অমৰ-কাহিনী
অমৰ-কাহিনী
(ৰায়-বাহাদুৰ ডাঃ শ্ৰীসূৰ্য্যকুমাৰ ভূঞা দেৱৰ ভূমিকাৰে সৈতে)
- লিখক—
শ্ৰীকাশী নাথ বৰ্ম্মণ
শিক্ষক, শিৱসাগৰ গভৰ্ণমেন্ট হাইস্কুল।
গ্ৰন্থকাৰৰ দ্বাৰা প্ৰকাশিত।
১৯৪৯ চন
বেচ দেৰ টকা।.
প্ৰিণ্টাৰ—শ্ৰীগোঁৰাচাদ মুখাৰ্জ্জি
কমলা প্ৰিন্টিং ৱাৰ্কস্
৩নং কাশীমিত্ৰ ঘাট স্ট্ৰীট, বাগবাজাৰ, কলিকাতা—৩।
সূচীপত্র
| ১। | শ্ৰীকৃষ্ণৰ বাল্য-জীৱনৰ চমু আভাস | ১ | |||
| ২। | জৰথুষ্ট্র | ... | ... | ... | ১৩ |
| ৩। | মহাপুৰুষ লাউৎজে | ... | ... | ১৮ | |
| ৪। | কংফুচিও | ... | ... | ২৩ | |
| ৫। | মহাবীৰ | ... | ... | ... | ২৮ |
| ৬। | বুদ্ধদেৱ | ... | ... | ... | ৩৫ |
| ৭। | যীশুখৃষ্ট | ... | ... | ... | ৪৬ |
| ৮। | হজৰত মহম্মদ (দঃ) | ... | ... | ৫৭ | |
| ৯। | গুৰু নানক | ... | ... | ৭০ | |
| ১০। | শ্ৰীৰামকৃষ্ণ পৰমহংস | ... | ... | ৭৯ | |
| ১১। | মহাত্মা গান্ধী | ... | ... | ৮৯ |
.
ভূমিকা।
শ্ৰীযুক্ত কাশীনাথ বৰ্ম্মণ বিৰচিত ‘অমৰ কাহিনী” ভগৱান বুদ্ধদেৱ প্ৰমুখ্যে যুগাৱতাৰ মহাত্মা গান্ধীলৈকে ১১ জন ধৰ্ম্ম প্ৰাণ মহাপুৰুষৰ সংক্ষিপ্ত জীৱন চৰিত সম্বলিত এই পুথি খনি এবাৰ পঢ়ি চাই পৰম তৃপ্তি লাভ কৰিলোঁ। এই মহাপুৰুষ সকলৰ ভিতৰত পৃথিবীৰ সকলো ধৰ্ম্মৰে আদি-প্ৰতিষ্ঠাপক আৰু প্ৰবৰ্ত্তক সকলক দেখা পোৱা যায়। শাক্যমুনি গৌতম আৰু মহাত্মা গান্ধীৰ বাহিৰেও শ্ৰীকৃষ্ণ, জৰথুষ্ট্ৰ, লাউৎজে, কুংফুচিয়ো, মহাবীৰ, যিশুখৃষ্ট, হজৰত মহম্মদ, গুৰু নানক, ৰাম-কৃষ্ণ পৰমহংস আদিৰ কাহিনী এই গ্ৰন্থত সন্নিবিষ্ট হৈছে। এই গ্ৰন্থ পঢ়িলে নানা ধৰ্ম্মৰ সমন্বয় ৰূপে ভালকৈ বুজিব পৰা যাব। প্ৰেম আৰু শান্তি যে, জগতত মূল উদ্দেশ্য এই মহাপুৰুষ সকলৰ জীৱন-কাহিনী আৰু বাণীৰ পৰা সুন্দৰ ভাৱে প্ৰতিফলিত হৈছে। বৰ্ত্তমানে সমগ্ৰ জগত একাঙ্গীভূত হবলৈ যত্নবান হৈছে। শান্তি, অহিংসা, আৰু সাম্যবাদ হৈছে জগতৰ সভ্যতালৈ ভাৰতৰ যুগযুগান্তৰৰ দান। এই মহাপুৰুষ সকলৰ জীৱন কাহিনী পঢ়িলে ভাৰতৰ চিৰন্তন বাণী দৃঢ়ীভূত হয়। শ্ৰীযুত বৰ্ম্মণদেৱৰ গ্ৰন্থ-খনিৰ পৰা আমাৰ মানুহৰ অন্তৰত শান্তি আৰু মৈত্ৰীৰ অমৃতময় উন্মাদনাৰ সৃষ্টি হব ই আমাৰ ধ্ৰুব বিশ্বাস। এই গ্ৰন্থৰ বহল প্ৰচাৰ সৰ্ব্বান্তঃকৰণে কামনা কৰোঁ।
ইং ১৭|৬|১৯৪৯ |
লিখকৰ কথা।
‘অমৰ কাহিনী’ মোৰ দেশৰ কোমল মতি লৰা-ছোৱালী সকলক উপহাৰ দিলোঁ। ইয়াত পৃথিবীৰ সকলো ধৰ্ম্মৰে আদি প্ৰতিষ্ঠাপক আৰু প্ৰবৰ্ত্তকসকলৰ চমু জীৱনী আৰু বাণী সংগ্ৰহ কৰি দিয়া হৈছে। এই মহাপুৰুষ সকলে আবহমান কালৰ পৰা এতিয়ালৈকে জগতবাসীৰ পূজা পাই আহিছে।
বৰ্তমান পৃথিবীক অধৰম, আক্ৰোহ আৰু ধন-লোভে গিলিব খুজিছে। মানুহৰ ধৰ্ম্মৰ লগত কৰ্ম্মৰ মিল নাই। ন্যায়-নীতি দয়া-মৰম, দান-ধ্যানলৈ মানুহৰ শ্ৰদ্ধা কম। কুমলীয়া লৰা-ছোৱালী সকলে নৈতিক চৰিত্ৰ গঠন কৰিবলৈ সমাজত উপায়তকৈ অপায় সৰহ তেনে দিনত এই নিৰ্ম্মল সাধু মহাত্মা সকলৰ পবিত্ৰ চিত্ৰ মোৰ দেশৰ লৰা-ছোৱালীৰ হাতত দিবলৈ পাই মই নিজক ভাগ্যৱান বুলি ভাবিছোঁ। তেওঁলোকৰ প্ৰতিজন মহাপুৰুষেই প্ৰেমাৱতাৰ। প্ৰতিজনেই মানৱ জাতিৰ শিক্ষক। প্ৰতিজনেই বিশ্ব ভাতৃত্বৰ উদাৰ শিক্ষা মানৱ জাতিক দিছিল। প্ৰতিজনেই প্ৰাচ্য মহাদেশৰ সন্তান।
মোৰ সামৰ্থ্য অনুযায়ী তেওঁলোকৰ মহৎ চৰিত আৰু মহতী শিক্ষাৰ কথা সহজ আৰু সৰল ভাষাত প্ৰকাশ কৰিবলৈ যত্নৰ ত্ৰুটী কৰা নাই। যদি এই পুথিৰ কথাই মোৰ দেশৰ লৰা-ছোৱালীৰ কোমল মনত মহাপুৰুষ সকলৰ মহান শিক্ষাই কিঞ্চিতো সাঁচ ৰাখি যাব পাৰে, তেন্তে মোৰ শ্ৰম সাৰ্থক হোৱা বুলি ভাবিম।
ইং ১৮৷৬৷১৯৪৯ |
শ্ৰীকাশীনাথ বৰ্ম্মণ |
এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৫ চনত ১ জানুৱাৰী ১৯৬৫ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )