত অনেক ব্রাহ্মণ যিসকলে মহন্তৰ শাৰী লবলৈ উদ্যোগ কৰিছিল বা কৰিবলৈ উপক্ৰম কৰিবলৈ ধৰিছিল সেইসকলে দেশ এড়ি বিদেশলৈ গ’ল। ৰাজশাহী জিলাৰ বড়ল নদীৰ ওচৰত কেতবিলাকৰ ব্ৰাহ্মণ আছে। সেইসকলৰ অনেকেই এই সময়তে কামৰূপ এড়ি তাত বাস কৰি থকা লোকৰ সন্তান। এই ব্রাহ্মণ সকলক এতিয়াও “কামৰূপী বৈদিক” বোলে।