সমললৈ যাওক

আলিবাবা আৰু দুকুৰি ডকাইত/আলিবাবাৰ ঘৈণীয়েক আৰু ধন-সোণবোৰ

ৱিকিউৎসৰ পৰা

আলিবাবাৰ ঘৈণীয়েক আৰু ধন-সোণবোৰ

 ঘৰ পাই আলিবাবাই গাধকেইটা ভিতৰৰ চোতাললৈ খেদাই দি দুৱাৰখন বৰ সাৱধানে জপালে। তাৰ পাছত ঢাকি থোৱা কাঠবোৰ পেলাই দি ধন-সোণৰ মোনাবোৰ ভিতৰলৈ কঢ়িয়ালে আৰু ঘৈণীয়েকৰ সন্মুখত দম কৰিলে।

 ঘৈণীয়েক এখন খাটৰ ওপৰত বহি আছিল। সেই মোনাবোৰতনো কি আছিল জানিবলৈ তেওঁৰ বৰ হেঁপাহ হ’ল। পাছত ধন-সোণবোৰ দেখি তেওঁ বিচূৰ্তি হ’ল আৰু তেওঁৰ মুখৰ পৰা এটা কথাও সৰি নপৰিল। তেওঁ জীৱনত কেতিয়াও

ইমানখিনি ধন-সোণ দেখা নাছিল আৰু ইয়াকে তেওঁ সঁচাকৈয়ে গোটেই পৃথিৱীৰ ধন-সোণ বুলি ভাবিছিল।

 যেতিয়া জিভা ডোৰোল খালে তেতিয়াহে তেওঁ গিৰিয়েকক সুধিলে— “এইবোৰ ক'ৰ পৰা আনিছা? কত পালা? এইবোৰৰ গিৰিহঁত কোন? আলিবাবাই কলে— “লৰালৰি কৰা, সময়মতে সকলো বুজিবা। ”

 তেতিয়া তেওঁ থৈলাবোৰৰ পৰা ধন-সোণবোৰ উলিয়াই মেজৰ ওপৰত দমাই থ’লে। ধন-সোণৰ এটা ডাঙৰ দম হ’ল। সেই ধন-সোণবোৰ দেখি তেওঁৰ ঘৈণীয়েকৰ চকুত জলক লাগিল, মন মৰি গ'ল আৰু বিষাদৰ চকুলো ওলাবলৈ ধৰিলে। তেওঁ ক'লে— “এইবোৰ আমাৰ নিজা হোৱা হলে কেনে সুন্দৰ হ'লহেঁতেন। তেতিয়া হাবিলৈ গৈ এইদৰে ওৰে দিনটো কাঠ কাটি মৰিব নালাগিলহেঁতেন। নগৰলৈ গৈ খৰি বেচিবলৈ ঘূৰি ফুৰিবৰ সকাম নহ'লহেঁতেন। আমি আটাইবোৰ বস্তুকে পালোহেঁতেন আৰু কেতিয়াও ইমান টান কাম কৰিব নালাগিলহেঁতেন।

 তাৰ পাছত দুয়ো বহিল আৰু এই ধন-সোণবোৰ কেনেকৈ পালে আলিবাবাই ঘৈণীয়েকক সকলো ভাঙি-পাতি ক’লে। “ইয়াৰে আমি এটা ডাঙৰ কাৰবাৰ কৰিম। কিন্তু সাৱধান, ইয়াৰ যেন কোনেও ফুটকে নাপায়। ”

 যেতিয়া সেই ধন-সোণবোৰ তেওঁলোকৰ নিজা বুলি শুনিলে, তিৰোতাগৰাকীৰ আনন্দৰ সীমা নাথাকিল। তেওঁ ততালিকে বহা ঠাইৰ পৰা উঠিল আৰু লিৰিকি- বিদাৰি লাহে লাহে লেখিবলৈ লাগিল।

 আলিবাবাই ক'লে— “ৰবা; কেলেই তুমি সেইবোৰ কৰিছা? লেখিব নালাগে, তুমি এইবোৰ লেখি শেষ কৰিব নোৱাৰা। মই বাৰীত এটা গাত খানো। তাতে এইবোৰ পুতি থওঁ। আমাৰ যেতিয়া যি সকাম হয়, তেতিয়া সেইদৰে তাৰ পৰা আনিম। তেও ধন-সোণ কিমান আছে আমি জনাটো ভাল হব। ” ঘৈণীয়েকে উত্তৰ দিলে, “হয়, ঠিক কৈছা; ময়ো ভাবিছো আমাৰ কিমান ধন-সোণ আছে আমি জনা উচিত। সেইদেখি সেইবিলাক জুখিবলৈ মই ওচৰ-চুবুৰীয়া মানুহৰ পৰা এখন তুলাচনি আনো। তুমি গাতটো খানিবা, মই সোণবোৰ জুখিম। ” আলিবাবাই ক'লে—“বাৰু, এতিয়া তাকে কৰোঁ। কিন্তু সাৱধান, তুমি এই কথাটো অতি গুপুতে ৰাখিবা, ধন- সোণবোৰৰ বিষয়ে কাৰো আগত এটা কথাও নুলিয়াবা। ”

