অসম নমৰে আমিও নমৰো
অসম নমৰে
আমিও নমৰো
অমলেন্দু গুহ
অসম নমৰে আমিও নমৰো
অমলেন্দু গুহ
সৃষ্টিলেখা
গুৱাহাটী-৩
| প্ৰথম প্ৰকাশ নৱেম্বৰ, ১৯৯৩ |
| সৃষ্টিলেখা, গুৱাহাটী-৩, ৰ হৈ ভূপেন দাসৰ দ্বাৰা প্ৰকাশিত আৰু দিছপুৰ প্রিণ্ট হাউচত মুদ্রিত। টাইপ চেটিং: সৃষ্টিলেখা। |
| © সৃষ্টি লেখা। |
| মূল্য⸺ |
| পুথিভঁৰাল সংস্কৰণ: ৫০.০০ টকা |
| সুলভ সংস্কৰণ : ৩৫.০০ টকা |
উছৰ্গা
সৰ্বভাৰতীয় কমিউনিষ্ট আন্দোলনৰ
পলস অসমলৈ কঢ়িয়াই অনা ভগীৰথ
প্রয়াত বীৰেশ মিশ্র,
অচিন্ত্য ভট্টাচাৰ্য আৰু হৰিদাস ডেকাৰ স্মৃতিলৈ
পাতনি
অসম আছিল চাহপায়ী ইংৰাজৰ চাহৰ বাগিছা। চৰকাৰো আছিল ইংৰাজৰ। এই ইংৰাজেই চাহৰ উৎপাদন আৰু বিপণনৰ সুবিধাৰ বাবে যানবাহন আৰু যোগাযোগ ব্যৱস্থাৰ সীমিত আধুনিকীকৰণৰ বাট মোকলাই অসমৰ বজাৰখনক বিশ্বৰ বজাৰৰ লগত সাঙুৰি পেলাইছিল। প্ৰাকৃতিক সম্পদ— তেল, কয়লা আৰু কাঠক কেন্দ্ৰ কৰি গঢ়ি তুলিছিল কেতবোৰ নতুন শিল্প। নিষ্কাশনী চৰিত্ৰৰ হোৱা বাবে এইবোৰৰ পৰা থলুৱা, খিলঞ্জীয়া ৰাইজৰ কিন্তু বৰকৈ সুবিধা হোৱা নাছিল। শিল্প আৰু ব্যৱসায়ৰ পুঁজি মাত্ৰই নহয়, পৰিচালনা আৰু শ্ৰমো আছিল বহিৰাগত। বহিৰাগত পুঁজিৰ দ্বাৰা বহিৰাগত শ্ৰমৰ নিৰবচ্ছিন্ন শোষণেৰে নিষ্কাশিত উদ্ধৃত্ত মূল্যই আছিল অসমত ঔপনিৱেশিক শোষণৰ ঘাই ভিত্তি। থলুৱা খেতিয়ক সমাজ শোষণ চলিছিল অন্য এক স্তৰত— প্ৰশাসনৰ দ্বাৰা ক্ৰমবৰ্ধমান ৰাজহ বৃদ্ধি আৰু চৰকাৰী কালিৰ মূল্য বৃদ্ধিৰ জৰিয়তে। এই প্ৰক্ৰিয়াই জাতীয় জীৱনত পুঁজিবাদ প্ৰগতিৰ কিছু বীজ অ’ত ত’ত সিঁচি দিলেও, সমাজখনৰ মধ্যযুগীয় স্থবিৰতাত গতিসঞ্চাৰ কৰিব পৰা নাছিল, যদিও বহিৰাগতৰ বিপুল অংশই থলুৱা সমাজত ক্ৰমে জাহ গ’ল আৰু সৰ্ব্বহাৰা শ্ৰমিক শ্ৰেণীৰ জন্ম হ’ল। এসময়ৰ বহিৰাগত হৈ পৰিল ঘৰৰে মানুহ।
স্বাধীনতাৰ পাছত, আশা কৰা গৈছিল যে অৱস্থাৰ আমূল সলনি হ’ব। কিছু পৰিবৰ্তন নোহোৱাও নহয়। সাক্ষৰতা বাঢ়িছে, উচ্চ শিক্ষাৰ বিস্তাৰ হৈছে, বিহুতলীবোৰ জাকজমকীয়া হৈছে, থলুৱা ডেকা ডেকেৰীৰ মাৰুতি গাড়ী দপদপাই ফুৰিছে। বেহাবেপাৰ কৰি আৰু চৰকাৰী ধন সৰকাই অসমৰে বিভিন্ন জনগোষ্ঠীৰ পৰা উঠি অহা মধ্যশ্ৰেণীৰ বিস্তাৰ ঘটিছে। জনাগমন — এতিয়া ঘাইকৈ হিন্দু জনাগমন — ১৯৭১ লৈকে অব্যাহত থাকিল। এতিয়া সমাজত আকালো আছে, ভঁৰালো আছে। এফালে হাল-মাটি নোহোৱা হৈ অসমীয়া খেতিয়কে পৰ্যন্ত চহৰে গাঁৱে প্ৰাক্তন চাহ-শ্ৰমিক আৰু চৰুৱা ন-অসমীয়াৰ লগ লৈ দিন হাজিৰা কৰি আছে। আনফালে কিছুমানে ঠিকা ঠিকুলি কৰি, উদ্ধৃত্ত ফচল বেচি, বাছ, ট্ৰাক, হাস্কিং মেচিনৰ পাৰ্মিট লৈ, চিকিৎসা আৰু আইন ব্যৱসায়ৰ যোগেদি পুঁজি সাঁচি আছে। চাহ বাগিছা, সংবাদপত্ৰ, ভ্ৰাম্যমান থিয়েটাৰ, চলচ্চিত্ৰ প্ৰযোজনা, ট্ৰেভেল এজেঞ্চি, পৰিবহন, নগৰীয়া আৱাসন নিৰ্মাণ, হোটেল, নাৰ্চিং হোম আদি উদ্যোগত থলুৱা পুঁজিৰ উপস্থিতি লক্ষণীয়। কিন্তু উল্লেখ্য হলেও, যথেষ্ট নহয়। প্ৰাক-স্বাধীনতা যুগৰ দৰে এতিয়াও অসমৰ অৰ্থনীতি, ভাৰতৰ আন বহু ৰাজ্যৰ দৰে, দেশীবিদেশী, বহুজাতিক একচেটিয়া পুঁজিৰ নিয়ন্ত্ৰনাধীন। তেওঁলোকে চুব নোখোজা কিছু ব্যৱসায়িক এলেকা আৰু তেওঁলোকৰ তলতীয়া সহযোগী হৈ উচ্ছিষ্ট বোটলাৰ সুযোগ ইমানে সীমিত যে আঞ্চলিক মিশ্ৰ মধ্যশ্ৰেণীয়ে তাত হাত ভৰি মেলিবৰ অৱকাশ যথেষ্টকৈ পোৱা নাই। পালেহেঁতেন, বিদেশী খেদা আন্দোলন, আলফাৰ এককালীন গণভিত্তি আৰু খচৰা ভোটাৰ তালিকাখন লৈ হুলস্থূলখন ইমান ব্যাপক নহলহেঁতেন। বিগত বিদেশী খেদা আন্দোলনৰ নেতা, প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়েতো ১৯৯০ চনৰ ভোটাৰ তালিকাখনক বিদেশীমুক্ত আৰু শুদ্ধ বুলি কৈছিল। তেনেহলে, সেইখনকে ভিত্তি কৰি সংশোধন কৰাত আপত্তি কিহৰ?
যি কি নহওক, বিদেশীৰ সম্ভাব্য অনুপ্ৰবেশৰ সন্দৰ্ভত জনসাধাৰণৰ আতঙ্ক আৰু ক্ষোভৰ বাস্তৱ ভিত্তি একেবাৰে নথকা নহয়। কিন্তু অসমত জনসংখ্যা বৃদ্ধিৰ দহ বছৰীয়া হাৰ ১৯৭১-পূৰ্ববৰ্তী উদ্বেগজনক ৩৫ শতাংশৰ পৰা এতিয়া সৰ্বভাৰতীয় বৃদ্ধিৰ লগত তুলনীয়, স্বাভাৱিক ২৩ শতাংশলৈ নামি আহিছে। এয়া সম্ভৱতঃ বিদেশী খেদা আন্দোলনৰ প্ৰেক্ষিতত সীমান্তত সুৰক্ষা দৃঢ়তৰ কৰাৰ ফলশ্ৰুতি। সীমান্তই দি বিদেশী অনুপ্ৰবেশৰ সমস্যা আছে আৰু ভবিষ্যতলৈকেও থাকিব। কিন্তু ১৯৯১ৰ পিয়লে আমাক নিশ্চিন্ত কৰিছে যে তেনে অবৈধ অনুপ্ৰবেশকাৰীৰ সংখ্যা এতিয়ালৈকে কেইবা হাজাৰৰ ভিতৰতে সীমাবদ্ধ — এবোজা শাকত এটি জালুক মাত্ৰ। বিদেশী ভেটিব লাগিব সীমান্তত। দেশৰ অভ্যন্তৰত বিদেশী বাছিবলৈ হলে, বাছনি হ’ব লাগিব সাক্ষ্য প্ৰমাণ সাপেক্ষ আৰু বিধিসম্মত। ভোটাৰ তালিকা প্ৰণয়নৰ ওপৰত সতৰ্ক দৃষ্টি ৰখা আৰু বিদেশী বুলি সন্দেহভাজন ব্যক্তিৰ নাম ঠিকনা নিৰ্দিষ্টভাবে চৰকাৰৰ নজৰলৈ অনা— এই উভয় ক্ষেত্ৰতে, স্থানীয় স্তৰত ৰাজনৈতিক দলসমূহৰ দায়িত্ব নথকা নহয়। এই দায়িত্ব এৰাই যোৱাটো ৰাজনৈতিক সুবিধাবাদৰে নামান্তৰ। অসম চুক্তিৰ দ্বাৰা বিদেশীৰ যিটো সংজ্ঞা নিৰ্ধাৰিত হৈছে, তাৰ পৰা ফালৰি কাটিব খোজাটো অন্ততঃ অ গ প ৰ পক্ষে অনৈতিক।
অতীতৰ বিদেশী খেদা আন্দোলনৰ এটা ন্যায্য ভিত্তি থাকিলেও, অদূৰদৰ্শী নেতৃত্বই ইয়াক অবাটেৰে লৈ গৈ অশেষ ক্ষতিসাধন কৰিছে, অসম কমেও কুৰি বছৰ পাছ পৰিছে। অৱশেষত, নেতৃত্বৰ অন্যতম অংশীদাৰ অসম সাহিত্য সভাই অতীতৰ ভুলভ্ৰান্তি উপলব্ধি কৰিব পাৰিছে যেন লাগে। অসম নানা জনগোষ্ঠীৰ মিলিত গৃহভূমি আৰু ইয়াত সংমিশ্ৰণ, সংশ্লেষণ আৰু স্বতঃস্ফুৰ্ত, স্বেচ্ছামূলক আত্মীকৰণৰ (আত্তীকৰণৰ) এক দীঘলীয়া ঐতিহাসিক প্ৰক্ৰিয়া এতিয়াও সক্ৰিয়। ইয়াৰ ফলতে, অসম ৰাজ্যৰ বৰ্তমান সীমাভুক্ত ভূখণ্ডত পিয়লৰ তথ্য অনুযায়ী অসমীয়াভাষীসকল এই শতিকাতে সংখ্যালঘিষ্ঠৰ পৰা সংখ্যাগৰিষ্ঠলৈ ৰূপান্তৰিত হৈছে। অসমীয়া ভাষাই ৰাজ্যভাষাৰ মান্যতাও পাইছে। এইবোৰ কথালৈ মন কৰি, অসম সাহিত্য সভাই সম্প্ৰতি জনসমন্বয় মঞ্চ আঁচনিৰ যোগেদি বিভিন্ন সংখ্যালঘু জনগোষ্ঠীৰ আস্থা ঘূৰাই পাবলৈ যত্ন কৰি আছে। এই প্ৰশংসনীয় উদ্যম আগলৈকেও থাকিব বুলি আমি আশা কৰো। এই ক্ষেত্ৰত নতুন সাহিত্য পৰিষদ আদি অনুষ্ঠানৰ স্বতন্ত্ৰ ভূমিকাও প্ৰশংসনীয়।
