অদৃষ্ট/প্ৰথম অধ্যায়
অদৃষ্ট৷
প্ৰথম অধ্যায়
—---—
আকস্মিক দুৰ্ঘটনা
সময় সন্ধিয়া। আন্ধাৰে প্ৰকৃতিৰ ৰেহ-ৰূপ অষ্পষ্ট কৰি তুলিছে, কিন্তু একেবাৰেই লুকুৱাব পৰা নাই। আকাশত দুই-এটা তৰাই মাথোন ভুমুকি মাৰিছে। জুৰ বতাহে ধীৰ গতিৰে নতুনকৈ ফুলা ফুলৰ ৰেণু ছটিয়াই ফুৰিছে। এনে সময়ত এজন মানুহ জখলাবন্ধাৰ পৰা শিলঘাটৰ ফাললৈ গৈ আছিল। তেওঁৰ নাম দয়াৰাম, ঘৰ তেজপুৰৰ ফালে, বয়স তেইশ চৌবিশ বছৰমান হ’ব। তেওঁৰ সাজ-পাৰ আছিল এখন ধুতি, এটা কামিজ তাক এখন এৰীয়া কাপোৰ; ভৰিত কেনভাচৰ জোতা। হাতত এডাল সৌকাৰ লাখুটি।
তেওঁ একেৰাহে গৈ আছিল, বাটত ঘৰলৈ উলটি অহা দুই এটা গৰুৰ বাহিৰে আন একো লগ পোৱা নাছিল। এনে দৰে অলপ সময় যোৱাৰ পাচত তেওঁ সম্মুখৰ ফালে কাৰবাৰ কাজিয়া লগা যেন শুনিলে। তেওঁ বেগেৰে আগ বাঢ়িল। অলপ গৈয়েই তেওঁ দেখিলে, — এটা ডেকা মানুহে এজনী ডেকেৰীক ধৰি টনা আজোৰা লগাইছে। মানুহজনী মাটিত বহি যোৱাত মাহটোৱে চোঁচোৰাই আনিছে। মানুহটো ক’লা, অসমীয়া যেন নেদেখি। তিৰুতাজনী যে অসমীয়া তাক সাজ-পাৰ আৰু চেহেৰা দেখিলেই বুজা যায়। অস্পষ্ট আলোকত সিহঁতক দেখি দয়াৰামে ভাবিলে নিশ্চয় এইটো বঙাল, ই অসমীয়া তিৰোতাজনীক অকলৈ পাই বলেৰে ধৰি নিব খুজিছে। তেওঁ অলপো নৰৈ ওচৰ চাপি গ’ল আৰু মানুহটোক ক’লে,—“ তই মানুহজনী টানিছ কেলৈ? এৰি দে।”
মানুহ৷ নিদিওঁ, তই কি কৰিবি?
দয়া। এৰ বুলিছোঁ ভালে ভালে।
মানুহ। নেৰোঁ, তই কি কৰিবি! এইজনী তোৰ মাৰ নে ঘৈণীয়েৰ!
“কি? নেৰ? "—এই বুলিয়েই, দয়াৰামে মানুহটোৰ তপিনাতে এটা মাৰ শোধাই দিলে। মানুহটো বাগৰ খাই পৰিল আৰু অলপ সময় হাত-ভৰি আছাৰি সটং জুৰিলে।
মানুহজনীয়ে তাক তুলিবলৈ যত্ন কৰিলে, কিন্তু নোৱাৰিলে। দয়াৰামে আলি খাৱৈৰ পৰা কচুপাতেৰে পানী আনি মূৰত দিলে, কিন্তু তাৰ পৰা একো ফল নহ’ল। মানুহটোৰ চকু ঢেল খালে , হাত-ভৰি ঠৰঙা হৈ আহিল। তেতিয়া মানুহজনীয়ে “ঔ তেনেয়ে মাৰিলে ঔ!” বুলি চিঞৰি কান্দিবলৈ ধৰিলে। তাইৰ কান্দোন শুনি কেইটামান মানুহ সেই ফাললৈ লৰি আহিল।। দয়াৰামে প্ৰমাদ গণিলে। তেওঁ হতবুদ্ধি হ’ল। শেহত মানুহ ওচৰ চপা দেখি লৰ মাৰি ওচৰৰে হাবি এডোখৰত সোমাল।
হাবিৰ মাজত সোমোৱাৰ পাচত এইকেইটা কথা তেওঁৰ কাণত পৰিল,—“মানুহটো বিচাৰ, পুলিচত খবৰ দে।”
দয়াৰাম আৰু নৰল। হাবিৰ মাজে মাজে কিছুদুৰ আগ
বাঢ়ি মানুহ-দুনুহ চাই-চিতি আলিলৈ উঠিল আৰু বেগাই
শিলঘাটৰ ফাললৈ যাবলৈ ধৰিলে। মানুহৰ গম পালে আলিৰ
পৰা নামি জোপাৰ আঁৰত নাইবা খাৱৈত লুকাই থাকে আৰু
নিৰাপদ যেন দেখিলেই আকৌ বেগ দিযে। এনেকৈয়ে আহি
তেওঁ চাৰে নমান বজাত শিলঘাটৰ জাহাজঘাট পালে।
জাহাজত তেওঁ তেজপুৰলৈ যাব, কিন্তু জাহাজ এতিয়াও আহি
গোৱা নাই। পোহৰত থাকিবলৈ তেওঁৰ ভয় লাগিল আৰু
আঁতৰি আহি এজোপা গছৰ আঁৰত বহি থাকিল।
জাহাজ আহিল প্ৰায় এঘাৰ বজাত। তেওঁ গমগতি লৈ অতি সাৱধানে লুকোৱা ঠাইৰ পৰা ওলাল আৰু টিকট কিনি জাহাজত উঠিল।
এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৬ চনত ১ জানুৱাৰী ১৯৬৬ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )