পদুম কুঁৱৰী

ৱিকিউৎসৰ পৰা

প্ৰথম আধ্যা[সম্পাদনা কৰক]

প্ৰৱেশ

"O pale, pale now, those rosy lips."

-R. Burns

ৰাতি দুপৰ হৈছে। জগত নিমাত, নিস্তব্ধ। সৰু বেজি এটি হাতৰ পৰা মাটিত পৰিলেও কাণ যায়। মাজে মাজে ফেৰুৱাৰ 'ফেউ' 'ফেউ', কুকুৰৰ 'ভুক্' 'ভুক্', হুদুৰ মাত আৰু ফেঁচাৰ কুৰুলীয়ে এই নিশাৰ নিফুট ভয়-লগা ৰাতিক আৰু ভয়-লগা কৰি তুলিছে। কেতিয়াবা বতাহৰ অলপ ৰিব্-ৰিবনিত গছ পাতবোৰ জৰজৰাই উঠিছে। আকৌ বতাহ নাইকিয়া হলত, সেইবোৰৰ ভিতৰত সাৰ-সুৰ নাইকিয়া হৈ পৰিছে, যেন নিশাই লুটি বাগৰ দিবলৈ আকৌ ঘোৰ টোপনিত নিমগ্ন হৈছে। চৰাই-চিৰিকতি, পহু পতং সকলোবোৰ টোপনিৰ কোলাত পৰি অচেতন; সকলোৱে দুখ-ভাগৰ, চিন্তা-চৰ্চ্চা এইবিলাক সেই ৰাতিৰ নিমিত্তে নিদ্ৰা গোসানীৰ আগত বলি দি নিশ্চিন্ত, নিৰুদ্বেগ আৰু নিস্তব্ধ। কিন্তু এনে সময়ত এটি প্ৰাণীৰ চকুত টোপনি নাই, মনত শান্তি নাই, অন্তৰত সুখ নাই। তেওঁ এটি ঘৰৰ এটা খোটালিত এখন শোৱা পাটীত বহি কিবা ভাবত মগন। তেওঁৰ মূৰ-শিতানৰ ওচৰতে এটা সৰিয়হৰ তেলৰ চাকি টিমিক টিমিককৈ জ্বলিব লাগিছে। চাকিটোত যে তেল নথকা বাবে তেনে হৈছে এনে নহয়, তাত তেল আছে; কেৱল সলাকানি ডালৰ আগটো কাটি বঢ়াই দিয়া হোৱা নাই বাবেহে তেনেকৈ সি কলমুটিয়াব লাগিছে। চাকিটোৰ অলপ মান আঁৰত, সেই ফালেই বেৰত আঁৰি থোৱা এটা কাঠৰ হেঙ্গুলীয়া সৰু কৰণীত এখন হেজাৰীঘোষা পুথি। ভৰি-পথানৰ ফালে দুটা বেতৰ কাপোৰ থোৱা জপা আৰু হাতনি-পেৰা এখন বাঁহৰ চাঙ্গৰ ওপৰত আছে। তাৰ ওপৰতে সেই চাঙ্গৰ মূৰশিতানৰ ফালৰটোৰ নিচিনা এটা সৰু আৰু এটা ডাঙৰ কৰণী। সৰুটোৰ ভিতৰত থকা বস্তুৰ এই তালিকা :- এখন সৰু আৰচী, এটা কাঠৰ হেংগুলীয়া সেন্দুৰৰ টেমা, এবখলা সেন্দুৰ-গোলা শামূক, এডাল কেঁটেলা পহুৰ কাঁইট, এডাল ৰূপৰ শলা, এটা ৰূপৰ চন্দনৰ খুৰিবাটি। ডাঙ্গৰটো কৰণীত গোটাচেৰেক ব-চুঙ্গা, মাকো, কিছুমান মহুৰা (কোনোটো পকোৱা কোনোটো নপকোৱা), আৰু দুলেচামান পাটসূতা। বেৰত কাঠৰ হাকোটা দুটা আছে; তাৰে এটাত মূৰত ঘঁহা গন্ধ-তেলৰ চুঙ্গা এটা আৰু এটাত মেৰ-ঢৰা খনচেৰেক অৰা। বেৰৰ কাষতে মাটিত গোটা-চেৰেক উঘা-চেৰেকী পুতি থিয়কৈ থোৱা হৈছে। শোৱাপাটীৰ ওচৰতে এটা বটাত টেমি, কটাৰী আৰো তামোল-পাণ। পাটীখন সৰ্ব্বসাধাৰণ মানুহৰ যেনেকুৱা, তেনে :- এখন হেঙ্গুলীয়া কুন্দা খুৰাৰে কঠাল কাঠৰ চালপিৰা, এখন কঠ, এখন তুলি, এখন তলত পৰা, এটা গাৰু আৰু এখন কাপোৰ। সেই খোটালিটোত কাপোৰ থোৱা দাঁড়, পিকদাণ, চৰিয়া, লোটা আৰু বাটি প্ৰভৃতি এনে ভালেমান বস্তু আছে, যিবিলাক সকলো ভাল মানুহৰ জীয়াৰীৰ শোৱা-ঘৰত থাকে। এইবিলাক বস্তু আৰু তাক থোৱা গঢ় দেখিলে যে ঘৰৰ গৰাকীয়নী অতি পবিত্ৰ, কোমল সজ স্বভাৱৰ ছোৱালী এনে ভাব মনত নেখেলাই নেথাকে।

সেই ছোৱালী কোন? কেলৈ তেওঁ এই দুপৰ ৰাতি ভাবি চিন্তি অস্থিৰ? কিয় তেওঁ শোৱাপাটীত, শোৱাৰ পৰিৱৰ্তে, বহি গাৰুত আউজি, গালত হাত দি, বেৰৰ ফালে মাটিৰ প্ৰতিমাখনি যেন হৈ একথেৰে ৰ-লাগি চাই আছে? তেওঁৰ চকুৰ পৰা দুধাৰি ফটিকৰ নিচিনা পকা গোলাপীজামু যেন গালেদি কি বৈ আহিছে? কিয় বা তেওঁ থাকি থাকি একোটা হুমুনিয়াহ কাঢ়িছে? হায়! ন-কৈ ফুলা গোলাপ ফুলটি যেন ধুনীয়া আৰু মধুৰ ১৪ বছৰীয়া ছোৱালীটিৰ আজি কি হল? যাৰ মুখ সদায় প্ৰসন্ন, যি হাঁহিলে সৰিপৰা বকুল ফুলটি ঠাৰিত থকাৰ ফাকৰ পৰা চালে যেনে দেখি তেনে চিকুণ খোৰ দুটি দুফালে দুখন গালত ওলাই পৰে, যাৰ মাতত মৌ বৰষে, যাৰ ওঠ দুটি ডালিম ফুল যেন টিকটিক কৰে ৰঙা, দাঁত দুপাৰি যাৰ মুকুতাৰ মালা দুধাৰি যেন, যাৰ নাকৰ উপমা দিবলৈ বস্তু নাই, চেলাউৰি দুডাল যাৰ লেখনীৰে লেখা যেন, চকুযোৰ যাৰ নিৰ্ম্মলতা, পবিত্ৰতা আৰু চেনেহৰ পোহৰেৰে সদায় পোহৰ, যাৰ বহল আৰু মিহি কপালত কেকোৰা-কেকোৰ চুলি পৰি থকা দেখিলে দেখোঁতাজন মোহ যায়, যাৰ কাণ আৰু গলধনে সৈতে ডিঙিটি দেখিলে জলকুঁৱৰী বুলি ভ্ৰম হয়, এনে অপেশ্বৰীটিৰ, এনে প্ৰতিমাটিৰ, এনে পাৰিজাত ফুলটিৰ আজি কি হল? আহা! পদুমৰ নলা ডালি যেন কোমল হাতটি মূৰটিৰ ভৰত ভাঙি নেযাব নে? শিলেৰে বন্ধোৱা বুকুৱেও সহিব নোৱাৰা ইমান একোটা হাৰ-মূৰ ভাগি যোৱা দীঘল হুমুনিয়াহ লৱনুৰে সজা এই কোমল হিয়াৰ পৰা কেনেকৈ ওলাইছে? ভোমোৰাৰ কঁকালটিৰ নিচিনা সৰু সেই কঁকালটিয়ে তেওঁৰ বুকুৰ ভৰ সহিব হালি পৰিছে নে কি? ৰাম কলৰ পুলি যেন সেই উৰু সেই শকত নিতম্ব আজি অলস আৰু অৱশ কিয়? পদুমৰে ফুলৰ চিনেৰে শুৱনী ভৰি। চন্দ্ৰৰ চিনেৰে সুশোভিত নখ। আজি তোমাৰ পদুমৰ কি হ'ল? চম্পাৰ কলি যেন আঙ্গুলী। চেনেহৰ প্ৰতিমূৰ্ত্তি পদুমৰ, মৰমৰ আঁৰৰ পদুমৰ, পূৰ্ণিমাৰ জোন যেন চিকোণ পদুমৰ, পবিত্ৰতাৰ মন্দিৰ পদুমৰ আজি এনে অৱস্থা কিয়? অকস্মাৎ পূৰ্ণিমাৰ জোনটিক বেজাৰ-ৰাহুৱে কিয় গিলিলে? দেবী-দলৰ মেঘত লগা সোণৰ কলচীৰ ওপৰত হঠাৎ আজি চিন্তা-বজ্ৰপাত কিয় হল? চেনেহ প্ৰতিমাত টাঙোন লগাবলৈ শোক-পোৰাসুঠান আজি কৰপৰা আহি ওলালহি? মৰম-পুখুৰী আজি বেজাৰ বিহেৰে ভৰিল কেনেকৈ?

প্ৰকৃতিৰ কাম্যবন আকাশ-লঙ্ঘা পৰ্ব্বতমালাৰে মেৰখোৱা, ব্ৰহ্মপুত্ৰৰ পবিত্ৰ পানীৰে ধুতি অলেখ তীৰ্থস্থানেৰে ভৰপুৰ কামৰূপৰ প্ৰধান নগৰ গুৱাহাটীত, যাৰ প্ৰাগজ্যোতিষ নাম পৃথিৱীত প্ৰখ্যাত, যাৰ ৰজা, ষোলহাজাৰ কন্যাৰ অধিপতি পৃথিৱীৰ পুত্ৰ নৰকাসুৰ আৰু মহাভাৰতৰ যুদ্ধৰ মহাবীৰ ভগদত্ত, যি গুৱাহাটীৰ নীলাচল পৰ্ব্বতত মহামায়া ভগৱতীৰ প্ৰধান পীঠস্থান কামাখ্যা বৰ্ত্তমান; যাৰ পশ্চিম-দক্ষিণ ফালে প্ৰাচীন ৰাজ্যৰ বিজয় ঘোষণা কৰি নৰকাসুৰৰ পৰ্ব্বত নিৰ্ভয় চিত্তে ঠিয় দি আছে; যাৰ অগ্নিকোণৰ সন্ধ্যাচল পৰ্ব্বতত তিনিও সন্ধ্যাৰে পবিত্ৰমন বশিষ্ঠ মুনিৰ আশ্ৰম; যি গুৱাহাটীৰ বেলতলা নামেৰে ঠাই ষাঠি হেজাৰ শিষ্যৰে বেঢ়ি থকা মহামুনি গাল্বৱৰ বেদধ্বনিৰে প্ৰতিধ্বনিত হৈছিল; পূজনীয় গোকৰ্ণঋষিৰ সামবেদ গীতত যি গুৱাহাটীৰ হয়গ্ৰীব মাধৱৰ কাণ আপ্লুত হৈছিল, এনে গুৱাহাটীত হৰদত্ত নামেৰে এজন ধনী, প্ৰতাপী, সম্ভ্ৰান্ত কায়স্থ কুলীয়া লোকে ১৭১৭ শকত বসতি কৰিছিল। তেওঁৰ পৰিয়ালৰ ভিতৰত :- তেওঁৰ অতি গুণৱতী আৰু ধাৰ্ম্মিক সহধৰ্ম্মিণী, এটা ল'ৰা, এজনী ছোৱালী আৰু বীৰদত্ত নামে ভায়েক। সেই সকলৰ কথা কোৱাৰ আগেয়ে হৰদত্তৰ বিষয়ে অলপ কোৱা যাওক।

আমি যি সময়ৰ কথা কবলৈ আৰম্ভ কৰিছোঁ, সেই সময়ত হৰদত্তৰ বয়স ৫৬ বছৰ, তেওঁৰ চকুত ডেকা কালৰ তেজ, বহল বগা কপালত ওখ আশা, শকত হাত-ভৰিত দৃঢ়তা, মনত বীৰত্ব, অসীম উদ্যম, অদম্য কাৰ্য্যকৰী শক্তি, তেজ, বীৰ্য্য আৰু বল সদাই বৰ্ত্তমান। তেওঁক কেতিয়াও নেদেখা, তেওঁৰ নাম নুশুনা এটা মানুহেও যদি তেওঁক হঠাৎ দেখে, সেই মানুহৰ মনতো তেওঁৰ প্ৰতি ভয়, ভক্তি আদি ভাৱ নহৈ নোৱাৰে। তেওঁৰ গহীন মাত, ওখ আৰু শকত আকৃতি, গধুৰ আৰু জুখি জুখি কোৱা কথা। যেনেকৈ ডাঠ মনৰ মানুহটো নহওক, দুষাৰ কথাৰে মোৰাৰ পৰা ক্ষমতা, লোকক তধা লগোৱা কাৰ্য্য, আপোনাৰ কথা প্ৰাণপণে ৰখা স্বভাৱ আদিক, দাম্পত্যপ্ৰণয়, অপত্যস্নেহ, বন্ধু-বান্ধৱৰ প্ৰতি আগ্ৰহ স্বদেশপ্ৰিয়তা, প্ৰভৃতি কোমল ভাৱে গৌৰৱান্বিত কৰি থৈছিল। দুৰ্দ্দান্ত বিদ্ৰোহী মোৱামৰীয়াবিলাকৰ হাতত তেওঁৰ প্ৰিয় জন্মভূমি গুৱাহাটী লণ্ডভণ্ড নোহোৱাকৈ ৰাখিবলৈ তেওঁৰ অতি যত্ন থকাত তেওঁ দৰঙ্গৰ ৰজা কৃষ্ণনাৰায়ণে সৈতে গোট খাই যুদ্ধ বিদ্যাত লিপ্ত থাকিব লগাত পৰিছিল দেখিয়েই, তেওঁৰ স্বভাৱত কেতিয়াবা কেতিয়াবা কৰ্কশতা, নিষ্ঠুৰতা, মই-মত আৰু কাৰো কথা নুশুনা গতি এটা দেখিবলৈ পোৱা গৈছিল, কাৰণ যুদ্ধ তামসিক কাৰ্য্য, তামসিক কাৰ্য্য তামসিক ভাৱৰ জন্মদাতা; তাৰ আগত সাত্বিক আৰু ৰাজসিক ভাৱৰ পূৰ্ণবিকাশ হব নোৱাৰে। সি যি হওক মুঠতে কলে হৰদত্তৰ উচ্চাকাঙ্ক্ষা আৰু আত্মাভিমান প্ৰভৃতি গোটাচেৰেক গুণ বৰ প্ৰবল আছিল; যাৰ বশৱৰ্ত্তী হৈ তেওঁ কাৰো কথা, কাৰো উপদেশ, কাৰো পৰামৰ্শ, আন কি তেওঁৰ অতি মৰমৰ ভাৰ্য্যা আৰু কন্যাৰ প্ৰাৰ্থনা, কাকুতি-মিনতি পৰ্য্যন্ত কেতিয়াবা অগ্ৰাহ্য কৰিছিল।

হৰদত্তৰ ভাৰ্য্যাৰ নাম আমি কব নোৱাৰোঁ, কেৱল "ৰঘুৰ মাক" বুলি মতাটোহে আমি কব পাৰোঁ। ৰঘুদত্ত হৰদত্তৰ পুতেক, সেইবাবেই তেওঁক ৰঘুৰ মাক বুলি মাতিছিল। হৰদত্ততকৈ হৰদত্তৰ ঘৈণীয়েক ১৯ বছৰৰ সৰু। তেওঁৰ ১৭ বছৰ বয়সত ৰঘুদত্ত ওপজে, আৰু তাৰ তিনি বছৰৰ পাছত এজনী ছোৱালী জন্মে, যাৰ কথা আমি পিছত কম। এতিয়া তেওঁৰ বয়স ৩৭ হৈছে। কিন্তু ঈশ্বৰে কি মিলাই দিছে কব নোৱাৰি, গিৰীয়েকৰ নিচিনাকৈ এওঁকো নিচেই অলপ বয়সীয়া বুলি জানি, অলপ বয়সীয়া তিৰুতাৰ নিচিনা তেওঁৰ মুখত সেই কোমলতা, সেই মধুৰতা, সেই সৌন্দৰ্য্য বিদ্যমান। এতিয়াও তেওঁৰ মাত মিহি, এতিয়াও তেওঁৰ সুৰ মিঠা, এতিয়াও তেওঁৰ কথাত সেই যৌৱন-সুলভ লালিত্য আছে। তেওঁ বাহিৰে যেনে মধুময় ভিতৰেও তেনে পবিত্ৰ, মধুময়, নিষ্পাপ। এনে সাদৰী পতিব্ৰতা আৰু ধাৰ্ম্মিক তিৰোতা প্ৰায় দুষ্প্ৰাপ্য। স্বামীত তেওঁৰ অচলা ভক্তি। ৰাতিপুৱাই উঠি গা ধুই গোসাইঘৰ মছা আৰু ৰন্ধাবঢ়াদি গৃহৰ আন আন কাৰ্য্য কৰা তেওঁৰ নিত্যকৰ্ম্ম। তেওঁৰ পুতেক আৰু জীয়েকক তেওঁ আপোন প্ৰাণত কৈও অধিক ভাল পায়।

বীৰদত্ত নাৱে-গাৱেঁ বীৰদত্ত। তেওঁৰ কথাত বীৰত্ব, কাজত বীৰত্ব, বুদ্ধি-সন্ধিত বীৰত্ব। মুঠতে কবলৈ গলে ৯টা ৰসৰ বীৰ ৰসটো বীৰদত্তৰ গাত ষোল কলা আছিল। আৰু এই ৰসে তেওঁৰ ওপৰত ইমান প্ৰাধ্যান্য স্থাপন কৰিছিল যে কৰুণ, শান্তি আৰু হাস্যৰস প্ৰভৃতি ৰসবিলাকৰ কোনটোক ফাঁচী, কোনটোক বৰশী, কোনটোক শূলত দি তেওঁ সিহঁতৰ সঁচ মাৰিছিল। উপজিবৰে পৰা তেওঁ পাঁচ বাৰ হাঁহিছে নে নাই সন্দেহৰ স্থল। দুৰ্ব্বলৰ প্ৰতি দয়া, মানুহৰ প্ৰতি মৰম, জীৱ-জন্তুৰ প্ৰতি কৰুণা, কি পদাৰ্থ তেওঁ কব নোৱাৰে। কশ্চিৎ যদি তেনে ভাব তেওঁৰ মনত ওলাব খুজিলে, বীৰভাবে (যদি বাস্তৱিক পক্ষে তাক বীৰভাব বুলিব পাৰি) হাতত টাঙোন লৈ সেইখিনিত হাজিৰ হলহি, সেইবিলাকৰ আৰু মূৰ দাঙ্গিবৰ সাধ্য নাই। তেওঁ অবিবাহিত আছিল আৰু কোনো কালে যে তেওঁ বিয়া কৰাব, এনে এটা ভাবে তেওঁৰ মনত দুৱাৰ মুখ পৰ্য্যন্ত থোকা নাছিল। মুঠতে বীৰদত্ত দেখিবলৈ শুৱলা পুৰুষ নাছিল।

তেওঁৰ মুৰটো ৰঙ্গালাওৰ নিচিনা; যদিও তেওঁ পাহ কাটি দীঘল চুলি ৰাখিবলৈ যত্ন কৰিছিল তথাপি তেওঁৰ তালুখনত ধান মেলি শুকাব পৰা। গোফ মেকুৰীৰ গোফৰ নিচিনা, বৰণ চুৱা চৰুৰ তলিতকৈ অলপহে পোহৰ; চকুদুটা সৰু, নাকটো হাকোটাটো যেন, গাল মেৰোটা-মেৰুটি হনু ওলোৱা, হাত ভৰি বৰ বৰ একোটা ইত্যাদি। বাস্তবিক পক্ষে বীৰদত্তক হৰদত্তৰ ভায়েক বুলি কোনো প্ৰকাৰে নেজানি। সেইবিলাক যেই কি বা নহওক বীৰদত্তৰ এটা সৎগুণ আমি উল্লেখ নকৰিলে তেওঁক অন্যায় কৰা হব। তেওঁ ককায়েকৰ কথা কেতিয়াও অমান্য নকৰে আৰু তেওঁৰ যদি সঁচাসঁচিকৈ কাৰোবালৈ অলপ স্নেহ আছিল, সেই স্নেহ ককায়ৈকলৈহে।

বীৰদত্তক আমি ইমানতে এৰি আমাৰ নায়িকা হৰদত্তৰ জীয়েকৰ কথা কোৱা যাওক। আমি যি সময়ৰ কথা কৈছোঁ সেই সময়ত পদুমে ১৪ বছৰ পাৰ হৈ ১৫ বছৰত ভৰি দিছে। মাকৰ মৰম, বাপেকৰ ভাল পোৱাৰ বাহিৰে আগেয়ে যি সংসাৰত আৰু কিবা বস্তু আছে বুলি সমাজিকতো নেজানিছিল সেই পদুমৰ হৃদয় এতিয়া কিবা এটা ভাবেৰে তোলপাৰ। আগৰ দৰে কোনো এটা কামতে সৰহ বেলি মন লগাই তেওঁ থাকিব নোৱাৰে। হেজাৰী-ঘোষা পুথি পঢ়িবলৈ পালে যি পদুমে ভাত-পানী খাবলৈ পাহৰিছিল, তাঁত-সুতা বোৱা, পাঁজীকটা, দৰা-কন্যা সজা আদি কামত যি পদুমে মন-প্ৰাণ উছৰ্গিছিল, সেই পদুমৰ মন আৰু এতিয়া সেইবিলাক কামত নাই। তেওঁৰ মনো-ৰাজ্যত প্ৰৱল চোৰ-ডকাইতৰ উপদ্ৰৱ হবলৈ আৰম্ভ হল। এতিয়া তেওঁ আগৰ নিচিনাকৈ মাক-বাপেকৰ আগত কথা কবলৈ সংকোচ কৰে; ককায়েক আৰু দদায়েকৰ মুখলৈ চাই কথা কব লাগিলে বৰণ সলায়। যি সমনীয়া সখীয়েকৰ আগত আগেয়ে তেওঁ হিয়া উবুৰিয়াই কথা কৈছিল, সেই সখীয়েকৰ আগত তেওঁৰ মনৰ ভাব এতিয়া তেওঁ এডোখৰ এডোখৰহে প্ৰকাশ কৰিব পাৰে। কিন্তু এনে ভাবিব নেলাগে পবিত্ৰতা আৰু সৰলতাৰ প্ৰতিমা পদুমৰ হিয়াত পাপ ৰাক্ষস প্ৰবেশ কৰিলে। এতিয়াও তেওঁৰ মুখ ধৰ্ম্ম আৰু সাধুতাৰ কান্তিৰে পোহৰ, এতিয়াও তেওঁ সৰলতা, পবিত্ৰতা আৰু মধুৰতাৰ প্ৰতিমূৰ্ত্ত। যি পৰিবৰ্ত্তনৰ কথা কৈঁছো, এই পৰিবৰ্ত্তন স্বাভাবিক পৰিবৰ্ত্তন। মলয় বতাহ বোৱা, গোলাপ, কেতেকী, সেউতী, মালতীৰ ন-গোন্ধেৰে আমোদিত, কুলিৰ পঞ্চম সুৰীয়া মাত আৰু ভোমোৰাৰ গুণ্, গুণ্ ধ্বনিৰে প্ৰতিধ্বনিত, আমগছৰ কোমল নতুন কুঁহি পাতেৰে পৰিপূৰ্ণ কুঞ্জলতাদিৰে ঢকা ৰম্য যৌৱন-উপবনত লাহে লাহে ৰাজহংস-গতিৰে তেওঁ প্ৰথম প্ৰবেশ কাৰতহে তেওঁৰ ভাবৰ এই পৰিবৰ্ত্তন। এই পৰিবৰ্ত্তনে তেওঁৰ আগৰ গাখীৰ বৰণীয়া গালত সেন্দুৰ ঢালিলে, নিৰ্ম্মল চকুত প্ৰেমৰ জেউতি দিলে, শৰীৰৰ অঙ্গ-প্ৰত্যঙ্গবিলাকত লাবণ্য, স্বাস্থ্য আৰু সৌন্দৰ্য্য ঢালিলে। মুঠতে পদুম এতিয়া হেজাৰ গুণে পদুমী হল।

পদুমৰ ককায়েক ৰঘু। ৰঘু কুৰি বছৰীয়া উদ্ধত ডেকা; ডেকাতেজৰ বলত বনৰীয়া ম'হ ফুৰাদি ফুৰে। মাক-বাপেকৰ কথালৈ বৰ কাণ দিয়া তেওঁৰ অভ্যাস নাই। কোনো এটা কাৰ্য্য ভবাতকৈ তেওঁ কৰাটো উজু পায়। তেওঁ দেখিবলৈ এক প্ৰকাৰ ধুনীয়াই বুলিব পাৰি, কেৱল বাঁও চকুটোত অলপমান ফুল পৰা দোষ আছে। দাঢ়ি গোফ খুটিয়াইছে, ভালকৈ গজি উঠা নাই। পদুমলৈ তেওঁৰ মৰম কিমান আছে কব নোৱাৰো (অধিক থাকিবৰে কথা), কিন্তু পদুমৰ ওপৰত হলে তেওঁ বৰ প্ৰভুত্ব চলাবলৈ বিচাৰি ফুৰে।

দ্বিতীয় আধ্যা[সম্পাদনা কৰক]

পদুমৰ কি হৈছে?

"Why so pale and, fond lover? Pry thee, why so pale?"

-Sir J. Suckling


'পদুমৰ কি হৈছে?' এই প্ৰশ্নৰ উত্তৰ আমি এতিয়া দিবলৈ কাৰবাৰ কৰোঁ।

হৰদত্ত যদিও এজন সৎস্বভাৱৰ আৰু স্বদেশহিতৈষী লোক, তথাপি তেওঁৰ অন্তৰত অতি উচ্চ আশা সদাই অতিপাত ৰূপে আছিল বুলি আমি আগেয়ে কৈছোঁ। তেওঁৰ এই আশা বহ্নিত কনকনীয়া শুকান খৰি পেলাই দিওঁতা হৈছে তেওঁৰ ভায়েক বীৰদত্ত। হৰদত্তই যেই কামকে কৰিম বুলি ভাবিব, বীৰদত্তই তাকেই সিংহ বিক্ৰমেৰে সমৰ্থন কৰি তেওঁক সেই কাম কৰিবলৈ দুগুণ উৎসাহী কৰিব। আন কি, কেতিয়াবা হৰদত্তই কৰিব নোখোজা কোনো কোনো কামো বীৰদত্তৰ উদগণিত কৰিবলৈ বাধ্য হয়। চমুকৈ কবলৈ গলে হৰদত্তৰ মূৰ, বীৰদত্ত হাত। আৰু মূৰে হাতক চলাব লাগে দেখি হাতৰ ওপৰত মূৰো কেতিয়াবা সেও হব লগাত পৰে।

মোৱামৰীয়াবিলাকে আসাম উপান্ত কৰিলে, দেশত হুলস্থূল, প্ৰজাৰ সুখ-শান্তি নাই, ধন-প্ৰাণ সকলো সংকট জালেৰে মেৰখোৱা কতলোক ভাগি দেশ-দেশান্তৰে গল; মানুহৰ পথাৰৰ পকাধান পথাৰত গুচিল, ভঁৰালৰ ধান ভঁৰালতে এন্দুৰ, শলীয়া, চোৰ, ডকাইতৰ ভোজ হ'ল; বাৰীৰ তামোল-পাণ জয়পাতেক্ষয় আৰু গাওঁ-ভূঁইত মহাপ্ৰলয় উপস্থিত; চাৰিওফালে হাহাকাৰ! অৱশেষত প্ৰজাৰ আৰ্ত্তনাদৰ ধ্বনি পৰমেশ্বৰৰ সিংহাসন পালেগৈ। ঈশ্বৰৰ মন কুমলিল আৰু তেওঁৰ ইচ্ছামতে ইংৰাজ সিংহই নিৰ্ভয়-হাত দুখুনী আসামৰ ফালে দাঙ্গিলে। মহাৰাজ গৌৰীনাথ সিংহ স্বৰ্গদেৱৰ প্ৰাৰ্থনা মতে, মহামতি লৰ্ড কৰ্ণওৱালিচ্ বাহাদুৰ গৱৰ্ণৰ জেনেৰেল চাহাবৰ আজ্ঞাত ১৭৯২ খ্ৰীষ্টাব্দত কাপ্তান ওৱেলচ্ চাহাব আসমলৈ আহি মোৱামৰীয়া বিদ্ৰোহ দমন কৰে। কিন্তু পৰ ৰাজ্যত হস্তক্ষেপ নকৰা নীতি প্ৰৱৰ্ত্তক গৱৰ্ণৰ জেনেৰেল স্যাৰ জন স্যোৰ বাহাদুৰে ভাৰতবৰ্ষৰ শাষনদণ্ড গ্ৰহণ কৰিলত ১৭৯৪ খ্ৰীষ্টাব্দত কাপ্তান চাহাব দুখুনী আসামক আকৌ দুখৰ এন্ধাৰ গাঁতত পেলাই কলিকতালৈ গুচি গ'ল। ওৱেলেচ্ আসামলৈ অহাৰ অলপ আগেয়ে দৰঙ্গৰ কৃষ্ণনাৰায়ণ ৰজাৰে সৈতে মিল হৈ হৰদত্তই মোৱামৰীয়াবিলাকৰ হাতৰপৰা কামৰূপ ৰক্ষা কৰিবলৈ প্ৰাণপণে চেষ্টা কৰিছিল। তেওঁৰ প্ৰধান ইচ্ছা এইটো আছিল যে এই সুযোগতে ঢেকেৰী বিদ্বেষী অত্যাচাৰী আহোম বিলাকৰ হাতৰপৰা স্বদেশ উদ্ধাৰ কৰি সুশাসনৰ নিমিত্তে কোচবেহাৰৰ মহাৰজাক বা কৃষ্ণনাৰায়ণ ৰজাক দিয়ে নাইবা তেওঁ নিজে ৰাখে। পাছে কাপ্তান চাহাব আহি কৃষ্ণনাৰায়ণক কৈ ৫৮০০০ টকা কৰ বছৰত বছৰি তেওঁ আহোম ৰজাক দিবলৈ নিৰ্ব্বন্ধ কৰি সন্ধি কৰাই দিলত হৰদত্তই থেৰু ছিগি কিছুদিনৰ নিমিত্তে শান্ত ভাৱ ধাৰণ কৰিলে। কিন্তু ঢেকেৰী মানুহৰ প্ৰতি আহোমবিলাকৰ তুচ্ছ-তাচ্ছিল্য ভাৱ, অমানুষিক ঘৃণা, অতি কুৎসিৎ ব্যৱহাৰ-বিষে তেওঁৰ অন্তৰ বিষাক্ত কৰি থৈছিল। তেওঁৰ নিচিনা উন্নতমনা আৰু স্বদেশপ্ৰেমী লোকৰ পক্ষে আপোন দেশৰ লোক আৰু জাতি, কুটুম্ব প্ৰভৃতিৰ লাঞ্ছনা নিজ চকুৰ আগত দীৰ্ঘকাল চাই থকা অসম্ভৱ কথা। কতদিন কতবাৰ আপোনদেশী লোকৰ আহোমবিলাকৰ হাতত অপমান অমৰ্য্যাত দেখি তেওঁ চকুৰ-লো টুকিছে। পৰাক্ৰমী ইংৰাজ সৈন্য আসামৰপৰা উভতি গলত আকৌ হৰদত্ত অত্যাচাৰী আহোম ৰজাৰ বিপক্ষে সিংহক্ৰমে উঠিল। আকৌ তেওঁ বজ্ৰনিৰ্ঘোষ স্বৰে স্বদেশীয়সকলক আহোমৰ বিপক্ষে উত্তেজিত কৰিবলৈ ধৰিলে। আকৌ তেওঁ "কাৰ্য্যং বা সাধয়েৎ শৰীৰং বা পাতয়েৎ" মহামন্ত্ৰেৰে জাতি-ভাইসকলৰ হিয়াত আহুতি দিবলৈ ধৰিলে। আকৌ তেওঁৰ শক্তি-সামৰ্থ্য, তেওঁৰ অদম্য উৎসাহেৰে যুদ্ধৰ আয়োজনত প্ৰয়োগ কৰিবলৈ ধৰিলে।

মোৱামৰীয়া বিদ্ৰোহ দমন হোৱাৰ পাছত মহামন্ত্ৰী পূৰ্ণানন্দ বুঢ়াগোঁহাইদেৱে ভগা দেশ ন-কৈ পাতিবলৈ লাগিল। তেওঁৰ গোটেই যত্ন উজনি খণ্ডতে ব্যয়িত হৈছিল; গুৱাহাটিৰ ফালে তেওঁ বিশেষ মন দিব নোৱাৰিছিল। বিশেষতঃ গেন্ধেলা ৰাজখোৱা বৰফুকনে (কলীয়াভোমোৰা বৰফুকন) ন-কৈ কামৰূপৰ শাসনকৰ্ত্তা হৈ অহা বাবে তাৰ অৱস্থা ভালকৈ জানিব নোৱাৰিছিল। সেই দেখি কামৰূপত নানা অন্যায় অত্যাচাৰাদি হৈছিল।

হৰদত্তই কোচবেহাৰৰ মহাৰাজলৈ এখন চিঠি লেখিলে, যে কামৰূপ, চিলাৰায় আৰু ৰঘুদেৱ ৰজাৰ দিনৰে পৰা কোচবেহাৰৰ ৰজাসকলৰ সম্পত্তি; শ্যাম শ্যাম দেশৰ মেলেচ আহোমবিলাকৰ গৰাহৰ পৰা কামৰূপ ৰক্ষা কৰি সুশাসন কৰাটো তেওঁবিলাকৰ নিতন্ত কৰ্তব্য। আৰু এইঅ কাৰ্য্যত তেওঁ মহাৰাজক প্ৰাণপৰ্য্যন্ত দি সাহায্য কৰিবলৈ সাজু আছে। সম্প্ৰতি এই কথাৰ স্থিৰতাৰ নিমিত্তে তেওঁৰ সৰ্ব্বসুলক্ষণী আৰু ৰাজযোগ্য সুন্দৰী কন্যা পদুম কুঁৱৰীক সমৰ্পণ কৰিছে। পত্ৰ-প্ৰাপ্ত মাত্ৰকে যেন কোঁৱৰ আহি পদুম কুঁৱৰীক শুভবিবাহ কৰি লৈ যায়।

পদুমকুঁৱৰীৰ অপাৰ্থিৱ ৰূপ-গুণৰ কথা কোচবেহাৰে বহুদিনৰ আগৰে পৰা শুনি লুভীয়া হৈ আছিল, বিশেষতঃ হৰদত্তৰ নিচিনা ক্ষমতাশালী মানুহ এজনৰ সাহায্যত কামৰূপ লাভ, ৰাঙ্গত ৰূপ চৰোৱাৰ দৰে। চিঠি পোৱা মাত্ৰকে পদুমকুঁৱৰীক বিয়া কৰাবলৈ মহাৰাজে কোঁৱৰক দোলাই-ঘোড়াই হাতীয়ে-মানুহে দি মহা সমাৰোহেৰে পঠাই দিলে।

সূৰ্য্যকুমাৰ বৰুৱা নামেৰে এটি ল'ৰা, পাঁচ বছৰ বয়সতে হৰদত্তই তেওঁৰ ঘৰলৈ আনি তুলি তালি ডাঙৰ দীঘল কৰিছিল। পাঁচ বছৰতে সূৰ্য্যৰ বাপেক-মাক মৰিল। বাপেক-মাকৰ অভাৱত তেওঁক পোহপাল কৰোঁতা কোনো নাছিল দেখি দয়ালু হৰদত্তই আনি তেওঁক প্ৰতিপাল কৰিবলৈ ধৰিলে। তেওঁৰ বাপেক যদিও দুখীয়া আছিল, তথাপি ভালমানুহৰ ঘৰৰ; আৰু হৰদত্তৰ ঘৰত সদাই উপাসা-ভৰসা কৰি থকা মানুহ। সেইবাবে হৰদত্তই কেঁও কিছু নাইকিয়া সেই মাউৰা ল'ৰাটিক বৰ মৰম কৰি অতি আদৰেৰে তুলিছিল। সূৰ্য্যয়ো হৰদত্ত আৰু তেওঁৰ পত্নীৰ ওচৰত সেই বাবে বৰ কৃতজ্ঞ আছিল আৰু আপোনাৰ ঘৰত থকাতকৈও বৰ সুখেৰে আছিল। সূৰ্য্য দেখিবলৈ বগা আৰু ধুনীয়া আছিল। তেতিয়াৰেপৰা সূৰ্য্যৰ খোৱা, থকা, ধেমালি কৰা, ফুৰা, কথা কোৱাৰ লগৰীয়ানী পদুম। পদুম যত সূৰ্য্য ত'ত, সূৰ্য্য যত পদুম ত'ত। পদুমে ধেমালি নকৰিলে সূৰ্য্যই ধেমালী নকৰে, পদুমে বেজাৰ কৰিলে সূৰ্য্যই বেজাৰ কৰে, পদুমে ভাত নেখালে সূৰ্য্যই ভাত নেখায়। মুঠতে কবলৈ গলে ৰাতিৰ ৬/৭ ঘণ্টাৰ বাহিৰে পদুম আৰু সূৰ্য্যৰ এৰা এৰি নাই। পদুমৰ মনটো সদায় কেনেকৈ আনন্দত ফুলি থাকিব সূৰ্য্যৰ এই চেষ্টা, আৰু সূৰ্য্যৰ মনটো সদায় কেনেকৈ আনন্দত ফুলি ভালে থকিব পদুমৰ এই চেষ্টা দুইৰো ভিতৰত এনে নিৰ্ম্মল ভালপোৱাৰ দৃশ্য অতি সুন্দৰ, অতি মোহলগা। হৰদত্ত আৰু তেওঁৰ স্ত্ৰীয়ে পদুম আৰু সুৰ্য্যৰ সজ স্বভাৱ আৰু ব্যৱহাৰত সদাই পৰম আনন্দ লাভ কৰি আছিল।

এইদৰে কিছুকাল গল। পদুম আৰু সূৰ্য্য লাহে লাহে ডাঙৰ হৈ আহিল। বয়সৰ লগে লগে তেওঁবিলাকৰ ভিতৰত মৰম বাঢ়ি আহিল। পদুমৰ বয়স এতিয়া চৈধ্য বছৰত আৰু সূৰ্য্যৰ ১৭ বছৰত সোমাল। কিন্তু স্বাভাৱিক পৰিবৰ্ত্তনত কোনে বাধা দিব পাৰে? তেওঁলোকৰ ভিতৰত ল'ৰাকালিৰ মৰমেই ক্ৰমে এটা অভিনৱ আকৃতি ধৰিলে। আগেয়ে দুয়ো হিয়া উবুৰিয়াই কথা নেপাতিলে নহৈছিল; এতিয়া দুয়ো একেষাৰ বা দুৱেষাৰ কথাতকৈ সৰহকৈ পাতিব নোৱাৰে। আগেয়ে দুয়ো মুখলৈ চোৱা-চুই কৰি থাকিলেও মুখৰ ভাৱ নলৰিছিল, এতিয়া চকুৱে চকুৱে পৰিলেই দুইৰো মুখ ৰঙ্গা লাতুৰমণিৰ নিচিনা হৈ যায়, আৰু মূৰ তললৈ দোঁ খাই পৰে। একৰামকালি এজনে এজনক ওচৰত আগত দেখিলেহে হেপাহ পলুৱাই চাব পাৰিছিল, এতিয়া এজনে এজনক আঁতৰৰ পৰা চালেহে মনৰ সুখেৰে হেপাহ পলুৱাই চাব পাৰে। আগেয়ে এজনে এজনক আগত থাকে মানে মনত ৰাখিছিল আৰু তেওঁৰ আগৰ পৰা নাইকিয়া হলে পাহৰিছিল, এতিয়া সেইজন আগৰ পৰা নাইকিয়া হলেহে তেওঁৰ তেওঁলৈ বেছিকৈ মনত পৰা হল। আগৰ ভালপোৱা আৰু মৰম মুখৰ কথা-বাৰ্ত্তাই জনাইছিল, এতিয়াৰ ভালপোৱা আৰু মৰম স্থিৰ চকু আৰু মুখৰ বৰণ সলনিয়ে জনায়।

পদুমৰ আৰু সূৰ্য্যৰ মাজত ল'ৰাকলীয়া ভালপোৱা গৈ যৌৱনসুলভ ভালপোৱাৰ উদ্ভৱ। পদুমৰ ইচ্ছা, তেওঁ যেন চিৰকালৰ নিমিত্তে সূৰ্য্যৰ হাতত তেওঁৰ মন-প্ৰাণ সমৰ্পণ কৰিব। সূৰ্য্যৰ মনতো এনে ভাৱ হল যে তেওঁৰ হিয়া যেন একেবাৰেই পদুমক বিলাব। পদুমক যেন তেওঁৰ চিৰ দুখ-সুখৰ ভাগিনী আৰু চিৰসঙ্গিনী কৰিব। এই ইচ্ছাৰ বশৱৰ্তী হৈ উভয়ে উভয়ক বৰণ মনতে কৰিলে। কিন্তু প্ৰেম, সংকল্প আৰু কাৰ্য্য এইবিলাকৰ ওপৰত এজন নপতা-ফুকন আছে। সদীয়াত থাকি ধুবুৰীত প্ৰেম কৰিব পাৰি। ব্ৰহ্মকুণ্ডৰ পৰা সঙ্কল্প-ব্ৰহ্মপুত্ৰত উটি আহি উমানন্দত লাগিব পাৰি, সাতোটা নগা পৰ্ব্বত বগাই ওপৰ চাঙ্গৰ নগাৰ কাষ পাবগৈ পাৰি। কিন্তু এই নপতা ফুকন জনৰ তাপত চাৰি আঙ্গুল আঁতৰত থকা এজনক এজনে পাব নোৱাৰে। এইজন নপতা ফুকনৰ নাম হল লাজ। সময় নাই, অসময় নাই, ঠাই নাই, অঠাই নাই, এওঁ সদাই সকলোতে ডাঙ্গৰ। এওঁৰ অশেষ কীৰ্ত্তি। সঁচাই মিছাই, হকত অনাহকত, লোকৰ বিশেষকৈ অলপ বয়সীয়া মানুহৰ ওপৰত বৰ মতা ওলোৱাত এওঁ বৰ কাজী। চুকৰ বোৱাৰী কত চেপেটা লাগি পৰি আছে, এওঁ তাতে ভুকুকিয়ালেগৈ। ন-দৰা কত বিয়া কৰিবলৈ গল, এওঁ গৈ তাত উপস্থিত হল; কতকালৰ মূৰত গিৰীয়েক ঘৰলৈ উভতি আহিল, ঘৈণিয়েক আনন্দত উৎফুল্ল; কিন্তু ইমান ধাউতিৰ বস্তু গিৰীয়েক যেতিয়া আগত উপস্থিত হৈ মৰমৰ মাতেৰে ঘৈণীয়েকক মাতিলে ততালিকে আমাৰ লাজ ডাঙৰীয়া কৰবাৰ পৰা আহি ঠিয় হল, আৰু ঘৈণীয়েকৰ মূৰ দোঁ খাই গল। হিমালয় পৰ্ব্বতৰ কাঞ্চনজংঘা টিঙ্গক কাপ কৰি লোণসাগৰক মহী কৰি লেখিবলৈ ধৰিলেও এই মহাপুৰুষৰ গুণশীল নুঢুকাই। এই লাজৰ তলতীয়া হৈয়েই পদুমে সূৰ্য্যক আৰু সূৰ্য্যই পদুমক এতিয়ালৈ তেওঁবিলাকৰ এই নতুন মনৰ ভাব আন ব্যক্ত কৰিব পৰা নাই, কিন্তু এই ভাব আন সাধাৰণ ভাবৰ নিচিনা নহয়। ইয়াৰ সহস্ৰ মুখ। ই নানা প্ৰকাৰে প্ৰকাশিত হয়। সেই দেখি, তেওঁবিলাকৰ মুখ জাপ খাই থকাতো, এই ভাব অন্তৰে দুয়ো কোৱাকুই কৰিব পাৰিছিল।

এই বিলাকৰ সুখ সামাজিকৰ মাজতে হঠাৎ পদুমৰ চেতনা হল; অকস্মাৎ তেওঁৰ মুৰত আকাশী চৰগ ভাগি পৰিল। তেওঁৰ সখীয়েক আহি হঠাতে এটা আমঠু কলা পৰি যোৱা বাতৰি তেওঁক দিলে। বাতৰি শুনি চৰগ-পৰা যেন হৈ অলপ মান থৰ হৈ থাকি তেওঁ লুটি খাই পৰিল। সখীয়েকে তেল পানী আনি মূৰত থপিয়াই দি বিচি বিচি পদুমৰ চেতনা আনিলে। জ্ঞান পাই তৰা যেন চকু দুটি মেলি লাহেকৈ পদুমে সুধিলে; "সখি, তুমি ধেমালি কৰিছাঁ নেকি? ধেমালি কৰিছোঁ বুলি কোৱা সখি!"

"মইনো এনেবোৰ কথালৈ তোমাৰে সৈতে ধেমালি কৰোনে সখি?" এই বুলি সখীয়েকে ৰিহাৰ আঁচলেৰে নিজৰ চকুলো টুকিবলৈ ধৰিলে। পদুমে আকৌ সুধিলে :-"একেবাৰে বিয়াৰ ঠিক কৰি চিঠি দিলেনে?" সখীয়েকে উত্তৰ দিলে :-"এৰা ঠিক কৰি চিঠি দিলে। আকৌ শুনিছোঁ বোলে ৰাজকোঁৱৰে বিয়াৰ নিমিত্তে তাৰ পৰা আহিলেই, কালি আজিতে পাবহি। "

সখীয়েকৰ কথাৰ অন্তৰত পদুমে "সূৰ্য্য! সূৰ্য্য!" বুলি দুবাৰ মাতি আকৌ মুচকচ্ গল। সখীয়েকে বৰ যতনে আকৌ পদুমৰ চেতনা আনি কলে, "সখি! বিপদকালত ধৈৰ্য্য ধৰিব লাগে, অস্থিৰ হলে কি হব? লাজ কৰি থাঁকোতে থাঁকোতে জোৰ পুৰি হাত পালেহি। আইক মই সকলো কথা ভাঙ্গি-চিঙি কওঁ, বোলো সূৰ্য্যইহে পদুমৰ স্বামী, সূৰ্য্যৰ বাহিৰে পদুমে কাকো নাজানে। আয়ে দেউতাৰ আগত কৈ বিয়া ভাঙ্গি দিয়ক। "

পদুম- আৰু কবাঁ, "সূৰ্য্য নহলে পদুম জীয়াই থাকিব নো-। " এই বুলিয়েই পদুমৰ কণ্ঠ ৰোধ হল। ফটিকৰ বাৰ যেন দুধাৰা লো চকুৰ পৰা বৈ আহিল, আৰু একো কব নোৱাৰিলে। সখীয়েকে আপোনাৰ ৰিহাৰ আচলেৰে পদুমৰ চকুলো টুকি দি পদুমক কলে, "সখি, এই কথাত পলম কৰি থাকিলে কাৰ্য্য নাশ; সেই দেখি মই এতিয়াও আইৰ ওচৰলৈ যাঁও। " এই বুলি সখীয়েক উঠি আহি দুৱাৰ মুখ পাইছেহি, এনেতে পদুমে মিহিকৈ কলে, "আইক কবা, এই বিয়া জীয়া পদুমে সৈতে নহয়!"

পদুমৰ সখীয়েকে এইবিলাক সকলো কথা পদুমৰ মাকৰ আগত কলত তেওঁ স্বামীৰ আগত এটাইবিলাক জনাই মৰমৰ জীয়েকৰ হকে স্বামীৰ আগত কাকুতি-মিনতি কৰিবলৈ ধৰিলে। হৰদত্তই এই কথা শুনি খঙ্গত ঘৃতাহুতি দি জীয়েকৰ ফলীয়া হৈ কথা কোৱাত ঘৈণীয়েকক তিৰস্কাৰ কৰিলে, আৰু তৎক্ষণাত মানুহ পঠিয়াই বীৰদত্তক মতাই আনি স্বপ্নৰ অগোচৰ এই নতুন কথা বৰ্ণনা কৰিলে :-

হৰদত্ত :-"শুনিছ নে বীৰ, আমাৰ বংশধৰী জিয়াৰীৰ কিৰ্ত্তি-কলাপ! আমি চাই দিয়া দৰা তাইক নেলাগে হেনো, তাই নিজে দৰা বাচি লৈছে! চুকতে থাকি বুকতে কামোৰা এইটো সূৰ্য্য নে কি তাতহে হেনো তাই বিয়া সোমায়। তাকে আকৌ এই মাক জনীয়ে মোক কবলৈ আহিছে। ইমান সাহ ছিকৰা যেন ছোৱালী এজনীৰ। বাপেক-মাকে দৰা বিচাৰি দিব নোৱাৰে, তাই নিজে দৰা বাচিছে! ওঁ-বাৰু অ, বেছ কথা শুনিলো! শলাগোঁতে শলাগোঁতে শলাগাথি লাগিল! দিনে ৰাতিয়ে ঘোষা পুথি পঢ়া, নাম গোৱা, বাপেক-মাকক ভক্তি কৰাৰ ফল এই ফল! এই বৰুৱা ঘৰৰ ল'ৰাটো কণমানৰে পৰা তুলি তালি ডাঙৰ দীঘল কৰিলো, ই যে এনেটো কৰিব তাক কোনে জানিছিল? স্বভাৱ-চৰিত্ৰ ভাল বুলি জানিলে আৰু বাহিৰে দেখিব শুনিব ভাল জলেও যে মানুহক চিনা টান এতিয়াহে বুজিলো। "

বীৰদত্ত :-" হেঃ, হেঃ, বুজিলে নে এতিয়া? ইমান সোনকালে যে বুজিব আশা নাছিল। আপুনিয়েই গুচালে সেইজনী ছোৱালী। সুন্দৰ হৈছে এতিয়া। মৰম দেখুৱাবহে দেখুৱাব; মোৰ পদুমহে, মোৰ মইনাহে, মোৰ অমুকহে, মোৰ ভুচুকহে, ভেচুলিৰ ছালহে। ল'ৰা-ছোৱালীক বাঘৰ চকুৰে চাব দিছে। ওলাওঁতে এভুকু, সোমাওঁতে এভুকু-তেহে ল'ৰা-ছোৱালী, ল'ৰা-ছোৱালী হৈ থাকে। আপোনাৰ আৰু বৌৰ মুখতহে 'পদুম ভাল, পদুম ভাল' আমি হলে যে 'পদুম নহয় যমকাল' তাক কেতিয়াৰ পৰা জানো। বৌক কওক, যাওক লৰ মাৰি গৈ পদুমীক নাল লগা চুমা এটা দি আহক গৈ। আপোনাৰ সূৰ্য্য কুমাৰ এতিয়া বেয়া হলনে? কিয় বেয়া হব? এনে কথা কত আছে? এনে সৎ স্বভাৱৰ ল'ৰা কত আছে দেহি? আৰু কৰবাৰ লৰা-লুৰী এই দেশত আজিকালি পাবলৈ নাই নে? গোতাচেৰেকমান আনি তুলি লৈ পদুমেৰে সৈতে ধেমালী-ধুমুলা কৰিবলৈ লগ লগাই দিয়ক। "

হৰদত্ত:-"সেইবোৰ কথা কলে কি হব? এতিয়া কি কৰিম, সেইটোৰ হে বুদ্ধি দিব লাগিব। যি হল হল। সিফালে কোচবেহাৰৰ ৰাজকোঁৱৰ আহিব। কাইলৈ আহি পাবহি; এইখন গোলমাল শুনি তেওঁ বা কি বুলিব, আৰু আন মানুহে বা কি বুলিব? মোৰ বাৰেপাচি শত্ৰু, সেইবিলাকতো মোৰ ছোৱালীৰ মিছাই-সঁচাই বদনাম ৰটিব। "

বীৰদত্ত :-"কি কৰিম, কি কৰিম; এইটো কথালৈকে ইমান ভাবিব লাগিছে নে? লালুকীলৈ আকৌ তপত পানী লাগিছে। কাণখনত ধৰি সূৰ্য্য নে সূৰ্য্য সেইটোক আপোনাৰ ঘৰৰ পৰা উলিয়াই দিয়ক, পদুমক ভালকৈ দাবি গোটাচেৰেক লগাই দিয়ক, সকলো ঠিক হৈ যাব। "

এই কথা শুনি হৰদত্তৰ ঘৈণীয়েকে চকুলো টুকি কলে, "সূৰ্য্যক খেদিলে মোৰ পদুমীক আৰু নাপাওঁ। "

হৰদত্ত :-"তই ইয়াৰ পৰা গুচ। মোৰ যি মন যায় তাকে কৰিম। 'পদুমীক নেপাওঁ' পদুমী কলৈ যাব? বাৰু কলৈ যায় যাওকচোন চাওঁ। "

স্বামীৰ এই কথা শুনি পদুমৰ মাক কান্দি কান্দি লাহে লাহে ভিতৰলৈ গুচি গল। হৰদত্তই সেই দিনাৰ ভিতৰতে সূৰ্য্যক তেওঁৰ ঘৰৰ পৰা ওলাই যাবলৈ আৰু পদুমেৰে সৈতে কেতিয়াও দেখা নকৰিবলৈ আজ্ঞা দিলে। অনামেঘত বজ্ৰাঘাতৰ নিচিনা এই নিষ্ঠুৰ কথা কাণত পৰিহে আজি পদুম ইমান ব্যাকুল, অস্থিৰ, চিন্তাত নিমগ্ন, আৰু টোপনি নাইকিয়া।

তৃতীয় আধ্যা[সম্পাদনা কৰক]

বিদায়

"Since there's no help, come let us kiss and part."

--M. Drayton

গছপুলিটিৰ পৰা এৰুৱাই দিয়া জয় পৰা লতাডালি যেন হৈ, পৰি থকা পদুমৰ শোৱা-খোটালিলৈ আকৌ আমি আকৌ যাঁও। পদুম কত কি চিন্তাত মগ্ন। এহেজাৰ সাপে খোৱা সমান শোকে-বিষে আজি পদুমক জৰ্জ্জৰিত কৰিছে। কেতিয়াবা ফেকুৰি ফেকুৰি কান্দি আকৌ তৎক্ষণাৎ নিতাল মাৰিছে। কেচুৱাৰ পৰা যতে মন-প্ৰাণ সমৰ্পিছিল, হঠাৎ বিচ্ছেদেই নহয়, তেওঁক দিয়া মন-প্ৰাণ তেওঁৰ পৰা নিৰ্দ্দয় আৰু অকৃতজ্ঞ ভাবে বলেৰে কাঢ়ি আনি আন এজনক দিব লাগে। পদুমৰ নিচিনা অবলাৰ পক্ষে এনে বল সম্ভৱ নে? পদুমৰ নিচিনা কোমল আৰু মৰমীয়াল হৃদয়ৰ পৰা এনেটো কাৰ্য্য আশা কৰিব পাৰি নে? পদুমৰ নিৰ্ম্মল প্ৰেমত এনে মলিৰ ঠাই হব পাৰে নে? সূৰ্য্যকুমাৰ পদুমৰ হৃদয়-সৰোবৰৰ একেটি পদ্মৰ একেটি ভোমোৰা; সেই ভোমোৰাক এৰি পদুম কেনেকৈ থাকিব? সেই ভোমোৰাটিৰ বিহনে পদুম শুকাই যাব যে! সেই ভোমোৰাটিৰ গুণ্ গুণ্ সঞ্জীৱনী মন্ত্ৰ কাণত জপি নাথকিলে পদুমৰ প্ৰাণ পদুমত থাকিব নোৱাৰে যে! সেই ভোমোৰাটিক পদুমৰ পৰা নিষ্ঠুৰতাচৰণ কৰি তুমি আঁতৰ কৰা, তুমি ভোমোৰাকো হেৰুৱাবাঁ, পদুমকো হেৰুৱাবাঁ। হাঁয়। দুটি বস্তু একেটি হৈ সংসাৰৰ এচুকত জীয়াই থাকিব খোজে, তাত তুমি কিয় প্ৰতিবন্ধক হোৱা? দুটি প্ৰাণিয়ে এই সংসাৰত ভাল পোৱা-পুই কৰি প্ৰাণত প্ৰাণ সপি জীয়াই থাকিব খোজে. কাৰো অপকাৰ নকৰে, কাৰো অন্যায় নকৰে, কাকো একো নোখোজে, কাকো একো নিদিয়ে, তাত তুমি বিধি-পথালি কৰা কিয়? এই পৃথিৱীৰ চুক একণৰ গছ এজুপিত এজুৰি কপৌ-কপৌৱনীয়ে দিনে ৰাতিয়ে মুখা-মুখীকৈ চাই জীৱন ধাৰণ কৰি থাকিব, তোমাৰ ধান নেখায়, তোমাৰ সৰিয়হ নেখায়, আনকি তোমাৰ সৰি পৰা খুদ চাউলটিতো ঠোট নলগায়, মাজে মাজে দুয়ো দুয়োলৈ চাই এষাৰ বা দুষাৰ 'কুৰু' 'কুৰু' কৰি মৰমৰ গীত গাব তাক তুমি কাঁড়িব খোজা কিয়? সিহঁতৰ 'কুৰু' 'কুৰু' তোমাৰ কাণত ভাল নেলাগে, সিহঁতে সেই দৰে ভাল পোৱাত তুমি বেয়া পোৱা, তোমাৰ ক্ষমতা আছে তুমি সিহঁত দুইকো চকুৰ আগৰ গছ জুপিৰ পৰা উৰি যাবলৈ দিয়, সিহঁত কোনোবা জন-প্ৰাণী শূন্য অটব্য অৰণ্যলৈ গুচি যাবগৈ, দুয়ো দুয়োকো ভাল পাই থাকিব। তাত হাত দিবলৈ সংসাৰত অলেখ বস্তু, অলেখ কাম আছে; এজন ৰজাক ভাঙ্গিব পাৰা যদি আন এজনক পাঁতা, এঠাইৰ পৰা এখন নগৰ তুলি নি আন এঠাইত থাঁপাগৈ, এখন যুঁজলৈ গৈ তোমাৰ গাত যিমান বল আছে, সিমান বল দেখুঁৱাঁ, এফালে বৈ থকা এখন নদীক আনফালে বোওৱাঁ, কিন্তু কাবৌ কৈ মাতিছোঁ এই নিৰ্দ্দোষী পখী জুৰিৰ সুখত আৰু জীৱনত তুমি ব্যাঘাত নিদিবাঁ। এটিৰ বুকুৰ পৰা এটিক তুমি ফালি নিনিবাঁ। চোৱাঁচোন তোমাৰ ধন আছে, সম্পত্তি আছে, মান আছে, সংসাৰ আছে, বন্ধু আছে, বান্ধৱ আছে, কত কি আছে; কিন্তু এই দুটিৰ মানত এই সংসাৰত একো নাই, কেৱল এটিৰ ধন এটি। এটিৰ সৰ্ব্বহ আনটি। সেইটি মাত্ৰ ধনেৰে সিঁহতক বঞ্চিত কৰিলে সিঁহতে কি লৈ বুকু জুৰাই থাকিব? তোমাক সিঁহত ধন নোখোজে, তোমাৰ ওচৰত সিঁহতৰ কেৱল এটি ভিক্ষা-দুয়ো যেন জীয়াই থাকে মানে এৰা-এৰি নোহোৱাকৈ থাকিবলৈ পায়। এই সামান্য ভিক্ষাটি দিবলৈ তুমি কুন্ঠিত নহবাঁ। এই মুঠি চাউল-প্ৰাণী দুটিক ভয়ংকৰ একালৰ হাতৰ পৰা ৰাখিব। -কিন্তু হায়! কি বিষম সংসাৰ! এই প্ৰাৰ্থনা, এই কাকুতিলৈ কোনে কাণ কৰিব? জালত পৰা হৰিণ-হৰিণীৰ কাতৰ মিনতিত পমি যোৱা হিয়া কেইখন আছে?

পাঠক! পদুমে এই চাটি-ফুটি অৱস্থাত থাকি খপকৰে হাত মেলি মূৰশিতানৰ ফালে বেৰত আৰি থোৱা কৰণীটোৰ পৰা হেজাৰীঘোষা পুথিখন আনি থোকাথুকি কৈ লাহে লাহে জাত লগাই এই ঘোষা ফাঁকি গালে-
লেচাৰী

"ক্ষুদ্ৰ সুখে বহু আশা কৰি, ভৱ কূপে জীৱ আছে পৰি,
কাল সৰ্পে দংশি হৰিলে চেতন তাৰ।

মোক্ষৰূপ তযু বাক্যামৃত, কৃপায়ে সিঞ্চিয়া প্ৰতিনিত,
দয়াময় কৃষ্ণ কৰিয়ো মোক উদ্ধাৰ॥ "

গায়েই দীঘল হুমুনিয়াহ এটি কাঢ়ি আকৌ পুথিখন জপাই থলে। কিয় হঠাৎ এই ঘোষা পুথি মেলিছিল, কিয় বা আকৌ জপাই থলে পদুমেই জানে। বোধকৰোঁ মনত অলপ শান্তি পাবৰ আশাৰেহে তেনে কৰিছিল। কিন্তু মন চিন্তা-ধুমুহাত উৰি কৰবালৈ গল, সেই দেখি আকৌ পুথি জপাই থলে।

ইফালে সূৰ্য্যকুমাৰৰ কি হল, পাঠক! শুনক। বিনামেঘত বজ্ৰঘাতৰ নিচিনা হৃদয়-ফাটিযোৱা এই কথা যেতিয়া তেওঁৰ কাণত পৰিল, যে পাঁচ বছৰৰ পৰা যাৰ মৰম স্নেহেৰে তেওঁ ডাঙৰ দীঘল হৈছে, এনে হৰদত্তই তেওঁক তেওঁৰ ঘৰৰপৰা সেইদিনাই ওলাই যাবলৈ নিষ্ঠুৰ আজ্ঞা দিছে; যেতিয়া তেওঁ শুনিলে, যে তেওঁৰ প্ৰাণতকৈও মৰমৰ পদুমক-যি প্ৰতিমাটিক তেওঁ তেওঁৰ হৃদয়-সিংহাসনত থাপি মৰম-নৈবেদ্য, প্ৰেম-ফুল আৰু আত্মবলি দি দিনে-ৰাতিয়ে পূজিছিল-বিচ্ছেদ নৈৰ দ ডুবিত একেবাৰেই উটাবলৈ তেওঁৰ অশেষ ভক্তি আৰু কৃতজ্ঞতাৰ পাত্ৰ হৰদত্তই তেওঁক আদেশ কৰিছে, তেওঁ মূৰ্চ্ছিত হৈ মাটিত ধাচ কৰে পৰিল। জ্ঞান পাই জানিলে তেওঁৰ বহুত দিনৰ সুখ-সামাজিক এতিয়া ভাগিল। এতিয়া তেওঁ বুজিলে যে এই সংসাৰত তেওঁ বাপেক-মাক নাইকিয়া মাউৰা ল'ৰা। এতিয়া হে তেওঁৰ ধাৰণা হল যে, এই সংসাৰৰ কেৱল এটা কোৱাভাতুৰী। এতিয়াহে সূৰ্য্যকুমাৰৰ মনত এই ভাব খেলালে যে নিৰাশা, দুখ আদি কিছুমান পদাৰ্থ এই বিচিত্ৰ সংসাৰত ঈশ্বৰে মানুহলৈ চৰ্জন কৰিছে। -সূৰ্য্য! দুখ, শোক, নৈৰাশ, তাপ, চিন্তা কাক বোলে, এইবিলাক জনাৰ আগেয়ে তোমাৰ মাৰা-বাপেৰাক হেৰুৱালা! যেতিয়া সেইবিলাক জানিব পৰা হলা, তেতিয়া হৰদত্ত আৰু তেওঁৰ ধাৰ্ম্মিক, মৰমীয়াল সহধৰ্মিনীয়ে স্নেহ-ডৌকা মেলি এইবিলাক ৰদ-বতাহ বৰষুণৰ পৰা তোমাক ৰাখিছিল, ডৌকাৰ বাহিৰত এই সংসাৰত কি ভয়ানক প্ৰলয় দিনে-ৰাতিয়ে হব লাগিছে তুমি কব নোৱাৰিছিলা, ডৌকাৰ ভিতৰত নিৰাপদে, নিশ্চিন্তে তোমাৰ বুকুত পদুমে মূৰ সুমাই, পদুমৰ বুকুত তুমি মূৰ সুমাই স্বৰ্গ-সুখ অনুভৱ কৰি দিন নিয়াছিলা। এতিয়া যেতিয়া তেওঁবিলাকে নিৰ্দ্দয়ৰূপে সেই ডৌকা চপাই নিলে, হঠাৎ সংসাৰৰ এই নতুন দুখ-যন্ত্ৰণা তোমাৰ মূৰত পৰিল। তুমি নেজানিছিলা যে সুখ-টোপনিৰ কোলাত সুখেৰে শুই থাকোঁতে হঠাৎ কোলাৰ পৰা লাহেকৈ দুখ-নৈৰ মাজত পৰিবা। সূৰ্য্য! স্থিৰ হোৱা, ধৰ্ম্মত মতি ৰাখি সদাই সঁচা বাটত থাকি চলা, ঈশ্বৰৰ যি ইচ্ছা, সেই মতেই কাৰ্য্য হব। সংসাৰ-বিষ-সৰ্পৰ এইটো প্ৰথম খোটহে, এনে কত খোট সহিব লাগিব।

সূৰ্য্যকুমাৰ অলপ সুস্থ হৈ হৰদত্তৰ ঘৰৰ পৰা যাবলৈ ওলাল। কিন্তু প্ৰাণৰ পদুমক এই জন্মলৈ শেষ বিদায় নোলোৱাকৈ তেওঁ কেনেকৈ যায়? পদুমৰ সেই সৰল, পবিত্ৰ আৰু প্ৰেমময় মুখখনি এই জন্মৰ নিমিত্তে এবাৰ চাই নোলোৱাকৈ তেওঁ কেনেকৈ যায়? পদুমৰ চকুৱে চকুৱে এবাৰ চাই সেই চকুৰ পৰা চেনেহৰ পোহৰ অলপ আনি তেওঁৰ চকু পোহৰাই নললেতো তেওঁ ওলাই যাবলৈ বাট নেদেখে। এই জীৱনৰ নিমিত্তে পদুমৰ মুখেৰ অমিয়া মাত এটুপি বাটৰ সম্বল কৰি লৈ নগলেতো তেওঁ বাটত ঢকেধৰি মৰিব। "পদুম। মই যাঁও। " এই বুলি শেষ বিদায় একাষাৰ নোলোৱাকৈ গলে তেওঁৰ হিয়া ফাটি চিটাচিট হব। যাবৰ সময়ত পদুমৰ ডিঙিত ধৰি চাইটোপামান চকুৰ পানী পেলাবলৈ নেপালেতো সূৰ্য্যৰ চকু ঘোলা হব। কি কৰে? সূৰ্য্যকুমাৰ নিৰুপায়, পদুমৰ ওচৰলৈ তেওঁ যাব নোৱাৰে, হৰদত্তৰ মানা; সেই দেখি ৰাতি মানুহ-দুনুহ শুই নিতাল মাৰিলে পদুমৰ ওচৰলৈ মনে মনে গৈ বিদায় লৈ গুচি যাবলৈ তেওঁ স্থিৰ কৰিলে।

পদুম আমি ওপৰত কোৱা অৱস্থাত শোৱাপাটীত পৰি কান্দি-কাটি ধৰফৰাই আছে, এনে সময়ত সূৰ্য্যকুমাৰ লাহে লাহে হাতত-সাৰে ভৰিত-সাৰে এখুজি দুখুজিকৈ আহি তেওঁৰ সেই ঘৰৰ দুৱাৰ মুখ পাই ৰৈ তেওঁৰ এই অৱস্থা চাই থৰ হৈ ৰ লাগি চাই আছে। দুৱাৰ খন এধা জপোৱা হৈ আছিল। পদুমৰ গাত শনিপাত, কি তেওঁ দুৱাৰ মাৰিবলৈ মনত ৰাখিব পাৰে? এই দুপৰ ৰাতি হঠাৎ এজনী যুৱতী কন্যাৰ শোৱা-খোটালিত অকলৈ তেওঁ কি সাহেৰে বা কি বুলি সোমাব, এই কথা ভাবি সূৰ্য্যকুমাৰ অতি শংকিত হৈ দুৱাৰমুখত ৰৈ আছে, ভিতৰলৈ সোমাবলৈ বা বাহিৰৰ পৰা সঁহাৰি দিবলৈ তেওঁৰ সাহ জন্মোৱা নাই। বিশেষত, পদুমৰ এই অৱস্থা দেখি তেওঁ কি কৰিব নোৱাৰি চৰগ পৰা মানুহৰ নিচিনা হৈ থিয় হৈ আছে।

পদুমে ঘোষা পুথি সামৰি থৈ ঘোৰ চিন্তাত পুনৰ নিমগ্ন হোৱাৰ কথা আমি কৈছোঁ। হঠাৎ তেওঁ "সূৰ্য্য" "সূৰ্য্য" বুলি দুবাৰ অতি কাতৰ স্বৰে মাতিলে। এই মাত শুনি আৰু সূৰ্য্যকুমাৰ ধৈৰ্য্য ধৰি থাকিব নোৱাৰি খপ কৰে "পদুম, পদুম, কি হল? মই আহিছোঁ" এই বুলি আগত ওলালগৈ। অকস্মাৎ দুপৰ নিশা সূৰ্য্যকুমাৰৰ আগত উপস্থিত হোৱা দেখি পদুম বিচূৰ্তি হৈ সূৰ্য্যৰ ফালে চাই চিত্ৰৰ পুতলীৰ নিচিনা ৰ লাগি গ'ল। সূৰ্য্য আগবাঢ়ি গৈ সুধিলে, "পদুম, তোমাৰ কি হৈছে?" পদুমৰ সকলো চিন্তা চৰ্চ্চা এক মুহূৰ্ত্তৰ নিমিত্তে পলাল, লাজত ৰঙা পৰি মূৰ তললৈ দোঁ খালে। ধন্য লাজ, ধন্য তোৰ ক্ষমতা! যি পদুম সূৰ্য্যৰ পিয়াহত অণ্ঠে-কণ্ঠে শুকাই মৰোঁ মৰোঁ হৈছিল, যি পদুম এই জীৱনত আকৌ এবাৰ সূৰ্য্যক দেখা পালে হেপাহ পলুৱাই মনৰ সকলো কথা কৈ লম বুলি ভাবিছিল, তেনে পদুম এতিয়া সূৰ্য্যক হাতত পাই লাজত মুখেৰে মাতিব নোৱাৰা হল!! লাজ! এই সংসাৰত তয়েইহে সকলোতকৈ ডাঙৰ! সূৰ্য্যকুমাৰৰ চকুৰ লো সৰ সৰ কৰে বৈ পৰিবলৈ ধৰিলে। পদুমৰো চকুৰ লো চকুত থাকিব নোৱাৰি সেই লোৰে লগে লগে বৈ গল। বহুত বেলিৰ মূৰত সূৰ্য্যকুমাৰে আপোনাৰ গাৰ চেলেং কাপোৰৰ আগেৰে নিজৰ আৰু তেওঁৰ প্ৰাণৰ পদুমৰ চকুৰ লো টুকি দি লাহে লাহে কবলৈ ধৰিলে :- "পদুম, অতদিনৰ মূৰত তোমাৰে মোৰে এৰাএৰি হল! বিধতাই আমাক আশাত নিৰাশ কৰিলে! বৰ আশা আছিল যে তুমি মোৰ হঁবা, মই তোমাৰ হম, কিন্তু সেই আশা-বালি ঢলত তল গল! আমাৰ মন-আকাশত পতা চাং হঠাৎ হুৰুফ্ কৰে ভাগি পৰিল। পদুমক আৰু মোৰ পদুম বুলি সূৰ্য্যই কব নোৱৰে! আজি ৰাতিৰ ভিতৰত মই তোমাক চিৰকাললৈ এৰি গুচি যাব লাগিব। মোক এতিয়া তুমি শেষ বিদায় দিয়া। যদি এই পৃথিৱীত সূৰ্য্য জীয়াই থাকে, তেন্তে তেওঁ মাজে সময়ে লোকৰ মুখে পদুম সুখে আছে বুলি শুনিলেই তেওঁৰ জীৱন সাৰ্থক যেন ভাবিব! ঈশ্বৰৰ চৰণত্ব প্ৰাৰ্থনা, যেন তুমি ৰাজৰাণী হৈ অশেষ সুখত কাল নিওৱাঁস। এতিয়া তুমি মোক এই জন্মলৈ বিদায় দিয়া। " এই কথা কেষাৰ শুনা মাত্ৰকে পদুলে "সূৰ্য্য! সূৰ্য্য! কি নিদাৰুণ কথা!" বুলি কন্দিবলৈ ধৰিলে আৰু মুছকছ গল, সূৰ্য্যকুমাৰে কাপোৰৰ আগেৰে অলপ অলপকৈ বিছি দিলত বহুত বেলিৰ মূৰত আকৌ তেওঁৰ চেতনা আনি কান্দি কান্দি কবলৈ ধৰিলে-"হাঁয়! মই কি ক্ৰূৰ, কি পাষণ্ড কি নিষ্ঠুৰ, পদুম ক্ষমা কৰা। এনে কঠোৰ কথা! হা ঈশ্বৰ!" এই বুলি সূৰ্য্যইও কন্দিব ধৰিলে। অলপ বেলিৰ মুৰত কান্দোন সামৰি সূৰ্য্যই কলে –"পদুম, যদিও মই তোমাক এৰি যাবই লাগিব, তথাপি মোৰ এই শৰীৰ থাকে মানে মোৰ হৃদয় খাটোলাত তুমিয়েই দেবী! মোৰ আৰু সৰহ কথা মুখৰপৰা নোলায়। এতিয়া তুমি মোক বিদায় দিয়া। " এই কথা কৈ সূৰ্য্যকুমাৰে লাহেকৈ উঠি যাব খোজোঁতে পদুমে তেওঁৰ হাতটোত ধৰি আকৌ বহুৱাই আপোন মুখত সেই হাতটো লগাই কিবা কব খুজিছিল, কিন্তু কব নোৱাৰি কান্দিবলৈ ধৰিলে। অলপমান পিছত—"প্ৰাণনাথ, পদুমে সূৰ্য্যৰ বাহিৰে কাকো নেজানে। সূৰ্য্যই পদুমক এৰিলে পদুমে কি লৈ জীয়াই থা--?" পদুমৰ মুখৰপৰা আৰু মাত হৰিলে। শোকে খুন্দামাৰি ধৰিলে। সূৰ্য্যই সেই ৰাতিৰ ভিতৰতে হৰদত্তৰ ঘৰৰপৰা প্ৰস্থান কৰিলে।

চতুৰ্থ আধ্যা[সম্পাদনা কৰক]

এটি ফুল

"There is a garden in her face
Where roses and white lilies blow;
A heavenly paradise is that place,
Wherein all pleasant fruits do grow;
There cherries grow that none may buy,
Till Cherry-Ripe themselves do cry"

-B. Johnson

পোকে নোখোৱা, গোন্ধত মলমলাই থকা আৰু এটি ন ফুল চাবলৈ আমি এতিয়া যাওঁ। এই অকলশৰীয়া কোমল ফুলটি লো-যেন টান বুঢ়া নাহৰ গছ এজোপাত অকলৈ ফুলি আছে। ওচৰত কুঁহি পাত নাই, ভোমোৰা নাই, কুলি নাই আৰু মলয়া বতাহ নাই। তথাপি ফুলটিৰ মুখত সদায় হাঁহি, সদায় আনন্দ, সদায় সন্তোষ। ফুলটি আপোনাতে আপুনি মজি, আপোনাৰ গোন্ধত আপুনি মতলীয়া হৈ আপোনাৰ প্ৰেমতে আপুনি ভোল গৈ আছে। ফুলটিৰ এই আত্মাৰাম ভাৱ এনে ৰমনীয়, যে কেৰকেৰীয়া সেই নাহৰ গছ জোপায়ো তাৰ গুণত বশীভূত হৈ তাক দিনে ৰাতিয়ে বুকুত বান্ধি লৈ আছে।

কেৰকেৰীয়া গছৰ পৰা নো কোমল ফুলৰ কেনেকৈ জন্ম হল? পৰ্ব্বতৰ বুকুৰ পৰানো নৈ কেনেকৈ ওলালে? পৰ্ব্বতৰ ৰসাল কোমল ভাগটো গোট খাই একে ঠাই হৈ নৈ হল। নীৰস পৰ্ব্বত শুকাই টান হল। নাহৰ গছৰ কোমল অংশ ফুলত পৰিণত হল। নাহৰ গছৰ কোমল অংশ ফুলত পৰিণত হল; বাকী ৰল কেৰেকেৰীয়া কাঠ।

আমি যি সময়ৰ কথা কৈছোঁ, সেই সময়ত গেন্ধেলা ৰাজখোৱা বৰফুকন বা কলীয়া ভোমোৰা বৰফুকন গুৱাহাটীৰ শাষনকৰ্ত্তা আছিল। বৰফুকন যদিও বহল মনৰ আৰু দুৰদৰ্শী মানুহ আছিল, তথাপি নিষ্ঠুৰ স্বভাৱ আৰু কিছুমান স্বজাতিয় দোষে তেওঁৰ যশ কপীয়া ভোমোৰাতকৈও কলীয়া কৰি থৈছিল। আপোন অভিপ্ৰায় সিদ্ধিৰ নিমিত্তে তেওঁ কৰিব নোৱাৰা কাম এটা কি দুটাহে আছিল। গুৱাহাটীৰ মানুহৰ প্ৰতি জাতীয় বিদ্বেষৰ ভাগ তেওঁ আনবিলাক আহোমৰ সৈতে সমানে পাইছিল। ৰজা বুলিলে প্ৰজাৰ পালক, পিতৃ তুল্য। এনে স্থলত, ৰজাই যি প্ৰজাক পালন কৰিবৰ ভাৰ গাত পাতি লৈ পিতৃ স্থান অধিকাৰ কৰিছে, সেই ৰজাই যদি প্ৰতিপালনৰ পৰিৱৰ্ত্তে অত্যাচাৰ কৰে, প্ৰজাক মৰমৰ চকুৰে চোৱাৰ সলনি ঘিণৰ চকুৰে চায়, প্ৰজাই খাবলৈ ভাত খুজিলে যি শিলগুটি দিয়ে, তেন্তে সেই ৰজা ৰাজসিংহাসনৰ অযোগ্য, বিশ্বাসঘাতক আৰু প্ৰজাৰ পৰম শত্ৰু। কলীয়া ভোমোৰা বৰফুকনৰ কামৰূপীয়া প্ৰজাবিলাকৰ প্ৰতি এনে বিদ্বেষ ভাব আছিল যে গধুলি সিহঁতক তেওঁ গুৱাহাটী নগৰৰ ভিতৰত থাকিবলৈ নিদিছিল।

এই বৰফুকনৰ কেৱল একেজনী ছোৱালী- নাম ফুল আইদেউ। ফুল সৰবগুণী সুলক্ষণী ১৫ বছৰীয়া ছোৱালী। কথায় বাৰ্ত্তায়, দেখিবলৈ ফুল যি ফুলেই। ফুল কেচুৱাতে মাউৰা। সেই কালৰ পৰা কেৱল বাপেকৰ হাত তেওঁ ডাঙৰ-দীঘল। মাকৰ মৰম বা মাক কি বস্তু ফুলে কব নোৱাৰে। সেই বুলি ফুল যে মাক হবৰ অনুপযুক্ত এনে নহয়। চৰাই পোৱালী পুহি মাকৰ নিচিনাকৈ মৰম কৰা, টোপ খুউৱা, মেকুৰী পোৱালি আৰু পহুপোৱালি পুজি মাকতকৈও সাতছাৰকৈ মৰম কৰি তোলা কামত, ভাল ভাল মাকও ফুলৰ ওচৰত হাৰিব। দৰা-কন্যা সাজি বিয়া পতা আৰু সেই দৰা-কন্যাক সঁচাসঁচিকৈয়ে আপোনাৰ ল'ৰা ছোৱালী বুলি ভাবি মৰম কৰা ফুলক দেখি তবধ হব লাগে। ঘৈণীয়েক মৰিবৰ পৰা বৰফুকনে আৰু নকৈ বিয়া কৰোৱা নাছিল, ফুলেই তেওঁৰ ঘৰ শুৱনি কৰি আছিল। তেওঁ সকলো মানুহ আৰু বস্তুৰপৰা মৰম চপাই আনি সম্পূৰ্ণকৈ ফুলতে স্থাপন কৰিছিল। সেই দেখিয়েইহে কি জানি, তেওঁৰ ফুলৰ বাজে কাৰো প্ৰতি দয়া মৰম নেথাকিছিল। ফুলৰ মাক মৰিলত ফুকনে কিয় বিয়া নকৰালে কব নোঁৱাৰো, কিন্তু পৰস্পৰ শুনা যায় যে কি জানি মাহীয়েক আহি তেওঁৰ অতি মৰমৰ ফুলক দুখ দিয়ে এই আশংকা কৰিয়েই তেওঁ পূণৰ্বিবাহ নকৰালে। ফুলক তুলিব-তালিবলৈ এজনী বুঢ়ী ধাই মাক আছিল। ফুলে তাই মাক যেন ভাবি সৰুৰে পৰা 'আই' 'আই' কৰিছিল।

বৰফুকন সভাসদ সকলৰ সৈতে চ'ৰাত বহি আছে, এনেতে দুৱৰী আহি আঠু লৈ কৰযোৰকৈ জান দিলে :-"ডাঙৰীয়া দেউতা! কেৰপাই চোৰাংচোৱা আৰু নালীয়া চোৰাংচোৱাই সৈতে আহি দুৱাৰত আছে। কি আদেশ হয়?" এই কথা শুনি বৰফুকন ডাঙৰীয়াই সভাসদসকলক বিদায় দি চোৰাংচোৱা দুজনক আগলৈ আহিবলৈ আজ্ঞা কৰিলে। তেওঁবিলাক আহি আঠু ললত ডাঙৰীয়াই সুধিলে,-"কেৰপাই চোৰাংচোৱা, কি দেখিলি, কি শুনিলি কঁহকচোন?" এই প্ৰশ্ন শুনি কৰযোৰকৈ কেৰপাই চোৰাংচোৱাই কবলৈ ধৰিলে-"ডাঙৰীয়া দেউতা! যি দেখিলো, যি শুনিলো কিষ্ণক চিন্তি সি বৰ বিষম। আমি দুই ভায়ে মৰি মজি কিষ্ণক যিমান পাৰো সিমান সম্ভেদ ল'লো; ডাঙৰীয়া দেউতা কথা আথান্তৰ! এই আথান্ত কথা, কিষ্ণক চিন্তি ডাঙৰীয়া দেউতা বৰ বিষম। "

বৰফুকন :-"ঘাই কথাটো ক, সৰহকৈ পাতনি নালাগে। "

কেৰপাই :-"হয় ডাঙৰীয়া দেউতা, ঘাই কথালৈকে যাব লাগে। এহালিচা পাতনিত আমাৰ কি কাম আছে? কিষ্ণক চিন্তি ডাঙৰীয়া দেউতা কথাটি সমক্ষেপেহে কওঁ; কিয়নো, কথা বহলাই নিনি সমক্ষেপেহে কব লাগে। এইবাবেহে ডাঙৰীয়া দেউতা, মোৰ কথা সদায় সমক্ষেপে। এৰা মোৰ কথা সদায় সমক্ষেপে। -এই খিনিতে এৰিছিলোনে নালীয়া? কি কথাটো কব খুজিছিলো পাহৰিলো-"

নালীয়া :-"এৰা এই খিনিতে এৰিছিলা। কিবা পাতনিৰ কথা কব খুজিছিলা। "

কেৰপাই -"অ' হয়; পাতনিৰ কথা কৈছিলো। এৰা এহালিচা পাতনিত আমাৰ কি সকাম আছে? ঘাই কথা যিমান সোনকালে কোৱা যায় সিমান ভাল কিয়নো-"

বৰফুকন :-"তই পাতনি নকৰোঁ বুলি দেখোন পাতনি কৰিয়েই হায়ৰাণ কৰিলি। ঘাই কথা ক, ঘাই কথা ক। "

নালীয়া :-"ককাই তুমি থাকা মই কওঁ। ডাঙৰীয়া দেউতা! 'মগধ ৰজাৰ সেনা সাগৰ সংকাশ। ' হৰদত্তই তলে তলে অপাৰ সেনা গোটাইছে। হিন্দুস্থানী, ফকিৰ, বঙ্গালী, সন্ন্যাসী, দা-টাঙোন ধৰা দাঁতী পৰীয়া অনেক কছাৰী মানুহ তেওঁ ডাঙৰীয়া দেউতাৰ সৈতে যুঁজিবলৈ গোটাই লৈছে। কামৰূপীয়া অনেক বৰ বৰ লোকে পেটে পেটে তেওঁক সহায় কৰিছে। দৰঙ্গৰ কৃষ্ণ নাৰায়ণ ৰজা আৰু কোচবেহাৰৰ মহাৰাজাই টকা মানুহ আৰু অস্ত্ৰ শস্ত্ৰাদি তেওঁৰ ফলীয়া হৈছে। কোচবেহাৰৰ ৰাজকোঁৱৰ আহি তেওঁৰ জীয়েক পদুম কুঁৱৰীক বিয়া কৰাই তেওঁৰ সৈতে সম্বন্ধ কৰিবলৈ তেওঁৰ ঘৰত আছেহি। বিয়াৰ পিচতে হৰদত্তই দেখাদেখিকৈ শত্ৰুতাচৰণ কৰি ডাঙ্গৰীয়া দেউতাৰে যুঁজিবলৈ ঠিক কৰিছে। এতিয়া ডাঙ্গৰীয়া দেউতাই যেনে ভাল দেখে তেনে কৰক। "

কেৰপাই :-"হয় ডাঙ্গৰীয়া দেউতা! মোৰো সমক্ষেপে এই কথাই। এতিয়া কিষ্ণক চিন্তি যেনে ভাল দেখে কৰক। এই সমক্ষেপ কথা বহল হ'বলৈ দিলে কিষ্ণক চিন্তি বিষম হব, বিষম হলে কিষ্ণক চিন্তি আথান্তৰ মিলিব; আথান্তৰ মিলিলে কিষ্ণক চিন্তি বিষম হবই হব। সেই দেখি ডাঙ্গৰীয়া দেউতাক পাতনি নকৰাকৈ আমি যি দেখিলোঁ, যি শুনিলোঁ, সেই কথা সমক্ষেপে জনালোঁ। "

বৰফুকন :-"কোচবেহাৰৰ কোঁৱৰ হৰদত্তৰ জীয়েকক বিয়া কৰাবলৈ অহা কথা সঁচানে? কি জানি তেওঁ আন কিবা কথাতহে আহিছে? কি জানি তেওঁ কোচবেহাৰৰ ৰাজকোঁৱৰ নহয়েই? তঁহতে তেওঁক দেখিছিলি নে? তেওঁক চিনি পাৱ?"

কেৰপাই :-" হয় ডাঙ্গৰীয়া দেউতা, কিষ্ণক চিন্তি তেওঁ বিয়া কৰাবলৈ অহা হয়; আমি তেওঁক ভালকৈ চিনি পাঁও আৰু কিষ্ণক চিন্তি আন মানুহে কৈছে। আমি সমক্ষেপে এই কথা কলো। "

এনে সময়তে দুৱৰী আহি বৰফুকনক জান দিলেহি যে এটি দেখিবলৈ সুন্দৰ মোহ লগা ডেকা ল'ৰা আহি দুৱাৰ মুখত আছেহি। ডাঙ্গৰীয়া দেউতাৰে দেখা কৰে। এই কথা শুনি বৰফুকনে তেওঁক দুৱাৰ এৰি দিবলৈ আজ্ঞা দিলে।

প্ৰবল দুৰ্দ্দশা-বতাহৰ কোবত গা-গছৰ পৰা চিগি পৰি সূৰ্য্যকুমাৰ নিৰুপায় নিঃসহায় হৈ কলৈ যাব কি কৰিব অস্থিৰ হৈ পৰিল। সি হৰদত্তৰ ঘৰৰ চাৰিবেৰৰ ভিতৰৰ পৰা বাহিৰলৈ ওলোৱা নাছিল। হৰদত্ত আৰু তেওঁৰ মৰমিয়াল সহধৰ্ম্মিনীৰ মৰম আৰু আদৰৰ বাহিৰে যি সংসাৰৰ আন একো নেজানিছিল, পদুমৰ প্ৰেম-সৰোবৰত মহা সুখে চৰি যি ইমান ডাঙৰ-দীঘল হৈছিল, এনে সূৰ্য্যকুমাৰ হঠাৎ সেইবিলাকৰ পৰা বঞ্চিত হৈ বিবুদ্ধি হৈ পৰিল। হৰদত্তৰ অতি আদৰৰ পাত্ৰ হৈ থকা বাবে বৰং আন লোকে বিনা কাৰনতে তেওঁক দেখিব নোৱাৰে আৰু তেওঁৰ শ্ৰী সহিব নোৱাৰা হৈছিল। এই দুৰৱস্থাত তেওঁক জনা-শুনা প্ৰায় সকলোবোৰে দুখ কৰা থাওক পৰি ৰংহে পাইছিল। এতিয়া তেওঁক পুতৌ কৰা মানুহ নাইকিয়া হ'ল। অনেক ভাবি চিন্তি শোক, দুখ আৰু বেজাৰত জৰ্জ্জৰিত হৈ সূৰ্য্যকুমাৰে অৱশেষত গুৱাহাটীৰ শাষনকৰ্ত্তা বৰফুকনৰ ওচৰত আশ্ৰয় লোৱাকে মনত থিক কৰিলে। ভাবিলে দুৰ্ব্বলৰ বল ৰজা, নিৰাশ্ৰয়ৰ আশ্ৰয় ৰজা, পিতৃ-মাতৃ হীনৰ পিতৃ-মাতৃ ৰজা, এনে ৰজাৰ শৰণ নললে আৰু তেওঁৰ গতি নাই। হৰদত্তৰ শত্ৰু বৰফুকন, এতেকে বৰফুকনৰ আশ্ৰয় লৈ হৰদত্তৰ বিৰোধ আচৰণ কৰিব লাগে এই উদ্দেশ্য মনত লৈ সূৰ্য্যকুমাৰ বৰফুকনৰ ওচৰলৈ যাবলৈ স্থিৰ কৰিছিল এনে নহয়। সেই ভাব সূৰ্য্যকুমাৰৰ সামাজিকতো নাই। হৰদত্তই যে তলে তলে বৰফুকনৰ বিৰুদ্ধাচৰণ কৰিছিল, এই কথাৰ শুংসূত্ৰ পৰ্য্যন্ত সূৰ্য্যৰ জনা নাছিল। তেওঁ কেৱল জানিছিল হৰদত্ত আৰু তেওঁৰ গৃহিনীৰ স্নেহ আৰু পদুমৰ ভালপোৱা। এই কেটা কথাৰ বাহিৰে তেওঁ এই পৃথিৱীৰ পাকচক্ৰত কেতিয়াও পৰা নাছিল আৰু পৰিবলৈ নিবিচাৰিছিলও। আন কি, হৰদত্ত আৰু আহোম ৰাজপুৰুষ সকলৰ ভিতৰত এনে বৈৰী ব ভাব থকাৰ কথা অলপ জনাহেঁতেনো তেওঁ কেতিয়াও বৰফুকনৰ বৰ গছৰ ছাঁ বিচাৰি নেয়ায়। কাৰণ হৰদত্তই ক্ৰূৰমতি বীৰদত্তৰ কথা শুনি যদিও তেওঁক নিৰ্দ্দয়ৰূপে তেওঁৰ ঘৰৰ পৰা খেদি তেওঁৰ বুকুৰ চেনেহে-ঠাৰি ডালৰ পৰা পদুম ফুলটি চিঙি নিলে, তথাপি হৰদত্তৰ ঘৰৰ প্ৰতি তেওঁৰ ভক্তি আৰু মৰম নিখুঁট ভাবে আছিল। হৰদত্তৰ ঘৰৰ লগত তেওঁৰ হৃদয়ৰ আঁহ কেতিয়াও ফালি যোৱাটো অসম্ভৱ।

এই সূৰ্য্যকুমাৰে এতিয়া বৰফুকনৰ দুৱাৰত থিয় হৈছে আৰু এওঁকে দুৱাৰ এৰি দিবলৈ দুৱৰীয়ে ডাঙ্গৰীয়াৰ আজ্ঞা লৈছে।

বৰফুকনে সূৰ্য্যকুমাৰৰ মুখে তেওঁ ক'ৰ, কি কথা, কি বাৰ্ত্তা, সকলোবিলাক শুনি বৰ আতৌ-পুতৌকৈ তেওঁক আপোনাৰ ঘৰতে থাকিবলৈ কলে। সূৰ্য্যইও সেই কথাত স্বৰ্গ ঢুকি পাই বৰ সন্তোষেৰে তাত মান্তি হল। কিন্তু সূৰ্য্যকুমাৰে আপোনাৰ সকলো বিলাক বৃত্তান্ত বৰফুকনৰ আগত যদিও কলে বুলি আমি কৈছোঁ, তথাপি পদুম আৰু তেওঁৰ ভিতৰত প্ৰণয় হোৱা কথাটি কঁওতে তেওঁ বাদ দিছিল। বৰফুকনে সূৰ্য্যক ইমান আনন্দেৰে আদৰ সাদৰ কৰি তেওঁৰ ঘৰত থাকিবলৈ ঠাই দিয়া কথাটোৰ পৰা এনে ভাবিব নেলাগে যে সূৰ্য্যৰ দুখত তেওঁ দয়া পৰবশ হৈ মন কুমলি গৈছিল। তেনে সূৰ্য্য এশটাও যদি তেওঁৰ আগত পৰি মৰে, তথাপি তেওঁ চকু মেলা লোক নহয়। চতুৰ, দীৰ্ঘদৰ্শী বৰফুকনে হৰদত্ত বাঘক বধ কৰিবলৈ সূৰ্য্যাস্ত্ৰ গোটাই ললো বুলিহে ভাবিলে। স্ব-অভীষ্ট সিদ্ধি কৰিবলৈ সূৰ্য্যৰ পৰা হৰদত্তৰ চলন ফূৰণ আৰু ভিতৰৰ সকলো কথা জানিব পাৰিম বুলি সূৰ্য্যক তেওঁ আশ্ৰয় দান কৰিছিল। সেই মুহূৰ্ত্ততে ডাঙ্গৰীয়াই সূৰ্য্যক ভিতৰলৈ লৈ গৈ জীয়েক ফুল আইদেউক মাতি আনি তেওঁৰে সৈতে চিনাকি কৰি দি কলে-"আইদেও, তই ৰং-ধেমালি কৰিবলৈ এইটি তোৰ লগৰীয়া ল'ৰা দিছোঁ। তই ইয়াক মৰম কৰিবি, আৰু ভাল বস্তু খাবলৈ-লবলৈ দিবি। "

পঞ্চম আধ্যা[সম্পাদনা কৰক]

ফুলত শোক

"When the dawn I used to admire
And little praised the coming day,
I little thought the rising fire
Would take my rest away"

-Sir C. Sedley.

কোনে জানিছিল, গোলাপ ফুলটি ফুলি থাকোঁতেই হঠাৎ কৰবাৰ আহি পোকে ধৰিব? কোনে ভাবিছিল, দুষ্টমতি পোকে এনে দিব্য বস্তুটিৰ হিয়াৰ ভিতৰত সোমাই খুলি খুলি খাবলৈ লাগিবহি? ফুলনি বাৰীৰ এচুকত এটি ফুলে আপোনাৰ আনন্দতে আপুনি নাচিছে, আপোনাৰ ৰংগতে আপুনি হাঁহিছে, আপোনাৰ ৰূপতে আপুনি ভোল; কাৰো সৈতে কথা নাই, কাকো নেলাগে, কাকো নিবিচাৰে; কুলিয়ে মাতিছে যদি মাতিছে, আপত্তি নাই; ভোমোৰাই গুণ গুণাইছে যদি গুণগুণাওক, বেয়া নাপায়; মলয়া বতাহ বলিছে যদি বলক, ভাল লাগিছে; কিন্তু ক'ৰপৰা এই পাপিষ্ঠ পোক হঠাৎ আহি দৌৰাত্ম্য আৰম্ভ কৰিবলৈ লাগিলহি? এই পোকে ধৰা মাত্ৰকে ফুলটিক অস্থিৰ কৰি দিলে। কি ভয়ানক পোক। চোৱাচোঁন, চকু-চাঁওতেই ফুলৰ মুখৰ বৰণ হৰিল, হাঁহি মুখত মোলান পৰিল, চকুৰ তিৰবিৰণি নাইকিয়া হল, মাতৰ সোঁত থমকিল, কুনকুনাই গোৱা মুখৰ নাম মুখৰ পৰা নোলোৱা হল। পোকৰ দৌৰাত্ম্যত ফলে মইনা পোৱালিলৈ পাহৰিলে, মেকুৰী পোৱালিক গাখীৰ নুখুৱায়, যৰে দৰা-কন্যা ততে পৰি ৰল। ফুল ফুলিলেই পোকে ওচৰ চাপিব, পানী হলেই মাহু ওলাব, মাটি হলেই বন গজিব, বিধিৰ বিধান। এই সংসাৰ-বাগিছাত কত ফুল কত ঠাইত ফুলিছে, সেইবিলাকত ধৰি ধৰি পোকৰ আমনি নেলাগে। লক্ষ-বিলক্ষ ফুলৰ মাজত পোকে এটি ফুলও দাঁত নমৰাকৈ এৰিব নোৱাৰে-গোঁসাইৰ শাওপাত আছে, সোনকালে বা পলমকৈ, এতিয়াই বা অথনিকৈ, আজিয়েই বা কাইলৈ, ফুলত পোকে ধৰিবই।

ফুল আইদেওক হঠাৎ অনুৰাগ পোকে ধৰিলে। দেউতাকে যেই মুহূৰ্ত্ততে সূৰ্য্যকুমাৰক তেওঁৰ আগত থিয় কৰালেহি সেই মুহূৰ্ত্ততে, প্ৰথম দৰ্শনতে সূৰ্য্যৰ প্ৰতি তেওঁৰ অভিনৱ অনুৰাগ জন্মিল। এই ভাৱ তেওঁৰ এই প্ৰথম। আগেয়ে কস্মিনকালেও ফুলে এনে দুৰন্ত ভাৱ অনুভৱ কৰা নাছিল। ফুলে ফুল ভাল পাইছিল, ফুলপুলি ৰুইছিল আৰু আপুনি কঢ়িয়াই তাৰ গুৰিত পানী দিছিল, কিন্তু তেতিয়া তেওঁৰ এনে মনৰ বিকাৰ ঘটা নাই। দিনে-ৰাতিয়ে ফুলে চৰাই পোৱালীক মৰম কৰিছিল, পহু-পোৱালীক ভাল পাইছিল, পুতলাক চুমা দি দি মৰমতে মজিছিল; কিন্তু সেইবিলাক ভাল পোৱাতো তেওঁৰ এনে অপূৰ্ব্ব মানসিক আবেগ কেতিয়াও হোৱা নাই। বাস্তৱিকতে প্ৰকৃত প্ৰেমৰ গঢ়েই এনেটো, তাৰ গতি বিজুলীৰ সঞ্চাৰ, ভালপোৱাৰ বস্তুটি চকুট পৰা মাত্ৰকে ভালপোৱাৰ গৰাকীৰ ভালপোৱাটোলৈ ছুটি মেলে। প্ৰেমে দেশ নেমানে, কাল নেমানে, পাত্ৰ নেমানে। প্ৰেমৰ স্থান অস্থান, সময় অসময়, উপযুক্ত অনুপযুক্ত জ্ঞান নাই। অনুৰাগ-কাঁড়ে যাৰ হৃদয় এবাৰ বিন্ধিলে, তেওঁ আৰু অনুৰাগৰ সেই বস্তুটি নেপায়মানে সংসাৰত সুখ নেপায়। বিশেষকৈ জীৱনৰ ভিতৰত ভাপপোৱাৰ প্ৰথমটো ঢৌ অতি ভয়ানক। কত মানুহক এই প্ৰথম ঢৌৱে উটাই নি অকূল সমুদ্ৰৰ মাজত পেলাই ককবকোৱাইছে তাৰ লেখ নাই। প্ৰেম যে "দিল্লীকা লাড্ডু" বুলি কয়, তাত এক ধনিষ্টামানো ভুল নাই; ইয়াক "যোভি খায়া ওভি পস্তায়া, যোভি নাহি খায়া ওভি পস্তায়া। " যি প্ৰেমত পৰিছে সিও ধৰফৰাই মৰিছে, যি নাই পৰা সিও প্ৰেম প্ৰেমকৈ ধৰফৰাই মৰিছে। প্ৰথম দেখোতেই সঞ্চাৰ হোৱা প্ৰেম প্ৰকৃত প্ৰেম, তাৰ ভ্ৰুক্ষেপ নাই, বিঘিনিলৈ ভ্ৰুক্ষেপ নাই, সম্ভৱলৈ দৃকপাত নাই, অসম্ভৱলৈ দৃকপাত নাই। তাৰ আগত ভূত নাই, ভৱিষ্যত নাই, স্বৰ্গ নাই, নৰক নাই। আছে কেৱল প্ৰেমৰ পদাৰ্থটি। সেই প্ৰেমক তুমি অবিবেচক বোলা, উতনুৱা বোলা, কণা বোলা, যি মন যায় তাকে বোলা, কিন্তু প্ৰকৃত পক্ষে সিয়েই প্ৰেম, সিয়েই নিভাজ প্ৰেম। সদাশিৱৰ চকুৰ জুয়ে যিমান পাৰে তাক পুৰি ভস্ম কৰক, সি কিন্তু এশবাৰ এশ প্ৰকাৰে উপজিব। এই প্ৰথম প্ৰেমৰ পাশুপাত অস্ত্ৰ হিয়াত লাগিহে সুভদ্ৰাই "অৰ্জ্জুন" "অৰ্জ্জুন"কৈ পৃথিৱীত লুটিখাই পৰিছিল; এই পাট শৰত পৰিহে সাবিত্ৰীয়ে সত্যবান মৰিব বুলি জানিও তেওঁত আপোন মন-প্ৰাণ সঁপিছিল আৰু এই পাট বানত ফুটিহে সুন্দৰী জুলিয়েট আপোন ঘৰৰ গৰাক্ষ দুৱাৰত থিয় হৈ সাত শত্ৰুৰ ঘৰৰ সন্তান ৰমিয়ক "ৰমিয়" "ৰমিয়"কৈ কৰুণস্বৰেৰে মাতিছিল।

সূৰ্য্যকুমাৰক দেখাৰ পৰা ফুলৰ গতি সম্পূৰ্ণ লৰিল। ফুল আৰু এতিয়া আগৰ ফুল নাই। তেওঁ সূৰ্য্যক মনে মনে তেওঁৰ দেহ-প্ৰাণ বিকিলে। ফুল গোটেই সূৰ্য্যমুখী হল। সূৰ্য্যকুমাৰে ফুলক প্ৰাণ দিছিল নে নাই ফুলে কব নোৱাৰে, কিন্তু ফুলে যে সূৰ্য্যক মনে মনে প্ৰাণ দিলে, এইটোত এক ৰেণুমাত্ৰাও সন্দেহ নাই। সূৰ্য্যই তেওঁক ভাল পাওক নাপাওক তেওঁক নেলাগে, কিন্তু তেওঁ হলে সূৰ্য্যত তেওঁৰ ভালপোৱা স্বত্ব পৰিত্যাগ কৰি সমৰ্পিলেন। কপালত যিহকে থাকক, সেই ভালপোৱা আৰু ওলোটাই আনিবলৈ তেওঁৰ সাধ্য নাই।

সিফালে সূৰ্য্যক হেৰুৱাই পদুমকুঁৱৰীৰ সেই দশা, ইফালে সূৰ্য্যক পাই ফুলৰ দশা, এনেস্থলত সূৰ্য্যই কি দৰে বৰফুকনৰ ঘৰত কাল কটাইছিল, তাক অলপমান কোৱা যাওক।

ফুল যে তেওঁৰ নিমিত্তে তলে তলে ইমান বিহ্বল হৈছিল, সেই কথাৰ সূৰ্য্যকুমানে শুং মাত্ৰ নেজানে। পদুমক এৰিবৰ পৰা সূৰ্য্য মৃতপ্ৰায়, তেওঁৰ মুখত হাঁহি নাই, মাত নাই, অন্তৰত সদাই বিৰহ বহ্নি। ভাত-পানীত অৰুচি, আমোদ আহলাদত সম্পূৰ্ণ অৰতি, সদাই তললৈ মুৰকৈ ভাবিব, আৰু এটোপা চকুৰ পানী পেলাব। লাহে লাহে তেওঁ বিবৰ্ণ হৈ শুকাই-খীণাই যাবলৈ ধৰিলে। ফুলে তেওঁৰ মন ভাল লগাবলৈ, তেওঁক সুখে সন্তোষে ৰাখিবলৈ কত চেষ্টা, কত যত্ন, কত উপায় কৰিছিল তাৰ অন্ত নাই। কিন্তু কি কাৰণত সূৰ্য্যৰ মন অস্থিৰ, সুখ-শান্তি নাই সেই কথা সূৰ্য্যইও ফুলক কোৱা নাই, ফুলেও সূৰ্য্যক সুধিবলৈ ইচ্ছা কৰা নাই। ফুলৰ প্ৰধান ভয়, যে সূৰ্য্যক তেওঁ এই মনোবেদনাৰ কথা সুধিলে কিজানি সূৰ্য্যৰ মনত কষ্ট আৰু অধিক হয়। যি কষ্ট পাতলাবলৈ, যি ৰোগ আৰোগ্য কৰিবলৈ তেওঁ ইমান যত্ন কৰিছে, অপ্ৰীতিকৰ কথা শুধি সেই কষ্ট আৰু বেচিকৈ মনত পেলাই দি, কি জানি ৰোগ তেওঁ বঢ়ায় হে। তেওঁৰ মনত দুখ যেই কি বা নহওক, কেনেকৈ তাৰ পৰা তেওঁৰ মনটো আনফালে নি সেই দুখ পাহৰাব, ফুলৰ দিনে-ৰাতিয়ে এই চিন্তা। ফুলে ভাবিছিল, সৰুৰে পৰা থকা ঘৰ-দুৱাৰ, মিতিৰ-কুটুম, বন্ধু-বান্ধৱ এৰি লোকৰ ঘৰত থাকিব লগা হোৱাতহে সূৰ্য্যৰ মনত বেজাৰ। সেই দেখি ফুলে মনতে এই সংকল্প কৰিলে, যে তেওঁবিলাকৰ ঘৰ সূৰ্য্যৰ আপোন ঘৰতকৈও আপোন কৰিব, আৰু তেওঁ সূৰ্য্যৰ ভাই-ককাই আদিতকৈও আপোন হব। সেই দেখি সূৰ্য্যক বেজাৰ মুৱা হৈ থকা দেখিলে তেওঁ লুকাই কান্দি আপোনা অপুনি কোনেও নুশুনাকৈ কয় "প্ৰাণনাথ! তুমি কিয় বেজাৰ কৰিছা, মোৰ ঘৰেই তোমাৰ ঘৰ; তোমাৰ কোনো নাই, মই আঁছো; মই তোমাৰ চিৰকাল চৰণ সেৱি থাকিম, তোমাৰ ভয় কি? প্ৰাণেশ্বৰ! আৰু তুমি বেজাৰ নকৰিবা, তোমাৰ বেজাৰ দেখিলে মই থিৰে থাকিব নোৱাৰোঁ; তোমাৰ চকুৰ লো দেখিলে মোৰ চকু চলচলীয়া হৈ যায়। "

এদিন ফুল আইদেৱে আবেলি সূৰ্য্যকুমাৰক তেওঁৰ ফুলনি বাৰী দেখুৱাবলৈ হাতত ধৰি লৈ গৈ তেওঁ নিজ হাতে ৰোৱা, নিজ হাতে পানী দি ডাঙৰ কৰা ফুল পুলি, গছ পুলিবোৰ এজোপা এজোপাকৈ দেখুৱাইছে, এনেতে পুলি আম এজুপিৰ ডাল এটিলৈ হঠাৎ তেওঁৰ চকু গলত 'আই ঐ!' 'আই ঐ!' কৈ উঠিল। সূৰ্য্যই এই কথা শুনি বৰ ব্যস্ত-সমস্ত হৈ "কি হল কি হল?" বুলি সুধিলে।

ফুল-"তললৈ মূৰকৈ বেজাৰ কৰি থকা সৌ কপৌৱনী জনী চোঁৱা চোন! তাই সদাই আৰু এটিয়ে সৈতে এজুৰি হৈ মোৰ এই ফুলনি বাৰীৰ সেই আম জুপিতে থাকে। দিনটো দুয়ো লগ লাগি কৰবাত চৰি ফুৰেগৈ, গধূলি হলে দুয়ো আকৌ একে লগে ইয়ালৈ গুচি আহে। আজি তাইৰ লগৰ সিটি নাই, কৰবাত কোনোবাই তাক মাৰিলে কি কিবা হল! সেই দেখি তাই নচৰি বেলি এডোখৰ থাকোঁতেই গুচি আহি অকলৈ কান্দি-কাতি বেজাৰ কৰি আছে। "

ফুলৰ এই কথা শুনা মাত্ৰকে সূৰ্য্যকুমাৰ বৰুৱা হঠাৎ বৰণ সলাই মাটিত বহি পৰিল, ফুলে "কি হল!" বুলি চিয়ঁৰ মাৰি দিলে। ফুলনি বাৰীত ফুলৰ চিঁয়ৰ শুনি ধাইমাক ঘৰৰ ভিতৰৰ পৰা লৰি আহি সূৰ্য্যকুমাৰক তেনেকৈ থকা দেখি তৎক্ষণাৎ তেল-পানী আনি মূৰত দি অলপ বিছিলত, সূৰ্য্যকুমাৰ সুস্থ হৈ উঠি বহিল। হঠাৎ এনে হোৱাৰ কাৰণ সুধিলত সূৰ্য্যই কলে, মাজে মাজে তেওঁৰ এনেকুৱা হয়। ফুল আইদেৱে লাহে লাহে সূৰ্য্যক ধৰি ঘৰলৈ আনিলে।

ষষ্ঠ আধ্যা[সম্পাদনা কৰক]

ৰোগ নিৰ্ণয়

If't be the affliction of his lover or no
That thus he suffers for"

--Hamlet


সূৰ্য্যকুমাৰ কি ৰোগত ভুগিছিল, এই ঘ্টনাৰ পৰা তাৰ অলপ আভাষ ফুলে বুজিব পাৰিলে। ফুল স্বভাৱতে বৰ বুদ্ধিমতী চোকা ছোৱালী, এটা কথা জানিবলৈ যৎকিঞ্চিৎ আভাষেই তেওঁৰ পক্ষে বহুত। বিশেষতঃ সূৰ্য্যকুমাৰৰ মনৰ ভাব, শৰীৰৰ গতি আদিতে তেওঁৰ মন সম্পূৰ্ণ নিবিষ্ট আছিল। সূৰ্য্যকুমাৰেই তেওঁৰ চিন্তা, আলোচনা আৰু অধ্যয়নৰ বস্তু হৈছিল; গতিকে এই ঘটনাই যে তেওঁৰ চকুত চাকিৰ পোহৰ পেলাই দিব, সি একো আচৰিত কথা নহয়। কিয় বা কপৌৱনীৰ বিৰহৰ কথা তেওঁৰ আগত উল্লেখ কৰিলতে তেওঁৰ ভয়ানক মানসিক আবেগ উপস্থিত হল, এই প্ৰশ্নৰ উত্তৰ ফুলে সহজতে পালে। ফুলে তৎক্ষণাত এই সিদ্ধান্ত কৰিলে যে সূৰ্য্যকুমাৰো এনে বিচ্ছেদৰ বেদনাত ব্যথিত, নহলে বিচ্ছেদৰ কথা শুনি তেওঁ কিয় এন মৰ্ম্মাহত হব? হায়! সূৰ্য্যৰো তেনে কোনোবা লগৰীয়া আছিল যাক হেৰুৱাই তেওঁ মৃতপ্ৰায় হৈ আছে। সূৰ্য্যইও এই পৃথিৱীত কাৰবাক তেওঁৰ মন-প্ৰাণ সমৰ্পিছিল। যাৰ পৰা পৃথক হৈ তেওঁ গোটেই সংসাৰ এন্ধাৰ দেখিছে। হায় সূৰ্য্য! এনে কপৌ-কপৌৱনী জুৰিৰ দৰে তুমিও এইও সংসাৰৰ এজুপি গছত তোমাৰ হৃদয়েশ্বৰীৰ সৈতে একে লগে একে ঠাইতে একেটি ডালতে মুখামুখীকৈ পৰম সুখত আছিলা। নিষ্ঠুৰ কালে তোমাৰ পৰা তোমাৰ মৰমৰ সিটিক কাঢ়ি নি তোমাৰ এই অৱস্থা কৰিলে! এনে স্থলত তুমি কেনেকৈ থিৰেৰে থাকাঁ? তুমি যাক ভাল পাইছিলা, তোমাকে ভাল পাই যি হিয়া জুৰাই আছিল, তেওঁৰ বা তোমাৰ বিৰহত কি গতি হৈছে? হায় বিধি। তেওঁ তোমাক এৰি এতিয়াও জীয়াই আছেনে? তুমিতো পুৰুষ, তোমাৰ হৃদয়ৰ তুলনাত তেওঁৰ হৃদয় অতি কোমল, কেনেকৈ তেওঁ এনে কোমল হিয়াত এনে নিদাৰুণ বিৰহ য্ন্ত্ৰণা সহিছে! এই সংসাৰত ঈশ্বৰে তিৰোতাক দুখ-কষ্টৰ কঠোৰ য্ন্ত্ৰণা সহিবলৈ স্ৰজন কৰিলে নে কি? হৰি, হৰি, কঁপাল!-তুমি কোন ভাগ্যৱতী কব নোৱাৰোঁ। তুমি যে সূৰ্য্যকুমাৰৰ ভালপোৱাৰ পাত্ৰ হৈছা, এই নিমিত্তে তুমি মোতকৈ লক্ষ গুণে কপালী। তোমাৰ কপাল সৈতে তুলনা কৰিলে মই অভাগিনীৰ কপাল খুন্দি ভাংগিৰ লগীয়া। তুমি সূৰ্য্যৰ প্ৰেম পাইছিলা, সূৰ্য্যই "তোমাক ভাল পাঁও" বুলি কোৱা অমৃত যেন কথাৰে তোমাৰ কাণ শীতল কৰিছিল, তোমাৰ চকুৱে হেপাহ পলুৱাই সূৰ্য্যৰ পূৰ্ণিমাৰ জোন যেন মুখ চাইছিল, তোমাৰ মুখে সূৰ্য্যৰ মুখৰ মৌ পিবলৈ পাইছিল, মোৰ প্ৰাণেশ্বৰৰ তুমি হাঁহিমুখ দেখিবলৈ পাইছিলা, আহা! তুমি কেনে ভাগ্যৱতী। মোৰ প্ৰাণনাথ তোমাৰ নিমিত্তে কাতৰ; ধন্য তুমি পুণ্যৱতী!-সি যি হওক প্ৰাণনাথ! যদি এই পৃথিৱীত তোমাৰ প্ৰিয়া এতিয়াও জীয়াই আছে, যদি তেওঁ তোমাৰ বিৰহত অগণিত এতিয়াও পুৰি বস্ম হোৱা নাই, তেন্তে গোঁসাইৰ চৰণত এই প্ৰাৰ্থনা কৰিছোঁ, যে তোমাৰে সৈতে তোমাৰ মৰমৰ বস্তুটিৰ আকৌ শীঘ্ৰে মিলন হয়, আকৌ যেন তোমাৰ বুকুৰ ধন তোমাৰ বুকুত লবলৈ পোৱা, তোমাৰ পুনৰ সুখ-শান্তি দেখিবলৈ পালেই মোৰ জীৱন সাৰ্থক হল বুলি মানিম। প্ৰাণেশ্বৰ! তোমাৰ প্ৰিয়াৰ বেটী হৈ থাকিও যদি মই তোমাক সুখী দেখিবলৈ পাঁও, তেনেহলে মোক এই সংসাৰত আৰু একো নেলাগে।

এই কেষাৰ কথা কৈয়েই ফুলৰ চকুৰ চকুলোৱে চলচলীয়া হৈ গল, আৰু তেওঁ একো কব নোৱাৰিলে।

সপ্তম আধ্যা[সম্পাদনা কৰক]

বিৰলে মন্ত্ৰণা

"Let us seek some desolate shade, and there weep our sad bosoms empty"

--Macbeth



ফুল-সূৰ্য্যৰ কথা এইখিনিতে এৰি আমি এতিয়া হৰদত্তই ভায়েক, পুতেক, কোচবেহাৰৰ কোঁৱৰ আৰু তেওঁৰ মন্ত্ৰী সকেলেৰে সৈতে ভিতৰ চৰাত কি মন্ত্ৰণা কৰিছে, মনে মনে শুনো।

হৰদত্ত :- কালিৰ ভিতৰতে আনি বৰফুকনক ফৌজেৰে আক্ৰমণ কৰি বেঢ়ি ধৰি বন্দী নকৰি পদুমৰ বিয়াৰ পাছলৈ বাট চাই থাকিলে কাৰ্য্য হৈ নুঠিব। মই শুনিছোঁ বৰফুকনে তলে তলে আমাৰ অভিপ্ৰায় সকলো বুজি পাই উজনিৰ স্বৰ্গদেৱলৈ সৈন্য খুজি পঠিয়াইছে। সেই সৈন্য আহি পালেহি আমাৰ এই অশিক্ষিত অলপ ফৌজেৰে যুঁজাটো অসম্ভৱ হৈ উঠিব।

ৰঘু :-কাইলৈ নো বাট চাবৰ সকাম কি মই কব নোৱাৰোঁ; আজিয়েই দেউতাই মোক হুকুম দিয়ক মই বৰফুকনক ধৰি লৈ আহোঁগৈ। কালি কালিকৈ থাকিয়েই দেউতাই সকলো ভ্ৰষ্ট কৰিছে। আমাৰ অতবোৰ ফৌজেৰে সৈতে বৰফুকন এটা কি কুৰিটা ধৰি আনিব পাৰোঁ।

বীৰদত্ত :-ঠিক কৈছে, ঠিক কৈছে, বীৰদত্তৰ সেই কথাত সম্পূৰ্ণ মত। হেলাত কাৰ্য্য নাশ। আপুনি পিছ হুহুকি হুহুকিয়েই সকলো মাটি কৰিছে; আপোনাৰ সহায় বীৰদত্তৰ দুটা বীৰবাহু থাকোতে ভয় কি? কাইলৈ কিয়, আজিয়েই এতিয়াই আমুকাই কলীয়া ভোমোৰাক ধৰি আনি আপোনাৰ ভৰিত দীঘলকৈ পেলাব পাৰে। কেৱল আপোনাৰ আজ্ঞা লাগে। তাৰ বাহিৰে কোচবেহাৰ ৰাজকোঁৱৰ স্বয়ং আপোনাৰ সোঁ হাত। তাৰ উপৰি যত ডাঙৰ ডাঙৰ চৌধুৰী, বুজৰবৰুৱা, বৰুৱা প্ৰভৃতি লোক আপোনাৰ সাহায্যকাৰক। কি কথা আছে, এই মুহূৰ্ত্ততে বীৰদত্তই কলীয়া ভোমোৰাক হাতীৰ ফয়েৰে বান্ধি আনি আহোম বংশৰ আলুৱে কলা-পুলিয়ে তুলিব পাৰে।

হৰদত্ত :-ৰবা এথোন, হুৰা মুৰা কৰিলে একো কাৰ্য্য নহয়। এনেবিলাক গুৰুতৰ কাৰ্য্য কৰিবলৈ বহুত ভাবিব, বহুত চিন্তিব, বহুত গুণিব লাগে; অৱশ্যে তোমালোকৰ উৎসাহ আৰু বল অতি প্ৰশংসনীয়। বীৰৰ নিচিনা ভাই আৰু ৰঘুৰ নিচিনা পো যে মই পাইছোঁ এইটোত মই বৰ অহংকাৰ কৰিব লগীয়া। মোৰ মন্ত্ৰীসকলৰ মন্ত্ৰণা আৰু বন্ধুসকলৰ সাহায্য মোৰ পক্ষে অমূল্য বস্তু। তথাপি সকলো কাৰ্য্যতে ধৈৰ্য্যৰ আৱশ্যক। পাপীষ্ঠ আহোমবিলাকৰ অত্যাচাৰ মই অতদিন পাৰোঁতে সহি আছোঁ বুলি তোমালোকে ভাবিছা নে? স্বদেশৰ স্বজাতিৰ দুৰ্গতিত মোৰ বুকু ফাটি চিটাচিট হোৱা নাই বুলি আছা নে? পাষণ্ডহঁতৰ দৌৰাত্ম্যত মোৰ গাৰ তেজ বকবককৈ এতিয়াও উতলা নাই বুলি জানিছা নে? সতী তিৰোতাই সতীত্ব ৰত্ন ৰাখিব নোৱাৰি কন্দা চিঁয়ৰ মোৰ কাণত এতিয়াও সোমোৱা নাই বুলি ভাবিছা নে? ধনীৰ ধন, মানীৰ মানৰ লগত মোৰ নিজৰ ধন-মান হেৰোৱা নাই বুলি তোমালোকে জানিছা নে? উস! যদিও আজিলৈকে মোৰ আহোমে অলপো অপকাৰ কৰা নাই, তথাপি মোৰ দেশী ভাইসকলৰ অপকাৰক মই মোৰ নিজৰ অপকাৰ হেন বুলি ভবা নাই বুলি তোমালোকে বোধ কৰিছা নে? হা ঈশ্বৰ! মোৰ দেশৰ দুৰৱস্থাত মোৰ চকুত টোপনি নাই, পেটত আহাৰ নাই, মনত শান্তি নাই-তথাপি এনেস্থলতো মই হঠাৎ হুৰামূৰাকৈ আহোমৰ বিপক্ষে উঠিব পৰা নাই কেলৈ? হঠাৎ কোনো কাম কৰিলে সি সিদ্ধ হল যদি হলেই নহল যদি তেনেকৈ ভ্ৰষ্ট হয়। বিশেষকৈ ৰজাৰ বিপক্ষে যুঁজিবলৈ উঠাৰ নিচিনা এটা ডাঙৰ কাৰ্য্য হঠাৎ কৰা কাৰ্য্য নহয়। আগেয়ে ভাবিছিলো পদুমৰ বিয়াৰ পাচত এই কাৰ্য্য কৰা যাব; কিন্তু এতিয়া পদুমৰ বিয়া স্থগিত ৰাখি এই কাৰ্য্যতহে আগেয়ে লাগিব লগীয়া হল যেন দেখিছোঁ। ঈশ্বৰ আছে, তেওঁৰ ওপৰতে সম্পূৰ্ণ নিৰ্ভৰ; তেওঁ অৱশ্যে আমাৰ কাৰ্য্য সফল কৰিব।

ৰাজকোঁৱৰ :-এই কথা অৱশ্যে অতি সুন্দৰ; ইয়াক আমি সম্পূৰ্ণৰূপে সমৰ্থন কৰোঁ।

হৰদত্ত :-বীৰ, এতিয়াই তুমি সেনাপতিক যুদ্ধৰ সকলো আয়োজন কৰিবলৈ কৈ দিয়া; কাইলৈ ৰাতি দুপৰত বৰফুকনক ঘৰ বেৰা দি ধৰি বন্দী কৰি আনিব লাগিব।

ৰঘু :-কাইলৈ, কাইলৈকে চোছৰাই চোছৰাই দেউতাই যি কৰে কৰক, মই হলে তেনে কথাত নাই।

ৰঘুৰ এই কথাত হৰদত্তই কিবা কব খোজোতেই এটা চৰ লৰি আহি জান দিলেহি যে কলীয়াভোমোৰা বৰফুকনে তেওঁক আৰু তেওঁৰ লগৰীয়া বিদ্ৰোহীসকলক ধৰিবলৈ স্বয়ং সৈন্য লৈ আহিব লাগিছে, তেওঁবিলাক তৎক্ষণাৎ নপলালে আথান্তৰ মিলিব।

এই কথা শুনা মাত্ৰকে তেওঁবিলাক ব্যতিব্যস্ত হৈ পৰিল, আৰু সেই মুহূৰ্ত্ততে তাৰ পৰা পলাই যাবলৈ ঠিক কৰিলে। তৎক্ষণাৎ হৰদত্তই তেওঁৰ ঘৈণীয়েক, জীয়েক, পুতেক আৰু মন্ত্ৰীসকলক লৈ ভোটানৰ ফালে পলাল। ৰাজকোঁৱৰে বিসংগতি দেখি ঘোঁৰাত উঠি আপোন ৰাজ্য কোচবেহাৰলৈ ছুটি মেলিলে। আন আন বিদ্ৰোহীবিলাকো যেনিয়েই পাই তেনিয়েই পলাই পত্ৰং দিলে।

অষ্টম আধ্যা[সম্পাদনা কৰক]

উপায় কি?

"Amid, my most noble friends, I pray you all, Speak plainly your opinions of our hopes"

--King Henry the Fourth


হৰদত্ত তেওঁৰ পৰিবাৰ আৰু লগৰীয়া সকলেৰে সৈতে পলাই গৈ ভোটৰ পৰ্ব্বতৰ দাঁতিত এডোখৰ হাবিৰ মাজত লুকাই আছে। বৰফুকনে ইপিনে তেওঁৰ ফালৰ মানুহ যাক যাক পালে তাক তাক ধৰি দণ্ড কৰিলে আৰু তেওঁক ধৰিবলৈ চাৰিউফালে মানুহ পঠালে। তেওঁ ভোটানৰ ফালে পলাই যোৱা বাতৰি পাই বৰফুকনে স্বয়ং তেওঁক খেদি গল। কিন্তু তেওঁ যেনে ঠাইত আশ্ৰয় লৈছিল তেনে ঠাইৰ পৰা তেওঁক বিচাৰি উলিওৱা বৰ টান কাম। বাঘ ভালুক আদি প্ৰকৃতিৰ সন্তানবিলাকেৰে সৈতে প্ৰকৃতিৰ কোলাত হৰদত্তই আশ্ৰয় লৈ কাল কটাবলৈ ধৰিলে। মানুহৰ সমাজ, মানুহৰ লগ সংগতকৈ বনৰীয়া জন্তুৰ লগ-সংগ তেওঁৰ পক্ষে অতি সুখকৰ হ'ল। ওচৰ-চুবুৰীয়া আৰু বন্ধু-বান্ধৱেৰে পৰিবৃত থাকি তেওঁ মনত যিমান অশান্তি লভিছিল, প্ৰকৃতিৰ বিমল কোলাত হিংস্ৰ জন্তুবিলাকেৰে পৰিবৃত থাকি তেওঁ সিমান শান্তি লভিছিল। পৰ্ব্বতৰ গহ্বৰ, কামৰূপৰ তেওঁৰ ৰম্য ঘৰতকৈও তেওঁ শ্ৰেষ্ঠ জ্ঞান কৰিছিল। আলু-কচু গছৰ ফল-মূল ঘৰৰ মিষ্টান্ন পঞ্চামৃততকৈও তেওঁৰ মুখত সোৱাদ লাগিছিল। দুগ্ধফেন সদৃশ শয্যাত পৰি তেওঁৰ চকুৰ টিপ নমৰাকৈ ৰাতি কটাইছিল, কিন্তু এতিয়া সুদা মাটিত তেওঁ মনৰ সুখেৰে শুই টোপনিৰ সুখ লভিবলৈ ধৰিলে। অবিশ্বাসী, মুখে-এটা পেটে-এটা, খোচামোদকাৰী আৰু কপটীয়া বন্ধুসকলৰ মাততকৈও বাঘ-ভালুকৰ গোজৰণি তেওঁৰ কাণত অধিক মধুৰ আৰু বিশ্বাসৰ যোগ্য যেন লাগিছিল। চকুৰ আগতে দেশৰ দুৰৱস্থা আৰু স্বজাতিৰ দুৰ্গতি দেখি থকাতকৈ তেওঁৰ মনত নিৰ্জ্জন অৰণ্যত থকা এশ গুণে শ্ৰেয়ঃ হৈছিল। কেতিয়াব কেতিয়াবা পৰ্ব্বতীয়া মানুহেৰে সৈতে সাক্ষাৎ হলে সিহঁতৰ সৰলতা, আৰু অমায়িকতাত তেওঁ মোহিত হৈ যায়। এটা ভুটীয়া চৰ্দ্দাৰে সৈতে তেওঁৰ তাতে বন্ধুতাও হৈছিল। সি তেওঁবিলাকক খাবলৈ বস্তু আনি দিছিল আৰু বৰ পুতৌ কৰিছিল। চৰ্দ্দাৰৰ দুটি ল'ৰা-ছোৱালী আছিল, সিহঁতক চৰ্দ্দাৰে ৰঘু আৰু পদুমেৰে সৈতে সখি বন্ধাই দিয়াইছিল। ল'ৰাটোৰ নাম কোৰ্ম্মা আৰু ছোৱালী জনীৰ নাম, কুৰ্ম্মী আছিল।

কোৰ্ম্মাৰে সৈতে ৰঘুৱে আৰু কুৰ্ম্মীৰ সৈতে পদুমে সখি বন্ধাইছিল। সিহঁত দেখিবলৈ বাহিৰে যেনে হৃষ্ট, পুষ্ট আৰু বলিষ্ঠ, ভিতৰেও তেনে সৰল আৰু সৎ। দেখিবলৈ দুয়ো বগা আৰু শুৱনী। বয়সত কোৰ্ম্মা ৰঘুৰ সমনীয়া আৰু কুৰ্ম্মী পদুমৰ সমনীয়া। কপটতা আৰু শঠতা কাক বোলে সিহঁতে কব নোৱাৰে। মিছা মৰম, মিছা ভালপোৱা, মিছা বন্ধুতাৰ সিহঁতে ধাৰ নেখায়। যাক ভাল পায়, তাক সিহঁতে মৰি-মুজি ভাল পায়, য়াৰ সৈতে বন্ধুতা কৰে, তাৰ সৈতে কেতিয়াও নিছিগা বন্ধুতাৰ লোৰ শিকলিৰে বান্ধ খায়। বন্ধুৰ হৈ সিহঁতে নিজৰ ডিঙিটো সদাই আগ কৰি লৈ ফুৰাই।
এনে অৱস্থাত হৰদত্ত আছে। এদিন বীৰদত্তকে প্ৰমুখ্য কৰি তেওঁৰ সকলো মন্ত্ৰীসকলে তেওঁক কলে যে "আমি এই দৰে আৰু কতদিন কষ্ট ভুগি থাকিমহঁক; কষ্ট দূৰ কৰিবৰ উপায় অৱলম্বন নকৰিলে নহয়। এই অৱস্থাত থাকি যে আহোমৰ বিৰুদ্ধে উঠি আমাৰ দেশ উদ্ধাৰ কৰিব পাৰিম, সি কেতিয়াও নহয়। আমাৰ সৈন্য-সামন্ত লগৰীয়া ছিন-ভিন হৈ নষ্ট হল, আৰু অধিক ভাগক শত্ৰুৱে হাত দিলে। এতেকে এনেস্থলত আমি নতুন উপায় অৱলম্বন কৰা নিতান্ত কৰ্ত্তব্য। আমি স্থিৰ কৰিছোঁ যে আমি পঞ্জাবলৈ গৈ পঞ্জাৱকেশৰীৰ শৰণ পশো গৈ। আমাৰ দেশৰ সকলো দুৰৱস্থা তেওঁক জনাই আহোমৰ হাতৰ পৰা তেওঁ ৰাজ্য লবলৈ তেওঁ খাটোগৈ। উন্নতনামা দয়ালু মহাবীৰ পঞ্জাৱসিংহই অৱশ্যে আমাৰ কথালৈ কৰ্ণপাত কৰিব। "

মন্ত্ৰীসকলৰ এই পৰামৰ্শ শুনি হৰদত্তই কিছুপৰ তলকা মাৰি থাকি মেঘগম্ভীৰ স্বৰেৰে কবলৈ ধৰিলে :-"মোৰ মৰমৰ বীৰ আৰু মন্ত্ৰীসকল। তোমালোকৰ মন্ত্ৰণা যে সম্পূৰ্ণ যুক্তিযুক্ত তাত অলপো সন্দেহ নাই; কিন্তু হৰদত্তৰ শৰীৰত প্ৰাণ থাকে মানে এনে কাম কৰিবলৈ তেওঁ কেতিয়াও আগ বাঢ়িব নোৱাৰে। স্বৰ্গাদপি গৰীয়সী জন্মভূমি যে তেওঁ বিশ্বাসঘাতক হৈ এজন বিদেশীৰ ৰজাৰ হাতত সমৰ্পণ কৰিব এনে কথা তেওঁ স্বপ্নতো মনত ঠাই দিব নোৱাৰে। কোনে জানিছে, কি জানি এই কাৰ্য্যৰ দ্বাৰায় তেওঁৰ জননীক বাঘৰ হাতৰ পৰা সিংহৰ হাতত হে পেলায় দিয়া হয়? এক ৰাক্ষসৰ গৰাহৰ পৰা কাঢ়ি নি কিজানি জন্মভূমিক তাতোকৈও এক দুৰন্ত ৰাক্ষসৰ গৰাহত হে পেলাই দিয়া হয়? হায়! এনে ভয়ানক কাম হৰদত্তৰ শৰীৰত একবিন্দু ৰক্ত থাকে মানে হৃদয়ত এক ধনিষ্টমানো মনুষ্যত্ব থাকে মানে, হৈ উঠা অসম্ভৱ। হৰদত্তৰ মাতৃভূমি, নতুন আৰু অচিনাকী পঞ্জাৱীৰ হাতত সমৰ্পণ কৰাতকৈ পুৰণি আহোমৰ হাতত এৰি থৈ হৰদত্তই আপোনাক ধন্য মানিব। বন্ধুসকল মাতৃভূমি দুৰাত্মা আহোমৰ হাতৰ পৰা উদ্ধাৰ কৰিব নোৱাৰি আত্মহত্যা কৰিব, তথাপি তেওঁক এনে কাৰ্য্য কৰিবলৈ তোমালোকে নকবা। "
হৰদত্তৰ এই বীৰোচিত কথা শুনি বীৰদত্ত আৰু মন্ত্ৰীসকল নিস্তব্ধ নিমাত হৈ জয় পৰি তললৈ মুৰ কৰিলে। আৰু সেই ভুটীয়া চৰ্দ্দাৰে "মিতা তই ভাল কৈছ, ভাল কৈছ, তই বৰ ভাল মিতা আছে" বুলি প্ৰশংসা কৰিবলৈ ধৰিলে।

নৱম আধ্যা[সম্পাদনা কৰক]

পদুম

"With orient pearl, with ruby red,
With marble white, with sapphire blue,
Her body every way is fed,
Heigh ho, fair………….
Nature herself her shape admires;
The gods are wounded in her sight;
And love forsakes his heavenly fires
And at her eyes his brand doth light"

-T. Lodge



পদুমৰ নিচিনা কুমলীয়া ছোৱালী এজনীৰ পক্ষে ইমানবোৰ বেঢ়ি ধৰা বিপদ সহা অসম্ভৱ। প্ৰথম, যত তেওঁ মন-প্ৰাণ সপিছিল, তেওঁৰ পৰা বিচ্ছেদ। দ্বিতীয়, আপোন দেশৰ ঘৰ দুৱাৰ এৰি বনবাস। উপজিবৰে পৰা দুখ কাক বোলে যি নেজানিছিল, যি শান্তি-সুখৰ সুবিমল ছাঁত আলসুৱা হৈ বাঢ়িছিল, তেনে কোমল ছোৱালী এজনীয়ে বাঘ ভালুক আদি হিংসুক জন্তুৰে সৈতে দুৰ্ঘোৰ অৰণ্যত দুৰ্ঘোৰ ক্লেশত বাস কৰিবলগীয়া হল। তাৰ উপৰি চেনেহৰ বাপেক দদায়েকহঁতৰ ৰাজদ্ৰোহ অপৰাধত কোন সময়ত কি হয় চিন নাই। শত্ৰুয়ে বিচাৰি পিয়াপি লগাইছে, পালেই অঘটন ঘটিব। আৰু ভবিষ্যতলৈ বা নিজৰ কপালত কি আপদ আছে, তাকো তেওঁ কব নোৱাৰে। ইত্যাদি চিন্তাত পদুম জলকা লাগিল। এইবিলাক নিজৰ চিন্তা-ভাৱনাতকৈও তেওঁৰ প্ৰাণৰ সূৰ্য্যৰ বা কি হল এই চিন্তাত তেওঁ একেবাৰেই এধামৰা হল। এতিয়াও যদি তেওঁ কোৱাচিলাৰ মুখেও এবাৰ বাতৰি শুনিব পায় যে সূৰ্য্য ভালে আছে, তেন্তে তেওঁ এই জনমৰ আশা এৰি একেবাৰেই চকু মুদিব পাৰে। লাহে লাহে তেওঁৰ নিজৰ আৰু বাপেক-মাকৰ বিষয়ে চিন্তা, কেৱল এটা চিন্তাত পৰিণত হল যে "সূৰ্য্য ভালে আছে নে?" "সূৰ্য্য ভালে আছে" এই কথা শুনিবলৈ পালে পদুমে মহাসুখেৰে এই জীৱন পৰিত্যাগ কৰিব পাৰে। এই দুখময় সংসাৰত আৰু একোলৈকে তেওঁৰ বাসনা নাই; মাত্ৰ বাসনা 'সূৰ্য্যৰ সুখ'। পদুমে এতিয়া মনতে সংকল্প কৰিলে যি মুহূৰ্ত্ততে তেওঁ সূৰ্য্য জীয়াই থকা বাতৰি শুনিব, সেই মুহূৰ্ত্ততে তেওঁ মনত শান্তি লভি বিহ খাই প্ৰাণত্যাগ কৰি ক্লেশপূৰ্ণ পৃথিৱীৰ পৰা নিত্যধামলৈ গতি কৰিব। এই অভিপ্ৰায়ে তেওঁ ৰিহাৰ আচলত সদাই বিহ এডোখৰ বান্ধি থৈছিল।

ভুটীয়া চৰ্দ্দাৰৰ জীয়েক কুৰ্ম্মীয়ে যিদিনাখনৰে পৰা পদুমে সৈতে সখি বন্ধালে, সেই দিনাখনৰে পৰা তাই পদুমৰ মৰমতে মৰা হল। ৰাতিৰ কেদাঁড়হে কুৰ্ম্মী পদুমেৰে এৰা এৰি হৈ থাকে, ৰাতি পুৱাল বুলিলেই আহি পদুমৰ ওচৰ ওলালহি। পদুমক বেজাৰ কৰি থকা দেখিলে তাই কত বুজাই কত প্ৰবোধ দিয়ে, কত গালি পাৰে। পদুম ঘাইকৈ কিহত ম্ৰিয়মান হৈ আছে, এই কথা কুৰ্ম্মীয়ে নেজানি পদুমক কয় "ঐ হখি, তুৰনু কিহত আকৌ ইমানকৈ বেজাৰ তো আৰু? মুৰ ঘৰেই তুৰ ঘৰ, মুৰ মানুহেই তুৰ মানু, তুৰ গাওঁতকৈ মুৰ গাওঁত তই থাকি হুখ পাবি; মুৰ হৈতে তই উমলিবি; হৌ পৰ্ব্বতত তয়ে ময়ে উঠিম, পুল চিঙ্গিম, মলা সিঙ্গিম, তয়ো পিন্ধিবি ময়ো পিন্ধিম; মুৰ গাওঁত হকলুই তুক মৰম কৰিব। মুৰ বাপেকক মুই কৈছোঁ তহঁতিক হোনকালে ইয়াৰ পৰা আমাৰ ঘৰলৈ নিব আৰু হখি, তই আকৌ বেজাৰ নকৰিবি; তই বেজাৰ কৰিলি মুৰো বেজাৰ লাগে, তই কান্দিলি মুৰো কান্দুন আহে। " এইদৰে কুৰ্ম্মীয়ে পদুমক মনৰ বেজাৰ গুচাবলৈ দিনৰ দিনটো কত উপায় উলিয়াই থাকে তাৰ অন্ত নাই। কেতিয়াবা সিহঁতৰ পৰ্ব্বতৰ গীতকে গাব, কেতিয়াবা সাধুকথাকে এটা কব, কেতিয়াবা কিবা এটা বস্তুকে খাবলৈ আনি দিব, কেতিয়াবা বনৰীয়া ফুল চিঙি আনি মলা গাঁথি পদুমৰ খোপাত পিন্ধাইকে দিব; কেতিয়াবা বা সোণপৰুৱা ধৰি আনি কপালত ফোট পিন্ধাব ইত্যাদি প্ৰকাৰে কুৰ্ম্মীয়ে পদুমৰ মন ভালে ৰাখিবলৈ যত্ন কৰি থাকে, কুৰ্ম্মী ওচৰত থাকে মানে পদুমে ৰং থাকে আঁতৰ হলেই আকৌ শোক-ডাৱৰে পদুমক ঢাকি পেলায়, আকৌ চকুৰ পৰা বেজাৰ-বৰষুণ পৰিবলৈ ধৰে।

দশম আধ্যা[সম্পাদনা কৰক]

বিপদৰ ওপৰত বিপদ

"One woe doth tread upon another's heel, so fast they follow."

