সমললৈ যাওক

আলিবাবা আৰু দুকুৰি ডকাইত/কাছিমৰ মৰাশ আৰু আলিবাবা

ৱিকিউৎসৰ পৰা

কাছিমৰ মৰাশ আৰু আলিবাবা

 ৰাতি হ’লতেও কাছিম ঘৰলৈ উভতি অহা নাই। ঘৈণীয়েক অতি অস্থিৰ হ’ল আৰু বৰ ভয় খাই তেওঁ দেওৰেকৰ ঘৰলৈ গৈ ক'লে— “আলি, তুমি জানিব পোৱা, ককায়েৰা আজি ৰাতিপুৱাই হাবিলৈ গ'ল। কিয় গৈছে তাকো তুমি জানাই ছাগৈ। কিন্তু এতিয়াও উলটি অহা নেদেখি মোৰ বৰ ভয় লাগিছে। কি অপায়- অমঙ্গল মিলিছে একো ক'ব পৰা নাই। ”

 ককায়েক কিমান আপোনপেটীয়া আলিবাবাই তাক বঢ়িয়াকৈ জানিছিল। তেওঁ ভাবিলে কাছিমে সেই গুহাৰ পৰা ধন-সোণবোৰ চুঁচি-পাচি আনিবলৈ গৈছে।

আৰু ইচ্ছা কৰিয়েই সোনকালে অহা নাই। শুহাটোত থকা ধন-সোণ আটাইখিনি ককায়েকে আনিলেও আলিবাবাই তাত অকণো বেয়া নাপায়। কিয়নো আলিবাবাই যিখিনি আনিছিল সেয়ে বহুত; তাতকৈ সৰহ পাবলৈ তেওঁ বাঞ্চা নকৰিছিল।

 আলিবাবাই ক'লে— “বৌদেউ, ককাইদেৱে ৰাতি নোহাৱালৈকে নগৰ সোমোৱা অনুচিত হ'ব বুলি ভাবিহে এতেপৰলৈকে অহা নাই বুলি মই বুজিছো। তুমি চিন্তা নকৰিবা, তেওঁ সময়মতে উলটি আহিব। ”

 ধন-সোণৰ কথাটো গোপনে ৰখা কিমান আৱশ্যক, কাছিমৰ ঘৈণীয়েকে বঢ়িয়াকৈ জানিছিল। এতিয়া তেওঁ আলিবাবাৰ কথাত আশ্বাস পাই ঘৰলৈ উলটিল আৰু মাজ নিশালৈকে ধৈৰ্য ধৰি বাট চালে। পিছে কাছিম তেতিয়াও উলটি নাহিল। তেতিয়া তেওঁৰ মনৰ চিন্তা আৰু বাঢ়িল। ধন-সোণৰ কথাটো গোপনীয় বাবে, দুখ পাতলাবলৈকো তেওঁ কোনো কথা ওচৰ-চুবুৰীয়াৰ আগত ক'ব নোৱৰা হ'ল। তেতিয়া, আলিবাবা আৰু তেওঁৰ ঘৈণীয়েকেনো তুলাচনিখন কি জুখিবলৈ নিছে, সেই কথা জানিব খুজিবলৈনো তেওঁক কিহে পাইছিল, তাকে ভাবি তেওঁ ৰাতিৰে ৰাতিটো অকলে ডেও পাৰি থাকিবলৈ ধৰিলে। তেওঁ গোটেই ৰাতি এইদৰে ভাবি- চিন্তি কান্দি-কাটি ছাটি-ফুটি কৰি থাকিল। ৰাতি পুৱাবলৈ নৌপাওঁতেই উঠি তেওঁ আকৌ দেওৰেকৰ ঘৰলৈ গ'ল। সৰলচিতীয়া আলিবাবা আৰু তেওঁৰ ঘৈণীয়েকে কাছিমৰ ঘৈণীয়েকৰ মুখ দেখিয়েই জানিলে যে তেওঁৰ গিৰিয়েক তেতিয়াও উলটি অহা নাছিল।

 আলিবাবাই তেওঁক সুধিবলৈ আৰু বাট নাচালে। তেওঁ গাধ তিনিটা ল'লে আৰু হাবিলৈ ওলাল। যোৱাৰ আগতে কাছিম ভালে-কুশলে আছে বুলি বৌৱেকক বুজনি দিলে। কিন্তু বাটত ককায়েকৰ খচ্চৰকেইটাৰ কোনো চিন নাপাই আলিবাবাই ভাবিলে গতি বিষম। ককায়েকৰ কিবাহে হ’ল। তেওঁ গৈ গৈ শিলটোৰ ওচৰ পালে। গৈয়ে দুৱাৰমুখত তেওঁ তেজৰ চিন দেখিবলৈ পালে। এইবাৰ তেওঁ দৃঢ়কৈ ভাবিলে, কায়েক নিশ্চয় ডকাইতৰ হাতত মৰিল। তেওঁ গুহাৰ দুৱাৰৰ মুখত ঠিয় হৈ সেই মন্ত্ৰকেইটা উচ্চাৰণ কৰিলে, আৰু দুৱাৰখন মেল খালে।

 ককায়েকৰ মৰাশটো দেখি আলিবাবাৰ যে গাৰ নোম শিয়ঁৰি উঠিছিল তাক সহজে অনুমান কৰিব পাৰি। কিন্তু উপস্থিত কৰ্তব্য থিৰ কৰাত তেওঁৰ পলম নহ’ল, শটো মেৰিয়াবৰ কাৰণে কিবা বিচাৰি তেওঁ গুহাটোৰ ভিতৰলৈ গ'ল। তাৰ পিছত তেওঁ এটা গাধৰ ওপৰত সেইবোৰ বোজাই কৰি দিলে আৰু তাৰ ওপৰত কাঠ জাপি নিলে। আন এটা গাধত ধন-সোণৰ থৈলাবোৰ বোজাই কৰিলে আৰু সেইবোৰ থৈলাও কাঠেৰে ঢাকি দিলে। তাৰ পাছত দুৱাৰখন জাপ খোৱা মন্ত্ৰকেইটা মাতি তেওঁ ঘৰমুৱা হল। কিন্তু হাবিখন পাৰ হয় মানে যাতে তেওঁ দিনতে নগৰ নাপায়, তাৰ বাবে বিশেষ সাৱধান হৈছিল।

 ঘৰ পাই আলিবাবাই ধন-সোণৰ থৈলা বোজা দিয়া গাধকেইটা তেওঁৰ ঘৰৰ চোতাললৈ খেদাই দিলে আৰু ঘৈণীয়েকে সেইবোৰ থান-থিত্‌‌‌‌ লগাব পাৰিব দেখি ইটো গাধ তেওঁৰ বৌৱেকৰ ঘৰলৈ খেদি লৈ গ'ল। তেওঁ দুৱাৰখন খুন্দিয়ালে। কাছিমৰ ঘৰত মৰ্জিনা বোলা বৰ জ্ঞানী আৰু বুদ্ধিমতী এজনী বেটী আছিল। তায়েই দুৱাৰখন মেলি দিলে। আলিবাবাই গাধটোৰ পিঠিৰ পৰা বোজাটো নমাই চোতাললৈ নিলে, আৰু তাইক ফুচ্‌ফুচাই কথা এটা ক'লে।

 "মই তোক এটা কথা কম এই কথাটো মোৰ আৰু তোৰ ঘৰৰ গিৰিহঁতনী উভয়ৰ মংগলৰ কাৰণে তই বৰ গোপনে ৰাখিব লাগিব। তোৰ ঘৰৰ গৰাকী ঢুকাল। তেওঁৰ মৰাশৰ এই দুটা টোপোলা মই আনিছো। কিন্তু এতিয়া কামটো এনেদৰে দিহা লগাই কৰিব লাগিব, যাতে তেওঁ এটা সাধাৰণ বেমাৰত ঢুকাল বুলিহে যেন সকলোৱে জানে। মই তোক যি পাৰো সহায় কৰিম। এতিয়া যা, ঘৰৰ গিৰিহঁতনীক কগৈ, মই তেওঁৰে সৈতে কথা হওঁ। কথাটো ভালকৈ মনত ৰাখিবি আৰু যি কথাটো গোপনে কৈছো নাপাহৰিবি। ”

 মৰ্জিনা তাইৰ গিৰিহঁতনীৰ ওচৰলৈ গ'ল। আলিবাবাও তাইৰ পিছে পিছে গ’ল। তেওঁ ওলাই আহি অস্থিৰ হৈ ক'লে, “আলি, মোৰ গিৰিহঁতৰ বাতৰি কি? তোমাৰ মুখখন শুকান দেখিছোঁ কিয়?” আলিবাবাই ক'লে, “বৌদেউ, তুমি অস্থিৰ নহ’বা। তুমি মনৰ শোক পাতলালেহে মই কথা কম। মই কথা কৈ যাওঁতে তুমি মাজত কান্দি-কাটি বাধা দিব নোৱাৰিবা। এটা কথা অতি গোপনীয়। ” তেওঁ কলে, “দেহি ঐ মোৰ স্বামী তেন্তে আৰু ইহ সংসাৰত নাই। ” এইবুলি ভালেমান পৰৰ পিছত শোক সামৰি তেওঁ আকৌ ক'লে, “বুজিছো, আলি, এই কথা গোপনে ৰাখিব লাগিব। বাৰু, এতিয়া মোৰ কথাটো কোৱা; মই ধৈৰ্য ধৰি শুনিম, কোনো ভয় নকৰিবা। ”

 তাৰ পাছত তেওঁ কাছিমৰ মৰা শটো গুহাৰ ভিতৰত কি অৱস্থাত পালেগৈ, আৰু সেইবোৰ মেৰিয়াই কেনেকৈ ঘৰলৈ আনিলে, সকলো কথা আলিবাবাই বৌৱেকক বিৱৰি জনালে। শেষত ক'লে, “এতিয়া চোতালত গাধৰ পিঠিত থকা টোপোলাকেইটা ভালকৈ দিহা লগাই থ'ব লাগিল, আৰু যাতে সকলোৱে তেওঁক স্বাভাৱিকভাৱে বেমাৰ হৈ মৰা বুলি ভাবে তাৰো উপায় কৰিব লগা হ'ল। মোৰ মনেৰে মৰ্জিনাই সেই সকলোবোৰ থানথিত লগাব পাৰিব। ” ইয়াকে কৈ আলিবাবাই নিজ ঘৰলৈ উলটিল।