অমৰ-কাহিনী/হজৰত মহম্মদ (দঃ)
হজৰত মহম্মদ দঃ
[দঃ= দৰুদ —“স্বাল্লাল্লাহু আলেইহেৱ আলিহিৱ চল্লম।”
অৰ্থ— তেওঁ আৰু তেওঁৰ বংশৰ ওপৰত আল্লাই যেন শান্তি
দান কৰে।]
আমাৰ পশ্চিমফালে আৰৱ সাগৰৰ দাঁতিত আৰৱদেশ। যিশুখৃষ্ট ওপজাৰ প্ৰায় ৫৭০ বছৰ পাছত আৰবদেশৰ মক্কা নগৰত এজন মহাত্মাৰ জন্ম হয় । তেওঁৰ নাম হজৰত মহম্মদ। ( দঃ ) তেওঁৰ প্ৰচাৰিত ধৰ্ম্মৰ নাম ইছলাম ধৰ্ম্ম । তেওঁৰ ভক্ত সকলক মছলমান বোলে ।
মক্কা নগৰৰৰ চাৰিওফালে কোৰেইছ নামে এটা ফৈদ বাস কৰিছিল। কাবা চৰিফৰ যত্ন লোৱা আৰু হাজী বিলাকৰ আল পৈচান ধৰা তেওঁ লোকৰ কাম আছিল। এই কোৰেইছ বিলাকৰ এটা সম্ভ্রান্ত বংশত হজৰত মহম্মদৰ (দঃ) জন্ম হয়।
হজৰত মহম্মদৰ (দঃ) বাপেকৰ নাম আবদুল্ল৷ আৰু ককা দেউতাকৰ নাম আবদুল মুতালিব। মাকৰ নাম আমিনা ৷ আমিনা বিবি কোৰেইছ ফৈদৰে আন এটা ডালৰ জীয়াৰী আছিল দুর্ভাগ্যবশতঃ হজৰতৰ জন্মৰ আগতে বাপেক ঢুকায়। দেশৰ প্ৰথা মতে বিবি হালিমা নামে এগৰাকী ধায়ে হজৰতক লালন-পালন কৰি ডাঙৰ কৰে। বিবি হালিমাৰ ঘৰ মক্কা নগৰৰ বাহিৰৰ এটা চুবুৰীত আছিল। হজৰত যেতিয়া ছবছৰীয়া হল, তেতিয়া বিবি হালিমাই আনি মাক দিলেহি। দুখৰ বিষয় তাৰ অলপ দিনৰ পাছতে আমিনা বিবিৰ মৃত্যু হয়। তেতিয়া ককাদেউতাকৰ ওপৰত হজৰতৰ লালন-পালনৰ ভাৰ পৰে। ককাদেউতাক আবদুল মুতালিব আলৰ বুঢ়া হৈছিল। গতিকে অলপ দিনৰ পাছতে তেওঁৰো মৃত্যু হয় । তেতিয়া হজৰত মহম্মদ (দঃ) খুৰাদেৱেক আবু তালেবৰ লগত থাকে ।
সেই কালত আজিকালিৰ দৰে লৰা-ছোৱালী পঢ়িবৰ কাৰণে পঢ়াশালী নাছিল । গতিকে হজৰত মহম্মদে কিতাপৰ শিক্ষা পোৱা নাছিল । তেওঁ নিৰক্ষৰ আছিল । তেওঁ প্ৰকৃতিৰ পৰা বহু শিক্ষা গ্ৰহণ কৰিছিল। খুৰা দেৱেকে তেওঁক সকলো বিষয়তে শিক্ষিত কৰি তুলিবলৈ যত্ন কৰিছিল। তেওঁৰ যত্ন আৰু নিজৰ চেষ্টাৰ ফলত তেওঁ বহু বিষয়ৰ অভিজ্ঞতা অর্জন কৰিছিল।
