সমললৈ যাওক

আলাপ

ৱিকিউৎসৰ পৰা
 

গদ্য গ্ৰন্থাবলী, ১ম ভাগ

আলাপ।

 

শ্ৰীৰত্নকান্ত বৰকাকতী প্ৰণীত।

 

প্ৰথম সংস্কৰণ

 

শ্ৰীশুকদেব গোস্বামী প্ৰকাশিত।
ভাগবতিসত্ৰ, নগাওঁ আসাম।

মূল্য ৵৬ অনা।

 

 

কলিকাতা

৬নং কলেজ-স্কোয়াৰ, সাম্য-প্রেসে

শ্ৰীউপেন্দ্ৰনাথ দাস দ্বাৰা মুদ্রিত।

 

উৎসৰ্গ।

অসমীয়া  সাহিত্যৰ
অৰণ্যত

অকলশৰীয়া
কবিবৰাগী
সুহৃদ্বৰ
শ্রীযুক্ত অম্বিকাচৰণ ৰায়চৌধুৰীৰ
হাতত
‘আলাপ” দি
তেওঁৰ প্রতি মোৰ হৃদয়ৰ
গভীৰ শ্রদ্ধা আৰু প্রীতি
জ্ঞাপন কৰিলোঁ।


“প্ৰণেতা।”

পাতনি।

 এই অকণমান কিতাপখনৰ সুকীয়াকৈ পাতনি লিখাৰ আৱশ্যক নাই বুলিলেও হয়, গোটেই কিতাপখনেই ধৰিবলৈ গলে কবি আৰু কাব্য সম্বন্ধে এটা ভূমিকা মাথোন। কবলগীয়া কথা এই ফেৰাহে যে কিতাপ খনত কবিয়ে নিজে নিজক যেনেকৈ যুক্তি তৰ্কেৰে সমৰ্থন কৰিছে, কৰিয়ে নিজেই তাৰ্কিক হৈ যেনেকৈ কবিত্ব বিশ্লেষণ কৰিব খুজিছে অৰ্থাৎ কবিৰ কথাবোৰ যিমান Didactic হৈছে সেইটো কবিৰ পক্ষে সিমান স্বাভাবিক হোৱা নাই বুলি অনেকে ভাবিব পাৰে। কিন্তু কুৰি শতিকাৰ কবিৰ পক্ষে নেইটো একো অস্বাভাবিকও নহয় যেন লাগে;—বিশেষ বৰ্ত্তমান সময়ৰ কবি-শ্ৰেষ্ঠ স্যৰ ৰবীন্দ্ৰনাথ ঠাকুৰেও তেঁওৰ “ফাল্গুনী” নামক নাটকৰ উপক্ৰমনিকাত “কবিশেখৰ”ৰ যি চিত্ৰ আঁকিছে সেই চিত্ৰতও কবিৰ আত্ম সমৰ্থন ব্যাপ্যাৰটো এনেকৈয়ে জিলিকি উঠিছে। সেইবুলি এইখিনিতে এইটো ভাবিলে ভুল হব যে এই কিতাপৰ সমলখিনি ৰৰিবাবুৰ ফাল্গুনীৰ উপক্ৰমণিকাৰ পৰা ধাৰ কৰি লোৱাহৈছে। কবিঘ্নে যে নিজক নিজে যুক্তি তৰ্কেৰে সমৰ্থন কৰিব পাৰে এই ভাবটোত বাজে এই কিতাপৰ কথাবোৰ ৰবি বাবুৰ “কবিশেখৰ”ব নকল বা অনুবাদ নহয়,—“কবিশেখৰ”ৰ বিষয় হৈছে ঘাইকৈ জীৱনকলৈ (Philosophy of Life and its Realisation) আৰু আমাৰ “কবি বৰাগীৰ” বিষয় হৈছে ঘাইকৈ কবি আক কবিত্বলৈ (A poet and his poetry) অৱশ্যে দুইটাৰে ভিতৰত গম্‌ ধৰিব নোৱাৰাকৈ কিবা মূল ঐক্য নিশ্চয় থাকিব পাবে, কাৰণ এই ক্ষুদ্ৰ লেখক জগৎ কবি ৰবীন্ত্ৰনাথৰ একাগ্ৰ শিষ্য আৰু সেই অগ্নিময় প্ৰাণৰ জলন্ত প্ৰভাবেৰে এই ভষ্মাবৃত হৃদয়ও অনুপ্ৰাণিত।

এই কিতাপ আকাৰে ক্ষুদ্ৰ প্ৰবন্ধটোৰ জন্মদাতৃ, ধৰিবলৈ গলে, নগাওঁ অ, ভা, উ, সা সভাহে। নগাওঁ, অ, ভা, উ, সা সভা নোহোৱা হলে, আৰু সেই সভাত এই লেখকে কবিতা আদি প্ৰবন্ধ পাঠ কৰিবৰ স্থযোগ নোপোৱাহলে, আৰু সেই পঠিত প্ৰবন্ধবোৰৰ ওপৰত ‘না-না মুনিৰ না-না মতৰ’ বৰষুণ নপৰা হলে, কবিবৰাগীয়ৈ কাব্যাস্বাদীৰ লগত কেতিয়াও আলাপ কৰিব লগাত নপৰিলহেঁতেন। এই “আলাপ” উক্ত সভাৰ ১ম বাৰ্ষিক উৎসৱত অভিনীতও হৈছিল,—আৰু সেই অভিনয় দেখি এই কতাপৰ প্ৰকাশককে আদি কৰি অনেকে নথৈ আনন্দ প্ৰকাশ কৰিছিল, গতিকে প্ৰকাশকৰ উচ্পিচনি আৰু খচখচনিত সেই ক্ষুদ্ৰ প্ৰবন্ধটোৱেই কিতাপ আকাৰে আজি বাজলৈ ওলাল। ইতি—

নগাওঁ ( আসাম )
১—১—১৯ খৃঃ।
  শ্ৰীৰত্নকান্ত বৰকাকতী।

আলাপ।

( কবি-বৰাগী আৰু কাব্যাস্বাদী। )

কবি-বৰাগী:—( গান গাই গাই কাব্যাস্বাদীৰ ওচৰলৈ আহে)

মই উদাসী ·
মই প্ৰবাসী
ঘৰ থাকোঁতেই প্ৰবাসী।
ম‍ই বিৰাগী
মই তিয়াগী
ভৰ ভোগতেই তিয়াগী
মোৰ অতল প্ৰেমৰ
অনল ৰূপৰ
(মই) পৰশ পাবৰ প্ৰয়াসী।
প্ৰাণ বুৰোঁ বুৰোঁ
মন উৰো উৰোঁ
মোৰ পাখি নাই।

মই নাচোঁ লৰোঁ
মই ধৰোঁ ধৰোঁ
মই ধৰা নাই।
মই অন্ধ বাউল
আউল জাউল,
(মই) নেদেখা বাটৰ বৰাগী॥

কাব্যাস্বাদী:— আহিলানে ফেদেলি পুৰাণ মেলি আকাশত চাং পাতিবলৈ? কাম নাই, কাজ নাই, কেৱল ভাব! ভাব!! ভাবৰ সাগৰত ডুবি একেবাৰেই ৰসৰ ৰসাতল পালেগৈও লেঠা ছিগে নহয়, এই দূৰে ওপঙি ওপঙি বেবেৰিবাং গাই আকাশত চাং পাতিবলৈ বিচাৰি ফুৰা কেলৈ?
কবি বঃ:— আকাশত চাং পাতিবলৈ নহয়, ধোৱাঁ উৰাবলৈ; ধোৱাঁ উৰাই মেঘ কৰিবলৈহে বিচাৰিছোঁ।
কাঃ স্বাদী:— মেঘ কৰিবলৈ! মেঘ কৰি আমাক তিয়াই বুৰাই জুৰুলি জুপুৰি কৰিবলৈ?
কবি বঃ:— নহয়, বৰষুণ ঢালি, পৰ্ব্বতব গুহা ফালি, নিজৰা ওলাই নৈ হৈ গাঁও ভূঁয়েদি বৈ গৈ দুই কাষৰ খেতি পথাৰ শস্যশালী কৰি, কল-সঙ্গীতেৰে অপাৰ সাগৰক আলিঙ্গন কৰিবলৈ।
কাঃ স্বাদী:— তুমি সাগৰক আলিঙ্গন নকৰিলাগৈ আমাৰ কোন পিনে বৈ গল?
কবি বঃ:— মই সাগৰক আলিঙ্গন নকৰিলেগৈ তোমাৰ নিচিনা বহুত কৰ্ম্মবীৰ শুকাই উবাই দুৰ্ভিক্ষত পৰি প্ৰাণ হেৰুৱাবৰ ভয়।
কাঃ স্বাদী:— কেনেকৈ? কেনেকৈ?
কবি বঃ:— তেনেকৈয়ে। বৰষুণ নহলে, সাগৰ প্ৰবাহিনী নৈ বাঢ়ি ঢল নালিলে যেনেকৈ পথাৰত শইচ্‌ হব নোৱাৰে, মাটিৰ শস্যোৎপাদিকা শক্তি হ্ৰাস হয় কবি নহলে, কাব্য নহলে তেনেকৈ মানুহৰ হৃদয়ক্ষেত্ৰও শুকাই মৰুভূমি হয়। ভাবব ঢল নাপালে যে কোনো মহৎ কামৰে শইচ্‌ উঠিব নোৱাৰে।
কাঃ স্বাদী:— তেনেহলে এতিয়া তোমাৰ ভাবৰ ঢলেহে আমাৰ কামৰ শ‍ইচ্ গজাব?
কবি বঃ:— আকৌ কি! তুমিতো সদায় আমাৰ কাম নাই, কাজ নাই বুলি লাক কোচোৱা; কাম বুলিলেই যে তোমালোকে কৰা কামেই হে কাম, আৰু এই বিৰাট বিশ্ব ব্ৰহ্মাণ্ডত একোকাম নাই সেইতো নহয়। নৈৰ কাম পানী যোগাই ঢৌ তুলি সাগৰলৈ বৈ যোৱা, পথাৰৰ কাম একে
ঠাইতে ৰৈ থাকি শস্য উৎপন্ন কৰা; সেই বুলিো পথাৰে যদি নৈক নিষ্কৰ্ম্মা বুলি গালি পাৰে, তেন্তে নৈয়েওতো পথাৰক নিৰ্জ্জীৱ বুলি ইতিকিং কৰি দিব পাৰে।
কাঃ স্বাদী:— তাৰ মানে?
কবি বঃ:— তাৰমানে তোমালোকে যদি আমাক নিষ্কৰ্ম্মা বুলি বিদ্ৰুপ কৰা, তেন্তে আমিও তোমালোকক নিৰ্জ্জীৱ বুলি ফুঁতে উৰাই দিম।
কাঃ স্বাদী:— দিয়া উৰাই, আমি কিন্তু তোমাৰ মতে নিৰ্জ্জীৱ হলেও—বতাহৰ আগত উৰি ফুৰা নহলেও আমি কৰ্ম্মী। তুমি কিন্তু নিষ্কৰ্ম্মা ভাই নিষ্কৰ্ম্মী!!
কবি বঃ:— (সদৰ্পে) জীৱন হীন কৰ্ম্মৰ গৌৰৱ! তোমালোক যেনেকৈ কৰ্ম্মী, এটা জড়যন্ত্ৰওতো তেনেকৈ কৰ্ম্মী। গ্ৰামোফণত চাবি দিলেই ভৰ্‌ ভৰ্ কৰে গান গাবলৈ ধৰে, তাত গৌৰৱ কাৰ! যন্ত্ৰটোৰ নে যন্ত্ৰ আবিষ্কাৰক আৰু গায়কৰ?
কাঃ স্বাদী:— এডিচন চাহাবৰ! কিন্তু এডিচন চাহাবতো তোমাৰ নিচিনা স্বপ্ন দেখা (dreamer) ভাবুক নহয়; এডিচন চাহাব যে কৰ্ম্মী।
কবি বঃ:— এডিচন চাহাব কৰ্ম্মী। কিন্তু তোমালোকৰ নিচিনা
সংসাৰ চক্ৰত যন্ত্ৰৰ দৰে নিৰ্জ্জীৱ ভাবে ঘুৰি থকা বিষয়-জৰ্জ্জৰিত কৰ্ম্মী নহয়, তেওঁ স্বাধীন মুক্ত কৰ্ম্মী।
কাঃ স্বাদী:— তোমাৰ নিচিনা কল্পনাবীৰতো নহয়; তেওঁ বস্তু স্ৰষ্টা ( inventor )
কবি বঃ:— তেওঁ আমাৰে নিচিনা প্ৰাণৰ প্ৰেৰণাত মতলীয়া চিন্তাবীৰ।
কাঃ স্বাদী:— তেওঁ চিন্তাবীৰ; তেওঁৰ চিন্তাৰ ফল প্ৰত্যক্ষ; তোমাৰ চিন্তায়ে ধোৱাঁ কোঁৱা; বস্তুবুলিবলৈতো একো নাই।
কবি বঃ:— চিন্তাৰ ফল আটাইৰে একে হলে মৌলিকত্ব ক’ত? বৈচিত্ৰ কি? সৌন্দৰ্য্য কিহত? ফুলনি সাৰ্থকতা না-না তৰহৰ ৰং বেৰঙৰ ফুল ফুলাই, মলয়া মল্‌মলাই শোভা বিস্তাৰ কৰাত, খঁকুৱা অৰসিকে যদি ফুলনী বাড়ীত আম কঠাল খাবলৈ নাপাই ফুলৰ সৌন্দৰ্য্য উপভোগ কৰিব নোৱাৰে, সেই বাবেতো ফুলনি জগৰীয়া নহয়।
কাঃ স্বাদী:— ফুলৰ সৌন্দৰ্য্যত এটা সত্য আছে, সেই সত্য দেখ্‌ দেখ্‌; কিন্তু তোমাৰ মিছামিছি কল্পনা বোৰৰ কি আছে?
কবি বঃ:— কোনে কলে মিছামিছি কল্পনা?
কাঃ স্বাদী:— কল্পনা মানেইতো যোৰা দিয়া মিছা কথা।
কবি বঃ:— কল্পনা মানেই যোৰা নিদিয়া সঁচা কথা।
কাঃ স্বাদী:— সঁচা কথা?
কবি বঃ:— সঁচা কথা।
কাঃ স্বাদী:— কল্পনাও সঁচা?
কবি বঃ:— সঁচা কল্পনা সঁচা।
কাঃ স্বাদী:— পগলাইতো নিজৰ পগলামিকে সঁচা বুলি ভাবে, নিজৰ পগলামিৰ কেতিয়াবা উমান পাইছিল দেখিয়েই ছেক্সপিয়েৰে (shakespeare) কৈ গৈছে।

“The lunatic, the lover and the poet,
Are of imagination all compact”

কবি বঃ:— ছেক্সপিয়ৰেৰ সেই কথাষাৰৰ ভাবাৰ্থ তাত ওলাই থকা মানেটোত কৈ বহুত দ-ত। যদিও ছেক্সপিয়েৰ আজি কালিৰ কবি হোয়া হলে সেই কথাষাৰ ঠিক্ সেইদৰে নকলেহেঁতেন। এই যুগৰ মহাকবিয়ে তাৰ ওলোটাটোহে কৈছে,

“A poet never dreams,
We prose folk do, we miss the
proper duet

For thoughts on things unseen.”
( Browning )

আচল কথা, সঁচা বুদ্ধি, সঁচা যুক্তিৰ অস্ত্ৰই যেনেকৈ সত্যৰ ফালে বাট কাতি দিয়ে, সঁচা কল্পনাৰ পোহৰেও তেনেকৈ সত্যৰ মূৰ্ত্তিকে দেখুয়াই দিয়ে।

কাঃ স্বাদীঃ:— উদাহৰণ?
কবি বঃ:— উদাহৰণ? উদাহৰণ বহুদিনৰ আগেয়ে কবি Wordsworthএ সত্য কল্পনাৰ প্ৰভাবত গোটেই বিশ্ব প্ৰকৃতিতে এটা প্ৰাণময়তাৰ অনুভৱ কৰি কৈছিল “With gentle hand touch, for thereis a spirit in the woods” আৰু আজি বৈজ্ঞানিক স্যৰ জগদীশচন্দ্ৰই সত্য বুদ্ধিৰ সহায়েৰে প্ৰমাণ কৰি দেখুয়াইছে যে তৃণ-তৰু-লতা সকলো চেতন সকলোৰে জীৱ আছে।
কাঃ স্বাদীঃ:— Wordsworthএজন কবিৰ এটা ভাব ভাগ্য ক্ৰমে সত্যৰ ওচৰ চাপিলেই আটাই বিলাক কবিৰ কল্পনা বোৰ সত্য হল নে?
কবি বঃ:— অকল wordsworth কিয়? তাহানি এই ভাৰতবৰ্ষতে ঋষি কবি সকলৰ অন্তৰ্মুখী কল্পনাই ও
ঘোষণা কৰি গৈছে “সৰ্ব্বং প্ৰাণং প্ৰজতি” সকলোকে প্ৰাণে কঁপাব লাগিছে। তেওঁলোকেতো আজিকালিৰ দৰে বৈজ্ঞানিক প্ৰণালীৰে পৰীক্ষা কৰি সেই কথা কোৱা নাছিল; তেওঁলোকে কৈছিল অতি গভীৰ, অথচ সহজ সৰল কল্পনাৰ প্ৰভাৱেৰে।
কাঃ স্বাদীঃ:— তেওঁ লোকে কৈছিল হৃদয়ৰ গভীৰ অনুভূতিৰ বলেৰে বতাহত উৰা কল্পনাৰে নহয়।
কবি বঃ:— বতাহত উৰা কল্পনাৰে নহয়; কিন্তু প্ৰকৃত কবি মাত্ৰৰে কল্পনা হৃদয়ৰ গভীৰ উপলব্ধিৰ হে ফল।
কাঃ স্বাদীঃ:— কল্পনা আৰু উপলব্ধি একে নহয়।
কবি বঃ:— নিজৰা আৰু নৈ একে নহয়, কিন্তু নিজৰা নহলে যেনেকৈ নৈ বব নোৱাৰে, অনুভুতি বা উপলব্ধি নহলে তেনেকৈ কল্পনা ওলাব নোৱাৰে। নৈয়ে যেনেকৈ নিজৰ বুকুত নিজৰাক সামৰি লৈ কুলু কুলু স্বৰে গিৰিগুহা বন সচেতন কৰি বিশ্ব যাত্ৰালৈ বাহিৰ হৈ পৰে, কল্পনায়ো তেনেকৈ নিজৰ গভীৰ হৃদয়ানুভূতিৰ নিৰ্ঝৰ লৈ অনন্তব অভিষাৰ যাত্ৰাত অতি পাষাণ হৃদয়কো গলাই পমাই ভাব-ৰাজ্যত আত্ম প্ৰকাশ কৰে।
কাঃ স্বাদী:— নিজৰা আৰু লৈৰ উপমাই দেখিছোঁ তোমাৰ ব্ৰহ্মাস্ত্ৰ। কেৱল উপমা এটা লৈ বিশ্ব-ব্ৰহ্মাণ্ডৰ সকলো যুক্তি তৰ্ক খণ্ডন কৰিব পৰা হলে কথাই নাছিল।
কবি বঃ:— উপায় নাই! আৰু অইন এটা উপমা দিলে হবনে?
কাঃ স্বাদী:— উপমাই তোমাৰ!—দি থাকাঁ।
কবি বঃ:— উপমা নিদিলে, তুলনা কৰি নাচালে যে কোনো বিধৰ জ্ঞানেই আয়ত্ত্ব নহয়, জ্ঞান বস্তুটোৱেই যে তুলনা মূলক।
কাঃ স্বাদী:— যিমান মন যায়, তুলনা কৰি, সঁচাক মিছা, মিছাক সঁচা কৰি ভঙা পৰা কৰি থাকাঁ।
কবি বঃ:— মিছাক সঁচা নহয়, সঁচাক সঁচা; তোমাৰ এতিয়াও দেখিছোঁ কবিৰ কল্পনাৰ ওপৰত বিশ্বাস নজন্মিল। নজন্মিবৰ কাৰণ আছে। কল্পনাৰ বা কবিত্বৰ সত্যটো সৰহ সময়তে বহুব্ৰীহি সমাসৰ দৰে,—পীতাম্বৰ বুলিলে পীতও নহয়—অম্বৰ ও নহয়—পীত অম্বৰ অৰ্থাৎ হালধীয়া কাপোৰ পিন্ধোতা জন মানে শ্ৰীকৃষ্ণ! কবিত্বৰ সত্য হৈছে তেনেকুৱা।
কাঃ স্বাদী:— বহুব্ৰীহিয়েই হওক বা কৰ্ম্মধাৰয়েই হওক, কল্পনাৰ সত্য, কবিৰ সত্যৰ মূল্য কি? এজনে যাক পীতাম্বৰ বুলিব আনজনে তাক নীলাম্বৰ নোবোলে মানে নেৰে। সত্য সদায় এক, ক’লা সকলোৰে চকুত ক’লা, বগা সকলোৰে চকুত বগা; তোমালোকৰ চকুত কিন্তু ক’লাও বগা, বগাও ক’লা। সেই হে বিমোৰত পৰোঁ।
কবি বঃ:— নহয়; সত্যৰ প্ৰকাশ কেৱল একেই নহয়; সি বহু।
কাঃ স্বাদী:— বিজ্ঞানেতো সেইটো নকয়।
কবি বঃ:— বিজ্ঞানেও সেইটোকে কব। বিজ্ঞানে বহিৰ্বিষয়ত যেনেকৈ বহুৰ ভিতৰত “এক”ক বিচাৰিছে, কবিৰ কল্পনায়ো তেনেকৈ অন্তৰ্বিষয়ত বহুৰ ভিতৰত এককে বিচাৰিছে। কিন্তু প্ৰকাশ হৈছে উভয়তে “বহু”। পানীত শিল তল যায় কুহিলা ওপঙে, সেই বুলি ওপৰ চকুৱা হৈ যদি কোনোবাই কুহিলা সম্বন্ধে নিউটনৰ মাধ্যাকৰ্ষণ তত্ত্বটো নাখাটে বুলি কয়, তেন্তে সি ভুল হব। বাহিৰৰ সকলো উঠা-পৰাৰ ভিতৰত যেনেকৈ আছে মাধ্যাকৰ্ষণ তত্ত্ব—অন্তৰৰ
সকলো হৰ্ষ-বিষাদ আবেগ-উদ্বেগৰ ভিতৰতো তেনেকৈ আছে এটা সত্য হৃদয়তত্ত্ব, ৰসতত্ত্ব বা প্ৰেমতত্ত্ব। কবিয়ে সেই হৃদয়তত্ত্বকে মাথোন দেশকালপাত্ৰ মতে ফঁহিয়াই দেখুৱায়।
কাঃ স্বাদী:— কিন্তু নিউটনৰ মাধ্যাকৰ্ষণ তত্ত্ব যেনেকৈ বিশ্ব-জনীন সত্য (universal truth) কবিৰ কল্পনাবোৰতো তেনে নহয়।
কবি বঃ:— ঘুৰি একে কথা
কাঃ স্বাদী:— কি একে কথা? তুমি যিহত সৌন্দৰ্য্য দেখাঁ, মই তাত নেদেখোঁ কিয়?
কাঃ স্বাদী:— মোৰ হৃদয়ৰ অৱস্থা যেনে বৰ্ত্তমান, তোমাৰ হৃদয়ৰ সেই অৱস্থা এতিয়াও তল পৰি আছে দেখি।
কাঃ স্বাদী:— কেনেকৈ জানিলা তলপৰিয়েই আছে নে ওপৰেই উঠিছে?
কবি বঃ:— Truth is Beauty, beauty Truth, সত্যং সুন্দৰং এই বাণীয়ে সেই কথা স্পষ্টকৈ ঘোষণা কৰিছে। যাৰ হৃদয় যিমান উন্নত হব, তাৰ চকুত বিশ্ব জগৎ সিমান সুন্দৰ লাগিব, তাৰ অন্তৰত সত্য সিমান উজ্জ্বল হৈ প্ৰকাশ পাব।
সত্য সুন্দৰতো দুটা সুকীয়া বস্তু নহয়, সত্য যতে সুন্দৰো ততেই। এই সংসাৰত আমি যত বেছিকৈ সত্যৰ উপলব্ধি কৰোঁ, ততে আমি সৌন্দৰ্য্য দেখোঁ, ৰস পাওঁ। প্ৰকৃতিৰ কবি Wordsworthএ প্ৰকৃতিত যি সত্যৰ আস্বাদ পালে তুমি তাৰ গোন্ধকে নেপালা, তাৰ কাৰণ তোমাৰ চকুত প্ৰকৃতি কেৱল এটা বহিৰ্দৃশ্য, প্ৰকৃতি কেৱল আছে (কামত বৰকৈ ব্যস্ত থকা সময়ত নায়েই, Wordsworthৰ চকুত প্ৰকৃতি আনন্দ, প্ৰকৃতি ৰস,—তুমি পাইছাঁ প্ৰকৃতিক ঘাইকৈ চকুৱেদি Words worthএ পাইছিল হৃদয়েদি, সেই দেখি Words worthৰ “প্ৰকৃতি” তোমাৰ “প্ৰকৃতি” তকৈ লক্ষ কোটি গুণে সুন্দৰ আৰু কাজেই সত্যতৰ।
কাঃ স্বাদী:— কিন্তু তোমাৰ এই ৰসতত্ত্বতো মানুহে ৰস্‌ নাপায়?
কবি বঃ :— মানুহেই ৰস্ পাব। মানুহ বুলিলে কেৱল এটা শ্ৰেণীৰ মানুহেই মানুহ নহয়। কছাৰীৰ আমোলাই এতিয়া বৰ চাহাবৰ Your Programme অত যিটো ৰস পায়, কালিদাসৰ শকুন্তলাত তাৰ
গোন্ধকে নাপায়, সেই বুলিতো শকুন্তলা নীৰস বা ব্যৰ্থ নহয়।
কাঃ স্বাদী:— তোমাৰ আচল কথাটো বুজিলেহে ৰস পাব।
কবি বঃ:— আচল কথাটোনো বুজিব কোনে? ম‍ই নিজেইটোনুবুজোঁ। বুজাহলে তোমাক আজি অত বোৰ কথা বুজাবৰো মোৰ প্ৰয়োজন নাছিল।
কাঃ স্বাদী:— যদি বুজাই নাই, তেন্তেনো ইমান আস্ফালন কিহৰ?
কবি বঃ:— বুজা নাই বুলিয়েই তো আস্ফালন। অকল মোৰেই আস্ফালন নহয়, বিজ্ঞানৰ আস্ফালন, দৰ্শনৰ আস্ফালন, ইতিহাসৰ আস্ফালন। চাৰিওফালে কেৱল আস্ফালন, কেৱল আলোড়ন। এই আলোড়ন আস্ফালণৰ মাজত জন্মলৈ প্ৰাণৰ প্ৰাণত যে কি বাজি উঠিছে, কব নোৱাৰোঁ, দিনে ৰাতিয়ে কেৱল হৰ্ষ-বিষাদৰ খলক্, কেৱল বিস্ময়-বিৰাগৰ পুলক্, কেৱল ক্ৰন্দন! কেৱল স্পন্দন!!
কাঃ স্বাদী:— বুজিছোঁ তোমাৰ অন্তৰত এটা সঙ্গীত বাজিছে, কিন্তু সেই সঙ্গীতটো তুমি যিমানেই লেখিছা গাইছা অইনৰ অন্তৰত হলে সি বজা নাই।
কবি বঃ:— নাই বজা যদি নাই। গছে নিজৰ স্বভাৱ গুণতে গুটি ধৰে, মানুহে খাবনে নাখায় “পৰোৱা” নকৰে, সেই দৰে ময়ো লিখিবৰ সময়ত মানুহে বুজিবনে নুবুজে ভাল পাবনে বেয়াপাব সেইটো গমিবই নোৱাৰোঁ।
কা স্বাদীঃ:— গছেতো গুটি নাখালে কাকে৷ উপযাচি গৈ নুখুৱায়, কিন্তু তুমি তোমাৰ কাব্যবোৰ উপযাচি শুনাই ফুৰা কিয়?
কবি বঃ:— সেই খিনিতেইটো মানুহৰ হৃদয়ৰ মহত্ত্ব।মানুহৰ হৃদয়ে যে সদায় বিচাৰিছে মিলন, সি যে অকলে আপোনপেটীয়া হৈ থাকিব নোৱাৰে,—সি যে অনন্ত মিলনৰ প্ৰয়াসী। মানুহৰ চকুৰ আগতে নৈ বৈছে, ফুল ফুলিছে, বতাহ বলিছে, মেঘ খেলিছে; কিন্তু সেই নৈ বোৱা, ফুল ফুলা, বতাহবলা, মেঘ খেলা বিষয়লৈ চিত্ৰ আঁকি, ফটোগ্ৰাফ, তুলি, কবিতা লিখি সৃষ্টিৰ পৰা সৃষ্টি কৰিবলৈ মানুহৰ হৃদয়ৰ কিমান যত্ন। মানুহে কেৱল বিচাৰিছে চাৰিওফালে নিজৰ হৃদয়ৰ ঘোষণা, চাৰিওফালে বিশ্বাসৰ আত্ম প্ৰকাশ। মানুহৰ এই আত্মপ্ৰকাশ ধৰ্ম্ম নথকা হলে জগতত
আজি দৰ্শন বিজ্ঞান সাহিত্য বোলা একো নাথাকিল হেঁতেন, সংসাৰ সঁচাকৈয়ে মৰুভূমি হল হেঁতেন।
কা স্বাদীঃ:— সংসাৰতো মৰুভূমিয়েই, তাতে সকলোৱে মৰীচিকা দেখিছে, কবি-দাৰ্শনিক সকলোৱেই সেই মৰীচিকাকেইতো খেদি ফুৰিছে।
কবি বঃ:— সংসাৰ মৰুভূমিত কবিয়ে মৰীচিকা খেদি ফুৰা নাই, বিচাৰিছে “ওৱেচিচ” (Oasis) এই মৰুভূমিতেই “ওৱেচিচ” লুকাই আছে। চকুৰ আগতে সৌ চন্দ্ৰসূৰ্য্য সমুজ্জল বিশ্ব-আকাশে নিতৌ নতুন নতুন সৌন্দৰ্য্য-শোভা দেখুৱাই চিৰ-ৰহস্যৰ “ওৱেচিচ” বোৱাই দিছে, তাকতো কোনেও এবাৰ চকুমেলি চাবলৈকো আজৰি নাপায়, আৰু তৰ্ক কৰে, জ্ঞান, বিজ্ঞান পণ্ডিত মূৰ্খলৈ। উৰ্দ্ধে অধেঃ, দক্ষিণে-বামে কেৱল ৰহস্য, কেৱল আশ্চৰ্য্য!! বাগৰি গৈছে তৰুলতা কুঞ্জ মুঞ্জুৰিত কৰি গ্ৰীষ্ম বৰ্ষাৰ অবিৰাম চক্ৰত ঘূৰাইলৈ এই বসুন্ধৰা কি ৰহস্য,—তৰঙ্গিত হৈছে মানুহৰ সুখ-দুখ, হঁহি কান্দন, দৈন্য-ঐশ্বৰ্য, মন্থিত কৰি বাল্য-কৈশোৰ, যৌবন-বাৰ্দ্ধক্যৰ কল-
ক্ৰন্দনেৰে মহাজীৱনৰ ৰহস্য সিন্ধু! বুজিব কোনে এই অভেদ ৰহস্য, বুজি অন্ত কৰিব কোনে এই অতল জলধিৰ অনন্ত কল্লোল। যি মহাগায়কে অদৃশ্যে এই অনন্ত সঙ্গীত স্পন্দিত কৰিছে তেঁৱেইতে৷ বুজিবলৈ নিদিলে!—এই টোৱেইতো সাঁথৰ। হাফেজেও কৈছিল :—

“True singing still a mystry remains,
Never such pearls as these were
bored and stung,
Never the singer of the song explains,
How it was sung.”

কা স্বাদী:— ভাই তোমাৰ কথা বিলাক মই নুবুজিলেও বাজি গৈছে হে।
কবি বঃ:— গৈছেনে বাজি? – কেনি?

(মূৰলৈ দেখুৱাই) এই পিনেনে? এই পিনে? (বুকুলৈ দেখুৱাই)

কা স্বাদী:— (কাণলৈ দেখুৱাই) কাণৰ ভিতৰেদি সোমাই (বুকুলৈ দেখুৱাই) ইয়াত বাজিছেহি।
কবি বঃ:— তেনেহলে ধন্য হলোঁ।
কা স্বাদী:— ময়ো ধন্য হৈছোঁ যেন লাগিছে, কিন্তু এটা কথা সোধোঁ তুমি যে কি এটা সঙ্গীতৰ কথা ক’লা,
সেই সঙ্গীতটোৰ দেখোন মই একো উমানকে পোৱা নাই, ময়ো তাক কেতিয়াবা শুনিবলৈ পামনে?
কবি বঃ :— নিশ্চয় পাবা। সেই সঙ্গীত শুনিবলৈ অকল কাণ থাকিলেই নহয়,—থাকিব লাগে প্ৰাণ,—থাকিব লাগে হৃদয় উপচিযোৱা প্ৰেম। সেই প্ৰেম তোমাৰ অন্তৰত তুমি গম নোপাৱাকৈয়ে আছে।
কাঃ স্বাদী :— সি নো কি প্ৰেম?
কবি বঃ :— সি “চব”[] প্ৰেম,—ভাতৃপ্ৰেম, মাতৃপ্ৰেম, স্বদেশপ্ৰেম, বিশ্বপ্ৰেম, বিৰাট প্ৰেম! এক প্ৰেমৰেই বিভিন্ন অৱস্থা,—প্ৰথমে ভাতৃ প্ৰেম স্বদেশ প্ৰেমতে এবাৰ হৃদয় তন্ত্ৰী বজাই দিয়াচোন,—দেখিবা সিয়েইগৈ বিৰাট প্ৰেমত কঁপিবলৈ ধৰিব।
কাঃ স্বাদী :— ভাই, কি গানটো গাই আহিছিলা আকৌ গোৱাঁচোন,—
কবি বঃ :— আহাঁ তেনে হলে গাই গাই গৈ থাকোঁ—

 মোৰ অতল প্ৰেমৰ,
 অনলৰূপৰ,
(মই)  পৰশ পাবৰ প্ৰয়াসী,
 ঘৰ থাকোঁতেই প্ৰবাসী।
(মই)  ঘৰ থাকোঁতেই প্ৰবাসী।

অন্ত।

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৬ চনত ১ জানুৱাৰী ১৯৬৬ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )

 
  1.  “চব”—সব অৰ্থাৎ সকলো। কোৱা ভাষাত “চব” হে উচ্ছাৰিত হয়।