উদ্ধৱ বন্ধু মধুপুৰী ৰহল মুৰাৰু

ৱিকিউৎসৰ পৰা


ৰাগঃ কল্যাণ॥ তালঃ খৰমান


ধ্ৰুং॥ উদ্ধৱ বন্ধু মধুপুৰী ৰহল মুৰাৰু৷
কাহে নাহেৰি ৰহব অৱ জীৱন,
বন ভয়ো ভৱন হামাৰু॥


পদ॥ যাহে বিয়োগ আগি অঙ্গ তাৱয়
তিল একু ৰহয় নপাৰি৷
সোহি ব্ৰজ সুৰ দূৰ গয়ো গোৱিন্ধ
দিশ দশ দিৱস আন্ধাৰি॥
ভয়ো মৰণ ওহি সোহি হৰি চৰনকু
বিছুৰিয়া ৰহয় নপাই৷
দেখত কালিন্দী গিৰি বিৰিন্দাবন
তনু-মন দহয়ে সদাই॥
ব্ৰজ জন জীৱন বাহুৰি নাহি আৱত
হামাকু কৰথ অনাথা৷
গোপিনী প্ৰেম পৰশি নীৰ ঝুৰয়
শঙ্কৰ কহু গুণ-গাথা॥