এনেবোৰ ইতিবাচক কাৰ্য্য কলাপৰ প্ৰতিমুখে সম্প্ৰতি একাধিক সাম্প্ৰদায়িকতাবাদী চক্ৰই অসমৰ হিন্দু-মুছলমান ৰাইজক বিভাজিত কৰি এক হিন্দুত্ববাদী বিদেশী খেদা আন্দোলনৰ বাবে প্ৰস্তুতি চলাই আছে। তেনেকুৱা এটা আন্দোলনে মূৰ দাঙিলে, আকৌ অসম ছেদেলি-ভেদেলি হোৱাৰ সম্ভাৱনা। এই সংকটৰ সময়ত জনগণক যথাৰ্থ নেতৃত্ব দিবলৈ শাসক শ্ৰেণীৰ দিল্লী আৰু দিছপুৰত থকা চৰকাৰে দেখাদেখিকৈ ব্যৰ্থ হৈছে। এই সংকটৰ মোকাবিলা কৰিবলৈ এতিয়া আমাক লগা হৈছে অপশাসন আৰু সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে এক ব্যাপক বাওঁ গণতান্ত্ৰিক ফ্ৰণ্ট। বাওঁপন্থী আৰু গণতান্ত্ৰিক দল বিশেষে যদি তেনেকুৱা ব্যাপক ঐক্যবদ্ধ আন্দোলন গঢ়ি তুলিবলৈ নোৱাৰে তেনেহলে আমাৰে দুৰ্ভাগ্য। ইতিপূৰ্বে নানা পত্ৰপত্ৰিকাত একাধিক ভাষাত প্ৰকাশিত মোৰ বিভিন্ন প্ৰৱন্ধ আৰু টোকাৰ পুনঃপ্ৰকাশ বৰ্তমান পৰিস্থিতিৰ বাবে প্ৰাসঙ্গিক হ’ব বুলি বহুতে কোৱাত, সদ্যহতে অকল অসমীয়া ভাষাত লিখা কেইটিমান ৰচনা উলিয়াই দিলো। এই কেইটি বাছি দিছে মোৰ অতিকৈ মৰমৰ শ্ৰীপৰমানন্দ মজুমদাৰ আৰু শ্ৰীহেমন্ত বৰ্মণে। তেওঁলোকৰ, আৰু লগতে শ্ৰীসম্প্ৰীতি বৰ্মণৰো, সহায় নোপোৱা হলে এই সংকলনটি ছপা কৰি উলিওৱা টান হ’লহেঁতেন। তেওঁলোকলৈ ধন্যবাদ।
এই সংকলনৰ অন্তৰ্ভূক্ত প্ৰতিটো ৰচনাই ৰচনাকালীন তাৎক্ষণিক পৰিস্থিতিৰ উত্তেজনাৰ দ্বাৰা সংক্ৰমিত। কিন্তু তথ্য দিয়া আৰু বিশ্লেষণৰ ক্ষেত্ৰত মই বিদ্যায়তনিক নিষ্ঠা ৰক্ষা কৰিবলৈ কাৰ্পণ্য কৰা নাই। মতামত যিয়েই হওক, ই নিৰ্ভৰযোগ্য তথ্য আৰু যুক্তিৰ ভেটিৰ ওপৰত প্ৰতিষ্ঠিত হ’ব লাগিব। সেয়া হৈছে নে নাই, পাঠক সকলৰ বিচাৰ্য। “প্লেণ্টাৰ ৰাজ টু স্বৰাজ” গ্ৰন্থত মই সমগ্ৰ ঐতিহাসিক পটভূমিটো দাঙি ধৰিছিলো। সেইখন গ্ৰন্থত পৰিস্ফুট মোৰ মতাদৰ্শ আৰু দৃষ্টিভঙ্গীৰ ভিত্তিতে, অসমৰ এক গভীৰ সমস্যাৰ সমাধানৰ এক বিকল্প বাটৰ সন্ধান দিয়াৰ প্ৰচেষ্টা এই সংকলিত ৰচনাবোৰ। তাৰে অন্যতম ৰচনা “অসম নমৰে আমিও নমৰো” ছপা