তেওঁ অতি সৰলভাৱে জীৱন যাপন কৰিছিল আৰু মনত সদায় উচ্চাকাঙ্ক্ষা পোষণ কৰিছিল ৷ কথিত আছে যে, তেওঁ ৰাতিপুৱাৰ সাজ পেট ভৰাই খালে ৰাতি নাখাইছিল; নাইবা ৰাতিৰ সাজ পেট ভৰাই খালে দিনটো অনাহাৰে কটাইছিল । তেওঁ সদায় কম্বল এখন দুভাঁজ কৰি পাৰি শুইছিল। কথিত আছে যে, এদিন এজন লগুৱাই বিচনাখন কোমল কৰিবৰ মনেৰে সেই কম্বলখনকে চাৰি ভাঁজ কৰি পাৰি দিছিল। ফলত তেওঁৰ গভীৰ টোপনি আহিল আৰু নামাজৰ সময় উকলি গল। সেইবাবে তেওঁ লগুৱাটেকে ডাবি দিছিল। তেওঁৰ মুঠতে দুসাজ কাপোৰহে আছিল। তাৰে এসাজ পিন্ধিছিল আৰু আন সাজ নিজ হাতে ধুই লৈছিল। তেওঁ নিজৰ সকলো কামকে নিজে কৰিছিল আৰু অনেকো কামত সহায় কৰিছিল। তেওঁ নিজে ঘৰচীয়া জন্তুৰ তদাৰক কৰিছিল, নিজে ভেৰা ছাগলী খিৰাইছিল, নিজে বজাৰ কৰিছিল আৰু বজাৰৰ বয়-বস্তু নিজে কঢ়িয়াই আনিছিল।
কোৰেইছ বিলাক ব্যৱসায়ী আছিল। তেওঁলোকৰ অনেকে চিৰিয়া আৰু ইয়েমেন প্ৰদেশত বেহা-বেপাৰ কৰিছিল। হজৰতে এই বেপাৰীবোৰৰ লগত সেই সেই দেশলৈ গৈছিল আৰু বেহা-বেপাৰৰ নিয়ম-নীতি মন দি শিকিছিল। তেওঁ যি কামকে কৰে তাতে মন পুতি লাগিছিল। ফলত অলপ দিনৰ ভিতৰতে এই কামত তেওঁ পাৰ্গতালি লাভ কৰে। তেওঁৰ পাৰ্গতালি আৰু সাধুতাৰ কথা কোৰেইছ বিলাকৰ মাজত প্ৰচাৰ হয়।
বেপাৰী আটাইবোৰৰে নিজৰ ধন নাছিল। দেশৰ ধনীবোৰে বেপাৰীবোৰক ধন ধাৰে দিছিল আৰু বেপাৰৰ লাভৰ অংশ লৈছিল। হজৰত খদিজাবেগম্ নামে এগৰাকী বিধৱাৰ বহু ধন-সম্পত্তি আছিল। তেওঁ এইদৰে নিজৰ ধন বেপাৰত খটাইছিল। তেওঁ হজৰতৰ নিপুণতা আৰু সাধুতাৰ কথা শুনি তেওঁক মতাই নিলে আৰু নিজৰ ধনেৰে বয় বস্তু যোগাৰ কৰি দি তেওঁক চিৰিয়ালৈ বেপাৰ কৰিবলৈ পঠিয়ালে। ক্ৰমে লেন-দেন কৰি কৰি হজৰতৰ চৰিত্ৰমাধুৰ্য্যত বিবি খাদিজা মুগ্ধ হল। তেওঁ হজৰতক স্বামীৰূপে পাবলৈ আকাঙ্ক্ষা কৰিলে। তাৰ ফলত তেওঁলোকৰ বিয়া হল। তেতিয়া হজৰতৰ বয়স পঁচিশ আৰু বিবি খাদিজাৰ বয়স চল্লিশ বছৰ।
আৰৱদেশ মৰুভূমি। তাৰ মানুহবোৰৰ প্ৰকৃতি স্বভাৱতে অতি কৰ্কশ। সিহঁতে অলপ কথাতে কাজিয়া কৰিছিল, ইজনে সিজনৰ বস্তু লুটি নিছিল, কেৱে কাকো বিশ্বাস নকৰিছিল। বলীয়ে নিৰ্ব্বলৰ ওপৰত অত্যাচাৰ কৰিছিল। মানুহবোৰৰ মাজত দল-খেল অনেক আছিল আৰু কোনো দলৰে সম্ভাৱ নাছিল। সমাজৰ এনে শোচনীয় অৱস্থা দেখি হজৰতে সদায় দুখ কৰিছিল। তেওঁ অনেক ভাবি-চিন্তি সমাজত ন্যায়-নীতি চলাবৰ কাৰণে এটা ডেকা দল গঠন কৰে। এই দলৰ প্ৰতিজন ডেকাই অন্যায়ৰ বিৰুদ্ধে যুঁজিম বুলি তেওঁৰ ওচৰত শপত খায়। হজৰত মহম্মদ (দঃ) এই দলৰ নেতা হয়। তেওঁলোকৰ যত্নত অনেক কন্দলৰ মৰে, সমাজত অন্যায়-অপকৰ্ম্ম ৰহিত হয় আৰু অনেক ভাল কামৰ সূচনা হয়। কিন্তু এটা স্বাৰ্থলোভী দল তেওঁলোকৰ প্ৰধান বিৰোধী হৈ উঠে।
বিয়াৰ পাছৰ পৰা তেওঁ আগতকৈ গহীন, চিন্তাশীল আৰু নিজান ঠাইত থাকি ভাল পোৱা হয়। মাজে মাজে তেওঁৰ মনলৈ উদাস ভাৱ আহিবলৈ ধৰে। তেওঁ ক্ৰমে এটা অদৃশ্য শক্তিৰ আকৰ্ষণ অনুভৱ কৰিবলৈ ধৰে। পাছলৈ তেওঁৰ মানুহৰ লগত থাকি ভাল নলগা হয়।
মক্কাৰ ওচৰত হীৰা নামে এখন পৰ্ব্বত আছে। তেওঁ মাজে মাজে সেই পৰ্ব্বতৰ এটা গুহাত বহি চিন্তা কৰিবলৈ ধৰে। ক্ৰমে ধৰ্ম্ম-ভাৱ প্ৰবল হোৱাত তেওঁ তাত বহি দিনে ৰাতিয়ে ঈশ্বৰক চিন্ত৷ কৰি কাল কটাবলৈ লয়। কাচিতহে কেতিয়াবা ঘৰলৈ আহিছিল। এইদৰে প্ৰায় পোন্ধৰ বছৰ ঈশ্বৰ চিন্তা কৰাৰ পাছত ঈশ্বৰ তেওঁৰ প্ৰতি প্ৰসন্ন হয়।
জিব্ৰাইল (আঃ চাঃ আলেইহিচ্ছালাম্— অৰ্থ তেওঁৰ ওপৰত শান্তি বৰ্ষণ হওক) নামে এজন স্বৰ্গীয় দূতে হীৰা পৰ্ব্বতৰ গুহাত ধ্যান-মগ্ন মহম্মদৰ (দঃ) সমুখত থিয় লৈ তেওঁক আল্লাৰ আদেশ শুনালে। তেওঁ যেন হজৰতক কলে— “হজৰত মহম্মদ উঠা! সতৰ্ক হোৱা আৰু তোমাৰ প্ৰভুৰ মহিমা কীৰ্ত্তন কৰা।”
তেতিয়া হজৰতৰ বয়স চল্লিশ বছৰ। তেওঁ হীৰা পৰ্ব্বতৰ পৰা মক্কালৈ আহি ঘোষণা কৰিলে যে, “ঈশ্বৰ এজন। তেওঁ নিৰাকাৰ। তেওঁৰ নাম আল্লা বা খোদা। আল্লাৰ বাহিৰে আন ঈশ্বৰ নাই। তেওঁ আল্লাৰ প্ৰেৰিত পুৰুষ বা কটকী। আল্লাৰ বাণী মনুষ্য সমাজত প্ৰচাৰ কৰিবলৈ তেওঁ হুকুম পাইছে। মৰণৰ পাচতো জীৱন আছে। মহাবিচাৰৰ দিনা মানুহে ইহ-জীৱনৰ সৎ-অসৎ কামৰ প্ৰতিফল পাব।”
কিছুমানে তেওঁৰ বাণী সত্য বুলি গ্ৰহণ কৰিলে আৰু কিছুমানে তাৰ মৰ্ম্ম বুজিব নোৱাৰি বিৰোধী হৈ উঠিল। সিহঁতে তেওঁক আৰু তেওঁৰ তাকৰীয়া অনুগামী সকলক অত্যাচাৰ কৰিবলৈ ধৰিলে। ইয়াৰ ফল ভালেই হল। কিয়নো যাতনা সহি তেওঁৰ অনুগামী সকলৰ ধৰ্ম্মবিশ্বাস দৃঢ়হে হল।
প্ৰথম প্ৰথম খুৰাদেৱেক আবু তালেবে হজৰতক বিৰোধী দলৰ আক্ৰোহৰ পৰা ৰক্ষা কৰি আছিল; কিন্তু বিৰোধী দল ক্ৰমে প্ৰবল হোৱাত খুৰাকৰ পক্ষে তেওঁক ৰক্ষা কৰা অসম্ভৱ হৈ উঠিল। সিহঁতৰ হাতত তেওঁ আৰু তেওঁৰ দলে বহুতো লাঞ্ছন৷ ভুগিলে। তাৰ ফলত উদ্যম আৰু সঙ্কল্প ক্ৰমে দৃঢ়তৰ হল।
এনে সময়তে তেওঁৰ প্ৰিয়তমা পত্নী খাদিজা বেগমৰো মৃত্যু হল। তেওঁ একৰাকী প্ৰভাৱশালী মহিলা আছিল। তেওঁ মৰাত বিৰোধী দলে হজৰতৰ ওপৰত অত্যচাৰ কৰিবলৈ সুবিধাহে পালে। ক্ৰমে তেওঁৰ প্ৰাণৰ সংশয় উপস্থিত হল। তেতিয়া নিৰুপায় হৈ তেওঁ সশিষ্যে মক্ক৷ এৰি মদিনালৈ পলাই গল। (৬২২ খৃঃ অঃ) এই ঘটনাকে হিজ্ ৰত্ বোলে। সিদিনাৰ পৰা মছলমান বিলাকে হিজৰি শকৰ গণনা কৰে।
মদিনা মানুহবোৰে হজৰতক মৰমৰ চকুৰে চালে আৰু অনেক তেওঁৰ শিষ্য হল। মদিনাত তেওঁ শান্তিত বাস কৰিছিল। তাতে তেওঁ ইছলাম্ ধৰ্ম্মৰ ৰীতি-নীতিবোৰৰ নিয়ম প্ৰণালী বান্ধে। তেওঁ তাত মচজিদ্ নিৰ্ম্মাণ কৰায় আৰু জামা-অতৰ নামাজ পঢ়া নিয়ম কৰে, ʼআজানʼ দিয়া নিয়ম কৰে আৰু নামাজৰ সময়ত কাবা চৰিফৰ ফালে অৰ্থাৎ আমাৰ পশ্চিম ফালে মুখ কৰিবলৈ কয়৷
হজৰত মহম্মদে বিৰোধী বিলাকৰ ওপৰত বল প্রয়োগ নকৰি যথা সম্ভৱ মিলা-প্ৰীতিৰে চলিবলৈ শিষ্য সকলক উপদেশ দিছিল। ইমানতো মক্কাবাসীৰ লগত সম্ভাৱ ৰাখি চলা ক্রমে অসম্ভব হৈ উঠিল। কিয়নো সিহঁতে মছলমান বিলাকৰ ওপৰত বল প্রয়োগ কৰিবলৈ ধৰিলে। কাবা চৰিফৰ দুৱাৰ আগেয়ে গোটেই আৰৱবাসীৰ কাৰণে মুকলি আছিল৷ এতিয়া কোৰে- ইছবিলাকে হজৰতপন্থী সকলক তাত সোমাব নিদিয়া হল। ফলত মক্কাবাসী আৰু মছলমান সকলৰ ভিতৰত যুদ্ধ অনিবাৰ্য্য হৈ উঠিল৷ যুদ্ধ কেবাখনো হল; কিন্তু প্রত্যেক যুদ্ধতে তেওঁৰ দলে শত্ৰুৰ প্ৰতি সজ আচৰণ আৰু বন্দীৰ প্ৰতি দয়া দেখুৱাইছিল৷
হজৰত মহম্মদে তেওঁৰ জনদিয়েক প্ৰভাৱশালী শিষ্যক আৰবৰ দাঁতিকাষৰীয়া ৰাজ্যবোৰত ইছলাম ধৰ্ম্ম প্ৰচাৰৰ কাৰণে সামন্ত ৰজা সকলৰ ওচৰলৈ পঠাইছিল। তেওঁলোকৰ যত্নত বহুতে ইছলাম ধৰ্ম্ম গ্ৰহণ কৰে৷ এইদৰে ইছলাম ধৰ্ম্মৰ বিস্তৃতিৰ লগে লগে সমাজ সংস্কাৰৰ কাৰণে নানাপ্রকাৰ বিধি-বিধান যুগুত কৰা হল৷ পৰিয়ালৰ স্বত্ত্ব আৰু কৰ্ত্তব্য নিৰপিত কৰা হল; উত্তৰাধিকাৰ আইন কৰা হল; সুৰা-পান আৰু জুৱা খেল নিষিদ্ধ কৰা হল; তিৰোতাৰ মান আৰু মৰ্য্যাদা আগতকৈ বঢ়োৱা হল। এইৰূপ সাম্য আৰু সুশাসনৰ ফলত যেতিয়া মছলমান বিলাকৰ দল অতিকৈ পুষ্ট হল, তেতিয়া তেওঁলোকে দহ হেজাৰ শিষ্য একমুঠ হৈ মক্কা বিজয়ৰ কাৰণে যাত্ৰা কৰিলে। সেইটো হিজৰতৰ অষ্টম বছৰ। এইবোৰ মক্কাবাসীয়ে বিশেষ বাধা নিদিলে। তেওঁলোক সহজে সৈমান হল৷ ৰক্তপাতৰ একো আৱশ্যক নহল। এইদৰে হজৰত মহম্মদৰ (দঃ) জীবিত কালতে আৰবতে ইছলাম ধৰ্ম্মৰ বিজয় পতাকা উৰিল৷
কিন্তু হজৰতৰ শৰীৰ ক্ৰমে পৰি আহিল। ৬৩২ খ্ৰীষ্টাব্দৰ মেই মাহত তেওৰ টান নৰিয়া হল। সেই নৰিয়াতে তেওঁ ইহলীলা সামৰিলে।
হজৰত মহম্মদে (দঃ) আল্লাৰ যি বাণী মানৱ সমাজত প্ৰচাৰ কৰিছিল, সেই আটাইবোৰ গোটাই এখন পুথি যুগুত কৰা হৈছে৷ সেই পুথিৰ নাম কোৰাণ-চৰিফ। কোৰাণ-চৰিফ আৰবী ভাষাত লিখা মছলমান বিলাকৰ অতি পবিত্র গ্রন্থ। ইয়েই ইছলাম ধৰ্ম্মৰ মূল গ্রন্থ।
এজন আল্লাত বিশ্বাসেই ইছলাম ধৰ্ম্মৰ ভিত্তি। নামাজ, জাকাত, ৰোজা, আৰু হজ এই চাৰিটা ইছলাম ধৰ্ম্ম মন্দিৰৰ লাই খুটা৷
(১) নামাজ —আল্লাৰ প্ৰশংসা আৰু স্তুতিৰ নাম নামাজ। নামাজৰ যোগেহে আল্লাৰ লগত মানবাত্মাৰ সংযোগ ঘটে। এইটো মছলমান সকলৰ দৃঢ় বিশ্বাস। মছলমানে মিতৌ অন্ততঃ পাঁচ বাৰকৈ নামাজ পঢ়িবলৈ ধৰ্ম্মতঃ বাধ্য। ৰাতিপুৱা দুপৰীয়া, আবেলি, সন্ধ্যা আৰু ৰাতি এই পাঁচোটা নামাজৰ সময়। ৰাতিপুৱাৰ নামাজক ফজৰ, দুপৰীয়াৰ নামাজক জোহৰ, আবেলিৰ নামাজক আচৰ, সন্ধ্যাৰ নামাজক মাঘ্ৰিব, আৰু ৰাতি শুবলৈ যোৱাৰ আগতে পঢ়া নামাজক ইশা নামাজ বোলে। ধাৰ্ম্মিক মছলমান সকলে ইয়াৰ বাহিৰেও নামাজ পঢ়ে, কিন্তু সেইবোৰ স্বেচ্ছাধীন।
প্রকৃত মছলমানে যুদ্ধক্ষেত্ৰতো নামাজ পঢ়ে। নামাজ পঢ়িবলৈ সকলো সময়তে মজিদলৈ যোৱাৰ আৱশ্যক নকৰে৷ মছলমান সকলৰ কাৰণে গোটেই পৃথিবী খনেই আল্লাৰ মচজিদ। নৰিয়াই পাটীত, বাটৰুৱাই বাটৰ দাঁতিত, নাৱৰীয়াই নাৱৰ বুকুত, দোকা— নীয়ে দোকানত সৈন্যই শিবিৰত নামা্জ পঢ়িব। যি নামাজ নপঢ়ে সি অপবিত্র। তাৰ জী-বেটী অন৷-নিয়া কৰিবলৈকো মানা।
ইয়াৰ বাহিৰেও জামাঅতৰ নমাজ আছে৷ ইয়াক সকলোৱে লগ লাগি মচজিদত পঢ়িব লাগে৷ প্রতি শুক্রবাৰ জুম্মা নামাজৰ নিৰ্দ্দিষ্ট দিন। প্রতি বছৰত ঈদৰ দিনা ঈদ্গাহত সকলোৱে লগ লাগি নামাজ পঢ়িব লাগে; আৰু জীৱনত অন্ততঃ এদিন মক্কা চৰিফৰ নামাজ পঢ়িব লাগে৷
(২) জাকাত—আৰবী জাকাত শব্দৰ অৰ্থ দান। আন আন ধৰ্ম্মত দান ইচ্ছাধীন৷ কিন্তু ইছলাম ধৰ্ম্মত দান বাধ্যতামূলক। প্রত্যেক মছলমানে বছৰেকৰ আয়ৰ শতকৰা আঢ়ৈ ভাগ জাকাত দিব লাগে। যি প্ৰকৃত দৰিদ্ৰ, সিহে দানৰ পাত্ৰ৷ যিবিলাকে শৰীৰৰ অসমৰ্থতাৰ কাৰণে নাইবা সুযোগৰ অভাৱত জীৱিকা চলাব নোৱাৰে, সিবিলাকহে প্রকৃত দৰিদ্ৰ। যেনে কণা, খোৰা, বেমাৰী, মিচকীন্ ইত্যাদি।
(৩) ৰোজা—ৰমজান মাহত নিতৌ ৰাতিপুৱাৰ পৰা সন্ধিয়া- লৈকে উপবাসে থাকিবলৈ ইছলাম ধৰ্ম্মৰ স্পষ্ট নির্দেশ আছে। এই উপবাস এনে কঠোৰ যে, মুখৰ সেপ্ ঢুকিবও নোৱাৰি।
(৪) হজ—হজ শব্দৰ অৰ্থ তীৰ্থ কৰিবলৈ মক্কালৈ যোৱা। মক্কা মছলমান সকলৰ পবিত্র তীর্থ। হজ, যাত্রা মছলমান বিলাকৰ অতি পবিত্ৰ কৰ্ম্ম। কিয়নো তালৈ গলে পৃথিবীৰ সকলো দেশৰ মছলমান সকলৰ লগত মিলিবলৈ, তেওঁলোকৰ লগত ভাৱৰ আদান-প্ৰদান কৰিবলৈ, সমাজৰ আধ্যাত্মিক আৰু অর্থনৈতিক উন্নতিৰ উপায় চিন্তিবলৈ সুযোগ পায়। তাত সুখী-দুখী, ধনী-নির্ধন, ৰজা-বনুৱা সকলোৰে সমান সাজ আৰু হজৰ সকলো কাম-ক্ৰিয়া কৰাত সকলোৰে সমান অধিকাৰ৷ ইয়াৰ যোগেৰে গোটেই পৃথিবীৰ মছলমান সমাজত সাম্য আৰু মৈত্ৰীৰ ভাৱ প্ৰসাৰিত হৈছে।
পবিত্র কোৰান্ চৰিফ পঢ়া আৰু তাৰ শিক্ষা গ্ৰহণ কৰি সেই
মতে কাম কৰা—ইছলাম ধৰ্ম্মৰ ঘাই নির্দেশ। হজৰত মহম্মদৰ (দঃ) বাণী
১। আল্লা এজন আৰু তেঁৱেই আৰাধনা আৰু প্ৰশংসাৰ একমাত্ৰ গৰাকী।
২। সদায় নামাজ পঢ়িবা আৰু লগুৱা-লিগিৰিক মৰম কৰিবা।
৩। মানুহে নিতৌ পাঁচ বাৰকৈ নিৰ্ম্মল পানীৰে গা ধুলে যেনেকৈ তেওঁৰ গাত মলি থাকিব নোৱাৰে, তেনেকৈ নিতৌ পাঁচ বাৰ নামাজ পঢ়িলে মনৰ মলি থাকিব নোৱাৰে। আল্লাৰ লগত নামাজৰ যোগে সংযোগ ঘটিলেহে মানুহৰ মন নিকা আৰু শুচি নয়।
