আলিবাবা আৰু দুকুৰি ডকাইত/পাতনি
চিনাকি
'আৰবীয় নিশা'ৰ সাধুবোৰ অতি পুৰণি। এই গল্পখিনি পূবৰ ঘাইকৈ মুছলমান জীৱনৰ সাধুকথাৰ কুঁকি। সম্ভৱতঃ প্ৰায় ১৪৫০ খৃষ্টাব্দত, আফ্ৰিকাৰ কেইৰো ছহৰত আৰবী ভাষাত যি গঢ়েৰে এই সাধুবোৰ লিখা হৈছিল, সেইদৰেই বৰ্তমান পোৱা হৈছে। মূল আৰবী নাম মতে এই গল্পপুঞ্জৰ নাম “এহেজাৰ এনিশা”। সাধুবোৰৰ পৰাই বুজিব পাৰি, সিহঁতৰ মূল কিছুমানৰ পাৰশ্যয়ী, আন কিছুমানৰ ভাৰতবৰ্ষীয়, অলপ মানৰ ইজিপ্তীয় আৰু সৰহখিনিৰ আৰবীয়।
সেই কালত আৰু আজিকালিও ঠায়ে ঠায়ে এই প্ৰাচ্য নগৰবোৰৰ ৰাজআলিৰ চুকত আৰু বজাৰত সাধুকওঁতাক শুনা মানুহবোৰে বেৰি ধৰে সাধুটো যিমান আচৰিত হ'ব, কওঁতাজনলৈ মানুহে সিমান খৰকৈ তাম বা পইছা দলিয়াব। সেইদেখি এই সাধুবোৰৰ অতি সম্ভৱবোৰতো নানা ভুল-ভ্ৰান্তি আছে, কিন্তু ৰীতি-নীতি বৰ্ণন বিষয়ত সাধুবোৰৰ খুত প্ৰায়ে নাই। “আল্লাউদ্দিন’ৰ সাধুত কুঁৱৰী গা ধুবলৈ যোৱাৰ কথা চীন দেশত হ’বই নোৱাৰে, কিয়নো মুছলমানৰ দৰে চীনা মানুহে আগেয়ে কি এতিয়াও গা নোধোৱে। আকৌ মূলত সম্ৰাটজনক “ছুলটান” বোলা হৈছে, কিন্তু চীন দেশত কেতিয়াও “ছুলটান” নাছিল। কিন্তু মুখে মুখে চলি অহা কথাত এনেবোৰ অসংলগ্নতা হবই। ইউৰোপৰ আখৰ ৰজা আদিৰ বুৰঞ্জীমূলক কাহিনীও গায়ক- কথকৰ মুখত ইংলণ্ড, ফ্ৰান্স আদি দেশত এইদৰেই অনেক কাল চলি আহিছিল, আৰু মধ্য যুগত ছাপাকল ওলালত বা তাৰ বহুত পাছতহে সেইবোৰ লিখি ৰখা হৈছে।
প্ৰায় ১৭০৪ আৰু ১৭১৭ খৃষ্টাব্দৰ ভিতৰতে এণ্টইন্ গেলাণ্ড নামে এজন গ্ৰন্থকাৰে মূল আৰবীৰ পৰা ফৰাছী ভাষাত এই সাধুবোৰ প্ৰকাশ কৰি ইউৰোপৰ পাঠক−সমাজৰ আগত প্ৰচাৰ কৰে। তেওঁৰ সেই ভাঙনি বৰ খুঁত থকা আৰু মূলৰ লগত অমিল, কিন্তু সাধাৰণ সকলোবোৰ ইংৰাজী অনুবাদত এওঁৰ সহায় লৈয়ে লিখা। ১৮৪০ খৃষ্টাব্দত ই, ডবলিউ, লেন ছাহাবে “আৰবীয় নিশা"ৰ সাধুবোৰৰ সেই কালৰ ৰীতি-নীতিৰ টীকা-টিপ্পনীৰে সৈতে এটি বিশেষ পাণ্ডিত্যপূৰ্ণ অনুবাদ উলিয়ায়। ১৮৮৫-১৮৮৭ খৃষ্টাব্দৰ ভিতৰত ছাৰ ৰিচাৰ্ড কৰ্টনে এখনি শাব্দিক অনুবাদ আৰু ১৮৮৮ খৃষ্টাব্দত তেওঁৰ ঘৈণীয়েকে ঘৰুৱা পাঠৰ উপযোগী কৰি তাৰে আন এটি সংস্কৰণ উলিয়ায়। কিন্তু ডক্তৰ জনাথন স্কট্ (১৭৫৪-১৮২৯) ছাহাবৰ ১৮১১ খৃষ্টাব্দত প্ৰকাশিত সেই ফৰাছীৰ পৰা কৰা অনুবাদে এই সাধুৰ ইংৰাজী গঢ় স্থিৰ কৰি দিয়ে।
এই সাধুবোৰ মুঠতে দুই শ্ৰেণীত ভগাব পাৰি। কিছুমান অলপ-অচৰপ বুৰঞ্জীমূলক আৰু বাকীবোৰ আচৰিত আৰু অসম্ভৱ কাহিনীপূৰ্ণ বা দৈত্য-দানৱ নাইবা যাদু−বিদ্যাৰ কৌশলে সাধুবোৰৰ নায়কজনক সহায় কৰে। “আল্লাউদ্দিন আৰু এটি আচৰিত বাতি” এই পাছৰ শ্ৰেণীৰ সাধু।
“এহেজাৰ এনিশা”ৰ সকলো সাধুৰ ভিতৰত ল'ৰা-ছোৱালীৰ অতিকৈ সৰবৰহী সাধু “আল্লাউদ্দিন আৰু এটি আচৰিত বাতি”,“নাবিক সিন্দবাদ” আৰু “আলিবাবা। ” আলিবাবাৰ মূল আৰবী সাধুটো হেৰাল। চীনাসকলৰ হেনো সাইলাখ এনেকুৱা এটা সাধু আছে আৰু গ্ৰীকসকলৰো বোলে “দুই ভাই আৰু ঊনপঞ্চাশটি উৰণীয়া সাপ” নামে এটা সাধু আজিও প্ৰচলিত, আৰু ছিনাই পৰ্বতৰ আৰৱসকলেও এনে এটা সাধু কয়। মুঠতে ইয়াৰ মূল যিয়েই হওক, সাধুটো যে প্ৰাচ্য তাত সন্দেহ নাই।
এই “আলিবাবা” সাধুৰ ইংৰাজী গঢ় অনুসৰণ কৰি আৰু অলপীয়া লিখা- পঢ়া জনা অসমীয়া ল'ৰা-তিৰোতায়ো যাতে এই জগত-বিখ্যাত সাধুবোৰ সহজে পাব আৰু পঢ়িব পাৰে, ইয়াকে ভাবি শ্ৰীমতী লেখিকাই এই কাম হাতত লয়। মাত- কথাৰ দৰে, কাম-কাজ, ভাব-চিন্তা সকলোতে তিৰুতাৰ কোমল আঁহ ওলাই পৰে, এইদেখি ল’ৰা-তিৰোতাৰ উপযোগী পুথি ৰচনা কৰিবলৈ তিৰুতাৰ হাত, মন, কল্পনা অধিক কাজুৱা বুলি মোৰ বিশ্বাস। এতিয়া এই কাম সকলোৱে আদৰ আৰু উৎসাহৰ যোগ্য বুলি বিবেচনা কৰিব পাৰিলে, ইয়াৰ লগৰীয়া বাচকবনীয়া আন সাধুবোৰ লিখা কামো লেখিকাই হাতত ল'বলৈ আশা কৰিব পাৰে।
উত্তৰ লখিমপুৰ
ব’হাগ, ১৮৫৩ শক
শ্ৰীডিম্বেশ্বৰ নেওগ