ৰিফৰ্ম্ম্ সুন্দৰী
অৱয়ব
- ৰিফৰ্ম্ম্ সুন্দৰী
- ইণ্ডিয়া অফিচৰ কমাৰ-শালত
- বিলাতী ধাতুৰ বিলাতী পাগত
- গঢ়িলে ৰূপহী মণ্টেগু চেমছফৰ্ড
- দুজনে হাতুৰী পিটি;
- সুন্দ-ঊপসুন্দ বধৰ কাৰণে
- তাহানি গঢ়িছিল যিটি।
- ৰিফৰ্ম্ম্ সুন্দৰী নামেৰে ৰূপহী
- ওলাল দিবলৈ ভাও,
- বাজিল বাদ্য ধিনিকি ধিন্দাও
- ধিনিকি ধিন্দাও দাও।
- ৰিফৰ্ম্ম্ সুন্দৰী ৰং সনা মুখ,
- ডঁহা চকুযুৰি দেখি গুচে দুখ,
- মুগা চুলিটাৰ কেঁকোৰা-কেকুৰি
- বতাহত ধেমালি কৰে,
- ইন্দ্ৰধনু যেন আঁচলখনিয়ে
- চকু জাল মাৰি ধৰে ।
- ৰূপহীক লৈ শিয়ান বাঢ়ৈয়ে
- সাগৰত মেলিলে নাও;
- বাজিল বাদ্য ধিনিকি ধিন্দাও
- ধিনিকি ধিন্দাও দাও।
- ৰিফৰ্ম্ম্ সুন্দৰী সাগৰ বগাই,
- ঢৌ তুলি তুলি খলক লগাই,
- ৰমক-জমক্ আঁচল উৰাই
- উজাই আহিল ধীৰে,
- সাগৰৰ পাৰ কঁপাই তুলিলে
- দৰ্শক-মণ্ডলীৰ ভিৰে ।
- “ৰিফৰ্ম্ম্ আহিছে” “ৰিফৰ্ম্ম্ আহিছে”
- চৌপাশে উঠিল ৰাও,
- বাজিল বাদ্য ধিনিকি ধিন্দাও
- ধিনিকি ধিন্দাও দাও।
- ৰিফৰ্ম্ম্ সুন্দৰীৰ মুখ দেখা পাই
- মজিল কতনা, তাৰ সীমা নাই,
- শিয়াল-কঁটহীয়া চুমাৰ-লোভত
- কতই এৰিল ভাত;
- প্ৰেমৰ ৰসেৰে হূদয় ভৰিল,
- হৰিল মুখৰ মাত ।
- কাৰ্য্য-সিদ্ধি দেখি যুগল বাঢ়ৈয়ে
- ভাৰতত চপালে নাও;
- বাজিল বাদ্য ধিনিকি ধিন্দাও
- ধিনিকি ধিন্দাও দাও।
- আঁতৰি পলাল সন্দেহীৰ দল,
- চাপি-কুঁচি গ’ল প্ৰেমিকসকল,
- ৰিফৰ্ম্মে হাঁহিলে মিচিকি মিচিকি
- গপতে আপোন মনে,
- চেনেহ-চুমাৰ টপাটপ্ আৱাজত
- ধুমুহা উঠিল ঘনে ।
- নগৰে নগৰে সুন্দৰী ৰিফৰ্ম্মে
- চলালে সবুট পাও,
- বাজিল বাদ্য ধিনিকি ধিন্দাও
- ধিনিকি ধিন্দাও দাও ।
- ৰিফৰ্ম্মৰ চকু পিৰিক-পাৰাক,
- দেখি প্ৰাণি-প্ৰাৰ্থী হ’ল জাক জাক,
- ৰিফৰ্ম্ম্-জনকে ঘোষণা কৰিলে
- জিলাই ৰ্জিলাই যাকে
- অধিক প্ৰজাই ভোট দি বাছিব
- ৰিফৰ্ম্মে বৰিব তাকে।
- পণ শুনি লৈ প্ৰত্যেকে ভাবিলে,
- তেৱেঁই মাৰিলে দাও,
- বাজিল বাদ্য ধিনিকি ধিন্দাও
- ধিনিকি ধিন্দাও দাও।
- গোটেই দেশত হ’ল হুলস্থুল,
- ভোট্ ভোট্ ভোট্,-উঠিল কল্লোল,
- দুৱাৰে দুৱাৰে ভোট্-ভোটনি মাথোঁ,
- ৰাইজ, মোক দিয়াঁ ভোট্,
- নিশ্চয় বোৱাম গোটেই দেশত
- উন্নতিৰ নতুন সোঁত।
- ভোটৰ কাৰণে বক্তৃতা জুৰিলে
- গোঁফত দি দি তাও;
- বাজিল বাদ্য ধিনিকি ধিন্দাও
- ধিনিকি ধিন্দাও দাও।
- ভোটৰ নিমিত্তে টঙনা-টঙনি,
- কত ভোজ-ভাত, ইননি-বিননি।
- পাহাৰী ভোটক তলত পেলালে
- ইয়াৰ ৰিফৰ্ম্ম-ভোটে;
- য’তেই ৰূপহী ত’তেই ইদৰে
- কন্দলে খোপনি পোতে।
- ভোটৰ কাৰণে প্ৰাৰ্থীসকলে
- প্ৰথমে দেখিলে গাওঁ;
- বাজিল বাদ্য ধিনিকি ধিন্দাও
- ধিনিকি ধিন্দাও দাও।
- জিলাই জিলাই নোৱাই-ধুৱাই
- দিলে একোজন ভোটে উলিয়াই;
- বৰ-বেশ পিন্ধি ৰমক্ জমক
- ভেমত ওফন্দিল হিয়া;
- পাঁচ পাণ্ডৱৰ পৰিণয় যথা
- হ’ল ৰিফৰ্ম্মৰ বিয়া।
- ঢোল খোল পেঁপা বাজিল সঘনে
- আকাশত উঠিল ৰাও,-
- ধিনিকি ধিন্দাও ধিনিকি ধিন্দাও
- ধিনিকি ধিন্দাও দাও।
- পাঁচ পাণ্ডৱৰ পৰিণয় যথা
- বৰ হৈ ৰিফৰ্ম্ম্ বিলাতী মেমৰ
- নাম পালে ম্লেচ্ছ অথবা ‘মেম-বৰ’
- ওলাল সকলো ৰাইজৰ ধনেৰে
- নিজৰ জোলোঙা ভৰি,
- ৰেল জাহাজতে ফুৰিলে বগাই
- হনিমুন্ এনজয় কৰি।
- ভেবা লাগি ৰ’ল ভোটাৰসকল
- দেখি মেম্বৰৰ ভাও;
- বাজিল বাদ্য ধিনিকি ধিন্দাও
- ধিনিকি ধিন্দাও দাও ।
- লাহ-বিলাহৰ ন ন সাজ কৰি
- দিওঁতে নতুন গহনা-গাঁঠৰি,
- ভাৰে ভাৰে ধন কেনিবা উৰিল,
- ভঁৰাল উদং হ’ল;
- ৰূপহীৰ মন যোগাওঁতে
- পোতৰ টকাও গ’ল।
- যিমানেই হ’ল ধনৰ নাটনি
- ৰিফৰ্ম্মৰ চৰিল ভাও,
- বাজিল বাদ্য ধিনিকি ধিন্দাও
- ধিনিকি ধিন্দাও দাও॥
- গতি-গোত্ৰ দেখি কোনোবা হতাশ,
- কোনোবা হাঁহিছে পিন্ধি প্ৰেম-পাশ,
- কোনোৱে কৈছে, “নালাগে ইজনী,
- খেদোৱাঁ চুলিত ধৰি,”
- কোনোৱে কৈছে “ৰিফৰ্ম্মক ৰাখিম
- বুকুৰ বান্ধৈ কৰি।”
- কোনোৱে কৈছে, “ৰিফৰ্ম্ম-প্ৰেমিকাৰ
- ভেঁটিত গজিব লাও,
- শত্ৰুৱে বজাব ধিনিকি ধিন্দাও
- ধিনিকি ধিন্দাও দাও।”