৪। জ্ঞান অৰ্জ্জন কৰিবা। জ্ঞানে তাৰ অধিকাৰী সকলক ন্যায়-অন্যায় বুজিবৰ ক্ষমতা দিয়ে। জ্ঞান বেহেস্তৰ বাটৰ চাকি, মৰুভূমিৰ পান্থ-পাদপ, নিজানৰ বন্ধু। জ্ঞানে মানুহক সুখৰ বাট দেখুৱায় আৰু দুখৰ পৰা ৰক্ষা কৰে।
৫। সাংসাৰিক সম্পত্তি সৰহ হলেই মানুহ সুখী হব নোৱাৰে। মনৰ সন্তোষেইহে সুখৰ মূল।
৬। আত্মাৰ হীনতা স্বীকাৰ কৰি জীৱিকা অৰ্জ্জন নকৰিবা। অভাৱত পৰিলে সাহ আৰু মৰ্য্যদা ৰাখি অভাৱ দূৰ কৰিবলৈ চাবা।
৭। কোনো সজ কামকেই তুচ্ছ জ্ঞান নকৰিবা৷ আনৰ কাৰণে এবাল্টি পানী কুঁৱাৰ পৰা তুলি দিয়া কামটো সামান্য হলেও সজ।
৮। মানুহৰ লগত সদায় হাঁহি মুখে কথা কবা। কোনোৱে তোমাক বেয়া পালে তুমি তাৰ কু-চৰ্চ্চা নকৰিবা।
৯। তেঁৱেই প্ৰকৃত বিশ্বাসী, যি সুখৰ সময়ত আল্লাৰ ওচৰত কৃতজ্ঞ থাকে আৰু দুখৰ সময়ত নিজক আল্লাৰ হাতত সমৰ্পণ কৰে।
১০। যদি কোনে৷ মানুহে মোৰ উপকাৰ কৰে, তেন্তে মই তেওঁৰ উপকাৰ কৰিম; কিন্তু যদি কোনো মানুহে মোৰ অপকাৰ কৰে, তেন্তে মই তাৰ অপকাৰ কৰিম, এনে কথা নকবা। বৰং প্ৰতিজ্ঞা কৰা যে, যদি আনে মোৰ অপকাৰ কৰে, তেন্তে মই তেওঁৰ উপকাৰ কৰিম আৰু যদি কোনেৱে মোক অত্যাচাৰ কৰে তেন্তে মই তেওঁৰ কেতিয়াও অন্যায় নকৰোঁ।
১১। ভিক্ষা নামাগিবা। ধন নিজে ঘটি দুখীয়া-নিচলাৰ সহায়হে কৰিবা। অৱস্থাই যদি তোমাক ভিক্ষা কৰিবলৈ বাধ্য কৰায়, তেন্তে আল্লাৰ ওচৰতহে ভিক্ষা কৰিবা।
১২। সৰু-বৰ ভাৱ অধৰমীৰ। আল্লাৰ চকুত সকলো সমান। তোমালোকে দুৰ্ব্বলক সবলৰ কবলৰ পৰা ৰক্ষাহে কৰিবা।
১৩। তিৰোতাক সম্মান কৰিবা। তেওঁলোকৰ ওপৰত তোমালোকৰ যেনে অধিকাৰ, তোমালোকৰ ওপৰতো তেওঁলোকৰ তেনে অধিকাৰ।
১৪। যাৰ মাক-বাপেক নাই, তাক আদৰ-যত্ন কৰিবা। তোমালোকে যি খোৱা বেটী— চাকৰকো তাকে খাবলৈ দিবা। তোমালোকে যি পিন্ধা, সিহঁতকো তাকে পিন্ধিবলৈ দিবা।
১৫। হে বিশ্বাসী মছলমান ভাই সকল! মই তোমালোকৰ কাৰণে এটা অপূৰ্ব্ব বস্তু এৰি গলোঁ। তাক তোমালোকে দৃঢ় ভাৱ ধৰি থাকিবা আৰু তাৰ পৰা কেতিয়াও বিচলিত নহবা। সেই অমূল্য বস্তুটো কি জানা নে?— পবিত্ৰ কোৰাণ চৰিফ্।