সমললৈ যাওক

অমৰ-কাহিনী/যীশুখৃষ্ট

ৱিকিউৎসৰ পৰা
​
 

যিশু খৃষ্ট


 মহাত্মা যিশু খৃষ্টধৰ্ম্মৰ প্ৰচাৰক। খৃষ্ট শব্দৰ অৰ্থ পবিত্ৰ। মহাত্মা যিশুই মানুহৰ অন্ধ বিশ্বাস দূৰ কৰি পবিত্ৰ ধৰ্ম্ম প্ৰচাৰ কৰিছিল। সেই কাৰণে তেওঁৰ প্ৰচাৰিত ধৰ্ম্মক খৃষ্টধৰ্ম্ম বোলে।

 পেলেষ্টাইন যিশুৰ জন্মভূমি। ই লোহিত সাগৰৰ ফালে থকা আৰবৰ এখন সৰু দেশ। আৰবদেশত মুছলমান বিলাকৰ ঘাই বসতি। কিন্তু পেলেষ্টাইন ইহুদীবোৰৰ দেশ। ইয়াৰ উত্তৰ ভাগৰ নাম গেলিলি আক দক্ষিণ ভাগৰ নাম জুডিয়া।

 বেথেলহেম জুডিয়াৰ এখন সৰু নগৰ। তাত জোচেফ্ নামে এজন মানুহ আছিল। তেওঁ নেজাৰেথ নামে এখন সৰু নগৰত কাঠমিস্ত্ৰিৰ কাম কৰিছিলগৈ। তাতে মেৰী নামে এজনী ছোৱালীৰ লগত তেওঁৰ প্ৰণয় ঘটে। মেৰীয়ে তেওঁক বিয়া কৰাম বুলি কথা দিছিল; কিন্তু তেওঁলোকৰ বিয়া হোৱা নাছিল। ​  এই কুমাৰী মেৰীয়েই যিশু খৃষ্টৰ জননী। ঈশ্বৰৰ আদেশত কুমাৰী কালতে তেওঁৰ গৰ্ভত অৱতাৰী পুৰুষ স্থিত হয়। গেব্ৰিয়েল নামে এজন স্বৰ্গীয় দূতে হঠাতে এদিন মেৰীৰ আগত থিয় হৈ কৈছিল— “মেৰী! তুমি ধন্যা। তোমাৰ ওপৰত ঈশ্বৰৰ কৃপা-দৃষ্টি পৰিছে। তোমাৰ অলপতে এটি পুত্ৰ উপজিব। তুমি লৰাটিৰ নাম যিশু ৰাখিবা। তেওঁ ঈশ্বৰৰ সন্তান বুলি জগতত খ্যাতি লাভ কৰিব আৰু পৃথিবীৰ মানুহক শান্তি দান কৰিব।”

 ঈশ্বৰৰ ইচ্ছা হলে অসম্ভৱো সম্ভৱ হয়। সঁচাকৈয়ে কোনো পুৰুষৰ লগত সঙ্গম নোহোৱাকৈ মেৰী গৰ্ভৱতী হল।

 সেই সময়ত জুড়িয়া ৰোমান সাম্ৰাজ্যৰ অন্তৰ্গত আছিল। ৰোমৰ সম্ৰাট চিজাৰ আগষ্টাচে ৰাজ্যৰ প্ৰত্যেক মানুহকে নিৰজ জন্মস্থানলৈ গৈ তাত নাম লগাই কৰ শোধাবলৈ আদেশ দিছিল। এই আদেশ পাই জোচেফে গৰ্ভৱতী মেৰীক লৈ নেজাৰেথৰ পৰা জন্মস্থান বেথেলহেমলৈ আহিছিল।

 তেওঁলোকে বেথেলহেম পাই দেখিলে যে, তাত মানুহৰ অত্যন্ত ভিৰ; ৰাতিটো কটাবলৈকে ঠাইৰ অভাৱ। উপায় নাপাই তেওঁলোকে কথমপি এজন ডাঙৰ মানুহৰ ঘোঁৰাশালত আশ্ৰয় ললে। তাতে ৰাতি মেৰীয়ে এটি দিপ্ লিপ্ পুত্ৰ সন্তান প্ৰসব কৰিলে। মেৰীয়ে লৰাটিক ধুৱাই-পখলাই কাপোৰেৰে মেৰাই ঘোঁৰাই ঘাঁহ খোৱা কাঠৰ বাকচ এটাত শুৱাই ৰাখিলে। এই লৰাটিয়েই ভগবান যিশু খৃষ্ট। যি জনা মহাপুৰুষক পৃথিবীৰ ​তিনিভাগৰ এভাগ মানুহে ধৰ্ম্ম ৰাজ্যৰ অধীশ্বৰ বুলি মানে, তেওঁৰ জন্ম হৈছিল ঘোঁৰাশালত। ভগবানৰ লীলা বুজা নাযায়।

 যিশুৱে জন্মগ্ৰহণ কৰাৰ কিছু দিনৰ পাছতে নগৰত জনাজাত হল যে, ইহুদী বিলাকৰ ভাবী ৰজা ঈশ্বৰৰ অৱতাৰৰূপে বেথেল্হেম্ নগৰত উপজিছে। সেই সময়ত হিৰোড নামে ইহুদী বিলাকৰ এজন ৰজা আছিল। তেওঁ এই জনৰৱ শুনি বৰ উচাটন হল। তেওঁ বৰ নিষ্ঠুৰ আৰু ক্ৰুৰ প্ৰকৃতিৰ মানুহ আছিল। তেওঁ ভাবিলে যে, সৰ্ব্বনাশ; যদি সচাকৈয়ে কোনো বীৰ্য্যবান পুৰুষৰ জন্ম হল, তেন্তে তেওঁৰ ভোগ উকলিল। বিহ গছ পুলিতে উভালি পেলাব লাগে— ইয়াকে ভাবি তেওঁ বেথেল্হেম্ নগৰৰ ঘৰে ঘৰে লৰাটিৰ খবৰ কৰালে।

 ৰজাৰ অসৎ অভিপ্ৰায় বুজিব পাৰি জোচেফ্ আৰু মেৰীয়ে যিশুক লৈ পলাই গল। তেওঁলোকে অনেক পৰ্ব্বত-পাহাৰ, মৰু-প্ৰান্তৰ, বন-উপবন পাৰ হৈ মিচৰ দেশত ওলালগৈ।

 ৰজা হিৰোডে যিশুক নাপাই বেথেল্‌হেম্ নগৰৰ দুবছৰৰ কম বয়সৰ আটাইবোৰ লৰাকে মৰাই পেলালে।

 ইয়াৰ কিছুদিন পাছত হিৰোডৰ মৃত্যু হল। এই বাতৰি শুনি জোচেফ আৰু মেৰীয়ে যিশুক লৈ মিচৰৰ পৰা নেজাৰেথলৈ আহিল। নেজাৰেথত জোচেফে আগৰ দৰে কাঠ-মিস্ত্ৰি কাম কৰিবলৈ ধৰিলে। যিশুৱে তেওঁক যি পাৰে কামত সহায় কৰিবলৈ ধৰিলে। ​  যিশু সুশ্ৰী আৰু সবল লৰা আছিল। আন আন মহাপুৰুষৰ দৰে তেৱোঁ লৰা কালৰে পৰা অলৌকিক জ্ঞান আৰু অতুলনীয় প্ৰতিভাৰ পৰিচয় দিছিল। বাৰ বছৰ বয়সত তেওঁ শাস্ত্ৰৰ কঠিন তত্ত্ববোৰ সহজ আৰু সৰল কথাৰে বুজাব পাৰিছিল। তেওঁব প্ৰতিভা আৰু মেধাশক্তি দেখি সকলোৱে বিস্ময় মানিছিল। তেওঁ কোনো স্কুলত পঢ়া নাছিল। ঘৰত মাক-বাপেকৰ পৰা সি সাধাৰণ শিক্ষা পাইছিল, সেয়েই তেওঁৰ পাৰ্থিব জ্ঞানৰ ভঁৰাল আছিল।

 তেন্তে তেওঁ এই অগাধ পাণ্ডিত্য পালে ক'ত? সৰ্ব্ব-শক্তিমান পৰমেশ্বৰৰ কৃপা হলে অসম্ভৱো সম্ভৱ হয়—এয়ে এই প্ৰশ্নৰ একমাত্ৰ উত্তৰ প্ৰায় সকলো মহাপুৰুৰ জীৱনতে এই কথা খাটে। এয়েই তেওঁলোকৰ প্ৰতিভা; ইয়াতেই তেওঁ লোকৰ মহত্ত্বৰ বিকাশ।

 সৰুৰে পৰা যিশুৰ ভাৱ-গতি আৰু ধৰণ-কৰণ আন সাধাৰণ লৰাতকৈ সুকীয়া আছিল। পিন্ধা-উৰা, খোৱা-লোৱাত তেওঁৰ একো লাগবান্ধ নাছিল। তেওঁ সৰুৰে পৰা দুঃখ-কষ্ট সহিবলৈ অভ্যাস কৰিছিল। তেওঁ সদায় স্বাবলম্বী আছিল আৰু পৰৰ উপকাৰ কৰাটোকে জীৱনৰ ব্ৰত কৰি লৈছিল। ব্যৱহাৰত নম্ৰ আৰু কথা বতৰাত তেওঁ অতি বিনয়ী আছিল। আতুৰক ৰক্ষা কৰি, নিৰাশ্ৰয়ক আশ্ৰয় দি আৰু ৰোগীক সেৱা-শুশ্ৰূষা কৰি তেওঁ ৰং পাইছিল। মনৰ পবিত্ৰতা ৰক্ষাৰ কাৰণে তেওঁ সংসাৰৰ সকলো প্ৰলোভনকে দমাই ৰাখিছিল। তেওঁ কেতিয়াও মিছা ​নকৈছিল। সৰুৰে পৰা তেওঁ সকলো বিষয়তে সংযত আছিল। এইবোৰ কাৰণেহে কালত তেওঁ জিতেন্দ্ৰিয় পুৰুষ হব পাৰিছিল।

 তেওঁৰ মাত-কথা শুনি সকলো মুগ্ধ হৈছিল। বিশেষকৈ তেওঁৰ মাত বীণাৰ মাতৰ দৰে কোমল আছিল। এনে অনেক গুণ থকাৰ কাৰণে মানুহে তেওঁক ভাল পাইছিল, মৰম কৰিছিল আৰু অসাধাৰণ পুৰুষ বুলি ভাবিছিল।

 নিজৰ গুণ-প্ৰকৃতিৰে সকলোকে মুহি তেওঁ ত্ৰিশ বছৰ বয়সলৈকে সংসাৰী জীৱন কটায়। ত্ৰিশ বছৰৰ পাছৰ পৰা তেওঁৰ জীৱনত ভীষণ পৰিবৰ্ত্তন ঘটে। তেওঁ সেই সময়ত জন্ নামে এজন সন্ন্যাসীৰ ওচৰত দীক্ষা লয় আৰু গুৰুৰ প্ৰেৰণাত সাধন-ভজনত মন দিয়ে।

 জন্ অতি সাধু পুৰুষ আছিল। তেওঁ পবিত্ৰ জীৱন যাপন কৰিছিল। মানুহৰ মাজত শিক্ষাৰ পোহৰ বিতৰণ কৰাই তেওঁৰ জীৱনৰ ব্ৰত আছিল। তেওঁক অৱতাৰী পুৰুষৰ অগ্ৰদূত বুলিব পাৰি।

 এতিয়াৰ পৰা যিশুৱে মাজে মাজে ঘৰ এৰি নিজানত ঈশ্বৰ চিন্তা কৰি কটাবলৈ ধৰিলে। ক্ৰমে সেই ভাৱ প্ৰবল হোৱাত তেওঁ নিগাজিকৈ এটা পৰ্ব্বতৰ গুহাত থাকিবলৈ ললে। তেওঁ একো নোখোৱাকৈ আৰু এখন্তকে৷ নুশুৱাকৈ একে লালিয়ে চল্লিশ দিন ঈশ্বৰ চিন্তা কৰিছিল। চল্লিশ দিনৰ পাছত তেওঁ ঈশ্বৰৰ কৃপা লাভ কৰে। ​কিন্তু সকলো মহাপুৰুষেই মহত্ত্বৰ পৰীক্ষাত উত্তীৰ্ণ হব লাগে— বোধ হয় সেইটোৱে৷ ঈশ্বৰৰ ইচ্ছা। যিশুৱে৷ তাৰ পৰা বাদ পৰা নাছিল । তেওঁক পৰীক্ষা কৰিবলৈ এদল চয়তান্ আছিল। যিশু সেই সময়ত ভোকত কাতৰ ৷ তেওঁ সিহঁহক অলপ খোৱা বস্তু খুজিলে। সিহঁতে তেওঁক খাবলৈ কিবা দিয়া দূৰৰ কথা, ইতিকিং কৰি কৈছিল— “যিশু ! যদি তুমি ঈশ্বৰৰ প্ৰিয়-পাত্র হোৱা, তেন্তে এই পৰ্ব্বতৰ শিলবোৰকে খাই ভোক গুচাব পাৰাদেখোন, আন খোৱা বস্তু লাগে কেলেই?” তাৰ উত্তৰত যিশুৱে কৈছিল—“মানুহ অকল খাবলৈকে জীয়াই নাথাকে। ঈশ্বৰৰ প্ৰিয় কাৰ্য্য কৰিলে আৰু তেওঁৰ আদেশ মানি চলিলেহে মানুহে অমৰ জীৱন লাভ কৰে।”

 যিশুৰ উত্তৰ শুনি চয়তানবোৰ হতাশ হল; কিন্তু সিহঁতে লগ নেৰিলে। সিহঁতে তেওঁক ফুচুলাই এটা মন্দিৰলৈ গল আৰু কলে— যদি তুমি সঁচাকৈয়ে ঈশ্বৰৰ সন্তান হোৱা, তেন্তে এই মন্দিৰৰ কলচীৰ পৰা মাটিলৈ জাপ মাৰি প্ৰমাণ দেখুওৱা। তাৰ উত্তৰত যিশুৱে কলে— 'ঈশ্বৰৰ কাৰ্য্যৰ পৰীক্ষা নকৰিবা।'

 যিশু পৰীক্ষাত উত্তীর্ণ হল । চয়তানবোৰে তেওঁৰ লগ এৰিলে। তেওঁৰ সাধনাই সিদ্ধিলাভ কৰিলে ৷ তেওঁ সত্যধর্ম্ম প্ৰচাৰৰ কাৰণে মনত অপূৰ্ব্ব বল পালে।

 যিশু ধৰ্ম্ম প্ৰচাৰত লাগিল । তেওঁৰ কথাত মুগ্ধ হৈ বহুতো মানুহ তেওঁৰ শিষ্য হল । তেওঁ সেই শিষ্য সকলৰ বাৰ জনক মুখ্য শিষ্য কৰি তেওঁলোকৰ হতুৱাই ধৰ্ম্ম প্ৰচাৰ কৰালে। ​এই দৰে অতি অলপ দিনৰ ভিতৰতে তেওঁৰ ধৰ্ম্মমত বহু ঠাইত বিয়পি পৰিল। যিশুৰ অলৌকিক মহিমা প্ৰকাশ পাবলৈ ধৰিলে। তেওঁক সকলোৱে ঈশ্বৰ অৱতাৰ বুলি ভাবিবলৈ ধৰিলে। তেওঁ কণাক চক্ষু দান, কলাক শুনাশক্তি, খোৰাক গতি দিব পাৰে আৰু চকুৰে চাই দুৰাৰোগ্য ৰোগ গুচাব পাৰে, মৰা মানুহক জীয়াব পাৰে, — এইবোৰ অদ্ভুত শক্তিৰ কথা চাৰিওফালে প্ৰচাৰিত হল। দূৰ-দূৰণিৰ পৰা দলে দলে মানুহ আহি তেওঁক 'স্বৰ্গৰ দেৱতা' ভাৱেৰে চাবলৈ ধৰিলে। তেওঁৰ ক্ষমতাৰ কথা, মাহাত্ম্যৰ কথা, মানুহৰ মুখে মুখে হল। তেওঁ প্ৰচাৰ কৰিলে যে, 'ধনীতকৈ দুখীয়াহে ঈশ্বৰৰ অধিক প্ৰিয়।' তাকে শুনি দুখীয়া আৰু সমাজৰ হেচাত পেপুৱা লাগি থকা মানুহবোৰ তেওঁৰ শিষ্য হবলৈ লৰি আহিল। অৱশ্যে তেওঁৰ শিষ্য সকলৰ ভিতৰত অনেক চহকী মানুহো আছিল।

 অন্যান্য মহাপুৰুষ সকলৰ দৰে যিশু খৃষ্টৰো ধৰ্ম্ম মত সমাজত চলি থকা ধৰ্ম্মমতৰ বিৰোধী হৈ উঠিল। তেওঁৰ জ্ঞাতি ইহুদীবোৰে তেওঁক সমাজৰ শত্ৰু বুলি মানিবলৈ ধৰিলে। সিহঁতে তেওঁৰ বিৰুদ্ধে নানা ষড়যন্ত্ৰ আৰু নানা কূট বুদ্ধি আলচিবলৈ ধৰিলে। অবশ্যে যিশুৰ প্ৰতিভাৰ বলত সিহঁতৰ অনেক কুমন্ত্ৰণা জয় পৰিল। তথাপি সিহঁতে তেওঁৰ পিচ নেৰিলে। অন্ততঃ যিশুৱে পৰবৰ্তী সমাজৰ কল্যাণৰ কাৰণে আৰু জগতত যাউতিযুগীয়া আত্মবলিদানৰ দৃষ্টান্ত ৰাখি যাবৰ কাৰণে তেওঁ নিজে উপযাচি শত্ৰুৰ হাতত ​আত্মসমৰ্পণ কৰিবলৈ থিৰ কৰিলে শত্ৰু ইহুদীবোৰে তেওঁক বন্দী কৰি নানা প্ৰকাৰ লাঞ্ছনা ভোগ কৰালে। যিশুৱে প্ৰকৃত সত্যাগ্ৰহীৰ দৰে সকলো যন্ত্ৰণ৷ নীৰৱে সহি থাকিল। শত্ৰুলৈ মনত অকণো কপট নাৰাখিলে আৰু আন কি কিঞ্চিৎ বিৰক্তিৰ ভাৱে৷ প্ৰকাশ নকৰিলে।

 ইহুদীবোৰে যিশুক ধৰি বান্ধি নি ৰোমান পুৰোহিতবোৰক গতাই দিলে। তেওঁ লোকে যিশুৰ বিচাৰৰ ভাও কৰি ৰাজদ্ৰোহী বুলি প্ৰমাণ কৰালে। বিচাৰত তেওঁৰ প্ৰাণদণ্ডৰ আদেশ হল। তেওঁক পেৰেঙনিত গজালি মাৰিবৰ আদেশ হল। অত্যাচাৰীবোৰে তেওঁক বেতেৰে কোবাই, মূৰত কাঁইটৰ মূকুট পিন্ধাই, টানি-আজুৰি বধ্যভূমিলৈ লৈ গল। ইয়াৰ পাছৰ নিদাৰুণ কাহিনীৰ সম্পূৰ্ণ বিবৰণ দিবলৈ শক্তিশালী লিখকৰ লেখনীও অক্ষম। সি অতি নিকৰুণ আৰু অন্তৰ ডেই যোৱা কথা। যিশুৰ হাত দুখন মেলি ধৰি তলুৱাৰে গজাল মাৰি পেৰেঙনিৰে সৈতে শালিলে। সেই দৰে ভৰি দুখনতো গঁজাল মাৰিলে। যন্ত্ৰণাত তেওঁৰ প্ৰাণ কাতৰ হল। তেওঁ ইকাটি- সিকাটি কৰিব নোৱাৰা হল। এনে অৱস্থাৰে তেওঁক জুই যেন চোকাৰদত ৰখা হল। পিয়াহত যিশুৰ অণ্ঠ-কণ্ঠ শুকাই গল। তেওঁৰ মুখেৰে কথা নফুটা হল, শৰীৰ অৱশ হৈ আহিল, মৃত্যু তেওঁৰ ওচৰ চাপিল। কিন্তু সকলোৱে দেখি আচৰিত মানিলে যে, মৃত্যু-যন্ত্ৰণায়ো তেওঁক বিচলিত কৰিব নোৱাৰিলে। বৰং তেওঁ ধীৰ আৰু শান্ত ভাৱেৰে ওপৰলৈ চাই প্ৰাৰ্থনাত মগ্ন হল ​আৰু ফুটাই কলে—“পিতা! দয়াময় পিতা! এই মানুহবোৰক ক্ষমা কৰিবা। কাৰণ ইহঁতে কি নিষ্ঠুৰ কাম কৰিছে, তাক নাজানে।” যিশুৰ এই মহতী বাণীৰ অমৰ জ্যোতি চিৰকাল মানৱ জাতিৰ হৃদয়ত প্ৰতিফলিত হব।

 মহাপুৰুষ সকলে নিজে জীৱনৰ মহৎ উদ্দেশ্যে সম্পুৰ্ণ কৰি যাব নোৱাৰে। কিন্তু তেওঁলোকে সমাজক এনে এটা প্ৰেৰণা আৰু শক্তি দি যায় যে, সেই প্ৰেৰণাই আৰু সেই শক্তিয়ে তেওঁ লোকৰ অসম্পুৰ্ণ কাম সম্পূৰ্ণ কৰে; আৰু বহুকাললৈকে সমাজে সংসাৰত সজ ভাৱে চলিবলৈ এটা সুনিৰ্দিষ্ট পথ পায়।

 সেইদৰে যিশুৱে তেওঁৰ জীৱনত যি কাম সমধা কৰিব নাৱাৰিলে, তেওঁৰ ত্যাগ, তেওঁৰ মহত্ব আৰু তেওঁৰ শিক্ষাই তেওঁৰ মৃত্যুৰ পাছত সেই কাম হেলাৰঙে সমধা কৰিলে তেওঁৰ মৃত্যুৰ পাছত অনেক জ্ঞানী পুৰুষৰ উদ্ভৱ হল। তেওঁলোকে খৃষ্ট ধৰ্ম্ম বহলাই প্ৰচাৰ কৰিলে। খৃষ্টধৰ্ম্ম পৃথিবীৰ এটা প্ৰধান ধৰ্ম্ম বুলি পৰিগণিত হল। আজিও পৃথিবীৰ তিনি ভাগৰ এভাগ মানুহে খৃষ্ট-ধৰ্ম্ম লৈ শান্তিৰ শীতল ছাঁত কাল কটাইছে!.

যিশুখৃষ্টৰ বাণী

 ১। পাপীয়ে সদায় পোহৰলৈ ভয় কৰে। কিয়নো জানোচা পোহৰত তাৰ স্বৰূপ প্ৰকাশ পায়। কিন্তু যি পুণ্যবান, তেওঁক ভয়-ডৰ নাই; তেওঁৰ সদায় পোহৰলৈহে ধাউতি। ​
 ২। যি অহঙ্কাৰ নকৰে, তেওঁ স্বৰ্গবাসী হয় । যি কু-কাম কৰি অনুতাপ কৰে, তেওঁ আনন্দ পায় । যি বিনয়ী পৃথিবীত তেওঁৰ প্ৰতিপত্তি বাঢ়ে । যি ধাৰ্ম্মিক, তেওঁ সকলো কামতে সিদ্ধি লাভ কৰে ৷ যি দয়াশীল, তেওঁক সকলোৱে ক্ষমা কৰে ৷ যাৰ অন্তঃকৰণ পবিত্র, তেওঁ ঈশ্বৰৰ সাক্ষাত পায় ৷ যি শান্তি স্থাপন কৰে, তেওঁ ঈশ্বৰৰ প্ৰিয় সন্তান । যি সত্যধৰ্ম্ম প্ৰচাৰৰ কাৰণে নীৰৱে সকলো যন্ত্রণা সহ্য কৰে, তেওঁৰ স্বৰ্গবাস হয় ৷ যি পৰৰ কাৰণে সকলো দুখ-কষ্ট গা পাতি লয়, তেওঁৰ কাৰণে ভগবানে স্বৰ্গত যথেষ্ট পুৰস্কাৰৰ ব্যৱস্থা কৰে ৷

 ৩। ঈশ্বৰক গোপনে প্রার্থনা কৰিবা । কপটী মানুহৰ লোকক দেখুৱাই চিঞৰি প্ৰাৰ্থনা কৰিবৰ আৱশ্যক নাই।

 ৪। ঈশ্বৰৰ নামত গোপনে উপবাস কৰিবা ৷ ভণ্ড তপস্বীৰ দৰে মুখ শুকুৱাই তাক আনৰ আগত নকবা। চাবা, তুমি উপবাসে আছা বুলি যেন আনে ধৰিব নোৱাৰে ৷

 ৫। ঈশ্বৰক যদি পাব খোজা, তেওঁত একান্ত শৰণ লোৱা। তোমাৰ যি আছে, দুখী-দৰিদ্ৰক দান কৰা। কাইলৈ কি খাব৷, নাভাবিবা। দয়াময় পিতাই নিজে তোমাৰ সকলো অভাৱ পূৰণ কৰিব ৷

 ৬। তুমি আনক ক্ষমা কৰিলে ঈশ্বৰেও তোমাক ক্ষমা কৰিব। মাগিলে পায়, খুন্দিয়ালে দুৱাৰ মুকলি হয়, মন কৰিলে ছন্ হয় আৰু যত্ন কৰিলে ৰত্ন মিলে। ​  ৭। ধৰ্ম্ম জীৱন লাভৰ কাৰণে সংসাৰ এৰিবৰ আৱশ্যক নাই। একোজন আদৰ্শ গৃহস্থ একোটা খুটাৰ ওপৰত জ্বলি থকা বন্তিৰ দৰে। তেওঁলোকৰ আৰ্হিয়ে পৃথিবীলৈ শান্তি আনে।

 ৮। কেতিয়াও কোনো কথাতে শপত নাখাবা। কাৰণ তুমি ইচ্ছা কৰি এডাল কলা চুলিকো বগা কৰিব নোৱাৰা।

 ৯। প্ৰতিহিংসাক মনত ঠাই নিদিবা। বৰং কোনোৱে তোমাৰ সোঁখন গালত চৰিয়ালে, তুমি তেওঁক বাওঁখন গাল পাতি দিবা

 ১০। মগনীয়াক বিমুখ নকৰিবা! আপদত পৰি ধন ধাৰে বিচাৰিলে পৰাপক্ষত দি সহায় কৰিবা।

 ১১। শত্ৰু-মিত্ৰ সকলোকে সমান চকুৰে চাবা। কোনোৱে তোমাৰ অপকাৰ কৰিলে তুমি তেওঁৰ উপকাৰহে কৰিবা কোনোৱে তোমাক হিংসা কৰিলে, তাৰ ভালৰ কাৰণে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিবা।

 ১২। তুমি আমি সকলো সেই একেজন পৰম পিতাৰ সন্তান। তেওঁ স্ৰজা সূৰ্য্যই পাপী-তাপী, সাধু-অসাধু, চহকী, দুখীয়া সকলোকে সমানে তাপ আৰু পোহৰ দিয়ে। ভালক ভাল পোৱাত বা উপকাৰীক উপকাৰ কৰাত একো মহত্ব নাই। যি অপকাৰীৰ উপকাৰ কৰে, যি পাপীক ভাল পায়, তেওঁ হে মহৎ।

 ১৩। তুমি আনৰ পৰা যেনে ব্যৱহাৰ পাবলৈ আশা কৰা, আনকো তুমি তেনে ব্যৱহাৰ কৰিবা।

 ১৪। যদি তুমি স্বৰ্গৰাজ্য পাব খোজা, তেন্তে তোমাৰ যথা সৰ্ব্বস্ব দান কৰি দুখীয়া হৈ মোৰ ওচৰলৈ আহা।