অসম নমৰে আমিও নমৰো/মুকলি চিঠিৰ মুকলি উত্তৰ
মুকলি চিঠিৰ মুকলি উত্তৰ
শ্ৰদ্ধেয় ড° গোহাঁই,
মোৰ বৰ্ধমান ভাষণৰ বিকৃত চমু বিবৰণ আৰু সেই সম্পৰ্কে বিভ্ৰান্তিকৰ মন্তব্য অসম বাণীত ওলোৱা বাবে উক্ত আলোচনীৰ ১৭ ফেব্ৰুৱাৰীৰ সংখ্যাত মই এটি স্পষ্টীকৰণ দাঙি ধৰিছিলো। তাৰ পাচতো ‘মনত দুটামান খুকুৰি’ থাকি যোৱা বুলি আপুনি ২১ ফেব্ৰুৱাৰীৰ সাঁচিপাতত লিখিছে।
বাতৰি কাকতৰ ওপৰত এই ক্ষেত্ৰত আপোনাৰ দেখোন অগাধ বিশ্বাস! অসমৰ প্ৰায়বোৰ বাতৰিকাকতৰ (আন কি টেলিগ্ৰাফ আদি কলিকতীয়া বোৰৰো) বিচিত্ৰ চৰিত্ৰ আপোনাৰ অজান নহয়। গতিকে ইবোৰৰ প্ৰথম পৃষ্ঠাত সাড়ম্বৰে এটা খবৰ প্ৰচাৰ হোৱা দেখিয়ে বিবুধি হোৱাৰ সলনি আপুনি সন্দিহান হে হব লাগিছিল। কাৰণ প্ৰসংগৰ পৰা এটি দুটি বাক্যক বিচ্ছিন্ন কৰি আনি বক্তব্যৰ বিকৃতি সাধন উদ্দেশ্যধৰ্মী অপসাংবাদিকৰ এটি চিৰাচৰিত কৌশল। আপুনি সেই ফান্দত পৰিছে। ‘গণশক্তি’য়েও যদি অনুৰূপ ফান্দত পৰিছে মোৰ বক্তব্য একেটাই। মোৰ মত সলনি হোৱা বুলি সঁচাকৈয়ে যদি কাৰোবাৰ ধাৰণা হৈ থাকে, তেনেহলে তেওঁলোকৰ বাবে আকৌ মোৰ এই দ্বিতীয় স্পষ্টীকৰণ।
সম্প্ৰতি ভাৰতীয় ইতিহাস কংগ্ৰেছত আধুনিক ভাৰতীয় ইতিহাস শাখাৰ সভাপতি হিচাপে মই দিয়া ভাষণৰ বিষয়বস্তু আছিল “ইতিহাসৰ প্ৰেক্ষিতত জাতীয়তাবাদঃ সৰ্বভাৰতীয় আৰু আঞ্চলিক”। এতেকে, সাম্প্ৰতিক অসম আন্দোলনৰ প্ৰশ্নটো প্ৰসংগক্ৰমেহে আহি পৰিছিল; ই মূল বিষয় নাছিল। আন্দোলনত “নিৰ্ভাজ” (?) জাতীয় উপাদান থকাৰ কথা মই নাই কোৱা; আগতে কোৱাৰ দৰেই ভাঁজ থকা জাতীয় ভাবাবেগ থকাৰ কথাকে দোহাৰিছিলো। কিন্তু, বাতৰি কাকতবোৰে জানো আপোনাক এইখিনি কথা জানিবলৈ দিছিল?
যি কি নহওক, আপুনি নানানটা প্ৰশ্ন কৰিছে যেতিয়া, মই মোৰ মুদ্ৰিত ভাষণৰ পৰা সাম্প্ৰতিক আন্দোলন সম্পৰ্কীয় যাবতীয় মন্তব্যৰ সঠিক ভাঙনি আপোনাৰ অবগতিৰ বাবে উপস্থিত কৰিলো।
| পৃঃ ১৯ঃ | “ধৰ্মনিৰপেক্ষতা আৰু ফেদাৰেল মনোভাব হেৰুৱাই পেলালে, ভাৰতীয় জাতীয়তাবাদ অধঃপতিত হৈ আগ্ৰাসী বৃহৎ জাতীয়তাবাদৰ ৰূপ লয়। |
| আনফালে, আঞ্চলিক জাতীয়তাবাদৰ নিজস্ব কিছু বক্তব্য থাকিলেও থাকিব পাৰে। কিন্তু ঐক্য আৰু সংহতি সাধনৰ (assimilation) মনোভাব হেৰুৱাই পেলালে ই অধঃপতিত হৈ উগ্ৰ জাতীয়তাবাদী (chauvinist) -আন কি, কোনো কোনো চৰম ক্ষেত্ৰত বিচ্ছিন্নতাবাদী (secessionist) ক্ষুদ্ৰ জাতীয়তাবাদৰো ৰূপ লয়” পূঃ ৩০ঃ “জন-প্ৰব্ৰজনৰ হাৰে সংহতি সাধনৰ হাৰক চেৰাই যায় বুলি আৰু তাৰ ফলত (জনসংখ্যাত) ভাৰসাম্য তেওঁলোকৰ বিপক্ষে কাতি হয় বুলি ভাবি খিলঞ্জীয়া (ethnic) অসমীয়া আজি নিৰন্তৰ ভয়গ্ৰস্ত। মূলতঃ এই নৰাতংকই, সংখ্যা লই এই ভয়েই খিলঞ্জীয়া অসমীয়াক সাম্প্ৰতিক দীৰ্ঘস্থায়ী বিদ্ৰোহলৈ ঠেলি দিছে। তদুপৰি, ব্ৰহ্মপুত্ৰ উপত্যকাত স্বতন্ত্ৰ গৃহভূমিৰ বাবে চলি থকা ভৈয়ামৰ জনজাতীয় সকলৰ আন্দোলনেও তেওঁলোকৰ ভয়ভাব (fear complex) বঢ়াই তুলিছে। সাম্প্ৰতিক এই অসম আন্দোলন সম্পৰ্কে মই অন্যত্ৰ বিতংকৈ আলোচনা কৰিছো; ইয়াত মাত্ৰ এইখিনি কৈ থ’ব খুজিছো যে, যেনেকৈয়ে উদ্দেশ্য প্ৰণোদিত আৰু যিমানেই অপচালিত নহওঁক, এই আন্দোলন জনসংখ্যাৰ অভূতপূৰ্ব হেঁচা আৰু ৰুদ্ধগতি অৰ্থনীতিৰ মাজত চেপাখোৱা অসমীয়া জাতিৰ ক্ৰোধ আৰু আশাভংগৰ প্ৰতিফলন হিচাবে ঐতিহাসিক ভাবে অৰ্থবহ (has a certain historical meaning)” |
এই খিনিতে উল্লেখ্য যে এই বক্তব্যৰ সমৰ্থনত Economic and Political Weekly ত প্ৰকাশিত মোৰ তিনিটি ৰচনালৈ আঙুলিয়াই দিয়া হৈছিল, য’ত এই সংকীৰ্ণ জাতীয়তাবাদী আন্দোলনৰ ঐতিহাসিক তাৎপৰ্য্য আৰু সকলো দিশৰ, বিশেষকৈ নেতিবাচক দিশৰ বিস্তৃত, আলোচনা আছে।তাতেই আলোচনা কৰিছো, কেনেকৈ এই আন্দোলন উগ্ৰ ৰূপত অবাটেৰে চালিত হৈছে আৰু ইয়াৰ উদ্দেশ্য প্ৰণোদিত শ্ৰেণীভিত্তি কি। এই আন্দোলনত বিচ্ছিন্নতাবাদী শক্তিৰ উপস্থিতি সম্পৰ্কেও সতৰ্ক কৰিছো। অসম অৰ্থনৈতিকভাবে অবহেলিত আৰু একচেটিয়া পুঁজিৰ দ্বাৰা শোষিত হোৱাটো বিক্ষোভৰ অন্যতম প্ৰধান কাৰণ বুলিও কৈছো।
| পৃঃ ৩১-৩২ঃ | “অঞ্চলৰ বাহিৰৰ বৃহৎ বুৰ্জোৱাই হেঁচি ধৰাত ভবিষ্যৎ এন্ধাৰ যেন দেখি আজিৰ অসমীয়া সৰু মজলীয়া বুৰ্জোৱাই অভিবাসী সম্প্ৰদায় সমূহৰ পৰা উঠি অহা বুৰ্জোৱা চামক তেওঁলোকৰ সীমিত ৰাষ্ট্ৰ ক্ষমতা আৰু সা-সুবিধাৰ ভাগ দিবলৈ প্ৰস্তুত নহয়। “সেয়ে সৰ্বগ্ৰাহ্য নিৰ্দিষ্ট তাৰিখৰ পৰা প্ৰাককালিক প্ৰয়োগৰ সৈতে জনাগমন ৰোধ কৰাৰ দাবী। চলি থকা অসম আন্দোলনৰ ঘোষিত (Professed) উদ্দেশ্য এতেকে (ভাৰতৰ পৰা) বিচ্ছেদ নহয়, ৰাজ্যখনৰ মৌলিক জাতীয় (ethnic) চৰিত্ৰৰ সংৰক্ষণ।” |
| ‘বিদেশী বিৰোধী’ আন্দোলনৰ নামত চলা হিংসাৰ আতিশয্য আৰু গণহত্যা, ইয়াৰ চুকে কোণে শ্যেন সদৃশ উগ্ৰসকলৰ বিচ্ছিন্নতাবাদী ভাবুকি আৰু পৰিণতিত ইয়াৰ প্ৰাথমিক গণভিত্তিৰ সংকোচন— এইবোৰ সত্বেও এই অপচালিত আন্দোলনক আজিকোপতি জীয়াই ৰাখিছে ইয়াৰ অন্তঃস্থলত থকা কেতবোৰ জাতীয় আশা আকাঙ্খাৰ ন্যায্যতাই।” |
এইবোৰ আশা-আকাঙ্খাৰ কথাও মোৰ পূৰ্বোক্ত ৰচনাত্ৰয়ত বিতংকৈ আলোচিত হৈছিল। ইতিহাস কংগ্ৰেছৰ সীমিত মঞ্চত সমস্যাৰ ভবিষ্যৎ সমাধানৰ আলোচনা এক্তিয়াৰ বহিৰ্ভুত। এতেকে অসম প্ৰসংগৰ সামৰণিত (পৃ-৩২) মই মাত্ৰ এইখিনি কথাই কৈছিলো যে স্ব-শাসন, সংহতিসাধন, নাগৰিকৰ আৰু সংখ্যালঘুৰ সাংবিধানিক অধিকাৰ, ধৰ্মনিৰপেক্ষতা, আইনৰ বিধিসম্মত প্ৰয়োগ (due procedure)— এই সকলোটি বিষয়ৰে গুৰুত্ব আৰু প্ৰাসংগিকতা আছে ফেদাৰেল ভাৰতৰ মহাজাতীয় বিকাশৰ সমস্যাৰ ক্ষেত্ৰত।
‘নিভাঁজ জাতীয় উপাদান’ কথাটো যেতিয়া মোৰ ৰচনাত অনুপস্থিত, তাৰ স্বৰূপ নিৰ্ণয়ৰ দায়িত্বও মোৰ নহয়; ই যিসকলৰ মনে খন্দা পুখুৰী, তেওঁলোকৰ। ‘অবাধ প্ৰব্ৰজনৰ পৰা অসমীয়া মানুহৰ মনত যি উৎকণ্ঠা আৰু আশংকাৰ জন্ম হৈছে’ সেই সম্পৰ্কে আলোচ্য ভাষণত যথেষ্ট গুৰুত্ব দিয়া হৈছে, যেনেকৈ দিয়া হৈছে মোৰ আন্দোলন বিষয়ক পূৰ্ব প্ৰকাশিত প্ৰতিটো ৰচনাত। এতেকে এই আন্দোলনত ‘নিভাঁজ জাতীয় উপাদান’ থকা বুলি ক’ব,নে ‘নিভাজ বলিয়ালি’ থকা বুলি ক’ব সেইটো আপুনিয়ে ঠিক কৰক।
তাহানিৰ ‘লড়কে লেংগে পাকিস্তান’ আন্দোলনৰ লগত এই আন্দোলনক ৰিজাই চাইছে নে কেতিয়াবা? এই শতাব্দীৰ বিশৰ দশকত জাৰ্মানীত জাতীয় সমাজতন্ত্ৰী দলৰ নেতৃত্বত যি গণ আন্দোলন গঢ়ি উঠিছিল তাৰ লগত? তাৰ মঞ্চত জাৰ্মান জণগনৰ কিছু ন্যায্য জাতীয় দাবীও ঠাই পাইছিল। কিন্তু আৰম্ভণিৰে পৰা জাৰ্মান জাতিৰ তথাকথিত বিশুদ্ধতা ৰক্ষা আৰু আত্মপ্ৰতিষ্ঠাৰ বাবে চলোৱা এই আন্দোলন আছিল কম্যুনিষ্ট বিৰোধী, ইহুদি বিৰোধী, গণতন্ত্ৰ-অসহিষ্ণু উগ্ৰ জাতীয়তাবাদ। কিছু ন্যায্য জাতীয় দাবীৰ গইনা লৈ ই জাৰ্মান জাতিৰ বিপুল অংশক দীৰ্ঘকাল মোহিত কৰি ৰাখিব পাৰিছিল। জাতীয় উপাদানৰ লগত বলিয়ালি আৰু শোষক শ্ৰেণীৰ স্বাৰ্থ সাঙোৰ খাইছিল। অসম আন্দোলনতো আহত জাতীয়তাবাদৰ প্ৰায় অনুৰূপ প্ৰকাশ দেখি আছো। বিভিন্ন চামৰ অসমীয়া উগ্ৰ জাতীয়তাবাদীসকলৰ ঐক্যবদ্ধ সংগ্ৰামী ফ্ৰণ্টৰ কাৰ্যসূচী সামন্তীয় আৰু একচেটিয়া পুজিঁৰ শোষণৰ বিৰুদ্ধে যোৱা নাই; পক্ষে গৈছে। ইয়াক অৰ্থহীন আন্দোলন বুলি কলে যথেষ্ট নহয়; প্ৰতিক্ৰিয়াশীল ভেদবাদী আৰু অগণতান্ত্ৰিক জাতীয় আন্দোলন। এই ফ্ৰণ্টৰ জনৈক আগশাৰীৰ নেতাই আগন্তুক বিশ বছৰৰ বাবে মানবতাবাদক মুলতুবি ৰাখিবলৈ অসমীয়া ৰাইজলৈ পৰামৰ্শ আগ বঢ়াইছে।
অৱশ্যে, অসমীয়া জাতিৰ ন্যায়সংগত আশা আকাঙ্খাক ৰূপ দিয়াৰ ভিত্তিতেই এই প্ৰতিক্ৰিয়াশীল আন্দোলনৰ মোকাবিলা কৰিব লাগিব। CPI[১] আৰু CPI-M দলৰ একাধিক পুস্তিকা পাঠ কৰি আৰু কাৰ্য্যকলাপ চাই মোৰ ধাৰণা হৈছে, মোৰ বক্তব্যৰ লগত তেওঁলোকৰ বক্তব্যৰ কোনো মৌলিক পাৰ্থক্য নাই। পাৰ্থক্য যদি কিবা থাকে, সেয়া emphasis আৰু জনসংযোগৰ কৌশল সম্পৰ্কে। কিন্তু মই এই বিষয়েও সচেতন যে এজন গাইগুটীয়া বুদ্ধিজীৱীতকৈ গোষ্ঠীবদ্ধ ৰাজনৈতিক দল এটিৰ অভিজ্ঞতা বেছি। এইটো কথা ঠিক নহয় যে বাওঁপন্থী মহলে অসমীয়া ৰাইজৰ ন্যায্য আশা-আকাঙ্খাৰ প্ৰতি পিঠি দিছে। তেওঁলোকে ভাৰতীয় বৃহৎ পুঁজিক অসমৰ অৰ্থনৈতিক পংগুতাৰ বাবে দায়ী কৰা নাই বুলি কলেও মিছা মতা হ’ব। আপোনাৰ অবগতিৰ বাবে “বিদেশী নাগৰিকৰ সমস্যা সম্পৰ্কত মাৰ্ক্সবাদী কমিউনিষ্ট পাৰ্টিৰ বক্তব্য” ( গুৱাহাটী, মাৰ্চ ১৯৮০) পুস্তিকাটিৰ পৰা কিছু উদ্ধৃতি তলত দিলো।
ৰাজ্যিক কমিটিৰ প্ৰস্তাব ২১ চেপ্টেম্বৰ ১৯৭৮ : “যি নহওক কিয়, অসমত বিদেশীৰ অনুপ্ৰবেশ বন্ধ কৰিবই লাগিব।”
গৃহমন্ত্ৰীৰ উপস্থিতিত সৰ্বদলীয় দিল্লী আলোচনাত দলৰ বক্তব্য ৩০ নবেম্বৰ, ১৯৭৯ঃ “অনা অসমীয়া জনসংখ্যাৰ হেঁচাত সাংস্কৃতিক আৰু ৰাজনৈতিক ভাবে তেওঁলোক বিপন্ন হ’ব বুলি অসমীয়া মানুহ সচাঁকৈয়ে শঙ্কিত হৈছে। এটা ধাৰণা হৈছে যে দেশ বিভাজনৰ পৰা উদ্ভুত হোৱা বোজা লোৱাৰ দায়িত্ব যদিও সমগ্ৰ দেশৰে আছিল অসমৰ ওপৰত তাক বেছিকৈ জাপি দিয়া হল। এই প্ৰশ্ন এতিয়া জাতীয় পৰ্যায়ত শীঘ্ৰে আৰু জৰুৰীভাবে সমাধান কৰা দৰকাৰ।”
পুস্তিকাৰ পাতনিত শ্ৰীঅচিন্ত্য ভট্টাচাৰ্যই লিখিছে: “অসমৰ জনসংখ্যাৰ গাঁঠনিৰ বৰ্তমান ৰূপ আৰু বিদেশী অনুপ্ৰবেশৰ বাবে অসমীয়াৰ জাতি সত্বা আৰু ভাষা সংস্কৃতি বিপদাপন্ন হ’ব পাৰে বুলি অসমীয়া জনসাধাৰণৰ মনত আশঙ্কাই দেখা দিছে। সেয়েহে বিদেশী নাগৰিক আৰু সংশ্লিষ্ট সমস্যা আৰু অসমীয়া জাতিসত্বাৰ অবাধ বিকাশৰ সমস্যাৱলীৰ সমাধানৰ সঠিক প্ৰচেষ্টা গ্ৰহণ কৰি এই আশঙ্কা অৱশ্যেই আঁতৰ কৰিব লাগিব।” ইত্যাদি।
বাওঁপন্থীসকলৰ সঠিক প্ৰচেষ্টালৈ সঁহাৰি নজনাই তেওঁলোকৰ সকলো সতৰ্কবাণীকে উপেক্ষা কৰি ছাত্ৰ সন্থা, অসম সাহিত্য সভা, অসম জাতীয়তাবাদী দল ইত্যাদিয়ে ঐক্যবদ্ধভাবে ১৯৭৯-৮০ চনত — আজি কংগ্ৰেছ (ই), কাইলৈ — জনতা, পৰহিলৈ গণসংগ্ৰাম পৰিষদ, আকৌ কংগ্ৰেছ (ই)— এনে ধৰণৰ মানুহক নেতৃত্বৰ ভিতৰুৱা কৰি লই ভেদবাদী অৱাটৰ বাট লৈছিল। ফল কি হৈছে আমি দেখিছো। আকৌ ১৯৮৩ চনত নিৰ্বাচনৰ সুযোগ লৈ কংগ্ৰেছ (ই)ক হেঁচি ধৰাৰ পৰামৰ্শ ৰাইজলৈ আগবঢ়াইছিল বাওঁপন্থী সকলে। তেতিয়াও আন্দোলনকাৰী সকলে যেন তেন প্ৰকাৰেণ নিৰ্বাচন হ’বলৈ নিদিয়াৰ হিংসাত্মক পন্থা লৈছিল: অনুৰূপ হিংসা আৰু প্ৰৱঞ্চনাৰ আশ্ৰয় লোৱা কংগ্ৰেছ (ই)ক বিধানসভালৈ বিপুল সংখ্যাত আহিবলৈ দিছিল। এই নীতি আছিল ভ্ৰান্ত, সৰ্বনাশী। ৰাজনৈতিক দলবিলাক অপ্ৰাসংগিক বুলি কোৱাটোও সঙ্গত হোৱা নাছিল। আছুৱে আকোৰগোজালি মনোভাব ত্যাগ কৰি ভোটাৰ তালিকা সংশোধনৰ যুক্তিগ্ৰাহ্য পদ্ধতি এটা অনুমোদন নকৰালকৈ বৰ্তমান ৰাজ্য চৰকাৰৰ বৈধতা-অবৈধতাৰ প্ৰশ্নটো অবাস্তব। ৰাষ্ট্ৰপতিৰ শাসনৰূপী দায়িত্ব বিহীন বিকল্পটো কোনো পধ্যেই শ্ৰেয় নহয়।
শ্ৰদ্ধেয় ড° গোহাঁই, আজি শাসক শ্ৰেণীয়ে সীমাবদ্ধ বুৰ্জোৱা-গণতন্ত্ৰকো খতম কৰিব বিচাৰে। ১৯৭৫ত জৰুৰী অৱস্থা ঘোষণাৰ ফলত শাসক দলৰ হাত পুৰিছিল। গতিকে পঞ্জাৱ, অসম, কাশ্মীৰ ইত্যাদি অঞ্চলত সাম্প্ৰদায়িক/সাংবিধানিক অচল অৱস্থাৰ সৃষ্টি কৰাই নাইবা তাক জীয়াই ৰাখি আকৌ জৰুৰী অৱস্থাৰ ঘোষণাৰ অনুকুল পৰিবেশ ৰচনাৰ প্ৰচেষ্টা এটি সক্ৰিয়। এনে পৰিস্থিতিত অসম আন্দোলনৰ নেতৃবৰ্গ শাসক শ্ৰেণীৰ ষ্ট্ৰেটিজিৰ অচেতন ক্ৰীড়নকত পৰিণত হৈছে। তেওঁলোকৰ কৰ্ম কৌশলে নিয়ত শংকাগ্ৰস্ত সংখ্যালঘুসকলক ৰক্ষাকাৰীৰ ভাওধৰা শাসক শ্ৰেণীৰ শিবিৰলৈ ঠেলি দি আছে। সংখ্যালঘুক সাম্প্ৰদায়িক কৰি তুলিছে। এনে পৰিস্থিতিত, জাতীয়দাবী সমূহৰ পুনৰ্বিন্যাস নকৰাকৈ আৰু ভেদবাদী কৰ্মকৌশলৰ আমূল সলনি নকৰাকৈ আন্দোলন চলাই যোৱাটো অৰ্থহীন। ঘড়িৰ কঁটাটোক পিছুৱাই দিয়াৰ প্ৰস্তাব অবাস্তৱ। ১৯৭১ক সীমা কৰি সীমান্তইদি নতুন অনুপ্ৰৱেশ বন্ধ কৰা, বিভিন্ন সম্প্ৰদায়ৰ পৰস্পৰৰ সৈতে সংহতি সাধনৰ সুযোগ প্ৰশস্ত কৰা আৰু তাৰ বাবে কেন্দ্ৰীয় অপশাসনৰ বিৰুদ্ধে ঐক্যমত গঢ়ি তোলাৰ বাটেই অসমীয়া জাতিৰ আত্মপ্ৰতিষ্ঠাৰ একমাত্ৰ বাট।
নানা ন্যায়সংগত বিক্ষোভ আন্দোলনৰ কাৰ্য্য-কাৰণৰ লগত জড়িত থাকিলেও, ইয়াৰ কেন্দ্ৰীয় চৰিত্ৰ ইতিবাচক নহয়। তথাপি আপোনাৰ সাম্প্ৰতিক ৰচনাবোৰত এই কল্পিত ইতিবাচক দিশটো আৰু আন্দোলন-বিৰোধী বাওঁপন্থী মহলৰ কুৎসা প্ৰাধান্য পাই আছে। আন্দোলনৰ প্ৰশ্নত আপোনাৰ অৱস্থান আজি ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য, ড° ভূপেন হাজৰিকা, ড° নিৰ্মল প্ৰভা বৰদলৈৰ লগত একেটা শাৰীত। আপুনি আন্দোলনৰ নেতিবাচক দিশটোও দেখুৱাই দি থকা সত্ত্বেও, আপোনাৰ সহানুভূতি সুস্পষ্টভাবে এতিয়া আন্দোলনৰ পক্ষে। থূল-মূলতে সম্প্ৰতি শ্ৰেণী স্বাৰ্থৰ উৰ্ধত থাকি বুৰ্জোৱা জাতীয়তাবাদৰ অগণতান্ত্ৰিক দিশটোৰে পোষকতা কৰি আছে। এয়া মোৰ পক্ষে এক বেদনাদায়ক অভিজ্ঞতা কিয়নো, ১৯৭২ ৰ পৰা এক দশক কাল ধৰি মই আপোনাৰ ৰচনাৰ দ্বাৰা উপকৃত হৈছো, অনুপ্ৰাণিত হৈছো, কেতিয়াবা সংশোধিতও হৈছো। আজি আৰু নহওঁ, কিয়নো আপুনি এতিয়া ঘটনা প্ৰৱাহক জাতীয় মধ্যবিত্তৰ দৃষ্টিকোণৰ পৰা চাই আছে, শ্ৰমিক শ্ৰেণীৰ আৰু আৰ্ন্তজাতিকতাৰ দৃষ্টিকোণৰ পৰা নহয়।
সৰ্বশেষত, গুৱাহাটীৰ পৰা প্ৰচাৰিত অসমৰ সপ্ত ৰাজনৈতিক দলৰ ১৯৮০, ২০ জুন তাৰিখৰ যুটীয়া আবেদনলৈ বিশেষকৈ তাৰ দুটা দফালৈ আপোনাৰ দৃষ্টি আকৰ্ষণ কৰিছো। ৫ম দফাঃ “সাম্প্ৰতিক আন্দোলনৰ অন্তৰ্নিহিত কাৰণবোৰ হ’ল —প্ৰথমতে, অসমীয়া মানুহৰ ভাষিক আৰু সাংস্কৃতিক পৰিচয় আৰু অস্তিত্ব সুৰক্ষিত কৰাৰ প্ৰবল বাসনা আৰু নিজে সংখ্যালঘুত পৰিণত হোৱাৰ আশংকা, দ্বিতীয়তে, ব্যাপক আৰ্থিক অগ্ৰগতিৰ বাবে প্ৰচুৰ প্ৰাকৃতিক আৰু অন্যান্য সম্পদ থকা স্বত্ত্বেও অসমৰ অনগ্ৰসৰতা, ক্ৰমবৰ্দ্ধমান নিবনুৱা সমস্যা আৰু চৰম দাৰিদ্ৰ”। ৯ম দফাঃ “......কিছুমান বিদেশী শক্তিয়ে এই উত্তৰপূৰ্ব অঞ্চলটোত ঘোলা পানীত মাছ ধৰাৰ প্ৰচেষ্টা চলাইছে। তেওঁলোকৰ মূল লক্ষ্যই হৈছে এই অঞ্চলটোক পৃথক কৰা আৰু ভাৰতৰ ঐক্যক ব্যাহত কৰা। এই উভয় বিবৃতিৰ সৈতেই মই একমত। চলি থকা আন্দোলনৰ প্ৰত্যাহাৰো মই কামনা কৰো। ১৯৭১ৰ স্থিতাৱস্থা ৰক্ষিত হলেও ১৯৫১ৰ ধৰ্মীয় আৰু ভাষিক ভাৰসাম্য অপৰিৱৰ্তিত থাকি যায়। তেনেস্থলত, ১৯৫১ৰ অৱস্থালৈ ঘূৰি যোৱাৰ নিমিত্তে আছুৱে কোৱা মতে ৪৫ লাখ বা এক চতুৰ্থাংশ অসমবাসীক খেদাৰ প্ৰয়োজন নাই। কাৰণ তাৰ দ্বাৰা নতুন আন এটা অস্তিত্ব ৰক্ষাৰ প্ৰৱল আন্দোলনৰ পাতনি মেলা হ’ব। [২]
জনক্ৰান্তি, ২৫ মাৰ্চ, ১৯৮৪