-Hamlet


জগতৰ কি অপৰূপ নিয়ম কব নোৱাৰি, ধাৰ্ম্মিক আৰু নিৰ্দ্দোষী মানুহক যত আপদ আছে, সোপাই বেঢ়ি ধৰে। দুষ্টই কত অপকৰ্ম্ম কৰি গা সাৰিব তাৰ ঠিক নাই, কিন্তু সন্তই হেজাৰ সৎপথত থাকি কাৰ্য্য কৰক তথাপি তেওঁ দুখ-জালেৰে মেৰ খায়। জনক-নন্দিনী সীতাই স্বামী ৰামৰ চৰণৰ বাহিৰে একোকে নেজানিছিল, তেনে সাধ্বী সতীৰ দুখতে কাল গল। দয়মন্তীয়ে নো নলৰ চৰণ সেৱি কিমান সুখ পালে? শ্ৰীবৎসৰ পত্নী চিন্তাৰ নো লৈলৈৰ-থৈথৈৰ কিবা অন্ত আছিল নে? কবলৈ গলে এনেকুৱা কত আহি আহি আগত উপস্থিত হয়হি যে, এটা এটাকৈ দেখুৱাই গলে শেষ নপৰে। অৱশ্যে আমাৰ চকুত অমিল এনে কথাৰ যে কিবা গুঢ়াৰ্থ আছে তাত অলপো সন্দেহ নাই। ঈশ্বৰে বা কি অভিপ্ৰায়ে তেনে কৰে, আমি বা অল্পমতি মানুহে কি বুজো কোনে কব? যাক আমি ঈশ্বৰ বোলো, যাৰ নাম দয়ালু, যি সত্য স্বৰূপ আৰু ন্যায়বান, তেওঁৰ ৰাজ্যত অসত্যৰ শেহত নিশ্চয় পতন! ধাৰ্ম্মিক লোকৰ ধৰ্ম্মৰ পৰীক্ষা কৰিবলৈ, ন্যায়বানৰ ন্যায় জুখিবলৈ, সত্যবানৰ সত্যনিষ্ঠাৰ প্ৰমাণ চাবলৈ তেওঁ এনেবিলাক ফন্দি পাতে আমি ক্ষুদ্ৰবুদ্ধি লোকে বুজিব নোৱাৰি তাত ইমানবিলাক দোষ আৰু অনিয়ম দেখোঁ।

সি যি হওক, আমি এতিয়া আমৰ কবলগীয়া কথা কওঁহঁক। হৰদত্তৰ পতিব্ৰতা স্ত্ৰীয়ে এই অৰণ্যতো অকপটচিত্তে ভক্তিভাৱে আগৰ দৰেই স্বামীৰ সুশ্ৰূষা কৰি আছে। এনেতে এদিন হঠাৎ এক আথান্তৰ মিলিল।

এদিন ৰাতিপুৱা হৰদত্তৰ ঘৈণীয়েক গা ধুবলৈ ওচৰৰে এটি পৰ্ব্বতৰ জুৰিলৈ পদুমক লগত লৈ গৈছিল। জুৰিতিৰ ওপৰত কাষৰ গছ এজোপাৰ ডাল এটা ওলমি জুৰিটীক আবৰি ধৰি আছে; দেখিলে এনেহে বোধ হয় যে গছ জোপাই জুৰিটীক আপোনাৰ বস্তু হেন ভাবি হাত মেলি সাবত মাৰি ধৰিহে আছে, কাকো ওচৰলৈ আহিব নিদিয়ে। জুৰিটীয়েও গছৰ বুকুত সোমাই নথৈ ৰং পাই কুল কুল কৈ গীত ধৰিছে। চৰাইবিলাকে কোঢ়াল কৰি চাৰিউফালে উৰি বনাই ফুৰিছে। এনে সময়ত পদুমে সৈতে পদুমৰ মাক পানী আনিবলৈ সেই জুৰিলৈ গৈছিল। পদুমে জুৰিটীৰ ৰং ৰূপ চাই খন্তেকৰ নিমিত্তে শোক দুখ পাহৰি ওচৰতে থিয় হৈ আছে, মাকে ওপৰৰ পৰা কুলকুলকৈ বৈ অহা পানী, কলহ পাতি ধৰিছে। এনেতে সেই ওলমি থকা গছৰ ডালৰ পৰা এটা হিংসুক সাপে মাকৰ তালুতে বৰ খঙেৰে খোট মাৰি দিলে। খোট মৰা মাত্ৰকে তেওঁ 'পদুম' বুলি লুটি খাই পৰি অচেতন হল। পদুমে "হায় কি হল!" বুলি চিয়ঁৰ মাৰি তেওঁক সাবট মাৰি ধৰিলে। ! কিন্তু কি হব, তেওঁৰ দেহ-সজাৰ পৰা প্ৰাণপক্ষী আৰু পলাল! পদুমে লৰাই-চৰাই দেখিলে যে মাকৰ ধাতু নাই!-পদুম মূৰ্চ্ছিত হৈ পৰিল। অলপ বেলিৰ মূৰত জ্ঞান পাই "আই, পদুমক এৰি কলৈ গলা" বুলি আকৌ মুচকছ হৈ পৰিল।

হৰি হৰি বিধি! এজনী ছোৱালীৰ নিমিত্তে তুমি কত দুখ থৈছাঁ? তেওঁৰ বুকুৰ ধনটি কাঢ়ি নি তোমাৰ হেঁপাহ নপলাল, শেহত মুখ জুৰাবলৈ মাকজনী আছিল তাকো তুমি কাঢ়ি নিলা? এই বাবেহে তোমাক ক্ৰূৰ বিধি, নিদাৰুণ বিধি, 'কণা গোসাঁই' ইত্যাদি নামে মানুহে দিয়ে।

পদুমে কিছু বেলিৰ মূৰত জ্ঞান পালে; কিন্তু এইবাৰ জ্ঞান পোৱা নোপোৱাৰ সমান। পদুম আৰু আগৰ পদুম নাই। পদুমৰ কৰ্ত্তব্য অকৰ্ত্তব্য জ্ঞান শূণ্য হল। পদুম গিৰিপ কৰে উঠি ৰিহাৰ আঁচলটো মাটিত মাৰি মাকৰ শটোলৈ চাই কবলৈ ধৰিলে, "আই! মাটিত নুশুবাঁ; মই ৰিহাৰ আঁচল পাৰি দিছোঁ, ইয়াত শোৱাঁহি। ছিঃ! ছিঃ! মাটিত কাঁইটে ফুটিব উঠা। " এই বুলি মাকৰ গাত ধৰি সাবত মাৰি তুলিব খুজি থপকৰে আকৌ এৰি দি কলে, "আই তোমাৰ টোপনি আহিছে শুই থাকাঁ। মই তাহানি তুমি শিকোৱা নাম এটা গাওঁ :- 'হে-ৰ কেতেকী কিয় মলেমলা,

তোৰ নো আ-ছে কোন?
হে-ৰ মালতী কি হাঁহি হাঁহিছা,
যেনে পূৰ্ণিমাৰ জোন?'-এইটো নাম ভাল নহয়, আই আৰু এটা গাওঁ। এইটো নাম, তুমি শুনি থাকাঁ-
'কুটুমে ৰান্ধিলে, কুটুমে বাঢ়িলে,
কুটুমে কুটুমে খালে!
কুটুমৰ তেজেৰে ব-ন্তি লগালে,
মজিয়া ভকে ভকালে!!'-আই দেউতাক কঁবা সূৰ্য্য গল বুলি দেই। আজি মোৰ সখী আহিলে মোক গালি পাৰিব। আই মই তোমাৰ লগতে শোওঁ; তুমি মোৰ ওকনি পিলিকা, মই ঘোষা গাওঁ-
'কিমতে ভকতি কৰিৰোঁ তোমাত হৰি এ,
মই মূঢ়মতি নেজানো তৰ উপায়। '-মানুহে কয় বোলে লাও গছ জোপা আগেয়ে এজনী তিৰোতা মানুহ আছিল। কিন্তু সেইটো কথা পতিয়াবৰ মন নাযায়। " এই বুলি আকৌ খপকৰে উঠি "আজি দেউতা আহি দেখিলে আমাক খং কৰিব। কতা মোৰ লগত তো সুৰ্য্য নাই, মোক কি খং কৰিব? গল-গল-গল; যাওক; নেলাগে আহিব-ভালে থাওক-কোনে কলে ভালে আছে বুলি? মোৰ আচলৰ আগত বান্ধি থোৱা বস্তুটি আছেনে?- হঁয়কলি চৰাইটোৱে সেইয়া কি কয় অ'?-কেনেকৈ জানিলে?-
'ক্ৰূৰ অক্ৰূ ভৈল বৈৰী,
জীৱ কাঢ়ি নেই কেন কৰি।
পাইব গৈয়া নাগেৰী সুন্দৰী,
আউৰ দুনাই নাসিবন্ত হৰি!!'-আইৰ আজি টোপনি নেভাগে হবলা। দুখে ভাগৰে লালকাল দেহি অলপ শোৱক। তহঁতে নেমাতিবি, ময়ো নেমাতো-দেউতাক ধৰিবলৈ মানুহ আহিছে! কতা! মোৰ সখি আহিলে আজি ফুল তুলিবলৈ যাম; ফুল তুলি এধাৰ মলা গঁথি দেউতাক দিম, এধাৰ ককাইদেউক দিম, এধাৰ আইক দিম, এধাৰ কাক দিম? তেওঁতো নাই! নাই, নাই, এই জুৰিটিত উটাই দিম, সোঁতে লৈ গৈ তেওঁ যতে আছে ততে দিবগৈ। সেই ধাৰ মালা মোৰ মুৰৰ চুলিৰে গাঁথিম, নহলে সূতাৰে গাঁথিলে সূতাডাল পানীত পচি ছিগি যাব পাৰে। পানীত কলহটো উটি গল; গৈ থাক, গৈ থাক, গৈ থাক, সেইখিনি পাগৈ। মই বতৰা এটা কওঁ লৈ যাব পাৰিবিনে?"

পাঠক, সিফালে পদুম আৰু পদুমৰ মাক গা ধুই ঘৰলৈ উভতি নোযোৱা দেখি হৰদত্ত আৰু ৰঘু বিচাৰি আহি এনে সময়ত তাত ওলালহি। অকস্মাৎ আকাশী চৰগ ভাগি পৰা কথা দেখি তেওঁবিলাকৰ যেনে অৱস্থা হল তাক আৰু কোৱাৰ সকাম নাই। অতি কষ্টেৰে হৰদত্তই ধৈৰ্য্য ধৰি সহধৰ্ম্মিণীৰ কাঠসংস্কাৰ কৰিলে আৰু পদুমক সাৱধানে ৰখাৰ ভাৰ সখীয়েকে কুৰ্ম্মীৰ হাতত দি গভীৰ শোকত দিন কটাবলৈ ধৰিলে। ইয়াৰ পাছ্ত আৰি কি ঘটনা ঘটিল কওঁ।

একাদশ আধ্যা[সম্পাদনা কৰক]

জালত পহু

"They have tied me to a snake, I cannot fly."

--W. Shakespeare


এইদৰে কিছুদিন গৈছে, এদিন স্বভাৱতে চঞ্চল ৰঘুৱে দেউতাকে বুজ নোপোৱাকৈ সখিয়েক কোৰ্ম্মাই সৈতে অলপ আঁতৰ হৈ ধনু-কাঁড় লৈ পহু মাৰিবলৈ গ'ল। কিছু দুৰ গৈয়েই আগতে এডোখৰ মুকলি ঠাইত এজনী হৰিণী, এটি পোৱালীয়ে সৈতে চৰি থকা দেখিলে। জন-প্ৰাণীৰ অসঞ্চাৰ নিভৃত স্থানত পহুজনীয়ে কেচুৱা পোৱালীটিৱে সৈতে নিশ্চিন্ত মনে একামোৰ দুকামোৰকৈ ঘাঁহ খাইছে, একো বাৰ ঘাঁহ খাবলৈ এৰি পহু পোৱালিটিক শুঙিছে আৰু চেলেকিছে, আকৌ ঘাঁহত কামোৰ মাৰিছে। অকণমান পোৱালিটিও মাকৰ ঘাঁহ খোৱা দেখি কোমল ঘাঁহৰ কেঁও একোডালিত কেতিয়াবা কেতিয়াবা মুখ দিছে, কেতিয়াবা থাকি থাকি ডেও দি দি একোটা চেকুৰ মেলিছে। দেখিলে মন এনে কৰে যেন সেই চিকুণ পোৱালিটিৰে সৈতে লগ লাগি সেই চিকুণ শ্যাম বৰণীয়া নতুন ঘাঁহৰ ওপৰত ডেও দি দি চেকুৰি চেকুৰি নাচিম। কিন্তু হায়! হিংসুক মনুষ্যৰ ভাগ্যত এনে স্বৰ্গীয় আনন্দ ঈশ্বৰে নিদিয়ে। দুৰ্বৃত্ত দুষ্প্ৰকৃতিৰ মানুহ। তুমি পাপী, তুমি হিংসুক, তুমি লুভীয়া, তুমি কপটী, তুমি চোৰ, তুমি এনে নিষ্পাপ আৰু পৱিত্ৰ অমোদৰ ভাগ পাব নোৱাৰা। এই আমোদ স্বৰ্গ দেৱতাসকলৰ নিমিত্তে। -পোৱালিটি যদি চেকুৰ মাৰি অলপ আঁতৰ হয়, মাকে তৎক্ষণাৎ ঘাঁহ এৰি তাৰ লগলৈ যায়, শুঙে আৰু চেলেকে।

আমাৰ কঠুৱা ৰঘুৱে সোধ-পোছ নাই খপকৰে আঁৰৰ পৰা পহু-পোৱালীটিলৈ এপাত কাঁড় মাৰি পঠিয়ালে। কাঁড়পাট পহু পোৱালীটিৰ ডিঙিত লাগি সৰকি গ'লত সি চিঁয়ৰ এটা মাৰি লুটি খাই পৰি মৰিল। হৰিণীৰ ব্যাকুলতা আৰু কান্দোন হৃদয়-বিদাৰক আৰু নৰ্ণনাৰ অতীত! এই কাৰ্য্য দেখি ভূটীয়া কোৰ্ম্মাৰো অন্তৰ ব্যথিত হৈ সি ৰঘুক কবলৈ ধৰিলে-"হখি তই বৰ বেয়া কাম কৰিলি। " পহুজনী পোৱালীটীৰ শোকত ইমান আকুল আৰু আত্মহাৰা হৈছিল যে ৰঘু আৰু কোৰ্ম্মাই হাবিৰ পৰা ওলাই পোৱালিটিৰ ওচৰ পালতো মাক জনীয়ে তাক এৰি আঁতৰ নহৈছিল। আন কি তেওঁবিলাকৰ খুচিবলৈ খেদা মাৰি আহিছিল।

ভূতৰ ওপৰত দানহ। পাঠক! সৌফালে গছৰ তলেদি হাবিৰ তললৈ চাওকচোন! ঢাল-তৰোৱাল, আৰু ধনু-কাঁড়েৰে সজ্জিত ভয়ানক মানুহ দুটাই মনে মনে ৰঘুৰ ফাললৈ চাই কি কথা পাতিছে শুনকচোন! সিহঁতৰ হাত আৰু কলাফুল একোটা কি ভয়ংকৰ চাওকচোন। এটাই কৈছে :-"আজি আমাৰ কি ভাল কপাল, যাক বিচাৰি হাৰাশাস্তি হৈ ফুৰিছিলো আজি তাক পালো। এইটো নহয়নে, হৰৰ পুতেক?"

আনটো। -কিয় নহয়, হয় বহালো; ইয়াক ধৰিব পাৰিলে বাপককো পালো বুলি থচোন। বৰফুকন ডাঙৰীয়াই, হৰদত্তক ধৰিব পাৰিলে, দিব খোজা বিষয় আৰু বাড়িমাটি লগুৱা-লিগচৌ পালো বুলি তই ধৰি থ।

১ম টো :-মই হলে কৈছোঁ, মইহে প্ৰথমতে দেখিছোঁ, সৰহ ভাগ মোৰ।

২য় টো :-বাঘেখোৱা দুয়ো একেলগে দেখিছো, দুইৰো সমান ভাগ।

১ম টো :-কি সমান ভাগ মাৰিবলৈ আহিছ তই অ'? পোনতে মইহে তোক দেখুৱা নাই নে?

২য় টো :-বাঘেখোৱা, গছত কঁঠাত ওঁঠত তেল; আগধৰি এঠোন ধৰচোন, পাছেও সেইটো কথাৰ দন্দ কৰি থাকিবি।

১ম টো :-নধৰিলো নো কি? চাচোন এই ধৰিলো। -এই বুলিয়েই খাপৰ পৰা তৰোৱালখন টান মাৰি উলিয়াই লৈ ৰঘুৰ আগত থিয় হৈ কবলৈ ধৰিলে :-ৰাজদ্ৰোহী নৰকী, তই এতিয়া কত পলাই সৰিবি? তোক মই বন্দী কৰি এতিয়াই বৰফুকন ডাঙৰীয়াৰ ওচৰলৈ লৈ যাম।

অকস্মাৎ বজ্ৰাঘাতৰ নিচিনা এই কথা শুনি ৰঘু ভয়ত অস্থিৰ হৈ সোটমোট খাই পৰিল, আৰু ২য় সৈনিক পুৰুষটোৱে ততালিকে আহি ৰঘুৰ হাত কেটা বান্ধি পেলালে। কোৰ্ম্মাই বন্ধুৰ এই আকস্মিক বিপদ দেখি ফাকৰ পৰা দাখন উলিয়াই নিৰ্ভয় চিত্তে সিহঁতৰ লগত যুঁজিবলৈ ধৰিলে।

কিন্তু কি হব, সিহঁত দুটা, কোৰ্ম্মা অকলৈ। ভালেমান বেলি যুঁজি দুইকো ক্ষতবিক্ষত কৰি কোৰ্ম্মা কাতৰ হৈ পৰিল। কোৰ্ম্মাৰ বল কমি যোৱা দেখি দুয়ো মহা উৎসাহেৰে ওপৰাওপৰিকৈ তেওঁক আঘাত কৰিবলৈ ধৰিলে। কোৰ্ম্মা এতিয়া মৃত্য মুখত। প্ৰাণ যাবৰ সময়ত কোৰ্ম্মাই ৰঘুলৈ চাই এই কেষাৰ কথা কলে :-"হখি; মই মৰু তাত মুৰ বেজাৰ নাই, কিন্তু তুক যে মই ৰাখিব নোৱাৰিলো এই বেজাৰহে মুৰ লগত গল। "

ইয়াৰ পিছত ৰঘুক বান্ধি সিহঁতে বৰফুকনৰ ওচৰলৈ গল।

দ্বাদশ আধ্যা[সম্পাদনা কৰক]

আশা-সূতা

"O lover's eyes are sharp to see,
And lover's ears in hearing :
And love in life's extremity,
Can lend an hour of cheering"

--Sir. W. Scott


দুখ-সমূদ্ৰৰ অকুল পানীৰ মাজতো আশা-কাঠ এডুখৰি কেতিয়াবা ওপঙি থকা দেখা যায়; নৈৰাশৰ লক্ষ কাঁড় মাজতো আশা-ছালৰ ফটাছিটা ঢাল এখনি গা ঢাকিবলৈ কেতিয়াবা মিলে। নৈৰাশৰ কেবাটা খাপ। তাৰ শেহৰটো খাপ পালেগৈ প্ৰকৃত বা সম্পূৰ্ণ নৈৰাশ হয়। সম্পূৰ্ণ নৈৰাশ হলে মানুহ এক মুহূৰ্ত্তও জীয়াই থাকিব নোৱাৰে। মানুহে তেতিয়া জীৱনক এডাল তৃণতকৈও অপদাৰ্থ জ্ঞান কৰে। কিন্তু যেতিয়ালৈকে সেই সম্পূৰ্ণ নৈৰাশ নহয় তেতিয়ালৈকে আশাধাৰী প্ৰাণীয়ে আশাৰ সৰু সূতাডালিতে ওলমি প্ৰাণ ধাৰণ কৰি থাকে। এই সূতাডালিত ওলমিহে ৰাধিকাই এশ বছৰ ব্ৰজনাথৰ আশাত ব্ৰজত প্ৰাণ ধাৰণ কৰি আছিল। এতিয়াও আশাৰে এই সৰু সূতাডালিত ওলমিহে আমাৰ সূৰ্য্যকুমাৰ আৰু পদুম কুঁৱৰীয়ে আজিলৈকে সংসাৰ-চক্ৰৰ নিকাৰ ভুগিও জীৱন ধাৰণ কৰি আছে। তেওঁবিলাক দুইৰো আশা যেন দুয়ো দুইকো এবাৰ চকুৰে চাই এই সংসাৰৰ পৰা বিদায় লব পাৰে। এই আশাটি পূৰ হলেই তেওঁবিলাকৰ এই পৃথিৱীত আৰু একো তৃষ্ণা নেথাকে। এই আশাৰ পশবৰ্ত্তিণী হৈয়েই পদুমে আজিলৈকে আচলৰ গাঁথিত বিহ বান্ধি লৈ ফুৰাইও খাব পৰা নাই; আৰু শুকাই হাড়ে-ছালে লগা গা-সজাৰ পৰা প্ৰাণ পক্ষীটিক সূৰ্য্যই উৰাই দিব পৰা নাই।

সূৰ্য্যকুমাৰে যেতিয়া শুনিলে যে বৰফুকনে হৰদত্ত প্ৰভৃতিক ধৰিবলৈ স্বয়ং খেদি যাব, তেতিয়াই তেওঁ বৰফুকনৰ লগত যাবলৈ সংকল্প কৰিলে, পেটে পেটে আশা যদি প্ৰাণৰ পদুমক এবাৰ দেখা পাওঁ। বৰফুকনৰ আগত সূৰ্য্যই আপোন অভিপ্ৰায় জনালত বৰফুকনে বৰ ৰঙেৰে তাত সন্মতি প্ৰকাশ কৰিলে। আৰু সূৰ্য্যই যে তেওঁক স্বইচ্ছাতে বিপদত সহায় কৰিবলৈ ওলাইছে এই কথাত তেওঁ বৰ সন্তোষ পালে। সুৰ্য্যকুমাৰ যে এজন সাহীয়াল নিৰ্ভীক পুৰুষ, তীক্ষ্ণবুদ্ধি বৰফুকনে তাক প্ৰথমৰে পৰা অনুভৱ কৰিছিল, এতিয়া সূৰ্য্যকুমাৰৰ এই কাৰ্য্য দেখি, সেই বিশ্বাস তেওঁৰ মনত ডাঠ হল।

দেউতাকৰ লগত প্ৰাণৰ সূৰ্য্যকুমাৰ যুঁজলৈ যাবলৈ ওলাইছে বুলি শুনা মাত্ৰকে ফুল অস্থিৰ হল। যি সূৰ্য্যক এক মুহূৰ্ত্তও তেওঁ নেদেখাকৈ থাকিব নোৱাৰে, যি সূৰ্য্য তেওঁৰ জপৰ মালা, যি সূৰ্য্য তেওঁৰ চকুৰ মণি, হৃদয়ৰ ধন, আচলৰ গাঁথিৰ সোণ, যি সূৰ্য্য তেওঁৰ ভোকৰ ভাত, পিয়াহৰ পানী, হেঁপাহৰ বস্তু, যি চকুৰ আগৰ পাৰা আঁতৰিলে তেওঁ এন্ধাৰ দেখে, এনে সূৰ্য্যটিক বুকুৰ পৰা আঁতৰাই পঠিয়াবলৈ ফুল সম্পূৰ্ণ অসমৰ্থ। সূৰ্য্য নহলে ফুলৰ থিতাতে মৰণ। কিন্তু কি কৰিব তেওঁতো সূৰ্য্যক 'নেযাবা' বুলি কব নোৱাৰে। আৰু দেউতাকক বা 'সূৰ্য্যক লৈ নেযাব' বুলি কেনেকৈ কয়। সূৰ্য্যক তেওঁ নেযাবা বুলি কলেই যে নেযাব, যোৱা বুলি কলেই যাব তাত কি মানে আছে? সূৰ্য্যৰ ওপৰত তো তেওঁৰ সিমানখিনি ক্ষমতা জন্মা নাই। তেওঁহে সূৰ্য্যক ভাল পায়, সূৰ্য্যইতো আৰু তেওঁক ভাল নেপায়। সূৰ্য্যই যাক ভাল পাই সেই ভাগ্যৱতী তো তেওঁ নহয়। তাৰ বাহিৰে সূৰ্য্য দেউতাকৰ সাহায্যৰ নিমিত্তেন ওলাইছে, এনে স্থলত সূৰ্য্যক ৰাখিবলৈ চেষ্টা কৰিলে নিজৰ দেউতাকৰ অপকাৰ কৰাহে হব। তাৰ উপৰি সূৰ্য্যৰ গা বেয়া, হেনহে, তেনহে, এই বুলি কৈ সূৰ্য্যক লৈ যাবলৈ দেউতাকক কবলৈকো সূৰ্য্য আপোনা আপুনি ওলাইছে। তাত আৰু হকা-বধা কৰিলে দেউতাকে তেওঁক কিবাহে ভাবিব। আৰু তেনেষাৰ কথা দেউতাকৰ আগত কবলৈ হলে তেওঁ লাজটো পুৰি খাব লাগিব। এইবিলাক কথা ভাবি ফুল ভালেখিনি বেলি কি কৰিব কি নকৰিব বিমোৰ হৈ আছিল। কিন্তু কোবাল বুদ্ধি সোঁতৰ আগত ভেটা সৰহ বেলি টিকিব নোৱাৰে। ফুল স্বভাৱতে বুদ্ধিমতী চোকা ছোৱালী। অৱশেষত তেওঁ দেউতাক আৰু সূৰ্য্য কুমাৰৰ লগত যোৱাটোকে স্থিৰ কৰিলে। ফুলে দেউতাকক কলে "দেউতা, তুমি মোক এৰি যুঁজলৈ যাবলৈ ওলাইছা, মই ইয়াত অকলৈ কেনেকৈ থাকিম? মোকো লৈ যোৱা। তোমাৰ লগ এৰি তোমাৰ ফুল এখন্তেকো থাকিব নোৱাৰে। তোমাৰ বিপদে ফুল সদাই তোমাৰ লগতে থাকিব। "

এই কথা শুনি বৰফুকনে জীয়েকক সান্তনা কৰি কলে, "আই, তই কিয় এনেবোৰ কথা কৱ। মই কত হাবিয়ে-বননিয়ে পৰ্ব্বতে-পাষণ্ডে ফুৰিবলৈ ওলাইছোঁ তালৈনো তই যাব পাৰ নে? চাৰিউফালে ভয়ানক ৰন-বিগ্ৰহ বিপদ, সেই বিলাকৰ মাজলৈকো তই যাবলৈ সাহ কৰিব পাৰ নে? মই নাহোঁমানে তই ইয়াতে থাক, তোৰ একো ভয় নাই। অলপো দুখ নেপা, মই সকলোবিলাকৰ সুন্দৰ দিহা পোহা কৰি যাম। তই একো ভয় নকৰিবি। ঈশ্বৰৰ অনুগ্ৰহত মই শত্ৰুৰ অন্ত কৰি সোনকালে উভতি আহিম। যোৱা, মোৰ আই, মোৰৱ সোণফেৰি"-এই মুকি ফুলৰ মুখখনি ধৰি ফুকনে চুমা এটি খাই মূৰটী শুঙিবলৈ ধৰিলে।

ফুলে কিন্তু চকু-লো টুকি আকৌ কলে,-"দেউতা, মোৰ আই নাই, ককাই নাই, ভাই নাই, কেও নাই, কেৱল তুমি আছাঁ, তুমিও মোক এৰি থৈ যাবলৈ ওলালা!" এই কথা শুনা মাত্ৰকে কলীয়াভোমোৰা হেন কঠিনমনা মানুহৰ চকু লোৰে চলচলীয়া হৈ গল। তেওঁ আৰু এটি কথাও বৰকৈ নকৈ ফুলক লগত যাবলৈ হুকুম দিলে।

আমি আগেয়ে কৈ আহিছোঁ, যে কলীয়াভোমোৰা বৰফুকন যদিও অতি নিষ্ঠুৰ প্ৰকৃতিৰ লোক তথাপি তেওঁ জীয়েকৰ আগত কমোৱা তুলা। জীয়েকৰ কথা তেওঁ কেতিয়াও পেলাব নোৱাৰে। সংসাৰৰ সকলো জীৱ্জন্তুলৈ যিখিনি মৰম ঈশ্বৰে তেওঁক দিছিল সকলৈ খিনি তেওঁ সামৰি আনি তেওঁৰ জীয়েক ফুল আইডেউত থপিছিল। নৈ যিমান বহল হয় সিমান তৰাং হয়, যিমান ঠেক সিমান দ হ্য়, এইতো প্ৰকৃতিৰ নিয়ম। মৰমৰো সেই গতিয়েই। বৰফুকনৰ মৰমো ঠেক, সেই দেখি দ, গতিকে ফুলেই তেওঁৰ সৰ্ব্বহ।

ত্ৰয়োদশ আধ্যা[সম্পাদনা কৰক]

বিশ্বাসঘাটকতা

"Blow, blow, thou winter wind,
Thou art so unkind
As man's ingratitude;
Thy tooth is not so keen,
Because thou art not seen,
Heigh ho! Sing heigh her! Unto the green holly;
Most friendship is feigning, most loving is folly"
--W. Shakespeare


মানুহৰ গতি স্থিতিৰ জগত দুখন; অন্তৰ্জ্জগত আৰি বহিৰ্জ্জগত। মানুহ বুলিলেই এই দুখনৰ হাত সাৰি চলিব নোৱাৰে। ক্ষন্তেকৰ নিমিত্তে এখনৰ পৰা গৈ তালৈ পাহৰি আন এখনত থাকিব পাৰি, কিন্তু আকৌ তালৈ উভতিব লাগিবই যে লাগিব তাৰ একণো সন্দেহ নাই। অন্তৰ্জ্জগত আৰু বহিৰ্জ্জগতৰ মাজত এৰাএৰি নোহোৱা সম্বন্ধ। যত অন্তৰ্জ্জগত, তত বহিৰ্জ্জগত, যৰ বহিৰ্জ্জগত তত অন্তৰ্জ্জগত। এই দুই জগতৰ সামঞ্জস্যই সুখ। এই সামঞ্জস্য যত নাই তত সুখ নাই, যত আছে তাত সুখ আছে। সুখ সুখকৈ আমি এই পৃথিৱীৰ এমূৰৰ পৰা সিমূৰলৈ বাটকুৰি বাই ফুৰিব পাৰোঁ, বাৰিষা ব্ৰহ্মপুত্ৰৰ ভৰা সুঁতি সাঁতুৰি পাৰ হবলৈ লাগি যাব পাৰোঁ, পাতকাই পৰ্ব্বতৰ একুৰি এটা টিংগ বগাই সিফালে ভৈয়ামত নামিবগৈ পাৰোঁ, কোটকোৰা কাঁইট পোটা বাটত মাহেকীয়াকৈ সুদা ভৰিৰে খোজকাঢ়ি ফুৰিব পাৰোঁ, কিন্তু আমাৰ অন্তৰ্জ্জগতত যদি সুখ নেথাকে, তেন্তে আমি কেতিয়াও সুখ নেপাওঁ। অন্তৰ্জ্জগত যদিও অধিক পৰিমাণে বহিৰ্জ্জগত ফল, তথাপি সি বহিৰ্জ্জগততকৈ অনেক ওখ আসনত বহা। মনত সুখ-সন্তোষ নেথাকিলে অমৰাৱতীতো সুখ নাই। প্ৰকৃতিয়ে তেওঁৰ সন্তান-সন্ততি সকলক সমানে আদৰ-সাদৰ কৰে, সমানে স্নেহ কৰে, সকলোৰে আগতে তেওঁৰ সদায় সমভাৱ, তথাপি কিয় এই সন্তান-সন্ততিসকলেৰে ভিতৰৰ কিছুমানে এই আদৰক আদৰ জ্ঞান নকৰি, চেনেহক চেনেহ নেভাবি সদায় বিষন্ন, সদায় শোকাকুল? প্ৰকৃতিৰ মোহিনী সাজ কিয়বা কিছুমানৰ চকুত বিহৰ তুল্য? কিয়বা উষাৰ সেই মধুৰ মূৰ্ত্তি আজি হৰদত্তৰ চকুত অমধুৰ লাগিছে? কিয়বা সেই ৰাংগলী পূব আকাশ তেওঁ কলা পশ্চিম আকাশ যেন দেখিছে? এধা ডোখৰ ওলোৱা সোণ-বৰণীয়া বেলিটিৰ সেই সোণবৰণীয়া পোহৰ পাই হৰদত্ত থকা গহ্ববৰ কাষৰ গছ বিলাকে, মুকুতা মণি একোটি যেন একোটুপী নিয়ৰ পাতত লৈ নাচিবলৈ ধৰিছে, আমৰ হৰদত্তইও সেও পোহৰ পাইছে, কিন্তু কিয়বা তেওঁৰ হিয়া তাত নাচি উঠক ছাৰি আৰু অৱসন্নহে হৈ পৰিছে? মধুৰ সুশীতল ৰাতিপুৱাৰ বতাহ কিয়বা তেওঁৰ গাত বিষ যেন লাগিছে? কিয়বা গান গোৱা চৰাইবিলাকক হৰদত্তই পৰম শত্ৰু যেন বিবেচনা কৰিছে? কিয়বা তেওঁ ৰাতি পোৱাবৰ আগেয়ে হাতযোৰ কৰি কাতৰ হৈ ৰাতিক নুপুৱাবলৈ কাকুতি কৰিছে? কাৰণ হৰদত্তৰ অন্তৰ শোক আৰু চিন্তা-বিহেৰে জৰ্জ্জৰিত, মনত সুখ নাই। প্ৰতিদিনে ন-ন বিপদ ন-ন আকাৰে তেওঁৰ আগত উপস্থিত কৰিছে। সেইদেখি এদিনক বিদায় দি আন এটা দিনেৰে সাক্ষাৎ কৰিবলৈ তেওঁৰ ইমান ভয়। তেওঁৰ মনত নতুন এটা দিনলৈ যোৱা মানে নতুন এটা বিপদত পৰা।

কালিয়েই কোৰ্ম্মাৰে সৈতে ৰঘুৱে কৰবালৈ গল আৰু উভতি নাহিল, সিহঁতৰ কি হল, কলৈ গল, কি জানি শত্ৰুৰ হাততে পৰিল, ইত্যাদি চিন্তাত হৰদত্ত একেবাৰে আলোড়িত হৈ আছে, আৰু বীৰদত্তই ককায়েকৰ ওচৰতে বহি ককায়েকক চিন্তা নকৰিবলৈ বুজাইছে। তেওঁৰ লগৰীয়া আন আন লোকসকলৰ ভিতৰত কোনোজন শুই উঠিছে, কোনোজন উঠা নাই। কুৰ্ম্মীয়ে পানী একলহ আপুনি কঢ়িয়াই আনি সখীয়েক পদুমক গা ধুৱাবৰ উপায় কৰিছে, এনে সময়তে বহুত দূৰত যেন কিবা এটা শব্দ হৈছে, হৰদত্তৰ এনে বোধ হল। অলপমান বেলি হৈছে, শব্দটো অলপ স্পষ্টকৈ তেওঁৰ কাণত পৰিবলৈ ধৰিলে। এইটো কিহৰ শব্দ, এই কথা বীৰদত্তই সৈতে কোৱাকুই কৰি অনুমান কৰি থাকোঁতেই লাহে লাহে সেই শব্দটো তেওঁবিলাকৰ ফালে অহা যেন পালে। আৰু অলপমানৰ পিছত সেই শব্দটো ঘোৰাৰ টাবৰ শব্দ যেন লাগিল। তেওঁবিলাক সচকিত হল। ভাবিলে কোনোবাই তেওঁবিলাকক আক্ৰমণ কৰিবলৈ আহিছে। কিন্তু তেওঁবিলাক বীৰ পুৰুষ; দুখ-শোকত হেজাৰ জুৰুলা হওক প্ৰকৃত বীৰত্বৰ সেই তেজটোপা কেতিয়াও তেওঁবিলাকৰ হিয়াৰ পৰা নেযায়। তৎক্ষণাৎ দুয়ো ফাকৰ পৰা তিৰবিৰাই থকা চোকা তৰোৱাল দুখন উলিয়াই সাজু হল। কিন্তু হঠাৎ এই আশাতীত বিপদৰ আশংকা দেখি, হৰদত্তই বুকুত বান্ধি, বিশ্বাস কৰি, লগত লৈ ফুৰোৱা তেওঁৰ মন্ত্ৰী আৰু লগৰীয়াসকল তৰা-নৰা ছিঙি হাবিৰ মাজলৈ পলাই পত্ৰং দিলে। কুৰ্ম্মীয়ে পদুমক লৰালৰিকৈ গহ্বৰৰ ভিতৰলৈ সুমাই নি সাবট মাৰি ধৰিলে।

এইখিনিতে আমি অলপ আগৰ পৰা কথাটো ধৰোঁ।

বৰফুকনৰ ৰণুৱা দুটাই ৰঘুক ধৰি নি বৰফুকনৰ আগত দিলত বৰফুকন ইমান আনন্দ হল, তাক আৰু কৈ অতাব নোৱাৰি। যাক বিচাৰি ঘৰবাৰী আৰু নগৰ এৰি আজি অতদিন তেওঁ হাবিয়ে হাবিয়ে খৰলি খাই ফুৰিছে, তাক হাততে পাবৰ উপায় হোৱা দেখি ৰঙে তেওঁ হিয়া চাদি যাব ধৰিলে। যি হৰদত্ত কাঁইটক উভালিব নোৱাৰিলে অকণ্টকা ৰাজ্য তেওঁ পক্ষে অসম্ভৱ বুলি ভাবিছিল, "উঠন্তে বোলন্তে আৰু পথত ভ্ৰমন্তে, নিশ্বাস কাঢ়ন্ত, নিশা শয়ন কৰন্তে" যি হৰদত্তই তেওঁৰ চিন্তাৰ বিষয় হৈছিল সেই হৰদত্তক পাবৰ আগন্তক হৈছে যেন দেখি বৰফুকনৰ অতি সন্তোষ মিলিল। বাস্তবিক পক্ষে বৰফুকনে হৰদত্তক বিচাৰি ইমান হায়ৰাণ হৈছিল যে অৱশেষত তেওঁক নেপাওঁ বুলি একেবাৰেই আশা এৰি ঘৰলৈ উলটি যাবলৈ একপ্ৰকাৰ থিক কৰিছিল। কত মানুহ কত ফালে তেওঁক বিচাৰি পাত পাত কৰি ফুৰিলে কিন্তু কতো তেওঁৰ একো শুংসূত্ৰ নেপাই ফুকন অতি চিন্তিত হৈ আছিল। কেতিয়াবা ভাবিছিল হৰদত্ত এই পৃথিৱীত আৰু জীয়াই থকা নাই, কৰবাত তেওঁক বাঘ-ভালুকে খাই মাৰিলে, নাইবা নোশ্চয় তেওঁ ওলালেহেঁতেন। কেতিয়াবা ভাবিছিল কিজানি কোনোবা দেশলৈ গৈ কোনোবা ৰজাৰে সৈতে লগলাগি তেওঁ নতুনকৈ ফৌজ আনি আকৌ যুঁজ কৰিবলৈ আহিবলৈ চেষ্টা কৰিছে, ইত্যাদি নানা প্ৰকাৰ চিন্তাত বৰফুকন অতি ব্যথিত হৈ আছিল। এতিয়া হঠাৎ তেওঁৰ চিন্তাৰ অন্ত পৰিবৰ উপায় হব যেন জানি সেই কাৰ্য্যৰ নিমিত্তে সেই ৰণুৱা দুটাক বঁটা পিন্ধালে আৰু ঘৰ পাই সিহঁতক মান সৎকাৰ দি ডাঙৰ মানুহ কৰিম বুলি তেওঁ অংগীকাৰ কৰিলে।

বৰফুকন স্বভাৱতে বৰ চালাক আৰু চতুৰ; তেওঁ বেচকৈ জানিছিল যে ৰঘু হেজাৰ উদ্ধত আৰু পাতল হওক, তাৰ গাত হৰদত্তৰ পবিত্ৰ আৰু বীৰ তেজ অৱশ্যে আছে। সি নিজৰ প্ৰাণ পৰ্য্যন্ত দিব, তথাপি কেতিয়াও বাপেকক শত্ৰুক দেখুৱাই নিদিয়ে। যদি হৰদত্তক নেপালোৱেই তেনহলে ৰঘুক ধৰিয়েই বা মাৰিয়েই কি লাভ হব! এই ভাবি তেওঁ নতুন বুদ্ধি সাজিলে। ৰঘুক পোৱা মাত্ৰকে, তেওঁ নিৰ্ভয় দি এনেকৈ ব্যৱহাৰ কৰিবলৈ ধৰিলে যেন তেওঁ কোনোবা কালৰ মাকৰ ফালৰ কুটুমহে আছিল। বৰফুকনী বুদ্ধিত যত প্ৰকাৰ উপায় হব পাৰে, তত প্ৰকাৰ উপায়েৰে তেওঁ ৰঘুক মোৰাবলৈ চেষ্টা কৰিবলৈ ধৰিলে। হৰদত্তক তেওঁ কিমান ভাল পাইছিল আৰু পায়, আৰু হৰদত্তৰ বৰ্ত্তমান ব্যৱহাৰৰ নিমিত্তে তেওঁ আন্তৰিক কিমান দুখীত আৰু হৰদত্তক যদি দেখা পায় তেওঁ যিমানখিনি দোষ কৰিছে, সকলোখিনি ক্ষমা কৰি আকৌ তেওঁক সুমাই লবলৈ তেওঁ কিমান উৰুলিকৃত, ইত্যাদি কথা ৰঘুক বৰফুকনে যিমান পাৰে সিমান বুজাবলৈ ধৰিলে। কলীয়া ভোমোৰাৰ নিচিনা বুদ্ধিয়ক 'বৃদ্ধবক' এজনৰ কথাত যে ৰঘুৰ নিচিনা অলপ বুধীয়া মাছ এটা নুভুলিব ই হবই নোৱাৰে। বৰফুকনৰ কথাৰ অন্তত ৰঘুৱে শুধিলে :-"বাৰু ডাংগৰীয়া দেউতাই ধৰ্ম্মক চিয়াই কৈছেনে যে মোৰ দেউতা দদাইদেও আৰু তেওঁবিলাকৰ লগৰীয়া আন লোকসকলৰ ডাংগৰীয়া দেউতাই অপৰাধ ক্ষমা কৰিব?"

এই কথা শুনি বৰফুকনে-"এই এশবাৰ ধৰ্ম্মক চিয়াই শপত খাই কৈছো যে চাৰিঘৰীয়া আহোমৰ ঘৰৰ ল'ৰা হওঁ যদি, মই ধৰ্ম্ম কৰ্ম্ম মানো যদি, মই নিশ্চয় নিশ্চয় কৈছোঁ যে তোমাৰ দেউতাৰা আৰু তেওঁৰ লগৰীয়া আন আন লোকসকলক মই ক্ষমা কৰিম। "

বৰফুকনৰ এই কথা শুনি ৰঘুৰ মনত বৰফুকনৰ কথাত সন্দেহ কৰিবৰ এক ৰেণু মাত্ৰও কাৰণ নেথাকিল। তেওঁ তেতিয়াই দেউতাকক দেখুৱাই দিম বুলি অংগীকাৰ কৰিলে; আৰু ভাবিলে ঈশ্বৰৰ অনুগ্ৰহত দুখৰ পৰা তেওঁবিলাকৰ উদ্ধাৰৰ বাট ওলাল। সেই ৰাতিটো তেওঁ বৰফুকনৰ লগতে কটাই প্ৰত্যুষে বৰফুকনক লৈ দেউতাকৰ ওচৰলৈ যাবৰ ঠিক কৰিলে।

ইপিনে বৰফুকনে তেওঁৰ লগৰ ৰণুৱাবিলাকক ভিতৰি টেপ দিলে যে "হৰদত্তক পোৱা মাত্ৰকে মোৰ আজ্ঞালৈ অপেক্ষা নকৰি সবংশে আৰু সানুচৰে ধৰি কচু কটাদি কাটিবি। " বৰফুকনে ৰাতি পুৱালতে কুৰিজনমান অতি বিশ্বাসী সৈন্যেৰে সৈতে ভোদা ৰঘুক ফুচুলাই বিশ্বাস দি লগত লৈ হৰদত্তৰ ফালে আহিবলৈ ধৰিলে। পেটে পেটে তেওঁ ভাবিছিল, যে শোৱা পাটীতে যাতে হৰদত্তক ধৰিব পৰাগৈ হয়। এতিয়া বৰফুকনহঁত অহা শব্দহে আমাৰ হৰদত্তই শুনিবলৈ পাই সচকিত হৈছে।

হৰদত্ত আৰু বীৰদত্তই তৰোৱাল দাঙ্গি লৈ ঠিয় হৈ এক মুহূৰ্ত্তমান আছে, ৰঘু বৰফুকন আৰু তেওঁৰ ৰণুৱাবিলাক ঘোঁৰাত উঠি তেওঁবিলাকৰ আগত উপস্থিত হলহি। ৰঘুৱে দূৰৰপৰা দেউতাকক দেখা মাত্ৰকে ৰিংগিয়াই কলে "দেউতা, তৰোৱাল পেলাওক, বৰফুকন ডাঙ্গৰীয়া মিত্ৰ ভাবেহে আপোনাৰ ওচৰলৈ আহিছে। "

এই কথা কাণত পৰা মাত্ৰকে হৰদত্ত আৰু বীৰদত্ত দুয়ো তৰোৱাল ফাঁকত সুমাইছে, এনেতে বৰফুকনৰ ৰণুৱা কেইটাই সৈতে তেওঁবিলাকৰ ওচৰ পালেহিয়েই। পায়েই সোধপোছ নাই ৰণুৱা এটাই দা খনেৰে হৰদত্তৰ ডিঙ্গিলৈ কোব মাৰি পঠিয়ালে। হৰদত্তই কিন্তু কোবটো মাৰিবৰ আগেয়ে তাৰ অভিপ্ৰায় বুজি আচৰিত ৰূপে মূৰটো কটীয়া কৰি সেই কোবটো এৰাল। গতি বিষম দেখি বীৰদত্তই তৎক্ষণাৎ আকৌ তৰোৱাল ফাঁকৰ পৰা উলিয়াই লৈ বিম্বা-শৱদে খেদা মাৰি একে কোবেই ককায়েকৰ আক্ৰমণকাৰীৰ মূৰটো ছিঙ্গিলে। বাকী ৰণুৱাবিলাকে দুইকো বেঢ়ি ধৰিলে। ৰঘুৱে এই কথা দেখি 'বিশ্বাসঘাতকতা' 'বিশ্বাসঘাতকতা' কৈ চিয়ঁৰিবলৈ ধৰিলে। ৰঘুৰ কথা শুনি বৰফুকনে "ৰাজদ্ৰোহীৰ সন্তান ৰাজদ্ৰোহী! বিশ্বাসঘাতকতা? এই তোৰ পাপৰ পৰাচিত" বুলি ৰঘুৰ বুকুত তৰোৱালৰ চোকা জোঙা আগেয়ে খোচ মাৰি দিলে, ৰঘু ঘোঁৰাৰ ওপৰৰ পৰা বাগৰি পৰিল, মুখেদি হোলোকা হোলোকে তেজ ববলৈ ধৰিলে। মৰিবৰ সময়ত ৰঘুৱে সেহাই সেহাই এই কেষাৰ কথা বৰফুকনক কলে :-"ঐ বিশ্বাসঘাতকী বৰফুকন, তই বিশ্বাস দি এনেটো কাম কৰিব নেলাগিছিল! তহঁত আহোমৰ যে তলে পুতল এইটো কথা মই এতিয়াহে জানিলো। মই মৰিবলৈ ধৰা সময়ত কোৱা তই এই কেষাৰ কথা মনত ৰাখিবি :- 'অসমত অচিৰে আহোমৰ নাওঁ নুমাব, ভেটিত শিয়ালে ঠাই লব, আৰু ধাপত তিতা লাও গজিব, বাৰীত বৰহুদুৱে বাঁহ লব। তহঁতৰ নাতি পুতিয়ে লোকৰ গোলামী খাটিও ভাত নেপাব। আৰু বিশ্বাসঘাতকতাঅ মহাপাপৰ ফল তোক ঈশ্বৰে দিব। " এই কেষাৰ কৈয়েই ৰঘুৱে ইহ সংসাৰ পৰিত্যাগ কৰিলে।

হৰদত্ত বীৰদত্তই ভালেখিনি বেলি পৰাক্ৰমেৰে তেওঁবিলাকৰ শত্ৰুৰে সৈতে যুঁজি অৱশ হৈ পৰিল। মহাবলী অভিমন্যুক সপ্তৰথীয়ে বেঢ়ি ধৰাদি তেওঁবিলাকক ১৯/২০ টা যুঁজাৰুৱে বেঢ়ি ধৰিলে; দুটা মানুহে অস্ত্ৰেশস্ত্ৰে সজ্জিত ইমানখিনি মানুহক কি কৰিব। তথাপি তেওঁবিলাকে ৭/৮ টা মানক বধি ইমান বেলি আত্মৰক্ষা কৰি আছিল, আৰু নোৱাৰা হল। তেওঁবিলাকক বিপদৰ সময়ত এৰি পলাই যোৱা তেওঁবিলাকৰ লগৰীয়াসকলৰ ভিতৰত যদি পাঁচজনমান মানুহ তেওঁবিলাকক সহায় কৰিবলৈ থাকিলহেঁতেন, তেনেহলে বৰফুকনৰ কি সাধ্য যে তেওঁবিলাকক হৰুৱায় আৰু মাৰে? কিন্তু কি হব? হৰদত্তৰ ফালে বিধি বাম। হৰদত্তই তেওঁৰ অন্তকাল উপস্থিত জানি ঈশ্বৰৰ চৰণত মনোনিবেশ কৰি স্থিৰ হৈ ৰল; শত্ৰুৱে ওপৰা ওপৰিকৈ তেওঁৰ গাত অস্ত্ৰ প্ৰহাৰ কৰিবলৈ ধৰিলে। অৱশেষত তেওঁ নশ্বৰ দেহ পৰিত্যাগ কৰি য'ত ৰোগ-শোক সংসাৰৰ তাপ নাই তেনে ঠাইলৈ গুচি গল! মৰিবৰ সময়ত তেওঁ কাতৰ স্বৰে "জন্মভূমি!" "জন্মভূমি!!" "জন্মভূমি!!!" বুলি তিনিবাৰ মাতি নিমাত হল! বীৰদত্তই ককায়েকৰ ওচৰতে পৰি প্ৰাণত্যাগ কৰিলে।

চতুৰ্দশ আধ্যা[সম্পাদনা কৰক]

আশাৰ পূৰ হল

"In vain he weeps, in vain he sighs
Her cheek s cold as ashes
Nor love's own kiss shall wake those eyes
To lift their silken lashes"
--T. Campbell


আমি এতিয়া সূৰ্য্যকুমাৰৰ কথা কওঁ।

ৰঘুক পোৱাৰ আগেয়ে কলীয়া ভোমোৰা বৰফুকনে যেনেকৈ হৰদত্তৰ শুংসূত্ৰ নেপাই একপ্ৰকাৰ নিৰাশ হৈছিল, সূৰ্য্যকুমাৰো সেইদৰে যি আশা কৰি আহিছিল, সেই আশা নেদেখি এক প্ৰকাৰ নিৰাশ হৈছে। বৰফুকনক হৰদত্ত লাগে, সূৰ্য্যকুমাৰক পদুম লাগে। হৰদত্ত যত, পদুম তত, গতিকে হৰদত্তক নেপালে সূৰ্য্যৰ আশা বিফল। ৰঘুক যেতিয়া বৰফুকনৰ মানুহে ধৰি নি বৰফুকনৰ আগত দিলেগৈ, তেওঁৰ মুখে যেতিয়া হৰদত্তৰ বাতৰি জানিব পৰা গল, তেতিয়াহে সূৰ্য্যৰ আশা-গছৰ ডালটিত এটি খোপা মেলিলে। সূৰ্য্যই ভাবিলে, ঈশ্বৰে কি জানি তেওঁৰ আশা অলপ মান পূৰ কৰোঁ বুলিছে হবলা। অতদিনৰ মূৰত, বোধহয়, বিধাতাই তেওঁৰ ফালে অলপ চকু মেলি চাওঁ বুলিছে। এই ভাবি তেওঁৰ মুখত অলপ প্ৰসন্ননতাৰ পোহৰ দেখা দিলে। সূৰ্য্যৰ মনটো অলপ প্ৰফুল্ল দেখি ফুলৰ আনন্দৰ সীমা নোহোৱা হল। সুৰ্য্যৰ মুখখনিৰ পৰা বিষাদৰ ৰেখা নাইকিয়া হোৱা কেতিয়া দেখিম, এই ভাবনাত যি ফুল সদায় নিমগ্ন সেই ফুল আজি হঠাৎ প্ৰাণৰ সূৰ্য্যৰ মুখ অলপ প্ৰসন্ন দেখি যে আনন্দ সাগৰত তল নেযাব তাৰ কি মানে আছে? ফুলে ভাবিলে, বুজিবা বিধি অতদিনৰ মূৰত অলপ সদয় হ'ল।

সূৰ্য্যকুমাৰৰ যদিও অনেক দিনীয়া আশা পূৰ হবৰ উপক্ৰম হৈছে বুলি মনত আনন্দ হৈছিল, তথাপি তেওঁৰ মনত হৰ্ষ-বিষাদ সমানে উপস্থিত হল। কাৰণ তেওঁৰ এইটো ভাব হল যে বৰফুকনে হয়তো এতিয়া হৰদত্তক সবংশে ধৰি লটিঘটি কৰি বিনাশ কৰিব। আমি ওপৰত কৈছোঁ যে সূৰ্য্যকুমাৰক হৰদত্তই হেজাৰো আতৰাওক, কেতিয়াও তেওঁ, সৰুৰে পৰা তুলি-তালি ডাঙৰ-দীঘল কৰা হৰদত্তলৈ আৰু তেওঁৰ ঘৰলৈ আহ এৰিব আৰু পাহৰিব নোৱাৰে। হৰদত্তলৈ এতিয়াও তেওঁৰ প্ৰগাঢ ভক্তি আৰু ডাঠ মৰম আছে। হৰদত্তৰ ঘৰৰ নিমিত্তে এতিয়াও তেওঁৰ হৃদয় ব্যথিত। হৰদত্তৰ বিপদৰ বাবে এতিয়াও তেওঁৰ শৰীৰ পাত! হৰদত্তৰ ঘৰৰ পৰা ওলাই প্ৰথমতে বৰফুকনৰ ঘৰত নিৰুপায় হৈ তেওঁ সোমাইছিল; বিশেষতঃ তেওঁ হৰদত্ত আৰু বৰফুকনৰ মাজত যে ইমান শত্ৰুতা তাক কেতিয়াও নেজানিছিল। পাছত তেওঁ সকলো কথাৰে যেতিয়া ভালকৈ ভেদ পালে, তেতিয়া ফুকনৰ ঘৰৰ পৰা একপ্ৰকাৰ আহিবলৈ অক্ষম। ফুলে তেওঁক স্নেহ আৰু কৃতজ্ঞতা পাশেৰে ইমানকৈ বান্ধিছিল যে তেওঁৰ নিচিনা লোকৰ পক্ষে এই বান্ধ ছিংগি অহা নিতান্ত অসম্ভৱ। তেওঁনো কোনটো সাহেৰে কোনখন মুখেৰে ফুলক কব "ফুল, মই তোমাৰ লগ এৰি আন ঠাইলৈ যাওঁ?" ফুলে তেওঁক ইমান মৰম কৰে, ইমান যত্ন কৰে, ইমান ভাল পায়, এনে ফুকল তেওঁনো কষ্ট দিব পাৰেনে? কপালত যি আছে সেয়ে হব, তথাপি সূৰ্য্যকুমাৰে এনে কাম কৰিব নোৱাৰে।

কিন্তু যেতিয়া সূৰ্য্যকুমাৰে শুনিলে যে, বৰফুকনে হৰদত্তক একো অপকাৰ নকৰে, বৰং তেওঁ দোষ ক্ষমা কৰি তেওঁৰে সৈতে মিত্ৰতা ডোলেৰেহে আবদ্ধ হবলৈ অংগীকাৰ কৰিছে, তেতিয়া তেওঁৰ মুখত পানী আহিল।

সূৰ্য্যৰ শুকান মন-দুবৰি এতিয়া আশা-নীয়ৰ পাই অলপ ঠন ধৰিলে। শঠ বৰফুকনে যে বিশ্বাসঘাতকাচৰণ কৰি হৰদত্ত প্ৰভৃতিক বধ কৰিবলৈ এই প্ৰবঞ্চনা-জাল পাতিছে তাক সূৰ্য্য আৰু ফুলে সমাজিকতো নেভাবিছিল। প্ৰাণৰ পদুমক দেখা পাবলৈ সূৰ্য্য ইমান ব্যগ্ৰ হৈছিল যে বৰফুকনে তেওঁক ফুলৰ ৰখীয়া পাতি থৈ নোযোৱাহেঁতেন তেওঁ বৰফুকনৰ লগত সেই ৰাতিপুৱা গলহেঁতেন! "মই এতিয়াই হৰদত্ত প্ৰভৃতিক লৈ উভতি আহিম, ফুলক অকলৈ থৈ যাব নোৱাৰোঁ" এইবুলি কলীয়াভোমোৰাই সুৰ্য্যক কৈ তেওঁৰ হাতত ফুলক গতাই থৈ গল।

মনৰ আশা এতিয়া পূৰ হব, মোৰ প্ৰাণেশ্বৰীক এবাৰ হেপাহ পলুৱাই দেখিবলৈ পাম, এই সুখ-সামাজিক দেখি ফুলৰ ওচৰত বহি আছে, ফুলেও সকলো সংসাৰ পাহৰি একান্ত চিত্তে সূৰ্য্যৰ ঈষৎ প্ৰফুল্ল মুখ নেত্ৰ-ভ্ৰমৰেৰে পান কৰি স্বৰ্গ সুখ অনুভৱ কৰি আছে, এনে সময়তে হঠাৎ সূৰ্য্য থকা ঠাইত বাতৰি ওলালহি যে বৰফুকনৰ সৈন্যই হৰদত্ত প্ৰভৃতিক বিনাশ কৰিলে। বাতৰি বতাহতকৈও বেগী,-বিশেষকৈ বেয়া বাতৰি। সূৰ্য্যকুমাৰে বজ্ৰাঘাতৰ তুল্য এই বাতৰি শুনি একেবাৰে বলীয়াৰ নিচিনা হৈ, যাৰ মুখে এই বাতৰি শুনিছিল তাক লগত লৈ যত এই ঘটনা হৈছিল তালৈ নিৰুশ্বাসে লৰ দিলে। সূৰ্য্যৰ এই অৱস্থা দেখি, কি কৰিম, কি নকৰিম, একোকে নেভাবি ফুলেও তেওঁৰ পাছে পাছে লৰ দিলে। হায়! এই দৃশ্য অতো শোচনীয়, অতি হৃদয়বিদাৰক।

সূৰ্য্যকুমাৰে সেই ভয়ানক ঘটনাস্থলিত উপস্থিত হৈয়েই দেখিলে যে এঠাইত ৰঘুৰ, এঠাইত হৰদত্তৰ আৰু বীৰদত্তৰ দেহ তেজেৰে বুৰি পৰি আছে, দুৰাত্মা বৰফুকনে অলপ আঁতৰত ঘোঁৰাৰ ওপৰত উঠি চাই আছে, তেওঁৰ সেনাপতি কুমেদান বঙ্গাল নামেৰে পাষণ্ড এটাই তেওঁৰ প্ৰাণৰ প্ৰতিমা পদুমৰ প্ৰতি অপমান কৰিবলৈ উদ্যত হৈছে। পদুমৰ কিন্তু বাহ্যিক জ্ঞান নাই, কত কি হৈছে কব নোৱাৰে। সখিয়েক কুৰ্ম্মীয়ে ভয়ানক সাহ আৰু বীৰত্ব প্ৰকাশ কৰি তেতিয়ালৈকে সেই পাষণ্ড আক্ৰমণৰ পৰা পদুমক ৰক্ষা কৰি আছে। ধন্য কুৰ্ম্মী। ধন্য তোমাৰ বীৰত্ব, ধন্য তোমাৰ বিশ্বস্ততা! কোৰ্ম্মাৰ তুমি উপযুক্তা ভনী।

সূৰ্য্যকুমাৰে এই কথা দেখা মাত্ৰকে একেজাপেই হৰদত্তৰ শৰ ওচৰত পৰি থকা তৰোৱালখন লৈ কুমেদানৰ ওচৰত থিয় হৈ সিংহ-গৰ্জনেৰে কবলৈ ধৰিলে :-"পাপীষ্ঠ দূৰ হ! সতীৰ শৰীৰ স্পৰ্শ নকৰিবি! পাষণ্ড তই যদি সেইফালে এখোজ আগ বাঢ়, তেনেহলে এই তৰোৱালেৰে এতিয়াই তোক মই দুডোখৰ কৰিম!" অকস্মাৎ এই কথা শুনি কুমেদান অলপ তবধ হৈ ৰৈ তৎক্ষণাৎ আকৌ সাহ গোটাই লৈ মুখেৰে একো নেমাতি সূৰ্য্যৰ ডিঙ্গিৰ ফালে তৰোৱালেৰে কোব মাৰি পঠিয়ালে। কিন্তু সূৰ্য্যই অতি কৌশলেৰে সেই কোবটো এৰাই ঘূৰি নিজৰ তৰোৱালেৰে এটা পূৰ্ণহতীয়া কোব মাৰি কুমেদানৰ মূৰটো ছিঙি মাটিত পেলালে। অভাৱনীয় কাৰ্য্য দেখি বাকী ৰণুৱা কেটা ভয়ত পলাই ফাঁট মাৰিলে। বৰফুকনে কি কৰিব, কি নকৰিব, বিচূৰ্ত্তি হৈ যতে আছিল ততে চৰগপৰা মানুহৰ দৰে থৰ হৈ ৰল।

কুমেদানক কাটিয়েই সূৰ্য্যই তৰোৱালখন মাটিত পেলাই পদুমৰ ডিঙিত সাবট মাৰি ধৰি কান্দিবলৈ ধৰিলে। সূৰ্য্যৰ পৰশ পাই তৎক্ষণাৎ জাপ খোৱা পদুম ফুলটি মুকলি হৈ পৰিল। পদুমে যেন কিবা সমাজিক দেখি আছিল, হঠাৎ যেন কোনোবাই জগালে। সমাজিক ভাগিলে মানুহে চকু মেলিও কিছুমান বেলি কত আছোঁ, কি কৰিছোঁ একোটো থিক কৰিব নোৱাৰে; পদুমেও সেইদৰে অলপমান বেলিলৈ একোটো থিক কৰিব নোৱাৰি একে থৰে সূৰ্য্যৰ মুখলৈ চাই আছিল। দুৰ্ঘোৰ এন্ধাৰ ঘৰ এটাৰ ভিতৰত ৰাতিপুৱা বেলি ওলাই আহোঁতে লাহে লাহে পোহৰ পৰি যেনেকৈ ভিতৰৰ বস্তু সকলো খিনি ওলাই পৰে, সেই দৰে লাহে লাহে পদুমৰ কথাবিলাক যেন কিবা এটা পোহৰ পাই ওলাই পৰিল। পদুমে আগৰ সকলো কথা সুঁৱৰিলে। প্ৰাণৰ সূৰ্য্যক চিনি পাই পদুমে এক মুহূৰ্ত্তৰ নিমিত্তে আপোনাৰ অস্তিত্ব পাহৰি গল, তেওঁৰ হৃদয় সমুদ্ৰ ক্ষন্তেকৰ নিমিত্তে শাঁত হল, মন জুৰ পৰিল। দুই হাতে সূৰ্য্যৰ ডিঙ্গিত সাবট মাৰি ধৰি কলে, "প্ৰাণেশ্বৰ, এই অভাগিনীক তুমি আজিলৈকে পাহৰা নাই? হতভাগিনীৰ আজি এই জনমৰ আশা পূৰ হল আৰু একো নাই! প্ৰাণেশ্বৰ, তুমি ইয়াৰ পৰা বেগাই যোৱা, কেনেবাকৈ দেউতাই দেখিব। আইৰ ভাগৰত টোপনি আহিছে, আহক, মই নজগাওঁ। সখী মোৰ ওচৰতে আছে। -নৈত উটি যোৱা কলহটোৰ মুখে মোৰ বাতৰি পাই তুমি আহিলা। পাণেশ্বৰ! বেছ হল। "

এই কেষাৰ কথা কৈয়ে পদুমে ডিঙ্গিৰ পৰা হাত এৰি খপ কৰে আচলৰ গাঁথিৰ পৰা বিহ ডোখৰ উলিয়াই টপকৈ খাই "সূৰ্য্য মই যাওঁ" বুলি কৈ শুলে। সূৰ্য্যই "হা কি হল!" বুলি পদুমক সাবট মাৰি ধৰি কান্দিবলৈ ধৰিলে। তৎক্ষণাৎ কান্দোন এৰি গিৰিপ কৰে উঠি তৰোৱালখন তুলি লৈ পদুমৰ ডিঙ্গিত বাওঁহাতেৰে সাবট মাৰি ধৰি, "পদুম! মোকো লৈ যোৱাঁ!" এই বুলি কৈ সোঁ হাতেৰে তৰোৱালখনৰ আগেৰে বুকুত খোচ মাৰি দি প্ৰাণত্যাগ কৰিলে!

এইদৰে পদুম আৰু সূৰ্য্যই এই কঠিন বিষময় সংসাৰৰ হাত সাৰি পলাল। এই কথা দেখি কুৰ্ম্মীয়ে "হখি তই গলি, মই নু কাৰে থাকিবি?" এই এই বুলি সূৰ্য্যৰ হাতৰ পৰা দাখন আনি আত্মহত্যা কৰিলে।

বৰফুকন অতি আচৰিত হৈ দূৰৰ পৰা এই কথা চাই টভক মাৰি ৰৈ আছে। আৰু ফুলে আইদেৱে এইখন সমাজিক নে কি একো ঠিক কৰিব নোৱাৰি কাঠৰ পুতলাটি যেন হৈ ভয়ংকৰ শশাঁনশালিত চৰগ-পৰা মানুহ যেন ঠিয় হৈ আছে।

পঞ্চদশ আধ্যা[সম্পাদনা কৰক]

[ ৭৬ ]

পঞ্চদশ অধ্যায়
ফুল শুকাল
"Strew on her roses, roses 
 And never a spray of yew!
In quiet she reposes;   
 Ah! would that I did too"--M. Arnold

 ইমানবিলাক কাণ্ড বৰফুকনৰ চকুৰ আগতে অলপ সময়ৰ ভিতৰতে হৈ যোৱা দেখি বৰফুকন ভয়ত এক প্ৰকাৰ বিমোৰ হৈ ৰৈ আছিল। তেওঁৰ লগৰীয়া ৰণুৱাবিলাকে কুমেদানৰ মৃত্যুৰ পাছত পলাই পত্ৰং দিলে, কিন্তু তেওঁৰ প্ৰিয়পাত্ৰ সূৰ্য্যকুমাৰৰ অৱশেষত এনে কাৰ্য্য আৰু অৱস্থা দেখি হঠাৎ তেওঁ একোটা ঠাৱৰাব নোৱাৰি থৰ হৈ ৰৈ আছিল, পলাবলৈ বা আন কোনো উপায় চিন্তিবলৈ তেওঁৰ বুদ্ধি নেখেলালৈ। তেওঁ এটাইতকৈ আচৰিত হৈছিল সূৰ্য্যকুমাৰৰ পিছে পিছে ফুল লৰি অহা দেখিহে। যি সূৰ্য্যকুমাৰৰ স্বভাৱ চৰিত্ৰ তেওঁ এনে ভাল দেখিছিল, যাক তেওঁ অতি মৰম আৰু বিশ্বাস কৰিছিল, যাক তেওঁ ফুলৰ ৰখীয়া পাতি আহিছিল এনে সূৰ্য্যকুমাৰেই বা হঠাৎ কিয় এনেবিলাক তেওঁৰ স্বপ্নৰ অগোচৰ কাৰ্য্য কৰিলে?

 বিশেষতঃ তেওঁ এই কাৰ্য্য ইমান গুপুতে কৰিছিল, এনে স্থলত সূৰ্য্যই বা ইয়াৰ গম পালে, সূৰ্য্যক কোনে হৰদত্ত থকা এই ঠাই ডোখৰ দেখুৱাই দিলে? ইত্যাদি চিন্তাত তেওঁ ইমানখিনি কাল নিমগ্ন আছিল। অৱশেষত ফুকনে এইটো ভাবি ঠিক কৰিলে যে "সূৰ্য্য অবিশ্বাসী, আৰু শত্ৰুপক্ষীয় লোক। মই এই সাপক গাখীৰ খুৱাই অতি গৰুৰ কাম কৰিছিলো। আৰু বা ই মোক আগলৈ কি [ ৭৭ ] অপকাৰ কৰিলেহেঁতেন তাক কোনে জানিছে? ঈশ্বৰৰ অনুগ্ৰহত পাপীষ্ঠ আপুনি নষ্ট হল। "

 ফুল অতি বুদ্ধিমতী আৰু ধৈৰ্য্যৱতী ছোৱালী বুলি আমি আগেয়ে কৈ আহিছোঁ। অতদিন যি সমস্যা, যি সাঁথৰৰ উত্তৰ উলিয়াব নোৱাৰি তেওঁ ব্যাকুলা হৈ আছিল, আজি তেওঁ সেই উত্তৰ পালে। তেওঁ এতিয়া বুজিলে পদুম কুমাৰীয়েই সূৰ্য্যকুমাৰৰ হৃদয়-আসনৰ অধিকাৰিণী আছিল; আৰু যি ভাগ্যৱতীৰ ভাগ্য সদায় তেওঁৰ ঈৰ্ষাৰ বস্তু আছিল সেই ভাগ্যৱতীয়েই, মাটিত পৰি থকা, এই পদুম। যি পদুমৰ গুণ যশস্যাৰ কথা লোকৰ মুখে আগেয়ে তেওঁ ইমান শুনিছিল, সেই পদুমেই তেওঁৰ সূৰ্য্যৰ প্ৰাণেশ্বৰী। সি যি নহওক, সূৰ্য্যৰে সৈতে সূৰ্য্যৰ প্ৰাণেশ্বৰীৰ এই জীৱনত যি মিল দেখিবলৈ তেওঁ ইমান আশা কৰিছিল, সেই আশা পূৰ হোৱা দেখি ফুলে অতি শোকৰ মাজতো এক কণিকামান সুখ অনুভৱ কৰিলে।

 ফুলে এতিয়া কি উপায় অৱলম্বন কৰিব তৎক্ষণাৎ সেইটো কথা মনতে পাতি, মনটো স্থিৰ কৈ লৈ ধৈৰ্য্য ধৰি বাহিৰে আবেগশূন্যা হৈ দেউতাকৰ ওচৰ চাপিল। বৰফুকনে জীয়েকক সেই ভয়ংকৰ ঠাইলৈ তেওঁৰ আজ্ঞা পেলাই সূৰ্য্যৰ পাছে পাছে অহাৰ কাৰণ শুধিলত জীয়েলে কলে, "দেউতা, সূৰ্য্যই কাৰবাৰ মুখে অকস্মাৎ কিবা এটা বাতৰি পাই বলীয়াৰ নিচিনা হৈ লৰি অহা দেখি তেওঁৰ পাছে পাছে মইও আহিলো। মই ভাবিলো মোৰ দেউতাৰ কিবা বিপদ হৈছে হবলা; দেউতা তোমাৰ কিবা হব লাগিলে মইনো কেনেকৈ জীয়াই থাকি কি কৰিম? তোমাৰ বাহিৰে এই সংসাৰত মোৰ আৰু কোনোবা আছে নে? তোমাৰ লগে লগে আহি মই দুৰ্ঘোৰ অৰইণ পাইছোঁহি।" জীয়েকৰ এই কথা শুনি বৰফুকন শান্ত হৈ কলে, "চাচোন আইদেউ, [ ৭৮ ] আজিৰ পৰা ঈশ্বৰৰ অনুগ্ৰহত মই শত্ৰুশূন্য হলো। তোৰ সূৰ্য্যকুমাৰৰ কাৰ্য্য দেখিলি? আমি ভাল সাপটো পুহিছিলো। "

 দেউতাকৰ কথা শুনি ফুলে লাহেকৈ কলে, "দেউতা, ঈশ্বৰৰ ইচ্ছাত সকলো হয়। "

 আমিওপৰত কৈ আহিছোঁ, বৰফুকন ফুলৰ ইমান বশ যে ফুলৰ কথা কেতিয়াও তেওঁ পেলাব নোৱাৰে। ফুলকে যিহকে ইচ্ছা কৰে সেই কামটো হেজাৰো তেওঁৰ মনৰ বিপৰীত হওক তথাপি তাক তেওঁ পূৰণ নকৰাকৈ নেথাকে। ফুলে দেউতাকক কাবৌকোকালি কৰি প্ৰাৰ্থনা কৰিলে যে দেউতাকে যেন তেওঁক সূৰ্য্যকুমাৰৰ আৰু পদ্মকুমাৰীৰ শ দুটা গুৱাহাটীলৈ লৈ যাবলৈ অনুমতি দিয়ে।

 জীয়েকৰ এই কথা শুনি বৰফুকনে বিৰক্ত হৈ কলে, "ফুল, তোৰ এনে কুমতি কেনেকৈ উৎপন্ন হল? মোৰ মহাশত্ৰুৰ প্ৰতি ইমানটো মায়া? ৰাজদ্ৰোহী হৰদত্ত, তাৰে জীয়েক এইজনী আৰু সেই ৰাজদ্ৰোহীৰ ফলীয়া মানুহ সূৰ্য্যকুমাৰ, এনে মহা পাতকীৰ প্ৰতি তই আদৰ প্ৰকাশ কৰ? ইহঁতৰ শ ছুলে শৰীৰ অপৱিত্ৰ হয়, চালে চকু কলংকিত হয়। শিয়াল, কুকুৰ আৰু শগুণৰ বাহিৰে ইহঁতৰ শ এই পৃথিৱীত কোনে স্পৰ্শ কৰি আপোনাক কলুষিত কৰিব? ছিঃ ছিঃ ফুল, মোৰ সন্তান হৈ তোৰ মুখত এনে জঘন্য কথা ওলাল?"

 দেউতাকৰ কথা শুনি ফুলে অতি বিনিতভাৱে কলে, "দেউতা, মোৰ অভিপ্ৰায় আগেয়ে বুজি মোক খং কৰক। দেউতাৰ শত্ৰুলৈ মোৰ বিশেষ স্নেহ বা আদৰ থকা বাবে যে মই এনে প্ৰস্তাৱ কৰিছোঁ, এনে নহয়, ইয়াৰ অৱশ্যে বিশেষ কাৰণ আছে। কিছুদিন হল, এজন সন্ন্যাসীয়ে মোক এটি মন্ত্ৰ দি কৈছিল, যে মন্ত্ৰত তুমি [ ৭৯ ] যদি সিদ্ধ হোৱা, তেন্তে তুমি অনেক অদ্ভুত আৰু অলৌকিক কাৰ্য্য কৰিবলৈ সমৰ্থৱতী হব পাৰিবা। একেলগে আত্মহত্যা কৰা কৰা ডেকা-ডেকেৰী শ দুটা আনি যদি তুমি যদি সাধন কৰিব পাৰা, তেন্তে একে দিনাই তোমাৰ এই মন্ত্ৰৰ সিদ্ধি হব। এই কথা কৈয়েই সেই সন্ন্যাসী কৰবালৈ গুচি গল। একে লগে আত্মহত্যা কৰা ডেকা-ডেকৰীৰ শ পোৱা বৰ টান ভাবি অতদিন মনে মনে আছিলো; নিন্তু এতিয়া ভাগ্যক্ৰমে এই সুযোগ হাতে হাতে মিলিছে দেখি এনে ইচ্ছা প্ৰাকাশ কৰিছোঁ; দেউতাই মোৰ ওপৰত কোনি সন্দেহ নকৰি কৃপাকৈ যদি মোৰ মিনতি ৰাখে, তেনেহলে মোৰ অনেক দিনৰ মনৰ আশা পূৰ হবৰ আগন্তক হয়। "

 ফুলৰ মিনতি কৰি কোৱা কথাত দেউতাক ইমান মোহ গল যে তৎক্ষণাৎ তেওঁ ফুলক আপোন ইচ্ছামতে কাজ কৰিবলৈ অনুমতি দিলে।

 সেই দিনাই বৰফুকনে আপোন সৈন্য-সামন্ত লৈ জীয়েকে সৈতে গুৱাহাটীলৈ উভতিল। ফুলে পদুম আৰু সূৰ্য্যৰ মৰা শ দুটা লগতে লৈ গৈ তেওঁৰ ফুলনি বাৰীৰ মৈদাম এটা খনাই পোতালে। মৈদামটোৰ চাৰিফালে ইটাৰে গড় মৰাই এটিমাত্ৰ বাট ৰখালে। মৈদামৰ ভিতৰলৈ নামিবলৈ এটি বাট থোৱাই জখলা এটা দিয়ালে আৰু সেই বাট ইচ্ছামতে বন্ধ কৰিবলৈ কাঠৰ এখন জাপ-দুৱাৰৰ দিহা কৰালে। গড়টোৰ গাত চাৰিওফালে কলা অপৰাজিতা ফুলৰ গছ ফুলে সৈতে লগোৱাই দি মৈদামৰ ঠিক মাজতে ডাংগৰ কলীয়া তুলসী এজোপা ৰোৱালে। কোৱা বাহুল্য, যে গুৱাহাটীৰ পাবৰ দিনাই ফুলে এনেবিলাক কাৰ্য্য সমাধা কৰিলে।

 লাহে লাহে বেলি পূব আকাশৰ পৰা পশ্চিম আকাশ পালেগৈ। কাল ৰাতিয়ে প্ৰাকাণ্ড বিকট মুখ মেলি পূব আকাশৰ ফালৰ পৰা পৃথিৱী [ ৮০ ] অলপ অলপকৈ গিলি আহিবলৈ ধৰিলে। দেখোঁতে দেখোঁতেই জগত ঘোৰ আন্ধাৰত ঢাক খাই পৰিল। এনে সময়ত ফুলে, কোচত একোচ ফুল আৰু হাতত এটি ঘিউ-চাকি আৰু মালা-দুধাৰ লৈ লাহে লাহে এখুজি-দুখুজিকৈ মৈদাম পালে গৈ। মৈদামৰ দুৱাৰখন জখলাইদি নামি গৈ যত পদুল আৰু সূৰ্য্যৰ মৰা শ আছে, সেই খিনি পাই সুৰ্য্যকুমাৰৰ মূৰৰ ওচৰতে চাকিটো থৈ তেওঁৰ ভৰিত পৰি সেৱা এটা কৰি আৰু মুখত চুমা এটা খাই কবলৈ ধৰিলে-"প্ৰাণনাথ! জীয়াই থাকোঁতে মই তোমাক চুমা খাবলৈ আৰু সেৱা কৰিবলৈ নেপালোঁ; সেই দেখি মৰিলতেই হেঁপাহ পলুৱাই চুমা খাই আৰু সেৱা কৰি লওঁ। তোমাৰ প্ৰেম পাবলৈ, মই অভাগিনীৰ, ভাগ্যত নাছিল। প্ৰাণনাথ! তোমাৰ চেনেহৰ পাত্ৰী, পৰম ভাগ্যৱতী পদুমে সৈতে তোমাৰ মিলন দেখিবলৈ মোৰ বৰ হেঁপাহ আছিল। সেই হেঁপাহ পূৰ হল। এই সংসাৰত মোৰ একো আকাঙ্ক্ষা নাই। "

 এই কেষাৰ কথা কৈ ফুল নিস্তদ্ধ হল। হাতৰ ফুলৰ মালা দুধাৰৰ এধাৰ সূৰ্য্যক আৰু এধাৰ পদুমক পিন্ধাই দি তেওঁবিলাকৰ গাৰ ওপৰত কোচৰ ফুলবোৰ চতিয়াই দিলে। তাৰ পাছত সূৰ্য্যকুমাৰৰ ভৰিতে মূৰটো দি শুই দোলডাল টানি জাপ দুৱাৰখন পেলাই অনন্ত শয্যাত শয়ন কৰিলে।

অন্ত