হোৱাৰ পিছত আমাৰ প্ৰতিনিধিৰ বহাগ বিহু বিশেষ সংখ্যাৰ পাৰ্শ্বেলবোৰ অসমৰ বিভিন্ন ঠাইৰ এজেণ্টবোৰে ঘূৰাই পঠিয়াইছিল। স্বত্বাধিকাৰী শ্ৰীঅৰুণ পুৰকায়স্থই কোৱা মতে তেওঁলোকৰ এনেকৈ কুৰি হাজাৰ টকামান লোকচান হোৱাত, আলোচনীখনৰ প্ৰকাশ বন্ধ কৰিবলগীয়া হ’ল। একেৰাহে একুৰি বছৰ ধৰি কলিকতাৰ পৰা প্ৰকাশিত একমাত্ৰ অসমীয়া আলোচনী আমাৰ প্ৰতিনিধিৰ অপমৃত্যু হৈছিল এই দৰেই। ইয়াৰ বাবে দায়ী কোন—এই লেখক নে আবেগসৰ্বস্ব অসম আন্দোলন? যি কি নহওঁক, এই ঘটনাটিলৈ মনত পেলায়ে এইখন সংকলনৰ নামাকৰণ কৰিলো।
আৰু এটি কথা। বিভিন্ন সময়ত তৎক্ষণৰ প্ৰয়োজনলৈ চাই বিচ্ছিন্নভাবে লিখা বাবে কিছু কথাৰ পুনৰুক্তি বাৰে বাৰে ঘটিছে ৰচনাবোৰত। দুটি এটি শব্দ আৰু বাক্যৰ যোগ-বিয়োগ কৰি সামান্য পৰিমাৰ্জনাৰ সৈতে মূল ৰচনাবোৰেই প্ৰকাশিত হ’ল। যদি কিবা এৰিছো বা যোগ দিছোঁ সেয়া বক্তব্যৰ স্পষ্টীকৰণৰ কাৰণে।
অমলেন্দু গুহ
গুৱাহাটী,
১৫ নবেম্বৰ, ১৯৯৩
সূচী
সাম্প্ৰতিক বিস্ফোৰক পৰিস্থিতিৰ এটি দিশ ❐ ১১
আইনৰ চকুত বিদেশী কোন? ❐ ২২
অসম নমৰে আমিও নমৰো ❐ ৩৭
জাতিসমূহৰ স্ব-নিয়ন্ত্ৰণৰ অধিকাৰ আৰু অসমীয়া জাতি ❐ ৪৮
জাতীয়তাবাদ আৰু জাতীয় আত্মনিয়ন্ত্ৰণ: কিছু প্ৰশ্ন ❐ ৬১
আভ্যন্তৰীণ উপনিবেশৰ যুক্তি,
জাতীয় আত্মনিয়ন্ত্ৰণ আৰু স্বাধীন অসমৰ প্ৰশ্নত ❐ ৬৫
প্ৰসঙ্গ ন-অসমীয়া সাম্প্ৰদায়িকতা
আৰু ক্ৰমবৰ্দ্ধমান ফেচিজিমৰ বিপদ ❐ ৭০
মুকলি চিঠিৰ মুকলি উত্তৰ ❐ ৮৩

আফগানিস্তানৰ জীৱন যাত্ৰাৰ পৰা আধুনিক অসমৰ ৰাজনীতিলৈকে ড° অমলেন্দু গুহৰ ইতিহাস জিজ্ঞাসাৰ পৰিসৰ বিস্তৃত। উত্তৰ পূৰ্ব্বাঞ্চল বিশেষকৈ অসমৰ ইতিহাসক বিজ্ঞানসন্মত দৃষ্টিভঙ্গীৰে সমৃদ্ধ কৰা গুহৰ “প্লেন্টাৰ্ছৰাজ টু স্বৰাজ” আৰু “মেডিঈভল্ এণ্ড আলি ক’ল’নিয়েল এছাম ছচাইটি পলিটী ইকনমী” নামৰ গ্ৰন্থ দুখন অসমৰ ইতিহাস চৰ্চাৰ দুটি মাইলৰ খুটি। কবি, ভ্ৰমণ কাহিনী ৰচোতা ডঃ গুহই ইতিহাস চৰ্চাৰ জৰিয়তে সন্ধান কৰিছে মানৱতাৰ।
অসম নমৰে আমিও নমৰো—এই গ্ৰন্থখনিত ডঃ গুহ অসমৰ বিদেশী সমস্যাৰ লগতে জাতীয় সমস্যা, সাম্প্ৰদায়িকতাৰ ভাবুকি আদি বহু জটিল প্ৰশ্নৰ তথ্য নিৰ্ভৰ প্ৰাঞ্জল বিশ্লেষণ আগবঢ়াইছে।
সৃষ্টিলেখা