 ওচৰতে আলিবাবাৰ ককায়েক কাছিমৰ ঘৰ। ঘৈণীয়েক কাছিমৰ ঘৰলৈ গ’ল। কাছিম তেতিয়া ঘৰত নাছিল। তেওঁ কাছিমৰ ঘৈণীয়েকক সুধিলে—“বাইদেউ, তোমালোকৰ তুলাচনিখন অলপমান সময়ৰ কাৰণে দিব পাৰিবানে?” কাছিমৰ ঘৈণীয়েকে ক'লে— “কিয় নোৱাৰিম? তোমাক সৰুখন লাগেনে, ডাঙৰখন লাগে?” আলিবাবাৰ ঘৈণীয়েকেক'লে—“সৰুখনেই হব। ” “বাৰু খন্তেক ৰোৱা; মই এতিয়াই আনি দিম। ” এইবুলি কাছিমৰ ঘৈণীয়েক ভিতৰলৈ গ'ল।

 আলিবাবা কিমান দুখীয়া কাছিমৰ ঘৈণীয়েকে বঢ়িয়াকৈ জানে। এতিয়া তেওঁ জানিব খুজিলে, কি উদ্দেশ্যেনো তেওঁলোকে তুলাচনিখন নিয়ে। সেই কথা জানিবৰ কাৰণে তেওঁ বৰ সাৱধানে তুলাচনিখনৰ তলীত অলপমান আঠা লগাই দিলে। তাৰ পিছত তেওঁ ওলাই আহি আলিবাবাৰ ঘৈণীয়েকৰ হাতত তুলাচনি দি ক'লে— “তুলাচনিখন দিয়াত পলম হোৱা বাবে বেয়া নাপাবা দেই। তুলাচনিখন মই থোৱা ঠাইত নাছিল দেখি বিচাৰোঁতে পলম হল। ”

 তুলাচনিখন লৈ আলিবাবাৰ ঘৈণীয়েক ঘৰলৈ গ'ল আৰু ধন-সোণবোৰ জুখিবলৈ ধৰিলেগৈ। তেওঁ তুলাচনিখন ভৰাই জুখি এখন খাটৰ ওপৰত সৰু সৰু দম পাতিলে। তাৰ পিছত তেওঁ তাৰে এটা দ'ম লেখিলে, আৰু তাৰে পৰাই গোটেইখিনি দ'মত কিমান সোণৰ মোহৰ আছে লেখ কৰি উলিয়ালে। এই লেখটো তেওঁ তেতিয়াই আলিবাবাক জনালেগৈ।

 আলিবাবাই বাৰীত গাততো খানি ধন-সোণখিনি পোতে মানে ঘৈণীয়েকে কাছিমৰ ঘৰত তুলাচনিখন ঘূৰাই দিবলৈ গ'ল। তুলাচনিখনৰ তলত থকা আঠাখিনিত যে সোণৰ মোহৰ এটা লাগি গৈছিল সেইটো তেওঁ মন কৰাই নাছিল। তেওঁ কলে—“বাইদেউ, মই তুলাচনিখন সৰহ পৰ ৰখা নাই। তুমি যে মোক তুলাচনিখন দিলা, সেইবাবে মই বৰ ভাল পালোঁ।

 কাছিমৰ ঘৈণীয়েকে ভাবিছিল, জা-কে ধান বা কিবা খোৱা বস্তু জুখিবলৈ তুলাচনিখন খুজি নিছিল। আলিবাবাৰ ঘৈণীয়েক যোৱা মাত্ৰে তেওঁ তুলাচনিখনৰ তলীলৈ চালে আৰু সেই আঠাখনিত এটা সোণৰ মোহৰ লাগি থকা পালে। নিছলা দেওৰেক কাঠকটীয়াটিয়ে অলপ ধন-সোণ পোৱাত ৰং পাওক ছাৰি কাছিমৰ ঘৈণীয়েক ঈৰ্ষাত দেই-পুৰি মৰিবলৈ ধৰিলে। আলিবাবা আৰু তেওঁৰ ঘৈণীয়েক যে কাছিম আৰু কাছিমৰ ঘৈণীয়েকৰ সমান বা তেওঁলোকতকৈ অধিক ধনী হ'ব, এইটো তেওঁৰ অসহনি হ’ল। তেওঁ আপোনা-আপুনি ক'লে, “কি! আলিবাবাহঁতৰ ইমান ধন-সোণ যে সিহঁতে হাতেৰে লেখিব নোৱাৰে, জুখিলেহে হয়? মই বিচূৰ্ত্তি হৈছো, সেইবোৰ সি ক’ত পালে?

 কাছিমে দিনৰ দিনটো তেওঁৰ দোকানত কটাই সাঁজ লাগি ভগাত ঘৰলৈ ওলটে। তেওঁৰ ঘৈণীয়েকে জানিছিল, আজি তেওঁৰ মুখে এই নতুন কথাটো শুনি কাছিম বৰ আচৰিত হ'ব। তেওঁৰ ইমান তত্ নাইকিয়া হ’ল যে গিৰিয়েক অহালৈ বাট চাবলৈকো টান পাইছিল, আৰু তেওঁৰ মানত সেই দিনটো ইমান লাহে লাহে গৈছিল, যেন ইমান লাহে লাহে আগেয়ে দিন কেতিয়াও যোৱা নাছিল।