সমললৈ যাওক

আদৰণি সম্ভাষণ

ৱিকিউৎসৰ পৰা
 

আদৰণি সম্ভাষণ

 

শ্ৰীহলীৰাম ডেকা
সভাপতি,
অভ্যৰ্থনা সমিতি

 

অসম সাহিত্য সভা
চতুৰ্বিংশ অধিবেশন
গুৱাহাটী।

 

 

শ্ৰদ্ধেয় সভাপতি ডাঙৰীয়া আৰু
সাহিত্যসেৱী বন্ধুসকল,

 গতানুগতিকভাৱে আপোনালোকক আদৰ আহ্বান জনাবলৈ ভাল পোৱা নাই, কাৰণ কথাৰে মোহিণী মাৰিব পৰা বিধৰ মানুহ মই নহওঁ— বৰং বিশ্বাস কৰোঁ যে কামেই মানুহৰ আত্মীয়তাৰ পৰিচয় দিয়ে বেছি। মোৰ বিষয় বুদ্ধি বেছি নাই বুলি জানোঁ,— আদৰণিৰ আয়োজন যে আমাৰ নিখুঁত নহব তাকো জানোঁ। সেই কাৰণে আপোনালোকৰ আগত এই দায়িত্ব লৈ থিয় হবলৈ দ্বিধা বোধ কৰিছিলোঁ। আপোনালোকৰ থকামিলা আদিত যে বিশেষ সুবিধা হৈছে ম‍ই নাভাবোঁ, কিন্তু সকলো অসুবিধা সহৃদয়তাৰে সহ্য কৰিব বুলি আশা কৰোঁ- আমাৰ অৱশ্যে চেষ্টা আছে আপোনালোকৰ অসুবিধাবোৰ লাঘৱ কৰিবলৈ। আমি গৌৰৱ বোধ কৰিছোঁ আপোনালোকৰ উপস্থিতিত, আনন্দ পাইছোঁ আপোনালোকৰ সহযোগত আৰু আপোনালোকৰ সন্মিলিত চেষ্টাই আমাৰ সাহিত্যলৈ, ভাষালৈ নতুন দিন আনিব এয়ে আমাৰ বিশ্বাস। আশাদীপ্ত বুকু লৈ বিনয়-নম্ৰভাৱে দুষাৰ কথাকৈ আপোনালোকক আমাৰ আদৰৰ অৰ্ঘ্য যাচিছোঁ—ত্ৰুটি হ'লে মৰষণ কৰিব।

 সাহিত্য সম্বন্ধে কিবা কোৱা মোৰ পক্ষে নিতান্ত ধৃষ্টতা হব, কাৰণ আপোনালোক বহুতে এই বিষয়ে যিমান জানে বা বুজে, অলোচনা কৰিছে বা কৰিবলৈ সাজু আছে তাৰ আংশিক দক্ষতাও মোৰ গাত নাই। অসমীয়া সাহিত্যিকৰ শাৰীত পাত পাৰিবলৈ যত্ন কৰা নাই। ভাষা আৰু সাহিত্যক ভাল পাওঁ, এয়ে আমাৰ সামান্য পৰিচয়। আমাৰ ভাষা আৰু সাহিত্যৰ ভবিষ্যৎ উজ্জ্বল এয়ে আমাৰ চিৰন্তন বিশ্বাস। মানুহক কোৱা শুনোঁ যে অসমীয়া জাতিটোৰ হেনো জীৱন-মৰণৰ সন্ধিক্ষণ। এনে কথা শুনিলে অৱশ্যে গা চেঙাই যায়। কিন্তু ইমানদিন এই কথাষাৰ শুনি আহিলোঁ আৰু অসমীয়া জাতিটো এতিয়াও মৰা নেদেখি, আমি এতিয়া কব নোৱাৰো নে যে মৰা হলে ইমানদিনে আমি মৰিলোহেঁতেন, ইমান সঙ্কট অৱস্থাৰ মাজেৰে অতদিন চলিল যেতিয়া আৰু নমৰোঁ। এক প্ৰকাৰৰ চিকিৎসক আছে ৰোগীৰ ওচৰ চাপিয়ে কয় অলপপৰ তথাকথিত ভাৱে চোৱাচিন্তা কৰি, ‘অৱস্থা বৰ ভাল যেন দেখা নাই, চোৱা যাওক চেষ্টা কৰি’। ৰোগীৰ ওচৰ সম্বন্ধীয় সকলে ভাৱে ‘কেনে জ্ঞানী ডাক্তৰ’। অস্তিত্ব সম্বন্ধে বা আমাৰ জাতিটোৰ আসন্ন মৃত্যু সম্বন্ধে সজাগ কৰি দিয়া সকলকো মই সেই চকুৰেই চাওঁ। ৰোগীও অলপ গম পায় চাগৈ মৰিব নে জীব। আপোনালোকে নিজৰ বুকুত হাত দি চাওকচোন কেনে যেন পাইছে। বুকুৰ ধপধপনি থাকিলেও অস্তিত্বৰ সহাঁৰি পাব। আপোনালোকৰ অনুভূতি যদি আমাৰ লগত মিলে তেনেহলে আৰু কিছুদিন আমাৰ অন্নজল নিশ্চয় আছে। যেয়ে যি নকওক, মৰণ আমাৰ বহুত দূৰত। অৱস্থাৰ লগত খাপ খাই চলিব নোৱাৰিলে জাতিৰ মৰণ সন্নিকট হৈ আহে। নৃতাত্ত্বিক সকলৰ এই মত। সেই কাৰণে আৱশ্যক হ'লে ৰুচিৰ পৰিৱৰ্ত্তন কৰিও সময়ৰ লগত বঠা মাৰি আগ বাঢ়িব লাগিব; সোঁতত নাও এৰি দিয়াৰ কথা কোৱা নাই! দ্ৰুত গতি আৰু ধীৰ ছন্দ যেন আমাৰ আয়ত্ব হয়।

 আদৰণি সভাত প্ৰায় দেখোঁ যে, যি ঠাইত সভা বহে সেই ঠাইৰ ইতিবৃত্তৰে অতিৰঞ্জিত নহলেও সুৰঞ্জিত ছবি এখন থাকে। ম‍ই তেনে চিত্ৰ অঁকাৰ প্ৰয়োজন দেখা নাই—কাৰণ আপোনালোক আটায়ে সুধীজন, তাতে বুৰঞ্জী শাখাৰ সভাতো অনুমান কৰে। এইবোৰ কথাই আলোচিত আমাৰে এজন সুশিক্ষিত দেশপ্ৰেমিক ডেকাই তাত সভাপতিত্ব কৰিব। মূল্যৱান প্ৰৱন্ধৰাজিও সংগৃহীত হৈছে, শুনিবলৈ পাইছো। হব।

 গুৱাহাটীৰ প্ৰাকৃতিক সৌন্দৰ্য্য সম্বন্ধে আপোনালোকক কবলৈ গলে আপোনালোকৰ সৌন্দৰ্য্য জ্ঞানৰ অনাদৰ কৰা হব। আপোনালোকৰ মাজত কবি, দাৰ্শনিক, কলাবিদ, সাহিত্যিক সকলো ৰকমৰ সুধী আছে— আপোনালোকক আজি গুৱাহাটীৰ সৌন্দৰ্য্যলৈ সজাগ কৰা চেষ্টা নিষ্প্ৰয়োজন। ধুনীয়া আকাশৰ কথাই নকওঁ, সন্ধ্যা, ললিতা, কান্তাৰ মিলিত কলগানৰ কথাই নকওঁ, লুইতলৈ পুৱা বা গধূলি সময়ত এটা ভূমুকি মাৰিলেই মন-প্ৰাণ পুলকিত হয়; কবিয়ে লুইতলৈ চাই আত্মবিদ্যুত সুৰত গাইছিল—

“ৰক্তজবা ৰূপধৰি সান্ধ্য দিনমণি
লীন যায় সোণালী সোঁতত;
সমাধি সঙ্গীত গায় বিহঙ্গিনী কূল,
তটিনীৰ কৰুণ সূৰত।”

 এই সুৰৰ কঁপনিয়ে চাৰিদিকে বিয়পি আছে—আকাশে বতাহে।

 আমাৰ কলা, কৃষ্টি, আদিৰ ঐতিহ্য সম্বন্ধেও বক্তৃতা অনাৱশ্যক। এসময়ত ইয়াৰ জলবায়ু ভাল আছিল, এনে কথাই কাৰোবাক সন্তোষ দিব নে, বৰ্ত্তমান জলবায়ু যদি বেয়া হয়? বৰ্ত্তমান গুৱাহাটী পুৰণি প্ৰাগ্‌‌জ্যোতিষৰ খোজতে আগবাঢ়িছে বুলি আমি অনুমান কৰোহঁক। নৰকাসুৰৰ ৰাজধানী, ভগদত্তৰ ৰঙ্গভূমি, কুমাৰ ভাস্কৰবৰ্ম্মাৰ কীৰ্ত্তিমণ্ডিত দেশ, লাচিতৰ বীৰত্বৰ পটভূমি—এই সকলোৱে আপোনালোকৰ অবগত। বশিষ্ঠৰ পৰা আগ্নিবাণেশ্বৰ, দীৰ্ঘেশ্বৰী, পাণ্ডুনাথ, কামাখ্যা, অশ্বক্ৰান্ত শুক্ৰেশ্বৰ, উমানন্দ কোনখন দেৱালয়কে বা আপোনালোকে নাজানে কোনখনৰে বা মাহাত্ম্য বা গৰিমা কম? কিন্তু বাহিৰত এই দেৱালয়বোৰৰ যেনে গৌৰৱ আমি তিমান সজাগ নে? অৱশ্যে বাতৰি কাকতৰ কথা যদি সঁচা হয়, মটৰ যানেৰে ভূৱনেশ্বৰীলৈ আপোনালোকে অচিৰতেই যাব পাৰিব। পানীৰ সমস্যাও সমাধান হব বুলি আশা কৰোঁ। প্ৰাগজ্যোতিষৰ ৰাজনৈতিক কীৰ্ত্তি ঘুৰি আহক নাহক, জ্ঞান বিজ্ঞানৰ যুগ আহিব বুলি আশা কৰোঁ। আমাৰ বিশ্ববিদ্যালয় চালুকীয়া হলেও ইয়াত যিমানবোৰ বিষয়ৰ শিক্ষাদানৰ ব্যৱস্থা কৰা হৈছে আৰু দেশবিদেশৰ পৰা যিমানবোৰ অধ্যাপক আৰু বিদ্বান লোকৰ সমাবেশ কৰা হৈছে, অদূৰ ভবিষ্যতত আমাৰ পূৰ্ব্ব কীৰ্ত্তি পুনৰ উজ্জীৱিত হব বুলি বিশ্বাস। এটি বিষয়ত অৱশ্যে এতিয়াও আশা সঞ্জীৱিত হোৱা নাই, ভাষ্কৰ্য্য সম্বন্ধে। সঙ্গীতৰো উন্নতি সাধনৰ বাটত কিছু পৰিমানে চেষ্টা চলিছে কিন্তু ভাষ্কৰ্য্য চিৰকাললৈ গ'ল গৈ নেকি? যি দেশত উত্তুঙ্গ শিৱদৌল নিৰ্ম্মিত হৈছিল তাৰ খহি পৰা কলচি লগাবলৈ বাহিৰৰ পৰা বিশেষজ্ঞ অনোৱাৰ কথা শুনিছিলোঁ। দেৱতাৰ দোলা বা আসন গঢ়া শিল্পী সকল কলৈ গল? হেঙুল হাইতালৰ চিত্ৰণ সমূলি নোহোৱা হল গোমচেঙ, কিঙ্খাপৰে নিচিনা।

 পণ্ডিত্ব আবাসভূমি এই দেশ দূৰ অতীতৰ পৰা। মহাৰাজাধিৰাজ ৰত্নপাল বৰ্ম্মাদেৱৰ তামৰ ফলিত লিখা আছে যে, “নগৰত উত্তম প্ৰাগজ্যোতিষ, বিদ্বান সকলেৰে সুশোভিত, ধাৰ্ম্মিক পণ্ডিত আৰু কবি সকলেৰে সুৰঞ্জিত। তেওঁলোকক দেখিলে ধাৰণা হয় যেন আকাশত বুধ, বৃহষ্পতি, শুক্ৰ আদি গ্ৰহৰ থূলহে।” দূৰ অতীতলৈ যাবই নালাগে, এই দেশৰ গৌৰৱ আৰু শিক্ষা আদিব চৰ্চ্চা আজিও ম্লান হোৱা নাই। শ্ৰীচন্দ্ৰভাৰতীৰ পৰা পণ্ডিত প্ৰৱৰ আনন্দৰাম বৰুৱালৈকে সিদিনৰ পণ্ডিত সকলৰ কথা কোনে নাজানে? আনকি অসমীয়া ভাষাৰ গুৰি ধৰোঁতা আনন্দৰাম ঢেকিয়ালফুকন, হেমচন্দ্ৰ বৰুৱা আদিও ইয়াতে কালাতিপাত কৰে। এতিয়াৰ বৰ্ত্তমান অসমীয়া কবি সকলৰ ভিতৰত শ্ৰীৰঘুনাথ চৌধুৰী, শ্ৰীঅম্বিকাগিৰি ৰায়চৌধুৰী, আৰু শ্ৰীযুতা নলিনীবালা দেৱীৰ নাম অম্লান জ্যোতিৰে অসমীয়া সাহিত্যত চিৰন্তন হৈ জিলিকি থাকিব। স্বৰ্গীয় ভাষাবিদ ডাঃ বাণীকান্ত কাকতি, পুৰাতত্ত্ববিদ ডাঃ সূৰ্য্যকুমাৰ ভূঞা, স্বৰ্গীয় কবি আৰু সাহিত্যিক হেমচন্দ্ৰ গোস্বামী দেৱৰ কৰ্ম্মভূমিও এই গুৱাহাটী নগৰেই। আমাৰ নব-প্ৰতিষ্ঠিত বিশ্ববিদ্যালয়ৰ জৰিয়তে অকল সাহিত্য আৰু কৃষ্টিৰ উন্নতিয়ে কামনা কৰা নাই, জ্ঞান-বিজ্ঞানৰ প্ৰভাৱতো প্ৰাগজ্যোতিষৰ পুৰণি গৌৰব ঘূৰি আহিব বুলি আশা কৰোঁ।

 বুৰঞ্জী বা ঐতিহ্যৰ কথা এৰি দি বৰ্ত্তমান সমস্যালৈ আহোঁ! বহুভদিন আমি অসমীয়া সকলে আসোঁৱাহ বা আপত্তি জনাই আহিছিলোঁ যে বিদেশী শাসনকৰ্ত্তা সকলে আমাৰ স্থানীয় অসমীয়া ভাষা নেওচি পশ্চিমত চলি থকা বঙলা ভাষা আনি আমাৰ ওপৰত জাপি দিছিল আৰু সেয়ে অসমীয়া ভাষাৰ উন্নতিত বাধা পৰিছিল। মোৰ মতেৰে এই কথাষাৰ আংশিক ৰূপে সত্য হলেও সম্পূৰ্ণ সত্য নহয়! আমাৰ নিজৰ ফালৰ পৰা আপ্ৰাণ চেষ্টা হলে ভাষা বা সাহিত্যৰ বহুল উন্নতি বা প্ৰচাৰ হব নোৱাৰে। অন্যূন পঞ্চাশ বছৰ কাল বঙালী বা অইন কোনো ভাষাই আমাৰ সাহিত্যগত উন্নতিত কোনো বাধা দিয়া নাই বৰং পৰোক্ষ ভাবে সহায়হে কৰিছে। ৰবীন্দ্ৰনাথ ঠাকুৰ, বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়, মাইকেল মধুসূদন, শৰৎচন্দ্ৰ চট্টোপাধ্যায়, দ্বিজেন্দ্ৰলাল ৰায় শিক্ষিত অসমীয়াৰ পক্ষে অপৰিচিত নহয়। তেওঁলোকৰ লিখনীয়ে অসমীয়া লিখক, কবি, নাট্যকাৰ, সাহিত্যিক সকলক বিজাতৰিয়া কৰা নাই বৰং জাতীয়তাত উদ্বুদ্ধ হবলৈ সহায়হে কৰিছে। বিদ্যাপতি বা চণ্ডীদাসকে৷ আমাৰ পৰ যেন নালাগে। অন্তৰৰ ভাষা যেয়ে কয় তাকে জানো আমাৰ আপোন যেন নালাগে? ইংৰাজ কবি, নাট্যকাৰ সকলে ভাৰতীয় বৰ্ত্তমান সাহিত্যলৈ প্ৰেৰণা যোগোৱা নাইনে? গুণগ্ৰাহীতা বা কৃষ্টিগ্ৰাহীতা বৰ্দ্ধিষ্ণু লিখক সকলৰ লক্ষণ। মৈথিলী বা ব্ৰজবুলি ভাষাৰ পৰা অসমীয়া ভাষালৈ মহাৰুপুষ সকলে যি সম্পদ আনিছিল তাকে আমি নিজৰ কৰি লোৱা নাই নে? “তিমিৰ ফেৰিয়া বাজ ৰবিৰ কিৰণ”—এনেবোৰ ভাষা বা কথা আমাৰ হাৰে হিমজুৱে সোমাই যোৱা নাই নে? মোৰ মনেৰে মূল্যৱান সম্পদ যি সাহিত্যতে নাথাকক, তাকে আমি নিজৰ কৰি লৈ, নিজ কৃষ্টি আৰু সমাজক ভেটি কৰি লৈ আগবঢ়াই সুবিবেচক সাহিত্যিক সকলৰ কাম হব। যি সকলে ভাষাত বিদেশী ঠাচ বা ভঙ্গী সুমুৱায়, মোৰ মনেৰে তাৰ দ্বাৰা তেওঁলোকে নিজৰ ভাষাক আংশিক ভাৱে পঙ্গুঁ কৰে। স্বৰ্গীয় সত্যনাথ বৰা ডাঙৰীয়াৰ কথা এইখিনিতে মনলৈ আহে। তেখেত আছিল নিভাঁজ অসমীয়া ভাষাৰ ব্যৱহাৰৰ পৰিপোষক। আজিকালি আমি ন লিখাৰুৰ লিখনীত পাওঁ ‘কাষে পাজৰে’ৰ ঠাইভ ‘আশেপাশে’, ‘চেঁচা’ৰ ঠাইভ ‘ঠাণ্ডা’, ‘তপত’ৰ ঠাইত ‘গৰম', ‘একো ক্ষতি নহয়’ৰ ঠাইত ‘আহি নাযায়।’ অকল ভাষা বুলিয়েই নহয় ভাবৰ ঠাইতো বহুত ক্ষণভঙ্গুঁৰ ভাব নতুন লেখক সকলে সাহিত্যত দিবলৈ চেষ্টা কৰিছে। এইবোৰ বিচাৰৰ ভাৰ সাহিত্যিকসকলৰ। ভাৰতীয় সংবিধানত অসমীয়া ভাষাই মৌলিক ভাষাৰ ঠাই পাইছে, ইয়াক কোনোৱে হঠাতে মচি আঁতৰাব নোৱাৰে। স্থানীয় স্কুল-কলেজ বা আদলততে অকল ইয়াৰ স্থান নহব, ৰাজ্যিক সকলো অনুষ্ঠানতে ইয়াৰ স্থান থাকিব। সেই কাৰণে আমাৰ চেষ্টা হোৱা উচিত ইয়াক কেনেকৈ টনকিয়াল কৰিব পাৰোঁ ৷ বহুতে বিশ্বাস কৰে যে অনুবাদ সাহিত্যৰ দ্বাৰা আমাৰ ভাষা আৰু সাহিত্য সহজে চহকী কৰিব পৰা যায়,— মই অনুবাদৰ বিৰোধী নহলেও এইটোৱে প্রকৃষ্ট পন্থা বুলি নাভাবোঁ। মৌলিক সাহিত্যইহে ভাষা আৰু সাহিত্যৰ স্থান নির্দেশ কৰে। সাহিত্য জীৱনৰ প্ৰতিচ্ছবি, – আমাৰ জীৱন পন্থ৷ যদি উন্নত হয়, সাহিত্য উন্নত ধৰণৰ হবলৈ বাধ্য। আমাৰ চিন্তা প্রণালী যদি উন্নত স্তৰৰ হয়, সাহিত্যত তাৰ ছাপ পৰিব, – আমাৰ প্ৰাণ যদি স্বচ্ছল আৰু অনুভূতি সবল হয়, ভাষা তেতিয়াহে প্রাঞ্জল হব । সপোনত সাহিত্য ফুটি নুঠে - কঠোৰ শ্ৰম আৰু সাধনাৰ ফলত যি সাহিত্য গঢ়ি উঠে, সেয়েহে জাতিৰ স্থায়ীত্বসূচক সাহিত্য ।

আমাৰ ৰাজনৈতিক স্বাধীনতাই সাহিত্যত এটা নতুন যুগ আনিব বুলি আশাকৰোঁ। ৰাজনৈতিক স্বাধীনতাই সামাজিক দায়িত্ব আৰু গৰিষ্ঠতাবোধও আনে আৰু তাৰ প্ৰতিচ্ছবি সাহিত্যত পৰিব সন্দেহ নাই ৷ আমাৰ ৰাষ্ট্ৰীয় ভাষা হিন্দী হোৱাৰ ফলত দুই এজনে অনুমান কৰে, আৰু তাৰ ভিতৰত সজ বিবেচক লোকো আছে, যি সকলে ভাবে যে হিন্দীৰ সংঘাতত অসমীয়া ভাষাই কিজানি নিম্নতৰ স্থান অধিকাৰ কৰে। মোৰ মনেৰে এনে আশঙ্কাৰ একো কাৰণ নাই । হিন্দী ভাষা অসমীয়াৰ নিচিনা আৰ্য বা Indo Aryan গ্রুপৰে ভাষা; --আমাৰ সাহিত্য বা ভাষাৰ পৰিপন্থী বীজ তাত একো নাই, বৰং বহুত হিন্দীশব্দ আমাৰ মাজত আগৰে পবা প্রচলিত আছে,--আৰু তাৰ গঠন প্রণালী ভালেখিনি আমাৰ ভাষাৰে নিচিনা।

মাজতে বাতৰি কাকতত আলোচনা দেখিছিলোঁ যে হিন্দী আখৰ বা ‘হৰফ’ অসমীয়া ভাষাত চলোৱাৰ বাবে সমাজৰ কোনো কোনো কৰ্ণধাৰ ব্যক্তিয়ে ইচ্ছা প্রকাশ কৰিছে। ইয়াৰ সাৰ্থকতা আমি অকণো দেখা নাই । সাহিত্য আৰু ভাষাৰ সৌষ্ঠৱেহে লোকৰ মন আকৰ্ষণ কৰে,— আখৰ সলাই সৰবৰহী হোৱাৰ একো অৰ্থ নাই বৰং এয়ে আমাৰ দুৰ্ব্বলতাহে প্ৰকাশ কৰিব। জনজাতিৰ মাজত অসমীয়া ভাষা আথৰ সলালেই প্ৰিয় হৈ উঠিব, এইটো এটা কপোল-কল্পনা।

 ৰাজনৈতিক সম্বন্ধ আলোচনা কৰা পোনপতীয়াকৈ আমাৰ দখলত নপৰে –কিন্তু ৰাজনৈতিক অৱস্থাৰ প্ৰভাৱ এৰুৱায়ো আমি চলিব নোৱাৰোঁ। লুকাই ৰখা কথা নহয়, ভাৰতীয় স্বাধীনতাৰ আন্দোলনৰ লগে লগে সাহিত্যৰ প্ৰতি মনোযোগ বহুত কমি গৈছে আৰু আজিৰ যুগতো ৰাজনৈতিক ক্ষেত্ৰলৈ জনসাধাৰণৰ যিমান আকর্ষণ বা মনোযোগ দেখা যায়, সাহিত্য বা ভাষাৰ উৎকৰ্ষ সাধনলৈ মানুহৰ সেই আগ্ৰহ নাই। আমাৰ দেশত বুলিয়েই নহয়, আন ঠাইতো সেই একে অৱস্থ| দেখা যায় । ফৰাচী লিখক আঁন্দ্রে ময়ৰাই সিদিনা কথা প্রসঙ্গত কৈছে যে হিটলাৰী যুগত জাৰ্মানীত লেখত লবলগীয়া কোনো সাহিত্যৰ সৃষ্টি হোৱা নাছিল। আনফালে বলছেভিক আমলত নতুন ভাবৰাজ্যৰ লগত খাপ খোৱাকৈ ৰুচিয়াত নতুন সাহিত্যৰ সৃষ্টি হৈছে। জনসাধাৰণৰ মাজত ভাবৰ আৰু আদৰ্শৰ বন্যা আহিলে সাহিত্যতো প্লাৱন আহিব। গণ-নাট্য বা গণ- সাহিত্যৰ প্ৰচেষ্টাৰ আমি বিৰোধী নহওঁ কিন্তু যদি শ্রেণী বিশেষক লৈ আবদ্ধ থাকে তেতিয়া সাহিত্য সৰ্ব্বব্যাপী নহৈ ব্যথিতগতি হোৱাৰ আশঙ্কা এটা থাকে।

 নাটক আৰু সঙ্গীত ‘একাডেমি আদি নতুন প্রচেষ্টাই সাহিত্যত নবযুগৰ সূচনা মেলিব বুলি আমি আশা কৰোঁ। কেবাখনো বোলছবি বা কথাছবি অসমীয়া ভাষাত প্ৰকাশ হোৱাত আমি আনন্দ পাইছোঁ আৰু জনসাধাৰণৰ মাজত ইয়াৰ দ্বাৰা অসমীয়া ভাষা আৰু কৃষ্টিৰ আদৰ বাঢ়িব বুলি আমাৰ ধাৰণা। ভাৰত চৰকাৰৰ দ্বাৰা নিয়ন্ত্রিত হলেও আকাশবাণীয়ে আমাৰ সাহিত্য, ৰচনা, সঙ্গীত, নাটক আদি বহুত বিষয়তে অকল আল ধৰাই নহয়,—প্রেৰণাও যোগাইছে বুলি কব পাৰোঁ।

 আমাৰ সাহিত্যৰ বা দেশৰ ভবিষ্যত ধৰণী হল উঠি অহা লৰা ছোৱালী সকল। শিশু অৱস্থাতে সুশিক্ষাৰ বা উন্নত ধৰণৰ শিক্ষাৰ বীজ পচাব পাৰিলে তেওঁলোকৰ আৰু দেশৰ উন্নতি অনিবার্য্য। শিশু সাহিত্যলৈ আমাৰ আৱশ্যকীয় পৰিমাণে মনযোগ দিয়া হোৱা নাই, কিতাপ দেখিলে লৰাই ভয় নকৰা ধৰণৰ পাঠ্যৰ একান্ত অভাৱ। আমাৰ পাহাড়-পর্ব্বতে থকা অকল জনজাতিয়ে নহয়,— অসমত যি সকলৰ বাস,আদিতে যৰে পৰাই নাহক, সকলোৰে মিলিত চেষ্টাতে অসমীয়া 'ভাষা আৰু সাহিত্যই ঠন ধৰি উঠিব বুলি আমাৰ বিশ্বাস আৰু আমি দেশী-বিদেশী সকলো লিখককে নিজৰ নিজৰ অৰিহনাৰে পূব অঞ্চলৰ এই প্রান্তীয় ভাষাৰ মুখ সমুজ্জ্বল কৰক – এই গোহাৰি জনাইছো। আমাৰ অস্তিত্ব বিৰাট হওক আৰু সেই বিৰাটৰ ছাঁ সাহিত্যত প্রতিফলিত হওক।

আমাৰ সকলোৰে শ্ৰদ্ধা আৰু আদৰৰ কবি দুৱৰাদেৱ এই সভাৰ সভাপতি। আজীৱন আশাসুধীয়াভাৱে সাহিত্য সেৱা কৰি জীৱনৰ ভৰপক অৱস্থাত আমাক তেখেতৰ অভিজ্ঞতা আৰু ভাবধাৰাৰ সন্ধান দিব—ইয়াতকৈ সুখৰ কথা আৰু কি আছে? তেখেতৰ আৰু আপোনালোকৰ সেৱা সৎকাৰত আমি যে কৃতকাৰ্য্য হৈছে৷ কব নোৱাৰে৷; কিন্তু আদৰণি সভাৰ তৰফৰ পৰা আৰু মোৰ নিজৰ ফালৰ পৰা আপোনালোকক অকল মিনতি পূর্ণ স্বাগত অভিবাদনেই নহয়, আমাৰ হিয়াভৰা কৃজ্ঞতাও জনাইছে৷ ৷

আজিলৈ ইয়াকে কৈ আপোনালোকৰ ওচৰত মূৰ দোৱাইছো ৷

গুৱাহাটী-
১০ পুহ ১৮৭৭ শক
২৬-১২-৫৫
শ্রীহলীৰাম ডেকা
অভ্যর্থনা সমিতিৰ সভাপতি
 

 


পূৰ্ব্বজ্যোতি প্ৰেছ
গুৱাহাটী।



 

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৫ চনত ১ জানুৱাৰী ১৯৬৫ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )