সমললৈ যাওক

অদৃষ্ট/পঞ্চদশ অধ্যায়

ৱিকিউৎসৰ পৰা
পঞ্চদশ অধ্যায়।

সন্দেহ৷

   সুভদ্ৰাক কোৱামতেই পিচ দিনা বলো সোনকালে খাই-বৈ ওলাল। মটৰ ধৰিবলৈ ঘৰৰ পৰা দুমাইল খোজ কাঢ়ি যাব লাগে। কেনেবাকৈ মটৰ নাপাব পাৰে বুলি তেওঁ সময়তকৈ আগতে গৈ বাটত খাপ লৈ থাকিল। এঘণ্টামান অপেক্ষা কৰাৰ পাচত মটৰ আহিল, কিন্তু তাত ঠাই নাই। তথাপি যেনে তেনে তাতে উঠিল৷ বহিবলৈ ঠাই নথকাত তেওঁ গোটেই বাটটো থিয়তে থাকিব লগা হ’ল।
   গধূলিৰ কিছু আগতে তেওঁ তেজপুৰ পালে আৰু ক’তো ন’ৰৈ ঘাটলৈ আগ বাঢ়িল। তেতিয়াও জাহাজৰ সময় হোৱা নাছিল, পেটতো ভোক লাগিছিল। তেওঁ এইটো জানি-শুনি- য়েই ঘৰৰ পৰা অলপ শুকান পিঠাগুৰি অাৰু গুৰ আনিছিল । এতিয়া কৌ-পাত এটা বিচাৰি লৈ নৈৰ দাঁতিলৈ গ’ল আৰু জলপানটো খাই ল’লে। তাৰ পাচত তামোল এখন খাই জাহাজলৈ গ’ল আৰু টিকট এটা কিনি জাহাজত উঠিল।
   ন-মান বজাত জাহাজ গৈ শিলঘাট পালে। জাহাজৰ পৰা নামিয়েই তেওঁ জখলাবন্ধালৈ খোজ ল’লে। আগে-পিচে তেওঁ কলিয়াবৰলৈ আহিছিল আৰু এবাৰ হৰৰ ঘৰতো আলহী আছিল। সেই কাৰণে ৰাতি হলেও বাট হেৰোৱাৰ ভয় নাহিল।
   বলো হৰৰ ঘৰ পাওঁতে এঘাৰ বাজি গৈছিল। তেতিয়া বহুতো মানুহ শুইছিলেই। হৰৰ ঘৰত কিন্তু তেতিয়া খোৱাই হোৱা নাছিল। তাৰ কাৰণ হৰও বলোৰ আগে অাগেহে ঘৰ সোমাইছিল৷ বলো যে কপাহীৰ মোমায়েক তাক হৰই জানে। সেই কাৰণে তেওঁ অহাৰ লগত বিয়াৰ কিবা সম্পৰ্ক অাছে বুলি হৰই অনুমান কৰিছিল। তেওঁ বলোক বহিবলৈ দি নিজেও ওচৰ চাপি বহিল অাৰু হঠাৎ তেওঁ যোৱাৰ উদ্দেশ্য কি জানিব খুজিলে। বলোৱে তেতিয়া দয়াৰামৰ বিষয়ে আদ্যোপান্ত বৰ্ণনা কৰি ক’লে,-“মই আগতে এইবোৰ কথাৰ গমেই পোৱা নাছিলোঁ। বিয়াৰ সময় ওচৰ চপাতো মোক একো নজনোৱা দেখি ময়ো গপ কৰিয়েই মনে মনে অাছিলোঁ। কালি বহুত ভাবি-চিন্তি খবৰ ল’বলৈ আহি খবৰ পালো এই সোপা। তাক মই লগেই নাপালোঁ, সেই দেখি বোলো ঘটনা- টোৰ উৱাদিহ লৈ আহোঁ, সেই হে আহিলোঁ। ঘটনাটো কোনে কৰিলে পুলিচে গম পাইছে জানো? ইয়াত কিবা তদন্ত কৰিছিল নে?
   হৰ। ঘটনাটো সঁচা বুলি মই বিশ্বাস কৰিব নোৱাৰোঁ৷ এই খিনিতে মানুহ এটা মৰা হ’লে আমি গম নোপোৱাকৈ থাকিলাঁহেতেন নে? তেতিয়াই গোটেইখন ৰৌজাল বৌজাল হ’লহেঁতেন। ইয়াত হে নালাগে নগাওঁ নাইবা তেজপুৰত    ঘটিলেও ইয়াত সকলোৰে মুখে মুখে হয়।মোৰ বোধেৰে কথাটো মিছা, কিবা এটা মতলৱ লৈহে সি তেনে কৰিছে ।
   বলো। তেনেহলে সি পলোৱাৰ কি কাৰণ থাকিব পাৰে?
   হৰ।—তাকেই তো বুজিব পৰা নাই।
   বলো—কিজানি তাৰ বিয়া কৰাবৰ ইচ্ছা নাই। তাকে মুখ ফুটাই ক’ব নোৱাৰি আঁতৰি গৈছে।
   হৰ।—সেইটোও সচা যেন নালাগে! যদি তাৰ মনেই নাথাকিব, সি বিয়াৰ যোগাৰ কৰিবলৈ মোক ভাৰ দি যাব কিয়? আগদিনা ইমান আগ্ৰহেৰে আগ বাঢ়ি পিচ দিনা পলাব কিয়? সেইটো নহয়, আন কিবা এটাহে কথা।
   বলো।—কি বাৰু হোৱাৰ সম্ভব?
   হৰ।—তাক বুজিবৰ উপায় নাই। মই সকলো বস্তু যোগাৰ কৰি ৰাখিছিলোঁ। এসপ্তাহমানৰ আগতে সি মোক খবৰ দিবৰ কথা আছিল, তেতিযা সকলো লৈ মোৰো যোৱাৰ কথা আছিল। পিচে কোনো খবৰ নাহিল, ময়ো অান এটা লেঠাত পৰিলোঁ। কালিলৈ ভাগিনী ছোৱালীজনীৰ বিয়া। বিয়াৰ পাচত হে ভু ল’মগৈ বুলি ভাবিছিলোঁ।
   বলো।— ভাগিনীযেকৰ দৰা নো ক’ত?
   হৰ।-এতিয়া ইয়াতে, একে গাঁৱতে। আগতে বন্দবস্ত হৈছিল আপোনালোকৰ ফালৰ মদন মণ্ডলৰ ভায়েকৰ লগত। পিচে মূৰামূৰিত বিয়াখন ভাঙিব লগা হ’ল।    বলো।-কিয়? মণ্ডলৰ ঘৰ বৰ ধনী মানুহ। মই ভায়েক- হঁতক নিচিনো যদিও মণ্ডলক চিনি পাওঁ। বিয়া ভাঙিলে কোনে? দৰা ঘৰে নে আপোনালোকে?
   হৰই তেতিয়া আদিৰ পৰা অন্তলৈকে সকলো কথা বলোক ক’লে। সকলো শুনি বলোৱে ক’লে,—মই আগেয়ে পীতাম্বৰৰ কথা ইমানখিনি নাজানিছিলোঁ। জানিবলৈ আমাৰ গাৱঁৰ পৰা তিনিখন গাওঁ এৰিহে মণ্ডলৰ ঘৰ পায়, অহা-যোৱাও নাই বুলিলেই হয়। তাৰ বয়স বহুত হৈছে বুলি কোনোবাই কোৱা শুনিছিলোঁ। ইমান দিন বিয়া নোহোৱাৰ কাৰণ আজিহে বুলিলোঁ৷
   হৰ।— লৰালৰিকৈ দৰা বিচাৰি বিয়াখন পাতিব লগা হোৱাত এই কেইদিন মোৰ খোৱা-শোৱাৰে ঠিক নোহোৱাত পৰিছে। এতিয়াও অাপোনাৰ আগে অাগেহে ঘৰ সোমাইছোঁ। আগৰ দৰে হোৱা হ’লে মোক পাটীত হে পালেহিহেঁতেন।
   বলো৷-বিয়াখন কালিলৈ হৈ গ’লেই আপোনাৰ আজৰি ওলাব। তেতিয়া দয়াৰামৰ বিচাৰ খোচাৰ কৰি চোৱা ভাল হ’ব। ময়ো আহিছিলোঁ সেই উদ্দেশ্য লৈয়েই, ভাবিছিলোঁ বোলো যদি পুলিচে এতিয়াও তাক দোষী বুলি জনা নাই, তেন্তে তাক বিচাৰি উলিয়াব লাগিব। আৰু যদি কিবা শুংসূত্ৰ উলিয়াছে বুলি গম পোৱা যায় তেন্তে য’ৰে মানুহ য’লৈকে যায় যাওক, আমি নিবিচাৰোঁ।    হৰ।—বিচাৰিব লাগিব নিশ্চয়। ঘটনাটো সজাবুলিয়েষ্ট মোৰ বিশ্বাস।
   হৰৰ ঘৰত খাবৰ সময় আগতে হৈছিল, কিন্তু আলহী অহা দেখি তেওঁলোকে কথা পাতি থাকোঁতেই হৰৰ ঘৈণীয়েকে আৰু দুখনমান আঞ্জা নকৈ ৰান্ধিলে। কথাৰ অন্তত বলোক গা ধুবলৈ যতনাই দিলে। ৰাতি হ’লেও জাহাজত আহি গা নাধোৱাকৈ তেওঁ খাব নোৱাৰে।
   তেতিয়া ৰাতি বহুত হৈছিল। ভাত খাই, মুহুদি কৰি তেওঁলোক পাটীত পৰিল।

_______

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৬ চনত ১ জানুৱাৰী ১৯৬৬ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )