সমললৈ যাওক

অদৃষ্ট/দশম অধ্যায়

ৱিকিউৎসৰ পৰা
দশম অধ্যায়।

নোটিচ৷

   জাহাজ শিলঘাট পালেগৈ ৰাতি দহ বজাত। মণিয়ে জাহাজৰ পৰা নামি ঘৰ পায়গৈ মানে এঘাৰ বাজি গ’ল। মণিৰ যদিও ৰাতিয়েই ভূধৰক লগ ধৰিবৰ ইচ্ছা আছিল, তথাপি তেতিয়া বহুত ৰাতি হোৱাত সেই ইচ্ছা পূৰাব নোৱাৰিলে।
   পিচ দিনা ৰাতিপুৱা মণিৰাম ভূধৰৰ ঘৰলৈ গ’ল। ভূধৰে সুধিলে ,—“অ’ বাপা! কেতিয়া আহিলা?”
   মণি।—আহিলো পৰহিয়েই ।
   ভূধৰ।—পৰহিয়েই আহিলা,তেও দেখাকে দিয়া নাই।
   মণি।—মই তেজপুৰলৈ গৈছিলোঁ । কালি ৰাতিহে পালোঁহি ।
   ভূধৰ।-কিয? কিবা সকাম আছিল হবলা?
   মণি৷ — একো নাছিল। তিন দিনৰ ছুটী লৈ আহিছিলোঁ। পিচে বোলো ঘৰতে বহি থকাতকৈ বাইদেউহঁতকো চাই অাহোঁ।
   ভূধৰ।–“ভাল কৰিলা । পিচে আমাৰ কথা শুনিছা জানো? মালতীৰ বিয়া নহয়। বহাগৰ একুৰি এদিন যোৱাত। সময় পালেহিয়েই ।    মণি৷ —শুনিছোঁ। অকল শুনাই নহয় দৰাকো লগ পাই আহিছোঁ।
   ভূধৰ।–“ক’ত লগ পালা?
   মণিয়ে তেতিয়া কেনে অৱস্থাত, ক’ত দেখা পাইছিল, ডাক্তৰে কি কৈছিল,—সকলো কথা ভাঙি-পাতি ক’লে। ভূধৰ থৰ লাগিল। ভিতৰত কাৰবাৰ কান্দোন শুনা গ’ল। মণিয়ে ভূধৰক ক’লে,-“মই আজিয়েই বাগিচালৈ যাব লাগিব। সেইহে এতিয়াই মাত লগাবলৈ আহিলোঁ। এতিয়া যাওঁ।”
   ভূধৰ।—ভাল বোপা, যোৱা।
   মণি গ’ল। ভূধৰ চিন্তাত নিমগ্ন হ’ল। ঘৈণীয়েকে ভিতৰৰ পৰা সকলো শুনিছিল৷ এতিয়া কান্দি কান্দি ভূধৰক ক’লে,—“ইমানকৈ চাই-চিতি আঁতি-গুৰি লৈ ইয়াকেহে কৰিলা! অইনৰ ছোৱালীৰ নিচিনা আলাইজাবৰী হোৱা হ’লেও এক কথা আছিল। মোৰ ছোৱালীক ৰূপতেই পেলাব নে গুণতেই পেলাব। এতিযা সিহঁতক জনাই দিয়া। মই জীয়াই থাকোঁতে মোৰ ছোৱালীক এনে মৰা মানুহ এটালৈ কেতিযাও নিদিওঁ। দিবৰ হ’লে মই বিহ খাই মৰিম৷ ”
   মালতীযে ঘটনাটো শুনি ভালকে পালে। যেনে তেনে বিয়াখন ভাগিলেই হয়, নাভাগিলেও এতিয়া পলাই গলে কোনেও দোষ দিব নোৱাৰে৷
   ভূধৰে সেই দিনা তেওঁৰ লগা-ভগা লোকসকলৰ লগত পৰামৰ্শ কৰিলে। বিয়ালৈ মাজত মাত্ৰ নদিন আছে, সকলো আয়োজন এক প্ৰকাৰ সম্পূৰ্ণ হৈছে। এতিয়া বিয়া ভাঙিলে কিজানি কিবা ডাঙৰ লেঠাত পৰিব লাগে। তাতে দৰা হৈছে ধনী মানুহ। এইবোৰ বিষয়ে তেওঁ সকলোৰে মতামত ল’লে।
   সকলোৱে ক’লে,—“তেজপুৰলৈ গৈ প্ৰথমতে কথাটোৰ ভালকৈ আঁতি-গুৰি লোৱা উচিত। সচা হ’লে কোনোমতেই ছোৱালী দিব নোৱাৰি। তেতিয়া উকীলৰ লগত পৰামৰ্শ কৰি যি হয় কৰিব লাগে।”
   সকলোৰে উপদেশ মতে পিচ দিনা ভুধৰ তেজপুৰলৈ গৈ সূৰ্য্য বৰাৰ আলহী হ’ল অাৰু সকলো কথাৰ সম্ভেদ ল’লে। ঘটনাৰ সত্যতা সম্বন্ধে যেতিয়া তেওঁৰ সন্দেহ নাথাকিল,তেতিয়া তেওঁ বৰাকেই কিবা এটা উপায় দিবলৈ খাটনি ধৰিলে। বৰাই তেতিয়া উকীলৰ লগত পৰামৰ্শ কৰি মণ্ডললৈ এখন নোটিচ লিখিলেঃ —
   যেহেতু তুমি পীতাম্বৰ নামে তোমাৰ যিটো ভায়েৰালৈ মোৰ মোক্কেল শ্ৰীভূধৰ বায়নৰ ছোৱালী মালতীক আঙঠি পিন্ধাইছিলা, সেই পীতাম্বৰৰ দুৰাৰোগ্য ব্যাধি আছে বুলি ভালকৈ প্ৰমাণ পোৱা গৈছে, সেই কাৰণে তোমাক জনোৱা যায় যে উক্ত মালতীক তোমাৰ ভায়েৰা পীতাম্বৰলৈ বিয়া দিয়া নহয়। এই জাননী পোৱা মাত্ৰে তুমি মোৰ মোক্কেলৰ লগত আপোচ কৰিবা। নতুবা সত্য গোপন কৰি মোৰ মোক্কেলক প্ৰবঞ্চনা অাৰু ক্ষতিগ্ৰস্ত কৰাৰ বাবে তুমি দায়ী থাকিবা ইতি।    সেই দিনা ৰেজিষ্ট্ৰেশ্যনৰ সময় অতীত হোৱাত ভূধৰ তাতে থাকিল। পিচ দিনা উকীলৰ চহী লৈ নোটিচখন মদন মণ্ডললৈ ৰেজিষ্ট্ৰৰী কৰিলে। সূৰ্য্যই উকীল আৰু মহৰীৰ খৰচৰ বাবে ভূধৰৰ পৰা পাঁচ টকা আদায় কৰি তাৰে দুটকা উকীলক দি নিজৰ ভাগত বাকী তিন টকা ৰাখিলে।

   সেই দিনাই ভূধৰ ঘৰলৈ উলটিল।

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৬ চনত ১ জানুৱাৰী ১৯৬৬ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )